যেতিয়া বাধ্যত পৰি এগৰাকী অসহায় নাৰী বেশ্যা হব লগা হয় : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, May 6, 2021

যেতিয়া বাধ্যত পৰি এগৰাকী অসহায় নাৰী বেশ্যা হব লগা হয় : Storyboard

Storyboard

কোৱা যায় যে জীৱনৰ চকৰি সদায়ে ঘূৰি থাকে। কেতিয়াবা জীৱনৰ এই চকৰিয়ে আমাক পুনৰ সেই পথলৈ লৈ যায় যিটো আমি জীৱন পথত বহু পূৰ্বেই এৰি থৈ আহো। আজি পাঁচ বছৰৰ পাছত আকাশ পুনৰ নিজৰ বায়েক থকা ঠাইলৈ আহিছিল। আকাশৰ গাড়ীত তাৰ প্ৰিয় গীতটো বাজি আছিল। Storyboard )

আকাশে সেই মন্দিৰৰ আগেদি পাৰ হৈছিল যত আকাশে তাইক প্ৰথম দেখা পাইছিল। 

আকাশে মন্দিৰ দৰ্শনৰ আশাৰে গাড়ীখন ৰখালে। 

পুৰণি কথাবোৰ তাৰ সন্মুখলৈ ভাহি আহিল আৰু সি ভাৱনাত বিলীন হৈ পৰিল। 


পাঁচ বাছৰৰ আগৰ কথা…


ইনেই আকাশৰ কলেজৰ বাবে পলম হৈছিল। সেয়ে মন্দিৰ দৰ্শনৰ বাবে আকাশে লৰা লৰিকে খোজ দিছিল যাতে মন্দিৰ দৰ্শন কৰি কলেজলৈ সোনকালে যাব পাৰে। 

আকাশৰ আগত এজনী ছোৱালী গৈ আছিল আৰু আকাশে লৰা লৰিকৈ খোজ দিওঁতে সেই ছোৱালীজনীৰ ভৰিতে আকাশৰ ভৰি পৰিল। 

যেতিয়া ছোৱালীজনীয়ে পাচফালে ঘূৰি চালে, তেতিয়া তাইৰ দীঘল তিতা চুলিখিনি আকাশৰ মুখত পৰিল আৰু আকাশৰ চকু বন্ধ হৈ পৰিল। 

যেতিয়া আকাশে চকু খুলে তেতিয়া এজনী মৰম লগা ছোৱালীয়ে তাক চাই থকা দেখা পালে। 

আকাশে অলপ সময় তাইৰ ফালে চাই ৰল। তাই আছিলেই ইমান ধুনীয়া যে,যিয়ে তাইক এবাৰ দেখা পাব সি তাইক চাইয়ে ৰব। চকুত কাজল সনা, গোলাপৰ পাহিৰ দৰে ওঁঠ, বগা, আৰু দীঘল চুলি।যিয়ে দেখা পাব তাইৰ প্ৰেমতে পৰিব। 

আকাশে নিজৰ দৃষ্টি তাইৰ পৰা আঁতৰাবই পৰা নাছিল।

ক্ষমায়ে খুজিব নে এনেদৰে চায়ে ৰব। সেই ছোৱালীজনীয়ে মৃদু খঙত কলে। 


আই এম ৰিয়েলি চ'ৰি। 

ইটচ্ অ'কে, তাই হাঁহি মাৰি কলে। যাৰ বাবে তাইৰ গালত থকা ডিম্পল জিলিকি উঠিল। 

তাতেই আকাশে আৰু বলীয়া হৈ পৰিল। সেই ছোৱালীজনী মন্দিৰ দৰ্শন কৰি গুচি গলগৈ। কিন্তু আকাশ তাতে ৰৈ থাকিল। আকাশৰ এনে লাগিল, তাৰ যেন আজি দেৱী দৰ্শন হৈ গল। সেই সময়তে আকাশৰ বন্ধুৱে আকাশক মাত দিলে। আকাশ, আহা, নহলে ক্লাচলৈ পলম হব সোনকালে আহা। তেতিয়া হঠাৎ আকাশ নিজৰ ভাৱনাৰ পৰা মুক্ত হৈ মন্দিৰ দৰ্শন কৰি কলেজলৈ গল।


আকাশৰ আজি কলেজত প্রথম ক্লাচ আছিল। আকাশৰ আজি ক্লাচত বহিবলৈ মন নথকা স্বত্তেও দুটা ক্লাচ যেনে তেনে কৰিলে, তাৰ মনটো সেই ছোৱালীজনীৰ বিষয়েই ভাবজ আছিল, যাক আজি পুৱা মন্দিৰত লগ পাইছিল। 

আকাশে ভাবি আছিল যে, তাই সদায় মন্দিৰলৈ আহে নেকি, আকৌ পুনৰ তাইক লগ পাম নেকি, তাই মোক বেয়া বুলি ভবা নাইটো! আকাশে এই সকলোবোৰ কথাকে ভাবি আছিল। কিছু সময়ৰ পাচত ক্লাচৰপৰা বাহিৰলৈ ওলাই আহে আৰু গেটৰ ফালে চাই ৰয়। তেতিয়া আকাশে সেই ছোৱালীজনীক আহি থকা দেখা পায়। আকাশে ভাবিলে সি তাইৰ সপোনটো দেখা নাই ?  আকাশে নিজকে জোৰেৰে চিকুটি দিয়ে আৰু চিঞৰি দিয়ে যে এয়া চোন কোনো সপোন নহয়, বাস্তৱ হয় মোৰ বন্ধু। 

সেই ছোৱালীজনী কোন ক্লাচ আৰু কি বিভাগত পঢ়ে, সেই সন্ধানত সি তাইৰ পাচে পাচে যায়। বহু চেষ্টাৰ ফলত গম পালে যে তাইও নতুন হয় এই কলেজত আৰু তাইৰ নাম আস্থা। বি. কম কৰিছে আৰু তাৰে বিভাগত। পিচদিনা, আকাশ সোনকালে কলেজলৈ আহে। আৰু গেটত চকু ৰাখে যে তাই কেতিয়া আহিব। তাই অহাৰ পাচত সি তাইৰ পাচত ছাঁয়াৰ দৰে লাগি থাকিলে। আস্থাই হঠাৎ পাচফালে ঘূৰাত, আকাশে নিজৰ বাট সলালে। 

হেল্ল,আস্থাই মাত দিলে, আকাশে এনেদৰে কৰি দেখালে যেন সি একো শুনাই নাছিল। হেল্ল, শুনি নোপোৱা নি, আস্থাই পুনৰ মাত দিলে। 


আপুনি মোক কিবা কৈছিল ? আকাশে লাহে কৰি মাত দিলে। 

বেছি নজনা ভাও নধৰিবা, তুমি মোৰ পাচে পাচে আহি আছিলা? আস্থাই খঙেৰে কলে।


নাই অহা, তোমাৰ কিবা ভুল হৈছে। মই কিয় তোমাৰ পাচে পাচে আহিম। 


মোৰ এনে লাগিল, তুমি মোৰ পাচ লৈছা। অকে 'চৰি।


তুমি কব পাৰিবা নি ইকনমিকচ ক্লাচ কত হৈছে! মোৰ ক্লাচ তাতে আছে। বলা…… দুয়ো ক্লাচলৈ যায়।

 

কিন্তু আকাশে মনে মনে আস্থাক চাই ৰয়। এই কথা আস্থায়ো গম পাইছিল। ক্লাচৰ পাচত আস্থাই কেন্টিনত বহি কফি খায় আছিল আকাশে তাইক বিচাৰি কেন্টিন পায়গৈ। 


এচকিয়ুজ মি, মই ইয়াত বহিব পাৰো নে! আকাশে কলে। 

আস্থাই তাৰ ফালে চাই কলে, অকে।


তোমাক ছাৰে যি বুজালে, ইকনমিকচৰ বিষয়ে, সেয়া বুজিলানে! প্লিজ, মোক বুজাই দিবানে?


হা, কিন্তু নিয়ে কিয়? আন কাৰোবাৰ পৰাও বুজিব পাৰা। মইটো তোমাক ভালদৰে চিনিয়ে নাপাওঁ?


তেতিয়া হলে চিনাকি হৈ লোৱা, মোৰ নাম আকাশ। মই ইয়াত মোৰ বাইদেউৰ লগত থাকো। মই আৰু তুমি একে ক্লাচৰে। এতিয়া তুমি কোৱা, তোমাৰ বিষয়ে?


আস্থাই তাৰ কথাত মিচিকিয়া হাঁহি মাৰিলে। আকাশে পুনৰ কলে, তেন্তে আজিৰ পৰা আমি বন্ধু ?


তাৰপৰাই, আস্থা আৰু আকাশৰ বন্ধুত্ব আৰম্ভ হল। দুয়ো ভাল বন্ধু হৈ পৰিছিল। একেলগে ক্লাচ কৰা, একেলগে কেন্টিনত কফি খোৱা, আকাশে সকলো কথা আস্থাৰ লগত পাতিছিল। এদিন কথাই কথাই আকাশে আস্থাক সুধিলে, তোমাৰ পৰিয়ালত কোন কোন আছে আস্থা! 

মোৰ কোনো নাই! মই অনাথ হয়।


নহয়,তুমি মিচা কৈছা…


মই সচাঁ কৈছো, মোৰ কোনো নাই, মই অনাথ হয়। মই ইয়াৰ ওচৰৰে গাঁওৰ অনাথ আশ্ৰমত থাকো। তাতে ডাঙৰ দীঘল হৈছো। মই এই ঠাইলৈ কিছু দিনৰ আগতে আহিছো। মই কেতিয়াও বাহিৰৰ পৃথিৱী দেখি পোৱা নাই। মই বাহিৰৰ পৃথিৱীৰ কথা একোৱে নাজানো। মই মোৰ মাকও দেখা নাপালো। যেতিয়া পৰা দেখিছো কৃষ্ণ খুড়াকে দেখা পাইছো। আমাৰ দৰে বহু লৰা ছোৱালীৰ মা দেউতা কৃষ্ণ খুড়াই হয়। সৰুৰ পৰা মাত্র এটা সপোন দেখিছিলো যে পঢ়ি শুনি ডাঙৰ হৈ কিবা এটা কৰাৰ। মই অনাথ আশ্ৰমৰ লৰা ছোৱালী বোৰৰ বাবে বহুত কিবা কৰিব বিচাৰো।হায়াৰ চেকেণ্ডেৰী লৈকে মই তাতে পঢ়িলো। আৰু উচ্ছ শিক্ষা লবলৈ মই ইয়ালৈ আহিবলগীয়া হল। কলেজ শেষ হোৱাৰ পাচত আবেলি ওচৰৰে কফি চপ এখনত পাৰ্ট টাইম চাকৰি কৰো।


আকাশে তাইৰ কথা শুনি শুনি তাইৰ চকুত ডুব গৈছিল। আৰু সি উপলব্ধি কৰিলে যে আস্থাই জীৱনত কিমান কষ্ট কৰিছে৷আকাশে, আস্থাক পচন্দটো কৰিছিলেই, কিন্তু সেইদিনাৰ পৰা আকাশৰ মনত আস্থালৈ মৰম ভালপোৱাৰ লগতে সন্মান আৰু বেছিকৈ বাঢ়িল। আকাশে, সকলো ধৰণে তাইৰ সহায় কৰি গৈছিল। তাইক সদায়ে সুখী কৰি ৰাখিছিল।লাহে লাহে দুয়ো দুয়োৰে বহু কাষ চাপি আহিছিল। 


এদিনাখন পুৱা পাতলীয়া বৰষুণ হৈ আছিল আৰু আস্থাই চাতি ননাকৈয়ে কলেজলৈ ওলাই আহিলে। তাই ভাবিছিল কিছু সময়ৰ পাচত বৰষুণ জাক এৰি দিব বুলি। আস্থাৰ কলেজত ক্লাচ কৰি শেষ হল। কিন্তু এতিয়াও বৰষুণ জাক এৰাৰ কোনো নামে লোৱা নাছিল। ক্লাচ শেষ হোৱা পাচত আস্থাই কলেজৰ বাহিৰত অটোৰিক্সাৰ বাবে ৰৈ আছিল। কফি চপলৈ যাবলৈ। বিজুলী ধেৰেকনি আৰু বতাহে যেন ধুমুহাৰ সংকেত দিছিল। আস্থাৰ বৰ ভয় লাগিছিল। এখনো অটোৰিক্সা ৰোৱা নাছিল। তেনেতে এখন অটো ৰখিলে, যত আকাশ বহি আছিল।Storyboard ) 


আস্থা, বৰষুণৰ বাবে সকলো বন্ধ হৈ আছে, তুমি কফি চপ যাবলৈ অটো নাপাবা চাগে, তুমি আজি কফি চপ নাযাবা। ঘৰলৈ যোৱা, মই তোমাক ঘৰলৈ থৈ আহিম। আহা।


আস্থাই কলে, ঠিক আছে বুলি কৈ অটোত বহিলে। তাই বৰষুণত তিতি গৈছিল। বৰষুণৰ টুপালবোৰ তাইৰ মুখমণ্ডলত  বৰ ধূণীয়া লাগিছিল। বতাহ বলি থকাৰ বাবে তাইৰ চুলিৰপৰা পানীৰ টুপাল আকাশৰ মুখত গৈ পৰিছিল। আৰু তাই চুৰিদাৰৰ ওৰনা খন বতাহত নাচি নাচি আকাশৰ গাত লাগিছিল। কিন্তু আস্থাৰ ধ্যান সেইফালে নাছিল। আকাশে তাইৰ ওৰনা খন ধৰিলে আৰু তাইক ভালদৰে দি কলে এইখন এনেদৰে লোৱা তেতিয়া বতাহত উৰি নাযায়। 


তেনেতে বৰ জুৰেৰে গাজনি মৰাত আস্থাই আকাশক সাৱটি ধৰিলে। সেই সময়ত আকাশৰ হৃদয়খন বৰ জোৰেৰে ধপ ধপাবলৈ ধৰিলে। আকাশে কলে, সকলো ঠিক আছে, ইমান ডাঙৰ হৈ বিজুলীলৈ ভয় কৰা। 


চ'ৰি, আস্থাই অলপ লাজেৰে কলে। আস্থাৰ ঘৰ পালেহি। তাই অটোপৰা নামি যাবলৈ লওঁতে আকাশৰ মন গল সকলো কথা তাইক কবলৈ যে আকাশে তাইক কিমান ভালপাই! আস্থাই যেতিয়া তাৰপৰা গৈছিল তেতিয়া আকাশৰ মনটো সেমেকি উঠিল। এনে লাগিছিল যেন, তাৰপৰা সকলো দূৰ হৈ যাব। আস্থাই আকাশৰ পৰা বিদায় লৈ গলগৈ আৰু আকাশে তাই ঘৰৰ ভিতৰলৈ নুশুমোৱালৈকে তাইক চাই ৰল। তাৰপাছত আকাশো সেই ঠাইৰপৰা গুচি আহিল। আকাশে গম পোৱা নাছিল সেয়া তাহাঁতৰ শেষ দেখা দেখি আছিল।


দাদা…, পূজাৰ বাবে ফুল আৰু ফল লওক।মন্দিৰৰ সন্মূখত থকা দোকানি এজনৰ মাতটো শুনি আকাশ নিজৰ ভাৱনাৰ পৰা উভতি আহিল। পূজাৰ সামগ্রী খিনি লৈ মন্দিৰৰ ভিতৰলৈ প্ৰবেশ কৰিলে।মন্দিৰ দৰ্শন কৰি আকাশ যাবলৈ লওঁতেই সি এজনী ছোৱালী দেখা পালে, যাৰ মুখ'খনৰ আধা অংশ ধাকি ৰাখিছিল। সেই ছোৱালীজনী একেবাৰে আস্থাৰ দৰে লাগিছিল। সি ভাৱিলে, নহয়, আস্থা কেনেদৰে হব! সেই সময়তে কৰেনো এজাক বতাহে সেই ছোৱালীজনীৰ মুখ খনৰপৰা কাপোৰখন আঁতৰাই নিয়ে, তেতিয়া আকাশৰ নিজৰ চকুতে বিশ্বাস হোৱা নাছিল। সেই ছোৱালীজনী তাৰ আস্থাই আছিল। আকাশ তাইৰ আগত গৈ থিয় হয়গৈ। ইজনে আনজনক চাই ৰল। কিছু সময়ৰ বাবে দুয়ো সকলো পাহৰি যায়। দুয়োৰে চকুত চকুপানী। আস্থাই তাৰপৰা যাবলৈ লওঁতেই আকাশে তাইৰ হাতত ধৰে।। 


আকাশে কলে, মই পাগলৰ দৰে তোমাক কত কত বিচাৰিলো। মই প্ৰতি মূহুৰ্ত্ব তোমাৰ ভাৱনাত জীয়াই আছো। প্ৰতি পলতে ভগৱানৰ ওচৰত তোমাক পুনৰ লগ পোৱাৰ প্ৰাৰ্থনা কৰো। মই তোমাৰ অবিহনে কিমান কষ্টত আছো! আৰু আজি তোমাক এনেদৰে লগ পায়ো তুমি পলাইছা! এনে কিয় আস্থা! সেইদিনা লগ পোৱাৰ পাচত তুমি আৰু কলেজলৈ যেতিয়া নাহিলা, তেতিয়া তোমাৰ ঘৰলৈ গলো। তালৈ গৈ গম পালো সেই ঘৰটো বিক্রি কৰি দিয়া হল। মই তোমাৰ অনাথ আশ্ৰমলৈও গলো, কিন্তু তাতো তোমাৰ বিষয়ে কোনেও গম পোৱা নাছিল। যত যত তোমাৰ বিষয়ে জানিছিল, সকলোতে তোমাক মই বিচাৰিলো। কিন্তু তুমি কলৈ গুচি গৈছিলা! 


আকাশৰ প্ৰশ্নৰ উত্তৰত আস্থাৰ ওচৰত কেৱল চকুপানী হে আছিল। তাই আকাশক সাৱটি কান্দিবলৈ ধৰে। 


আকাশে কলে, কান্দিবলৈ বন্ধ কৰা, তোমাক মোৰ শপত সচাঁ কোৱা, আচলতে হৈছিল কি!

 

আস্থাই কলে, যত মই থাকিবলৈ লৈছিলো, তাৰ বিষয়ে বিশেষ মই একো নাজানিছিলো। মই কেৱল বাতৰি কাকতত সেই ঠাইৰ বিজ্ঞাপন দেখা পায়, সেই ঠাইৰ বিষয়ে একো নাজানি তাত ৰূম লৈছিলো। সেই চচাইটিখন ভাল আছিল কিন্তু সেই ঠাইৰ পৰা কিছু আঁতৰত এটা ফ্লেট আছিল। যত এগৰাকী মহিলা আছিল। মই সেই ফ্লেটৰ ওপৰৰ ভাগটো ভাড়াত লৈছিলো। কলেজৰ পাচত ৪ বজাৰ পৰা ৭ বজালৈ কফি চপত চাকৰি কৰিছিলো। ৭ বজাত ঘৰ গৈ সোমাইছিলো। তাৰ মাজত ঘৰখনত কি হয় গম পোৱা নাছিলো। কিন্তু যেতিয়া মই সন্ধ্যা ঘৰলৈ যাওঁ, তেতিয়া বহু লোকে মোক আচৰিত ধৰণে চাই ৰৈছিল। মই কেতিয়াও বুজি পোৱা নাছিলো, এনেদৰে চোৱাৰ কাৰণ! সেইদিনা যেতিয়া মই তোমাক এৰি অটোৰ পৰা ৰুমৰ ভিতৰলৈ গলো তেতিয়া দেখিলো ভিতৰত এজন পুৰুষ বহি আছে। আৰু ওচৰত মাদক দ্ৰব্যৰ বটল। সেই মহিলা গৰাকীয়ে আচৰিত ধৰণৰ কাপোৰ পৰিধান কৰি আছিল। মহিলা গৰাকীয়ে মোক তাত অকস্মাৎ দেখা পায় আচৰিত হৈ পৰিছিল। সেই পুৰুষজনে মোক বৰ বেয়া দৃষ্টিৰে চাইছিল। ছোৱালীবোৰে এই কথা ভালদৰে ধৰিব পাৰে যে ওচৰত থকা জনে ছোৱালী বোৰৰ ওপৰত কি দৃষ্টিৰে চাই়় ৰৈছে। মই মোৰ কাপোৰ ঠিক কৰিলো। 


সেই মহিলা গৰাকীয়ে কলে, আস্থা, আজি ইমান সোনকালে আহিলা যে! 


খুড়ী, আজি বতাহ বৰষুণৰ বাবে কফি চপ সোনকালে বন্ধ কৰা হল। 


ভালেই হল, এতিয়া ওপৰলৈ যোৱা আৰু কাপোৰ সলাই লোৱা, নহলে ঠাণ্ডা লাগিব। মই তোমাৰ বাবে চাহ লৈ গৈছো। 


সেই চাহ খোৱাৰ পাচত মোৰে আচৰিত ধৰণৰ নীচা লাগিল। সেই পুৰুষ জনে মোক নুসুধাকৈ মোৰ ৰূমলৈ আহিল। মই বহুত ভয় খালো। মই একো বুজাৰ আগতেই সি মোক ধৰিলে আৰু মোৰ মুখ বন্ধ কৰিলে। মই কেতিয়াও ভবা নাছিলো মানুহৰ এনে ৰূপো থাকে। সেই অসুৰটোক দেখা পায় মোৰ অন্তৰ কপিঁ উঠিছিল।সি মোক গবা মাৰি ধৰিলে, মই বহুত চেষ্টা কৰিলো নিজকে তাৰ বাহুৰপৰা মুক্ত কৰিবলৈ। কিন্তু সকলো অসফল হল। আৰু সেই অসুৰটোৱে মোক উপৰ্যোপৰি ধৰ্ষণ কৰিলে,যেতিয়ালৈকে তাৰ মন নভৰিল।মই অৱস হৈ পৰিলো, যেতিয়া মোৰ চকু খুলিল, তেতিয়া মই আন এখন পৃথিৱীত আছিলো। এটা বন্ধ কোঠাত, যত কেৱল আন্ধাৰে আৱৰা। মোৰ শৰীৰটো বিষত চিন্ন বিচিন্ন হৈ আছিল। মই বহুত মাত দিলো, বহু চেষ্টা কৰিলো, তাৰ পৰা ওলাবলৈ কিন্তু সকলোবোৰ অসফল। 

পুৱা এগৰাকী মহিলাই দৰ্জা খুলিলে, মই কান্দি কান্দি হাতযোৰ কৰি কলো, মোক ইয়াৰপৰা যাবলৈ দিয়ক। তেওঁ মোক থেলা মাৰি কলে, ইয়ালৈ অহাৰ বাট আছে, যোৱাৰ বাট নাই। যি জনী ছোৱালী এই বজাৰলৈ এবাৰ আহে তাই কেতিয়াও ইয়াৰ পৰা ওলাই যাব নোৱাৰে। আৰু এইটোৱে ভাল হব যে তইও ইয়াৰ পৰা যোৱাৰ চিন্তা বাদ দে। 


মই কলো, এনে নহব! মৰিগলেও মই এনে কাম নকৰো। 


সেয়াও চেষ্টা কৰি চাই ল, জীৱনটো বাদেই  মৃত্যুও মোৰ অনুমতি অবিহনে ইয়ালৈ আহিবলৈ নোৱাৰে।। 


মোক মাৰ পিট কৰিব কৰিলে। মই বহুত দিন একো নোখোৱাকৈ থাকিলো। কিন্তু মই পৰাজয় বৰন নকৰিলো। আৰু এদিন তালৈ এজনী চৈধ্য বছৰীয়া ছোৱালী আনিলে। সেই মহিলাজনীয়ে কলে, এইক কোনোবাই বিক্রি কৰি থৈ গল। আজি ৰাতি এটা অসুৰ আহিব, হয়টো তই তাৰ আগত আহাৰ হিচাপে থাকিবি, নহলে এই সৰু ছোৱালী জনীক ৰখা হব। সেইদিনা মই পৰাজয় হলো, সেই যুদ্ধখনত। সমাজৰ সেই আইনাখন দেখা পালো যত মনুষ্য নহয়, অসুৰে বাস কৰিছিল। যত নাৰীক কেৱল হাড়- মাংসৰ পুতলা বুলি গন্য কৰিছিল। যত অসুৰে, ভোকত থকা চিলনী শগুণৰ দৰে আমাৰ দেহ ফালি পেলাইছিল। সেই আলফুলীয়া সৰু ছোৱালী জনীক ৰক্ষা কৰি মই নিজকে হত্যা কৰি সেই নৰক খনক আকোঁৱালি ললো। 


আস্থাৰ চকুপানী ৰখাৰ কোনো নামে লোৱা নাছিল। 

আস্থাই সকলো কলে, তাইৰ লগত যি ঘটনা ঘটিল।


 আকাশে কলে, আস্থা, মই তোমাক বহুত ভালপাওঁ। তুমি যেনেকুৱাই হোৱা, তোমাক মই নিজৰ কৰিম।


মই নিজৰ দৃষ্টিতে বহুত তল পৰিছো আকাশ। এতিয়া তোমাৰ দৃষ্টিত আৰু তল পৰিব নিবিচাৰো। মই এতিয়া আৰু তোমাৰ হৈ থকা নাই। সেই পৃথিৱীৰ পৰা বাহিৰলৈ অহাটো এটা সপোনৰ দৰে, যিটো বিচাৰিলেও পূৰ্ণ নহয়। তুমি গুচি যোৱা ইয়াৰ পৰা। 


মই পৰাজয় বৰন নকৰো। তোমাক মই ইয়াৰ পৰা বাহিৰলৈ আনি হে এৰিম। আস্থা তোমাৰ এই আশা মই পূৰ্ণ কৰিমেই।


মইয়েই নহয়, সেই নৰকলৈ যোৱা প্ৰতিজনী ছোৱালীৰ সেই আশা থাকে, তাৰপৰা ওলাই অহাৰ। কিন্তু মই বাধ্য। মই তালৈ পুনৰ নগলে বহু আলফুলীয়া ছোৱালীৰ জীৱন ধ্বংস হব। তাত যিমান ছোৱালী আছে মই সকলোকে মুক্ত কৰিব বিচাৰো। কাইলৈ আবেলি বহু ছোৱালীক বিদেশলৈ বিক্রি কৰি দিয়া হব। সিহঁতৰ জীৱন নৰকতকৈও অধিক বেয়া হব। মই এনে হবলৈ কেতিয়াও নিদো, তুমি মোৰ এই আশা পূৰ্ণ কৰিবলৈ মোক সহায় কৰিবানে? 


নিশ্চয় আস্থা। নিশ্চয় কৰিম। কাইলৈ আবেলি মই পুলিচ লৈ সেই ঠাইত উপস্থিত হম।


দুয়ো সাৱটা মাৰি ধৰি লাহেকে আঁতৰ হৈ যায়।আকাশে সকলো ভালদৰে পৰিকল্পনা কৰিলে। পিছদিনা সি পুলিচ লৈ সেই ঠাইত উপস্থিত হয়গৈ, যত ছোৱালীবোৰক নিলামি কৰা কাৰ্য্য চলি আছিল। পুলিচ অহাত সকলোবোৰৰ মাজত হুলস্থুল  আৰম্ভ হয় আৰু দুয়ো ফৈদৰ মাজত গুলীয়াগুলী আৰম্ভ হয়। সেই সকলৰ মাজত এজনে আকাশৰ ফালে গুলীয়াই কিন্তু আস্থা আগলৈ আহি যায় আৰু আস্থাৰ গাত গুলী লাগে। পুলিচে সকলোকে বন্দী কৰি লয়।আৰু পুলিচে সেই সকলো ছোৱালীক উদ্ধাৰ কৰি মুক্ত কৰি দিয়ে।


আস্থা, আকাশৰ কোলাত আছিল। আকাশে কান্দী কান্দী কয়, আস্থা, এয়া তুমি কি কৰিলা! মই তোমাক এতিয়াই হস্পিটাল লৈ যাও। 

নালাগে আকাশ, মই জীৱনৰ পৰা এতিয়া মুক্তি পাব বিচাৰো। মই নিজকে কৰা প্ৰতিজ্ঞা পূৰ্ণ কৰিলো,আজি মোৰ আশা পুৰণ হল। তোমাৰ সহয়ত মই সেই সকলোবোৰ ছোৱালীক মুক্ত কৰিবলৈ সক্ষম হলো।এই সকলোবোৰ তোমাৰ বাবে সফল হল। তোমাৰ কোলাত মৃত্যুক সাৱটি লৈছো। ইয়াতকে আৰু মোৰ বাবে ভাল একো হব নোৱাৰে। আস্থাৰ চকুত সুখৰ চকুলো।আৰু অৱশেষত তাই সদাইৰ বাবে মুক্ত হল। 


আস্থাইটো মুক্তি লাভ কৰিছিল। কিন্তু আকাশে তাইৰ ভাৱনাৰ পৰা মুক্ত হব নোৱাৰিলে। ইয়াৰ পাছত আকাশে, আস্থাৰ দৰে ছোৱালীক সহায়তা কৰিবলৈ এটা এন.জি.অ' খুলিলে। আকাশে পুলিচ আৰু এন জি অ'ৰ সহায়তাৰে বহুত ছোৱালীক মুক্ত কৰিলে। আৰু এনেদৰেই আস্থাৰ মৰম সদায়ে আকাশৰ আন্তৰত সজীৱ হৈ থাকিল।

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages