শ্মশান ৰ পৰা ঘৰলৈ বুলি ওলালো | ৰাতিপুৱা লংপেন্ট,চাৰ্ট পিন্ধি অহা মানুহ জন এতিয়া ঘৰলৈ উভতিম ধূতি আৰু কান্ধত এখন গামোছা লৈ | কি যে হ'ব মানুহৰ জীৱনবোৰ,এনে নকয় চৰনেহে জানে মৰনৰ ঠাই | কথাবোৰ ভবি ভাবি মই কেতিয়া আহি ঘৰ পালো গমে নাপালো | মোক দেখি পত্নী আচৰিত | হোৱাৰে কথা কাৰন আজি মোৰ পৰিধান কৰা পোছাক যোৰ ব্যতিক্রম | ( Storyboard )
- আচৰিত হৈছা
মই নিকুক শুধিলো,,,,
- তুমি !
- উপায় নাই নিকু |
- কিন্তু ?
- ভদ্রেশ্বৰ মাষ্টৰৰ মুখাগ্নী কৰিলো |
- কোন ভদ্রেশ্বৰ মাষ্টৰ ?
নিকুয়ে ভদ্রেশ্বৰ মাষ্টৰৰ কথা নাযানোটো সৰু কথা | কাৰন তাই এইখন গাওঁৰ বোৱাৰী | তাতে আকৌ আমি তেজপুৰত থাকো | দুদিনমানৰ কাৰনে নিজৰ গাওঁখনত আহিছিলো | কিন্তু যিখন গাওঁৰ সন্তানক যিজন শিক্ষাগুৰুয়ে জ্ঞানৰ পোহৰেৰে পোহৰাই তুলিলে তেওঁলোকে এইজন শিক্ষাগুৰুৰ জীৱনটোৰ কথা চিন্তা নকৰাটো নিন্দনীয় |
- এইবোৰ কথা তোমাক কব লাগিলে বহুত | শুনা তেন্তে |
মোৰ গাওঁ খন অৰ্থনৈতিক আৰু শিক্ষাৰ দিশত তেনেই পিছপৰা আছিলে | শিক্ষা প্রতিষ্ঠান বুলিবলৈ আমাৰ ইয়াত একোৱে নাছিলে | কিন্তু এইজন ব্যক্তিৰ আপ্রান চেষ্টাত এতিয়া আমাৰ অঞ্চলত স্কুল হ'ল,ল'ৰা ছোৱালী শিক্ষাৰ দিশত আগবাঢ়িলে |
- ৰাইজ, আমি কিয় পিছুৱাই থাকো আমাৰ ল'ৰা ছোৱালী পঢ়িব লাগিব,গাওঁৰ সুনাম কঢ়িয়াব লাগিব | আমাৰ গাওঁৰ নাম ৰাষ্ট্রীয় প্রেক্ষাপতত জিলিকাব লাগিব | সেয়েহে আজি আমি এই স্কুল খন আমাৰ গাওঁত প্রতিষ্ঠা কৰিলো |
ভদ্রেশ্বৰ মাষ্টৰে ৰাইজক উদ্দেশ্যি কলে |
গাওঁত যেন আজি আনন্দৰ সীমা নাই | কাৰন ৰংপুৰ গাওঁত স্কুল হ'ল | ভদ্রেশ্বৰ মাষ্টৰক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিলে | স্কুল খন চৰকাৰী হোৱালৈ কিছু সময় লাগিব | তাক লৈ ভদ্রেশ্বৰ মাষ্টৰৰ দুখ নাই | মাত্র ল'ৰা ছোৱালী ভাল হব লাগে |
সময়বোৰ গৈ আছিলে | একে গাওঁৰে সৰলাৰ লগত বিবাহ বান্ধোনত বান্ধ খালে মাষ্টৰ |এখন দুখীয়া ঘৰৰ ল'ৰা আছিল মাষ্টৰ | বেলেগৰ ঘৰত কাম কৰি নিজৰ পুতেকক শিক্ষীত কৰিছিল | খেতিবাতি কৰিবলৈওঁ মাষ্টৰৰ তেনেকে মাটিবাৰি একো নাছিলে | আশা এটা পুহি ৰাখিছে স্কুল খন চৰকাৰী হ'লে সকলো অভাৱ এদিন পুৰন হব|
সৰলা গৰ্ভৱতী হ'ল | দুদিন পাছত মাষ্টৰৰ ঘৰলৈ নতুন আলহী আহিব |
- মাষ্টৰ ,বোলো ঘৰত আছানে ?
একে গাওঁৰ হৰেশ্বৰে মাষ্টৰৰ ঘৰত কিবা লৈ আহিছে |
- অ' হৰেশ্বৰ কাইটি আহা আহা,বহা
- এইখন থোৱাচোন,,,,
- কাইটি কিনো এয়া
- নতুন ধানৰ জহা চাউল | খাই বৰ সোৱাদ পাবা,,,
- ভালে কৰিলা দিয়া |
- পিছে আমাৰ হৰেন পঢ়াত কেনে ?
- ভাল ! ভাল কাইটি | তাৰ আগ্রহ আছে
- তেন্তে মই উঠো হে,,,তাক তোমাকে গতালো
- অ যোৱা,চিন্তা কৰিব নালাগে | এই ভদ্রেশ্বৰ মাষ্টৰ থকালৈ গাওঁৰ ল'ৰা-ছোৱালীৰ ভবিষ্যত বেয়া হব নোৱাৰে |
এনেকে চলি আছে মাষ্টৰৰ ঘৰ | কোনোবাই নিজৰ ল'ৰাটো ভাল কৰাৰ স্বাৰ্থত দিয়া চাউল,কোনোবাই দিয়া দালিৰে |
সময়ৰ গতিত ভদ্রেশ্বৰৰ পত্নীয়ে এজনী ছোৱালী সন্তান প্রসৱ কৰিলে | দেখাত অপেশ্বৰী যেন ল'গা ছোৱালী জনীৰ নাম ৰাখিলে পৰি | পৰিক লৈ মাষ্টৰ আৰু সৰলাৰ আনন্দৰ সীমা নাই |
- প্রিয়ংকা, তই স্কুল যোৱা নাই যে ?
বাটতে প্রিয়ংকাক ল'গ পাই মাষ্টৰৰ প্রশ্ন |
- ছাৰ, মোক পিতাই স্কুলত যাৱ নিদিয়ে
- কিয় ?
- ছোৱালী মানুহে বোলে পঢ়ি কাম নাই |
- অ হয় নেকি,পিছে তোৰ পিতাই ঘৰত আছেনে ?
- আছে ছাৰ
- ব'লচোন তেতিয়া হ'লে,,,,,
মাষ্টৰে প্রিয়ংকাৰ ঘৰত সোমালে
- অকন,ঐ অকন
- অ মাষ্টৰ কাইটিহে, আহা আহা বহা পিছে কিয় বা আহিলা আজি আমাৰ ঘৰলৈ |
- তই প্রিয়ংকাক স্কুল যাবলৈ কিয় নিদিয় ?
- কাইটি, এই অধমে এটা ল'ৰা সন্তানৰ মুখ নেদেখিলো |ল'ৰা সন্তান চাওঁতে চাওঁতে চাৰিজনী ছোৱালী জন্ম দিলো |
- অ ল'ৰা সন্তান জন্ম দিব নোৱাৰোটো কাৰ দোষ ?
- সেয়া আমাৰ সেইজনীৰে দোষ কাইটি !
- কি ! তোৰ পত্নীৰ কেনেকে দোষ হব ? যদি মই কওঁ তোৰ দোষ তেতিয়া ! শুন মহিলাক দুৰ্বল বুলি ভাবি দোষবোৰ জাপি নিদিবি | এইবোৰ ভাগ্য বুজিছ |তাত তোৰ বা তোৰ পত্নীৰ একো দোষ নাই | বুজিলি ?
- বুজিলো কাইটি |
- পিছে তই প্রিয়ংকাক স্কুলত যোৱা কিয় বন্ধ কৰিলি ?
- এহ কাইটি ছোৱালী মানুহে নো পঢ়ি কি কৰিব ? এদিন বেলেগৰ ঘৰৰহে বোৱাৰী হ'ব|
- ধেত অকৰাটো | শুন ছোৱালী আৰু ল'ৰাৰ অধিকাৰ সমান সমান |আজি ল'ৰাৰ সমানে ছোৱালীও আগবাঢ়ি গৈছে | তই তাইক স্কুলত যাব দিবি |
- হব কাইটি দিম | মোৰ ভুল হৈছিল | চাহ অকন খাই যোৱা,,,,
- মই চাহ নাখাওঁ স্কুললৈ দেৰি হব | তই তাইক স্কুলত পথাবি মই আহো |
এনেদৰে গাওঁ খন শিক্ষাৰ ক্ষেত্রত আগুৱাই নিছিল ভদ্রেশ্বৰ মাষ্টৰে ! নিজে গলি আনক পোহৰ দিছিল | সময়ৰ গতিত ভদ্রেশ্বৰ মাষ্টৰৰ জীয়েক গাভৰু হ'ল | গাওঁৰ ল'ৰা ছোৱালী সুখ্যাতিৰে পাছ কৰি আজি প্রতিষ্ঠিত হ'ল | কিন্তু আজিলৈ ভদ্রেশ্বৰ মাষ্টৰৰ কোনো উন্নতি নহল |
সময় যোৱাৰ লগে লগে মাষ্টৰৰ জীয়েকৰ বিয়া থিক হ'ল|
- মাজনী
- কোৱা দেউতা,,,,
- চা মাজনী, আজি তোৰ দেউতাৰৰ সন্মানকনৰ বাহিৰে একোৱে নাই | তোক না মই ভালকৈ পিন্ধাব পাৰিলো,না খুৱাব পাৰিলো | আৰু তোক আজি দি পঠাবলৈও মোৰ হাতত একো নাই অ মাজনী | তই মোক ক্ষমা কৰিবি দে মাজনী |
- দেউতা তুমি কান্দিছা,মইটো বহুত সুখী আছিলো | তোমাৰ নিচিনা ইমান ত্যাগী দেউতাক এজন নো কিমানে পাইছে,তুমি মহান দেউতা তোমাক লৈ মই গৌৰৱ কৰো |
- আহ, মাজনী এবাৰ বকুৰ মাজত আহচোন,
পৰি দেউতাকৰ বকুৰ মাজত সোমাল | পৰিৰ বিয়া গ'ল | ঘৰ খনত আকৌ দুটা প্রানী হে মাত্র | চাওঁতে চাওঁতে মাষ্টৰৰ চাকৰী কাৰ্য্যকাল শেষ | আজি ভদ্রেশ্বৰ মাষ্টৰৰ সভা| দুচকুৰে চকুপানী বৈ আহিল মাষ্টৰৰ |
- মোৰ মৰমৰ ছাত্র-ছাত্রী সকল | মই জীৱনটোত একোৱে নাপালো,বৰুষুনত তিতি যায় মোৰ ঘৰ,কেতিয়াবা পেটত গামোছা বান্ধি শুই থাকো | কিন্তু তোমালোক মানুহ হোৱা মই তাকে বিছাৰো |
জীৱনত শূন্য দুহাট লৈ মাষ্টৰ ঘৰলৈ উভতিল| চাকৰি শেষ,কিন্তু প্রতিষ্ঠা কৰা স্কুল খন চলিয়ে থাকিল |
- হেৰি,
- হু
- কি হৈছে আপোনাৰ ?
- নাই, সৰলা জীৱনবোৰ সচাঁকৈ আচৰিত ন ? সেইদিনালৈকে মোৰ ঘৰ মানুহৰে ভৰি আছিল ! কিন্তু এতিয়া ভদ্রেশ্বৰ মাষ্টৰ জীয়াই আছে,নাই খবৰ লবলৈ কাৰো যেন আহৰি নাই |
- কি কৰিব ! এয়া আমাৰ দুৰ্ভাগ্য | আজি ভাত খাবলৈ চাউল নাই কি কৰিম ? ( Storyboard )
- ৰবাচোন,মই এপাক হৰেশ্বৰৰ কাইটিৰ ঘৰৰ পৰা আহো,,,,,
মাষ্টৰ হৰেশ্বৰ ঘৰত ওলাল |
- কাইটি
- অ' মাষ্টৰ,বহা
- হব কাইটি,,,,
- কিয় বা আহিলা,,,,
- মানে কাইটি ৰাতিলৈ চাউল নাই , চাউল অকমান বিছাৰি আহিলো |
- পইচাঁ আনিছা নে ?
হৰেশ্বৰৰ কথাষাৰ শুনি মাষ্টৰৰ গোটেই গাটোত কপনি উঠিল |
- পইচাঁ নহলে মই দিব নোবাৰিম মাষ্টৰ বেয়া নাপাবা | বাকী মানে ফাকি,,,,
বিষাদ মনৰে মাষ্টৰে হৰেশ্বৰৰ ঘৰৰ পৰা উঠি আহিলে | এটা সময়ত হৰেনক মানুহ কৰা স্বাৰ্থত হৰেশ্বৰ মাষ্টৰে চাউল লৈ গৈছিল | আজি হৰেন চৰকাৰী চাকৰী কৰে কিন্তু,,,
বহুৰাতি হ'ল মাষ্টৰৰ তোপনি অহা নাই |
- সৰলা বহুত কষ্ট পাইছা ন
- নাই পোৱা,কিয় সুধিলে,,,,
- তুমি মোক নকলেও মই যানো,আজি তিনিসাজ লঘোনে আছা |
- আপুনিওটো আছে,মই কিয় নোৱাৰিম |
- সৰলা পানী এগিলাছ দিবা নেকি ?
সৰলাৰ মনটো ভাগি গ'ল ভোক পুৰাবলৈ মানুহজনে পানী বিছাৰিছে |
আজি খবৰ আহিল মাষ্টৰৰ ছোৱালীয়ে হেনো সন্তান জন্ম দিয়াৰ সময় | সেয়েহে মাষ্টৰ আৰু সৰলাই ৰাতিপুৱাতে জীয়েকৰ ঘৰলৈ ৰাওঁনা হ'ল |
কিন্তু সেয়া কি জোৱায়েকৰ ঘৰৰ পদুলিত মানুহৰ জোম |চাগে জীয়েকৰ সন্তান চাবলৈ সকলো আহিছে |
- মাজনীয়ে আমাক দেখি বৰ ফুৰ্তি পাব
- কিমান দিন যে ছোবালীজনীক দেখা নাই
- মই গৈয়ে নাতি পোৱালীটোক কোচত লম |
মানুহৰ জোম ভাঙি দুয়ো প্রবেশ কৰিলে |কিন্তু এয়া কপালৰ কেনে লিখন চোতালত বগা সাজৰ মাজত শুই আছে মাষ্টৰৰ জীয়েক |
- মাজনী,হেই মাজনী চা আমি আহিছো এবাৰ চকুমেলি চাচোন মাজনী |তই কিয় গুছি গলি মাজনী |
জীয়েকৰ মৃতদেহ সাৱতি মাষ্টৰে হিয়া ঢাকুৰী কান্দিলে |প্রসূতি পৰিৰ মৃত্যু হ'ল |জীয়েকৰ মৃত্যুত হিয়া ভাগি গ'ল মাষ্টৰৰ |
সময় গৈ থাকিল | মাষ্টৰৰ অৱসৰৰ পাছতে স্কুল খন চৰকাৰী হ'ল | কিন্তু মাষ্টৰক কোনেও এবাৰ বিছাৰি নাহিলে |
সৰলাৰ গা বেয়া | বিছনাতে চতফটায় আছে |মাষ্টৰে যে আৰু সহ্য কৰিব নোৱাৰে,মাষ্টৰে সৰলাক মেডিকেলত লৈ গ'ল |ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত
- আপোনাৰ পত্নীৰ
- কওঁক ছাৰ
- আপোনাৰ পত্নীৰ কেন্সাৰ হৈছে | তেওঁ আৰু বেছিদিন নাথাকিব|
মাষ্টৰে বাকৰুদ্ধ হ'ল |পত্নীৰ মূৰত আলফুলে হাতবুলাই আছে মাষ্টৰে |
- আপোনাৰ বহুত কষ্ট হৈছে নহয় যানো
- নাই সৰলা
- গোটেই জীৱনটো কষ্ট কৰিলে | আৰু নো কিমান কৰিব ? মোৰ আৰু যাবৰ সময় হ'ল
- সৰলা
- আপোনাক অকলে এৰি যাবৰ মোৰ একেবাৰে ইচ্ছা নাই | কিন্তু মই
- সৰলা অকমান মনে মনে থাকাচোন |
- আপুনি কিন্তু খোৱ লোৱা কৰি থাকিব দে,কান্দি নাথাকিব কিন্তু | মই আপোনাৰ বাবে অপেক্ষা কৰিম |
- সৰলা মোক অকমান পইচাঁৰ প্রয়োজন কালি গাওঁত যাম |
মাষ্টৰে সৰলাৰ চকুপানী খিনি মছি দিলে |
মাষ্টৰে পইচাঁ বিছাৰি সহকৰ্মী ৰত্নৰ ওচৰলৈ আহিল |
- হেৰা ৰত্ন | এতিয়া স্কুল খন হ'ল তোমালোক উদ্ধাৰ হ'লা | মোক অকমান পইচাঁ লাগিছিলে,পত্নী মেডিকেলত,,,
- পইচাঁ ছাৰ মোৰে বহুত প্রয়োজন | মই নোৱাৰিম বেলেগত বিছাৰক |
এয়াই মানবতা, আকৌ উভতি আহিল মাষ্টৰ শুদা হাত লৈ মেডিকেলত |
মাষ্টৰে প্রিয়ংকাক দেখিলে | এসময়ত স্কুলত যাব নিদিয়া প্রিয়ংকা মাষ্টৰৰ আপ্রান চেষ্টাত মেডিকেলৰ কৰ্মচাৰী | প্রিয়ংকাক দেখি মাষ্টৰৰ মনটো ভাল লাগিল |
- প্রিয়ংকা
- আপোনাক থিক ধৰিব পৰা নাই,,,,
কি প্রিয়ংকাই মোক চিনি পোৱা নাই,, নাই নাপাবও পাৰে মই বৃদ্ধ হলো | মুখত দাড়ি |
- মই ছাৰ,ভদ্রেশ্বৰ ছাৰ,,,,
- অ ছাৰ ভালনে ?
- মই মানে,,,,,
- ছাৰ মই আহো পিছত লগ পাম,,,
- প্রিয়ংকা শুনাছোন,প্রিয়ংকা
নুশুনিলে তাই গলগৈ | মাষ্টৰৰ যেন শেষ আশাকন ও নিৰ্বাপিত হ'ল |
বিছনাত যন্ত্রনাত চতফটাই আছে সৰলা |
- সৰলা কি হ'ল,,,,
- মোৰ যোৱাৰ সময় হ'ল |
- মোক অকলে এৰি নাযাবা সৰলা,,,
- নাই মই যাওঁগৈ ! আপুনি নিজৰ যত্ন ল'ব|
- সৰলা
- আ,,,,,,,হ ! মই আ,,,,,,হি,,,,,,,,,,!!!
- সৰলা
গুছি গ'ল সৰলা অজান দেশলৈ | মাষ্টৰ আৰু গাওঁলৈ নাহিলে | সৰলাক মহানগৰীতে জ্বলাই ছাই কৰিলে |
এতিয়া মাষ্টৰ ফুটপাথত | বয়স হ'ল |কোনোবাই গছকি থৈ যায় | কোনোবাই আকৌ দুই/এটকা দি যায় | তাতে অন্ত পৰিল তেওঁৰ জীৱন।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard ) কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment