সন্ধিয়া ৫:০০ টা বাজি গ'ল তেতিয়া অভয় তাইৰ টেবুলৰ ওচৰত আহি থিয় হৈছিল আৰু বহুত সময় ধৰি তাইক কাম কৰা চাই থাকিল তাৰ পাছত লাহেকৈ ক'লে!!!!!
মুনু!!! আজি নোজোৱা নি?.... ছুটি হৈ গ'ল। মুনুৱে সোনকালে ফাইলবোৰ সামৰি মেজত থ'লে। ৰুমালেৰে নিজৰ ঘাঁম মঁহাৰিলে। মোবাইলত তাই সময়তো চাই আৰু বেগটো লৈ উঠি থিয় হ'ল!!!!
অভয়ে ক'লে মুনু ব'লা মই তোমাক থৈ আহো !!! মুনুৱে গহীন হৈ ক'লে - নালাগে হ'ব !!! মই বাচত গুছি যাম। কেৱল আজিৰ কথায়ে নহয় ন,আৰু দুই নম্বৰ কথাটো হ'ল যে.... মই বাৰে বাৰে তোমাৰ লগত গ'লে মানুহে কথা উলিয়াব।
মুনু!!! মানুহৰ কামেই কথা উলিয়াটো । এইবোৰত তুমি কিয় ধ্যান দিয়া?
"কিয় ধ্যান নিদিম !এই কথাবোৰেই জীয়াই থকা অশান্তি কৰি দিয়ে! আমি সমাজতে থাকিব লাগিব আৰু সমাজৰ মতেই চলিব লাগিব! মনটোৰ কি আছে? মনৰ মতেটো চলিব নোৱাৰোঁ!!!
কিয় চলিব নোৱাৰি?.....জীৱনটো আমাৰ!! আমি নিজৰ মতেই চলিম!!! অভয়ে বিৰক্তি হৈ ক'লে।
তুমি এইটো ক'ব পাৰা! কাৰণ তুমি পুৰুষ হয়!! মই এনেকৈ কব নোৱাৰো কাৰণ মই স্ত্ৰী হয়। ঘূৰি ফুৰি সকলো বদনাম স্ত্ৰী ওপৰতে আহে!!
তেওঁলোক দুয়োজনে কথা পাতি পাতি ৰাস্তালৈ আহিছিল। অভয় ক'লে, "কথা উলাব বুলি তোমাৰ ইমান ভয় ....... মোৰ অনুভূতিবোৰৰ একো দৰকাৰ নাই নেকি তোমাৰ! "
" তোমাৰ অনুভূতি তেনেকেই ৰৈ যাব!!"যেতিয়া তোমাৰ বিয়াত তোমাৰ মা-দেউতাই বহুত যৌতুক লৈ তোমাৰ মূল্য নিৰ্ধাৰন কৰিব আৰু সেয়াও বাদ দিয়া... যেতিয়া তেওঁলোকে মোৰ বিবাহ বিচ্ছেদৰ বিষয়ে জানিব তেতিয়া তেওঁলোকে বিয়া কেতিয়াও পাতিব নিদিয়ে।তেতিয়া তুমিও তেওঁলোকৰ সন্মুখত জোৰ নকৰা। মই ইতিমধ্যে সেইটো দেখিছোঁ।পিতৃ-মাতৃৰ সন্মুখত মানুহবোৰ কেনেকৈ বাধ্য হয়।
যদি মোৰ জীৱনত বৈবাহিক জীৱনৰ সুখ লিখা হ'লহেঁতেন তেন্তে ইমান নিৰ্দোষী হিচাপে কিয় মোক এৰিলে হেঁতেন?অভয়ে অলপ দীঘলিয়া উশাহ ল'লে:- "মুনু !!তুমি মোক বুজি নাপালা।যদি সঁচাকৈয়ে তুমি মোক বুজি পালেহেঁতেন, তুমি তেনেকৈ নক'লেহেঁতেন!"
"তেন্তে তুমি ইমান কিয় বেয়া পাইছা?"মই কোনো সমস্যাত পৰিব নিবিচাৰো!!আৰু তোমাৰ মোৰ স্থিতি সম্পূৰ্ণৰূপে বেলেগ।মোৰ ওপৰত বহুত দায়িত্ব আছে আৰু তোমাৰ কোনো দায়িত্ব নাই।
তেনেতে বাচ অহি পালে!!
মুনুৱে যেতিয়াই বাচত উঠিবলে ল'লে তেতিয়াই অভয়ে তাইক ৰখালে। "অনুগ্ৰহ কৰি মোৰ ভাল পোৱা গ্ৰহণ কৰি লোৱা।" "অভয় তোমাৰ ৰাস্তা বেলেগ আৰু মোৰ ৰাস্তাও !
মই তোমাক কব নোৱাৰো যে মই কিমান অশান্তিত আছো আৰু তোমাৰ প্ৰেম কিমান সঁচা সেইয়াও গম পাম!!
মনত ৰাখিবা সঁচা ভাল পোৱা কেতিয়াও নমৰে! এনেকৈ কৈ তাই আগবাঢ়ি গ'ল আৰু বাছ আহিলত তাত উঠি বহি গুচি গ'ল।
অভয়ে চাইয়ে থাকিল!!
তাৰ এইখন চহৰত চাকৰি কৰা দুবছৰ হ'ল আৰু দুবছৰৰ পৰা সি মুনুক চাই আছে। শান্ত, গহীন গম্ভীৰ আৰু ৰূপো অলপ ছায়বৰণীয়া আছিল। কিন্তু তাইৰ শান্ত চেহেৰাৰ পাছ ফালে এটা গভীৰ বেদনা সোমাই আছিল যিবোৰ তাইৰ ক'লা ৰঙৰ চকুত আহি ৰৈ গৈছিল।
তাই কাৰো লগত বেছি কথাও নাপাতে আৰু কাৰো লগত বেছি নাথাকেও! তাই নিজৰ চাৰিওফালে মৌনতাৰ আৱৰণ ধাকি ৰাখিছিল। এই কথাবোৰৰ কাৰণে অফিচৰ কৰ্মচাৰীবোৰে তাই কথা যিটি পাতে।
কেইদিনমানটো এনেকুৱা হৈছে তাই অফিচৰ ভিতৰত সোমোৱাৰ লগে লগে তাইৰ কথা পাতি থকা মানুহবোৰে চুপচাপ থাকে......।
বতাহত অহা শব্দবোৰে তাইৰ কাণত বিষ ধালি দিয়ে। সেই কি কথাত লাগি আছ! এনেকুৱা মহিলাবোৰে সাবিত্ৰী হোৱা নাটক কৰে। কিন্তু সকলোতকৈ বেছি চৰিত্ৰহীন ইহঁতিয়ে।
কিবা পাৰ্টি হ'লে তাই অকলে থাকে।তাৰ মানে এইটো যে তাই সকলোৰে পৰা আঁতৰি থাকে। সকলোৰে তুচ্ছতাৰ তাই বলি হৈছিল।
সকলোৱে তাইৰ ভিতৰৰ কথাবোৰ জানিব বিচাৰে যে তাই বিয়া বিচ্ছেদ হোৱা নে এতিয়ালৈকে বিয়া নাই হোৱা। কাৰণ বিয়া হোৱা ছোৱালীৰ জীৱনত চিনাকি সেন্দুৰ,মংগলসুত্ৰ ,খাৰু ইয়াৰ এটাও তাই নিপিন্ধে।
অফিচত তাইৰ ব্যক্তিত্ব এটা ৰহস্যজনক আছিল। কেৱল অভয়েহে তাইৰ কথা জানিছিল আৰু কাকো কোৱা নাছিল।
মুনুৱে বাছৰ পৰা নামি নিজৰ ঘৰৰ ফালে গ'ল। ঘৰ মেইন ৰাস্তা পৰা অলপ দূৰত আছিল। যদি ৰিক্সায়েদি ঘৰলৈ যায় ১০ টকা লাগে । সেইকাৰণে তাই খোজ কাঢ়ি যায়। এনেদৰে সদায় অহা যোৱাৰ ২০ টকা তাই বচাই। ৰাস্তাটোত দুটা তিনিটা চুক নিৰ্জন হৈ থাকে। এটা চুক ঘূৰোতেই তাত এটা নিৰ্জন ঘৰ দেখা যায় তাত দিনতো নিজান হৈ থাকে!!
চুকটোৰ আৰম্ভণিতে এখন ফুচকাৰ দোকান আছে। তাত চাৰি পাঁচটা মান অভদ্ৰ ল'ৰা ৰৈ থাকে। যেতিয়াই মুনুৱে সেইখিনি পাই সিহঁতি অশ্লীল চকুৰে তাইৰ দেহটোৰ ফালে চায়।
এটা ল'ৰাই ফুচকাটো ভাঙি ৰাস্তাত থোৱাই তাইক ৰখাই আৰু কয় ,"আমাৰ ফালেও অলপ ঘূৰি চোৱা।"দিনটো চোন ৰাসলীলা কৰিয়ে আহা আৰু ইয়াত সাবিত্ৰী হয় দেখোৱা। বাকী ল'ৰা কেইটাই তাৰ কথাত উকিয়াই উকিয়াই হাঁহিলে।
মুনুৱে দীঘল দীঘলকৈ খোজ কাঢ়ি যাব ধৰিলে।চুকটো পোৱা লগে লগে তাইৰ বুকুখন জোৰে জোৰে ধিপ ধিপাবলৈ আৰম্ভ কৰে। এই ঠাইখিনি সকলোতকৈ ভয়ানক আছিল। কিয়নো এই ভয়ানক ঘৰটো পাছত আৰু দুই তিনিটা ঘৰ খালি হৈ আছিল। মানুহবোৰৰ ঘৰ দূৰত কিবা ঘটনা হ'লে ইয়াত শুনা মানুহ ও নাছিল।
ৰাতি খাই বৈ মুনু শুলে । কিন্তু টোপনি তাইৰ পৰা বহুত দূৰত আছিল!!!এইটোও কিবা জীৱন নেকি। সকলো সময়তে ভয়ৰ সৈতে জীয়াই আছিল।
গোটেই ঘৰৰ দায়িত্ব মাজত সোমাই তাইৰ অনিশ্চিত ভৱিষ্যত হৈ পৰিছিল।
মুনুৰ বিয়া দুবছৰৰ আগতেই এটা সামান্য পৰিয়ালৰ লগত হৈছিল।উচ্ছ শিক্ষিতা আৰু ঘৰৰ কামত চোকা মুনুৱে শাহুৱেকৰ ঘৰত সকলোৰে পৰা মান -সন্মান পাইছিল । কিন্তু তাইৰ স্বামী অজিতে তাইক কেতিয়াও মৰম-সন্মান নিদিলে!! সি নিজৰ মাক-দেউতাকৰ হেঁচাত বিয়া পাতিছিল। কিন্তু সি তাইক কেতিয়াও নিজৰ ভাবিব নোৱাৰিলে। এবছৰৰ পাছতেই সি তাৰ প্ৰেমিকাৰ লগত বিয়া পাতি ল'লে।যিজনী বহুত ধুনীয়া আছিল!! ছোৱালীজনী বেলেগ জাতিৰ আছিল বাবে সি তাইক বিয়া পাতিব পৰা নাছিল।
তাৰ পাছত শহুৰ-শাহুৰ স্বভাৱো সলনি হৈ গ'ল!! তেওঁলোকে তাইক লাহে লাহে প্ৰতাৰণা কৰিবলৈ ল'লে!! দুখতে মুনুৱে বিয়া বিচ্ছেদৰ বাবে আদালতত দাখিল দিলে। যিটো তাইৰ স্বামীয়ে সহজে মানি ল'লে। এতিয়া বিয়া বিচ্ছেদ হৈ তাই নিজৰ ঘৰত আছে।
মাকৰ ঘৰৰ স্থিতিও ইমান ভাল নাছিল। দেউতাক বেমাৰতে চকিত বহি থাকে উঠিব নোৱাৰে। তাইৰ দৰব বোৰতো পইচা লগা হ'ল । এটা সৰু ভায়েক আছিল সিও পঢ়ি আছিল।
ঘৰ চলাবলৈ কোনো নাছিল। মুনুৱে চাকৰি বিচাৰিছিল আৰু তাই দেউতাকৰ চাকৰিটো পালে। মাহে মাহে পইচা আহিলত ঘৰখন চলিবলৈ ধৰিলে।
ভায়েকে বেলেগ চহৰত হোষ্টেলত থাকি পঢ়ি আছিল।তাৰ পঢ়া ৰৈ নাজাবলৈ তাৰ দায়িত্ব মুনুৱে লৈ ল'লে। নহ'লে সি পঢ়া বাদ দি কামত লগা কথা আছিল । এনেকৈ কাম কৰি থাকোতে তাই অভয় সংস্পৰ্শলৈ আহিছিল। অভয় ভাল ল'ৰা।কিন্তু তাৰ মাক -দেউতাকে বিয়া বিচ্ছেদ হোৱা, যৌতুক নোলোৱাকৈ আৰু সাধাৰণ ৰূপৰ ছোৱালীজনী নিজৰ কৰিব পাৰি জানো??
তাইৰ মতেটো কেতিয়াও নিজৰ নকৰে। তাৰ পাছত কি লাভ তাৰ লগত কথা আগবঢ়োৱাৰ????? এনেকুৱা বান্ধোনৰ কি কাম যাৰ কোনো শেষ ৰাস্তা নাই।
কিন্তু প্ৰেমে এইবোৰ কথা নামানে। সিটো হৈ যায়। মুনুও প্ৰেমত পৰিছিল কিন্তু তাই কাকো নকৈছিল আৰু নাই কেতিয়াবা কব। কিন্তু সমাজৰ মানুহে তাইক জীয়াই থাকিবলৈ দিয়া নাই। তাইৰ বিয়া বিচ্ছেদ হ'ল কাৰণে তাই যেন বহুত ডাঙৰ কাম কৰিলে। মানুহে তেনেকুৱা চকুৰে তাইক চাইছিল।
চুকটোৰ ল'ৰাবোৰৰ অভদ্ৰামীও বাঢ়িয়ে গৈ আছিল। যাক সহি থকাতো কষ্টকৰ হৈ গৈছিল আৰু কাকো কব পৰা নাছিল আৰু সহিব ও পৰা নাছিল। যদি তাই কয় মানুহে তাইকেই ভুল বুজিব..... আৰু তাইৰে বদনাম হ'ব। মনতে ভাবে যে পুলিচ থানাত ৰিপ'ৰ্ট দি দিম...তাতো তাইৰ বদনামৰ ভয় আছিল। গোটেই চুকটোত আগৰ পৰাই ইনেও মানুহে যিটি কথা উলিয়াই।
সেই কষ্টকৰ কথাবোৰ আৰু বিভিন্ন বিচাৰ বিবেচনাৰ মাজত তাই টোপনি আহিল! ৰাতিপুৱা যেতিয়া মুনু অফিচলৈ যাবলৈ উলাল । তেতিয়া মাকে ক'লে :-মুনু!! এই দৰব কেইটাও লৈ আনিবি!!মাকে এদিন ডাক্তৰৰ পৰা দৰব আনিছিল কিন্তু কেইটামান দৰব নাপালে!!!
অফিচত আজি বেছি কাম হ'লত দুঘণ্টা বেছি থাকিব লগা হ'ল। মুনুৱে বাহিৰলৈ উলোৱালে আন্ধাৰ হৈ আহি আছিল।তাৰ পাছত তাই দুই তিনিখন ফাৰ্মাছিত বিচাৰি দৰব কিনিলে। তাৰ পাছত ঘৰলৈ যাবলৈ বাচত উঠিল।
আজি চুকটোত ফুচকা দোকানৰ ওচৰত ভিৰ লাগি আছিল। সেই ভিৰটোৰ আকৰ্ষণ আছিল এটা গুণ্ডা তাৰ নাম গজেন। কিবা দোষৰ শাস্তি তাৰ ওপৰত চলি আছিল। ৰাজনৈতিক চা -চিনাকিও আছিল। থানালৈ অহা যোৱা হৈয়ে থাকিছিল!! মানুহৰ পৰা ধমকি দি পইচা লোৱাৰ ওপৰিও সকলো ধৰণৰ বেয়া কাম কৰিছিল। গোটেই মানুহবোৰে তাক ভয় কৰিছিল।আজিও পইচা তোলাৰ কিবা কামতেই আহিছিল।( Storyboard )
তাৰ চেহেৰা দেখি মুনুৱে ভয় খাইছিল আৰু লগে লগে তাৰ পৰা তাই চুকটো ফালে প্ৰৱেশ কৰিলে।এই ৰাস্তাটোত তাই বহুত ভয় লাগে আৰু আজি পৰিৱেশটো ভয়ানক হৈ পৰিছিল। একেলগে, ৰাস্তাৰ মুখত বহুতো লোকক দেখি তাই ইতিমধ্যে ভয় খাইছিল।যেতিয়া তাই ৰাস্তাত প্ৰৱেশ কৰিছিল তেতিয়া লাইনো নাছিল।
যেতিয়া তাই তাইৰ পিছে পিছে অহা ভৰিৰ শব্দ শুনিছিল, তেতিয়া তাই অতি শংকিত হৈছিল।ৰাস্তাবোৰ আন্ধাৰ আৰু নিৰ্জন আছিল।তাই অধিক জোৰেৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে।কিন্তু ৰাস্তাৰ কোণত থকা ঘৰটোৰ ওচৰত আহি পোৱা লৈকে অৱশেষত তাইক দুই তিনিজন মানুহে ঘেৰি ল'লে।তাই পলাই যোৱাৰ কোনো সুযোগ নাই। তাই চিঞৰিবলৈ ধৰিলে।কিন্তু এজন যুৱকে মুখখন টেপা মাৰি ধৰিলে আৰু তাইক সেই ঘৰটোলে লৈ গ'ল।তেওঁলোকে তাইক ভাবুকি দিবলৈ এখন চুৰি উলিয়াইছিল!!!মুনুৱে এতিয়া নিজৰ জীৱনৰ মুহ মায়া এৰি সিহঁতৰ লগত যুঁজিবলৈ আৰম্ভ কৰিলে। তাই যুৱকজনৰ হাতৰ পৰা চুৰিখন ল'বলৈ চালে আৰু যুৱকজনে তাৰ ফালে টানি নিলে।তেতিয়াই লাইন আহিল।
এইবোৰ টনা আজৰাত চুৰিখন সেই ল'ৰাটোৰ ডিঙিত সোমাই গৈছিল।এইটো দেখি বাকী যুৱকসকলে মুনুক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল।যেতিয়া মুনুৱে যুৱকজনৰ ডিঙিৰ পৰা তেজ ওলাই অহা দেখিছিল, তাই ভয়ত হতবাক হৈ কঁপিবলৈ ধৰিলে!এতিয়া তাই তাইৰ সন্মুখত মৃত্যুৱে নাচি থকা যেন দেখিবলৈ পাইছিল.....!!তেতিয়াই সকলোৱে আচৰিত হৈ দেখিলে যে গজেন তাত দানৱৰ দৰে আহি পাইছিল!!!
কঠিন মাতেৰে সি ক'লে" ইয়াত কি হৈ আছে?"তাৰ পিছত তেওঁ মুনুৰ ফালে ঘূৰি ক'লে :-"আৰু তুমি ইয়াত কি কৰি আছা মুনু?"ঘৰলৈ যোৱা!!!তুমি ইয়াৰ পৰা যোৱা, মই চাম!!!!!মুনুৱে তেনেকৈয়ে থিয় হৈ আছিল!! গজেনে তাইক আকৌ ক'লে :- যোৱা!!!
তেতিয়া মুনুৱে জ্ঞান ঘূৰাই পালে আৰু থিয় হয় দৌৰি গ'ল!! যেতিয়া তাই ঘৰত উপস্থিত হ'ল, তাই মাকক হাতত দৰব দিলে আৰু তাই গা বেয়া বুলি কৈ কাপোৰ লৈ শুই থাকিল!!সেই ৰাতি তাই নাইটো কিবা খাইছিল আৰু টোপনি যোৱা নাছিল!!তাই ভয়তে পিছদিনা ছুটি লৈ ল'লে!! ফোন কৰি গা বেয়া বুলি অফিচত ক'লে!! ৰাতিপুৱা শুনা গ'ল গজেনে এজনী ছোৱালীৰ কাৰণে এটা ল'ৰাক চুৰি মাৰি দিলে যাক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে!! গজেনক আৰক্ষীয়ে ধৰি লৈ গৈছিল!তেওঁ সন্ধিয়া থানাৰ পৰা জামিনত ওলাই আহিছিল!
পিছদিনা ৰাতিপুৱাই, মুনুৰ মাকে ক'লে:-" মুনু তোৰ গা বেছি বেয়া যদি দৰব লৈ আহ!!" তেওঁ তাইৰ বাবে চাহ বনাই লৈ আহিছিল!! মুনুৱে ইতিমধ্যে কাপটো লৈছিল....গজেনে দুই তিনিটা গুণ্ডা লৈ তালৈ আহিছিল।মুনুৱে তাক দেখি ভয় খাইছিল আৰু তাইৰ মাক আৰু দেউতাকেও তাক দেখি আচৰিত হৈ চাই আছিল।
মুনুৰ মুখৰ পৰা কোনো কথা উলোৱা নাছিল ।... তাইৰ সেতা পৰা চেহেৰাটো দেখি জগতপালে গধুৰ মাতটো নম্ৰ কৰি লগৰ কেইটাক ক'লে:-হেই!! তোমালোক বাহিৰলৈ যোৱা!! চোৱা মুনুৱে কিমান ভয় খাইছে??......তাৰ পিছত তেওঁ মুনুৰ ফালে ঘূৰি ক'লে:-মুনু মোৰ ভন্টি!! তুমি ভয় নকৰিবা!!
যেতিয়া তেওঁৰ মুখৰ পৰা ভন্টি বুলি ওলাল তেতিয়া মুনুৱে চক খাইছিল । তাই বিশ্বাস কৰিব নোৱাৰিলে।এনে শব্দ তেওঁৰ মুখৰ পৰা ওলাই আহিব পাৰে। তাই অনুভৱ কৰিছিল যে এজন ভাতৃয়ে অহিংসাৰ বিষয়ে কথা কৈ আছে!!
গজেন তাইৰ ওচৰলৈ আহিছিল আৰু তাইৰ মূৰত হাত থৈ ক'লে-নিজৰ ভাতৃ থকা পাছত তুমি ভয় কৰা দৰকাৰ নাই!!মই তোমাক কেৱল এয়াই ক'বলৈ আহিছিলো।.....যে তুমি জানিব ও পৰা নাজানিব পাৰা কিন্তু মই তোমাক বহুত ভালদৰে চিনি পাওঁ আৰু তোমাৰ দোষ মই নিজেই গাত পাতি লৈ যে তোমাক ৰক্ষা কৰিছো সেইয়া একো উপকাৰ কৰা নাই বৰঞ্চ, তোমাৰ উপকাৰ ঘূৰাই দিছোঁ।
মুনুৰ পিছফালে থিয় হৈ তাইৰ মাকে সংকিত হৈ কথাবোৰ শুনি আছিল।
গজেনে কযৈ গৈ আছিল।"তুমি ষ্টেচনত এজনী ছোৱালীক লগ পোৱা দিনটো মনত আছেনে!! মুনুৰ মনত পৰিল যেতিয়া তাইৰ দেউতাক বেমাৰত পৰিছিল তেতিয়া তাই দেউতাকক ডাঙৰ হস্পিতালত ভৰ্তি কৰি মাকৰ লগত ঘৰলৈ আহিছিল...... তেতিয়া তাই ষ্টেচনত এজনী ছোৱালী দেখিছিল।ছোৱালীজনী এখন বেঞ্চত বহি কান্দি আছিল। তেতিয়া তাই চাই থাকিব নোৱাৰিলে তাই তাইৰ ওচৰলৈ গৈ তাইক সুধিলে কিয় কান্দি আছে।প্ৰথমে তাই একো কোৱা নাছিল।তাৰ পিছত তাই ক'লে......তাইৰ প্ৰেমিকে তাইক প্ৰতাৰণা কৰিছিল আৰু পলাই গৈছিল...আৰু তাই তাৰ বাবে অপেক্ষা কৰি বহি আছিল!
সেই ল'ৰাটোৱে ছোৱালীজনীক ষ্টেচনলৈ মাতিছিল।তাই সন্ধিয়ালৈকে বহি আছিল কিন্তু সি অহা নাছিল।তাই তাইৰ ভায়েকক বৰ ভয় কৰিছিল।তাই মুনুক তাইৰ ভায়েকৰ নামও কৈছিল।কিন্তু মুনুৱে তাইৰ ভায়েকৰ নাম পাহৰি গৈছিল কাৰণ কোনো দৰকাৰ নাছিল।তাৰ পিছত, তাই হঠাৎতে ৰেলখনৰ চিৰি ফালে খোজ কাঢ়ি গৈ আছিল।মুনুৱে তাইৰ উদ্দেশ্য ভাল দেখা নাছিল। তাইও তাইৰ পাছে পাছে গ'ল আৰু যেতিয়া তাই আহি থকা ৰেলখনৰ সন্মুখত জঁপিয়াবলৈ ওলাইছিল। মুনুৱে তাইক ধৰি ৰাখিছিল।
তাৰ পিছত মুনু প্ৰতিটো ক্ষণ তাইৰ লগত আছিল।তাইক তাইৰ ঘৰলৈ লৈ আহিছিল!!!তাই তাইক বুজাইছিল আৰু তাইৰ ঘৰট উপস্থিত হৈ মাকৰ হাতত তাইক গতাই দি আহিছিল!!
মুনুৱে প্ৰশ্নবাচক চাওনিৰে গজেনৰ ফালে চালে।
সেই ছোৱালীজনী মোৰ ভন্টী আছিল।গজেনে ক'লে, মোৰ ভন্টীয়ে মোক ভয়তে একো কোৱা নাছিল।মাৰ পৰা মই সকলো কথা জানিব পাৰিছিলো।....তেতিয়া মই তাইৰ বিয়া সেই একেটা ল'ৰা সৈতে কৰাই দিলোঁ তাই যাৰ লগত কৰিব বিচাৰিছিল। তাই এতিয়া এই মুহূৰ্তত তাইৰ শহুৰেকৰ ঘৰত আছে আৰু বহুত সুখী হৈ আছে। এই সকলোবোৰ তোমাৰ কাৰণে হ'ল।
আজি মই দেখিছোঁ যে মোৰ ভন্টীৰ জীৱন বচোৱা ছোৱালীজনীয়ে এতিয়া তাইৰ জীৱনৰ সৈতে সংগ্ৰাম কৰি আছে।
ভন্টী বেয়া নাপাবা.... এই সমাজখন এনেকুৱা!!!
মই আগতে এজন অতি ভাল মানুহ আছিলোঁ।....কিন্তু মোক কোনে গুণ্ডা কৰি তুলিছিল??
এইয়া সমাজে!!!যেতিয়া মই এটা ৰুটিৰ বাবে য'ত ত'ত ঘূৰিছিলো তেতিয়া মোক কোনেও এটা ৰুটি দিয়া নাছিল আৰু আজি যেতিয়া মই গুণ্ডা..... এতিয়া সম্পদ, খ্যাতি মোৰ আগে আৰু পাছে দৌৰে!!!!
তুমি এতিয়া আৰু চিন্তা কৰিব নালাগে।আজিৰ পৰা কোনেও তোমাক আমনি নকৰে। তোমাৰ কৰ্তব্য আৰামেৰে কৰা। এনেকৈ কৈ তেওঁ সি গুচি গ'ল।
গোটেই ৰাস্তাত এতিয়া এটা নতুন বতাহ বোৱা আৰম্ভ হৈছিল।মুনুৰ কথা মানুহে যিটি উলিয়াবলৈ আৰম্ভ কৰিছিল যে গজেনে তেওঁৰ ফালে এক দয়ালু দৃষ্টি ৰাখিছে।তাই গজেনৰ প্ৰেমিকা।এতিয়া মানুহে তাইলৈ আতংকিত হ'বলৈ আৰম্ভ কৰিছিল।এতিয়া তাই এটা আশ্চৰ্যজনক পৰিৱৰ্তন দেখিলে।.... যেতিয়া তাই সেই ৰাস্তায়ে দি যায় তাইক কোনেও নাচায়। সকলোৱে ফুচকা দোকানত মনে মনে থিয় থাকে।চতুৰ্থ পঞ্চম দিনা, গজেনে কেতিয়াবা তাই ঘৰৰ ফালে আহি যায়। এতিয়া তাইৰ গোটেই চুবুৰীতে বদনাম হৈ গৈছিল।.... কিন্তু তাই ফালে কোনেও চকু তুলিও চোৱা নাছিল। ..... তাই বহুত শান্তিত আছিল!!
মুনুৱে অফিচত বহি কাম কৰি আছিল..... তেতিয়াই অভয় তাইৰ ওচৰলৈ আহিছিল। আজি মুনুৰ বেলেগ ধৰণৰ পৰিৱৰ্তন দেখি সি আচৰিত হৈ গৈছিল!!
আজি তাই নিজৰ মূৰ তললৈ কৰি ভয় ভয়কে কথা কোৱা নাছিল।
অভয়ে তাইক সুধিলে:-"মুনু!!! কোৱা মোৰ বিষয়ে কি ভাবিলা?"
মুনুৱে ভয় নকৰাকৈ উত্তৰ দিলে:- তুমি মোৰ বদনামৰ বিষয়ে জানানে? মই এজনী চৰিত্ৰহীন ছোৱালী আৰু এটা গুণ্ডাৰ লগত মোৰ সম্পৰ্ক চলি আছে।
অভয়ে তাইক ক'লে:- "মই সকলোবোৰ জানো। আজি দুবছৰ ধৰি মই তোমাৰ লগতে কাম কৰি আছোঁ আৰু মই তোমাক ভালদৰে চিনি পাওঁ।"
"তাৰ পিছতো তুমি মোৰ লগত বিয়া পাতিব বিচাৰিছা?"
"হয় মই বিয়া অকল তোমাৰ লগতে পাতিব বিচাৰো। অভয়ে গহীন মাতত নিজৰ সিদ্ধান্ত ক'লে!"
অভয় আৰু মুনুৱে আদালতত ক'ৰ্ত মেৰেজ কৰিলে।
সাক্ষী হিচাপে গজেন আৰু তাৰ লগৰ দুটা আছিল। মুনু আজি বহুত সুখী আছিল কাৰণ তাই তাইৰ প্ৰেমৰ নিজৰ শেষ ৰাস্তা পাই গৈছিল...আৰু তাই মনত ভাবি আছিল।......এই সমাজখন এনেকুৱাই আৰু সিহঁতি যি হ'লেও মানুহৰ বদনাম কৰিবয়ে।
কিন্তু য'ত শক্তিৰ কথা আহে, তাত কোমল হৈ পৰে... আৰু পৃথিৱীৰ সকলো মানুহ একে নহয়।কেৱল যিসকলক ভাল আৰু নিজৰ বুলি ভাবা হয় তেওঁলোকেহে আপোনাৰ জীৱন নৰক কৰি তোলে।....যিটোক বেয়া বুলি আৰু সমাজৰ চকুত তললৈ পৰা বুলি ভাবা হয় তেওঁলোকে হে জীৱনটো সুখী কৰি তোলে।
সমাপ্ত
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment