বজাৰৰ পৰা আহি পাচলিৰ মোনাটো ভবেনে দীপালীৰ হাতত দি ক'লে--( Storyboard )
"জোনৰ কাৰণে পাৰৰ মাংস অলপ আনিছোঁ । জালুক অকণমান দি ভালকৈ ৰান্ধিবাচোন । কালিৰ পৰা সি একোৱে খাবলৈ মন নকৰা হৈছে । কিজানিবা ভাতকেইটা আজি খায়েই !"
দীপালীয়ে মোনাটোৰ পৰা পাচলিখিনি উলিয়াই ,মাংসখিনি ধুবলৈ যো-জা কৰিলে ।
" মই গাটো তিয়াই লওঁগৈ । অলপ ৰমেনহঁতৰ ঘৰৰ পৰা আহোঁগৈ । সকামৰ কি ক'ত কৰিছে ,খবৰ এটা লৈ আহোঁগৈ । আহি ভাত খাম । তোমাৰ ৰান্ধি- মেলি হয় মানে আহিয়েই পাম "
" হ'ব দিয়ক । মই জোনক গাটো অলপ ধুৱাই দিওঁগৈ । আপুনি আহকগৈ । "
দুপৰীয়া জোনক গা ধুৱাই -মেলি দি দীপালী পাকঘৰৰ ৰন্ধা-বঢ়া কামত লাগিল । দুবাৰমান জোনক মাত দি দীপালীয়ে ল'ৰাটো বাৰীত থকাৰ উমান ল'লে ।
ভবেন ডেৰ ঘণ্টামানৰ পিছত ঘৰ পালেহি ।
চোতালৰ পৰাই দিপালীয়ে ৰন্ধা মাংসৰ আঞ্জাৰ গোন্ধটো ভবেনৰ নাকত লাগিল । ধুনীয়া গোন্ধাইছে ! ল'ৰাটোৱে ভাতকেইটা খালেই হয় আৰু ! --ভবেনে ভাবিলে ।
"আপুনি আহিল নেকি?"--গিৰিয়েক অহা গম পাই দীপালীয়ে মাত লগালে । ( Storyboard )
"অঁ । ভাত হ'লনে?"
" হৈছে ,দিওঁ আৰু । "
" অঁ, দিয়া দিয়া । জোন ক'ত হে ? দেখা নাইচোন !"
"আছে ক'ৰবাত ওচৰতে । বাৰীৰ পিনে গৈছে
চাগৈ । এইমাত্ৰ মাত দিছিল মোক । "
"অঁ হ'ব দিয়া । তুমি ভাত বাঢ়া । "
দীপালীয়ে ভাত -পানী বাঢ়ি খোৱা টেবুলত থ'লেহি ।
সাত বছৰীয়া জোনে চোতালৰ পৰা চিঞৰি মাত লগালে --"মা, দেউতা, চোৱাহিচোন !"
"কি হ'ল জোন?"--ভবেন ভিতৰৰ পৰা চোতাললৈ ওলাই আহিল । দীপালীও চোতাল পালেহি ।
"কোনে মাৰিলে এই পাৰটো চোৱাচোন ! বাৰীত পৰি আছিল । পাপ লাগিব তাৰ !"--কন্দনামুৱা হৈ সি দেউতাক আৰু মাকৰ মুখলৈ চালে ।
জোনৰ হাতত পাৰটোৰ গাৰ পৰা ওলোৱা
তেজ । ভবেন মৌন হৈ ৰ'ল । সি দীপালীলৈ
চালে--
"আঞ্জাখিনি থৈ দিয়াগৈ যোৱা । দিব নালাগে জোনক । মই ফাৰ্মাচীৰ পৰা দৰব দুটামান আনোঁগৈ তালৈ । আহি ভাত খাম ... । "
দীপালী ভিতৰলৈ সোমাই আহিল... ।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় অঞ্জনা দত্তৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( ( Storyboard ) )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment