জোনাকৰো কিন্তু চকুত নপৰা নহয় । নিশা আৰু বিনয় কলেজৰ পৰা একেলগে ওলাই অহাটো । সি কিন্তু কলেজৰ ষ্টাফ বুলি সহজভাৱে লৈছে ( Storyboard )। আজিও সি নিশাক নিবলৈ আহিছে । আৰু নিশা আৰু বিনয় একেলগে অহা তাৰ চকুত পৰিল । আজি কিন্তু তাৰ কিছু সন্দেহ হল ।
- নিশাই সদায়েই এই মানুহজনৰ লগতে আহে যে? কলেজৰ আন কাৰোৱে লগত তাই ওলাই অহা নেদেখো কিয়? মানুহজন আচলতে কোন? নিশাৰ লগত তাৰ সম্পৰ্ক কি? নে নিশাই....? জোনাক ৰৈ গল ।
-ছে মই ইমান নীচ চিন্তা কৰিব পাৰোনে? নিশাই জানিলে মোক কি বুলি ভাবিব?
বিনয় গুচি গল এটা ফালে । নিশাই দূৰৰ পৰা হাঁহি এটা মাৰি আহি জোনাকৰ ওচৰতে গাড়ীত বহিল । সিও হাঁহিলে যদিও মনত এটা সন্দেহ থাকি গল । গাড়ী চলাই আহি থাকোতেও সি ভাবি ভাবি আহিল কোন তেওঁ? নিশাৰ লগত সম্পৰ্ক কি? সি যিমানেই এই প্ৰশ্ন কেইটাৰ পৰা নিজক আতৰাই অনাৰ চেষ্টা কৰিছে তথাপিও মনটোৱে বাৰে বাৰে তাক সেই একেই প্ৰশ্ন কৰি আছে । ঘৰলৈ আহিও সি নিশাক সুধিম বুলি ভাবিও থমকি ৰল কিজানিবা তাই মনতে কষ্ট পায় । ৰাতিও বিচনাত সি শুব পৰা নাই । তাৰ মূৰত একেবোৰ প্ৰশ্নই ডুলি থাকিল । মনৰ মাজত জ্বলি থকা জুইকুৰাৰ উত্তাপত সি গলি গলি শেষ হৈ গৈছে যদিও যিমান পাৰে নিশাৰ আগত স্বাভাৱিক আচৰণে দেখুৱাই গৈছে । সেয়ে তাই বিশেষ একো গম পোৱা নাই ।
অইন দিনাৰ দৰে আজিও নিশা সোনকাল উঠিছে । ঘৰুৱা কাম কাজ খিনি কৰাৰ লগতে ব্ৰেকফাষ্ট তথা জোনাকৰ বাবে টিফিন ও সাজু কৰা হৈ গল । ঘড়ীটোলৈ চালে ৮ বজাৰ সংকেত দিছে । জোনাক এতিয়ালৈ বিচনা পৰা উঠা নাই ।সেয়ে তাই তাক জগাবলৈ আহিল ।
-জোনাক, জোনাক..!
নাই, জোনাকৰ সাৰ সুৰ নাই । তাই আকৌ মাতিলে
-জোনাক, জোনাক । উঠা আকৌ..!
লাহে লাহে তাৰ দুচকু মেল খালে । নিশা আচৰিত হল ।
-জোনাক...???
সি উঠি বহিল । চকু দুটা তাৰ তেজৰ দৰে ৰঙা হৈ আছে । হয়তো নিশাক হেৰুৱাৰ ভয়ে তাক ভাৰাক্ৰান্ত কৰি তুলিছে, যাৰ কাৰণে সি ওৰে ৰাতি কান্দিছিল নিশাই নজনাকৈ...!
-জোনাক কি হৈছে তোমাৰ, গা বেয়া নেকি?
-নাই, তেনে একো নহয় ।
-তুমি মোৰ পৰা কিবা লুকুৱাইছা, কি হৈছে তোমাৰ সঁচা কথা কোৱা?
-একো হোৱা নাই অ ।
-তেন্তে তোমাৰ চকু দুটা ইমান ৰঙা হৈছে কিয়?
-ৰাতি মূৰটো খুব বিষাইছিল অ । হয়তো তাৰে প্ৰতিক্ৰিয়া ।
সি মিছাকৈয়ে কলে ।
-কি, তুমি মূৰৰ বিষত থাকিও মোক এবাৰো নকলা যে ।
-তুমি টোপনিত থকাৰ বাবে মোৰ আমনি কৰিবলৈ মন নগল ।
নিশাৰ মনতো খুব বেয়া লাগিল । তাই মনতে ভাবিলে - "জীৱনৰ আধা সময় মোৰ নামতে শেষ কৰি দিলা । মোৰ বাবেই কত ধুমুহা, গাজনি, শিলাবৃষ্টিৰ কোব সহ্য কৰি গলা আৰু মই কাষত থকাৰ পিছতো নিজেই অসহ্য যন্ত্ৰণাত চটফটাই থাকিও মোৰ সুখৰ কথাই ভাবি গলা ।" নিশা আবেগিক হৈ পৰিল যদিও মনৰ মাজতে তাক দমাই ৰাখি কলে
- মই চাৰক ফোন কৰি আজি কলেজলৈ যাব নোৱাৰিম বুলি কওঁ আৰু তুমিও আজি অফিচলৈ যাব নোৱাৰা ।
জোনাকৰ বিষন্ন মুখখন উজ্জ্বলি উঠিল ।
-কিন্তু কিয়?
-এনেকৈ অসুস্থ শৰীৰটো লৈ তুমি অফিচ যাব নালাগে ।
-ধেৎ আকৰীজনী। সৰু সুৰা বেমাৰৰ অজুহাতত কৰ্তব্যক অৱহেলা কৰা উচিত নহয় ।
নিশাক সাজু হবলৈ কৈ টাৱেলখন লৈ জোনাক বাথৰুমত সোমাল । আৰু নিশাই ও তাইৰ কামত ব্যস্ত হৈ পৰিল । কিছু সময় পিছত সি বাথৰুমৰ পৰা ওলাই আহিল । ( Storyboard )
-নিশা, নিশা
ৰান্ধনী শালৰ পৰা তাই লৰি ঢাপলি ওলাই আহিল ।
-কি হল নো?
-মোৰ বগা চাৰ্টটো ক'ত? কালি তোমাক ধুবলৈ কৈছিলো যে ।
হঠাতে নিশাৰ চকু মুখত অসহায়তাৰ চাপ এটা বিয়পি ৰল । হয়, জোনাকে কালি তাইক বগা চাৰ্টটো ধুবলৈ কৈছিল । আজি হেনো তাৰ এখন মিটিং আছে । সাধাৰণতে মেল মিটিংত সি ফৰ্মেল ড্ৰেছ পিন্ধে । কিন্তু নিশাই পাহৰি থাকিল । তাইৰ ভয়ো লাগিছে, জোনাকে গালি দিব বুলি । কিন্তু এতিয়া তাক কৈ কি ।
-কি হল?
-মই ধুবলৈ পাহৰি থাকিলো ।
ভয়ে ভয়ে তাই কলে । তাৰ দুটি ওঠৰ মাজত এটি হাঁহি বিৰিঙি ৰল । আচলতে তাৰ হাঁহি উঠিছে তাইৰ মুখাৱয়বটো দেখি হে । যেন বাঘৰ আগত থিয় হৈ আছে এজনী অসহায় হৰিণা । সহজ ভাবে সি কলে
-হব দিয়া । একো নাই । মই অন্য এটা পিন্ধিম । পাহৰাটোও এক কলা ।
তাৰ পিছত দুয়ো ওলাই গল । পথত গাড়ী চলাই গৈ থাকোতেও তাৰ নিশাৰ সেই বিষন্ন মুখখন ভাহিঁ আহিল আৰু এটি অস্ফুট হাঁহি ডুলি ৰল । নিশাই তাৰ ফালে চাই সুধিলে
-কি হল অকলে অকলে হাঁহি আছা যে?
-তুমি তুমি গোন্ধে যেতিয়া হিয়াৰ কোঠাত ঝংকাৰ তোলে লক্ষ্যভ্ৰষ্ট হয় মোৰ হাঁহিবোৰ ।
-মানে?
-ফুৰ্তিৰ অজুহাতত ভাষাবোৰে দিক হেৰুৱাইছে । তোমাক বুজোৱাটো মোৰ বাবে সম্ভৱ নহব ।
-হব নালাগে । নুশুনো
অভিমানৰ সুৰতে তাই কলে
-তোমাৰ অভিমানী ক্ষণবোৰে মোৰ হৃদয়ত এজাক বৰষুণ নমাই আনে তাৰ টোপালবোৰে মোক হাত বাউল দি তিতিবলৈ মাতে ।
নিশাই একো কোৱা নাই । গ্লাচখন খুলি বাহিৰলৈ চাইছে । মনৰ দুলনিত আনন্দই নিচুকনি গীত গাইছে, হাঁহিবোৰে দেউকা কোবাইছে । মাথো তাইৰ মুখাৱয়বত বিয়পি ৰৈছে এটা অভিমানৰ প্ৰলেপ। আৰু জোনাক? তাৰ দুচকুত এজাক সপোন বৰষুণ হৈ নামিছে, আশাই তাৰ টোপালবোৰৰ সৈতে ন খেল খেলিছে । কোনেও কাকো একো কোৱা নাই মাথো এই ক্ষণৰ সাক্ষী হৈ ৰব সময়। আন্ধাৰৰ পাছতে পোহৰ অনিবাৰ্য । হয়তো কথাষাৰৰ সত্যতা নথকা নহয় । হঠাতে এজাক ধুমুহাই ভাঙি থৈ যোৱা প্ৰভাৰ উৰুখা পঁজাটো আকৌ যেন থানথিত লাগিব লৈছে । মেঘাচ্ছন্ন হৈ পৰা মন আকাশখনো লাহে লাহে ফৰকাল হব ধৰিছে । বুকুত কঢ়িয়াই লৈ ফুৰা গধুৰ ক্ষণবোৰ মধুৰ হব লৈছে । প্ৰদীপ আৰু অঞ্জলিৰো মৌন ক্ষণবোৰ ক্ৰমশ ৰসাল হব ধৰিছে । প্ৰদীপ স্কুললৈ ওলাই যোৱাৰ পাছত প্ৰভা আৰু অঞ্জলিৰ বাবে সময়বোৰ হৈ পৰে নিৰিবিলি, নিভাঁজ সুৰৰ ঝংকাৰ । অৰ্থাৎ অতীতৰ সেই বিষাদগ্ৰস্ত মুহূৰ্তবোৰ যেন সিহঁতৰ পৰা চিৰবিদায় ললে ।
ক্লাচৰ শেষত নিশা বাছ স্তপেজলৈ আগবাঢ়িছে । কাৰণ আজি জোনাকৰ এখন মিটিং আছে সি তাত যাব । লগত বিনয় ও আহিছে । ঠিক অইন দিনাৰ দৰে বিভিন্ন কথা বতৰা । হঠাতে বিনয়ে কলে
-নিশিতা পৃথিৱীখন কি বিচিত্ৰ ন!
-পৃথিৱীৰো ৰং আছে আৰু প্ৰতেকজন মানুহৰ চকুত ই বেলেগ বেলেগ ৰঙত ধৰা দিয়ে ।
- সেইবাবেই চাগে ভাল লগা, ভালপোৱাবোৰ কেতিয়াও চিৰস্থায়ী নহয় ।
-জটিলতা পৃথিৱীৰ সৌন্দৰ্য্য ধৰি ৰখাৰ এক কলা । যিটো মোৰ ভাল লাগে ।
নিশা বাছত উঠি ৰুম অভিমুখে ৰাওনা হল ।
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment