মাকৰ অন্তিম সৎকাৰ কৰি আহিছে গীতে, মাকৰ বিচনাখন আঁতৰাই তাতে চাকি এটা জ্বলাই দিয়া হল। তেৰ দিনলৈ তাত এই চাকিটো জ্বলিব। মাকৰ আত্মা তাতে থাকিব, গীতৰ লগত, সেই কোঠালিতে। সেয়া গীতৰ বিশ্বাস আছিল। তাৰপাছত নাজানে আৰু কি হব! ( Storyboard )
তেনেকোৱাতে কাষৰে ভোলা খুড়াই গীতক পানী এগিলাছ খোৱাৰ কথা সুধিলেহি। কিন্তু গীতৰ সেই সময়ত পানীও খাবলৈ মন নাছিল বাবে, ভোলা খুড়াক পানী নাখাঁও কৈ বেৰতে আঁওজি বহি পৰিল।
গীতৰ, মাকলৈ বৰ মনত পৰিছিল। ১৩বছৰ বয়সৰ পৰা সি মাকৰ অবিহনেই আছিল। কিন্তু আজি ৪০বছৰ বয়সত মাকে তাক চিৰ দিনৰ বাবে অকলশৰীয়া কৰি এৰি থৈ গুচি গল। মাকে, দেউতাকৰ পৰা পোৱা মানসিক আৰু শাৰীৰিক অত্যাচাৰ পৰা পৰিত্ৰান পাবলৈ মাকে গীতক লৈ মোমায়েকৰ ঘৰলৈ গুচি আহিছিল। মামা এজন ডক্টৰ আছিল। তেওঁ মাক থাকিবলৈ দিলে। মাকক নাৰ্চ পঢ়ালে। কিন্তু গীতৰ দেউতাকে তেওঁলোকক গালি ধমক দি, গীতক দেউতাকে নিজৰ ঘৰলৈ লৈ আহিল। আৰু কেতিয়াও গীতক মাকৰ ওচৰলৈ যাবলৈ নিদিলে। মাকৰ কথা ভাৱি থাকোতে গীতৰ টুপনি আহিল।
খিৰিকিৰ পৰা সোমাই অহা চেচা বতাহজাক লগাত গীতৰ টুপনি ভাঙিল। ঘড়ীটোলৈ চাই দেখা পালে, নিশা দুই বাজিল। তেতিয়া গীতৰ এনে অনুভৱ হল, সেই সময়ত কোনোবা যে কোঠাৰ পৰা বাহিৰলৈ ওলাই গৈছে। খুড়ী, হব পাৰে, মোক কিবা প্ৰয়োজন হৈছে নি, তাকে চাবলৈ আহিব পাৰে। গীতে আৰু জোৰ দি ভাৱিলে, তেতিয়া গীতৰ মনত পৰিল, মাক আহিছিল গীতৰ সপোনত। কিবা কৈ আছিল। গীত, তোমাক বহুত কথা কবলগীয়া আছে। তেতিয়া সন্মুখত জ্বলি থকা চাকি গচি গীতে দেখা পালে, চাকি গচ নুমাবলৈ লৈছিল। ওচৰলৈ আহি দেখা পালে, চাকিত তেল কম আছিল। তেতিয়া গীতে কাষতে থকা বটলৰপৰা চাকিত তেল দিলত চাকিগচ পুনৰ জিলিকি জ্বলি উঠিল। গীতে ভাৱিলে, মাৰ শৰীৰটো যদি এনেদৰে প্ৰাণ দিব পৰা হলে!
নাৰ্চৰ কৰ্চ কৰা পাচত, মাকক মোমায়েকে বহু দূৰলৈ পথিয়াই দিছিল। গীতে এই কথা তেতিয়া হে গম পালে যেতিয়া মাক থকা ঠাইৰপৰা এখন ৰেজিষ্টাৰ্ড চিঠি আহিল। তিনি মাহ আগতে। যত মাকৰ অসুখৰ কথা কোৱা হৈছিল আৰু মাকক তাৰপৰা লৈ অনাৰ কথা কৈছিল। ঠিকনাত গীতৰ দেউতাকৰ নাম আৰু দেউতাকৰ ঘৰৰ ঠিকনা লিখা আছিল। সেইসময়ত গীত তাতে আছিল আৰু শীঘ্রেই গীতে মাকৰ ওচৰলৈ যাবলৈ ঠিকনা বিছাৰি পাইছিল।
দেউতাক দুবছৰৰ আগতে স্বৰ্গগামী হয়।
গীতে পলম নকৰি, পাচদিনা মাকৰ ওচৰলৈ যায়। পাহাৰৰ মাজত থকা সেই হস্পিটাল খনত কেৱল টি, বি ৰোগীহে ৰখা হৈছিল। নাৰ্চৰ কোৱাৰ্টাৰত মাকক গীতে বৰ বিচিত্র অৱস্থাত পালে। গীতে ওচৰে পাজৰে সুধাত গম পালে যে তেওঁৰ অৱস্থা এবছৰৰ পৰা এনে হল। চিকিৎসাৰ বাবে তেওঁক মানসিক হস্পিটালটো ৰখা হৈছিল। ঘৰৰ ঠিকনাত বহুতো চিঠি দিয়া হৈছিল কিন্তু কোনো উত্তৰ নাহিল। আৰু তেওঁৰ খবৰ লবলৈ কোনো নাহিল। কিন্তু এতিয়া তেওঁৰ অৱস্থা বহুত বেয়া, তেওঁক ইয়াত ৰাখিব পৰা নাযাব, তেওঁক এতিয়া মানসিক হস্পিটালটহে ৰাখিব পৰা যাব।
গীতে, মাকক তাৰপৰা দেউতাকৰ ঘৰলৈকে লৈ আহিল। আৰু ঘৰৰপৰা চহৰৰ মানসিক হস্পিটালট ৰাখিলে। কিন্তু যেতিয়া গীতে তেওঁক লগ কৰিবলৈ গৈছিল, তেতিয়া মাকে গীতক চিনি পোৱা নাছিল। কিন্তু মাকে গীতৰ ফালে চাই ৰৈছিল। তাৰ চিকিৎসাৰ দ্বাৰা আগতকে মাক অলপ সুস্থ হৈ উঠিছিল। এতিয়া মাকে নিজে খোৱা বোৱা কৰিব পাৰিছিল আৰু নিজৰ দৰৱো লব পাৰিছিল। গীতৰ বিশ্বাস আছিল যে, এদিন নহয় এদিন মাকে গীতক চিনি পাব। কিন্তু এনে নহল, আৰু এদিন খবৰ আহিল যে, মাকে হৃদ ৰোগত নিজৰ প্ৰাণ ত্যাগ কৰিলে। ( Storyboard )
এতিয়া প্ৰতিদিনে গীতে মাকৰ কোঠালিতে থাকিবলৈ ললে। গীতৰ বিশ্বাস আছিল এই তেৰদিন সি মাকক তাত অনুভৱ কৰিব। নিশা দুই বজাত গীতৰ টুপনি ভাঙে আৰু কাৰোবাৰ উপস্থিতি অনুভৱ কৰে।
এদিন ৰাতি বহু দেৰিলৈ গীত শুৱা নাছিল, অফিচৰ কামত ব্যস্ত আছিল৷ কেতিয়ানো দুই বাজিল গীতে গমকে নাপালে। অকস্মাৎ কোঠাতটোত কোনোবা থকাৰ অনুভৱ হল আৰু গীতে কামৰ পৰা মূৰ ডাঙি দুৱাৰৰ ফালে, কাকোৱে দেখা নাপালে। গীতে ভাৱিলে, সি কামত ব্যস্ত থকাৰ বাবে এনে লাগিল। পুনৰ লিখিবলৈ আৰম্ভ কৰিলে। লিখিবলৈ এখন বগা কাগজ লওঁতে, কিন্তু এয়া কি, গীতৰ কলমে সেয়া লিখা নাছিল যি সি লিখিবলৈ বিচাৰিছিল। গীতৰ কলমৰ দ্বাৰা আপোনা আপুনি যি ৰেখা অংকিত হল, সেয়া মাকৰ এখন ছবি হৈ পৰিল। গীত আচৰিত হৈ পৰিল আৰু তাৰ মনত পৰিল, আজি বাৰ দিন হল মা যোৱাৰ। আৰু কাগজত কলম চলি গল যত মাকৰ সম্পূর্ণ কথা প্ৰকাশ কৰা হল।
তাত লিখা আছিল, গীত তোমাৰ দেউতাৰ ঘৰ এৰি অহাৰ পিছত , নাৰ্চৰ কৰ্চ সম্পূর্ণ কৰি পাহাৰৰ সেই হস্পিটালখনত চাকৰি কৰিবলৈ গুচি গলো। সকলো ঠিকে চলিছিল, কিন্তু মোৰ তোমালৈ বৰকে মনত পৰিছিল। তোমাৰ দেউতাৰ ভয়তে, মই তোমাক লগ কৰাটো সম্ভৱ নাছিল। কিন্তু মোৰ মনত বিশ্বাস আছিল যে, তুমি বুজি পোৱা হলেগৈ নিশ্চিয় এদিন তুমি মোক লগ কৰিবলৈ আহিবা। অপেক্ষা কৰি থাকিলো, বছৰ বাগৰি গল। কিন্তু তুমি নাহিলা। আৰু আহিলা যেতিয়া, তেতিয়া মই মোৰ মানসিক ভাৰসাম্য হেৰুৱালো। সেই সময়ত মই তোমাক চিনি নাপালো কিন্তু এতিয়া চিনি পালো। তুমি হয়টো নাজানিবা, এগৰাকী মাতৃৰ বাবে নিজৰ সন্তানৰ পৰা বেলেগ হোৱাটো কিমান বেদনাদায়ক? তোমাক লগ কৰিবলৈ মই বহু পত্র তোমাৰ দেউতালৈ পথিয়াইছিলো, কিন্তু এখনৰো উত্তৰ নাহিল। এই কথাৰে মোৰ দুখ আৰু বাঢ়ি গল। তোমাৰ পৰা আঁতৰি অহাত তোমাক আৰু কেতিয়াও লগ পোৱা নাছিলো। হস্পিটালত কাম কৰাৰ সময়টো সকলোৰে মাজতে মই নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছিলো। তোমালৈ মনত পেলাই ৰাতি ৰাতি কান্দি ৰৈছিলো। লাহে লাহে মই মই মানসিক অশান্তিত ভূগিবলৈ ধৰিলো। তাৰপিছত যি হল, সেয়া তুমি জানিচাই। মোৰ জীৱন মাথো এয়াই। মই বহুত শান্তি পালো, তোমাৰ হাতেৰে মুখাগ্নি পালো। আৰু মোৰ অন্তিম সৎকাৰ কৰিলা।
সেয়া পঢ়ি গীতে কান্দনত ভাঙি পৰিল। কিন্তু সেই সময়তে গীতৰ কলমটো কিবা এটা হল, কলমটো ভাঙি থাকিলে।
আন কলম আনিবলৈ, গীতে দেউতাকৰ আলমাৰিটো খুলিলে। যেতিয়াই গীতে আলমাৰি খুলিলে, তেতিয়া চিঠি এজাপ পালে। সেয়া গীতে খুলি চাই দেখিলে যে, মাকৰ চিঠি লগতে হস্পিটালৰ সেই চিঠিখনো আছিল যত মাকৰ অসুখৰ খবৰ দিছিল। সেই সকলোবোৰ গীতে গম পোৱা নাছিল।গীতে তেতিয়া অনুভৱ কৰিলে, "যদি মই দেউতাৰ আলমাৰি আগতেই খুলি চোৱা হলে!!!"
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment