বিবাহিত সকলে নিশ্চয় এবাৰ পঢ়িব : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, May 16, 2021

বিবাহিত সকলে নিশ্চয় এবাৰ পঢ়িব : Storyboard

Storyboard

" জুন, উঠা উঠা সময়তো চোৱা ," কম্বলৰ তলৰ পৰা  তাই মুখখন উলিয়াই ঘড়ীটোৰ ফালে চালে তেতিয়া ন টা বাজি গ'ল, তাই ক'লে " আৰে শুব দিয়া, ৰাতি বহুত দেৰিকৈ টোপনি আহিছে । এইটো কথা শুনি  তাইৰ স্বামী অবিনাশে ক'লে যে,"মই অফিচলৈ যাও,বিজুও শুই উঠিলে আৰু কিমান দেৰি শুই থাকিবা?" ৰাতিপুৱাৰ এই বিতৰ্ক এতিয়া জুনৰ ঘৰৰ এটা সৰু কথা হৈ পৰিল। কেইদিনমানৰ পৰা  জুন ৰাতি বহুত দেৰিলৈকে সাৰ পাই থাকে আৰু ৰাতিপুৱা উঠিবই নোৱাৰে ।Storyboard )

   জুন বিছনাৰ পৰা উঠিলে আৰু ঘৰৰ কাম কৰিবলৈ ধৰিলে। ঘৰত অকল তিনিজনহে মানুহ আছিল, জুন আৰু জুনৰ স্বামী অবিনাশ আৰু সিহঁত দুয়োৰে চাৰি বছৰীয়া ল'ৰা বিজু। অবিনাশে ৰাতিপুৱাই কামলৈ গুছি যায় , বিজু ১১টা বজাত  প্লে স্কুললৈ যায় আৰু দুপৰীয়া ২ টা বজালৈকে জুন অকলেই ঘৰত থাকে। এনেদৰে অকলশৰীয়াকৈ থকাতকৈ বেছি অকলশৰীয়া ভাৱ জুনৰ হৃদয়ত আছিল, যিটো বাঢ়িয়েই গৈ আছিল। তাই ঘৰৰ সকলো কাম কৰা লগতে ল'ৰাটোও স্বম্ভালীব লগা হয়, দিনটো যি টি কামত নিজকে ব্যস্ত ৰাখে যাতে ৰাতি সোনকালে টোপনি আহে, কিন্তু তেনেকুৱা কেতিয়াও নহয়।


অবিনাশ সন্ধিয়া ঘৰলৈ আহে আৰু নিজৰ ল'ৰাটোৰ লগত খেলে। জুনৰ লগতো অবিনাশ ভালেই কিন্তু সি তাইৰ মনৰ কথা আৰু আৱেগবোৰ বুজি নাপাইছিল । জুনে বিচাৰিছিল অবিনাশে তাইৰ লগত সময় কতোৱাটো, তাইৰ সৰু সৰু সুখৰ কথা অবিনাশে নোকোৱাকৈ যাতে গম পায়। কিন্তু অবিনাশ সদায় নিজৰ কামতেই ব্যস্ত থাকে, সন্ধিয়া ঘৰলৈ অহাৰ পাছত অবিনাশে গোটেই সময় ল'ৰাটোৰ লগত থাকে আৰু ল'ৰাটো শুই যোৱাৰ পাছত তেওঁক কোনেও টিভি ওচৰৰ পৰা আঁতৰাব নোৱাৰে, জুনে কৈ থাকে যে অবিনাশ মোৰ লগত থাকা, মোৰ লগত কথা পাতা , সকলো সময়তে কিয় টিভি চাই থাকা। তেতিয়া অবিনাশে কয় মইটো তোমাৰ লগতেই আছোঁ। জুনে মনৰ ভিতৰতে কৈ পেলালে যে অকল শাৰীৰিকভাৱেই  নহয়, মনৰ পৰাও লগত থাকিবলৈ শিকিব লাগে। তাৰ পাছত  অবিনাশৰ লগত তাইৰ  অলপ বিতৰ্ক হৈ যায়। কেতিয়াবা কেতিয়াবা এই বিতৰ্কবোৰেই  ডাঙৰ কাজিয়ালৈ সলনি হৈ যায়। অবিনাশ আৰু জুনৰ বিয়াৰ সাত বছৰ হৈ গ'ল।  দুয়োজনৰ বিয়া ঘৰৰ মানুহে ঠিক কৰি পাতি দিয়া। দুয়োজনে মাক- দেউতাকৰ কথা মতে ইজনে সিজনক পছন্দ কৰিছিল।

দুয়োজনৰ ঘৰ যোৰহাটত হোৱাৰ কাৰণে কেতিয়াবা কেতিয়াবা লগ পায় থাকে। অবিনাশে গুৱাহাটীত এটা বহুত  ভাল চাকৰি পোৱাৰ বাবে বিয়াৰ পাছত দুয়ো গুৱাহাটীতে থাকিবলৈ লয়। জুনৰ কাৰণে এই সকলোবোৰ সপোনৰ দৰে আছিল  আৰু জুনেও চাকৰি কৰিবলৈ লৈছিল । দিনটো দৌৰা- ধাপৰা কৰাৰ পাছতো অবিনাশ আৰু  জুনে নিজৰ কাৰণে সময় উলিয়াই আৰু দুয়োটাই সুখ দুখৰ কথা,ভাল লগা কথা লগতে ভৱিষ্যত জীৱনৰ সপোন দেখে।

   বিয়াৰ তিনি বছৰৰ পাছত এটা মৰম লগা ল'ৰা সিহঁতৰ জীৱনলৈ আহিল। যাৰ নাম অবিনাশে ৰাখিছিল,"বিজু" কাৰণ ইয়াত অবিনাশ আৰু জুনৰ নামৰ এটা এটা আখৰ আছিল। বিজু সিহঁতৰ জীৱনলৈ অহাৰ পাছত জুনে চাকৰি এৰি দিলে আৰু ঘৰতে থাকিবলৈ ল'লে,বিজুক স্বম্ভালীবৰ কাৰণে । কিন্তু যেতিয়া লাহে লাহে দিনবোৰ পাৰ হৈ গ'ল জুনৰ ঘৰত সোমাই থাকিবৰ মন নোযোৱা হ'ল। অবিনাশৰো দায়িত্ব বাঢ়ি গ'ল । ঘৰৰ ভাৰা ,বিজুৰ চোৱা চিতা, যোৰহাটৰ মাক দেউতাকৰ চোৱা চিতা এই সকলোবোৰ দায়িত্ব লব লগা হ'ল কাৰণে অবিনাশে নিজৰ কামতেই ব্যস্ত থাকে।

ইয়াৰ কাৰণে জুনে ভাবিছিল অবিনাশ তাইৰ পৰা দূৰ হৈ গৈছে নহ'লে হয়তো এতিয়া সিহঁতৰ মাজত আগৰ দৰে মৰম ভাল পোৱা নোহোৱা হ'ল। জুনক এতিয়া বেয়া চিন্তাবোৰে আগুৰি থাকে । তাই কেইবাৰমানটো অবিনাশক সন্দেহ ও কৰিছিল যে অবিনাশৰ জীৱনত বেলেগ কোনোবা আছে নেকি বুলি । এই কথাটোক লৈ দুয়োজনৰ মাজত বহুত বাৰ কাজিয়াও হৈ গৈছে , কিন্তু অবিনাশে অকল জুনকে ভাল পাইছিল। বহুত দিন হৈ গৈছিল , জুন আৰু অবিনাশ বাহিৰলৈ ফুৰিবলৈ নোযোৱা । আনকি দেওবাৰৰ দিনটোত অবিনাশে কয় যে গোটেই সপ্তাহটো কাম কৰি মই ভাগৰি যাও এদিনটো দিয়া মোক জিৰণি ল'বলৈ ঘৰত। "এনেকৈ কোৱাৰ পাছত জুনে কয় মই তোমাৰ আৰাম কাঢ়ি ল'ব বিচৰা নাই কেৱল মাত্ৰ অকনমান সময় হে বিচাৰিছো মোৰ কাৰণে ।" তাৰ পাছতো অবিনাশে আৰামেই কৰি থাকে আৰু সেইকাৰণে দুয়োজনৰ মাজত কাজিয়া আৰম্ভ হৈ য়ায়।

  এতিয়া জুনে অবিনাশক একো নোকোৱা হ'ল। কিন্তু বহুত মন মাৰি থাকিবলৈ ল'লে। একো কামতে তাইৰ মন নবহা হ'ল ।


সকলো সময়তে তাই অবিনাশৰ মৰমৰ কাৰণে বাট চাই থাকে, তাই ভাবে যে আজি অবিনাশে তাইৰ সৈতে মৰমেৰে কথা পাতিব নতুবা কৰবাত ফুৰিবলৈ লৈ যাব,কিবা উপহাৰ দিব, এইটো কৰিব সেইটো কৰিব এইবোৰকে সকলো সময়তে ভাবি থাকে। তাইৰ ৰাতি টোপনিও নাহে। কিবা আশ্চৰ্যজনক ভয়ে তাইক আগুৰি ধৰে আৰু ভয়তে তাই অবিনাশক জোৰে সাৱতি ধৰে, কিন্তু অবিনাশে টোপনিত লালকাল হৈ থাকে আৰু তাইৰ ভয়নো তেতিয়া কোনে আঁতৰাব। কেতিয়াবা যদি সাৰ ও পাই থাকে তেতিয়া কয়,"আঁতৰি যোৱা ,শুব দিয়া মোক" আৰু ঠেলা মাৰি জুনক আঁতৰাই দিয়ে।  যেতিয়া অবিনাশৰ মন যায় তেতিয়াহে জুনক মৰম কৰে। Storyboard )

   এনেকৈ সময়ৰ লগে লগে জুন মানসিক ভাবে ভাগি পৰিছিল। তাই ভাবে আগৰ দৰেই চাকৰি বিচাৰি ল'ব কিন্তু বিজুক অকলে কেনেকৈ এৰিব। শহুৰ আৰু শাহুৱেকেও গুৱাহাটীত থাকি ইমান ভাল নাপায়। সেইকাৰণে চাৰি পাঁচ মাহৰ মোৰত দহ দিন মানৰ কাৰণে আহি থাকে। কিন্তু জুনে বহুত বাৰ কোৱাৰ পাছতো তেওঁলোকে একেবাৰে গুৱাহাটীত থাকিবলৈ মান্তি নহয়। আজিকালি জুনৰ  প্ৰায় সদায়েই মূৰৰ বিষ হয়।  টোপনি নহা, ভাগৰুৱা,খিংখিঙীয়া এইবোৰ তাইৰ হ'বলৈ ল'লে। তাই এনেকুৱা লাগে যে তাই শান্তিৰে টুপনি যোৱা বহুত জনম যেন হৈ গ'ল।


তাইৰ চকু তলত ক'লা চাপ বেছিকৈয়ে বাঢ়িব ধৰিলে। তাইৰ চেহেৰাটোও  হালধীয়া হৈ গৈছিল। এতিয়াটো তাইৰ ৰাতি ৩-৪ টালৈ টোপনিয়ে নাহে। তাই অবিনাশক ক'লে যে তাই গাতো ভাল লগা নাই ,ডাক্তৰৰ ওচৰলৈ গৈ আহিব লাগিছিল। অবিনাশে  ক'লে তুমি গৈ আহা কিবা অসুবিধা হ'লে কবা। ডাক্তৰক সকলো কথা আৰু সমস্যা কোৱা পাছত ডাক্তৰে কেইটামান উপদেশ আৰু দৰব দি পঠায় দিলে।

  জুনে দৰব খাই ও আৰাম পোৱা নাছিল।  মূৰৰ বিষৰ কাৰণে তাই বেলেগে দৰব খাবলৈ ধৰিলে। এটা টেবলেটেৰেও একো নহৈছিল কাৰণে দুটা দুটাকৈ টেবলেট খাবলৈ লৈছিল জুনে। এবাৰ জুনে অবিনাশক ক'লে যে মোৰ লগত অলপ থাকা, মোৰ টোপনি নাহে, মূৰৰ বিষ হয়,ভয় লাগে, মোক অলপতো বুজা। অবিনাশেও আজি তাইৰ অৱস্থা দেখি ভয় খাই তাইক নিজৰ ওচৰতে লয় শুই থাকিল। দিনটো কাম কৰি ভাগৰুৱা হৈ থকা ফলত অবিনাশ সোনকালে টোপনি গ'ল আৰু জুনৰ ফালে পিঠি দি শুই থাকিল। এই কথাটোত জুনৰ কিয় নাজানো বহুত খং উঠিল আৰু তাই জোৰে জোৰে অবিনাশক জোঁকাৰি জগালে। মই ইয়াত মৰি গৈছো আৰু আপোনাক আৰামত শুবলৈ লাগে। কেতিয়াও আপুনি মোক নুবুজিলেই।


আপোনাৰ এতিয়া মোৰ প্ৰতি একো চিন্তা নাই।" অবিনাশৰ ও বহুত খং উঠিল আৰু দুয়োটাৰে মাজত কাজিয়া হ'ল আৰু অবিনাশে জুনৰ ওপৰত হাত উঠালে ।তাৰ পাছত ৰুমৰ বাহিৰলে গুছি গ'ল। জুনে বহুত দেৰিলৈকে কান্দি থাকিল। তাইৰ মূৰটো বিষত ফাটি যোৱাৰ দৰে লাগিছিল  ,যেন কোনোবাই এশটা হাতুৰীৰে  হে মাৰি আছিল। তাই দৰব উলিয়ালে আৰু সাঁফৰত যিমান টেবলেট আছিল চব খাই দিলে আৰু কম্বল এখন লৈ গাৰু এটাই দি মূৰতো হেঁচি শুই থাকিল। তাই গমেই নাপালে কেতিয়া টোপনি আহিল।

    ৰাতিপুৱা যেতিয়া অবিনাশ উঠিলে তাৰ নিজৰ ভুল উপলব্ধি হ'ল  । সি জুন  আৰু নিজৰ কাৰণে চাহ বনালে আৰু জুনৰ পৰা ক্ষমা খুজিবলৈ ৰুমলৈ গ'ল। জুনে সদায় শুৱাৰ দৰে কম্বলেৰে মুখ ঢাকি শুই আছিল। অবিনাশে তাইক জগালে, "জুন উঠা উঠা ৰাতিপুৱা হ'ল "। বহুত দেৰি উঠোৱাৰ পাছতো তাই একো লৰচৰ নকৰাত অবিনাশে কম্বল খন আঁতৰাই দিলে , জুনৰ চেহেৰাটো শেঁতা পৰি আছিল, গোটেই শৰীৰত ৰঙা ৰঙা চিন হৈ গৈছিল আৰু জুনৰ ওঁঠটো নীলা পৰি গৈছিল। এইবোৰ দেখি অবিনাশৰ মূৰ ঘুৰোৱাৰ দৰে হ'ল আৰু লগা ল'গ এম্বুলেন্স মাতিলে। বিজুক ওচৰৰ মানুহ এঘৰত থৈ  জুনক  চিকিৎসালয়লৈ লৈ গ'ল।


চিকিৎসালয়ত ডাক্তৰে চোৱা পাছত ক'লে যে জুনে দৰব বেছিকৈ খাই দিছিল । যাৰ কাৰণে এনেকুৱা হ'ল ডাক্তৰে অবিনাশক সুধিলে,"আপুনি জানে নেকি আপোনাৰ পত্নীয়ে কি দৰব খাই আছিল?" অবিনাশে নাজানেই আৰু কাহানিও সোধাও নাছিল জুনক। জুনেও কোৱা নাছিল।

অবিনাশে ঘৰ গৈ  নিজৰ ল'ৰাটোক স্বম্ভালীলে আৰু জুনৰ অবিহনে কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছিল। তাৰ পাছত সি জুনৰ দৰববোৰ চালে আৰু দেখিলে তাত বহুত দৰব আছে । ইয়াৰ পৰা এতিয়া জুনে কোনটো খাইছিল আৰু কিয়বা খাইছিল। জুনে বাৰু আত্মহত্যা কৰিব বিচাৰিছিল নেকি? অবিনাশে নিজেই নিজক দুখ দি আছিল যে সি যদি তাইৰ লগত কাজিয়া নকৰিলে হৈ আৰু তাইক নামাৰিলে হ‌য়। তেতিয়া জুনে এনেকুৱা নকৰিলে হয়। অবিনাশে জুনৰ বিছনাত এটা দৰবৰ খালি টেমা পালে আৰু সি বুজি পালে যে জুনে এইয়া য়ে খাইছিল। সি ল'ৰাটো লৈ চিকিৎসালয়লৈ গ'ল, ডাক্তৰক জুনৰ সকলো দৰব আৰু খালি টেমাটো দেখালে।

  ডাক্তৰে দৰব চাই ক'লে যে জুনৰ মানসিক বেমাৰ আছে,  তাৰ ওপৰিও তাই কিবা বিষৰ দৰব খাইছিল।কালি ৰাতিও মূৰৰ বিষ ভাল কৰা বেছি শক্তিশালী দৰব খাইছিল। " ডাক্তৰে ক'লে আমি তাইৰ চিকিৎসা আৰম্ভ কৰিছো তাই এতিয়া বিপদৰ পৰা বাহিৰত আছে আৰু ৰাতিলৈ তাই চেতনা ঘূৰাই পাব।"

 অবিনাশে বুজি পালে যে কেইদিনমানৰ পৰা তাই কিয় ইমান সলনি হৈ গৈছিল আৰু সকলো সময়তে খিংখিঙীয়া হৈ গৈছিল। কেইমাহমানৰ আগৰ জুনৰ ব্যবহাৰবোৰ অবিনাশৰ চকু আগত ভাঁহি থাকিল। অবিনাশে মূৰত ধৰি ভাবিব ধৰিলে , মই কিয় তেতিয়া ধ্যান নিদিলো । এইবোৰ চব মোৰ কাৰণে হৈছে। মই যদি জুনৰ কাৰণে অকমান সময় উলিয়ালো হয় , তেতিয়া এইবোৰ নহ'ল হয়। অবিনাশে গোটেই দিনটো জুনৰ ওচৰত বহি কান্দি থাকিল আৰু সি মনত নিজেই নিজক ক্ষমা খুজিলে আৰু প্ৰতিশ্ৰুতি দিলে যে আজিৰ পৰা এনেকুৱা কেতিয়াও হ'ব নিদিয়ে। ৰাতি জুনে চেতনা ঘূৰাই পালে আৰু তাই দেখিলে তাই চিকিৎসালয়ত আছে। অবিনাশ আৰু বিজু তাইৰ ওচৰত বহি আছে। বিজুয়ে আনন্দতে হাত চাপৰি বজাই ক'বলৈ ধৰিলে," দেউতা মা উঠিলে, এতিয়া আমি ঘৰলৈ যাম।" অবিনাশে জুনৰ ফালে চাই বহুত কান্দিলে আৰু ক'লে "তোমাৰ কিবা হৈ যোৱা হ'লে" আমাৰ দুয়োটাৰে কি হ'ল হয়। এবাৰো নাভাবিলা তুমি  মইতো তোমাৰ অবিহনে মৰি গ'লো হয়।অনুগ্ৰহ কৰি এনেকুৱা আৰু নকৰিবা। " জুনে ক'লে" মই কি কৰিলো মূৰৰ বিষৰ দৰবহে খাইছিলো। অবিনাশে তাইৰ গালত লাহেকৈ চৰ এটা মাৰি ক'লে,  "পাগল মূৰৰ বিষৰ কাৰণে কোনোবাই কি গোটেই দৰবৰ টেমাটো খাই দিয়ে নেকি?"

  এতিয়া জুনৰ অনুভৱ হ'ল যে কালি তাই গোটেই দৰব খাই দিছিল আৰু তেতিয়া তাইৰ একো ধ্যান নাছিল। জুনে অবিনাশক ক্ষমা খুজিলে আৰু ক'লে যে তাই মৰিব খোজা নাছিল আৰু  তাই জনাই নাছিল তাই কিমান দৰব খাই দিছিল। অবিনাশেও জুনক ক্ষমা খুজিলে আৰু সদায় তাইৰ লগ দিম বুলি প্ৰতিশ্ৰুতি দিলে।

   জুন ভাল হয় চিকিৎসালয় পৰা ঘৰলৈ আহিলে। অবিনাশে অফিচৰ পৰা এমাহৰ ছুটি ল'লে আৰু জুনৰ সেই ইচ্ছাবোৰ পূৰণ কৰিলে যিবোৰ জুনে আগতে বিচাৰিছিল। জুনৰো মানসিক অৱস্থা ভাল হ'ল আৰু তাই আজি বহুত দিনৰ মোৰত শান্তিৰে টোপনি গৈছিল। এতিয়া অবিনাশে জুন আৰু নিজৰ পৰিয়ালক সদায় আগত ৰাখে আৰু পৰিয়ালৰ কথা চিন্তা কৰে।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages