"মা!"-------- নতুন বোৱাৰী অঞ্জলি। এমাহ হৈছেহে বিয়া হৈ এইখন ঘৰলৈ বোৱাৰী হৈ অহা। মানুহ বুলিবলৈ শাহুৱেক, তাই আৰু আইতাক মানে শাহুৱেকৰ শাহুৱেক। অয়নৰ দেউতাক ঢুকুৱা তিনিবছৰ হ'ল। আগলৈ-পাছলৈ অয়নৰ বাহিৰে আৰু কোনোৱেই নাই, ভাই-ভনী,ককাই-বাই বুলিবলৈ।( Storyboard )
"কি হ'ল! ৰৈ থাকিলি যে ক আক!"---- বেংকলৈ ওলাই থকা শাহুৱেকে মুখত পিনটো কামুৰি,ব্লাউজৰ সৈতে চাদৰখনৰ কোচকেইটা মিলাই মিলাই তাইলৈ চাই মাত লগালে।
"হেৰি! মানে মা মোৰ অসুবিধা হ'ল আজি!"------লাজ লাজকৈ তাই কথাষাৰ ক'লে। যিমান হ'লেও তাই নতুন এইখন ঘৰত। নীতি-নিয়ম বুলিও কথা এটা থাকে। ঘৰত থাকোতে বাৰু মাহেকীয়া হ'লে নীতি-নিয়ম মানি পোৱা নাই বৰকৈ। মাত্ৰ গোঁসাই ঘৰত সোমাব নিদিয়ে আৰু তুলসীজোপা চুবলৈ নিদিয়ে তাইক। বাকী খোৱা-বোৱাবোৰ আগৰ দৰেই চলি থাকে।
"অ! কথা এটা হ'ল নহয় এতিয়া?"----- শাহুৱেকৰ কথাষাৰ শুনি তাইৰ বুকুখনে ধান বনাদি বানিব ধৰিলে। তাই শাহুৱেকক কোৱা শুনিছে তেওঁ বিয়া হৈ অহাৰ পাছত মাহেকীয়া হ'লে বোলে এসাঁজ লঘোনে থাকিব দিছিল; বিচনাতো বোলে শুবলৈ দিয়া নাছিল তেওঁক। তলত শুকান খেৰ কেইডালমান পাৰি,ওপৰত বস্তা পাৰি শুবলৈ দিছিল। গৰম দিনত একো নাই ঠাণ্ডা দিনত বোলে তেওঁক চুৱা হ'ব বুলি সামান্য কাপোৰ এখনৰে সৈতে তলত শুবলৈ দিয়া হৈছিল। কথাবোৰ মনত পৰাত তাইৰ শোকটো উজাই আহি দুচকুত থুপ খালেহি।
"কি হ'ল!থৰ লাগি থাকিলি যে?" ---- শাহুৱেকৰ মাতত তাইৰ চক্ খাই উঠিল।
"নাই,মা।কওঁকচোন? মোৰ ষ্টেফ্ৰিও নাই আনি থোৱা?"----তলমূৰ কৰিলে অঞ্জলিয়ে।
"হ'ব,এইফালে আহচোন?"-----তাইক টানি নিয়া দিয়ে নিলে অয়নৰ মাকে। বাহিৰলৈ কাৰোবাক জুমি চাই তাইক কয়
"শুন, মই বেংকলৈ গৈ আহোঁ। আহোঁতে তোলে ষ্টেফ্ৰি লৈ আহিম।আইতাৰক নক'বি তোৰ অসুবিধা হোৱা কথা আহি মই কম। নহ'লে গোটেইখন চুৱা চুৱা বুলি ইচইচাই ফুৰিব ঘিণতে।"
"হ'ব। কিন্তু এতিয়া ব্যৱহাৰ কৰিবলৈও একো নাই।মোৰ বেছিকৈ হয়।"
"শু,এই চাদৰখনকে এবেলালৈ ফালি ল'। ধুই থোৱাই আছে। ঠাণ্ডা পৰিছে গা ধুব নালাগে দে এতিয়া। অকল কাপোৰখনকে কেনেকৈ সুবিধা পাৱ কৰি লগৈ যা। মই সোনকালে আহিম।"
শাহুৱেকৰ কথাখিনিয়ে সকাহ দিলে তাইক। যাহওঁক মাৰ সলনি মা এজনী পাইছে তাই। মনটো ভীষণকৈ মুকলি লাগিল তাইৰ। মুখৰ ভিতৰতে গান এটা গুণগুণাই তাই বাথৰুমলৈ বুলি খোজ পেলালে।
অঞ্জলি যোৱাৰ ফালে চাই অয়নৰ মাকৰ দুচকু চলচলীয়া হৈ পৰিল। এইকেইটা দিনত তেওঁক শাহুৱেকে কমখন শাস্তি দিছিল নে। সদায় ঘৰ মচা, কাপোৰ ধোৱা, চুলি ধোৱা!ভাবিলেই কিবাখন লাগে। ঠাণ্ডা দিনকেইটাত মাহেকীয়া হ'লে প্ৰায়ে ঘৰলৈ মনত পেলায় উচুপি উঠা অয়নৰ মাকে তেতিয়াই শপত খাইছিল ভৱিষ্যতে আহিবলগা বোৱাৰীয়েকক এনে যমৰ যন্ত্ৰণা তেওঁ কেতিয়াও নিদিয়ে।
"মা, মই বেংকলৈ ওলালো দেই। ফ্লাক্সতে চাহকণ আছে নিজে বাকী খাবচোন পাৰিলে। অঞ্জলিৰ বোলে গাটো অলপ বেয়া লাগিছে। তাইক শুব কৈছোঁ। মই সোনকালেই আহিম। বটাঁত তামোল কাটি থোৱাই আছে।"-------- অয়নৰ মাকে শাহুৱেকক কথাখিনি কৈয়ে আকৌ অঞ্জলিৰ ওচৰলৈ গৈ ক'লে----
"তোৰ গা বেয়া বুলি কৈছোঁ আইতাক। তই বৰকৈ আইতাৰ আগত ওলাই নুফুৰিবি। কেনেবাকৈ গম পালে চেঁচা পকাখনত শুব লাগিব।"
"হ'ব মা! আপুনি যাওঁক। মই ৰুমতে থাকিম বাৰু!"
"ৰুমত নাথাকিলেও ভুলটো মাহেকীয়া হোৱা কথা নক'বি।"
"হ'ব দিয়ক মা! আপোনাৰ পৰা ইমানখিনি চাপৰ্ট পাইছোঁ সেইয়াই বহুত মোৰ বাবে।"------দুয়ো হাঁহিলে। তেওঁ ওলাই গ'ল।
অঞ্জলিৰ শুবলৈ মন যোৱা নাই। সেয়ে ৰুমকেইটাকে চাফা কৰোঁ বুলি হাতত ফুলঝাৰুটো লৈ ঘৰটো সাৰি, ফুলনিখন চাফা কৰিলে,ফুলবোৰতো পানী দিলে। অয়নৰ মাক বৰ চৌখিন। ক'ৰবালৈ ওলাই গ'লেই ঘৰ সজাবলৈ কিবা নহয় কিবা এটা আনেই। সেইমতে তাইয়ো একেই। কেতিয়াবা অঞ্জলিয়ে বিভিন্ন ৰঙৰ ষ্টকিং কাপোৰ আনি ফুল বনায় নিজেই, একেবাৰে দোকানত পোৱাৰ দৰেই ফুলৰ ৰেণু,পাতবোৰো সজায় পেলায়। খালি চিচাৰৰ বটলবোৰত আৰ্ট কৰি সজাই ৰাখে। অইল পেইন্টিং অঞ্জলিয়ে ধুনীয়াকৈ কৰে। শাহুৱেকে কোৱামতেই তাই কেইবাখনো অইল পেইন্টিং ড্ৰয়িং ৰুমত সজাইও থৈছে। এইবোৰ কৰোঁতে দুয়োৰে কেতিয়াবা ৰাতি এপৰ হয়গৈ। শাহুৱেক-বোৱাৰীয়েকৰ এই মিলা-মিছা অয়নৰ আইতাকে বৰ পছন্দ নকৰে। তেওঁৰ মতে বোৱাৰীয়েকক এটা নিৰ্দিষ্ট সীমাৰ মাজত ৰাখিব লাগে। এনেবোৰ কথা ক'লে অয়নৰ মাকে একো নকৈ তেওঁৰ ওচৰৰ পৰা উঠি যায়গৈ।
"অঞ্জলি!"------আইতাকৰ মাতত তাই তেওঁলৈ চাই ওচৰতে বহেহি।
"চাহ খালি জানো।"----নুসোধিলেও নোহোৱাৰ বাবেহে যে তেওঁ কথাষাৰ সুধিছে অঞ্জলিয়ে ঠিকেই বুজিছে।
"নাই আইতা!নাই খোৱা। আপুনি খাওক নহ'লে।"
"অ হ'ব দে। শাহুৱেৰে আক তোক আমনি কৰিবলৈ মানা কৰি থৈ গৈছে নহয়।"
"কিয়?"
"আকৌ বোলে গা বেয়া তোৰ!"
"অ, এনেই অকণ বেয়া নলগা নহয় বাৰু আইতা। সেয়ে এইবোৰকে কৰি দিছোঁ। পাতল লাগিব বুলি।"
"ভালেই কৰিছ। হেৰি নহয় তোৰ গা ধুব হোৱা নাই নেকি?"
"গা ধুলো নহয় আইতা ৰাতিপুৱাই!"
"নহয় নহয় মই চুৱা, মাহেকীয়া হোৱাৰ কথা কৈছোঁ!"
"অ, হ'বলৈ হোৱা নাই আইতা!"
"কে'লে হোৱা নাই। নিয়মমতে এঠাইশ(২৮)দিনত হয় মাইকী মানুহৰ চুৱা। মই হিচাপ কৰামতে তোৰ আজি হ'ব লাগিছিল,যদি তিচ(৩০) দিনত হয় তেনেহলে পৰহিলে হ'ব লাগে।"
"আপুনি হিচাপ কৰিছে আইতা মোৰ অসুবিধা হোৱাৰ দিনবোৰ?"
"মাইকী মানুহৰ সেইটোহে। সেইটো নহ'লে কি মাইকী মানুহ?"
অঞ্জলি উঠি গ'ল আইতাকৰ কাষৰ পৰা। ভয় লাগিল তাইৰ কেনেবাকৈ মুখৰ পৰা অসুবিধা হোৱাৰ কথা ওলাই পৰাৰ ভয়ত। আচৰিত মানুহ। তাই নিজৰেই হিচাপ নাই কিন্তু আইতাকে ঠিকেই হিচাপ ৰাখিছে।( Storyboard )
মাক আহিল। তাইলৈ ষ্টেফ্ৰিৰ পেকেট কেইবাটাও আনি দিছে। তাইৰ খুওব বেছিকৈ হয়। দুদিনৰ দিনা আগতে এপেকেট ষ্টেফ্ৰিয়ে কথমপি হয়গৈ। গাটো খুওব দুৰ্বল লাগে এইকেইটা দিনত তাইৰ।
"বোৱাৰী!"------আইতাকে বাহিৰৰ পৰা চিঞৰি মাতিলে অয়নৰ মাকক
"মা,কওকচোন?"----হাতখন চাদৰৰ আঁচলেৰে মুহাৰি মুহাৰি তেওঁৰ ওচৰত থিয় হ'লহি।
"অঞ্জলিৰ চুৱা হ'বলে হ'ল নহয় খবৰ ৰাখিছনে?"
"অ মা, তাইৰ অসুবিধা আগবেলাতে হ'ল নহয় আজি।"
"কি?"
"অ।"
"তাই অথনি সেই চুৱা গাৰেই গোটেইখন পিতপিতাই ফুৰিছিল তাৰমানে। তথাপি তাই কোৱা নাই মোক।"
"সেইয়ানো কি ক'বলগা কথা আপোনাক।"
"অ,গোটেইখন চুৱা গাৰেই ঘূৰি ফুৰিছে, ইটো-সিটো চুই ফুৰিছে শাও লাগিব। তেনেকুৱা গাৰে বস্তবোৰ চুলে মই হ'লে খোৱা-বোৱা কৰিব নোৱাৰোঁ দেই।"
"এইবোৰ জৈৱিক প্ৰক্ৰিয়া মা। কিয় অপবিত্ৰ বুলি ভাবে। চুৱা নহ'লেও বিপদ, হ'লেও বিপদ।"
"বিজ্ঞানৰ কথা মোক শিকাব নালাগে। পাৰ যদি বোৱাৰীয়েৰক এইকেইদিন আঁচুকীয়াকে ৰাখিবি।"
"মই আপোনাৰ পৰা পোৱা কষ্টখিনি তাইক দিব নোৱাৰোঁ দেই বেয়া নেপাব।"
"অ,কি কষ্ট? কি কষ্ট?মাইকী মানুহ এইখিনি নিয়ম মানি চলিবই লাগিব!"
"এইখিনি সমাজে বন্ধা নিয়ম মা। মাহেকীয়া নোহোৱা ছোৱালী এজনীক তেনেহলে কিয় বোৱাৰী মৰ্যদা দিয়া নহয় যদি মাহেকীয়া হোৱাবোৰ অপবিত্ৰই হয়!"
"বৰ বোৱাৰীয়েৰৰ ফালে গাইছ তই।"
"অ মা গাব লাগিব। সেই আগৰ নিয়মবোৰে মাইকী মানুহ জনীক ভিতৰি কিমান কষ্ট দিছিল কোনোবাই অনুভৱ কৰিছিল নে। তেতিয়া মই এই ঠাণ্ডা দিনকেইটাতত মাহেকীয়া হ'লে কিমান কষ্ট পাইছিলোঁ আপুনি হয়তো অনুভৱো কৰিব নোৱাৰিব কাৰণ আপুনি শাহু-শহু থকা ঘৰ এখন নাপালে যে।"
"তই দেখিছোঁ বোৱাৰীয়েৰক মূৰত তুলি থৈছ?"
"মূৰত তোলা কথা নহয় মা। আপুনি নিজেই ভাবক এখন ছয় কেজিয়া লেপ, এখন ডাঠ ডাবুল ব্লেংকেট লৈয়ো আপুনি ঠাণ্ডা পাইছোঁ বুলি কয়। তেনে স্হলত খালি ভৰিৰে খোজ দিব নোৱাৰা ঠাণ্ডা পকাখনত অঞ্জলিক মই কেনেকৈ শুব দিওঁ। লঘোনে বা কেনেকৈ ৰাখো তাইক। ৰাতিটো কিমান দীঘল আপুনিও জানে।"
"হ'ব বোৱাৰীয়েৰক লাই দি দি মূৰত তুলি ল' পাছত পাবি মজাতো।"
"যদি মোৰ এই ত্যাগৰ মূল্য,মৰমৰ মূল্য তাই পাছলৈ নিদিয়ে সেইয়া তাইৰ কথা মা। কিন্তু শাহু হোৱাৰ আগতে মইয়ো এজনী বোৱাৰীয়ে আছিলোঁ সেয়ে কষ্টবোৰ বুজো মই।"
"হ'ব হ'ব।কি দিনকাল আহিল ঈশ্বৰ ঐ। চুৱা ঘৰত থাকিব লগা হৈছে লেতপেটকৈ। দায়-দোষ মৰিষণ কৰিবা প্ৰভু!" --------
ওপৰলৈ চাই তেওঁ ভগৱানক প্ৰাৰ্থনা জনালে। অয়নৰ মাকৰ হাঁহি উঠিল, যিগৰাকী মানুহে তেওঁৰ এমাহ হৈ পোন্ধৰ দিন বাঢ়িও চুৱা নোহোৱাত বাজি বুলি মানসিক নিৰ্যাতন কৰিছিল তেওঁ আকৌ ভগৱানক দোষ মৰিষণ কৰিবলৈ প্ৰাৰ্থনা জনায়। অয়নৰ মাক এইবাৰ আৰু দৃঢ় হ'ল অঞ্জলিক পাকঘৰতো সোমাব দিব। ৰাজশ্বলা নাৰী অপবিত্ৰ হ'ব নোৱাৰে। চাফ-চিকুনতাহে মূল কথা। যদি অপবিত্ৰই হয় তেনেহলে কামাখ্যা মন্দিৰত প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই ভিৰ নকৰিলে হেতেন;কাৰণ তেৱোঁ উৰ্বৰা হয়।
পৰ্দাৰ ফাকেঁৰে চাই থকা অঞ্জলিলৈ মিচিঁকিয়াই অয়নৰ মাকে পাকঘৰত সোমালগৈ।পাকঘৰৰ পৰাই তেওঁ শাহুৱেকে শুনাকৈ চিঞৰিলে
"অঞ্জলি,এইপিনে আহ শাককেইটাকে কাটি-বাছি দে হি। মাংসকণো আজি তইয়ে ৰান্ধিবি খাবলৈ বৰ সোৱাদ হয় তই ৰান্ধিলে।"
#সমাপ্ত
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা পাপৰি ফুকন বৰগোহাঁইৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্লেখ কৰা হল।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
তুমি বৰ লাকি
ReplyDelete