পৰিয়ালৰ লোকৰ দ্বাৰা ধৰ্ষিতা এগৰাকী নাৰী : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, May 6, 2021

পৰিয়ালৰ লোকৰ দ্বাৰা ধৰ্ষিতা এগৰাকী নাৰী : Storyboard

Storyboard

আজি অমৰ আৰু অমৃতাৰ ফুলশয্যাৰ নিশা।কোঠাটো ফুলেৰে সজাঁই ঘৰৰে ছোৱালী কেইজনীয়ে খিলখিলাই হাঁহি মাৰি কোঠাৰপৰা বাহিৰলৈ ওলাই আহিল আৰু বাহিৰত ৰৈ থকা অমৰক কলে,দাদা ভিতৰলৈ যোৱা, নহলে বৌয়ে তোমাক বেয়া পায় শুই পৰিব আৰু তুমি ৰাতিপুৱা লৈকে বৌক উঠাই থাকোতেই যাব। অমৰে  লাজ কৰি তাৰে এজনী ছোৱালীৰ কাণত ধৰিলে আৰু ছোৱালী কেইজনীয়ে হাঁহি মাৰি ক্ষমা বিচাৰি গলগৈ। Storyboard )


অমৰে নিজৰ নতুন কইনাৰ ৰূমত ভৰি ৰাখিলে। কোঠাটো ফুলেৰে সজাঁই খুবেই আকৰ্ষণীয় কৰি ৰাখিছিল আৰু বিচনাখন গোলাপ ফুলেৰে ভৰি আছিল। কোঠাটো পাতলীয়া ৰংৰ বিজুলী বাটিৰে জিলিকি আছিল। অমৰে আহি অমৃতাৰ কাষতে বহিলহি। কিছু সময়ধৰি এই সুন্দৰ বাতাবৰণটো এক নিজান পৰিৱেশ বিৰাজ কৰিছিল। অমৃতাই মূৰত দীঘল ওৰণি টানি বহি আছিল। তাইৰ মুখ খন দেখি পোৱা নগৈছিল কিন্তু অমৃতাৰ অলপকৈ ওলাই থকা হাত আৰু ভৰিয়ে কোঠাটো জিলিকাই ৰাখিছিল। গাখীৰৰ দৰে বগা জিলিকি থকা হাত দুখনিত মেহেন্দিৰ বুলৰ আকৃতি এনে আছিল যেনে চন্দ্ৰমাত এটা শিশুক মাকে শহা পহুৰ ছায়া বুলি ফুচুলাই আছে। 


আপোনাৰ আদেশ আছে যদি মই আপোনাৰ এই ওৰণিৰ তলত থকা মুখ খনি চাব পাৰো নে ? ওৰণিৰ তলত লুকাই থকা আপোনাৰ সুন্দৰ চেহেৰা চাবলৈ মোৰ ধৈৰ্য্যৰ সীমা হেৰাই গৈছে,মই ব্যাকুল হৈ পৰিছো । অমৰে অমৃতাক অনুমতি বিচাৰিলে। অমৃতাইও মূৰটো জোকাৰি অমৰক অনুমতি দিলে।


অমৰে ওৰণি আঁতৰালত অমৃতাৰ সুন্দৰতাৰে ভৰা মুখ মণ্ডলে ফুলৰ দৰে হাঁহি থকা পালে, যেনে কলা ডাৱৰ আঁতৰা পাচত পূৰ্ণিমাৰ জোনটোহে দেখা পোৱা গল। অমৃতাৰ চকু লাজতে তলমোৱা হৈ আছিল আৰু ওঁঠত ৰঙা ৰংৰ বুল আছিল যেন আপেলৰ পৰা ৰসহে পৰিব লৈছে।কাজলৰ বুলেৰে অঁকা ডাঙৰ চকুযোৰে অমৰৰ ফালে চাই দিলে আৰু পলকতে চকু তলমোৱা কৰিলে। মুখমণ্ডলত সামান্য হাঁহি আৰু অলপ লজ্জা আছিল। কিন্তু চন্দ্ৰমাৰ দৰে মুখখনে যেন কিবা এটা কৈ আছিল। অমৰৰো মুখ মণ্ডল হাঁহিৰে ভৰি পৰিল, আৰু ঈশ্বৰে বনোৱা এই কলাক দেখি যেন অমৰৰ মন ভৰাই নাছিল। 


অমৰ আৰু অমৃতাই বিয়াৰ পূৰ্বে মাত্র ১৫মিনিট হে লগ পাইছিল আৰু দুয়োৰে পৰিয়ালৰ সিদ্ধান্ত মৰ্মে এই সম্বন্ধত বান্ধ খাইছিল। অমৰে বেংকত চাকৰি কৰিছিল আৰু অমৃতাই চৰকাৰী বিভাগত।অমৃতাৰ এজন ভায়েক আৰু এজনী ভনীয়েক আছিল। অমৃতা ঘৰখনৰ ডাঙৰ সন্তান আছিল। তাইৰ পিতৃয়ে আটাইকেইটা লৰা ছোৱালীৰ লালন পালন আৰু শিক্ষা ভালদৰে কৰিছিল। যেতিয়া সকলো ফালৰ পৰা ঠিকে আছিল আৰু বয়সো ২৪ হৈছিল, তেতিয়া উপযুক্ত লৰাও পালে।এনে লাগিছিল সকলো নেদেখা জনৰে দান। 


অমৰে পানীৰ গিলাচটো অমৃতাৰ ফালে আগবঢ়াই কলে, এয়া লোৱা পানী খোৱা আৰু নিচিন্ত মনে বহা আৰু কথা পাতা। অমৃতাই পানী গিলাচটো ললে আৰু বহুত দেৰি যেন পিয়াহত থকা লোকৰ দৰে সকলোখিনি পানী নিমিষতে খাই শেষ কৰি পেলালে। অমৰে আৰু পানী লাগিব নি সোধাত তাই মূৰটো জোকাৰি নালাগে কলে। অমৰে, অমৃতাৰ মনটো অলপ পাতল কৰিবলৈ তাইক কলে যে তোমাৰ মনৰ সকলো কথা আজি মোক খোলি কব পাৰা। অমৃতাৰ ওঁঠত যেন অমৃত সৰিল, তাই অলপ মধ্যম সুৰত কলে, আপুনি বহুত ভাল ব্যক্তি হয়। আপোনাৰ ব্যৱহাৰে মোক আকৰ্ষিত কৰিছে।আজিলৈকে মোক মোৰ মনৰ কথা কবলৈ কোনেও কোৱা নাছিল, কোনেও মোক মোৰ অনুমতি বিচৰা নাছিল। এনে কৈয়ে পুনৰ অমৃতা মনে মনে ৰল।


অমৰে ভাবিলে, নতুন ঠাই নতুন মানুহ লগ পায় হয়টো অমৃতাই অলপ আচহুৱ অনুভৱ কৰিছে। দুয়োয়ে কিছু নিজৰ কথা পাতিলে। লাহে লাহে সময় অতিবাহিত হোৱাত দুয়োৰে মনত যেন প্ৰেমভাব জাগিবলৈ আৰম্ভ কৰিকে। তুমি মোক তোমাৰ মনৰ সকলো কথা খোলি কবা, নিচিন্ত মনে কবা, মই তোমাৰ অতীতৰ কথা লৈ তোমাক কেতিয়াও ঘৃণা নকৰো। যদিহে তুমি তোমাৰ অতীতৰ বাবে কিবা অশান্তিত আছা, তেন্তে তাৰ উপায় আমি লগ হৈ বিচাৰিম। অমৰে অমৃতাৰ কপাঁলত চুমা এটি আঁকি দিলে, অমৃতাই অমৰৰ বুকুতে মূৰটো গুজি দিলে। 


মই আজিলৈকে এই কথা কাকোৱে কোৱা নাই অমৰ, দেউতাৰ চকুহাল দেখিলেই মোৰ বহুত ভয় লাগে, তেওঁ একো কথায়ে নামানিছিল। ভাইটি ভন্টি সৰু হৈ আছিল,তাহাঁতক কলেও একো নুবুজিব। মায়েটো, দেউতাৰ ভয়তে গোতেই জীৱনটো অতিবাহিত কৰি আহিছে। তেওঁক অলপ হলেও কোৱাত, তেওঁ নিজৰ হিচাপেৰে যিমান পাৰে ইয়াৰ পথ ওলিয়াইছিল। কিন্তু আজি তোমাক মই সকলো কম, কাৰণ এতিয়া তোমাৰ লগত জীৱনজোৰা সম্বন্ধ গঢ়ি উঠিল। তোমাৰ লগতে এতিয়া মই জীয়াম আৰু মৰিম। 


যেতিয়া মই ৭/৮বছৰৰ আছিলো, তেতিয়া মোৰ পেহা আমাৰ ঘৰলৈ আহিছিল। সবিতা পেহীৰ লগত তেওঁৰ বিয়া হোৱা ৪/৫বছৰ হৈছিল কিন্তু তেতিয়া তেওঁলোকৰ কোনো সন্তান নাছিল। পেহা, সবিতা পেহীতকৈ ৯/১০বছৰ ডাঙৰ আছিল। পেহীৰ কোনো অজাতি লৰা'ৰ লগত প্ৰেমৰ কথা গম পায় ককাই পেহীক পেহাৰ লগত বিয়া দি দিছিল। পেহী সুখী নাছিল কিন্তু পেহীৰ জীৱন পেহাৰ লগতে বান্ধ খাই পৰাৰ বাবে নিজৰ মনটোক মাৰি সুখী হোৱাৰ অভিনয় কৰি গল। পেহা ঘৰৰ সকলোৰে আগত বৰ শান্ত স্বাভাৱৰ আছিল আৰু সকলোকে হহোঁৱাব পাৰিছিল। মইও তেওঁক বহুত পচন্দ কৰিছিলো। কিন্তু সেই ব্যক্তি জনৰ মনত বহুত ভোকে থকা এটা অসুৰ আছিল। আৰু তাৰ অনুভৱ মই ডাঙৰ হলত হল। যেতিয়া তেওঁ ঘৰলৈ আহে সকলোৱে তেওঁক আদৰ সাদৰ কৰে। এদিন ৰাতি হলত তেওঁ মোক সৰু ছোৱালী বুজি লগতে শুৱলৈ কলে, মই মনা কৰি দিলো। মই আকৌ সাধু শুনি বহুত ভালপাইছিলো। সেইবাবে তেওঁ মোক সাধু শুনোৱাৰ লোভ দিয়াত মই সুখী হৈ তেওঁৰ লগত শুৱলৈ মানি গলো। মোৰ ভালদৰে মনত আছে, তেওঁ মোক সাধু কলে আৰু মই সাধু শুনি টুপনি গলো।


নিশা বহুত হৈছিল, দেউতা সেইদিনা ঘৰত নাছিল। ঘৰৰ সকলো মহিলা ভিতৰৰ কোঠালীত শুইছিল, মই আৰু পেহা আগফালৰ কোঠিলীৰ বিচনাত শুইছিলো। গভীৰ নিশা টুপনিতে মোৰ কিবা এটা অনুভৱ হল, যেনে মোৰ ফ্ৰগৰ তলেদি হাত ফুৰাই মোৰ বুকুত কোনাবাই হাত বুলাইছে। লাহে লাহে হাতখন মোৰ ভৰিৰ মাজত আহিলত মোৰ টুপনি ভাঙিল। মই জোৰেৰে চিঞঁৰিলো আৰু কান্দিবলৈ ধৰিলো। ভিতৰৰ পৰা মা দৌৰি আহিল আৰু সুধিলে কি হল? তেতিয়া পেহাই কলে, কিবা বেয়া সপোন দেখা পালে চাগে! মায়ে মোক ভিতৰলৈ লৈ গল, মই অলপ সময় কপিঁ থাকিলো আৰু মায়ে মোক ফুচুলাই পুনৰ শুৱাই দিলে। Storyboard )


এই ঘটনাটোক কোনেও চকু নিদিলে। মইও পাহৰি গৈছিলো কিন্তু আঘাত পোৱা ঠাইত পুনৰ আঘাত পালে আঘাত পোৱাৰ সকলো কথা মনলৈ আহে। পেহাক মই ভয় কৰিবলৈ ধৰিলো কিন্তু সময়ৰ লগত তেওঁ নিজৰ ৰং সলালে আৰু মোৰ আগত ভাল ব্যৱহাৰ কৰাৰ অভিনয় কৰিবলৈ ধৰিলে। এবাৰ মই গৰম দিনত পেহা হঁতৰ ঘৰলৈ গৈছিলো। সেই সময়ত মই ১২ বছৰ বয়সৰ। আৰু মই তেতিয়া ভাল বেয়া কথা বুজি পাব পৰা হৈছিলো।তেতিয়া মোৰ সুন্দৰতা মোৰ বাবে যেন অভিশাপৰ দৰে হৈ পৰিছিল। পেহাৰ ঘৰৰ ওচৰৰ সকলো লোকে মোক বেয়া দৃষ্টিৰে চাবলৈ ধৰিছিল। মোৰ তেতিয়া এনে লাগিল সেই সময়তে মই নিজৰ ঘৰলৈ উভতি আহো, কিন্তু দেউতাই আনিব গলেহে মই ঘৰলৈ আহিবলৈ পাৰিম। এদিনাখন পেহী কোনো সম্বন্ধীয় ঘৰৰ বিয়ালৈ বুলি গল আৰু মোক ঘৰত পেহাৰ বাবে আহাৰ বনাবলৈ অকলে থৈ গল। 


তেতিয়া মোৰ লগত সৰুতে ঘটা সেই ঘটনাৰ কথা একেবাৰে মনত নাছিল। কিন্তু, তাৰ ছায়া মোৰ আগত সপোন হৈ আহিছিল। পেহা, মাজে মাজে যেতিয়া ঘৰলৈ আহিছিল তেতিয়া মোক বেয়া দৃষ্টিৰে চাই ৰৈছিল। কিন্তু মই সৰু ছোৱালী জনীয়ে এই কথা বুজিপোৱাত পলম কৰিছিলো। পেহাই মোৰ দেহৰ হাত নিদিব লগীয়া ঠাইত হাত দিছিল কিন্তু ঘৰখনৰ সকলোৰে আগত এজন ভাল ব্যক্তিৰ ওৰণি লৈ ফুৰিছিল। আৰু সেই বাবেই তেওঁক কোনেও বেয়া বুলি নকৈছিল। সেইদিনা যেতিয়া পেহী ঘৰত নাছিল, তেতিয়া পেহা কামৰ পৰা আহিল। মই তেওঁৰ বাবে ভাত বনাইছিলো। তেওঁ ভাত খায় ফোনত কথা পাতিবলৈ ধৰিলে। তেতিয়া তেওঁ এজনী ছোৱালী আৰু এটা লৰা দেউতাক আছিল। কিন্তু সেইদিনা দুয়োটা সন্তান পেহীৰ লগত বিয়ালৈ গৈছিল। মইও ভাত খায় বিচনাত বাগৰ দিলো আৰু টোপনি যাবলৈ চেষ্টা কৰিলো।


অমৃতা,, অ' অমৃতা, পানী বটল এটা মোৰ বিচনাৰ ওচৰত থৈ দিবা। পেহাৰ মাতত মোৰ চকু খুলিল। মই পানী বটল এটা লৈ পেহাৰ বিচনাৰ ওচৰত থবলৈ গলো। তেতিয়া পেহাই মোক বৰ বেয়া দৃষ্টিৰে মোক তলৰপৰা ওপৰলৈ চকু ফুৰালে। মই ভয়তে ভিতৰলৈ যাবলৈ লওঁতে, তেওঁ মোক পুনৰ মাত দিলে, অমৃতা অলপ সময় ৰবা আজি ঘৰখন বৰ শান্ত হৈ আছে। তোমাৰ পেহীৰ চিঁয়ৰ-বাখৰত এই ঘৰখন চৰাইৰ বাঁহৰ দৰে হৈ থাকে। কিন্তু তুমি যেতিয়াৰ পৰা আহিলা, তেতিয়াৰ পৰা এই ঘৰখনত থাকিবলৈ মন যোৱা হৈছে, কামটো মন লগা হল। সময়ো কি দৰে পাৰ হৈ গমকে পোৱা নাযায়। কিছু বছৰৰ আগতে তুমি ইমান কোমল, সৰু ছোৱালী আছিলা আৰু আজি ভৰা যৌৱনৰে এজনী মহিলা হলাহি। 


পেহাৰ এনে কথাই মোক কাঁইটৰে দৰে বিন্ধিলে। পেহাই মোক কিবা খোৱা বস্তুৰ দৃষ্টিৰে চাব ধৰিলে আৰু লোভৰ পানী পেলাবলৈ ধৰিলে।মই তাৰপৰা নিজৰ কোঠালৈ আহিবলৈ লওঁতে পেহাই মোৰ হাতত  টান মাৰি পেহাৰ বিচনাতে বহুৱাই দিলে। মই টোপনি ধৰিছে কলত, তেওঁ কলে, শুৱা, বহুত শুৱা তুমি! শুই শুইয়ে তুমি ইমান ধুনীয়া সুন্দৰ শৰীৰ গঢ়ি তুলিলা। বহুত সুন্দৰ মহিলা হবা তুমি। 


এই কথা শুনিয়ে মোৰ শৰীৰত তেজ দৌৰিবলৈ ধৰিলে। মই পেহাক চিৎকাৰ কৰি কলো, এয়া কেনে কথা কৈছে পেহা? মই আপোনাৰ ছোৱালীৰ দৰে! অলপটো লাজ কৰক? মই সকলো কথা পেহীক কৈ দিম। কথাখিনি খঙেৰে কৈ মই ভিতৰলৈ শুৱ আহিলো কিন্তু খংত আৰু ভয়ত কোঠাটোৰ দুৱাৰখন বন্ধ কৰিবলৈ পাহৰিলো। বহু কষ্টৰ ফলত টোপনি আহিল। টোপনি অহাৰ প্ৰায় এক ঘন্টাৰ পাচত মই মোৰ শৰীৰত কাৰোবাৰ স্পৰ্শ অনুভৱ কৰিলো। চকু খুলিলত মোৰ উশাহ ৰৈ গল। পেহাই কোনো কাপোৰ পৰিধান নকৰাকৈ উলংগ হৈ মোৰ শৰীৰৰ ওপৰত হাত ফুৰাই আছিল। মই চিঞঁৰিবলৈ লওঁতে পেহাই তেওঁৰ এখন হাতেৰে মোৰ মুখ খন হেচা মাৰি ধৰিলে ।তাৰপাছত কাপোৰেৰে মোৰ মুখখন বান্ধি পেলালে। মই ভয়তে মূৰ্চা গলো। আৰু পেহাই অসুৰৰ দৰে তেওঁৰ দীঘল দীঘল ডাড়ী সমূহেৰে মোৰ শৰীৰত ঘঁহাই থাকিল। মোৰ শৰীৰৰ পৰা কাপোৰ টানি আজুৰি আঁতৰালে। আৰু মোৰ বুকুত মুখ ৰাখিলে। মই চিৎকাৰ কৰি থাকিলো।মই মূৰ্চা গলেই সেই অসুৰটোৱে পানী চটিয়াই মোক পুনৰ জীয়াই তুলিছিল। আৰু মোৰ শৰীৰৰ ওপৰত অত্যাচাৰ চলাইছিল।আৰু মোৰ দেহৰ য'ত ত'ত কামুৰি মোৰ অংগ চিন্ন ভিন্ন কৰি পেলাইছিল।


পাচদিনা মোক দৰৱ আনি দিলে আৰু এই কথা কাকোৱে নকবলৈ কলে। আৰু কাৰোবাক কলে মোৰে বিপদ হব বুলি কলে। মই বহুত ভয় খালো নিজৰ দেউতাপৰা,এই সমাজখনৰ পৰা আৰু মোৰ মাৰ দুখৰপৰা। পেহী বিয়াৰ পৰা ঘূৰি আহিল কিন্তু মোৰ হাঁহি কোনোদিন ঘূৰি নাহিল। মই মনে মনে থাকিবলৈ ধৰিলো। পঢ়ি বলৈ ধৰিলো। ঘৰৰপৰা আঁতৰৰ কলেজত নাম লগাই সকলোবোৰ পাহৰিবলৈ চেষ্টা কৰিলো।কলেজতে এজন লৰাৰ প্ৰেমত পৰিলো। কিছু সময়ৰ পাচত সেই লৰাজনৰ লগত মোৰ ভালপোৱা আৰু বাঢ়ি গল আৰু আমি দুয়োজনৰে সন্মতিত শাৰীৰিক সম্বন্ধ গঢ়বলৈ ললো।তেতিয়া মোৰ লগত ঘটা পূৰ্বৰ ঘটনা সমূহে আমাৰ প্ৰেমত ফাত মেলালে। মোৰ প্ৰেমীকে কিছু দিন সকলো কথা সহিলে কিন্তু এদিন সি মোৰ এই কথাবোৰত অশান্তি পায় মোক অকলশৰীয়া কৰি আঁতৰি গল। মই তাক কাকুতি মিনতি নকৰিলো কাৰণ মই সি দুখী হৈ থকাটো বিচৰা নাচিলো। 


তাৰ চকুত মই এজনী নাটক কৰা ছোৱালী আৰু স্বাৰ্থপৰ হৈ পৰিলো। পঢ়া শেষ হলত, চাকৰি পালো, তাৰপাছত তোমাৰ লগত সম্বন্ধ ঠিক হল। মই ভাৱিছিলো এতিয়া সকলো ঠিক হৈ যাব। কিন্তু মোৰ বিয়াত সেই অসুৰ ৰূপী পেহাই আগ ভাগ ললে আৰু মোৰ ওচৰলৈ আহি থাকিল। ইয়াৰ দ্বাৰা মই বহুত চিন্তিত হৈ পৰিলো। মোৰ মন ভাঙি গল। আজি যেতিয়া তুমি মোক ইমান ভালপোৱা মৰম দিলা তেতিয়া মই সুখেৰে পৰিপূৰ্ণ হলো কিন্তু যেতিয়া তোমাৰ সৈতে শাৰীৰিক সম্বন্ধ গঢ়াৰ কথা মনলৈ আহিছিল,, তেতিয়া তোমাৰ ভিতৰটো মই মোৰ পেহাক দেখা পাইছিলো। 


অমৰ মোক ক্ষমা কৰি দিবা! তোমাৰ দৰে এজন সৎ পুৰুষৰ বাবে মই এজনী অসৎ চৰিত্ৰৰ ছোৱালী তোমাৰ জীৱনসংগী হব নোৱাৰে। আনে চোৱা তিৰুতা হয় মই। অমৃতা কান্দোনত ভাঙি পৰিল। অমৰে তাইক ওৰণিখন দি দিলে আৰু তাইৰ চকুলো মোহাৰিলে। কিছু সময়ৰ পাছত কলে "অমৃতা, তুমি নাজানা এই নেদেখা জনে তোমাৰ বিবাহ মোৰ লগত কিয় কৰালে, কিন্তু মই জানিব পাৰিছো। মই তোমাৰ সকলো কষ্ট দূৰ কৰিম, কিন্তু তুমি প্ৰতিজ্ঞা কৰা যে তুমি সাহস নেহেৰুৱা। মই তোমাৰ লগত প্ৰতি খোজতে আছো। তোমাৰ কষ্ট এতিয়াৰ পৰা মোৰো কষ্ট। মই প্ৰতিশোধ লম, তোমাৰ ওপৰত হোৱা এই অত্যাচাৰৰ। সমাজ পৰিয়ালৰ ভয়ত আমি আমাৰ আত্মাৰ লগত বুজা বুজি কৰিব নোৱাৰো। তুমি এতিয়া তোমাৰ ভয় দূৰ কৰা।"


অমৰে মৰমেৰে বুজাই অমৃতাক শুৱাই দিলে। পাচদিনা পুৱা অমৰে অমৃতাৰ লগত গৈ পুলিচ ষ্টেচনত পেহাকৰ ওপৰত শাৰীৰিক নিৰ্যাতন, মানসিক নিৰ্যাতন কৰাৰ অভিযোগ দিলে। সেই অভিযোগ আদলতলৈ গল। সৰুতে হোৱা সেই ঘটনাৰ বিষয়ে মাক আৰু পেহীয়েকৰ সাখীত আৰু সকলো প্ৰমাণ পেহাকৰ বিৰোদ্ধে হোৱাত পেহাকৰ কঠোৰ কাৰাবাস হল। উচৰ চুবুৰীয়াই আৰু পৰিয়ালৰ একাংশই এতিয়া অমৃতাক ঘৃণাৰ দৃষ্টিৰে চাবলৈ ললে, কিন্তু অমৰৰ মানসিকতা বেলেগ আছিল। অমৰে অন্য এখন ঠাইলৈ নিজৰ চাকৰি বদলি কৰি লগত অমৃতাক লৈ গুচি গলগৈ।


উচৰ চুবুৰীয়া আৰু পৰিয়ালৰনো কি আছে, সেইসকল আন্ধাৰ আৰু ঠেক মনোবৃত্তিৰ মাজত সেই একে ঠাইতে থাকিল। কিন্তু অমৃতা এতিয়া সলনি হৈ পৰিছিল। এতিয়া আৰু তাই মনে মনে নেথাকিছিল, বলাৎকাৰ ,নিৰ্যাতন আদিৰ বিৰুদ্ধে মাত মাতিছিল। সমাজত মানৱৰ মুখা পিন্ধা একাংশ দানৱক আইনৰ জৰিয়তে শাস্তি দিছিল।তাইৰ এনে সুকৰ্মৰ বাবে তাইক সহযোগ কৰিবলৈ হাজাৰ লোক নিস্বাৰ্থ ভাবে ওলাই আহিছিল।আৰু তাই এটা বৃহৎ NGO গঠণ কৰি তাক সুচাৰুৰূপে পৰিচালনা কৰি গৈছিল।অমৃতা এতিয়া আন ছোৱালী বা সমাজখনৰ বাবে এক প্ৰেৰণা হৈ জিলিকি উঠিল।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages