কেইবাদিনো বৰষুণ নোহোৱাৰ ফলত শুকাই কৰকৰিয়া হোৱা মাটিত এজাক ধাৰাসাৰ বৰষুণৰ পানী পৰি জীপাল হৈ উঠাৰ দৰেই মোৰ মনটো যেন জীপাল হৈ পৰিল ( Storyboard )।।এই যেন সেউজীয়া হৈ পৰিব সকলোফালেই ।।কিয় জানো আন কাৰোবাৰ জীৱনৰ ইমান কষ্টকৰ পৰিক্ৰমাৰ পিছত লোৱা এক শক্তিশালী সিদ্ধান্তই মোকো যে সাহসী কৰি তুলিব ,,এইয়া মোৰ কেতিয়াও কল্পনাৰ ভিতৰত নাছিল ।।
বহুদিনৰ পৰাই এক ধৰণৰ মানসিক অস্থিৰতাত ভূগি আছিলোঁ ,, সময় আৰু পৰিস্থিতিৰ লগত মিলিব নোৱাৰাকৈ ।।কাৰো লগত মুখামুখি হোৱাৰ মন যোৱা নাছিল ,,মন যোৱা নাছিল কাৰো লগত কথা পাতিবলৈও ।। মনৰ অস্থিৰতা বোৰ একান্তই নিজৰ ,,কাৰো লগত ভগাব নোৱাৰি ।।
কিন্তু যোৱাকালি এগৰাকী মহিলাই মোক ফোন কৰি এবাৰ যেনেতেনে তেওঁক লগ কৰাৰ কথা কলে ,, আচৰিত হলোঁ মানুহগৰাকীয়ে গুৱাহাটীৰ এখন মানসিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু তাৰেই কোনোবা ডাক্তৰ এজনৰ ফোনৰ পৰাই ফোনটো কৰিছিল ।।বহুবাৰ ফোন কৰিছিল যদিও মই ফোনটো উঠাব পৰা নাছিলোঁ ।।আচলতে অচিনাকি ফোনকল এটা মই লব বিচৰা নাছিলোঁ ।।পিছত তেওঁ মোক এটা মেছেজ কৰা বাবেই মই তেওঁক ফোন কৰিছিলোঁ ।। ডাক্তৰ জনে মোক বহু কথাই কৈছিল তেওঁৰ হস্পিটেলত চিকিৎসাধীন হৈ থকা মহিলা গৰাকীৰ বিষয়ে ।। মানসিক ভাৱে অসুস্থ মানুহ গৰাকী এতিয়া কিছু সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে আৰু তেওঁ মোক এবাৰ লগ কৰিব বিচাৰে ।।নিজৰ নাম পৰ্যন্ত পাহৰি গৈছে মহিলা গৰাকীয়ে ।।এটা স্বেচ্ছাসেৱী সংগঠনৰ কেইগৰাকীমান সদস্যই তেওঁক এদিন লৈ আহিছিল চিকিৎসাৰ বাবে ।।প্ৰায় দুমাহ ধৰি তেওঁৰ চিকিৎসা চলি আছে যদিও আজিলৈ পৰিয়ালৰ কোনো মানুহ তেওঁক বিচাৰি অহা নাই ।।অৱশ্যে তেওঁ নিজেও কাকো লগ কৰিবলৈ মন কৰা নাই ।।এতিয়া কেৱল তেওঁ মোৰ লগত কথা পাতিব বিচাৰিছে ।।
কথাটো শুনি আচৰিত হলোঁ ,, নিজৰ নাম পাহৰি যোৱা মানুহগৰাকীয়ে মোক কেনেকৈ জানিলে বা মোৰ নাম,, ফোন নম্বৰ কত পালে ?? অলপ সন্দেহ হল কথাটোত ।।ডাক্তৰ জনে হয়তো মোৰ মনৰ ভাৱ বুজি পালে
: আপোনাৰ নামটো কোৱাৰ পিছত ময়েই অলপ বিচাৰ খোচাৰ কৰি আপোনাৰ ফোন নম্বৰ টো সংগ্ৰহ কৰিলোঁ ,, কিয়নো এগৰাকী ৰোগীৰ চিকিৎসাৰ বাবে ই জৰুৰী হৈ পৰিছিল ।। আপুনি এবাৰ আমাৰ হস্পিটেল ত আহিব পাৰিবনে ??
: হব বাৰু ! মই আহিম ,, আপোনাৰ হস্পিটেল ৰ ঠিকণাটো মোক দিব ।।
অলপ চিন্তা কৰি কলো .....
পিছদিনা হস্পিটেল গৈ পাওঁতে মোৰ প্ৰায় ১২ টা বাজি গৈছিল ।। গেট খন খোলা আছিল বাবে মই চিধাই গাড়ীখন ভিতৰলৈ সোমাই দিলোঁ ।। বাহিৰত ৰৈ থকা security guard যেন লগা মানুহ জনক ডাক্তৰ শইকীয়া ক'ত আছে বুলি সোধাত তেওঁ মোক এটা কেবিনলৈ আগবঢ়াই লৈ গল যত ডাক্তৰ শইকীয়া মোৰ বাবে অপেক্ষা কৰি আছিল ।।
: আহক বাইদেউ ! মই আপোনাৰ বাবেই ৰৈ আছিলোঁ ।। আচলতে যি গৰাকী ৰোগীৰ সৈতে যোৱাকালি আপোনাক কথা পতাই দিছিলোঁ তেওঁৰ বিষয়ে আপোনাক অলপ কবলৈ আছে ।। আমাৰ হস্পিটেল লৈ তেওঁক এটা স্বেচ্ছাসেৱী সংগঠনৰ সদস্য দুজনে আনিছিল ।। আমি সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত জানিব পৰিছিলোঁ তেওঁ বহুত বেছি depression ত আছে ,, খোৱা লোৱা ঠিকমতে নকৰাৰ ফলত তেওঁ যথেষ্ট দুৰ্বল হৈ পৰিছিল ...
ডাক্তৰ শইকীয়াই একেটা উশাহতে কোৱা কথাখিনি শুনি আচৰিত হৈছিলোঁ মনে মনে ।।মোক বাৰু তেওঁ কিয় কৈ আছে কথাবোৰ ?? মনলৈ এক ধৰণৰ ভয় ভাৱ এটাও আহিছিল ,, কোনোবা মোৰ পৰিয়ালৰে নহয়তো মানুহগৰাকী ?? কিন্তু দুমাহধৰি নোহোৱা হৈ থকা গৰাকী যদি মোৰ পৰিয়ালৰ হলহেঁতেন মই জানিলোঁ হেঁতেন ।।
: ডাক্তৰ প্লিজ !! প্ৰথমতে মোক এটা কথা কওকচোন ,, আপুনি এগৰাকী মহিলা ৰোগীৰ বিষয়ে মোক কিয় কৈ আছে ?? আৰু তেওঁ বাৰু মোক কিয় লগ কৰিব বিচাৰিছে ?? মই কথাটো ঠিক ধৰিব পৰা নাই ,, যোৱাকালি আপোনাৰ লগতে তেওঁৰ লগত কথা পতাৰ পিছত মই নিজেও বহুত tension ত আছো আচলতে ।।
: অঃ sorry sorry ! মই আচলতে আপোনাৰ লগত ভালদৰে চিনাকি নোহোৱাকৈয়ে আপোনাক কথাবোৰ কৈ আছোঁ ,, বেয়া নাপাব please ।।
মই ডাক্তৰ শইকীয়া ,, কালি যে আপোনাক ফোন কৰিছিলোঁ ।।মই আপোনাক জানোঁ ,, আপোনাৰ বিষয়ে শুনিছোঁ ।। আপোনাৰ কিতাপ পঢ়িছোঁ ।। খুব স্পষ্ট লিখে আপুনি ,, আপোনাৰ লিখাবোৰ বিষয়কেন্দ্ৰীক ।। কিন্তু তাতকৈয়ো ডাঙৰ কথা ,, মোৰ এগৰাকী ৰোগীক আজি আপোনাৰ সহায়ৰ প্ৰয়োজন ।। অ " আপুনি কেৱল তেওঁক মানসিক ভাৱে সহায় কৰিব লাগে বাইদেউ ,, টকা পইচা নহয় ।।
মানসিক সহায় !! প্ৰথম বাৰ শুনিবলৈ পালোঁ এনে এটা শব্দ ।। মনটো কৰবাত যেন গৰ্বিত হৈ পৰিল ।।
: আৰু এটা কথা বাইদেউ ,, মানুহক সকলো সময়তে কেৱল দৰৱে ভাল কৰিব নোৱাৰে ।। অন্ততঃ এজন ডাক্তৰ হিচাবে সেইটো আমি বুজি পাওঁ ।। বিশেষকৈ মানসিক ৰোগৰ চিকিৎসা কেৱল এজন ডাক্তৰে কৰিব নোৱাৰে ।। আপোন মানুহৰ care এনে সময়ত বহুত বেছি প্ৰয়োজন ।। কিন্তু মানুহগৰাকীয়ে আজিলৈকে পৰিয়ালৰ কথা কোৱা নাই ।। হয়তো তেওঁৰ কোনো নাথাকিবও পাৰে ।। তেওঁ কেৱল আপোনাৰ কথাই কৈ আছে ।।আপোনাক চাগে তেওঁ কথাবোৰ কব আৰু ইয়ে আমাক তেওঁক উচিত চিকিৎসা প্ৰদান কৰাত সহায় কৰিব ।।এইখিনি সহায় কৰিবনে বাইদেউ ,, অবশ্যে আমি আপোনাক জোৰ কৰিব নোৱাৰোঁ ,, প্ৰাৰ্থনা কৰিহে কৈছোঁ বাইদেউ ।। আৰু আমি এইটো কথাও জানোঁ যে আপুনি সদায় নাৰীৰ হকে যুজঁ কৰি আহিছে ,, গতিকে আমি নিশ্চিত যে আপুনি আমাক সহায় কৰিব ।।
ডাক্তৰ গৰাকীৰ প্রার্থনা ৰ সুৰত কোৱা দাবীটোৱে মোক আমোদ দিলে
: বলক চোন ! তেওঁক এবাৰ লগ পাই লওঁ ।। মই কলো ..
তেওঁ যেন মোৰ সেই কথাষাৰ ৰ বাবেই ৰৈ আছিল ।।।
: বলক বাইদেউ
বহাৰ পৰা উঠি তেওঁ মোক এটা cabin ফালে আগবঢ়াই লৈ গ'ল ।।
খুবেই সুন্দৰ আৰু পৰিপাটিকৈ ৰখা এটা কোঠাৰ ভিতৰত থকা একমাত্ৰ বিচনা খনত এগৰাকী গোসাঁনী ৰ দৰেই ধুনীয়া মহিলা বহি আছিল ,, তেওঁৰ হাতত আছিল এখন কিতাপ ।। ডাক্তৰ শইকীয়াই বৰ আচৰিত হৈ মোৰ ফালে চাই ৰল ।। এইবাৰ মোৰ আৰু বেছি আচৰিত হোৱাৰ পাল ,, শইকীয়াই কিয়নো তেনেকৈ মোৰফালে চাইছে বাৰু ?? কথাটো সাঁথৰ হৈ পৰিল মোৰ বাবে ,, ভাবিলোঁ পিছত সুধিম ...
: আৰে !! এইয়া মই আপোনাক সঁচাকৈয়ে দেখি আছোঁ নে ??
ডাক্তৰে সুধিলে মানুহগৰাকীক ..
আজি আপোনাক বৰ ধুনীয়া লাগিছে ,, ইমান সুন্দৰকৈ সজাইছে আজি আপুনি নিজক !! আপোনাৰ চাগে ঘৰলৈ মনত পৰিছে ন ?? আপুনি যদি ঠিকনা বা ফোন নম্বৰ দিয়ে আমি এতিয়াই যোগাযোগৰ ব্যৱস্থা কৰিম আপোনাৰ পৰিয়ালৰ সৈতে ,, সকলো চাগে ৰৈ আছে আপোনাৰ বাবে ।।।
ডাক্তৰে মোৰ ফালে চোৱা কাৰণটো মই বুজি পালোঁ ,, কিন্তু অলপ খঙো উঠিল ।।আজি দুমাহৰ পিছত মানুহগৰাকীয়ে নিজকে সজাইছে তাত আপুনি ইমান উত্ৰাৱল হবলৈ কি হ'লনো !!! তেওঁক সময় দিয়ক ,,সকলো কব তেওঁ ।।।
: মোক চিনি পাইছেনে ?? সুধিলোঁ মানুহগৰাকীক ...
: মই আপোনাৰ কাৰণেই ৰৈ আছোঁ বাইদেউ ,, আপোনাক চিনি নাপাম নে ?? এইয়া আপোনাকে লৈ আছোঁ বুকুৰ মাজত (তেওঁ মোৰ কিতাপ এখন লৈ আছিল ) ।। আপোনাৰ শব্দ বোৰেই মোক জীয়াই ৰাখিছে ,, কিয় জানে ?? কেৱল আপোনাক লগ পাবলৈ ।। বাইদেউ মই আপোনাৰ লগত কথা পাতিব খোজোঁ ,, বহুত কথা ।।
ডাক্তৰ শইকীয়া ই কথাটো বুজি পালে ,, ইমানদিনে কাৰোৰে লগত কথা নপতা মানুহগৰাকীয়ে একেলগে ইমান কথা কৈ দিলে ,, তেওঁ মোক বহিবলৈ কৈ বাহিৰলৈ ওলাই গ'ল ।।
: ভালে আছে আপুনি ?? মই কালিহে গম পালোঁ আপোনাৰ গা তো বেয়া বুলি ,, নহলে মই আগতেই আহিলোঁ হেতেন ।।অতি সহজভাৱেই আমাৰ কথোপকথনৰ আৰম্ভণি কৰিলোঁ ।।
: হয় বাইদেউ !! মোৰ লগত আপোনাৰ ফোন নম্বৰ টো নাছিলে ,, নহলে মই বহুত আগতেই আপোনাক লগ কৰিলোঁ হেতেন ।। মোৰ দৰে হয়তো আৰু বহুতেই আপোনাৰ লগত যোগাযোগ কৰিব বিচাৰে বাইদেউ ,, আপুনি সকলোৰে বাবে যোগাযোগ ৰ কিবা এটা ব্যৱস্থা কৰিব please .. ।।
: হব বাৰু !! এতিয়া আপোনাৰ কথা শুনিম মই ,,কব নে ?? মই সুধিয়েই পেলালোঁ ।।
: বাইদেউ মই অঞ্জলি ,, মোৰ আপোন বুলিবলৈ কোনো নাই বাইদেউ ।। বহুত সংগ্ৰামৰ মাজেৰে জীয়াই ৰাখিছিলোঁ নিজকে ,, কিন্তু এটা সময়ত মই হাৰি গলোঁ বাইদেউ ,, মোক ক্ষমা কৰিব ।। ইয়ালৈ মোক কোনে কেতিয়া আনিলে মই নাজানোঁ ।। কেইদিনমান ইয়াত থকাৰ পিছত মই অলপ ভাল পাইছিলোঁ যদিও ডাক্তৰ বা নাৰ্ছ কাৰো লগত একো কথা পতা নাছিলোঁ ।। তেওঁলোকে জানে মই এতিয়া সম্পূৰ্ণ সুস্থ ।। আৰু সেইবাবেই মোক বাৰে বাৰে ঘৰৰ কথা পৰিয়ালৰ কথা সুধি থাকে ।। আপোন মানুহবোৰৰ বাবেই আজি মোৰ এই অৱস্থা ,, মই সিহঁতৰ ঠিকনা দিব নোৱাৰোঁ বাইদেউ ।। সিহঁতেও টো মোক বিচৰা নাই ,, নহলে আজি দুমাহ হল ,, মোক বিচাৰি কোনো অহা নাই ।।হস্পিটেল ৰ পৰাই police station আৰু social media ত মোৰ ফটো সহকাৰে খবৰটো দিয়া হৈছিল ,,কিন্তু ক'তা ,, কাৰো একো চিন্তাই নাই অ বাইদেউ মোৰ কাৰণে ।। মোৰো মন নাই সিহঁতৰ মুখামুখি হবলৈ ।।/p>
কথাবোৰ একেবাৰেই যেন কৈ পেলাব তাই ।। কিমান কষ্ট পালে এগৰাকী মহিলাই আপোন মানুহবোৰৰ লগত মুখামুখি নহওঁ বুলি কব পাৰে বাৰু ?? বয়সেই বা কিমান হব তাইৰ ?? খুব বেছি ৪০ ৰ পৰা ৪২ ,, সুধিবলৈ ভাল নালাগিল ।। দেখাত গোসাঁনী যেন ।। বুজিবলৈ মোৰ বেছি সময় নালাগিল ।। কিছু এই ধৰণৰ অভিজ্ঞতা আৰু অনুভৱ লৈয়ে তো আৰম্ভণি কৰিছিলোঁ এক আন্দোলনৰ ।। আজিও মনত আছে ,, মুখা পিন্ধা মানুহবোৰৰ চৰিত্ৰহীনতাৰ কথাবোৰ ,,বিশেষকৈ চৰিত্ৰহীনা মহিলা বোৰৰ কথা ।। মহিলাই মহিলাৰ শত্ৰু বুলি যিয়ে প্ৰমাণ কৰি থৈছে ।।
কথাবোৰ ভাবি থাকোতেই তাই মানে অঞ্জলিয়ে আকৌ কবলৈ ধৰিলে ..
: বাইদেউ মই আপোনাৰ আশ্ৰমত থাকিব পাৰিমনে ?? মোৰ কোনো আশ্ৰয় স্থল নাই বাইদেউ ।। আৰু আপুনি টো জানেই এজনী মহিলাৰ কাৰণে নিজৰ মঙহেই বৈৰী ।। আপুনি যদি মোক আশ্ৰয় দিয়ে তেন্তে মই ইয়াৰ পৰা যাব বিচাৰোঁ ।। সেইকাৰণেই আপোনাক লগ পাবলৈ মই ইমান ব্যাকুল হৈ আছিলোঁ বাইদেউ !!!
আশ্ৰম !!! এদিন এই আশ্ৰমৰ আটাইতকৈ বেছি প্ৰয়োজন আছিল মোৰ ।। সেইবোৰ দিন মই পাৰ কৰি আহিলোঁ ।। আজি বুজি পাওঁ ,, এগৰাকী নাৰীৰ বাবে আপোন কোনো নহয় ,, অন্ততঃ তেওঁ যেতিয়া বুজি পাই যে তেওঁ এগৰাকী নাৰী ।। নিজা অস্তিত্ব নিজা স্বাভিমান আৰু নিজৰ ভিতৰত থকা মানসিক শক্তি খিনি যেতিয়াই অনুভৱ কৰে তেওঁ এগৰাকী নাৰীৰ স্থান পাই যিটো তেওঁ কোনো কাৰণতে হেৰুৱাব নোখোজে ।।
: কিন্তু মোৰ আশ্রমখন যে সম্পূৰ্ণ হৈ উঠা নাই অঞ্জলি ,, তুমিতো জানা যেতিয়াই কোনোবা এজন এটা বিশেষ উদ্দেশ্য আগত ৰাখি কাম কৰিবলৈ আগবাঢ়ি আহে তেওঁক বাধা দিয়া মানুহ অনেক ।। কিয়নো যদি তেওঁ তেওঁৰ উদ্দেশ্যত সফলতাৰে আগবাঢ়ে বাকীবোৰ পিছপৰি ৰব যে ।। মোকো বাধা দিয়া মানুহ অনেক !!
: বাইদেউ বান্ধ দিলেই তো electricity produce হয় ,, নগাঁওৰ এখন কলেজত আপুনি এখন চেমিনাৰ ত তেনেকৈয়ে কৈছিল ,, পাহৰি গল ??
এক অদ্ভূত শিহৰণ গোটেই শৰীৰত বিয়পি পৰিল ।। মই কোনো motivational speaker নহয় ,, কিন্তু মোৰ কথাই আন এজনৰ জীৱনত প্রভাব পেলাব পাৰিব ,, এইয়া মই কেতিয়াও ভবাই নাই ।।
শক্তিক বান্ধি ৰাখিব নোৱাৰে কোনেও ,, বান্ধিবলৈ গলেও তাত শক্তিৰেই সঞ্চাৰ হব ,, যিয়ে আন বহুতৰ জীৱনবোৰ পোহৰাই তুলিব ।।
: তুমি অকণমান ৰোৱা অঞ্জলি ,, মই ডাক্তৰৰ লগত কথা পাতি আহোঁ ,, তোমাক লৈ যোৱাৰ বিষয়ে ।। মই কলো..
:হব বাইদেউ , মই যাবলৈ সাজু হৈ আছোঁ
আচৰিত ,, ৰৈ আছো বুলি নকৈ অঞ্জলিয়ে সাজু বুলিহে কলে .. মই কোঠাটোৰ পৰা ওলাই আহিলোঁ
ডাক্তৰ শইকীয়াৰ বাবে হয়তো অঞ্জলিৰ কথাটো অন্য ৰোগীক চোৱাতকৈ বেছি প্ৰয়োজনীয় আছিল আজিৰ দিনটোত ।। নিজৰ কেবিন টোত তেওঁ অকলেই বহি আছিল ।। মই অহালৈ যেন ৰৈ আছিল তেওঁ ,,তেওঁৰ অভিব্যক্তিত অন্ততঃ মোৰ তেনেকুৱাই লাগিল ।। যেন বহু কথা কবলগিয়া আছে তেওঁৰ মোৰ সৈতে ।।
: আহক বাইদেউ !! মই আপোনাৰ বাবেই ৰৈ আছিলোঁ ,, আজি কোনো patient ৰ লগত appointment ও ৰখা নাই ।।
কথাখিনি কৈ তেওঁ সমুখত থকা বেলটো বজাই দিলে ।। মই ইতিমধ্যে চকী এখনত বহি লৈছিলোঁ ।। লৰা এজন আহিছিল বেল বজোৱা বাবে ,, তাক ডাক্তৰ শইকীয়াই দুকাপ চাহ আনিবলৈ কলে ।।
: আমি কথাখিনি আৰম্ভ কৰোঁ নহয় জানোঁ বাইদেউ ?? ডাক্তৰে কলে ...
আচলতে মোৰ জীৱনৰ এইটো প্ৰথম case বাইদেউ ,, যিটো solve কৰিবলৈ ,, বা আপুনি ক'ব পাৰে investigation কৰিবলৈ মোক প্ৰায় দুমাহ সময় লাগি গ'ল ।। মই জানোঁ তেওঁ আমাক সঁচা কথা কোৱা নাই ।। তেওঁ আমাক একোৱেই কোৱা নাই ।। তেওঁৰ সকলো report ঠিকেই আছে ,, অকণমান ষ্ট্ৰেছ আছিল ।। আৰু সেইটো আজিকালি সকলোৰে কাৰণে normal কথা হৈ পৰিছে ।। কেইদিনমান ভালদৰে টোপনি আহিলেই ইয়াৰ পৰা কিছু ৰেহাই পাব পাৰি ,,তাৰ বাবে আমি তেওঁক টোপনি ৰ দৰৱ দিছোঁ ।। ( Storyboard )
ডাক্তৰ শইকীয়াই একেলেঠাৰিয়ে কথাবোৰ কৈ গ'ল ,, মই কেৱল মাজে মাজে মুৰ দুপিয়াঁই তেওঁৰ কথাত হয়ভৰ দি গলোঁ ।।চাহ দুকাপ লৈ ল'ৰাজন সোমাই আহিল ।। ডাক্তৰে ইঙ্গিতেৰে একাপ চাহ মোক খাবলৈ কৈ আন কাপ তেওঁৰ হাতত লৈ আকৌ কবলৈ আৰম্ভ কৰিলে ...
মহিলা গৰাকী হস্পিটেললৈ অহাৰ দুদিন মান পিছৰ পৰাই আমি তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগৰ চেষ্টাত আছিলোঁ ।। স্থানীয় থানা খনত inform কৰি থলোঁ ,, লগতে social media ত তেওঁৰ ফটো সহকাৰে প্ৰচাৰ কৰিছিলোঁ ।। কেইদিনমান পিছত আমালৈ এটা ফোন আহিছিল তেওঁৰ স্বামীৰ পৰা ।। আমাক অতি আচৰিত কৰি তেওঁ কৈছিল ,, তেওঁৰ হেনো মহিলা গৰাকী অৰ্থাৎ তেওঁৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ কামবোৰ চলি আছে কোৰ্টত ।। তেওঁ কেৱল হস্পিটেলৰ বিল কিমান হৈছে তেওঁলৈ পঠিয়াই দিব কৈছিল ।। মানুহগৰাকী ভাল হলে ক'ত যাব ,, সেইয়া এতিয়া তেওঁৰ বিচাৰ্য বিষয় নহয় ।।
তাৰ কেইদিনমান পিছত এজনী ছোৱালীয়ে ফোন কৰি মহিলাগৰাকীৰ খবৰ লৈছিল ,, কিন্তু কিছু বেপেৰুৱা বাবে তাই কৈ উঠিল ,, " তেওঁ মোৰ মা হলেও এতিয়া তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই ,, আমি পৰিয়ালৰ সকলোৱে তেওঁ মৃত বুলিয়ে ধৰি লৈছোঁ " ,, ছোৱালী জনীক উত্তৰ দিবলৈ এজন ডাক্তৰ হিচাবে মোৰ একো শব্দ নাছিল ।। কিন্তু এজন তেজ মঙহৰ মানুহ হিচাবে মোৰ মনলৈ এটাই মাত্ৰ কথা আহিছিল সেই সময়ত ,, মহিলা গৰাকী আৰু কেতিয়াও সেইখন ঘৰলৈ উভতি যোৱা উচিত নহব ।।
এটা দীঘল হুমুনিয়াহ ওলাই আহিল যেন অজানিতে ডাক্তৰ শইকীয়াৰ ।।
: তেওঁৰ নাম অঞ্জলি ,, আৰু তেওঁ মোৰ লগত যাব খোজে ।। আপুনি কি ভাবে ডাক্তৰ ?? তেঁও বাৰু এতিয়া সম্পূৰ্ণ সুস্থ নে ?? সুধিলোঁ মই
: Oh !! তেওঁৰ নাম অঞ্জলি !! তেওঁ কলে আপোনাক !!! স্বগোক্তি কৰাৰ দৰেই কৈ উঠিল ডাক্তৰ শইকীয়াই .....
: আৰু কিবা কলেনে তেওঁ ?? মানে নিজৰ বিষয়ে ?? কিয় তেওঁ ঘৰৰ পৰা ওলাই আহিল বা তেনেধৰণৰ কিবা কথা কলে নে তেওঁ আপোনাক ??
: নাই কোৱা ডাক্তৰ !! আৰু মইও সোধা নাই তেওঁক ।। তেওঁ নিজেই ক'ব যেতিয়া তেওঁৰ মন যায় কবলৈ ।। শইকীয়াৰ কথাৰ উত্তৰত মই কলো ... এতিয়া মই তেওঁক লৈ যোৱাটো ভাল হবনে বাৰু ?? মানে ইয়াত তেওঁ at least observation ত আছিল তো ,, আপুনি কি কয় ??
: নাই নাই ! আপুনি চিন্তা নকৰিব ,, তেওঁ একদম সুস্থ ।। আচলতে তেওঁক এতিয়া মনৰ ভিতৰত সোমাই থকা কষ্টকৰ কথাবোৰ কবলৈ কোনোবা এজন ব্যক্তিৰ প্ৰয়োজন ,, আৰু তেওঁ নিজেই তাৰবাবে আপোনাক select কৰিছে ।।এতিয়া মই নিশ্চিত যে তেওঁ এতিয়া তেওঁৰ ভিতৰত চলি থকা যুজঁ খন আপোনাৰ সহায়ত যুঁজিব পাৰিব ,, আৰু এদিন নিশ্চয় তেওঁ জিকিবও ।। all the best বাইদেউ আৰু আপোনাক বহুত ধন্যবাদ ।।
কথাখিনি কৈ একপ্ৰকাৰ এটা ডাঙৰ সমস্যাৰ সমাধান হোৱাৰ লেখিয়াকৈ কৈ উঠিল ডাক্তৰ শইকীয়া ই....
মই ও বহাৰ পৰা উঠিলোঁ !! ডাক্তৰ অঞ্জলি ৰ কেবিন তোলৈ আগবাঢ়িল ,, মোৰ মনত খুদুৱাই থকা কথাষাৰ তেওঁক সুধিয়েই পেলালোঁ ...
: অঞ্জলি বহুদিন থাকিল আপোনাৰ হস্পিটেলত ডাক্তৰ !! তাইৰ বিলখন পাম নেকি বাৰু ??
হঠাতে গৈ থকাৰ পৰা পিছলৈ ঘূৰি তেওঁ অলপ ৰৈ মোক কলে " কেও কিছু নোহোৱা মানুহ এগৰাকীৰ পৰা মই কি লম বাইদেউ ?? আজিৰ পৰা অঞ্জলি মোৰ ভন্টি ,, আৰু ভনীজনীক মই দিবহে লাগে বাইদেউ !! তাইৰ আজি কোনো নাই ,, অন্তত এজন ককায়েকে দিব পৰা সাহস খিনি মই তাইক দিব বিচাৰোঁ ।। লগতে মই আপোনাক কথা দিলোঁ ,, আজি এই মুহুৰ্তৰ পৰা মই আপোনালোকৰ যুঁজখনত এক সহযাত্ৰী যোদ্ধা হিচাবে থাকিম !! " পাৰিমনে ??
এজন ব্যক্তি হিচাবে তেওঁ মোক যি ভৰসা দিলে সেইয়া এখন যুদ্ধৰ বাবে অতি প্ৰয়োজনীয় ,, কৃতজ্ঞতা জনাবলৈ শব্দৰ নাটনিত মই ....
সেমেকি উঠা দুটা চকু চাদৰখনৰে সামান্য ভাৱে মোহাৰি লৈ সোমাই গলোঁ অঞ্জলিৰ কোঠালৈ ।। ডাক্তৰ শইকীয়াকো কিছু আবেগিক দেখা গ'ল ,, যেন নিজ ভনীয়েক এজনীক বিদায় দিবলৈ ওলাইছে তেওঁ আন এখন ঘৰলৈ বুলি ।। অঞ্জলি বহাৰ পৰা উঠিল ,, আৰু কি ভাবি জানোঁ ডাক্তৰ জনৰ ভৰিত পৰি কান্দি উঠিল ।।কেতিয়াবা হয় তেনেকুৱা ,, ভাষাৰে বা শব্দৰে জীৱনৰ কিছু বিশেষ অনুভৱ প্ৰকাশ কৰিব নোৱাৰি ।।
: ভালে থাকিবি মাজনী ,, মই মাজে মাজে আশ্রমলৈ গৈ তোৰ লগত কথা পাতিম ,,তই চিন্তা নকৰিবি ।। অঞ্জলি ৰ মুৰত হাত ফুৰাই তেওঁ সাউতকৈ কোঠাটোৰ পৰা ওলাই গ'ল
: বলা অঞ্জলি আমিও যাওঁগৈ ।। মোৰ কথাত একো নামাতি মোৰ পিছে পিছে ওলাই আহিল তাই ।।
হস্পিটেল খনৰ সকলো কৰ্মচাৰী অঞ্জলিক আগবঢ়াই দিবলৈ ওলাই আহিল বাহিৰিলৈ ,,নাহিল কেৱল ডাক্তৰ শইকীয়া ।। তেওঁ হয়তো এজন সাধাৰণ ব্যক্তি হৈ পৰিছিল সেইখিনি সময়ত ,, যিয়ে এইমাত্ৰ নিজৰ ভনীয়েকৰ দায়িত্ব অন্য এজনৰ হাতত তুলি দিছে ।।
তাইক গাড়ীখনৰ ফ্ৰণ্ট ছিটটোত বহিবলৈ দি মই ড্ৰাইভিং ছিটত বহি সকলোৰে পৰা বিদায় লৈ গাড়ী ষ্টাৰ্ট কৰিলোঁ ।। হস্পিটেলৰ গেট খন পাৰ হোৱাৰ লগে লগে অঞ্জলিয়ে মোক সুধিলে...
: বা !আশ্রমলৈ কিমান দূৰ ইয়াৰ পৰা ,,কিমান সময় লাগিব আমি গৈ পাওঁতে ??
: লাগিব এক ডেৰ ঘণ্টামান ..
: টাৰ্ণিং তো পাৰ হৈ মই কলো ..
: বা !! এই যে মোৰ টোপোলাটো ,, ইয়াত মই মোৰ হৃদয়ৰ গোপন কথা কিছুমান লিখি ৰাখিছোঁ আপোনাক দেখুৱাবলৈ ।।মোৰ নিজা দুখ নিজা কষ্ট আৰু নিজা অনুভৱ ।। একঘণ্টা লাগিব কথাখিনি কবলৈ মোৰ ,, মই কৈ যাওঁনে বা ??
: অঞ্জলি তুমি এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই ।। আমি আশ্ৰমত গৈ পোৱাৰ পিছতো কথাবোৰ পাতিব পাৰিম নহয়নে ??
: বা , এই সময় খিনিৰ বাবেই মই ৰৈ আছিলোঁ ,, ইমানদিনে মনে মনে থাকিলোঁ এটা শব্দও নোকোৱাকৈ কেৱল আপোনাৰ লগত কথা পাতিবলৈ ,, আপুনি বাধা নিদিব প্লিজ ..
: ঠিক আছে ,, কোৱা বাৰু ...
: বৰ দুখীয়া পৰিয়ালৰ প্ৰথম সন্তান আছিলোঁ মই বা ,, দেউতাৰ এখন সৰু দোকান আছিল , আৰু সেই সৰু দোকানখনৰ উপাৰ্জনেৰে আমি পাঁচ জনীয়া পৰিয়ালটো কিবাকৈ চলি আছিলোঁ ।। মোক লৈ দেউতা খুব সুখী নাছিল ,, কিয়নো দোকানত অহা বেছিভাগ মানুহেই দেউতাক মোৰ বিষয়ে সুধিছিল ।। সিহঁতে হেনো দেউতাক কৈছিল ,, ইমান দেখনিয়াৰ জীয়ৰী এজনী থাকোঁতে তোৰ নো কি চিন্তা ?? একঠা খাব পাৰিবি এদিন তাইৰ যহঁতে ।।এইবোৰ কথাই দেউতাক মোৰ প্ৰতি এক ঘৃণাৰ ভাৱৰ সৃষ্টি কৰিছিল যিটো মই অনুভৱ কৰিব পৰিছিলোঁ ।।
মা দেউতাই মোতকৈ বেছি গুৰুত্ব দিছিল ভাইটি ৰ পঢ়া শুনাত ।। মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পিছত এদিন হঠাতে আমাৰ ঘৰলৈ ওচৰৰে দাদা এজন আহিছিল ,, তেওঁৰ লগত এজন মানুহ আহিছিল ।। সেইদিনা দেউতাক মই প্ৰথম বাৰৰ কাৰণে মোৰ কাৰণে সুখী হোৱা দেখিছিলোঁ ।। মানুহজন কোনোবা এটা তেলৰ কোম্পানীৰ চাকৰি কৰে ,,তেওঁ হেনো মোক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছে ।।দেউতাৰ সুখখিনি ধৰি ৰাখিবলৈ মই এই বিয়াত সন্মতি দিছিলোঁ যদিও মই মোৰ হেঁপাহবোৰ সামৰি থৈছিলোঁ মোৰ হিয়াৰ ভিতৰত ,, চিৰদিনৰ বাবে ।।
আমাৰ বিয়া হৈ গৈছিল সোনকালে ।। পৰিয়ালৰ মানুহে বা আত্মীয় শ্ৰজনে এবাৰো চিন্তা নকৰিলে শাৰীৰিক বা মানসিক ভাৱে মই নিজে প্ৰস্তুত হৈছিলোঁনে নাই ,, কোনেও নুসুধিলে এবাৰো ।।
বুকুত এসোপা অভিমান লৈ গুচি আহিলোঁ স্বামীৰ সৈতে এক নতুন পৰিবেশলৈ ।। লাহে লাহে বুজি উঠিলোঁ মোৰ স্বামীও মোক লৈ সুখী নহয় ।। ৰাতি বিচনাখনত একেলগে শোৱাৰ বাহিৰে তেওঁৰ লগত মোৰ কোনো বিষয়তে একো কথা নহৈছিল ।। মোক কিবা কব থাকিলে তেওঁ শাহু শহুৰৰ দ্বাৰাই মোক কৈছিল ।। আচলতে মোৰ বিশেষ শিক্ষা দীক্ষা নথকাৰ বাবে হয়তো তেওঁ মোক এৰাই চলিব বিচাৰিছিল ।। এগৰাকী পত্নীয়ে পাব লগা সন্মান মই কাহানিও নাপালোঁ স্বামীৰ পৰা ।। এখন ঘৰ পতাৰ হেঁপাহ নো কি মই বুজিয়েই নাপালোঁ ।।
অফিচৰ পিছত সদায় বেলেগ মহিলাৰ লগত সময় কটাইছিল বুলি মই কলনিৰ অন্য মহিলাৰ পৰাই গম পাইছিলোঁ ।। বা !! মই নিজকে সময় দিয়া আৰম্ভ কৰিলোঁ বিভিন্ন কামৰ মাজত ,, বাগিচা এখন বনাই ললোঁ ।। কেতিয়াবা কিতাপ এখন লৈ পাত লুটিয়াই যাওঁ ,, একো কথাই মনৰ ভিতৰত নোসোমায় ।। ইয়াৰ মাজতে দুটাকৈ সন্তান আহিল আমাৰ মাজত ।। মই এটা কাম বিচাৰি পালোঁ নিজকে ব্যস্ত ৰখাৰ বাবে ।। কিন্তু তেজ মঙহৰ মানুহ এজনী এনেকৈ জীয়াই থাকিব পাৰে নে বা ?? আগতে মা দেউতাক কথাবোৰ কলে তেওঁলোকে মোকেই ওলোটাই বুজাইছিল ।।
: চা মাজনী !! আজি আমি জোঁৱাইৰ ওপৰতে জীয়াই আছো ,, তই জানোঁ নিবিচাৰ' তোৰ ভাইটিতো ভালদৰে পঢ়া শুনা কৰি জোঁৱাই ৰ দৰেই এটা ভাল চাকৰি কৰাটো ?? দেউতাৰ ৰ বয়স বাঢ়ি অহাৰ লগে লগে নানান ধৰণৰ বেমাৰে লগ দিছে ।। আজি জোঁৱাই আছে বুলিয়েই তো তেওঁৰ ভালদৰে চিকিৎসা হৈ আছে ।। অলপ ধৰ্য্য ধৰ অঞ্জলি ,, পুৰুষ বোৰ তেনেকুৱাই ।।
মাকৰ কথাবোৰে তাইক বিদ্ৰোহী কৰি তুলিছিল ।। এদিন দেউতাকৰ ফালে চাই তাই এই বিয়াত সন্মতি দিছিল ,, আৰু আজি সকলোৰে কথা ভাবি তাই নিজৰ সকলো বিসৰ্জন দিয়া নাইনে ?? মাক হৈ নিজৰ জীৱৰীৰ চকুপানী খিনিও নেদেখিলে ।। বিয়াৰ পিছত তাইক যিমান ইচ্ছা সিমান পঢ়িবলৈ পাবা বুলি কোৱা তাইৰ স্বামীয়ে "এতিয়া তো বিয়া হলেই ,, আৰু মোৰ ইমান টকা পইচা থাকোঁতে তুমিতো চাকৰি কৰাৰ প্ৰয়োজন নাই ,, ঘৰখনকে ভালকৈ চম্ভালা " বুলি কওঁতে তাই নিচ্ছুপ হৈ পৰিছিল ।।
এনেকৈয়ে সকলোবোৰ চলি থাকিলেহেঁতেন যদি তাইৰ স্বামীয়ে তাইক এদিন সেই দামী মোবাইল ফোনটো কিনি নিদিলেহেঁতেন ।।ফোনৰ ব্যৱহাৰৰ বিষয়ে তাই বৰ বেছি নাজানিছিল ,, কিন্তু তাইৰ ছোৱালী জনী এইবোৰত এইবোৰত এক্সপাৰ্ট ।।নহবয়ে বা কিয় ?? দেউতাকৰ পৰী আছিল তাই ।। এনে কোনো এটা বস্তু নাই যিটো তাইক দেউতাকে আনি দিয়া নাই ।। কেতিয়াবা তাই দেউতাকক কৰা আব্দাৰ বোৰ দেখিলে মোৰো ভাল লাগিছিল ।।সকলো দেউতাক যদি তেনেকুৱাই হলহেঁতেন ।।
এই পৰী জনীয়েই মোক এদিন ফেচবুক তো খুলি দিছিল মোৰ মোবাইল টোত ,, আৰু তাতেই হয়তো ৰৈ আছিল মোৰ বাবে এখন বেলেগ পৃথিৱী ,পৃথক আকাশ ..
লেঠাৰি নিছিঙাকৈ কথাবোৰ কৈ হয়তো অঞ্জলি ৰ অলপ ভাগৰ লাগিছিল ।।মই তাইক ছিটটো পেলাই অকণমান ৰেষ্ট লবলৈ ক'লো ।। অলপ সময়ৰ বাবে তাইয়ো চকুকেইটা মুদি দিলে ....
বৰ বেছি সময় তাই শুই নাথাকিল ,, ঘপহকৈ উঠি চিটটো চিধা কৰি বহি লৈ আকৌ কবলৈ আৰম্ভ কৰিলে ।।তাই চকু মুদি থকা সময়ত মই মাজে মাজে তাইলৈ চাইছিলোঁ , কিবা যেন চটফটাই আছিল তাইৰ হৃদয় তাইৰ আত্মা ।। কিয় জানো তাই টোপনিতো সুস্থিৰ ভাবে থাকিব পাৰা নাছিল ।। নিজৰেই মনটোত বৰ দুৰ্বলতাৰ আভাস পালোঁ ।। প্ৰতি দিনে প্রতিটো মুহূৰ্তত কিমান জনী অঞ্জলি এনেদৰেই তিলতিলকৈ জীয়াই থাকিবলৈ চেষ্টা কৰি আছে ।। কোনোবা ওলাব নে এনেবোৰ কথাও আলোচনা কৰি সমাধান কৰিবলৈ ?? ওলাবনে এনেবোৰ সমস্যাৰ সমাধানসূত্ৰ ?? আছে জানো এনে সমস্যাৰ সমাধান ??
হঠাৎ এজন মানুহ মোৰ গাড়ীৰ সমুখেৰে পাৰ হৈ যোৱাত ব্ৰেক মাৰিব লগা হল মই,, কিযে ভাৱি আছিলোঁ ।।
: বাইদেউ অলপ লাহে লাহে গৈ থাকক না ।। মই কথাবোৰ কৈ থকা বাবে খং নকৰিব ।। কথাবোৰ কবলৈ পালে যে মই ভালদৰে উশাহ লব পাৰিম বা !!
তাইৰ এই কেতিয়াবা বাইদেউ আৰু কেতিয়াবা বা ৰ সহাৱস্থান দেখি মোৰ হাঁহি উঠিল ,, ঠিক আছে কোৱা ..
: বা !! এতিয়া যে কম এইখিনি কথা মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ,, ভালদৰে শুনিব দেই বাইদেউ ...
হব হব শুনি আছোঁ কোৱা ,,তাইৰ কথাৰ উত্তৰত কলো মই ...
: বা !! ৰুদ্ৰ ৰ লগত চিনাকী হওঁ ফেচবুকৰ মাধ্যমত ।। যেতিয়া মই মোৰ অনুভৱ বোৰ ফেচবুকত প্ৰকাশ কৰিছিলোঁ ,, তেওঁ মোক সেইবোৰ ইমান open লিখিব নালাগে বুলি কৈছিল ।। তেওঁ কৈছিল ফেচবুকত জধে মধে ফ্রেণ্ড ও বনাব নালাগে ।। কিয়নো এনে কিছুমান চৰিত্ৰহীন মানুহ ফেচবুকৰ চোতাল খনত ৰয়েই থাকে মানসিক ভাৱে অশান্ত জীয়ৰী বোৱাৰী ক সিহঁতৰ লেতেৰা মনৰ টাৰ্গেট বনাবলৈ ।।সিহঁতৰ লগত কথা পাতিলে এনে লাগিব যেন সিহঁততকৈ আপোন মোৰ আৰু কোনোৱেই নাই ।।তাৰ পিছত লগ ধৰাৰ প্ৰতিশ্ৰুতি আৰু বহুত কিবা কিবি ।। বা , সঁচাকৈয়ে মোৰ ক্ষেত্ৰত এনে কিছুমান ঘটনা ঘটিছিল ,, বহুত বেয়া বেয়া মেছেজ দিছিল কিছুমান দুষ্টলোকে মোক ।। ৰুদ্ৰ ৰ কথাত মই বুজি পায় উঠিলোঁ যে কি ভুল কৰিব ওলাইছিলো মই ।। তাৰ পিছৰ পৰাই মই মোৰ সকলো ধৰণৰ অনুভৱ কেৱল ৰুদ্ৰৰ লগতেই share কৰিব আৰম্ভ কৰিলোঁ ।।
বা !! মোৰ জীৱনৰ আটাইতকৈ ভাল দিন আছিল সেইবোৰ ,, ইমান positive চিন্তা মোৰ মনলৈ কেতিয়াও অহাই নাছিল , জানে বা !! ইমান সুন্দৰ আছিল দিনবোৰ ।। হালধীয়া ৰঙ ধৰা মোৰ আৱেগ বোৰ যেন সেউজীয়া হৈ পৰিছিল ।। মই চিঞৰি চিঞৰি গান গাবলৈ আৰম্ভ কৰিলোঁ ।।
কিন্তু বা ভগৱানে চাগে মোৰ কপালত সুখৰ ৰেখাডাল আঁকিবলৈ পাহৰি থাকিল ।। সুখ আৰু মোৰ জীৱন ,, দুয়োটাই যেন দুটা বিপৰীত মূখী শব্দ ।।
মোৰ প্ৰেমত চাগে পলাশ ফুলিছিল ,,আৰু তাৰ সুগন্ধি চৌপাশে বিয়পি পৰিছিল ।। ঘৰত সকলোৱে গম পাই উঠিছিল কথাটো ।। ৰুদ্ৰৰ প্ৰেমৰ মাজত মই নিজকে নতুনকৈ মইজনীক বিচাৰি পাইছিলোঁ আৰু কোনো কাৰণতে মই ইয়াক হেৰুৱাব নুখুজিলোঁ ।।ঘৰত কথাটো মই স্পষ্টকৈ কলো ।।
জানে বাইদেউ !! মোক আচৰিত কৰি মোৰ নিজৰ জীৱৰীয়েই প্ৰথম প্ৰতিবন্ধী হৈ উঠিছিল ।।
: লাজ লগা নাই ?? এই বয়সত প্ৰেম ?? এতিয়া তোমাৰ ছোৱালীৰ প্ৰেম কৰা সময় মা !! এবাৰ নিজৰ চুলিৰ ৰংটো চাই লোৱা ,, গালত মুখত কেইটা ভাঁজ পৰিছে চাই লোৱা ।। মোক বিয়া কৰাবলৈ কোনোবা আগবাঢ়ি আহিবনে তোমাৰ এই চৰিত্ৰৰ কথা সকলোৱে জনাৰ পিছত ??
গালত এটা প্ৰচণ্ড চৰ পৰিছিল তাইৰ কথাত ।। বেছি আৰু ভাবি থাকিব নোৱাৰিলোঁ ,, ৰুদ্ৰ ৰ লগত জীৱনৰ বাকী সময় খিনি পাৰ কৰিম বুলি ওলাই আহিলোঁ ঘৰৰ পৰা ।। তাৰ ঘৰলৈ আহি সকলো কথা খুলি কলো তাক ।। সি ভালেই পালে ,, সিটো মোক বহুদিনৰ পৰাই কৈয়ে আছিল ,, সেইখন ঘৰত তোমাৰ কোনো সন্মান নাই ।। তুমি তাৰপৰা ওলাই আহি নিজক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা ।। আৰু মইতো সদায় ৰৈ আছোঁ তোমাৰ কাৰণেই ।।মোৰ বগা হব ধৰা চুলিখিনি সি খুব ভাল পায় ।। মোক সদায় কৈ প্ৰকৃতিয়ে তোমাক সকলো দিছে জানা ,, কোনো ধৰণৰ মুখা পিন্ধাৰ তোমাৰ প্ৰয়োজন নাই ।।
এতিয়া মই খুব সুখী ।। ৰুদ্ৰৰ লগত ঘূৰি ফুৰিছো বহেমীয়ান ষ্টাইলত ।। গান গাইছো চিঞৰি চিঞৰি ।। ভাত বনাই একেখন থালতে খাইছোঁ ।। মোৰ বিবাহ বিচ্ছেদৰ বিষয়েও আলোচনা কৰিছোঁ ,, নহলে যে মই তাৰ লগত বিয়াত বহিব নোৱাৰিম ।। বগা পাটৰ সাজ এযোৰ কিনিবলৈ যোৱাৰ প্লেন কৰিছোঁ ।। আমাৰ বিয়াত কাক কাক মাতিম লিষ্টখন বনাই পেলাইছোঁ ।।
ভাত খাই উঠি বিচনাত উঠিছোঁ ,, কাইলৈ বহুত কম আছে উকিল এজনৰ লগত সময় লোৱা আছে ।। ৰুদ্ৰই মোৰ মোবাইল তো হাতত লৈ মোৰ ফেচবুক তো চাবলৈ ধৰিলে ।। ময়ো চাই আছো লগতে ।।। হঠাৎ সি বিচনাতে বহি ললে ,, মোৰ চুলিকোছাত ধৰি মোক উঠাই লৈ যেনিয়ে তেনিয়ে মাৰিবলৈ ধৰিলে ।। মই দুখ পাই চিঞৰি উঠিলো ..
: কিয় মাৰিছা মোক ??? কি কৰিলোঁ মই ??
সি চিঞৰি উঠিল !! তই এজনী বেশ্যা ,, তোক কেৱল sex লাগে ন !! এইবোৰ কি কথা পাতিছ মানুহৰ লগত ?? কাৰ কাৰ লগত হোটেলত ৰুম লৈ sex কৰিছ আজিলৈকে ??
হে ভগৱান !! কি কৰোঁ মই এতিয়া ?? কত যাওঁ মই এই ৰাতিখন ?? ইয়াৰ পৰা ওলাই গলে কত যাম ?? কোনে আশ্ৰয় দিব মোক ?? ঘৰ খনলৈ তো উভতি যোৱাৰ সকলো পথ মই নিজেই বন্ধ কৰি থৈছোঁ ।।
ইতিমধ্যে মই মানুহজনী তেজেৰে ৰাঙলী হৈ পৰিছে ।। পুলিচক ফোন কৰিম নেকি ?? কিন্তু মোৰ ফোনটো তাৰ হাতত ।।এটা সময়ত মোক মৰিয়াই মৰিয়াই তাৰ ভাগৰ লাগিল হবলা ,, আৰু সি ভাগৰত শুই পৰিল ।। এটা দীঘল হুমুনিয়াহ ওলাই আহিছিল মোৰ ভৱিষ্যতৰ কথা ভাবি ।। আত্মহত্যাৰ কথা মনলৈ আহিছিল ,, কিন্তু হঠাৎ আপোনাৰ কিতাপ খনৰ কথাবোৰ মনলৈ ।। ঘৰৰ পৰা সেইদিনা ওলাই আহোতে মই কেৱল আপোনাৰ কিতাপ খন লৈ ওলাই আহিছিলোঁ বাইদেউ !! আপোনাৰ শব্দ বোৰে মোক মৰিব নিদিলে ,, সি শুই যোৱাৰ পিছত মই তাৰ ঘৰৰ পৰা ওলাই আহিলোঁ এটা সপোনক দাহ কৰি ।।
বেলতলা চাৰিআলি লৈ আহি ডিভাইডাৰ টোত বহি পৰিলোঁ ,, গোটেই গাত বিষ ,, লগতে তেজেৰে তুমুৰালি ।। বাইদেউ তেতিয়াওঁ বুকুৰ মাজত জোৰকৰি ধৰি আছিলোঁ আপোনাৰ কিতাপখন ।।
মই চাগে এটা সময়ত মুৰ্ছিত হৈ পৰিছিলোঁ ,, আৰু তেতিয়াই কোনোবাই মোক হস্পিটেললৈ লৈ গৈছিল ।। হস্পিটেলত মই কাৰো লগতেই একো কথা পতা নাছিলোঁ ।। ডাক্তৰ বা পুলিচে হয়তো মই পাগলী বুলি ভাবিছিল ,, মোক কোনোবাই ধৰ্ষণ কৰা বুলিও বহুত ধৰণৰ টেষ্ট কৰাইছিল ।। মই সকলো গম পাই আছিলোঁ যদিও মোৰ বিষয়ে একো কোৱা নাছিলোঁ কাকোৱে ।।জানোঁ মোক আজি আৰু কোনেও বিচাৰি নাহে ।। আপোনাৰ কিতাপখন খন বাৰে বাৰে পঢ়িছিলোঁ ,, আৰু এটা সময়ত ডাক্তৰক আপোনাক মই এবাৰ লগ কৰিব বিচাৰোঁ বুলি কৈছিলোঁ ।।
কথাখিনি কৈ আকৌ এবাৰ অঞ্জলি শুই পৰিল ।। আশ্ৰম পাবলৈ আৰু বেছি দেৰি নাই ।। এদিন মই নিজেই নিজক এক আশ্রয়হীন অৱস্থাৰ পৰা আনি এই আশ্ৰমৰ প্ৰতিষ্ঠা কৰিছিলোঁ ।। আৰু আজি বহুগৰাকী আশ্ৰয়হীন মহিলাৰ একমাত্র আশ্ৰয়স্থল হৈ পৰিছে আমাৰ সকলোৰে সীতাশ্ৰম ।।
আশ্ৰমৰ গেটখন পাই মই অঞ্জলীৰ মুৰত হাতখন ফুৰাই দিলোঁ ,, তাই সাৰ পাই সমুখত আশ্রমখন দেখি মোৰ বুকুৰ মাজত সোমাই পৰিল ,,গাড়ীৰ ভিতৰতেই ।।
তাইৰ চকুত দেখিলোঁ এক গভীৰ প্ৰশান্তি .....
সমাপ্ত
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প আমালৈ প্ৰেৰণ কৰিছে বিশিষ্ট সমাজ সেৱিকা গীত কামৰূপা ডাঙৰীয়াণীয়ে ( তেখেতৰ যোগাযোগ নং - 7002965047)। আপোনালোকেও যদি কোনো গল্প, কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment