ৰাতিপুৱাই বাৰাণ্ডাত গছৰ পুলিবোৰত পানী দিবলে গৈ ওচৰৰ মানুহ ঘৰৰ বাৰাণ্ডাত মোৰ চকু পৰিল । য'ত এগৰাকী নৱবিবাহিতাই তাইৰ তিতা চুলি বোৰ জোকাৰি আছিল। ...... নৱবিবাহিতা বুলি এই কাৰণে কৈছোঁ যে হাতৰ ওপৰৰলৈকে ৰঙা খাৰুৱে ভৰি আছিল আৰু তেওঁ ৰঙা ৰঙৰ এজোৰ চাদৰ মেখেলা পিন্ধি আছিল, তেওঁ খোজ কাঢ়ি যোৱাৰ ফলত চম চম পায়েলৰ শব্দ ভাঁহি আহিছিল। পানী দি দি মই তেওঁৰ ফালে চাওঁ নাচাঁওকে মনে মনে চাই আছিলোঁ । অলপ কৌতূহলও আছিল যে কোন হব পাৰে? কাৰ কইনা হব পাৰে?( Storyboard )
মনতে ভাবিলো যে " ঘৰৰ ওচৰতে বীৰেন্দ্ৰ নামৰ মানুহজন থাকে । কিন্তু বেছি কথা বতৰা পতা নহয় কাৰণ তেওঁ বহুত গহীন স্বভাৱৰ মানুহ আৰু নিজৰ লগতে ব্যস্ত থাকে । কিন্তু হয়তো তেওঁ বিবাহিত।"
প্রায়ে মাজে মাজে তেওঁৰ বাৰণ্ডাত এগৰাকী মহিলা দেখা যায় । এদিন বীৰেন্দ্ৰৰ সৈতে চিৰিৰে ওপৰলে উঠি গৈ থাকোঁতে মই তেওঁক তেওঁৰ পত্নীৰ বিষয়ে সুধিলো আৰু পত্নী বিষয়ে তেওঁ ইমানে কলে যে তেওঁ চাকৰি কৰে বেলেগ এখন চহৰত। সেইকাৰণে তেঁও ঘৰলে কম আহে বুলি কৈ তেওঁ খৰধৰকৈ ওপৰলে উঠি গ'ল ।
ল'ৰা- ছোৱালীকেইটা স্কুল গ'ল আৰু স্বামী অফিচলে গ'ল। সকলো কাম শেষ কৰি চাহ খাবলে বহিবলে লওতেই দৰ্জাৰ ঘণ্টাতো বাজিল । দৰ্জা খোলাৰ লগে লগে মোৰ সন্মুখত সেই নৱবিবহিতা মানুহ গৰাকী থিয় দি আছিল। অকমান আচৰিত হৈ মই দৰ্জাখন খুলি দিলোঁ আৰু তাই ক'লে " নমস্কাৰ নবৌ, মই নমিতা, আপোনাৰলোকৰ ঘৰৰ ওচৰতে থাকিবলে আহিছোঁ।" মই এতিয়াও অলপ সংকুচিত হৈ আছিলোঁ যদিও তেওঁক কলোঁ যে "আহা ... আহা... ভিতৰতে বহা ।" মই তেওঁৰ কাৰণেও চাহ লৈ আনিলো আৰু মই তেওঁক সুধিলোঁ " আপুনি বীৰেন্দ্ৰ বৰাৰ কোনোবা সমন্ধীয় নেকি?" তেওঁ তেতিয়া হাঁহি মাৰি কলে যে " নহয় ...নহয় ... মোৰ স্বামী হয় তেঁও, পোন্ধৰ দিন আগতে হে আমাৰ বিয়া হৈছে এইকেইদিন শহুৰৰ ঘৰতে আছিলোঁ । মাহঁতৰ আৰু শহুৰ দেউতাহঁতৰ ঘৰ তেজপুৰত । দুদিনৰ আগতেহে আহিছোঁ তেওঁটো অফিচলে গুচি গ'ল , মোৰ আমনি লাগিল কাৰণে ভাবিলো আপোনাকে লগ কৰি আহোঁ ।
এই কথাটো শুনিটো মোৰ চেহেৰাৰ ৰূপেই সলনি হৈ গ'ল । পত্নী কেনেকৈ হ'ব পাৰে? এওঁ লগতেই যদি বিয়া পাতিছে তেতিয়া তেওঁ কোন আছিল? মই নিজেই নিজক স্বম্ভালী ল'লো আৰু মিচিকিয়াই এটা হাঁহি মাৰিলো । তেওঁৰ কথাবোৰত তেওঁৰ শৈশৱকালতো ভাঁহি উঠিছিল , তেওঁৰ বয়স ২২ বছৰ মানহে আছিল। নিজৰ পঢ়া শুনা, ঘৰ, বিয়া সকলোৰে কথাবোৰ হাঁহি হাঁহি কৈ আছিল কিন্তু মোৰ মন আৰু মগজুৱে সেইগৰাকী মহিলাৰ কথা ভাবি আছিলোঁ যিগৰাকীক মই মাজে মাজে ওচৰৰ বাৰণ্ডাত দেখা পাইছিলো । নমিতা অলপ দেৰি বহি গুচি গ'ল কিন্তু মই অস্থিৰ হৈ পৰিলোঁ কাৰণ নিজেই এদিন বীৰেন্দ্ৰ বৰাই মোক সেইগৰাকী তেওঁৰ পত্নী বুলি কৈছিল । অ' তাৰ মানে মোক মিছা কৈছিল। বহুত চেষ্টা কৰি নিজকে এই কথাবোৰৰ পৰা আঁতৰাই আঁনিলো । ল'ৰা-ছোৱালীকেইটা স্কুলৰ পৰা আহিব হ'ল কাৰণে মই ভাত ৰন্ধাত লাগিলো। তাৰ পাছতো মোৰ বাৰে বাৰে মনোযোগতো নমিতাৰ ফলেই গৈ আছিল।
সন্ধিয়া মই স্বামী লগত এই বিষয়ে আলোচনা কৰাত তেওঁ মোক ভালদৰে বুজাই কলে যে মই এইবোৰ কথা মাজত যাতে নুসোমাও আৰু নিজৰ কামত কাম ৰাখোঁ, মইও ভাবিলো বাদ দেনা …মোৰ কি দৰকাৰ ?
কিন্তু এইগৰাকী মহিলা কোন ?মনটো বাৰে বাৰে সেইফালেই গৈ আছিল , দুই চাৰি দিন মানৰ পৰা নমিতাক দেখা নাছিলোঁ । মই সদায় সিহঁতৰ বাৰণ্ডাৰ ফালে চাওঁ কিন্তু তেওঁক দেখা নাপাওঁ । এদিন মই বীৰেন্দ্ৰ বৰাক অফিচলে যোৱা দেখি ভাবিলো যে গৈ নমিতাকে লগ কৰি আঁহো । দৰ্জা ওচৰত মোক দেখি নমিতাই চ'ক খাই উঠিল সেইকাৰণে মই সুধিলো " কি হ'ল !! তুমি সেইদিনা পাছত আমাৰ ঘৰলে নাহিলা আৰু দেখা পোৱা নাছিলোঁ । গাটো ভালেই আছে নে! ভাবিলো সুধি যাওঁ , কিবা বস্তুৰ দৰকাৰ আছে নেকি ।" "অ' নৱৌ , সকলো ঠিকেই আছে ইনেই যোৱা নাই । নৱৌ মোৰ অলপ কাম আছে পাছত লগ কৰিম বুলি"
দৰ্জাখন বন্ধ কৰি দিলে। মোৰ অলপ আশ্চৰ্যজনক লাগিল তাইৰ ব্যৱহাৰ দেখি ।
তাৰ পাছত এনেকে কেইদিনমান গ'ল। ওচৰ চুবুৰীয়া হোৱাৰ পাছতো আমি লগ নাপাওঁ ।
এদিন নমিতাক মই ওচৰৰে দোকান এখন লগ পালোঁ শাক পাচলি লৈ থাকোঁতে । মোক দেখি তাই ইফালে সিফালে চাবলে ধৰিলে । মই যোৰ কৰি সোধাত কলে," নৱৌ এওঁ মোক মানা কৰিছে আৰু কৈছে যে ইয়াৰ কাৰো লগত কথা নাপাতিবা । সেইদিনা মই আপোনালোকৰ ঘৰলে যাওঁতে বহুত খং কৰিছিল আৰু কৈছিল মোক নুসুধাকে কিয় গৈছিলা । তেওঁ ভাল নাপায় কাৰো লগত বেছি মাত বোল কৰাটো ।"( Storyboard )
মই বহুত আচৰিত হৈছিলোঁ আৰু মনটোও বীৰেন্দ্ৰ বৰাক লৈ শংকা আছিল কিন্তু নমিতাক একো নকলো ।
দুমাহ এনেকেই গ'ল, কেতিয়াবা কেতিয়াবা বাৰণ্ডাত তাইক দেখা পাওঁ । মই অনুভৱ কৰিছিলোঁ যে তাইৰ চেহেৰাৰ ৰঙটো অলপ শেঁতা পৰি গৈছিল । স্বামী - স্ত্ৰীক মই কেতিয়াও বাহিৰলে ফুৰিবলৈ যোৱা দেখা নাছিলোঁ ।
কেইদিনমানৰ পাছত নমিতাই নিজেই মোক লগ কৰিবলৈ আহিল " হেৰি নহয় নৱৌ, এওঁ দহ দিনমানৰ কাৰণে অফিচৰ পৰা বাহিৰে গৈছে এতিয়া মই আপোনাৰ লগত লগ কৰিব পাৰিম ।"
"কি হ'ল নমিতা ? তুমি মন মাৰি থকা যেন লাগিছে ।"
"নাই নৱৌ এনেকোৱা একো কথা নাই" বুলি কৈ অলপ শেঁতা পৰা দৰে এটা হাঁহি মাৰিলে ।
তাইৰ হাতত এতিয়া মাত্ৰ এডাল ৰঙা খাৰু আছিল। ডাঙৰ ফুটৰ সলনি কপালত এটা সৰু ফুটহে আছিল। দীঘল সেন্দুৰে ভৰা শীৰতো এতিয়া সৰু কৈ সেন্দুৰ লোৱা দেখা গৈছিল।
মানুহে কৈয়ে নহয় মনৰ ভিতৰত যিমানেই দুখ লোকোৱাবলৈ চেষ্টা কৰক লাগিলে তথাপিও মনৰ দুখ ধৰিব পৰা যায়। অলপ দেৰি ইটো সিটো কথা পতাৰ পাছত নমিতাৰ দুখতে চকু পানী বৈ আহিল।
" নৱৌ এওঁৰ ব্যৱহাৰ ভাল নহয়। ভালকে কথা নাপাতে, ক'তো ফুৰিবলৈ লৈ নাযায় আৰু কাৰো লগত কথাও পাতিব নিদিয়ে। বেলেগ ৰুমতে শুৱে আৰু মই যদি কেতিয়াবা ওচৰলৈ যাও তেতিয়া খং কৰি মোক ৰুমৰ বাহিৰলে যাবলে কয়।" বীৰেন্দ্ৰৰৰ প্ৰতি থকা শংকাবোৰে মোক আকৌ বেৰি ধৰিলে।
"কেতিয়াও তুমি তেওঁক সোধা নাই নি তেওঁ এনেকোৱা ব্যৱহাৰ কিয় কৰে।"
" কিবা কথা যদি মই সোধো নৱৌ তেওঁ মোক কয়, ইয়াত থাকিব মন আছে যদি থকা চুপচাপ ,নহ'লে য'ত যোৱা গৈ থকা।" নমিতাৰ চকু পানী ৰখাই নাছিল বৈয়ে আছিল ।
মই পীৰ্সেবে দেখা ই মানুহজনী কথা এতিয়াও নমিতাক কোৱা নাই ।
তাইক মই বুজায় ইমানেই কলো যে,পাৰা যদি তুমি পৰিয়ালৰ মানুহৰ লগত কথা পাতা ।
"নৱৌ,শাহুমা লগত কথা পাতিছিলো , তেওঁ ক'লে তোৰে চাগে কিবা খুট আছে সেইকাৰণে এনেকোৱা কৰিছে আৰু মই মোৰ মা লগতো কথা পাতিছিলো তেওঁ মোক ক'লে আমি বহুত খৰচ কৰি তোৰ বিয়া পাতিছোঁ আৰু এতিয়া সেইবোৰ স্বম্ভালী লোৱাতো তোৰ দায়িত্ব।"
ওফ! তাইৰ কথাবোৰ শুনি মোৰ বহুত খং উঠিছিল। ইমান কম বয়স হৈ আছে তাইৰ , প্ৰথমতো নবছৰ ডাঙৰ মানুহ এটা লগত তাইৰ বিয়া পাতি দিলে আৰু এতিয়া তাইক সহায় কৰা সলনি চবে ওলোটা হে মাৰি দিলে ।
নমিতাটো গুছি গ'ল কিন্তু নাজানো কিয় তাইৰ চকু পানীবোৰৰ কথা এতিয়াও মই ভাবি আছিলোঁ। এই দহ দিন নমিতা মোৰ ওচৰলৈ আহি থাকিল। মই তাইক সুধিলো বীৰেন্দ্ৰয়ে ফোন কৰেনে তোমাক? তাই ক'লে " নাই মইহে কৰো, কেতিয়াবা ফোন ধৰে আৰু কেতিয়াবা নধৰে তেওঁ।" মোক তাই সুধিলে, "নৱৌ মোক দেখিবলৈ বাৰু ভাল লাগে নাই! মই জিন্স নিপিন্ধো যে কি ঠিক তেওঁ চাগে অলপ আধুনিক ছোৱালী পছন্দ কৰে।"
তিনিমাহৰ নৱবিবাহিতা যি নিজৰ স্বামী প্ৰেমত ডুব গৈ জীৱনৰ আনন্দ লয় , কিন্তু নমিতাই নিজৰ স্বামীৰ হৃদয়ত স্থান ল'বলৈ চেষ্টা কৰিব লগা হৈছে।
তাই বীৰেন্দ্ৰৰ মন জিকিব কাৰণে নিজকে গোটেই সলনি কৰি ল'লে, দীঘল চুলিকোচা কাটি পেলালে, জিন্স পিন্ধিবলেও আৰম্ভ কৰি দিলে কিন্তু সেই হাড় আৰু মাংসৰে ভৰা প্ৰাণীটোৰ একো পৰিবৰ্তন নহ'ল ।
এতিয়া বীৰেন্দ্ৰ প্ৰায়েই দূৰতে থাকে আৰু কেতিয়াবা অফিচৰ পৰাই গুছি যায়। কথাটো ভাবিব লগা,এতিয়া লাহে লাহে নমিতাৰ সন্দেহ হ'ল যে কিবাটো কথা আছে। এতিয়া সিহঁতৰ মাজত কাজিয়া হ'বলৈ ধৰিলে কেতিয়াবা আমাৰ ঘৰৰলৈকে কাজিয়া মাত আহে।
এনেকৈ এদিন বীৰেন্দ্ৰ খঙত ঘৰৰ পৰা বাহিৰলৈ ওলাই গুছি গ'ল । তেওঁ যোৱা পাছতেই নমিতা মোৰ ওচৰলৈ আহিল । তাইৰ চকু কেইটা কান্দি কান্দি ফুলি গৈছিল। তাইৰ হাতত এটা পেকেট আছিল। মই তাইক বহিবলে দিলোঁ আৰু পানী খাবলৈ দিলোঁ, তাই ক'বলৈ আৰম্ভ কৰিলে " বীৰেন্দ্ৰৰ কোনোবা বেলেগ মহিলাৰ লগত সম্পৰ্ক আছে আৰু তাই তেওঁৰ অফিচৰে।তাইৰ বিয়া বিচ্ছেদ হৈছে আৰু এটা শিশুও আছে যিটো তাৰ আইতাকৰ লগত থাকে । বীৰেন্দ্ৰই তাইক এৰিব নোৱাৰে। তেওঁ দূৰত থকা অজুহাত দেখুৱাই তাইৰ ঘৰত থাকে, আৰু নৱৌ এতিয়া দূৰত থকাৰ অজুহাত দেখুৱাই দুয়োজনে পাঁচ দিনৰ কাৰণে চিমলালে ফুৰিবলৈ গৈছিল। আজি আকৌ কাজিয়া হ'লত তেওঁ ক'লে যে " অ' তাইৰ লগতে আছিলোঁ , হনিমুনৰ কাৰণে চিমলালে গৈছিলো,এয়া চোৱা আমাৰ ফটো।"আৰু এনেদৰে কৈ নমিতাই জোৰে জোৰে কান্দিবলে ধৰিলে । তাই হাতত লৈ থকা পেকেটটো মোৰ ফালে আগবঢ়ায় দিলে। তাত দুয়োটাৰে ফটো আছিল আৰু সেই মহিলাগৰাকী মই ইয়াত দেখা গৰাকীয়ে আছিল। মোৰ ঘৃণা ভাব আহিছিল এনেকোৱা লাজ নাইকীয়া মানুহজনৰ ওপৰত, নিজৰ অনুচিত সম্পৰ্কৰ প্ৰমাণ নিজৰ পত্নীক দেখোৱাত । মই সুধিলো তাইৰ লগত যদি এনেকোৱাই আছিল তেন্তে কিয় তোমাক বিয়া পাতিলে তাইক নাপাতিলে কিয়নো?
"নৱৌ তেওঁৰ ঘৰৰ মানুহে নামানিলে।"
"কি! তোমাৰ শহুৰৰ ঘৰত জানে এই বিষয়ে ?" মই আচৰিত হৈ সুধিলো।
"অ' নৱৌ, বীৰেন্দ্ৰয়ে তাইৰ কাৰণেটো এতিয়ালৈকে বিয়া পতা নাছিল। তেওঁলোকৰ সম্পৰ্ক পাঁচ বছৰৰ পৰাই আছে । এইবাৰ পোন্ধৰ দিনৰ ছুটিত বীৰেন্দ্ৰ ঘৰলৈ যাঁওতে তেওঁৰ মাকে মৰি যাম বুলি গালি দি জোৰ কৰি মোৰ লগত বিয়া পাতি দিলে। আমাক ইয়াৰ বিষয়ে একো কোৱা নাছিলে আৰু এতিয়াটো খুলি কয় " যা যি কৰিব লগা আছে ক'ৰ মই তোক পছন্দ নকৰোঁ ।
মিছা কৈ পতা বিয়াখন এতিয়া ভাগিবলে গৈ আছিল। মনত বহুত দুখ লাগিল নমিতাৰ কথাবোৰ শুনি।
এতিয়াটো কথাবোৰ ঘৰত গম পালে আৰু কেইদিনমানৰ পাছত শহুৰেকৰ ঘৰৰ মানুহ আৰু মাকহঁতৰ ঘৰৰ মানুহ আহিছিল । সেইদিনা বহুত চিঞৰা মাত আহিছিল। আচৰিত কথা এইটো আছিল যে মাকৰ ঘৰৰ মানুহে তাইক বুজালে বীৰেন্দ্ৰক আৰু এবাৰ সুযোগ দে বুলি আৰু কৈ তেওঁলোক গুছি গ'ল। বীৰেন্দ্ৰয়ে চাগে এতিয়া ফঁচিব নিবিচাৰে সেইকাৰণে সি সকলোকে দেখোৱাই নমিতাক ক্ষমা খুজিলে আৰু কেইদিনমানৰ কাৰণে ভাল হোৱাৰ নাটক কৰিলে।
কিন্তু নহয়!! নমিতাই দুয়োটাকে ফোনত কথা পাতি থকা শুনিলে যেতিয়া বীৰেন্দ্ৰই সেই মহিলাগৰাকীক বুজায় আছিল। নমিতাই তেতিয়া বিৰেন্দৰ সৈতে কাজিয়া লাগিল আৰু এইবাৰটো বীৰেন্দ্ৰই তাইক চৰ মাৰি দিলে । এঘন্টা মান তাই মোৰ তাত বহি কান্দি থাকিল আৰু ভাবিলে কি কৰিব পৰা যায় ?
ইয়াৰ মাজতেই নমিতা গৰ্ভৱতী হ'ল।ভাবিয়ে পোৱা নাছিলো এতিয়া সুখী হওনে দুখী হওঁ ?
বীৰেন্দ্ৰৰ ব্যবহাৰ দেখি তাই ভাবিলে যে তাই অব'চন কৰাব। অকলে থাকি তাই এই সংগ্ৰাম কৰি থাকিব পাৰিব। এবাৰ যদি শিশুটো আহি যায় তাই দূৰ্বল হয় যাব ।
এইবাৰ তাই নিজেই কিবা সিদ্ধান্ত লোৱা আগতেই দুয়োটা পৰিয়ালৰ মানুহে তাইক জোৰ কৰিলে যে শিশুটো হ'লে কিজানি বীৰেন্দ্ৰ সলনি হয় যায়ে ?
সেইদিনা মই আৰু নমিতাৰ মাক তাইৰ লগত চিকিৎসালয়ত আছিলোঁ, তাইৰ এজনী ছোৱালী হৈছিল , ৰাতিপুৱাৰ পৰা সন্ধিয়া হৈ গ'ল কিন্তু বীৰেন্দ্ৰ নাহিল। ৰাতি আহিল আৰু এবাৰ ছোৱালীজনী চালে আৰু গুছি গ'ল।
নমিতাই কিবা কৰি বীৰেন্দ্ৰ আৰু সেই মহিলাগৰাকীৰ সম্পৰ্ক কথা অফিচত জনাই দিলে আৰু লগতে তেওঁলোকৰ চিমলালে যোৱা ফটো ও দেখোৱালে।
এতিয়া বীৰেন্দ্ৰ আৰু সেই মহিলাগৰাকী বহুত বদনাম হ'বলে ধৰিলে অফিচত । যাৰ ফলত তেওঁলোকৰ বচ জনে সিন্ধান্ত লৈ মহিলাগৰাকীক বেলেগ ঠাইলৈ কামৰ হতান্তৰ কৰি দিলে। এতিয়া বীৰেন্দ্ৰয়ে আৰু কাজিয়া কৰিবলৈ লাগিল ।
এতিয়াটো কুমুদৰ মাকৰ আগতো সংকুচ নকৰাকৈ ক'বলে ধৰিলে, লৈ যাঁওক আপোনাৰ ছোৱালীক, মোক ইহঁত দুয়োজনীৰ একো দৰকাৰ নাই। সেই অকণমানি ছোৱালীজনী দেখিও তাৰ হৃদয় নোকোমলিল ।
এতিয়া উপাই নাপাই নমিতাৰ, পৰিয়ালৰ মানুহে বিয়া বিচ্ছেদৰ বাবে জোৰ দিলে।
কেইমাহ মানৰ পাছত বিয়া বিচ্ছেদও হৈ গ'ল, বীৰেন্দ্ৰৰ পৰা তাই দশ লাখ টকাও পালে ।
সেইদিনা নমিতাই ছয়মহীয়া ছোৱালীজনী লৈ মোক শেষবাৰৰ বাবে লগ কৰিব আহিছিল, তাইৰ চকুত চকু পানীৰে ভৰি আছিল " আচ্ছা নৱৌ মাৰ ঘৰলৈ যাওঁ , ফোন কৰি থাকিবা।" মই তাইক দূৰলৈকে যোৱা চাই থাকিলো। মই ভাবি আছিলোঁ ভগৱানে এনেকোৱা কপাল কোনো ছোৱালীক যাতে নিদিয়ে। কেইদিনমানৰ পাছত বীৰেন্দ্ৰয়েও ঘৰ সলনি কৰি ল'লে।
কি বীৰেন্দ্ৰ ইমানকণ শাস্তিৰ হে যোগ্য আছিল? কোনোবা এজনী সহজ সৰল ছোৱালীৰ জীৱনটো নষ্ট কৰাৰ পাছতো, তাই সপোন ভৰিৰে মহাৰি পেলোৱা পাছতো । তেওঁ এটা নহয় দুটা জীৱন নষ্ট কৰি দিছিল। যদি তুমি এটা সম্পৰ্ক বজাই ৰাখিব নোৱাৰাই , তেতিয়া সেই সম্পৰ্ক গঢ়া অধিকাৰ তোমাক কোনে দিলে? অপৰাধ বীৰেন্দ্ৰৰ আছিল কিন্তু শাস্তি পালে নমিতাই।
ইয়াৰ বাবে কি পৰিয়ালৰ মানুহবোৰ অপৰাধী নাছিল? বেলেগৰ ছোৱালীক ফালটো বুলি ভাবে নেকি যে তেওঁলোকৰ বেয়া ল'ৰাটো লগত বিয়া পাতি দিলে তাই তাক শুধৰাই ল'ব ,যেনিবা ছোৱালীবোৰৰ হাতত যাদুৰ মাৰি হে আছে শুধৰাই ল'বলৈ আৰু নহ'লে কয় কেঁচুৱাতো হব দিয়া কিজানি তাক দেখি সলনি হয় যায়। এই বিয়া খনৰ পৰা নমিতাই যি শাৰীৰিক আৰু মানসিক প্ৰতাৰণাত ভুগিব লগা হ'ল তাৰ দুখে তাইক সদায় আঘাত দি থাকিব।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment