ইটিং চুগাৰ নো পাপা
মামুয়ে চিঞৰি চিঞৰি ইংৰাজী পদ্যটি পঢ়ি আছে | ৰাতিপুৱা গা ধুই আহি নম্রতাই ৰুমত সোমাইছিলহে মাত্র তেনেতে মামুয়ে পঢ়ি থকা কবিতাটিৰ পাপা শব্দটোৱে নম্রতাক আবেগিক কৰি তুলিলে | তাই হতাশগ্রস্ত মনৰে দ্রেছিং আইনা খনৰ সন্মুখত বহিলে | নিজক তাই ভালদৰে লক্ষ্য কৰিলে | উকা কপাল খন লাহেকে হাত খনৰে স্পৰ্ষ কৰিলে | ভগৱানে তাইৰ ৰঙা সেন্দুৰ খিনিওঁ মছি পেলাইছে | তাইৰ মনত পৰিল |( Storyboard )
আগতে যেতিয়া তাই গা ধুই আহি দ্রেছিংৰ সন্মুখত বহে তেতিয়া আকাশে আহি তাইক পাছফালৰ পৰা সাৱতি কয়,,,,
- জান, তোমাক আজি খুব ধুনীয়া লাগিছে,,,
আকাশে মৰমত তাইক জান বুলি মাতিছিলে |
- চেহ ! বদমাছ আতৰি যোৱা কোনোবাই দেখিৱ !
- দেখক ! কিন্তু মই মোৰ অৰ্ধাংগিনীক হে ধৰিছো |
আকাশে তাৰ শীতল ওঠঁ জুৰি নম্রতাৰ কপালত লগাই দিলে | নম্রতাও তাৰ মাজতে নিজক হেৰাই পেলালে |
- জান , যোৱা মোৰ অফিচত যাৱৰ সময় হ'ল | ভাত কেইটা ৰেদি কৰা |
- উম তুমি গা ধুই আহা |
- মা, মা মোৰ স্কুলত যোৱাৰ সময় হ'ল |
- অ' ৰৱা মামু | মোৰ হৈছে |
নম্রতাই দ্রেছিংৰ সন্মুখৰ পৰা উঠি মামুক স্কুলত যোৱাৰ বাবে ৰেদি কৰিলে | আৰু তাইওঁ নিজে ওলালে | সিহত ওলাই গ'ল |
- মামু যোৱা, দুষ্ট নকৰিবা কিন্তু |
- উম হৱ মা,
-যোৱা
নম্রতাই মামুক স্কুলত থৈ নিজৰ কৰ্তব্যলৈ বুলি খোজ ল'লে |
সেতা পৰা মুখ, সেন্দুৰ বিহীন উকা কপাল, বগা সাজ জোৰত ও নম্রতাৰ সেই সৌন্দৰ্য্য আজিওঁ আছে | /p>
স্কুলত মামুই লগৰীয়াৰ সৈতে উমলি আছিলে | তেনেতে সিহতৰ মাজৰ এক আলোচনাই কনমানি মামুক কান্দিৱলৈ বাধ্য কৰাইছিল |
- ঐ কালি মোৰ পাপাই মোৰ কাৰনে ধুনীয়া স্কুল বেগ আনিছে ,,,,
- মোৰ দেউতাও মোক বহুত মৰম কৰে | মোলৈ সদায় নতুন খোৱা বস্তু লৈ আহে |
- মামু তুমি একো নকলা যে,,,,
সিহতৰ আলোচনাৰ মাজতে এজনে মামুক প্রশ্ন কৰিলে,,,,
- মোৰ দেউতা নাই নহয় |
আটায়ে কিৰিলি পাৰি হাঁহিলে |
- মামু তোমাৰ পাপা ৰ কি হ'ল ?
- মোৰ দেউতাৰ মৃত্যু হৈছে | মোৰ দেউতা আৰু কেতিয়াওঁ মোৰ কাষত নাহে | তোমালোকৰ নিচিনা বস্তু আনিদিৱলৈ মোৰ দেউতা পৃথিৱীত নাই |
কথা খিনী কৈ কনমানি মামুই সিহতৰ কাষৰ পৰা দৌৰি গৈ স্কুল বেগটোৰ পৰা তাই সযতনে ৰাখি থোৱা দেউতাকৰ ফটো কপি লৈ আহিল | আহি অকলে অকলে স্কুলৰ চৌহদৰ জোপোহা গছ জোপাৰ গুৰিত বহি ল'লে |
- দেউতা , তোমাক বেয়া পাইছো | তুমি কিয় মোক এৰি গুছি গ'লা | মোৰ লগৰ বোৰে যেতিয়া সিহতৰ দেউতাকক দেউতা বুলি মাতে মোৰো দেউতা বুলি মাতিৱলৈ বৰ মন যায় | যেতিয়া সিহতৰ দেউতাকে সিহতক স্কুলৰ পৰা নিৱ আহে সিহতে দেউতাকৰ কোচত উঠি লয় | মোৰো মন যায় অ দেউতা তোমাৰ কোচত উঠিৱ,,, তুমি আহা না দেউতা ঘূৰি আহা |
মই প্রত্যক্ষ কৰিলো | কনমানি মামুই গছৰ তলত বহি কান্দি আছে |
- মামু কি কৰিছা ?
- আঙ্কল , দেউতালৈ মোৰ বহুত মনত পৰিছে|
কি সান্তনা দিম মই তাইক | মই কোচত তুলি ললো তাইক | মোৰ হাতেৰে তাইৰ চকুপানি খিনি মছি দিলো |
- মামু , তোমাৰ দেউতা আহিৱ তুমি নাকান্দিবা দে | ব'লা তোমাৰ ক্লাছ আছে নহয় | মই মামুক ক্লাছ ৰুমত বহাই দিলো |
কিছু সময় পাছত সিহতৰ স্কুল চুটি হল | সকলো ল'ৰা - ছোৱালীক মাক দেউতাকে আহি লৈ গ'ল | কিন্তু মামুক নিৱলৈ কোনো নাহিলে | সেই কনমানি জনীয়ে ব্যস্ত ৰাজপথত অকলে খোজ কাঢ়ি গৈ আছে | কাৰো যেন ভ্রক্ষেপ নাই তাইলৈ | মই তাইক দেখিলো |
- মামু
- আঙ্কল,,,,
- তুমি অকলে কত গৈ আছা ?
- মাৰ অফিচত |
- অ মাৰ অফিচ তুমি চিনি পোৱা ?
- উম , সৌ কাষতে,,,,
মই তাইক লৈ মামুৰ মাকৰ অফিচলৈ গলো | কিন্তু অফিচৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনে কলে মামুৰ মাকৰ গা বেয়া সেয়েহে এক ঘন্টা আগতে ওলাই গৈছে অফিচৰ পৰা |
মই মামুক লৈ সিহতৰ ঘৰ ওলালো |
- মা, মা দৰ্জা খোলা মা,,,,
মামুই মাকক চিঞৰি চিঞৰি মাতি আছে কিন্তু মামুৰ মাকৰ কোনো সহাৰি নাহিল |
- মা , মা দৰ্জা খোলা না,,,,
মোৰ বুকুখন কপিৱ ধৰিলে | কিয় মামুৰ মাকে দৰ্জাখন খোলা নাই | কিবা অঘটন নহয়টো,,,,,
- আঙ্কল, মাই দেখোন দৰ্জা খন খুলি নিদিয়ে,,,,,
মামুই কান্দি কান্দি মোক কৱলৈ ধৰিলে | মই কি কৰিম কি নকৰিম ভাৱি দৰ্জাখন খনত আক্রমন কৰিলো | অৱশেষত দৰ্জাখন খোল খালে | কিন্তু ভিতৰৰ দৃশ্য আছিল অতি মৰ্মান্তিক |
মামুৰ মাক চিপ লোৱা অৱস্থাত আছিল | কিন্তু এয়া কি মই নিজক বিশ্বাস কৰিৱ পৰা নাই ,,, এয়া দেখোন মোৰ বাইদেউ | তাৰমানে মামু মোৰ ভাগিন !
- আঙ্কল, মা মাৰ কি হ'ল আঙ্কল ?
কি কম মই মামুক | মই ভাগি পৰিলো |
- তোমাৰ মা আৰু নাই মামু | তোমাৰ মাও তোমাক এৰি গুছি গল |
- মা মোক কিয় এৰি গ'লা মা, দেউতাও গ'ল আৰু এতিয়া তুমিওঁ গ'লা | মই কাৰ লগত থাকিম অ মা,,,, আঙ্কল
মই মামুৰ মুখ খনত হাত খন দি ক'লো আঙ্কল নহয় মামা বুলি মাতা সোণ,,,
- মামা
- অ মই তোমাৰ দুৰ্ভগীয়া মামা |
- মামা মই কাৰ লগত থাকিম এতিয়াৰ পৰা মোৰ মাওঁ নাই আৰু দেউতাও নাই | মোৰ মৰি যাৱৰ মন গৈছে মামা |
মই মামুক আৰু একো কৱ নোবাৰিলো | মাত্র তাইক জোৰকৈ সাৱতি ধৰিলো |
বাইদেউৰ কোঠাত মানুহৰে ভৰি পৰিল | সন্ধিয়া বাইদেউক শ্মষানলৈ নিয়া হ'ল |
জীৱন দুদিনীয়া
হাঁহি ক্ষন্তকীয়া,,,,
কেতিয়াবা কান্দোন
হতাশাৰে জীৱন,,,,
ফেকুৰি ফেকুৰি মামু মোৰ বকুৰ মাজত শুই পৰিছে | আজি মোৰ দেউতালৈ ঘিনা লাগিছে | একমাত্র দেউতাৰ ভুলৰ বাবে আজি বাইদেউৰ জীৱনটো এনেকুৱা হ'ল | মামুৰ তোপনি আহিল | মই বাইদেউৰ দায়েৰী টো খুলিলো | লৈ গ'ল তাহানিৰ দিন বোৰলৈ ,,,,
শান্তিপুৰৰ ব্রাহ্মন পৰিয়ালৰ ছোৱালী নম্রতা শৰ্মা | দেখাই শুনাই বেচ ধুনীয়া নম্রতা | তাইৰ প্রেমত মতলীয়া একে গাওঁৰে আকাশ কলিতা | দুয়ো সহপাঠী যদিও ইজনে সিজনক বহুত ভালপায় |
দিগাৰু নদীৰ ঘাটত নম্রতাৰ কোলাত মূৰ থৈ আকাশ কল্পনাত উটি ভাহি ফুৰিছে |
- জান, নদীৰ সোত বোৰ দেখিছা নে
- উম দেখিছো,,,,
- নিশ্বাৰ্থ | অবিৰত ভাবে বৈ আছে,,,
- উম , আমাৰ দৰে,,,
মাজে মাজে নম্রতাই আকাশৰ মূৰত হাত বুলাই আছে |
- জান, তোমাৰ নিৰ্জনতা কেনে লাগে বাৰু ?
- বহুত ভাল লাগে,,,যত অকল তুমি মই
- উম , ময়ো বিছাৰো এটা নিৰ্জন পৰিবেশত তুমি আৰু মই থাকিম | কিছু দিন পাছত আহিৱ আমাৰ মাইনা |
- ধেত, পাগল ,,,
- মই যানো আমাৰ জীৱনত মাইনা আহিলে তুমি মোক মৰমে নকৰিবা,,,,
- কিয় নকৰিম , তোমাক বেছি কৰিম হৱ ?
ভাল নালাগে যানা
তুমি নাহাঁহিলে,,,
ভাল নালাগে যানা
তুমি নামাতিলে,,,,
লাহে লাহে সিহতৰ প্রেমৰ কথাবোৰ গোটেই গাওঁ খনত বিয়পি পৰিল | কথাবোৰ নম্রতাৰ দেউতাকৰ কানত পৰিল | কথা খিনি শুনাৰ লগে লগে তেওঁ খংত অগ্নিশৰ্মা হল |( Storyboard )
- নম্রতা ঐ নম্রতা
- দেউতা
- এইফালে আহ,,,মই যিবোৰ কথা শুনি আছো সেইবোৰ সচাঁ নে ?
- সচাঁ |
নম্রতাই কোনো ভয় নকৰাকে দেউতাকক উওৰ দিলে |
- কি ! তই যান নাযান যে আমি ব্রহ্মন সম্রদায়ৰ মানুহ |
- যানো দেউতা, কিন্তু প্রেমে এইবোৰ নামানে |
- কি ! তোৰ ইমান সাহশ হ'ল ন ? যা ওলাই যা ঘৰৰ পৰা |
দেউতাৰ কঠোৰ সিদ্ধান্ত বাইদেউ সহজতে মানি ললে | মা আৰু মই তাইক বাধা কৰিছিলো তাই নুশুনিলে |
নম্রতা আৰু আকাশ গাওঁ এৰি গুছি আহিল | আকাশে এটা ব্যক্তিগত কোম্পানীত কামত নিয়োজিত হল | প্রথমতে সিহতৰ সংসাৰ সুখতে চলি থাকিলে | জীৱনত সিহতে সকলোকে ত্যাগ কৰিলে | মাত্র দুয়ো দুয়োৰ মাজতে জীয়াই থাকিলে |
- আকাশ, মই মা হৱলৈ ওলাইছো |
- কি সচাঁ ?
- উম সচাঁ |
- মোক কিন্তু ছোৱালী লাগিৱ দে,,,,
- মোক ল'ৰা,,,
- না ছোৱালী,,,,
- না ল'ৰা,,,,
- থিক আছে ইয়াৰে এটা আঙুলিত ধৰা,,,
নম্রতা ধৰিলে |
- ইয়েচ ছোৱালী,,,,
- না নহৱ মোক ল'ৰা লাগিৱ ,,,,
আকাশে নম্রতাক জোৰকৈ বুকুৰ মাজত লৈ আহিলে |
-হৱ ভগবানে যি দিয়ে সেয়াই হৱ |
- মোৰ এটাই আশা তুমি মোৰ চকুৰ আগত সদায় এনেকে থাকা |
নম্রতাই আকাশৰ মৰমত হেৰাই থাকিল |
কিছুদিন পাছত সিহতৰ মাজত আহিল মামু | বৰ মৰম ল'গা | যেন সুখৰ মাজতে সিহতে উমলি থাকিৱ |
- আকাশ তুমি অভিমান কৰি আছা যে,,,
- নামাতিবা মোক !
- কি হ'ল তোমাৰ ?
- তুমি মামু আমাৰ জীৱনত অহাৰ পৰা মোক গুৰুত্বই নিদিয়া হ'লা,,,,
- ধেত অকৰাটো,,, আহাচোন মোৰ কাষত আহা,,,,
- নাযাওঁ ! মই মৰি যাম তুমি মামুৰ লগতে থাকিবা |
নম্রতাই মামুক বিছনাতে থৈ আকাশক মৰমৰে আলিংগন কৰি কলে,,,
- মোৰ শপত আৰু কেতিয়াওঁ অমংগলীয়া কথাবোৰ নকবা | আহাঁ মামু তোপনি গল আমি ভাতৰ যোগাৰ কৰো,,,,,
সময় বোৰ গৈ থাকিল | তেনেতে আহিল এটি অভিশপ্ত দিন | আকাশৰ এটা ডাঙৰ এক্সিডেন্ট হ'ল | হাস্পাতালতে পৰি আছে সি | সি মূৰত বৰ বেয়াকে আঘাট পাইছে |অপাৰেচন কৰিৱ | বহুত পইচাঁৰ প্রয়োজন | আকাশ অবিহনে নম্রতাৰ জীৱনত আৰু কোনো নাই | তাই য'ত যেনেকে পাৰে পইচাঁ সংগ্রহ কৰিলে |
- তোমাৰ চকুপানি খিনি শেষ নকৰিবা জান
- আকাশ,,,,
- মই আৰু বেচি সময় নাথাকো তুমি
- নাই আকাশ,,,,,
- তুমি মামুক চাবা,,তাইক মৰম কৰিবা দে নম্রতা,,,,
- নাই আকাশ তুমি মোক এৰি নাযাবা,,,
- নাই মোৰ সময় সমাগত,,,তুমি ভালকে থাকিবা দে জান, আমি আৰু কেতিয়াবা লগহম | তোমাৰ চকুপানি বোৰ শেষ নকৰিবা কিন্তু |
- মই বৰ অকলসৰীয়া হম অ আকাশ |
- আস ! জা,,,,ন ,,, ম,,,
- আকাশ ! তুমি নাযাবা ! মই কাৰ লগত থাকিম আকাশ | মোৰ আৰু কোনো নাই |
আকাশৰ মৃত্যু হ'ল | দাউ দাউকৈ জ্বলিল আকাশৰ চিতা |
কেতিয়াবা মোৰ
নিজকে ইমান,,,
অসহায় যেন লাগে,,,,
মামুক লৈ জীয়াই থাকিল নম্রতা,,,আকাশৰ স্মৃতিবোৰ বুকুত বান্ধি | মামুক স্কুলত দিলে আৰু তাই এটা অফিচত কামত নিয়োজিত হ'ল | ধুনীয়া বিধবা মহিলাবোৰ দেখিলে এচাম পুৰুষে বেয়া ইংগিত যিবোৰ তাইৰ একদম ভাল নালাগে,,,
আকাশক ভালকৰাৰ সময়ত তাই বহুতৰ পৰা পইচাঁ আনিছিল | যিবোৰ বিছাৰি মানুহ বোৰে তাইক আমনি কৰা কৰিলে | অশ্লীল কথা কৱ ল'লে | এইফালে তাইৰ সেই পইচাঁ ঘূৰাই দিৱলৈ সামৰ্থ ও নাছিল | সেয়েহে আজি তাই সেই পন্থা ললে | এখন পত্র লিখি থৈ গৈছিল তাই |
মমৰমৰ মামু,
মৰম লবা ! তুমি দুখ নকৰিবা, তোমাক জন্ম হে দিলো পালন কৰিৱ নোবাৰিলো | মোক ক্ষমা কৰিবা | মোৰ একো উপায় নাছিল| মানুহ বোৰৰ পইচাঁ ঘূৰাই দিৱ নোবাৰা বাবে মই দেউতাৰ কাষত গুছি আহিলো | তুমি নাযানা তুমি পঢ়া স্কুল খনত তোমাৰ মামা শিক্ষকতা কৰে | আৰু তোমাৰ মামাও তুমি মোৰ সন্তান বুলি নাযানে | এতিয়া মোৰ বিশ্বাস সি তোমাৰ দায়িত্ব লৱ যেতিয়া সি যানিৱ যে তুমি মোৰে সন্তান |
বিদায় মামু |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard ) কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment