শ্ৰুতিৰ আজি অফিচ বন্ধ আছিল। শ্ৰুতিয়ে পুৱা সোনকালে উঠি গা ধুই, তৈয়াৰ হৈ, পুৱাৰ জলপান খোৱাৰ পাছত, নিজৰ বেগটো ললে, তাতে দেখা পায় অংশুমানে কলে, মেডাম, পাহৰিলা নি আজি ৰবিবাৰ' হয়। মোৰ মনত আছে অংশু, মই মোৰ বান্ধৱী ৰেখাৰ ওচৰলৈ যাওঁ, দৰকাৰী কাম এটাৰ বাবে। অংশুৱে কলে, ঠিক আছে। শ্ৰুতি ঘৰৰ বাহিৰলৈ ওলাই আহি মনত পৰিল যে তাই গাড়ীৰ ছাবিটো ভিতৰতে এৰি থৈ আহিলে। শ্ৰুতিয়ে যেতিয়া ছাবি আনিবলৈ ভিতৰলৈ যায়, তেতিয়া তাই শাহুৱেকৰ মাতটো শুনে, "চোৱা অংশু, ঘৰৰ ছোৱালী নহয়, ঘৰখনৰ বোৱাৰী হয়। এয়াও কিবা কথা হয় নে, জিনচ টপ পিন্ধিলে, গাড়ী ছাৱিটো ললে আৰু ওলাই গল। না ডাঙৰৰ কোনো সন্মান কৰিলে নে! লাজ কৰিলে!"( Storyboard )
অংশুৱে কলে, মা তুমি কোনখন পৃথিৱীত জীয়াই আছা। আজিকালি সকলো ছোৱালীয়ে জিনচ টপ পিন্ধে। আৰু ভন্টিয়েও পিন্ধে, তাইকটো তুমি একো নোকোৱা! অংশুৰ মাকে কলে, তোমাৰ ভন্টি এতিয়া আনৰ ঘৰৰ হল। তাই এতিয়া যি কৰে, তাত এতিয়া মোৰ কবলগীয়া একো নাই। আৰু এয়া আজিকালি তোমাৰ হৈছে কি অংশু! বিয়াৰ এই দুদিনতে তুমি শ্ৰুতিৰ প্ৰতি কথাতে হয়ভৰ দিব ললা। সেই সময়তে অংশুৰ দেউতাকে কলে, মনে মনে থাকা আৰু মলয়া। কিয় তুমি নিজৰ লগতে আমাৰো মূৰটো বেয়া কৰিছা। তুমি এগৰাকী শিক্ষীত মহিলা, নতুন প্রজন্মৰ লগত আগবাঢ়িবলৈ শিকা। ইমান ভাল আৰু মৰমৰ বোৱাৰী পাইছা, তাইৰো সন্মান কৰা। শ্ৰুতিয়ে মনে মনে ছাবিটো ললে আৰু বাহিৰলৈ ওলাই আহিল। শহুৰ দেউতাকৰ কথা শুনি তাই বৰ ভাল পালে। শ্ৰুতি এয়াৰপৰ্ট পালেগৈ। অনন্যাৰ ফ্লাইট আধা ঘন্টা পলম আছিল। তাই চকিত গৈ বহিল আৰু চকু দুটি বন্ধ কৰি বিচাৰৰ সাগৰত উটি ভাহি গল।
অংশুমানৰ লগত তাইৰ বন্ধুত্ব পষ্ট গ্ৰেজোৱেচনৰ অন্তিম বৰ্ষত হৈছিল। কিছু দিনৰ বন্ধুত্ব ভালপোৱা লৈ পৰিনত হৈছিল। আমাৰ দুয়োৰে গুৱাহাটীৰ বেলেগ বেলেগ কোম্পানিত চাকৰি হল। চাকৰি পায়ে অংশুমানে মাক দেউতাকক লগত লৈ আমাৰ ঘৰলৈ আহিল মোক বিচাৰি আৰু কেতিয়া আমাৰ বিবাহ হৈ গল, একো ধৰিবলৈ কে নোৱাৰিলো। চকুত বহু সপোন লৈ শ্ৰুতি অংশুৰ ঘৰলৈ আহিল। বিয়াৰ পাচত আমি দুয়ো ৪,৫দিনৰ বাবে আন এখন ঠাইলৈ ফুৰিবলৈ যাবলৈ ওলাইছিলো। আবেলিৰ সময় আছিল, শ্ৰুতিয়ে নিজৰ কোঠাত কাপোৰ পেকিং কৰি আছিল। তেনেতে শাহু মায়ে অংশুক নিজৰ কোঠালৈ মাতিলে। কিছু সময়ৰ পাছত যেতিয়া অংশু নিজৰে কোঠালৈ আহিল তেতিয়া তাৰ মুখ মণ্ডল সেমেকি আহিছিল।অংশু চিন্তিত হৈ পৰিছিল। শ্ৰুতিয়ে কিবা সোধাত সি উচাত মাৰি কলে, শ্ৰুতি, মায়ে আমাক ফুৰিবলৈ যাবলৈ মনা কৰিছে। কিন্তু কিয়! শ্ৰুতি আচৰিত হৈ পৰিল! তেওঁ কৈছে যে, গুৱাহাটী তো অকলে থাকিবা, আকৌ ফুৰিবলৈ যাবলৈ কিয় লাগিছে! এইকেইদিন তেওঁলোকৰ লগতে থাকিলেও, তেওঁলোকে ভাল পাব। অংশু, কিন্তু গুৱাহাটীত অকলে থকা আৰু এতিয়া ফুৰিবলৈ যোৱা মাজত বহুত পাৰ্থক্য আছে! শ্ৰুতিয়ে কলে। আৰু আমাৰ সকলো বোকিংও হল। শ্ৰুতিৰ নিৰাশ মাতত, অংশু আৰু চিন্তিত হৈ পৰিছিল। মোৰ লগতে দেউতায়েও মাক বহুত বুজাইছিল, কিন্তু! শ্ৰুতিৰ চকুত খং আৰু মনত সিংহাৰ ভাৱ আহিল। খংতে, শ্ৰুতিয়ে বেগৰ পৰা কাপোৰ বোৰ ওলিয়াই পেলালে। সেই সময়তে শ্ৰুতিৰ মনলৈ শ্ৰুতিৰ মাকে কোৱা কথা এষাৰ তাইৰ মনত পৰি গল। শ্ৰুতিৰ মাকে কৈছিল, শ্ৰুতি, ছোৱালী এজনী বিয়াৰ পাচত নিজৰ শহুৰেকৰ ঘৰত যিমান সোনকালে মিলিজুলি যাব পাৰে, সেয়া ছোৱালীজনীৰ নিজৰ বিবেক, চিন্তা ধাৰা, ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্বাস, মৰম ধৈৰ্য্যৰ দ্বাৰা সম্বন্ধ এটাক কটকটীয়া কৰি তুলে। সেয়ে শ্ৰুতিয়ে নিজকে সহজ কৰি তুলিলে, আৰু এটা চেচা হাঁহিৰে কলে, অংশু তুমি চিন্তা নকৰিবা। আমি গুৱাহাটীলৈ গলে কেতিয়াবা বাহিৰলৈ ফুৰিবলৈ যাম। কিন্তু গুৱাহাটীলৈ যোৱৰ পাচতো অংশু আৰু শ্ৰুতিয়ে বাহিৰলৈ ফুৰিবলৈ যাবলৈ পৰা নাছিল। কাৰণ বিবাহৰ বাবে লোৱা চুটিত অফিচত কাম বহুত বাঢ়ি গল। বিয়াৰ পাচত তেনেকৈ ফুৰিবলৈ যোৱাৰ আনন্দ উপভোগ কৰিবলৈ নাপালে শ্ৰুতিয়ে। অংশুৰ ঘৰৰ পৰা গুৱাহাটীলৈ যোৱা দুমাহ সম্পূর্ণ হৈছিল। শ্ৰুতি আৰু অংশুৰ গৃহস্থী জীৱন কামৰ মাজতে ব্যস্ত হৈ পৰিল। অংশু বহুতে ভাল আছিল, অংশুৱে ঘৰৰ কাম কাজত শ্ৰুতিক সহায় কৰি দিছিল। শ্ৰুতি আৰু অংশুৰ মাজত ভাল বুজা বুজি আছিল।
এদিনাখন দেউতায়ে ফোন কৰি জনালে যে, তেওঁলোক দুয়ো গুৱাহাটীলৈ গৈ আছে। দেউতাকৰ কথা শুনি শ্ৰুতি বহুত সুখী হৈ পৰিছিল। তেতিয়া শ্ৰুতিয়ে ভাৱিলে কোনেও গম নোপোৱাকৈ, তাইৰ নন্দেক অনন্যাকো গুৱাহাটীলৈ মাতি পথিয়াই। অনন্যা আহিলে মা দেউতা আৰু অংশু সুখী হব। শ্ৰুতিয়ে, অনন্যালৈ ফোন কৰিলে আৰু অনন্যাই পাঁচদিনৰ পাচত অহাৰ কথা জনালে। মাক দেউতাক আহি পালেহি। শ্ৰুতিয়ে সেইবাবে দুদিনৰ চুটিও ললে। কাৰণ আহিয়েই তেওঁলোকে যাতে অকলশৰীয়া অনুভৱ নকৰে। শ্ৰুতি বহুত সুখী হৈছিল। তাই, তেওঁলোকক প্ৰতি পলতে সুখী কৰি ৰাখিবলৈ বিচাৰিছিল। কিন্তু শাহু মাকৰ মন শ্ৰুতিৰ বুজি পোৱাত টান হৈ পৰিছিল। শাহু মাকে প্ৰতি সময়তে শ্ৰুতিৰ দুখ বিচাৰি ফুৰিছিল। আৰু অলপ কিবা সুবিধা পালেই মাকে শ্ৰুতিক কথা শুনাই ৰৈছিল। আৰু অংশুৱে ঘৰৰ কামক শ্ৰুতিক সহায় কৰাটো মাকে পচন্দ কৰা নাছিল।( Storyboard )
এদিন পুৱা অফিচ যোৱাৰ আগতে শ্ৰুতিয়ে সকলোৰে বাবে ৰুটি বনাই আছিল। তেতিয়া অংশুৱে কলে, মই ৱাচিং মেচিনৰপৰা কাপোৰ ওলিয়াই মেলি দিছো। অংশুৱে চতৰ ওপৰত কাপোৰ ৰদত দি আছিল। মাকে ৰব নোৱাৰিলে আৰু তেওঁ চতলৈ গৈ কলে, অংশু , এয়া কি কাপোৰ তুমি ৰদত দিছা! অংশুৱে কলে, এয়ানো কি ডাঙৰ কথা হল মা! শ্ৰুতিয়ো বহুত ব্যস্ত থাকে। যেতিয়া আমি দুয়োয়ে ধন ঘটো, তেতিয়া ঘৰৰ কামো আমি দুয়োয়ে মিলিজুলি কৰিব লাগিব। মাকে কলে, বৰ ভাল, তুমিটো এতিয়া বৰ বুজি পোৱা হলা। কিন্তু প্ৰথমে তুমি এয়া কাম কেতিয়াও নকৰিছিলা, মোকটো কেতিয়াও তুমি কামত সহায় কৰি দিয়া নাছিলা! অংশুৱে কলে, মা তুমি এয়া কি কথা কৈছা! হব বাৰু, এইবাৰ যেতিয়া ঘৰলৈ যাম, ঘৰৰ সকলো কাম মইয়ে কৰিম। তুমি কেৱল বিচনাতে বহি আদেশ কৰিবা। মাকক সাৱটি ধৰি অংশুৱে হাঁহি দিলে। এই সকলোবোৰ শ্ৰুতিৰ বৰ বেয়া লাগিছিল। শাহু মাকৰ এই ব্যৱহাৰে তেওঁৰ অহাৰ সকলো সুখ নাইকিয়া কৰি পেলাইছিল। এতিয়া শ্ৰুতিৰ চিন্তা হৈছিল যে, কিয় তাই অনন্যাক মাতি পথিয়ালে। যেতিয়া মাকৰ অকলে এই অৱস্থা, যেতিয়া মাকৰ লগত জীয়েকো হব, তেতিয়া কি হব! অনন্যাইটো মাক মোৰ কথা আৰু লগাব! কিয়নো তাই মোৰ নন্দেক হয়। কিন্তু এতিয়া আৰু একো কৰিব পৰা নাযায় কাৰণ শৰ ধনুৰ পৰা ওলাই গৈছিল। ফ্লাইট আহি পালেহি, বাহিৰলৈ আহি অনন্যই শ্ৰুতিক সাৱটি ধৰিলে। অনন্যাক দেখা পায় ঘৰখনত আনন্দৰ লহৰ উঠিল। অংশুৱে হাঁহি মাৰি কলে, শ্ৰুতিয়ে মোকো একো কোৱা নাছিল। তোমালোক দুই জনীয়ে আমাক বহুত ধুনীয়া উপহাৰ দিলা,অংশুৰ দেউতাকে কলে।
অনন্যাই কলে, এই সকলোবোৰ বুদ্ধি তোমাৰ বোৱাৰীৰ হে পাপা। শ্ৰুতিয়ে মোক তোমালোকে নজনাকে আহিবলৈ কলে। অনন্যাৰ উত্তৰত, দেউতাকে মাকৰ ফালে এনেদৰে চালে, আৰু বুজালে যে, চোৱা তোমাৰ বোৱাৰীৰ কাম। দুপৰীয়া সকলোৱে ডাইনিং টেবুলত দুপৰীয়া আহাৰ গ্ৰহণ কৰি আছিল, অংশুৱে বেঙেনাৰ ভাজি খোৱা দেখি, মাকে ৰব নোৱাৰিলে আৰু কলে যে, এয়া কি অংশু! তই বেঙেনাৰ ভাজি খাইছ! বিয়াৰ আগতেটো তই বেঙেনা ফালে চকু নিদিছিলি! হব পাৰে শ্ৰুতিয়ে বেঙেনা ভাল পাই, সেইবাবে। মাকৰ এনে কথা দেউতাকে ভাল নাপালে আৰু তেওঁ ফটকে কলে, অংশু, মোৰ তোমালোকৰ ইজনে আনজনক সহায় কৰা, তোমালোকৰ মাজত বুজা বুজি দেখা পায়, মই বহুত সুখী হৈছো। নিজৰ জীৱন লগৰীয়াৰ সৰু সৰু কথা নিজৰ কৰি লোৱা, সম্বন্ধক শক্তিশালী কৰি তুলা বেটা। দেউতাকৰ কথা শুনি মাকে ভালপোৱা নাছিল আৰু শ্ৰুতিয়ে মিচিকিয়া হাঁহি মাৰিলে। অনন্যা এসপ্তাহৰ বাবে গুৱাহাটীলৈ আহিছিল। সেইবাবে অংশু আৰু শ্ৰুতিয়ে অফিচৰপৰা চুটি ললে। যাতে সকলোৱে ফুৰিবলৈ যাব পাৰে। এদিন পুৱা শ্ৰুতিৰ লগত অনন্যাই পাকঘৰত পুৰি বনাই আছিল। কথাৰ মাজতে অনন্যই শ্ৰুতিক কলে, বৌ মই অহাৰপৰা দেখা পাইছো, মায়ে তোমাক কিবা এটা নহয় কিবা এটা কথা শুনায়ে থাকে। কিন্তু তুমি মাৰ কথাবোৰ ধৰি নাথাকিবা। তেওঁ মনৰপৰা বহুত ভাল। শ্ৰুতিয়ে কলে, অনন্যা, মই কাৰোবাৰ মনৰ বিষয়ে টো নাজানো,কিন্তু যেনে ব্যৱহাৰ মোৰ লগত হব, সেই তেনে ধৰণৰ আচৰণ মোৰ মনটোৱে কৰিব। সচাঁ কবলৈ গলে, কেতিয়াবা মোৰ মাৰ কথাত বৰ দুখ পাওঁ। কিন্তু আকৌ ভাৱো এগৰাকী মাকে বহু সপোনেৰে নিজৰ লৰাৰ বিয়া কৰোৱাই। এয়াই কাৰণ হব পাৰে তেওঁৰ মনত সোমাই থকা অলেখ চিন্তা ভাৱনা! যে তেওঁৰ পুত্র তেওঁৰ পৰা আঁতৰি নাযায়। আৰু ইয়াৰ ভয়তে নিবিচাৰে চাগে, পুতেকে বোৱাৰীয়েকৰ বেছি সহায়তা কৰাটো।
শ্ৰুতিৰ কথা সম্পূর্ণ নহওতেই , মাকে চিঞঁৰা শুনা পালে। দুয়ো মাকৰ মাত শুনা পায় পাকঘৰৰ পৰা দৌৰি আহিল। বাথৰূমৰপৰা ওলাই আহোতে মাকে পিচল খালে, আৰু দুৱাৰত খুন্দা খোৱাৰ বাবে মূৰৰ পৰা মাকৰ তেজ ওলাইছিল। তাহাঁতি দুয়োজনী বৰ ভয় খালে। দেউতাকে ধৰি লৈ মাকক চকিত বহালে। আৰু ডেটল আনি শ্ৰুতিয়ে মাকৰ দুখ পোৱা ঠাই দোখৰ চফা কৰি দিলে। আৰু বেন্দেচ কৰি দিলে। শ্ৰুতিয়ে কলে, মা আপুনি ভয় নকৰিব। মোৰ লগত আপুনি হস্পিটাললৈ বলক, মই স্কুটি ওলিয়াইছো। কিন্তু মাকে কলে, শ্ৰুতি, অংশু আহিলে মই তাৰলগতে হস্পিটাললৈ যাম। শ্ৰুতিয়ে কলে, মা অংশু গাড়ী চাৰভিচিংৰ বাবে গৈছে। কিমান দেৰি হয়, কোনো ঠিক নাই । আপুনি মোৰ লগত বলক। হস্পিটালৰপৰা ঘূৰি অহাৰ পাচত অংশুমানো ঘৰ আহি পালেহি। আৰু মাকক এনে অৱস্থাত দেখা পায় সুধিলে, মাৰ কি হল আকৌ!
মাকে কলে, কতা একোটো নাই।।অলপ দুখ পালো।দোৱাৰতে খুন্দা খাইছিলো। মাকৰ প্ৰতি পুতেকৰ চিন্তা দেখা পায়, মাক সুখী হৈছিল। অংশুৱে কলে, মা তুমি আৰাম কৰা। এতিয়া ফুৰিবলৈ যোৱা নহব। মাকে কলে, কিয় ফুৰিবলৈ নাযাম! মই সম্পূর্ণ ভালে আছো। আৰু বাৰে বাৰে অনন্যা গুৱাহাটীলৈ আহিব নোৱাৰিব নহয়। অনন্যাৰ মন একেবাৰে নাছিল কিন্তু আমাৰ লগত ফুৰিবলৈ গল।।আবেলি সকলো ঘূৰি আহি চাহ খায়, শ্ৰুতি আৰু অংশু নিজৰ কোঠাত আৰাম কৰি আছিল।। অংশু টুপনি গৈছিল কিন্তু শ্ৰুতিয়ে বিচনাতে পৰি আছিল। সেই সময়ত মাক দেউতাক আৰু অনন্যাই আলহী কোঠাতে কথা পাতি আছিল। অনন্যাই কলে, তুমি দেখিলানে মা, বৌক! বৌৰ কিমান তোমালৈ চিন্তা!
কিন্তু তুমি সদায়ে, বৌৰ মাজত দুখ বিচাৰি থাকা। দাদা বৌৰ মাজত বেয়া কৰিবলৈ বিচাৰা। তোমাৰ এই ব্যৱহাৰে থাকিলে কিন্তু তোমালোকৰ সম্বন্ধৰ মাজত ফাঁট মেলিব। বৌ আৰু দাদাৰ সম্বন্ধৰ মাজতো দূৰত্ব আহিব। তেতিয়া এই সকলোবোৰ তুমি ভাল পাবানে! দেউতাকেও দীঘল হুমুনিয়াহ কাঢ়িলে আৰু কলে, বাদ দিয়া অনন্যা, তোমাৰ মাক বুজাই লাভ নাই। সচাঁটো কলে, তোমাৰ মাৰ দুটা ৰূপ আছে। নিজৰ ছোৱালীৰ সন্মুখত এটা ৰূপ আৰু বোৱাৰী সন্মুখত আনটো ৰূপ। তোমাৰ বিয়াৰ পাচত, তোমালোক ফুৰিবলৈ যাওঁতে এও কিমান সুখী হৈছিল। কিন্তু বোৱাৰীয়েকক বিয়াৰ পাচত তেনেকৈ ফুৰিবলৈ যাবলৈ নিদিলে।জোঁৱায়েকে জীয়েকৰ সহায় কৰিলে এও সুখী কিন্তু পুতেকে বোৱাৰীয়েকৰ সহায় কৰিলে এও অলপো সহ্য কৰিব নোৱাৰে। তেতিয়া পুতেকক বোৱাৰীলৈ ভয় কৰে বুলি কয়। অনন্যা তুমি ঘৰলৈ গলে, তোমাক পাকঘৰলৈ যাবলৈকে নিদিয়ে। কিন্তু ইয়াত পাকঘৰত ভৰি থবলৈকে যোৱা নাই। ইয়ালৈ অহা ইমান দিনে হল কিন্তু আজিলৈ পুতেক বোৱাৰীয়েকক তাহাঁতৰ পচন্দৰ কিব বনাই খোৱালেনে! অনন্যাই অলপ সময় মনে মনে থাকি কলে, মা মোৰ বিশ্বাস হোৱা নাই যে, তুমি এনে কৰিব পাৰা। এতিয়া সেয়া দিন গল।
শাহুৱেকে বোৱাৰীয়েকৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিছিল। যিমানে মহিলাসকল পঢ়া শুনা কৰি আগবাঢ়ি গৈছে, সেইদৰে সম্বন্ধকো চিনি পোৱা হৈছে। আজিকালি শাহুৱেকে সেই পুৰণি শাহুৱেকৰ মুখা আৰু সেই ঠাই ললে এগৰাকী পঢ়া শুনা জনা জ্ঞান থকা মহিলায়ে। যি নিজৰ বোৱাৰীয়েকৰ বাবে সমানে ভাল যিমান নিজৰ ছোৱালীৰ বাবে। এইবাবেই আজিকালি শাহু বোৱাৰীয়েকৰ মাজত বান্ধৱীৰ দৰে এটা সম্বন্ধ। মা সৰু সৰু কথাই, জীৱনত বহুতো মহত্ব ৰাখে। ইয়াৰ দ্বাৰা সম্বন্ধত ওচৰলেও আনে আৰু দূৰত্বও বাঢ়ে। দেউতাকে কলে, যদি তোমাৰ শ্ৰুতিৰ প্ৰতি এনে ব্যৱহাৰে থাকে, তেনেহলে শ্ৰুতি ঘৰলৈ যাব বিচাৰিব, নে তোমাক ইয়ালৈ মাতিব। আমি আজিকালি প্ৰজন্মক দুখ দিও যে তাহাঁতি পৰিয়ালৰ লগত থাকিবলৈ নিবিচাৰে! কিন্তু ইয়াৰ এটা কাৰণ আমাৰ ব্যৱহাৰো হয়। এগৰাকী নাৰীৰ কিমান ৰূপ হয়, নাৰী এগৰাকী কাৰোবাৰ ছোৱালী,কাৰোবাৰ প্ৰতিবত্ৰা পত্নী। মমতাময়ী মা হলে, শাসন কৰা শাহু হয়। কিন্তু কিছুমান ভুল ধাৰণাৰ বাবে না ৰীসকলে এই ভুমিকাক পালন কৰিবল পিচ পৰি ৰয়।
মাকে কলে, মই তোমালোক দুয়োৰে কথা ভালদৰে বুজিলো। আৰু সচাঁ কবলৈ গলে এই কথা পুৱাৰ পৰা মোৰ অনুভৱ হৈছে, যে মই ভুল কাম কৰিছো।এনে কৈয়ে মাকৰ মাত সেমেকি গল। পাচদিনা পুৱাই এক নতুন ৰং লৈ আহিল। নিজৰ প্ৰতি মাকৰ মৰমৰ ব্যৱহাৰ দেখা পায় শ্ৰুতিয়ে ভাবি ৰৈছিল, নিজকে সলনি কৰাটো কোনো কঠিন কাম নহয়, কিন্তু প্ৰয়োজন হয় যে নিজৰ দৃষ্টি শক্তি আৰু ইচ্ছাশক্তিক সলনি কৰাটো। অনন্যাক ইয়ালৈ মাতি অনাটো কিমান শুদ্ধ হল, এই কথা এতিয়া শ্ৰুতিয়ে অনুভৱ কৰিলে।অনন্যাই নিজৰ বুজি পোৱা জ্ঞানেৰে এই কথা বুজাই দিলে যে, আজিকালি শিক্ষিত বোৱাৰী আৰু শাহুৰ সম্বন্ধই জীৱনলৈ বহুতো পৰিৱৰ্তন আনিব পাৰে।।
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই এই গল্পটো আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment