ৰিকিৰ আজি অফিচৰ প্ৰথম দিন আছিল। ৰাতিপুৱাৰ পৰা যে কিমান কাপোৰ তাই উলিয়াই আছিল।কেতিয়াবা চুলি খুলি চাইছিল আৰু কেতিয়াবা বান্ধিছিল ।গৰিমা বা অলপ চাই দিয়া না কাপোৰৰ সৈতে মিলা গহনা ।মই একো বুজি নাই পোৱা কি পিন্ধিম আজি ।( Storyboard )
ধেত পোৱাালী, তই বহুত অশান্তি কৰ। অফিচলেহে যাবি যিকোনো কাপোৰ পিন্ধি যা আৰু কিনো হ'ব। কোনোবা ল'ৰাই তোক চাবলৈ আহিব নেকি যে তই ইমান সাজি কাচি অফিচলৈ যাবলৈ লৈছ।
কিনো বা! সকলো সময়ত একেটাই কথা।ল'ৰা ঘৰৰ মানুহ আহিলে মই ঘৰৰ আটাইতকৈ লেতেৰা কাপোৰ জোৰ পিন্ধিম আৰু তেওঁলোকৰ সন্মুখলৈ যাম। বিয়া কৰাব আছে যদি কৰিব , নাই যদি নালাগে কৰিব মই যেনেকৈ আছো তেনেকৈয়ে থাকিম।
তেন্তে অফিচলৈ যাবলে কিয় নিজকে সলনি কৰিছ পোৱাালী? পিন্ধি যা না এই ঘৰৰ কাপোৰবোৰেই।মই তোৰ কাৰণে দুপৰীয়া আহাৰ পেক কৰি আনো ৰ'হ অলপ সময়। গৰিমা বায়ে নো ক'ত জানিছিল যে তাই যে,তাইৰ পোৱালীয়ে প্ৰথম দিনাই সকলো ধৰণে সকলোৰে ওপৰত নিজৰ প্ৰভাৱ পেলাব বিচাৰিছিল। কিয়নো বেংকৰ মেনেজাৰ হয় গৈছিল তাই।
কিহত যাবি তই , প্ৰকাশ দাক কৈ দিম নি অফিচ যাওতে তোক ৰাস্তাত থৈ যাবলে।
নালাগে দে গৰীমা বা তেওঁৰ স্কুটাৰত গ'লে কাইলৈহে গৈ পাম। অ'লা কেব বুক কৰি গুছি যাম , প্ৰথম দিনাই পলম হোৱাতো নিবিচাৰোঁ।
আচ্ছা..হ'ব দে যি মন যায় কৰ। কিন্তু মনত ৰাখিবি সৰুৰ পৰা তই সদায় পৰীক্ষা দিবলৈ প্ৰকাশ দা স্কুটাৰতে বহি যাৱ আৰু এই বেংকৰ পৰীক্ষাও তোক প্ৰকাশ দাৰ স্কুটাৰেই পাচ কৰালে।
কিনো বা? এইটো মোৰ নিজৰ কষ্টৰ ফল কোনো স্কুটাৰে পৰীক্ষা পাছ কৰাই নিদিয়ে। কিন্তু তুমি নোবোজা।তোমাৰ সকলো কাম ঈশ্বৰক হাত জোৰ কৰিলেই হৈ যায়।কিন্তু মই কঠোৰ পৰিশ্ৰম কৰিছো, মোৰ কঠোৰ পৰিশ্ৰমৰ ভাগ স্কুটাৰখনক দিব নোৱাৰো।ৰিকিয়ে তাইৰ পাৰ্চটো লৈ ঘৰৰ পৰা ওলাই যায়। দৈ আৰু চেনী খাই যা আজি তোৰ প্ৰথম দিন নহয় অফিচত। হেই বা এতিয়া তুমি খোৱা, মোৰ পলম হৈছে। দুয়োজনীৰে স্বভাৱ বহুত বেলেগ আছিল এজনী গহীন গম্ভীৰ আৰু সকলো দায়িত্ব লব পৰা আৰু আন জনী বতাহত উৰি ফুৰা পখিলা দৰে যাৰ উৰণৰ কোনো সীমা নাছিল।
সোনকালে চলোৱা না গাড়ী,গাড়ী চলাইছা নে চাইকেল চলাইছা। আজি পামগে নে।আইনাত নিজকে চাই বকি গৈ আছিল। মেডাম, চাওক কিমান জাম, এতিয়া মই গাড়ীখন উৰাইলৈ যাম নেকি?উফ, এই গুৱাহাটীৰ যান-বাহন। আচ্ছা এতিয়া বলা কথা বনাব নালাগে। আজি প্ৰথমবাৰৰ বাবে এচ.দি.এফ.চি বেংকলৈ গৈ আছিল ৰিকি আৰু সেইয়াও মেনেজাৰ হৈ। লিফ্টতটো আইনাত নিজকে চাই আছিল যাতে কতো ভুল থাকি নাযায়। লিফ্টটৰ পৰা নামি দুৱৰাৰ মুখ পাওঁতে নিজেই দুৱাৰ খন খোল খাই গ'ল। বাহ এনেকুৱা তাই ইংৰাজী চিনেমাত হে দেখিছিল। অফিচত সোমাৱা লগে লগে চকিদাৰজনে তাইৰ বস্তুবোৰ লৈ ল'লে আৰু তাৰ কৰ্মচাৰী এজনে আগবাঢ়ি আহি তাইক ফুলৰ থুপা এটা আগবঢ়ায় দি আদৰণি জনালে। মোৰ নাম প্ৰণৱ মেডাম এবছৰৰ পৰা ইয়াতে কাম কৰি আছোঁ। আহক আপোনাৰ পৰিচয় সকলোৰে লগত কৰাই দিও। এইয়া মিনালি এইয়া নিশা এইয়া পুনী আৰু এইয়া আদিত্য আমাৰ বেংকৰ জ্যেষ্ঠ কৰ্মচাৰী, এইয়া ৰাহুল আৰু এইয়া মনোজ........
সকলোৰে লগত আত্মীয়তাৰে কথা পাতি হাত মিলাই পূৰবৰ লগত চিনাকি কৰোৱাত ৰিকি ৰৈ গ'ল আৰু কেৱল নমস্কাৰ এটা দি খৰখেদাকৈ ক'লে, প্ৰণৱ কাম আৰম্ভ কৰো নেকি চিনাকিটো হৈ যাব । বেংকৰ গ্ৰাহকহে আমাৰ প্ৰথম দায়িত্ব।একো কাৰণতেই তেওঁলোকৰ অসুবিধা হ'ব নালাগে।
পূৰবে হাত জোৰ কৰি মেডামৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি থাকিল।কিন্তু মেডাম অৰ্থাৎ ৰিকিয়ে তেওঁক অকনো গুৰুত্বই নিদিলে।
প্ৰণৱ: আহক মেডাম আপোনাক আপোনাৰ কোঠাটো দেখাই দিওঁ । তাৰ পাছত ৰিকি প্ৰণৱৰ পিছে পিছে গ'ল।
নিজৰ কোঠাত সোমাই ৰিকিয়ে প্ৰণৱৰ পৰা কামৰ বিষয়ে সকলো বুজি ল'লে আৰু নিজৰ কামত লাগি গ'ল । কেতিয়ানো দুপৰীয়া আহাৰ খোৱা সময় হ'ল গমেই নাপালে। গোটেই কৰ্মচাৰী এটা ৰুমত দুপৰীয়া আহাৰ খাবলৈ গোট খালে আৰু প্ৰণৱে ৰিকিক মাতিবলৈ আহিলে, আহক মেডাম আমাৰ লগত দুপৰীয়া আহাৰ গ্ৰহণ কৰক।
ৰিকি সেই ৰুমটোলে আহিলে, দিনটো কামত ব্যস্ত কৰ্মচাৰী সকলে ফুৰ্তিতে হাঁহি মাৰি আছিল আৰু পূৰবৰ পিছত লাগি আছিল যেন তাৰ টিফিনত অমৃত হে আছিল। সকলোৱে নিজৰ নিজৰ টিফিন ভাগ কৰি খালে। কিন্তু কোনেও এইটো অনুভৱ নকৰিলে যে ৰিকিয়ে পূৰবৰ টিফিন খোৱা নাছিল।
হয় পূৰবৰ অলপ কথা কোৱা সুৰ বেলেগ ধৰণৰ,স্বভাৱটো বেলেগ ধৰণৰ কিন্তু বহুত সন্তোষ, মিঠা মাতে আৰু কৰ্মপতোতাৰে সকলোকে সহযোগ কৰে।গোটেই কৰ্মচাৰী বোৰে তাক বহুত সন্মান দিয়ে ।বয়সত হয়তো বেছি ডাঙৰ নহয় চাৰি, পাঁচ বছৰমানহে ডাঙৰ হ'ব বাকী কৰ্মচাৰী সকলতকৈ। কিন্তু ৰিকিৰ প্ৰথম দিনৰ পৰাই পূৰব থকাৰ বাবে ভাল লগা নাছিল।
অফিচৰ পৰা ঘৰলৈ আহি ৰিকিয়ে বেগতো বিছনাত দলিয়াই দিলে আৰু ক'লে গৰীমা বা চাহ দিবা নেকি অফিচৰ যিহে চাহ খাই খাই মূৰতো গৰম হৈ গ'ল।
ৰ'হ ৰ'হ দিছোঁ তোৰ আদা, জালুক আৰু বেছি চেনি দিয়া চাহ।
কেনেকুৱা আছিল আজি দিনতো ৰাজনন্দিনী । আজিটো কাম কৰিব লগা হ'ল তই,কেনেকুৱা আছিল প্ৰথম দিন অফিচৰ।
গৰীমা বায়েকৰ মুখৰ পৰা উলোৱা এই ৰাজনন্দিনী নামটো শুনি তাই লাগি আহিছিল। তুমি নহয় বা মোৰ অকল বেয়াটোকে দেখি থাকা অলপ ভাল গুণবোৰ ও চাবলৈ চেষ্টা কৰিবা।
এতিয়া কোৱা চাহ খাও নে নিজেই বনাই লও। ইমান খং ক'ৰ পৰা ভৰাই আনিছ ৰিকি? এনেই চোন ৰাজকুমাৰী বুলি ক'লে কৈছিলি,অ' হয় মই ৰাজকুমাৰী আৰু তহঁতি মোৰ গোলাম বুলি। আজি কি হ'ল তোৰ?
অফিচত কিবা হ'ল নেকি? সকলোবোৰ ঠিকেই আছে ন? অ' সকলো ঠিকেই আছে? কি হ'ব অফিচত? যি হ'ব বাকীবোৰৰ লগত হ'ব মই বছ হয় তাৰ বছ। এতিয়া শুই লওঁ অলপ যদি আদেশ কৰা, বহুত ভাগৰি গৈছো।
ঠিক আছে তই আৰাম কৰ মই ভাত বনাই লওঁ, কি খাবি? একো নবনাবা বা আজি বাহিৰলৈ খাবলৈ যাম। কিবা চাইনিজ খাম আজি ।
আচ্ছা ঠিক আছে দেউতাক ফোন কৰি দিওঁ আৰু মাক উলাবলৈ কৈ দিওঁ।
ঠিক আছে বা কৈ দিয়া এঘন্টা ভিতৰত উলাবলে।
উঠ, ৰিকি সকলোৰে উলাই হ'ল আৰু মায়ে ডাইবেটিচৰ পিল ও খাই ল'লে। দেউতাও চচমা পিন্ধি উলাই বহি আছে কেঁচু খাবলৈ।
ছিঃ বা কেঁচু নহয় নুডুলচ কয় সেইবোৰক, কিমানবাৰ কম। মোক নহয় দেউতাক বুজা কেঁচু নহয় নুডুলচ বুলি এনেদৰে কৈ হাঁহি হাঁহি গৰীমা বা ৰুমৰ পৰা বাহিৰলে উলাই গ'ল।
মেডম আপুনি ইয়াত যে?ৰিকিয়ে প্ৰণৱক ক'লে, একো নাই ইনেই পৰিয়ালৰ লগত ৰাতিৰ আহাৰ খাবলৈ আহিছো।এইয়া মা - দেউতা আৰু এইয়া গৰীমা বা।
নমস্কাৰ খুৰা -খুৰী, নমস্কাৰ বা।
অহা তুমিও আমাৰ লগতে ৰাতি আহাৰ খাই যোৱা।
আজি ৰিকিয়ে কেঁচু খোৱাবলৈ লয় আনিছে আমাক।
দেউতা হ'ব আৰু নুডুলচ বুলি কৈছিলো নহয়। দেউতাই হাঁহি মাৰি ক'লে তইটো আমাক ছয় মাহ মানৰ পৰাই কৈ আছ কিন্তু আমি শিকিবয়ে নিবিচাৰোঁ বুলি কৈ পিঠিত ধকা মাৰি হাঁহিলে।
নালাগে খুৰা আজি অলপ সোনকালেই যাব লাগে মই যাও। পিছত আকৌ লগ পাম নমস্কাৰ। মায়ে সুধিলে কোন হয় এই ল'ৰা জন,তোৰ লগৰ অফিচৰ নে বহুত সংস্কাৰী ল'ৰা যেন লাগিছিল, দেখিলি কেনেকৈ নমস্কাৰ দিছিল সকলোকে।
তোৰ কেনেকুৱা লাগে ৰিকি? মা হব আৰু তোমাৰ বিয়া বাদে বেলেগ চিন্তা আছে নে মোৰ কৰিবলৈ বহুত আছে আৰু এখন বিয়া কৰাই কি হ'ল দেখিলা নহয় ।তোমাৰ শান্তি নহ'ল আৰু যে মোৰ লগত লাগি আছা।
গৰীমাৰ চেহেৰাটো শুকান হৈ যায় আৰু তাইৰ দুখ সিদিনা সকলোৱে অনুভৱ কৰিলে কিন্তু ৰিকিয়েহে বুজি নাপালে।
দেউতাই গৰীমা পিঠিত হাত থৈ সান্তনা দিলে আৰু ইমানেই ক'লে সৰু যে তাই হ'ব যাবলে দে। তাই দেউতাকৰ হাতত হাত দি এনেকুৱা দেখালে সকলো ঠিকেই আছে আৰু তাইৰো।
ব'লা ৰিকিৰ নুডুলচ খাও। হাঁহি মাৰি সকলোৱে খাই আহি শুলে কিন্তু গৰীমা সাৰ পাই থাকিল। যিয়ে নিজৰ পাৰ হৈ যোৱা জীৱনটো নিজৰ লগত গৈ থকা যেন পাইছিল, কেতিয়াবা দেউতাকৰ দুখত,কেতিয়াবা মাকৰ চুগাৰৰ বেমাৰত যাৰ গোটেই দুখ সেই চিন্তাবোৰক দিছিল যিবোৰ তাইৰ ভগা বিয়াখনৰ বাবে মাকৰ হৈছিল আৰু বাকী থকাখিনি ৰিকিয়ে নিজৰ অকমানি স্বভাৱৰ ফলত কৰি দিয়ে। ৰাতি তাই টোপনি নাহিল আৰু ৰাতিটো ৰিকিয়েও নাজানো কি সপোনত কৈ আছিল। ৰাতিপুৱা চকু মঁহাৰি মঁহাৰি উঠি ক'লে চাহ দিয়া না বা, মোৰ আকৌ দেৰি হ'ল বুলি ৰিকি বাথৰুমৰ ফালে দৌৰি গ'ল। গৰীমা বাক তাইৰ মন পছন্দৰ চাহ বনাবলে কোৱাতো তাইৰ এটা অভ্যাস হৈ গৈছিল। দিন বাগৰি গৈ আছিল তাইৰ অফিচৰ মানুহৰ লগত বন্ধুত্ব স্থাপন হৈ গৈ আছিল আৰু কিছুমান সম্বন্ধও। প্ৰণৱৰ লগে তাইক সকলো কাম সোনকালেই শিকাই দিলে আৰু তাৰ লগত থকাৰ অভ্যাস কৰাই দিলে। এতিয়া প্ৰণৱে তাইক ৰাতিপুৱা লৈ যায় আৰু সন্ধিয়া ঘৰত তাইক থৈ যায়। কেতিয়াবা ঘৰৰ চাহ আৰু কেতিয়াবা কফি দুয়োজনে একেলগে খাই।
কেৱল তাই পূৰবৰ লগত হে থাকি ভাল নাপাইছিল । পাৰ হৈ যোৱা দিনবোৰত হয়তো পূৰবক তাই এবাৰ নাইবা দুবাৰ হে কামৰ বাবে মাতিছিল।এই বেয়া পোৱা মনোভাৱ পূৰবেও গম পাইছিল যদিও উপায় নাপাই নিজৰ মুখত মিঠা হাঁহি আনৰদৰেই ৰিকিক ও মাৰি সহাঁৰি দিছিল।( Storyboard )
লাহে লাহে সময়ে পাখী লগাই উৰা মাৰিছিল।
আজি ৰিকিৰ অফিচত পাৰ্টি আছিল। সকলোৱে সন্ধিয়া পাৰ্টিৰ বাবে লাগি আছিল । কোনোবাই ফুলৰ অৰ্দাৰ দিলে আৰু কোনোবাই ৱাইনৰ আৰু কোনোবাই খোৱা বোৱাৰ ব্যবস্থা চাইছিল আৰু কোনোবাই ডি জেৰ। ৰিকিয়েও ফোন কৰি দেউতাকক কৈ দিলে যে তাই আজি দেৰিকৈ ঘৰ সোমাব। বেংকৰ সফলতা বাবে দিয়া পাৰ্টিত সকলোৱে আনন্দ কৰিলে আৰু প্ৰায় ৰাতি ১টা মান বজাত সকলো ঘৰলৈ গ'ল।
প্ৰণৱে ক'লে ৰিকি মই থৈ আহিম তোমাক।
তেতিয়াই পূৰবে মাজতেই ক'লে মেডম আপোনাৰ ঘৰলৈ যোৱা ৰাস্তা ৰাতি বাইকত যাবৰ বাবে সুৰক্ষিত নহয়। আপুনি কেব বুক কৰি লওঁক সেয়াহে বেছি সুৰক্ষিত হ'ব।
আপুনি চিন্তা নকৰিব প্ৰণৱ আছে ,মোৰ লগত। তেওঁ থাকিলে মোৰ একো চিন্তা নাই।
ব'লা প্ৰণৱ বহুত দেৰি হৈ গ'ল। দুয়োজন গুছি যায়। আজি বহুত ভাল লাগিল , সকলো কিমান সুখী আছিল ন প্ৰণৱ। হয় ৰিকি বহুত দিনৰ মুৰত অফিচত এনেকুৱা পাৰ্টি হৈছে।
দুয়োজনে ধেমালি কৰিয়ে গৈ আছিল। ৰিকিয়ে প্ৰণৱৰ কান্ধত মূৰ পেলায় গৈ আছিল আৰু কিবা গাই আছিল আৰু প্ৰণৱে বাইকৰ গতি কম কৰি তাইৰ গান শুনিবলৈ চেষ্টা কৰিছিল। ৰিকিয়ে ভাবিছিল প্ৰণৱৰ দৰে লগৰি পাই তাই সকলো পাই গ'ল। যিকোনো ছোৱালীয়ে চাগে এনেকুৱাই জীৱনৰ লগৰি বিচাৰে।তাৰ লগত তাই সম্পূৰ্ণ সুৰক্ষিত অনুভৱ কৰে।যি তাইৰ স্বামী হোৱা আগত তাইৰ বন্ধু হয়। যিয়ে তাইৰ অনুভূতিবোৰ বুজি পায়। নিজৰ ভাগ্য ওপৰত গৰ্ব কৰি তাই আনন্দিত হৈছিল। তেতিয়াই প্ৰণৱে বাইকৰ ব্ৰেক জোৰে মাৰি দিলে আৰু ৰিকিয়ে ভয় খাই সুধিলে, কি হ'ল প্ৰণৱ?
কিছুমান মানুহে হাতত অস্ত্ৰ লৈ সিহঁতক ঘেৰি আছিল। সকলো বস্তু আমাক দিয়া। প্ৰণৱে খঙত ক'লে কোন হয় তোমালোক? তোমালোকে নাজানা কোন হয় মই। কোন হয় বে তই? বন্দুকলেও ভয় নকৰ বুলি কৈ বতাহত বন্দুকটো চলালে। এইবাৰ নালাগিল তোৰ পাছৰ বাৰ যে নলাগিব নাভাবিবি তই।
প্ৰণৱে ভয় খাই আৰু কয় ৰিকি সকলো বস্তু দি দিয়া বহুত ভয়ানক মানুহ ইহঁতি । ৰিকিয়ে নিজৰ পাৰ্চটো দি দিয়ে।
বুজি পাঁও তই। তোৰ যদি জীৱন বচাব লগা আছে ছোৱালীজনী এৰি যাগে যা নহ'লে তোক মাৰি পেলাম।
চোৱা মোৰ যদি কিবা হয় তোমালোকক পুলিচে এৰি নিদিয়ে মই পুলিচ আয়ুক্তৰ ল'ৰা। আচ্ছা সেইটো আমি তই মৰা পাছত চাই লম বুলি কৈ তাৰ ভৰি ফালে গুলিয়াই দিলে। তাৰ পাছত প্ৰণৱে ৰিকিক তাত অকলে এৰি বাইক লৈ পলাই গুছি যায়।
ৰিকিয়ে বহুত মিনতি কৰে কিন্তু তাইৰ কথা এটাও নুশুনে। তেতিয়ায়ে বহুত জোৰে এখন কাৰ আহি ৰিকিৰ ওচৰত ৰয় আৰু এখন হাতে ৰিকিক ভিতৰলৈ টানে আৰু ৰিকি চিটত পৰা দৰে হৈ যায় আৰু গাড়ীখন বহুত জোৰে আগবাঢ়ি যায়। ক'ত লৈ যোৱা কোন হয় তুমি কৈ ঘূৰি চাওঁতে দেখে তাত পূৰব বহি আছিল।
চিন্তা নকৰিব মেডাম মই আপোনাক আপোনাৰ ঘৰলৈ লৈ গৈ আছো। আপুনি কাপোৰ সলাই লওঁক আৰু তাৰ পাছত আপোনাক আপোনাৰ ঘৰত থৈ আহিম।আপোনাক কৈছিলো এই ৰাস্তাটোত নিশা বাইকত যোৱা বাবে ঠিক নহয়। মই সদায় এই ৰাস্তায দিয়ে যাও। নাই মই নাজাও তোমাৰ লগত মোক ইয়াতে নমাই দিয়া। ৰিকিয়ে ভয়তে একো বুজি পোৱা নাছিল। চকু ৰঙা আছিল আৰু গাটো কঁপি আছিল, কাপোৰ ফটা আছিল আৰু বিশ্বাস নাছিল ।যাৰ লগত সুৰক্ষিত ভাবিছিল সি তাইক নিজৰ জীৱন বচাবলৈ এৰি গুচি গ'ল আৰু তাই যাক বেয়া পাইছিল সি তাইক তাৰ পৰা বচাই লৈ আহিছিল। কিন্তু ইমান অশান্তি পোৱা পাছতো সি কিয় তাইক বচাই আনিছিল ।এই প্ৰশ্নটোৱে তাইৰ মনত অশান্তি কৰি আছিল। তাই পূৰবকো ভয়ৰ চকুৰে চাই আছিল।
হয়তো পূৰবে তাইৰ মনোভাৱবোৰ বুজিছিল ।গাড়ীত ব্ৰেক মাৰি, মোৰ ঘৰ পালো মেডম আপুনি আহক। নালাগে মই ইয়াৰ পৰা ঘৰ গুচি যাম তুমি চিন্তা নকৰিবা।
আচ্ছা ঠিক আছে যাবগৈ আগতে কাপোৰ সলাই লওঁক।
নাজানো কিয় ৰিকি পূৰবৰ পাছত গ'ল। ৰিকিক এজোৰ কাপোৰ দি ক'লে ভয় নকৰিব মোৰ পৰা আপোনাৰ একো ভয় নাই। আপুনি চাগে মোৰ লগত এই কাৰণে কথা নাপাতে কাৰণ মোৰ চেহেৰা দেখাত ভাল নহয়। মোৰ চাল চলনো বেলেগ। কিন্তু মেডাম এইবোৰত মোৰ একো দুখ নাই, মই কি কৰিম?
মই মাত্ৰ নামত পুৰুষ, ভগৱানে মোক ইমানো যোগ্য বুলি নাভাবিলে যে মই কাৰোবাৰ প্ৰেম পাওঁ। মোক তৃতীয়লিংগ বনাই এই পৃথিৱীলে পথাই দিলে।
অবাস লাগি শুনি আছিল ৰিকিয়ে আৰু পূৰবে কৈ গৈ আছিল। হয়তো আজি সি সকলো মনৰ কথা কব ৰিকিক। ৰিকিয়ে নিজেই লাজ পাইছিল যে তাই কি কৰি দিলে। ভগৱানৰ এটা সৃষ্টি ওপৰত কিমান অভদ্ৰ ব্যবহাৰ কৰিলে।আজি তাই অনুভৱ কৰিলে সমস্যা থকা মানুহে কিমান কষ্টৰে জীয়াই থাকে আৰু বেছিকৈ সেইবোৰ মানুহ যি প্ৰকৃতিৰ প্ৰভাৱত হয় আৰু তাৰ দোষী তেওঁলোক নহয়। হয়তো বহুত বেদনাৰে ভৰি আছিল পূৰব।।
আজি নিজকে তাই বহুত সৰু যেন অনুভৱ কৰিছিল।কাপোৰ সলোৱাই পূৰবে তাইক ঘৰত থৈ আহিল।
ৰিকি ৰাতিটো টোপনি নগ'ল আৰু পূৰবৰ কথাই ভাবি থাকিল। সোমবাৰে ৰাতিপুৱা তাই অফিচত উপস্থিত হোৱাৰ লগে লগে পূৰবক কোঠালে মাতিলে আৰু তেওঁক ক্ষমা বিচাৰিলে।যদি সম্ভৱ হয়, মোক সৰু ভাবি ক্ষমা কৰি দিব মোৰ ভুল আচৰণৰ বাবে।কিন্তু মই আপোনাক কিবা ক'ব বিচাৰো।
আজি তুমি পৰা আপুনি হ'ল। হয় মেডম আপুনি সকলো কব পাৰে কওক?
সেই সকল নপুংসক পুৰুষ যিয়ে মহিলাসকল বুজা সমান ভাবে,সেই সকল নপুংসক পুৰুষ যি নিজৰ সীমা পাহৰি যায় ,সেই সকল নপুংসক পুৰুষ যি এজনী ছোৱালী বিপদত পৰা দেখি পলাই যায়। মই বুজি পালো কোনো পুৰুষ বা তৃতীয়লিংগ শৰীৰৰ পৰা নহয়। নিজৰ বিচাৰৰ পৰা হয়। সেইকাৰণে মই অনুৰোধ কৰিছোঁ আপোনাক মোক ক্ষমা কৰি দিব।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment