শহুৰৰ ঘৰত এগৰাকী ভাল বোৱাৰী যেতিয়া বাধ্যত পৰি বেয়া হয় : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, May 19, 2021

শহুৰৰ ঘৰত এগৰাকী ভাল বোৱাৰী যেতিয়া বাধ্যত পৰি বেয়া হয় : Storyboard

Storyboard

আৰু কিমান দেৰি লাগিব ৰেডি হবলৈ? কাক দেখুৱাবলৈনো ইমান সাজি- কাঁচি ওলাইছা? সকলোৱে নতুন বোৱাৰীক চাবলৈ আহিব, তোমাক নহয়। Storyboard )

আৰু 5 মিনিট, চুলি কেইদাল বান্ধি ৰীমাই মাত লগালে।

"ঠিক আছে, সোনকালে কৰা মই গাড়ী ষ্টাৰ্ট কৰোঁ । 

 যেনে তেনে ৰেডি হৈ ৰীমাই বাহিৰলৈ ওলাই দেখিলে ,গোটেই ঘৰৰ খিড়িকী খোল খাই আছে , লাইট , ফেন, টিভি চলি আছে। সোনকালে সকলো বোৰ বন্ধ কৰি বাহিৰলৈ আহিল আৰু দৰ্জাত তলা লগাই ৰীমাই গাড়ীত বহিল । 


ৰমেন : " কিমান সময় লাগে ৰেডি হবলৈ ঠিক নাই , সদায় তোমাৰ  কাৰণেই দেৰি হয়। তালৈ গৈ মই কথা শুনিবলৈ পাম।"

 ৰীমাই মনটো একেবাৰে মাৰি দিলে আৰু কন্দামুৱা হৈ পৰিল, যেতিয়া তাই তাইৰ ভৰি কেইখনত মন কৰিলে, তাই অনুভৱ কৰিলে যে তাই টো যেনে তেনে ৰেডি হৈ ওলাই  আহিল কিন্তু ভৰিত ঘৰত পিন্ধি থকা( হাৱাই) চেন্ডেল যোৰ পিন্ধি আহিল। তাই ৰমেনক ৰবলৈ‌ কম বুলি ভবাৰ আগতে ৰমেনৰ খঙ উঠিল আৰু ৰীমাই কম বুলি ভাবিও একো কব নোৱাৰিলে। 


ৰীমাই ভাবিবলৈ ধৰিলে কৰবাত যাব লগা হলে তাই খুব বেছি আধা ঘন্টা ৰ আগত গম পাই। আৰু এই আধা ঘণ্টাৰ ভিতৰত তাইৰ পৰা  আশা কৰা হয় যে তাই নিজেও সাজি কাঁচি ওলাব আৰু লৰা ছোৱালী কেইটাক ভালকৈ ৰেডি কৰি দিব । সাধাৰণ ভাবে সাজিলেও নহব , হাতত খাৰু, পায়েল, শিৰত সেন্দুৰ আৰু ডিঙিত মঙ্গলসূত্ৰ থাকিবই লাগিব আৰু ফুটতো ও ডাঙৰ হব লাগিব। এইবোৰত অলপো ভুল হলে সহ্য নহৈছিল ৰমেনৰ। বাৰু, যেনে তেনে শাৰীৰে ভৰি কেইখন লুকুৱাই ৰীমাই  অনুষ্ঠান টোত উপস্থিত হল । মুখত এটা মিঠা হাঁহি  লৈ সকলো মিতিৰ কুটুম, পৰিয়ালৰ লোকৰ খোৱা বোৱা, আৰামৰ  চোৱা ছিটাত লাগিল । ঘৰ খনৰ ডাঙৰ বোৱাৰী যেতিয়া এইবোৰ টু তাইৰেই দায়িত্ব আছিল। 


আজিৰ পৰা প্রায় চাৰি বছৰ আগতে বহুত ৰঙীন সপোন বুকুত বান্ধি ৰীমাই মনৰ মানুহজনৰ  ঘৰত বিয়া হৈ আহি প্ৰথম ভৰি দিছিল । তাৰ পাছত প্রিয় জনৰ লগত বহুতো নীতি নিয়ম বিয়াৰ পিছত কৰিছিল আৰু এইবোৰৰ মাজতেই লাজ আৰু শঙকাৰে তাই কেতিয়া ৰমেনৰ কাষ চাপিল গমকে নাপালে। প্রিয় জনৰ মৰমত দিনবোৰ বহুত ভালদৰে পাৰ হৈছিল। ৰীমাই ৰমেনৰ প্ৰেমত ইমান গভীৰ হৈ পৰিছিল যে তাইক যেতিয়া কোনোবাই ঠাট্টা কৰিছিল, গালি পাৰিছিল তাই শুনিও নুশুনাৰ ভাও ধৰিছিল।  বহুত ধৈয্য ধৰি তাই নতুন সংসাৰ খন চলাই নিব চেষ্টা কৰিচল , কিন্তু সকলো দিন একেদৰে পাৰ নহয় বুলি কয় যে তাইৰ লগতো সেই একেই হল, যত সুখ থাকে তাত দুখও পিছে পিছে আহে ।


ৰীমাই প্ৰতি গৰাকী ন- কইনাৰ দৰে ঘৰখনৰ সকলোৰে মন জয় কৰাৰ চেষ্টা কৰিছিল, সকলোৰে প্ৰয়োজন বোৰৰ খবৰ লৈছিল। শাহুমাৰ প্ৰতিটো কথা তৰ্ক নকৰাকৈ মানি লৈছিল, তথাপিও তাইৰ এনেকোৱা লাগিছিল যে কৰবাত তাইৰ ভুল হৈছে নিকি ,কিয়নো ঘৰখনত মানুহবোৰ ইমান সুখী নহয় যিমান তাইৰ নিজৰ মাক দেউতাক সুখী আছিল।

 "মোৰ মা দেউতাই মোক যেনেদৰে সৰু সৰু কথাত উৎসাহ দিছিল, মোৰ সফলতা বোৰত সুখী হৈছিল আৰু মই যেতিয়া নতুন তৰকাৰী বনাবলৈ শিকি ছিলো তেতিয়া মোক বহুত উৎসাহ দিছিল আৰু যদি কিবা ভুল হৈছিল মোক এনেদৰে বুজাইছিল যে দুগুণ উৎসাহ ৰে  মই শোধৰাবলৈ চেষ্টা কৰিছিলো।

 কিন্তু ইয়াত অকণমান ভুল হলেও ইমান গালি পাৰে যে কান্দি দিওঁ ঘৰত দেউতাই এনেদৰে দম দিয়া মনতেই নাই, বিয়া হৈ আহি গম পালোঁ যে গালি দিয়া দেউতা ও থাকে, মাৰ ঘৰততো সদায় দেউতাই মাৰ গালি খোৱাৰ পৰা বছাইছিল। কিন্তু মা দেউতাই ইমান জ্ঞান দি পঠিয়াইছে যে নিজৰ ভুল নাথাকিলেও ডাঙৰৰ আগত মাত মাতিব নোৱাৰোঁ।সদায় মনে মনে শুনি থাকোঁ আৰু যদি কিবা ভূল হয় সদায় শোধৰাবলৈ চেষ্টা কৰোঁ।কেতিয়াবা এনেকুৱা লাগে যে ৰমেনক কৈ দিও , কিন্তু আকৌ নিজৰ সিদ্ধান্ত সলনি কৰোঁ কাৰণ গম পাও যে ৰমেনে কেতিয়াও বিশ্বাস নকৰে কিয়নো তেওঁৰ সন্মুখত এনেকুৱা কেতিয়াও হোৱা নাছিল। যি হয় ৰমেন নথকা অৱস্থাতেই হয়, তেঁওনো কেনেকৈ বিশ্বাস কৰিব?"


"ৰীমা কি ভাবি আছা, আৰু চাহ কাৰ কাৰণে বনাইছা? মোকো একাপ দিবা।"

 ৰীমাই বৰ্তমানলৈ ঘূৰি আহিল আৰু ৰমেনৰ বৰমাকৰ ভৰিত ধৰি সেৱা কৰি কলে , "নতুন কইনাৰ মা দেউতাৰ কাৰণে বনাইছোঁ, আপোনাৰ কাৰণেও বনাই দিছো ৰব।"

বৰ্মা : "তোমাৰ মাৰ ঘৰৰ পৰা কোনো নাহিল কিয়?" 

ৰীমা : " নাই কোনো অহা নাই কাৰণ কোনেও তেওঁলোকক মতা নাই আৰু আপুনিটো জানেই এইবোৰ সদায় হৈ  থাকে।" 

বৰ্মা :" তেতিয়াহলে তুমি কিয় নতুন বোৱাৰী ৰ ঘৰৰ মানুহৰ খোৱা - বোৱাৰ যোগাৰ ধৰি আছা? তোমাৰ ঘৰৰ মানুহকতো কোনেও খাটিৰে নকৰে। এইবোৰ ভেদভাব তোমাৰ লগত কিয় কৰে?"

ৰীমা:" হয় বৰ্মা , এইবোৰ ভেদভাব মোৰ শহুৰ-শাহুএ কৰিছে, ইয়াত ন- বোৱাৰী জনীৰ আৰু তাইৰ ঘৰৰ মানুহৰ কি ভুল? আপুনি আৰামত বহি চাহ খাওক আৰু এইবোৰ বাদ দিয়ক।"

 চাহ খাই থাকোতে তিনি বছৰ পুৰণি সেই ঘটনাটো চকুৰ আগত ভাহি আহিল। তিনি বছৰ আগতে তাই শহুৰৰ ঘৰখন এৰিবলৈ বাধ্য হৈছিল কিয়নো তাই শহুৰৰ মুখে মুখে কথা কৈছিল। কিনো কৰিব তাই, বিয়া হৈ যোৱা বহুত সময়ো হৈছিল , আঠ মংগলা খোৱাৰ পিছত তাই আৰু মাকৰ ঘৰলৈ যাবলৈ পোৱায়ে নাছিল। ৰিমাৰ ঘৰখনলৈ বহুত মনত পৰিছিল কিন্তু শাহুএকে তাইক এবাৰো যাবলৈ কোৱা নাছিল। যেতিয়াই যাবলৈ সোধিছিল বহুত সময় উত্তৰ নিদিয়ে , নহলে এটাৰ পাছত আনটো কাম কৰিবলৈ কয় আৰু কাম কৰি কৰি সন্ধিয়া হৈ যাই। তাৰ পাছত শাহুএকে সোধে তুমি নগলা কিয়? তাই একেবাৰে মন মাৰি দিয়ে।


এদিন ৰীমাই ভাবিলে ৰমেনৰ লগতে তাই ঘৰলৈ যাব। সেইদিনা তাই ৰাতিপুৱা সোনকালে শুই উঠি ব্ৰেকফাষ্ট আৰু দুপৰীয়াৰ সাজ একেলগতে ৰান্ধিলে আৰু ৰমেনৰ লগত যাবলৈ ৰেডি হল।  শাহুএকে তাইক দেখি খঙত সুধিলে " এইবোৰ কি? ,ইমান ৰাতিপুৱাই সাজি কাঁচি কত যোৱা? ঘৰৰ কাম কোনে কৰিব?"  ৰীমাই কলে , " মই ব্ৰেকফাষ্ট আৰু দুপৰীয়াৰ খোৱা ৰান্ধিলোঁ, মই মাৰ ঘৰলৈ যাওঁ।" 


 ৰিমাৰ কথাষাৰ কোৱাৰ লগে লগে শহুৰেকে চিঞৰি কলে ," কাক সুধি মাৰ ঘৰলৈ যাব ওলাইছা?"

ৰিমাইও সহিব নোৱাৰি কৈ দিলে , " নিজৰ মাৰ ঘৰলৈ যাবলৈ , মোক কাৰো অনুমতি লোৱাৰ প্ৰয়োজন নাই। যদি আপোনাৰ লৰাই আপোনাৰ লগত কথা পাতিবলৈ মোৰ অনুমতি লব লগা হয় তেতিয়া আপোনাৰ কেনে লাগিব? মইতো সদায় সোধো কিন্তু মোক কোনেও উত্তৰ নিদিয়ে , সেইকাৰণে মই ভাবিলোঁ এতিয়া আৰু কাকো সোধাৰ প্ৰয়োজন নাই ।" ইমান দিনৰ পৰা তাই মনত পুহি থকা খঙটো তাইৰ কথাবোৰত আজি প্ৰকাশ পাইছিল। আজি তাইৰ মাকে দিয়া সংস্কাৰ আৰু দেউতাকে দিয়া জ্ঞান একো মনলৈ অহা নাই । মনলৈ আহিল মাত্ৰ ইমান দিনৰ পৰা সহি থকা দুখবোৰ, অনুভৱ কৰি থকা মনৰ সকলো বেদনা।Storyboard )


ৰীমা : " মাক দেউতাকে এজনী ছোৱালী  কিমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰে , সকলো আশা পূৰণ কৰিবলৈ চেষ্টা কৰে আৰু লগতে  ভাল শিক্ষা দিয়ে কিয়নো ছোৱালীজনীক এদিন বেলেগ এখন ঘৰলৈ উলিয়াই দিব লাগিব।কিন্তু ছোৱালীজনীটো মাক দেউতাকৰ লগত  ২০-২৫ বছৰ থাকে, ছোৱালীজনিক মাক দেউতাকৰ লগত কথা পাতিবলৈ অনুমতি লব লগা নহয়। তাইৰ যেতিয়াই মন যায় মাক দেউতাকৰ লগত কথা পাতিব পাৰে , যাব মন গলে যাব পাৰে তেওঁলোকৰ ওচৰলৈ।  

 এই স্বামী জনো নাজানো কি স্বভাবৰ? সঁচা টোক সঁচা আৰু মিছাক মিছা কবলৈ কিয় ভয় কৰে? তোমাক ভাল পাওঁ বুলিটো কয় আৰু সময়ত মৰম কৰে কিন্তু এনেকুৱা ভালপোৱা ৰ কি অৰ্থ যত পত্নীৰ কাষত ঠিয় হৈ পত্নীৰ পক্ষত এষাৰ মাত মাতিব নোৱাৰে ? 

 ৰিমাৰ কথাবোৰ শুনি ৰমেনে তাইক জোৰকৈ কলে, " এইবোৰ তুমি কি কৈছা? " 

 ৰীমাৰ চকু চকুপানীৰে ভৰি পৰিল আৰু কলে ," কি ভুল কলো মই? কিয় কবলগা হল জানা, কাৰণ তুমি একো নোকোৱা । যেতিয়া মই ভুল কৰোঁ মোক ভুলবোৰ শুধৰাব লৈ কোৱা আৰু এতিয়া তোমাৰ মা দেউতাই কৰা ভুলত কিয় একো নোকোৱা , কিয় মনে মনে আছা?  ৰমেনে একো নোকোৱাকৈ অফিচলৈ ওলাই গল আৰু ৰীমাই বেগ পেক কৰি মাকৰ ঘৰলৈ গুচি গল। এক সপ্তাহ পিছত ৰমেনে ৰিমাক আনিবলৈ গল আৰু ৰিমাক ক্ষমা বিচাৰিলে । সি তাইক কলে যি কব লগা থাকে মোক কোৱা কিন্তু মা দেউতাৰ সন্মুখ ত একো নকবা। কিন্তু ৰীমাই তাৰ একো কথাই নুশুনিলে , " যিখন ঘৰত মোৰ মা দেউতাৰ কোনো সন্মান নাই তাত মই থাকিব নোৱাৰো, যত মোৰ মা দেউতাই মোক লগ কৰিবলৈ বেলেগক খাটিৰ কৰিব লগা হয় সেইখন ঘৰত মই নাথাকো । যদি মই সেইখন ঘৰলৈ ঘূৰি যোৱাটো বিচৰা তেন্তে মোক কথা দিয়া যে মোৰ মা দেউতাক কোনেও অপমান নকৰে , মই মাৰ ঘৰলৈ আহিবলৈ কাকো সুধিব লগা নহয় যাতে , তোমাৰো অনুমতি লব লগা নহয় যাতে । "


ৰমেন :" তুমি কথাবোৰ কিয় বঢ়াইছা? 


" ৰীমা :"মই তোমাৰ কথা নুশুনো , হয়তো তুমি মোক কথা দিয়া নহলে মোক পাহৰি যোৱা ।" 

 ৰমেন তাৰ পৰা গুচি আহিল কিন্তু ৰিমাৰ পক্ষত থিয় দিবলৈ তাৰ মাক দেউতাকৰ সন্মূখত সাহস নহল। সি ভাবি আছিল এই সমস্যা তোৰ সমাধান কেনেকৈ উলিয়াব পাৰি আৰু সেই সময়ত তাৰ অফিচৰ পৰা খবৰ আহিল তাৰ ট্ৰেন্সফাৰ হৈছে, আৰু সি সমাধান বিচাৰি পালে। সি ৰিমাক লৈ চহৰলৈ গুচি গল। ৰমেনে ভাবিছিল সকলো বোৰ এতিয়া ঠিক হল, কিন্তু ৰীমা তাইৰ শহু- শাহূৰ চকুত বেয়া বোৱাৰী হয় পৰিল আৰু শাহুএকে ৰিমাৰ বদনাম গোটেই সমাজত গাবলৈ নেৰিল, কিয়নো নিজৰ ভুল লুকুৱাবলৈ বোৱাৰী জনীৰ গাত ভুল দেখুৱাব লাগিব। 


হঠাৎ শাহুএকৰ মাতত তাই পুনৰ অতিতৰ পৰা ঘোৰি আহিল। 

শাহুএ আদেশ দিলে -" ৰীমা, ৰীমা যোৱা তুমি ৰমেনৰ লগত গৈ তোমাৰ কেইজোৰমান কাপোৰ লৈ অহা , তুমি ২-৩ দিন ইয়াত থাকিব লাগিব । আজি আলহী বোৰ গুচি যোৱাৰ পাছত তুমি থাকিলে নতুন বোৱাৰীয়ে লগ এটা পাব " ।


ৰীমা:" ক্ষমা কৰিব মা , মই ইয়াত থাকিব নোৱাৰিম। মই মাক হস্পিতাল লই যাব লাগিব । মই ইয়াত এক সপ্তাহৰ বাবে আহিছোঁ যি কেইদিন থাকোঁ মাৰ লগতেই থাকিব লাগিব। মইনো সদায় কত আহিব পাৰিম । আৰু ন ছোৱালীৰ মন লগাবলৈ ভাইটি আছে নহয় । মই যাওঁ মোৰ বাবে অপেক্ষা নকৰিব।"


ৰীমাই লৰা ছোৱালী কেইটাক মাতি আনিলে গাড়ীৰ ওচৰত আহি ৰমেনৰ কাৰণে ৰৈ থাকিল।তাই আজি নিজৰ সিদ্ধান্ত ত বহুত সুখী আছিল। আজি তাই মুক্ত , তাইৰ সকলো কৰণীয় তাই কৰি গৈছিল । মূৰত ওৰনি , শিৰত সেন্দুৰ , হাতত খাৰু  আছিল যেতিয়া তাই শাহু-শহুৰৰ ভৰিত ধৰিলে, লাগিলে আশীৰ্বাদেই দিয়ক বা অপমানেই কৰক। যেতিয়াই ঘৰত কিবা কাম থাকে এবাৰ মাটিলেই তাই গুচি আহে ।নিজৰ জীৱনটো এতিয়া বিচৰা ধৰণে তাই জীয়াই  থাকিব পাৰিছে। এতিয়া তাই মাক দেউতাকৰ ঘৰলৈ যাবলৈ, মাক দেউতাকৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ কাৰো অনুমতি লব লগা নহয় । এতিয়া কোনে ও ৰিমাৰ মাক দেউতাকৰ অপমান কৰিবলৈও সাহস নকৰে ।


 হয়, ৰীমা তাইৰ শহুৰৰ ঘৰখনৰ চকুত  ভাল বোৱাৰী হব নোৱাৰিলে কিন্তু তাই গৰ্ব কৰিব পাৰে যে মাক দেউতাকৰ সন্মান তাই বজাই ৰাখিব পাৰিলে । সমাজে তাইক বেয়া বোৱাৰী বুলি কলেও তাইৰ কোনো আপত্তি নাই , ৰিমাৰ কাৰণে এইটো বেছি দৰকাৰী যে তাই মাক দেউতাকৰ ভাল ছোৱালীজনী হৈ থাকিব পাৰে । বোৱাৰী বোৰটো সদায় সমাজৰ চকুত বেয়া , তাই যিমান ভাল নকৰক কিয় , সদায় বেয়া হয়। বাৰু, বেয়াই ঠিক।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages