পুৱাৰ কোমল ৰদজাকে আজি দূৰৰ পৰা হাঁহিৰে ৰজনজনাই আহিছে । প্ৰভাই সহ্য কৰিব পৰা নাই ৰদজাকৰ এই ৰূপটো ।আজি কিমান দিন যে হল জোনাক ঘৰলৈ নহাৰ( Storyboard ) । কলৈ গৈছে, কি কৰিছে, কত আছে তাৰ কোনো খবৰ পোৱা নাই । প্ৰতিটো দিনেই তাই বাটৰ পৰা চোতাল কৰি আৰম্ভ আৰু সামৰণি মাৰে । নাই তাইৰ জোনাক এদিনো উভতি নাহে । কথাবোৰ ভাবি ভাবি আজিও প্ৰভাই নঙলামুখলৈ ওলাই আহিল । হঠাতে চকুত পৰিল দূৰৰ পৰা আহি আছে জোনাকৰ গাড়ী খন । প্ৰভাৰ চকু মুখত হাঁহি বিৰিঙি উঠিল । আজি তাই সম্পূৰ্ণ তিনিমাহ পিছত হাঁহিলে । জোনাক আহি মাকৰ ওচৰতে ব্ৰেক কৰিলে । নিশাৰ মাক দেউতাকো সিহঁতৰ লগতে আহিছে ।গাড়ীৰ ভিতৰৰ পৰা নামি আহিল নিশা। তাই প্ৰভাৰ চৰণ চুই সেৱা জনালে । মুখত মিচিকিয়া হাঁহিটি বিয়পাই প্ৰভাই তাইক বুকুৰ মাজত সাৱতি লৈ জোনাকলৈ চাই কলে
-তাৰ আত্ম বিশ্বাস, সাহস ঠিক দেউতাকৰ দৰেই, ধুমুহাও টলাব নোৱাৰে । মই জানিছিলোয়ে সি তোমাক উভতাই আনিবই । আজি কিমান দিনৰ পাছত যে প্ৰভাৰ ঘৰখন আকৌ নতুন ৰূপত প্ৰাণ পাই উঠিছে । তাইৰ মনটো এজাক পোহৰৰ মাজত হেৰাই গল । ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি অহা সেই দিনটো আজি আহি উপস্থিত হল যদিও পুত্ৰ বোৱাৰীৰ মিলনৰ এই ক্ষণটো চাবলৈ হিল্লোল যে আজি নাই । প্ৰভাৰ বুকুখন হাহাকাৰ কৰি উঠিল ।
বিনয় ক্লাচত আছে । আজি তাৰ মনতো উৎফুল্লিত যেন লাগিল । নিশা কিন্তু আজি ক্লাচলৈ অহা নাই । তথাপিও সি বিচলিত হোৱা নাই ।
আজি নিশাৰ জন্মদিন ।যোৱা দুই বছৰে হোষ্টেলতে পালন কৰি আহিছে যদিও এইবাৰ ঘৰত পালন কৰাৰ সৌভাগ্যকণ হোৱাৰ বাবে মাকে আহিয়েই এখন শৰাই মন্দিৰত দিয়াৰ যো জা কৰিলে । প্ৰভাও ওচৰ চুবুৰীয়া মানুহখিনিক নিমন্ত্ৰণ কৰিলে । জোনাক কিছু বজাৰ কৰিবলৈ ওলাই গল আৰু নিশা ৰান্ধনী শালত ব্যস্ত হৈ পৰিল । কিছু সময় পিছত জোনাক আহি পালে । সি দুৱাৰদলিৰ পৰা চিঞৰিলে -
-নিশা, নিশা?
তাই ওলাই আহিল
-কি হল নো ইমানকৈ চিঞৰিছা যে?
-এইফালে আহা ।
সি সিহঁতৰ বেদৰূমলৈ গল । পিছে পিছে তাইয়ো গল ।
-দুচকু মুদি দিয়া
-কিয়?
-মুদি দিয়াচোন ।
তাই দুচকু মুদি দিলে ।
-হাতখন আগবঢ়াই দিয়া
তাই আগবঢ়াই দিলে ।সি তাইৰ হাতত এটি গিফট গুজি দিলে ।
-এতিয়া দুচকু মেলা ।
তাই দুচকু মেলি চকু মুখত হাঁহি বিয়পি পৰিল ।
-আজিৰ পৰা প্ৰায় ৯-১০ বছৰ আগত যেতিয়া তুমি স্কুললৈ গৈছিলা আৰু মই পথত লগ পাওঁতে তোমাৰ হাতত তিনিটা ঘড়ীৰ প্ৰতেকদিনাই সলনি কৰি পিন্ধি যোৱা দেখিছিলো আৰু মনতে ভাবিছিলো ঘড়ীৰ প্ৰতি তোমাৰ দুৰ্বলতা কিমান? সেয়ে মোৰ প্ৰথম গিফট হিচাপে এই ঘড়ীটো দিলো । হেপী বাৰ্থডে তু ইউ ।
তাৰমানে তাইৰ প্ৰতিটো কথাই জোনাকে মনত ৰাখি আহিছে । লাহে লাহে তাই খিৰিকীখনৰ কাষত থিয় হল । বাহিৰত এজাক ৰদে ন খেল খেলিছে । তাই তাৰ মাজত হেৰাই গল । জোনাকো তাইৰ ওচৰত গৈ থিয় হল ।
-কি ভাবিছা? এনি প্ৰব্লেম?
-একো নাই আৰু তেনে কিবা হলেই তুমি আছা নহয় মোৰ নিশাৰ আন্ধাৰ গুচাবলৈ ।( Storyboard )
-অতীতে সোৱঁৰাই যাব, বৰ্তমানে শিকাই যাব, ভবিষ্যতে আশাত বন্দী কৰি নিব আৰু এই তিনিওটা যুগে এটা কথাই কৈ যাব নিশাই যে জোনাকৰ অস্তিত্বৰ মূল ।
আজি প্ৰদীপ আৰু অঞ্জলি ঘৰলৈ আহিছে । লগত প্ৰভা, জোনাক নিশাও আহিছে । কাৰণ নিশাই মাত্ৰ এসপ্তাহৰ চুটি লৈ আহিছে । সেয়ে একেলগে সিহঁতৰ ঘৰৰ পৰা অহাৰ কথা ভাবিলে । আচলতে তাই চাকৰিটো ৰিজাইন দিয়াৰ কথা ভাবিছিল যদিও জোনাকে মানা কৰিলে । হয়তো তাই মনত কষ্ট পাব বুলিয়েই সি মানা কৰিলে । তাৰ পৰিৱৰ্তে সিও চহৰত থকাৰ কথা ভাবিছে, লগত প্ৰভাকো নিয়াৰ কথা ভাবিছে । কাৰণ জোনাকৰ আটাইকেইটা কোম্পানী চহৰতে । আগত সি গাৱৰ পৰা অহা যোৱা কৰিছিল সিমান কামৰ দায়িত্ব লব লগা হোৱা নাছিল কাৰণ হিল্লোল তাৰ সোঁহাত স্বৰূপ হৈ আছিল কিন্তু হঠাৎ অহা এজাক ধুমুহাই তাৰ সোঁহাতখন ভাঙি থৈ গল আৰু সকলোবোৰ সি অকলে চম্ভালিব লগা হল । প্ৰভা কিন্তু চহৰলৈ যাবলৈ অমান্তি হল । আচলতে চহৰৰ যান্ত্ৰিকতাৰ মাজত তাই থাকিব নোৱাৰে । গাঁৱৰ বোকা মাটিৰ গোন্ধ, মুক্ত আকাশ, সেউজীয়া পথাৰখনৰ মাজত প্ৰভাই জীয়াই থকাৰ প্ৰেৰণা বিচাৰি পায় । যাৰ কাৰণে হিল্লোলে এদিন চহৰলৈ গৈও আকৌ গাৱলৈ উভতি আহিছিল একমাত্ৰ প্ৰভাৰ বাবে । মাকক লৈ জোনাক চিন্তাত পৰিল । সি মাকক অকলে এৰি থৈ কেনেকৈ নো যায় । পিছত যেনিবা প্ৰদীপে প্ৰভা সিহঁতৰ লগতে থাকিব বুলি কোৱাত সকলোৱে হয়ভৰ দিলে আৰু সমস্যা ও সমাধান হল ।
আজি বিনয়ৰ মনতো চঞ্চল হৈ ভ্ৰমি ফুৰিছে । কাৰণ সি কালিৰে পৰা নিশাক দেখা নাই । প্ৰতিটো ক্লাচৰ ফাকে ফাকে তাৰ চকুজুৰিয়ে অজানিতে বাহিৰৰ চৌপাশত বিচৰণ কৰিব লৈছে কিজানিবা নিশা আহে এ । এটা সময়ত কলেজৰ ঘন্টাৰ শব্দই ক্লাচ শেষ হোৱাৰ জাননী দিলে । বিনয় ঘৰলৈ উভতিল । পথত যাওঁতে ভাবি ভাবি গল নিশা কিয় নাহিল? ক্ৰমশ দিন বাগৰিল । এদিন, দুদিন, তিনিদিন হল । নাই নিশা কলেজলৈ অহা নাই । বিনয়ৰ অস্থিৰতা বাঢ়ি গল । এই সম্পৰ্কে সি এতিয়ালৈ কাকো একো সোধা নাই । আনকি পল্লবীকো । সি নিজেই নিজক প্ৰশ্ন কৰি পাৰ নোপোৱা হৈছে । প্ৰতিটো দিনেই দুচকুত হেঁপাহৰ এপাহ কুসুম ফুলাই সি কলেজলৈ আহে আৰু উভতি যাওঁতে তাৰ লেৰেলি লাগি শুকাই যোৱা ভগ্নাৱশেষ হে লৈ উভতে । আজি ছয় দিন হল নিশা কলেজলৈ নহা । তাৰ প্ৰতিটো দিনৰ প্ৰতিটো মুহূৰ্তই একোটা যুগ যেন লাগিল । আহ, সি আৰু নোৱাৰে । তাৰ ধৈৰ্য্যৰ বান্ধ শিথিল হৈ আহিছে ক্ৰমে । কি হব পাৰে নিশাৰ? কিয় অহা নাই তাই? নে তাই কলেজৰ পৰা একেবাৰে গুচি গল । নাই নাই তাই একেবাৰে যাব নোৱাৰে । অন্তত তাক নোকোৱাকৈ । তাই ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব নোৱাৰে । কিন্তু তাই কিয় অহা নাই । ভাবি ভাবি সি এটা সিদ্ধান্তত উপনীত হল । সি অধ্যক্ষৰ কোঠালৈ গল ।
-May i come in sir ?
- অ বিনয়, আহা.. বাৰু বহা ।
সি অধ্যক্ষৰ সম্মুখৰ চকীখনতে বহিল ।
কিবা জৰুৰী?
-তেনে একো নাই চাৰ । কিন্তু আজি ছয় দিন হল নিশিতা কলেজলৈ অহা নাই বাবেহে কিয় অহা নাই জানিব আহিলো ।
-অ নিশিতা । তাই এই কেইদিন ছুটীত আছে । তোমাৰ ক্লাচবোৰ অকলে কৰাত অসুবিধা হৈছে নেকি?
-নাই নাই তেনে একো অসুবিধা হোৱা নাই । বাৰু আহিছো ।
বিনয় ওলাই আহিল । উফ....! সি যেন শান্তিৰ নিশ্বাস পেলালে । এক ক্ষীণ আশাই অজানিতে আকৌ তাক চুই গল ।
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment