বিয়াৰ পৰিৱেশ শেষ হৈ গৈছিল। সকলো আলহী ধৰ্মেশ্বৰৰ ঘৰৰ পৰা গুছি গৈছিল আৰু আগৰ দৰেই সাধাৰণ জীৱনৰ পুনৰ আৰম্ভনি হৈছিল। নীতাও নিজৰ মমায়েকৰ ঘৰলৈ গুছি গৈছিল।( Storyboard ) কিন্তু অনীতা এতিয়াও ইয়াতে আছিল। কিয় আছে এইটো কথা তাই কাকো কোৱা নাই আৰু তাইকো কোনেও শুধিবলৈ সাহশ কৰা নাছিল। গীতাৰ বিয়া হোৱা ৩০ দিনতকৈও অধিক হৈ গৈছিল কিন্তু অনীতাৰ স্বামীৰ এতিয়ালৈকে কোনো শুংসূত্ৰই নাছিল। বিয়াতো তেওঁ অহা নাছিল। দুই-এবাৰ ধৰ্মেশ্বৰে অনীতাক নোকোৱাকৈ অনীতাৰ স্বামীক মোবাইলেৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। প্ৰথমতে অনীতাৰ স্বামীয়ে ফোন কাটি দিছিল কিন্তু যেতিয়া তেওঁ ফোন তুলিছিল, তেওঁ চহৰৰ বাহিৰলৈ আহিছোঁ বুলি উত্তৰ দিছিল। বিয়াৰ ব্যৱস্থাত ব্যস্ত হৈ থকাৰ বাবে এই কথা ধৰ্মেশ্বৰে পাহৰি গৈছিল। কিন্তু এতিয়া এই কথাই তেওঁক চিন্তাত পেলাইছিল আৰু তেওঁ অনীতাক অকলশৰীয়াকৈ এই কথা কবলৈ মনতে ভাবি থকাৰ সময়তে অনীতাৰ কন্যা চঞ্চল আৰু তাইৰ লগতে সৱিতাও দৌৰি তালৈ আহিল আৰু কলে –
চঞ্চল – ককা সৱীতা মাহীয়ে কৈছে যে আজি গধুলি গীতা মাহী আহিব আৰু লগতে মোক লৈ যাব।
চঞ্চলৰ কপি থকা মাতেৰে কোৱা শব্দকেইটা শুনি ধৰ্মেশ্বৰৰ চিন্তনীয় বিষয় হৈ থকা কথাকেইটা পলকতে তেওঁ পাহৰি গ’ল আৰু হৃদয়ত এক অদ্ভূত আনন্দ জাগি উঠিল আৰু হাঁহি মাৰি তেওঁ কলে – “মাহীৰ লগত থকিলে ভালহে, মাহীয়ে তোমাক ভাল ভাল চকলেট খোৱাব”।
চঞ্চল – নহয় মই মাহীৰ লগত নাথাকোঁ। মই মাৰ লগতহে থাকিম।
ধৰ্মেশ্বৰ – ঠিক আছে গধুলি যেতিয়া গীতা মাহী আহিব তেতিয়া তুমি কৰবাত লোকাই যাবা আৰু তেতিয়া গীতা মাহীয়ে সৱীতা মাহীক নিজৰ ঘৰলৈ লৈ য়াব।
চঞ্চল এই কথাৰে সন্তুষ্ট হল কিন্তু ইয়াৰ লগতে বাল্যজীৱনৰ মনত নতুন সমস্যা এটা আহিল। তাই কলে – “যদি মই লোকাই যাঁও তেন্তে চকলেট খিনিও সৱীতা মাহীকহে দিব”।
ধৰ্মেশ্বৰ – হাঁ.. হাঁ.. হাঁ.. হাঁহি.. হাঁহি.. কলে - “ঠিক আছে মই এনেকোৱা কৰিম যে তোমাৰ চকলেটখিনি মই লৈ লম আৰু গীতা য়োৱাৰ পাছত মই তোমাক দি দিম।
এতিয়া চঞ্চল আনন্দিত হৈ অন্য এটা কোঠালৈ গুচি গ’ল। সৱীতাও তাইৰ লগতে পিচে পিচে গুচি গ’ল। এতিয়ালৈকে সাৱিত্ৰী আৰু অনীতা দুয়ো বাল্যমনৰ জিজ্ঞাসাৰ আনন্দ লৈ আছিল, তেতিয়াই ধৰ্মেশ্বৰে কলে - “মোৰ ছোৱালীজনী বহুত বুজি পোৱা হল”। উত্তৰত চঞ্চলৰ মাক অনীতাই কেৱল লাহেকৈ হাঁহি এটাহে মাৰিলে। আজিকালি অনীতা অধিকাংশ সময় মনে মনে কটাইছিল। কোনোবাই যদি কিবা কয় তেতিয়া তাই একো নোকোৱাকৈ কেৱল মাত্ৰ হাঁহি এটা মাৰিছিল। ধৰ্মেশ্বৰে কিন্তু অনীতাৰ এই শান্ত-শিষ্ট হৈ থকা মনোভাৱ পচন্দ নকৰিলে আৰু সেই সময়তে তেওঁ অনীতাৰ সৈতে বাৰ্তালাপ কৰাৰ মন নিশ্চিত কৰিলে। কিন্তু তাত অনীতাৰ ভণ্টি চীনা আছিল আৰু তাইৰ ওচৰত তেওঁ এইবোৰ কথা পতা উচিত বুলি নাভাবিলে।
ধৰ্মেশ্বৰ – চীনাই চাহ খাবলৈ ইচ্ছা কৰি আছে যোৱা চাহ বনাই লৈ আঁহা।
চীনা উঠিবলৈ ধৰিলে আৰু লগতে অনীতাও।
ধৰ্মেশ্বৰ – অনীতা তুমি ক’ত গৈ আছা, চাহ তোমাৰ ভণ্টি চীনাই বনাব নহয় তুমি বহাঁ।
অনীতা – নহয় দেউতা ময়ো জাঁও। ধৰ্মেশ্বৰে একো কব নোৱাৰিলে।
ধৰ্মেশ্বৰৰ মনৰ ভাব বুজি পাই তেওঁৰ পত্নী সাৱিত্ৰীয়ে কলে –
সাৱিত্ৰী – কিছু কথা পাতিব লগা আছিল অনীতাৰ লগত।
ধৰ্মেশ্বৰ – হয় পাতিব লগা আছিল। কিয় জানো আজিকালি তাই কিয় ইমান স্তব্ধ হৈ থাকে।
সাৱিত্ৰী – ময়ো তাকে ভাবি আছিলোঁ যে এবাৰ অনীতাৰ লগত শান্তিৰে বহি কথা পাতোঁ। জোঁৱাইৰ বিষয়েও একো গম পোৱা নাই। ভাবিছিলোঁ যে আপোনাৰ লগতে বহি এই বিষয়ে কথা পাতোঁ। সাৱিত্ৰিয়ে কম কথা পাতিছিল কিন্তু নিজৰ ছোৱালীবোৰৰ চিন্তা তায়ে বেছিকৈ কৰিছিল। কিন্তু তাইৰ সমস্যা বিভ্ৰান্তিত আছিল। তেওঁ সদায়ে বিভ্ৰান্তিৰ মাজতে পৰি আছিল। বিয়াৰ দ্বিতীয় দিনাৰ পৰাই তাইৰ মনত এই কথাই চলি আছিল যে এতিয়া সুধিম... এতিয়া সুধিম... বুলি কিন্তু তাই কথাৰ আৰম্ভনীও কৰিব পৰা নাছিল। আজি স্বামীৰ সংকেত পাওঁতে তাইয়ো নিজৰ মনৰ কথা সন্মূখত ৰাখিলে। ইমানতেই চীনা কোঠাত সোমাই থিয় হৈ গ’ল। তাইক চাই ধৰ্মেশ্বৰে কলে –
ধৰ্মেশ্বৰ – বেটা চাহ তুমি বনোৱা। অনীতাৰ লগত কিছু কথা পাতিব লগা আছে, তাইক পঠিয়াই দিয়া।
চীনা – মই তাইক আঁতৰিবলৈ কৈ কৈ ভাগৰি গলোঁ কিন্তু আঁতৰিয়ে নাজাই। আপোনি মাত দিয়ক তাইক তেতিয়াহে তাই আহিব। ধৰ্মেশ্বৰে তাতে বহি তাইক তিনি-চাৰিবাৰ চিঞঁৰিলে চতুৰ্থ চিঞঁৰত তাই বাহিৰলৈ ওলায় আহিলে। লগতে চাহৰ ট্ৰেও লৈ আহিল।( Storyboard )
ধৰ্মেশ্বৰ – জোৱা চীনা বেটা তুমি ভিতৰলৈ যোৱা, মোৰ অনীতাৰ লগত কিছু কথা পাতিব লগা আছে।
অনীতা – নহয় দেউতা, চীনা তুমি ৰৈ থাকা। দেইতা মোৰো আপোনাৰ লগত কথা আছে আৰু চীনা এতিয়া কোনো কোচুৱা হৈ থকা নাই। মই ভাবো এইয়ো গম পাই যাওক যে মই এতিয়া আৰু এই ঘৰতে থাকিম।
অনীতাৰ এই বাক্যই ধৰ্মেশ্বৰ, সাৱিত্ৰী আৰু চীনা সকলোকে একেলগে চক খোৱাই দিলে। তেওঁলোক বিচলীত হল কিন্তু অনীতা থিৰ হৈ তাতে বহি আছিল আৰু একেৰাহে মাটিৰফালে চাই আছিল। কিছু সময়ৰলৈকে কোনেও একো নকলে কিন্তু সৰ্বশেষত ধৰ্মেশ্বৰে কলে –
ধৰ্মেশ্বৰ – বেটা, কি কথা আছে। এনোকোৱা কি হৈ গ’ল যে তুমি ইমান ডাঙৰ সিদ্ধান্ত লৈছা। কিবা কথা আছে যদি মই গৈ কথা পাতোঁ।
অনীতা – নহয় দেউতা, মই আৰু তাত থাকিব নিবিচাৰোঁ। মই বহুত ভাবি-চিন্তি এই সিদ্ধান্ত লৈছোঁ। এতিয়া অনীতাৰ চকুলৈ চকুপানী আহিল। যান্ত্ৰনা ভৰা শব্দৰে তাই কলে প্লীজ, এতিয়া মোক একো নুসুধিব।
ধৰ্মেশ্বৰ – ঠিক আছে বেটা, কিন্তু যেতিয়ালৈকে তুমি মোক একো নকবা কেনেকৈ মই তোমাক ইমান ডাঙৰ সিদ্ধান্ত লবলৈ দিম। গম পাওঁ জোৱাঁই কিছু জিদ্দি বুলি, কম উপাৰ্জনো কৰে বুলি।
অনীতা – দেউতা সি জিদ্দি আছে, সি কম উপাৰ্জন নকৰে, যেতিয়াৰ পৰা মোৰ লগত তাৰ বিয়া হৈছে সি এটকাও মোৰ হাতত আনি দিয়া নাই। সেইবাবেই মই চাকৰী কৰিব লগা হল। সি মদ খাই, যি পইচা মই উপাৰ্জন কৰি আনো, সি মদ খাই খৰচ কৰি দিয়ে, মোক মাৰ-পিট কৰে আৰু মোৰ ছোৱালীকো মাৰ-পিট কৰে। এইখিনি কথা কওঁতে কওঁতে অনীতাই কান্দিব ধৰিলে।
ধৰ্মেশ্বৰ – কিন্তু বেটা।
সাৱিত্ৰী – কিন্তু....কিন্তু.... একো নহয়, হে ৰি এতিয়া আপোনি থাকিবলৈ দিয়ক। শুনিলে নহয় কি কি সহ্য কৰি আহিছে মোৰ ছোৱালীয়ে আৰু আপোনি কি বিচাৰে। এতিয়ালৈকে সাৱিত্ৰী বহুত শান্তিৰে সকলো কথা শুনি আছিল। তেওঁ গম পাইছিল যে নিশ্বয় কিবা কথা আছে কিন্তু ইমান ডাঙৰ কথা এটা যে আছে সাৱিত্ৰীয়ে ইয়াৰ বিষয়ে ভবাও নাছিল। যেতিয়াই তাই নিজৰ জোৱাঁইয়েকৰ কাণ্ডবোৰ শুনিলে তাইৰ তেজ গৰম হৈ গ’ল। সাৱিত্ৰীয়ে অনীতাক লৈ ভিতৰলৈ গুছি গ’ল।
ধৰ্মেশ্বৰে এনেকোৱা পৰিস্থিতীত বহুত চিন্তাত পৰিল। কিমান হাঁহি আৰু আনন্দ মনেৰে ছোৱালীক বিদাই দিয়া হৈছিল। কিন্তু এতিয়া ছোৱালীৰ ভঙা ঘৰ আৰু ছোৱালীৰ অন্তৰৰ কথা শুনি তেওঁ আতংকিত হল। একেৰাহে কাষত চাই তেওঁ বহি আছিল, চীনা তাতে কাষত ৰৈ আছিল। দেউতাকৰ এনে অৱস্তা দেখি তাই থতমত খাই দেউতাকৰ গাত স্পৰ্শ কৰি লৰচল কৰি চিঞঁৰিব ধৰিলে দেউতা... দেউতা... বুলি।
ধৰ্মেশ্বৰ – কি হল... কি হল... অনীতা গ’ল।
চীনা – হয় দেউতা।
ধৰ্মেশ্বৰ – তুমিও যোৱা। তুমিও গৈ শুই থাকা আৰু তাইৰ ধ্যান ৰাখিবা। তাইক আৰু ইয়াৰ বিষয়ে একো নুশুধিবা। চীনা গুছি যোৱাৰ কিছু সময়ৰ পাছত তালৈ সাৱিত্ৰী আহিল। ধৰ্মেশ্বৰে সেই ঠাইতে স্তব্ধ হৈ বহি আছিল। কোঠাত কোনোবা অহাৰ সম্ভেদ পাই তেওঁ সুস্থিৰ হল।
ধৰ্মেশ্বৰ – শুলেনে অনীতা ?
সাৱিত্ৰী – হয়, তাই শুলে।
ধৰ্মেশ্বৰ – কিবা আৰু কলেনে তাই সেই কুকুৰটোৰ বিষয়ে।
সাৱিত্ৰী – এনেকৈ কিয় কৈছে হে আপোনি ?
ধৰ্মেশ্বৰ – কিনো কওঁ আৰু। ওপৰৰ পৰা তাক ইমান ভাল যেন লাগে কিন্তু ভিতৰৰ পৰা সি একেবাৰে বেয়া।
সাৱিত্ৰী – এইটোৱেতো কৈ আছিল অনীতায়ো যে নিজৰ পৰিয়ালৰ মানুহৰ মাজত সি ভাল মানুহ হৈ দেখুৱাই আৰু অনীতাৰ লগত বহুত সুখী বুলি দেখুৱাই কিন্তু ঘৰত তাইক মাৰ-পিট কৰে।
ধৰ্মেশ্বৰ – ওপৰৰ পৰা ভদ্ৰ হৈ নেদেখুৱালে কষ্ট নকৰাকৈ মদ খোৱা পইচা পাবনো ক’ত, বিশ্বাস নহয় এনেকোৱা বুলি। সাৱিত্ৰী ইমান সুধ-পুছ কৰাৰ পাছত, ইমান চোৱা-চিতা কৰাৰ পাছতো ইমান ডাঙৰ ভোল হৈ গ’ল, তাৰ প্ৰকৃত অন্তৰখন আমি ধৰিব নোৱাৰিলোঁ।
সাৱিত্ৰী – এতিয়া কি কৰিব।
ধৰ্মেশ্বৰ – কি কৰিম। মই কওঁ যে মোৰ ছোৱালীয়ে সঠিক সিদ্ধন্ত লৈছে। স্বামীৰ অত্যাচাৰ সহ্য কৰাতকৈ ডাঙৰ পাপ আৰু নাই। শুনা কাইলৈৰ পৰা এই কথাৰ বিষয়ে আলোচনা আৰু তাইৰ সৈতে নকৰিবা। কিবা সিদ্ধান্ত লবলৈ এতিয়াও মই জীয়াই আছো।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment