ওপৰত ঘূৰি থকা ফেনখনৰ ফালে একে থৰে চাই আছে তাই । হয়তো অলপ পিছত তাই ও তাতে ওলমি থাকিব । বুকুৰ বিষতো বেছি হৈ আহিল উশাহ বৰ লব কষ্টকৰ হৈ উঠিছে নাই তাই আৰু নোৱাৰে । বুকুত হাত থৈ নিজৰ বুকুৰ ঢোপ ঢপনিত নিজে কঁপি উঠিছে তাই । উফ ইমান কষ্টৰে মানুহ কেনেকৈ জীয়াই থাকিব ।( Storyboard )
ইমান দিনে বুকুত সামৰি থোৱা কষ্টবোৰ যেন ঢোল হৈ নামি আহিছে তাইৰ দুচকু দি ।
প্ৰেম যদি ইমান কষ্ট কৰ এ হৈ মানুহৰ জীৱনত প্ৰেম কিয় দিছা ভাগৱান ।
এফালৰ পৰা মনত পৰিছে ঘৰৰ মানুহৰ মুখবোৰ, মৰমৰ ভায়েক ভনীয়েক কেইটা লৈ ।
এখন মধ্যবিত্ত ঘৰৰ ছোৱালী নিতা মা দেউতাকৰ বহুত মৰমৰ, দেউতাকৰ আৰ্থিক অৱস্থা বেয়া বাবে বেছি কৈ পঢ়া শুনা কৰিব নোৱাৰিলে তাই । নিজৰ হাত খৰছ নিজে উলিয়াবলৈ তাই তেইলৰ এখন খুলি ললে । নিজৰ লগতে তাইৰ লগৰবোৰক ও তাই নিজে শিকাই কাম কৰি যাব ধৰিলে বহুত ভাল চলিলে তাইৰ তেইলৰ ।
সুখৰ মাজতে আহিল তাইৰ জীৱনৰ বিচাৰি ফুৰা মনৰ মানুহ জন । >
ধ্ৰুৱজ্যোতি বৰ্মন, দেখাই শুনাই এজন মৰম লগা লৰা আৰু তাৰ কথা বতৰা বৰ ইমান ধুনীয়া কৈ কেনেকৈ কথা কব পাৰে মানুহে শুনিলে শুনি থাকিব মন যোৱা ধ্ৰুৱৰ কথাৰ প্ৰেমত পৰিল নিতা । এক সঁচা প্ৰেম এক সৰ্গীয় অনুভূতি যিমানে দিন বাঢ়ি গল নিতাৰ প্ৰেম গভীৰ হৈ গল আৰু ধ্ৰুৱ লাহে লাহে যেন নিতা তাৰ কাৰণে বোজা হৈ গল দিনটোত এবাৰ ও খবৰ লবৰ সময় নোহোৱা হল তাৰ । অলপ অভিমান কৰিলে কাজিয়াৰ সৃষ্টি হোৱা হল । নিজকে সৰু কৰি নিজৰ মনক বুজাই তাই ভাবি লৈ এই এ শেষ আৰু দুখ নিদিয়ে সি মোক । নাই দিনক দিনে বাঢ়ি গল ধ্ৰুৱৰ অৱহেলা বৰ তাইৰ প্ৰতি । মদ খোৱা মানুহ বেয়া পাওঁ বুলি কোৱাৰ পিছত ও বাৰে বাৰে একেটা কামকে কৰি তাইক আৰু বেছি কষ্ট দিব ধৰিলে । আৰু আজি কৈ দিলে সি ইমান অশান্তি কৰি থকাত কৈ গুচি যোৱা মোৰ জীৱনৰ পৰা মোক আৰু অশান্তি নকৰিবা । ( Storyboard )
প্ৰতি বাৰে মাফ কৰি নিজকে সৰু কৰি তাৰ কাষত সদায় থাকিব বিচৰা নিতা আজি আৰু নোৱাৰা হল । 3দিন হল তাই শুব পৰা নাই তাৰ অৱহেলা বোৰে তাইক এফালৰ পৰা চেপি লৈ আহিল অজান বুকুৰ বিষ এটাত তাই উশাহ লব কষ্ট পোৱা হল । সদায় ৰাতি ফোনটো লগাই তাৰ উশাহ শুনি টোপনি যোৱা নিতাই নোৱাৰা হল চকু মুদিব । তাৰ এটা চুমাৰ কাৰণে ৰাতি 12টা লৈ ৰৈ থকা তাই আজি ভিক্ষা খুজিব লগা হল তাৰ মৰমৰ । কেনেকৈ তাক উলিয়াই দিব বুকুৰ পৰা । নাই তাই নোৱাৰে আৰু সি লগত থাকিলে ও এটাৰ পিছত এটা কষ্ট সদায় দি যায় আৰু সি নহলে ও জিয়াব নোৱাৰে তাই, নাই তাই আৰু বাছি নাথাকে এৰি দিব তাক নিজৰ মাজত সুখী হবলৈ বাদ দিব জীৱনৰ কাৰণে তাক অশান্তি কৰিবলৈ ।
চুৰ্ণী খন হাতত লৈ তাই ফেনখনৰ ওলমাই দিলে, হঠাৎ বুকুত কিহবাই খুন্দিয়াই গল । বগা সাজ জোৰেৰে মাকৰ মুখখন চকুৰ আগত ভাহি উঠিল । দেউতাক ঢুকোৱা এমাহ নোহোতে তাই যদি এনেকুৱা কিবা কৰে পাৰিব জানো মাকে সহিব । বাইদেউ বাইদেউ কৈ সৰু লৰাৰ দৰে কথা সুধি তাইক পাগল কৰা ভায়েক কেইটাই জানো পাৰিব তাই নোহোৱা কৈ থাকিব । কামৰ পৰা আহোতে কিবা আনিম বুলি তাইৰ কাৰণে বাটত ৰৈ থকা তাইৰ পাগলী ভনীয়েক জনী পাৰিব জানো তাইক এৰি থাকিব । চি হ.. কি কৰিব লৈছে তাই এইবোৰ তাই এনেকুৱা এটা সিদ্ধান্তত গোটেই ঘৰখন ভাঙি যাব । নাই নাই তাই মৰিব নোৱাৰে । এজন স্বাৰ্থপৰ বিশ্বাস ঘটক মানুহৰ কাৰণে তাই ইমান আপোন মানুহবোৰক কষ্ট দিব নোৱাৰে । সি তাইৰ সঁচা মৰম ভালপোৱাৰ যোগ্য এ নহয় ।
ৰাতি তেতিয়া 2: 45 হৈছিল তাই ধ্ৰুৱক ফোন লগালে এবাৰ কাত খাই গল তাই আকৌ লগালে এইবাৰ সি ফোন উঠালে । তাই কৈ গল
তুমি দিয়া দুখ বোৰে মোক তুমি অবিহনে জিয়াব শিকাই দিলে ও, যেনেকৈ মোক তোমাৰ প্ৰয়োজন নাই তেনেকৈ আজিৰ পৰা মোৰ জীৱনত ও তোমাৰ কোনো প্ৰয়োজন নাই এটা কথা কওঁ মাথো মোৰ দৰে দুখ আৰু কাকো নিদিবা জিয়াব বহুত কষ্ট হৈ ও । সুখী হোৱা তুমি সদায় আৰু আমনি নকৰোঁ gudbye ...
তাই তাৰ সকলোবোৰ ফটো detete কৰি দিলে WhatsApp, Facebook সকলোতে block মাৰিলে তাৰ ফোন নাম্বাৰ black লিষ্টত সুমাই থলে আৰু কোনো কাৰনে তাৰ কথাই আমনি কৰিব নোৱাৰে তাইক মনৰ পৰা তাৰ ছবি মুচি পেলালে । এক নতুন জীৱনৰ আৰম্ভ কৰিলে তাৰ কাৰণে মৰিব বিচৰা নিতা জনীক তাই সচাই মাৰি পেলালে এজনী নতুন নিতাৰ জন্ম দিলে এক নতুন জীৱন দি নতুন হেঁপাহ দি নতুন আশা দি । পূবে তেতিয়া ৰঙা বেলি ওলাই আহিলে তাইৰ জীৱনৰ এক নতুন জন্ম হৈ এক নতুন দিনৰ আৰম্ভণি লৈ ।
সমাপ্ত
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ গল্পটি আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment