মৃদেং মৃদং বাজিছে খৰকৰা কন্যাৰ মাক
জোৰণ আহি ৰখিছে
জাপি আনা লগুৱা দোলা আনা দুলীয়া
জোৰণ আহি ৰৈ আছে
কইনাৰ মাকে আদৰা |
- ঐ জোৰণ আহিছে , দৰা ঘৰৰ মানুহক আদৰি আনা ব্যৱস্থা কৰা |( Storyboard )
কইনাৰ বৰপিতাকে আদেশ দিলে |
- আয়তি উৰুলি দিয়াৰ হে কথা |
বিয়া ঘৰ বুলিলে ৰজনজনাই যায় বিয়া ঘৰৰ পদুলি | তাতে আজি জোৰণ | আলহি কুটুম্বৰে ভৰিছে ঘৰ | আজি যেন গাৱঁৰ ৰাইজৰ আনন্দৰ সিমা নাই | ডেকা - বুঢ়া ৰে ভৰিছে প্রমোদ চলিহাৰ একমাত্র কন্যা নীলাঞ্জনাৰ বিয়াৰ জোৰণৰ বিশেষ দিনটো |
কিন্তু ৰণৰ মনটো সেমেকি আছে | আমনি কৰিছে আজি তাক নীলাৰ সৈতে পাৰ কৰা শৈশৱবোৰে | হাঁহি হাঁহি সিহতে ৰমলা পেহীহতৰ পদুলীৰ বকুল জোপাৰ তলত বালিঘৰ সাজিছিল ,বালিভাত খাইছিল | মাকৰ চাদৰ খন নিলাই চাদৰ কৰি লৈছিল | মাটিৰে বাগৰি গৈছিল চাদৰৰ আছল | পিন্ধনত থকা ফুটফুটিয়া ফ্রকটো আছিল তাইৰ ব্লাউজ |
দেউতাকৰ চেনেহৰ গামোছা খন ৰণে পিন্ধি লৈছিল | বালিৰ সৈতে খেলোতে মলিয়ন হৈছিল গামোছা খন | ঘৰত মাকৰ এচাৰিৰ কোৱত মাটিত বাগৰি কান্দিছিল ৰণে | কিন্তু সিহতৰ খেল বন্ধ হোৱা নাছিল | কলপাতত ভাত সাজি দিছিল তাই | সি হেপাঁহ পলাই খোৱাৰ অভিনয় কৰিছিল |
- চাওঁকচোন আমাৰ মাইনাই কান্দি আছে |
পুতলাটোক সিহতৰ মাইনা সজাইছিল | সি তাইৰ হাতৰ পৰা পুতলাটো তানি আনিছিল |
- অ নাকান্দিবা নাকান্দিবা
পুতলাৰ কান্দোন বন্ধ কৰাৰ সি চেষ্টা কৰিছিল |
এনেকে শৈশৱৰ প্রতিটো দিন মধুৰ হৈছিল সিহতৰ |লাহে লাহে ল'ৰালিৰ পৰা প্রাপ্তবয়স্ক হৈছিল সিহত | স্কুলৰ পৰা এদিন কলেজ পাইছিল ৰণ আৰু নিলা|
- নীলাঞ্জনা তোমাৰ লগত মোৰ কথা এটা আছিল |
কলেজৰ সিহতৰ ক্লাছৰ প্রিয়মে নিলাক কৈছিল |
- কি কথা ?
নীলাই প্রিয়মক সুধিছিল | প্রিয়মে ৰণৰ ফালে চাই তাইক কৈছিল
- ব'লা সৌ নিৰ্জনতাত যাওঁ,ইয়াত কোৱা অসুবিধা |
ৰণৰ খংত চকুত তিব্র জ্বলন প্রতিফলিত হৈছিল |
- নালাগে,যি কব বিচাৰিছ ইয়াতে ক'
ৰণৰ খংৰ কথা নিলাই উমান পাইছিল |
- যি কব বিচাৰিছা ইয়াতে কোৱা |
প্রিয়মে ভয় ভয়কৈ আৰম্ভ কৰিছিল |
- চোৱা নীলা ,প্রেম কৰো বুলি কৰিব নোৱাৰি,ই হৈ যায়,চাৰি চকুৰ নিভাজ মিলন এদিন প্রেমৰ পূৰ্ণতা পায়,,,,,,,,
তাৰ কথাত ৰণ জ্বলি আহিছিল |
- হব এইবোৰ কথা পূৰণ হ'ল,তই দাৰ্শনিকৰ দৰে বুজাব নালাগে,যি কব বিচাৰিছ চিধাকে ক'
নীলাই প্রিয়মক ইংগিতেৰে বুজাই দিছিল যে যি কব বিচাৰিছা চিধাচিধি কোৱা |
- মই মানে তোমাক ভালপাই পেলাইছো নীলা |
প্রিয়মে নীলাৰ হাত খনত খামোছি ধৰি কৈছিল |
তাৰ কথা শুনা মাত্রকে ৰণৰ ধৈৰ্য্য হেৰাই গৈছিল |সি তাৰ চাৰ্টত খামোছি ধৰি চিঞৰি দিছিল |
- ঐ ,,, তই কাৰ লগত প্রেম কৰা সপোন দেখিছ হা ?
খংৰ ভমকত সি তাইক গতিয়াই দিছিল আৰু প্রিয়ম মাটিত বাগৰি পৰিছিল |
- ৰণ
নীলাই ৰণৰ গালত এটা প্রচণ্ড চৰ সোধাইছিল |
- তই তাক গতিয়াই দিয়াৰ সাহস কত পালি ? সি তোক প্রেমৰ প্রস্তাৱ দিয়া নাই মোক দিছে | হাই-কাজিয়া দাদাগিৰি মই বেয়া পাওঁ |
নীলাৰ চৰত ৰণ ভাগি পৰিছিল | সি এটা হুমুনিয়াহ এৰি তাৰ পৰা গুছি আহিছিল | কলেজৰ বাকিবোৰ ল'ৰাই তাৰ ফালে চাই হাঁহিছিল|
ৰণে এতিয়া নীলাক নামাতে | সি তাইৰ ফালে ঘূৰিওঁ নাচায় | তাই ও অনুশোচনাত দগ্ধ হ'ল | কিয় তাই তাক চৰ মাৰিছিল | ৰণে তাইক মনে মনে ভাল পাইছিল নেকি ? যদি পাইছিল সি তাইক কিয় কোৱা নাছিল | কাৰন তাই ও তাক মনেপ্রানে ভাল পাইছিল | তাৰ সেই প্রস্তাৱৰ বাবে তাই বহুত অপেক্ষা কৰিছিল কিন্তু সি কোনো দিন তাইক সেই ভালপোৱাঁৰ প্রস্তাৱ নিদিলে | সেয়েহে সেইদিনা সেইক্ষোভৰ জ্বালাত তাই তাক প্রচণ্ড চৰ সোধাইছিল |কিন্তু আজি তাইক ও তাৰ সেই স্মৃতিবোৰে খেদি ফুৰে | আমনি কৰে | এতিয়া দুয়ো নুবুজা বেদনাৰ আক্ৰোশৰ বলি |
তাই দেখিছিল ৰণে কলেজলৈ আহি আছিল | তাই আজি ৰণৰ ওচৰত ক্ষমা খুজিব | তাই তালৈ ৰৈ দিলে | কিছু সময় পাছত সি তাইৰ কাষ পাইছিল | তাই দেখিছিল তাৰ মুখ খন অমাবশ্যা নিশাৰ আন্ধাৰৰ দৰে হৈ আছিল |
- ৰণ একমিনিট |
তাইৰ মাতত সি ৰৈ দিছিল |
তাই তাৰ কাষত গৈ তাৰ ওচৰত হাতজোৰ কৰি কৈছিল |
- ৰণ মোক ক্ষমা কৰি দিয়া না | মই সেইদিনা,,,,,
- হব | তোমাৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই নীলা,আৰু আজিৰ পৰা মোক যেন এনেকে আমনি নকৰা |
- ৰণ বুজাছোন ৰণ
নাই সি তাইৰ ওচৰৰ পৰা আতৰি গৈছিল |
আজি তাই গাৰুটো সাৱতি অতীতক বিচাৰি কান্দি আছে | কিয় এনে হয় কিয় | বিচৰাবোৰ মাত্র এটা অজুহাততে কিয় আতৰি যায় ! কিয় সিহতৰ মধুৰ সম্পৰ্ক আজি কলা পৃষ্ঠালৈ ৰূপান্তৰ হ'ল |
এনেকৈ এদিন সিহতৰ কলেজৰ জীৱন শেষ হৈছিল | সিহতৰ সম্পৰ্ক কোনো দিন ভাল নহ'ল | মৰহি গৈছিল সম্পৰ্ক বোৰ | ৰণ উচ্ছ শিক্ষাৰ বাবে গুৱাহাটী গ'ল | তেতিয়াৰ পৰা আজি পৰ্যন্ত সিহতৰ দেখাদেখি হোৱা নাছিল |
তাইৰ বিয়াৰ নিমন্ত্রন তাই কৰিছিল | তাইৰ বিয়াৰ খবৰ পাই সি ভাগি পৰিছিল | কিয় সি তাইক কব নোৱাৰিলে " নীলা তোমাক মই ভালপাওঁ " |আজি অনুভৱ কৰিছে সি তাইৰ অভাৱ | তাৰ মূৰ্খামিৰ বাবে সি আজি তাইক হেৰাব ওলাল |
সি আজি তাইৰ জোৰণত যদিওঁ আহিছে তথাপি তাইক হেৰুৱা বেদনাই তাক খুলি খুলি খাইছে | হয়টো নিৰবে চকুলো তুকিছে সি |( Storyboard )
- ঐ ৰণ
কইনাৰ দেউতাক প্রদীপৰ মাতত তাৰ স্বপ্ন ভংগ হ'ল |
- খুড়া ,,,,,
- তোক মাজনীয়ে বিচাৰিছে |যা ভিতৰত |
নীলাই তাক বিচাৰিছে | কিয় বিচাৰিছে তাই |তাইৰ মুখ খন চাই সি আৰু জ্বলিব বিচৰা নাছিলে | উপায় নাই সি এখোজ এখোজ কৈ ভিতৰত সোমাই গ'ল | নীলাৰ বান্ধৱীবোৰে তাইক সজাই আছিল | কইনাৰ সাজত তাইক সৰগৰ পৰীৰ দৰে লাগিছিল | তাক দেখা মাত্রকে তাই তাৰ চকুত চকু থৈ চাই আছিল |
- ৰণ
- কোৱা
- মোক কেনে লাগিছে ?
সি ওলাই অহা কান্দোনতি চেপি ধৰিছিল |
- বহুত ভাল লাগিছে |
- ৰণ
- কোৱা নীলা ,,,,,
- সেই যে আমি দৰা কইনা খেলিছিলো ,সেই তোমাৰ মৰমৰ কইনাজনীৰ দৰে লাগিছে নে ৰণ ?
নোৱাৰিলে আৰু সি নীলাৰ কথা শুনিব | সি ওলাই গৈছিল ৰুমৰ পৰা | ৰভাতলৰ এচুকত ৰভা খুটাত আউজি হুকহুকাই কান্দিছিল ৰণে | তাক যে সান্তনা দিবলৈ আজি কোনো নাই |
ইতিমধ্যে জোৰণ আহি পাইছিল | কইনাক ৰভাতলত উলিয়াই অনা হ'ল | নীলাক আজি যে কিমান ধুনীয়া লাগিছে | মৰম লগা ছোৱালীজনীক আজি কইনা সাজত খুব মৰম লাগিছিল | নীলাক জোৰণ ৰ বস্তু এপদ এপদকৈ পিন্ধাৱ ধৰিছিল | আয়তীয়ে বিয়ানামেৰে গুঞ্জন তুলিছিল ৰভা তলি |
ওলাই আহা আইদেউ তুমি
মুৰত কাপোৰ লৈ
মাৰাৰ হাতত চাবি দিয়া চিৰদিনলৈ
ওলাই আহা আইদেউ তুমি
নকৰিবা লাজে
তোমাৰ বাবে ৰৈ আছে
সমাজৰে মাজ
আপোন ঘৰ খনক এৰি যোৱা বিষাদত তাই হুকহুকাই কান্দিছিল | এই ফালে ৰণে উচুপিছিল |
তেনেতে নীলাৰ দেউতাকৰ ফোনটো বাজিছিল |দৰাই ফোন কৰিছিল |
- হেল্ল'
-,,,,,,,,,,,,,,,,,
- কি !
- ,,,,,,,,,,,,,,,,,,
- কিন্তু তাত আমাৰ মাজনীৰ দোষ কি ?
- ,,,,,,,,,,,,,,,,,,,
- নাই নাই তেনে সিদ্ধান্ত লৈ মোৰ একমাত্র ছোৱালী জনীৰ জীৱনটো ধংস নকৰিবা |
- ,,,,,,,,,,,,,,,,,,
- প্লীজ মই হাতজোৰ কৰিছো তোমাক | হাতজোৰ কৰিছো |
ফোনটো কাতি দিছিল |প্রদীপ চলিহাই কান্দি দিছিল | উপস্থিত ৰাইজ আচৰিত | ৰণে প্রদীপ চলিহাৰ কান্দোন শুনি ৰভাতলিত সোমাই আহিছিল | নীলা বহাৰ পৰা উঠিল আৰু দেউতাকৰ কাষত আহিছিল |
- দেউতা কি হ'ল ? কিয় কান্দিছা তুমি ?
প্রদীপ চলিহাই জীয়েকক দুহাতেৰে বুকুৰ মাজত তানি নিছিল |
- কোৱা দেউতা কিয় কান্দিছা ?
- মাজনী এই বিয়া আৰু নহয় |
উপস্থিত ৰাইজ বহাৰ পৰা উঠিছিল | আৰু একেমুখে প্রশ্ন কৰিছিল " কিন্তু কিয় ? "
- দ'ৰাৰ দেউতাক ষ্ট্র'ক হৈ মেডিকেলত | আমাৰ মাজনী হেনো অমংগলীয়া | তাইৰ কাৰনে দ'ৰাৰ দেউতাকৰ এনে হ'ল |
নীলা কথাটো শুনি ভাগি পৰিল |
- কি ! মই সঁচাই দুৰ্ভগীয়া ? দেউতা মই সঁচাই দুৰ্ভগীয়া ?
- নহয় মাজনী নহয় | কিন্তু ৰাইজ আপোনালোকে কওঁক মোৰ ছোৱালী জনীক এতিয়া কোনে গ্রহন কৰিব | এজনী অমংগলীয়া বুলি বদনাম হোৱা ছোৱালীক জানো কোনোবাই নিজৰ কৰি লব ?
ইতিমধ্যে দ'ৰাঘৰৰ মানুহ জোৰণ সামৰি যাবলৈ ওলাল |
নীলাই মনতে থিৰাং কৰিলে তাই আত্মাহত্যা কৰিব |
- ৰব !
ৰণৰ মাতত সকলোৱে উভতি চালে |সি দ'ৰা ঘৰৰ মানুহক উদ্দেশ্যী ক'লে |
- আপোনালোক শিক্ষীত মানুহ হৈ অন্ধবিশ্বাসত কিয় বুৰ গৈ আছে ? আপোনালোকৰ এজনী ছোৱালীৰ জীৱন ধংস কৰাৰ অধিকাৰ নাই |
সি সমাজৰ আগতে বাপেকৰ বুকুৰ মাজৰ পৰা নীলাক তানি আনিছিল |
- নীলা তোমাক সেন্দুৰ পিন্ধাম মই |
সকলো আচৰিত |
- ৰণ তুমি !
প্রদীপে ৰণক ক'লে |
- অ খুড়া ,মই নীলাক সেন্দুৰ পিন্ধাম |তাইৰ কপালত মোৰ ৰক্তৰে সেন্দুৰ আকিম , তথাপি মোৰ গোপন প্রেম বিষাক্ত হব দিব নোৱাৰো |
- কিন্তু ৰণ ,মই অমংগলীয়া |
- নহয় নীলা তুমি অমংগলীয় হব নোৱাৰা | মই তোমাক ল'ৰালিৰ পৰা ভালপাওঁ | তুমি মোক ভাল পোৱানে নীলা ?
তাই মুৰ জোকাৰি কৈছিল
- পাওঁ |
তাৰ মনটো আনন্দত নাছিলে | সি উপলব্ধি কৰিছিল জন্ম মত্যু বিবাহ বিধাতাৰ লিখন | আজি বেলেগৰ হৈ নীলা তাৰ হ'ল |
প্রদীপৰ মুখৰে হাঁহি ওলাই আহিছিল |
-ৰাইজ তেতিয়া হ'লে এই ৰভা তলিত কালি ৰণ আৰু নীলাঞ্জনাৰ বিয়া হব | ৰণে নীলাক সেন্দুৰ পিন্ধাব| এতিয়া আয়তি উৰুলি এভাগ দিয়াৰ হে কথা |
লগে লগে উৰুলিৰে বিয়া ঘৰ উপচি পৰিছিল |
নীলা আৰু ৰণৰ মুখৰে প্রশান্তিৰ হাঁহি এটা ওলাই আহিছিল |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard ) কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment