পূৰ্ণিমাই আজি টিভি চাই চাই আবেগিক হৈ পৰিছিল। কথা একোৱেই নাছিল কিন্তু তাত কৃত্ৰিম গৰ্ভধাৰণৰ কথা কৈ আছিল। সেইবোৰ শুনি তাইৰ মনটো নিজৰ যৌৱন কাললৈ উলটি গুছি গৈছিল( Storyboard ) । যেতিয়া গোটেই গাঁৱতে তাইৰ সৌন্দৰ্যতা আৰু তাই ধুনীয়া হোৱা বাবে তাইৰ কথা সকলোৱে কৈছিল। এনেকুৱা কোনো নাই চাগে যিয়ে তাই ফালে হেঁপাহেৰে চাই উশাহ লোৱা নাই আৰু মনৰ ভিতৰত তাইক নিজৰ কৰিব বিচৰা নাই । ল'ৰাবোৰৰ কথাতো বেলেগেই আছিল, ডাঙৰ বয়সৰ মানুহবোৰেও তাইক চাই তাইক পোৱাৰ হেঁপাহ নকৰাকৈ থকা নাছিল। ঘৰলৈ কোনোবা যদি সম্পৰ্কীয় মানুহ আহে নিজৰ ল'ৰা, ভায়েক,দেওৰেক আদি বাবে তাইক নোখোজাকৈ নাথাকে। পূৰ্ণিমাই এইবোৰ একো নাভাবিছিল । তাই অকল নিজৰ আনন্দতে মগ্ন হৈ থাকে আৰু তাই কাকো বেয়াকৈ নকৈছিল নাই বেয়াকৈ শুনাইছিল। তাই নিজৰ কামটো চোকা আছিল। সকলোবোৰ বস্তু ধুনীয়াকৈ স্বম্ভালী ৰাখিছিল। এদিন সেই দিনটো আহিল যিদিনাখন তাইৰ আঙুঠি পিন্ধোৱা ওচৰৰে গাঁৱৰ নিবিৰৰ লগত হৈছিল আৰু সোনকালেই তাই কইনা হৈ ছোৱালীৰ পৰা বোৱাৰী হৈ গ'ল। তাই যেন এখন বেলেগ পৃথিৱীলৈ গুছি গ'ল। শাহুৱেক পুনিয়ে তাইৰ সকলো কথাতে চকু দি থাকে আৰু কয় তাইৰ ভৰি মাটিত নপৰে বুলি। সকলোৰে মুখৰ পৰা পূৰ্ণিমা ধুনীয়া বুলি কোৱা শুনি পুনিৰ ভৰিত বিজুলীৰ দৰে শক্তি অহা যেন লাগিছিল। সচাঁও আছিল মোৰ সুন্দৰ শৰীৰ আৰু প্ৰথমবাৰ নিজকে গোটেই সজোৱা দেখি মই ভাবিছিলো যে মই যেন পূৰ্ণিমা নহয় পূৰ্ণিমাৰ জোন হে যি মাটিলৈ নামি আহিছে।
লাহে লাহে ৰাতি হ'বলৈ ধৰিলে আৰু মোক মোৰ নবৌ আৰু ভন্টিয়ে ওপৰত বনাই থোৱা ৰুমত থৈ আহিল। হাঁহি মাৰি নবৌয়ে নিবিৰক ক'লে চাবা ভাইটি বহুত আলফুলীয়া অলপ মৰমেৰে আকোঁৱালি লবা। কথাটো শুনি মই মনৰ ভিতৰতে মিচিকিয়াই হাঁহি মাৰিলো।
ৰুমটো সজাই থোৱা আছিল আৰু নিবিৰে ৰুমৰ দৰ্জা খন মাৰি ক'লে মই এতিয়া আৰু ৰব নোৱাৰো মই এতিয়া মোৰ জোনটো সোনকালে চাব বিচাৰোঁ। মই বিছনাৰ পৰা উঠি তেঁওৰ ভৰিত ধৰিবলে লওতেই তেওঁ মোক দুই হাতেৰে ধৰি ৰখাই দিলে আৰু মোৰ ওৰণি খন দাঙি মুখখন চাই তেওঁ বহুত আনন্দিত হল যেন পৃথিৱীৰ সকলোবোৰ সুখ পাই গ'ল। বহুত মৰমেৰে হাতত ধৰি বিছনাত বহায় দিলে আৰু দুয়োখন হাত নিজৰ হাতত তুলি লৈ গোটেই জীৱন লগত থকা প্ৰতিশ্ৰুতি দি মোৰ গুণ গাবলৈ ধৰিলে। ৰাতি পাৰ হৈ গৈ আছিল আৰু ৰুমৰ মম ডালৰ পোহৰ ও কমিব ধৰিলে । লাহে লাহে মম ডাল নোমাই গ'ল আৰু গমেই নাপালো আমি দুয়ো কেতিয়া এক হৈ গ'লো। টোপনিত একো গম পোৱা নাছিলো ।যেতিয়া নবৌহঁতে দুৱাৰত খট খটালে তেতিয়া মই সোনকালেই উঠি কাপোৰ ঠিক কৰি দুৱাৰ খুলি দিলোঁ। ধেমালি আকৌ আৰম্ভ হৈ গ'ল সকলোৱে কালি ৰাতি কথা শুনিব বিচাৰিছিল । শাহুমাক দেখি তেওঁৰ ভৰিত ধৰিলো আৰু তেওঁ আশীৰ্বাদ দি সোনকালেই নাতি মুখ চোৱা ইচ্ছা প্ৰকাশ কৰিলে।
দিনবোৰ বাগৰি গৈ আছিল আৰু সকলোবোৰ ঠিকেই হৈ আছিল মোৰ সৌন্দৰ্যতা আৰু বাঢ়ি গৈ আছিল । কপালৰ খেল বুলি কবা নে ভগৱানৰ লীলা বুলিয়ে কবা, কেতিয়া কি হয় কোনেও নাজানে যেতিয়া মইনো কেনেকৈ জানিম। ওচৰ চুবুৰীয়াই শাহুমাক সোধে নাতি মুখ কেতিয়া দেখাবা আৰু সেই কথাটোকে শাহুমাই আহি মোক সোধে। বিয়াৰ এবছৰ হ'বৰ হ'ল কিন্তু কেঁচুৱা হোৱাৰ একো আশা দেখা নাছিলোঁ। এতিয়া মই ধুনীয়া হোৱাতো মোৰ কাৰণে বিপদ হৈ পৰিল,শাহুমাই ভালকে কথা নপতা হল আৰু সকলো সময়তে এটা কথা কৈ গালি দিছিল যে ধুনীয়া আমিও আছিলোঁ,কিন্তু বাজি নহয়।এইবোৰ শুনি এনেকুৱা লাগে যে ভগৱানে কি পৰীক্ষা লৈ আছে। মই কি অকলে দোষী নি কেঁচুৱা নোহোৱাত। কেইবাৰমানটো পূজা পাঠ কৰোৱা হ'ল কিন্তু একো সুফল নাপালো। কোনোবাই শাহুমাক ক'লে যে হস্পিতালত দেখাই চোৱা কিজানি দৰবে কাম কৰে। ডাক্তৰে চিকিৎসা কৰি ক'লে যে মোৰ একো সমস্যা নাই। শাহুমা সংকতত পৰিল আৰু মোৰ স্বামীৰ চিকিৎসা কৰা পাছত ডাক্তৰনী গৰাকীয়ে শাহুমা কাণত এনেকুৱা কিবা ক'লে যিটো শুনি শাহুমা জাঁপ মাৰি উঠিল যেন সাপেহে তেওঁক কাঁমোৰিলে। ডাক্তৰনী গৰকীক এনেদৰে চাই আছিল যেন তেওঁৰহে কিবা ভুল হৈছিল।
তাৰ পৰা ওলাই আমি ঘৰলৈ আহিলো। গোটেই ৰাস্তাত শাহুমাই একো নোকোৱাকৈ আহিল আৰু দেখাত লাগিছিল যেন ভিতৰি ভাগি গৈছিল । বাৰাণ্ডাত বহি ক'লে অলপ চাহ বনাই আনা। মই বহুত কিবা কিবি সুধিম বুলি ভাবিছিলো । কিন্তু সময় আৰু অৱস্থা চাই একো নোকোৱাকৈ চাহ বনাই আনি দিলোঁ। সন্ধিয়া নিবিৰ আহিল আৰু একো নোকোৱাকৈ ৰুমত শুই থাকিল। যেতিয়া মই পানী লৈ গ'লো মোক এনেকৈ সুধিলে যেন মই কিবা দোষে কৰি আহিছোঁ। আজি ডাক্তৰনীয়ে কিবা ক'লে নে,যে পৰি থকা মাটিত কেতিয়াবা ফুল পুলিটো বাদেই কাঁইট এডাল হ'লেও উলাব নে নোলায়। কথাটোৱে মোক ভিতৰতো ফালি পেলোৱা যেন লাগিল আৰু হৃদয়ৰ পৰা চিঞৰি চিঞৰি কব মন গৈছিল যে মইটো ঠিকেই আছোঁ। বাকী কি ক'লে নিজৰ মাক সোধা। মহিলাই কেতিয়ানো পুৰুষৰ এই সমাজত কব পাৰে কথা যে মই পাৰিম। নিজৰ জীৱনৰ এটা তিতা বিষ পি খাই থলো আৰু ভাবিলো যে ভগৱানে মোক বাজি বনোৱাতকৈ কুৰূপ বনোৱাই ভাল আছিল। শাহুমাৰ স্বভাৱ সলনি হৈ গৈছিল। এতিয়া তেওঁ একো নকৈছিল আৰু সদায় ক'ৰবাত যায় আৰু দুপৰীয়া পিছতহে আহে। এদিন শাহুমাই মোক সুধিলে , বোৱাৰী মূৰ ধোলা নে , মই শুনি অলপ সংকুচিত হ'লো যদিও এওঁ কিয় এনেকৈ সুধিছে কিন্তু তাৰ পাছতো মই মূৰটো অলপ লৰাই ধোৱা বুলি ক'লো । কথাটো শুনি শাহুমা মুখত এটা হাঁহি দেখা গ'ল। মোৰ ওচৰত আহি ক'লে কাইলৈ উলাই থাকিবা। নিবিৰ যোৱাৰ পাছত আমিও যাব লাগিব আৰু এই কথাটোৰ বিষয়ে নিবিৰৰ লগত একো নাপাতিবা। পিছদিনা শাহুমাই এটা খালি পৰি থকা সৰু ঘৰলৈ মোক লৈ গ'ল।
বহুত মৰমেৰে ক'লে যে এইজন বহুত ডাঙৰ ধাৰ্মিক ব্যক্তি। এওঁ যদি নিজৰ আশীৰ্বাদ আৰু মৰম দি দিয়ে বুজিবা যে মোৰ গোটেই বংশটোৱে গংগাত গা ধোলে। মই গৈ দেখিলোঁ এজন ৩৫/৪০ বছৰীয়া মানুহ যাৰ দাড়ি বাঢ়ি আছিল । নাক আৰু কানত ফুলিৰ লগতে দাঁতকেইটা হালধীয়া আৰু মুখৰ ইমান গোন্ধ যে তাত বহাই কঠিন আছিল। বিষতো খাব লাগিব , সেইকাৰণে দুয়ো হাতে দি ভৰিত ধৰি তাত বহিলো। তেতিয়া তেওঁ ক'লে সকলো কথা বুজাই দিলা নে ? কিবা ভুল কৰিব নেকি আকৌ এই মূৰ্খ জনীয়ে। মোৰ শাহুমাই তেওঁৰ ভৰিত ধৰি ক'লে যে বাবা আপুনি আপোনাৰ বৰদান পূৰণ কৰক। বাবাজনেও চিলিমটো হুপি মোক তলৰ পৰা ওপৰলৈকে চালে যেন মোক খাইহে পেলাব।ৰঙা চকুৰে মোৰ শৰীৰটো চাই উঠি পৰ্দা পাছফালে আহিবলৈ ক'লে যেন তাতেই সকলো কাম হ'ব। মোৰ শাহুমাই তেওঁৰ লগ দি মোক মৰমেৰে তেওঁৰ লগত পঠায় দিলে। অকল মাজত অকনমান পৰ্দা আছিল আৰু তেওঁ মোৰ হাতখনত চুমা খাই মোক তলত শুৱাবলৈ চেষ্টা কৰিলে। গমেই নাপালো কেতিয়া হাত উঠিল আৰু মই তেওঁক চৰ মাৰি দিলোঁ। তেওঁ লৰালৰিকৈ কিবা মন্ত গালে আৰু মোক গোটেই জীৱন বাজি হৈ থাকিবলৈ অভিশাপ দি ক'লে যে তোৰ কোলা ভৰিব লগা আছিল কিন্তু যেতিয়ালৈ মই ক্ষমা নিবিছাৰো তেওঁৰ ওচৰত, তেতিয়ালৈ তেনেকুৱা নহয় । মই চুপচাপ তাৰ পৰা উলাই আহিলো আৰু শাহুমাই মোৰ পিছে পিছে খঙৰে আহিল। দাঁত কৰচি তেওঁ কলে, এনেকুৱা কি মৰি গৈছিলি যে ভিতৰত ১০ মিনিট ও থাকিব নোৱাৰিলি।বংশৰ নাম আগবঢ়াব লাগে। নিজৰ সৌন্দৰ্যৰ কথাতে লাগি থাকিলে বংশৰ নাম শেষ কৰিহে এৰিবি। এতিয়া গৈ ক্ষমা খোজ আৰু ধৰ্মীকজনৰ মৰম গ্ৰহণ ক'ৰ। মোৰ ধৈৰ্য্যৰ সকলো সীমা পাৰ হৈ গৈছিল আৰু চিঞৰি ক'লো এনেকুৱা মানুহ এটাৰ পৰা গৰ্ভৱতী হোৱাতকৈ মই মৰি যোৱাই ভাল। বংশৰ নামত মই এটা ধূমপানৰ প্ৰতি আসক্ত আৰু বিকৃত ল'ৰা জন্ম দিব নোৱাৰো। মই নিবিৰৰ লগত কথা পাতি ল'ম আৰু কেঁচুৱা নহয় যদি নহক । মই মা নোহোৱাকৈ জীয়াই থাকিব পাৰিম। মোৰ একো ইচ্ছা পূৰণ কৰিবলৈ নাই , থাকিবলৈ দিয়ক সমাজৰ কথা যে মহিলাই মা নহ'লে পূৰণ নহয় বুলি আৰু মুক্তি নাপাই বুলি। কৈ কৈ মই কান্দি কেতিয়া মাটিত পৰি গ'লো গমকে নাপালো। শাহুমা মোৰ ওচৰত বহিলে আৰু সমাজৰ কথা কবলৈ ধৰিলে যে সমাজে নিবিৰক কি চকুৰে চাব আৰু তাক নপুংষক বুলি কব। দুয়োগৰাকী ঘৰলৈ আহি মন মাৰি দিন কটাবলৈ ধৰিলে। মোৰ গাতো বেয়া হৈ থাকিবলৈ ল'লে, মোৰ দেহৰ ৰঙটোও সেতা পৰিব ধৰিলে আৰু জীৱনৰ মায়া মোহ নাইকীয়া হৈ গ'ল।এদিন ওচৰৰ নবৌ এজনীয়ে মোক চিকিৎসালয়লৈ লৈ গ'ল যাতে মোৰ কি হৈছে ধৰা পৰে ।তালৈ নতুনকৈ ডাক্তৰ এজন আহিছিল ,তেখেতক দেখাতেই প্ৰভাৱশালী যেন লাগে।ওখ,বহল বুকু আৰু বেচ স্বাস্থ্যৱান আছিল তেখেত। বহুত ভালদৰে চোৱাচিতা কৰা পাছত তেওঁ ক'লে যে একো বেমাৰ নাই, কিন্তু কিবা কথা মনত পুহি ৰাখিছে। তেওঁ কেইটামান দৰব দিলে আৰু আমি ঘৰলৈ গুছি আহিলো।( Storyboard )
ৰাস্তাত আহি থাকোঁতে নবৌয়ে কিলাকুটি মাৰি মোক ক'লে যে, ডাক্তৰজন বহুত ভাল। কব নোৱাৰো কিয় মনটো সেইফালেই গৈ আছিল আৰু বহুত বাৰ চিকিৎসাৰ বাবে গৈছিলো তালৈ। প্ৰত্যেক বাৰতে এটা নতুন বিশ্বাস যেন জাগি উঠিছিল মনত।আৰু হয়তো নবৌয়েও উমান পাইছিল এই বিষয়ে। এদিন তেওঁয়েই ডাক্তৰ গৰাকীৰ সৈতে কথা আৰম্ভ কৰিল কলে যে, এইৰ ওচৰত সকলো থাকিও যেন একো নাই। যি গৰাকী মহিলা ওচৰত ল'ৰা-ছোৱালী নাথাকে তাইৰ জীৱনটো বহুত দুখৰ হয়। জীৱনটোৱে জীয়াই থাকিব নিদিয়ে আৰু মৃত্যুও নাহে। নবৌৰ কথা শুনি ডাক্তৰজনে ৰিপ'ৰ্ট সমূহ আনিবলৈ ক'লে যাতে ক'ত সমস্যা আছে আৰু কাৰ আছে গম পায়। পাছদিনা মই অকলে ৰিপ'ৰ্ট লৈ ডাক্তৰৰ ওচৰলৈ গলো আৰু সকলোবোৰ ৰিপ'ৰ্ট দেখোৱাই সুধিলো, মই মা হব পাৰিম নে? ৰিপ'ৰ্ট চাই ডাক্তৰে চিধাকে ক'লে যে আপোনাৰ একো অসুবিধা নাই । কিজানি কিবা সমস্যা আপোনাৰ স্বামীৰ আছে । এবাৰ তেওঁৰ চিকিৎসা কৰি চাওঁ। ডাক্তৰজনৰ লগত মই বহুত বাৰ লগ কৰিছিলোঁ। সেইকাৰণে আমি খুলি কথা কও। যেতিয়া ডাক্তৰজনে নিবিৰৰ কিবা সমস্যা আছে বুলি ক'লে । তেতিয়া মোৰ শাহুমাই সেই ডাক্তৰনিজনী কথা শুনি এনেকৈ জঁপিয়াছিল যেন সাপে কামোৰিলে , সেই কথাটো মোৰ চকুৰ আগত আহি গৈছিল। মই ডাক্তৰজনক সকলো কথা কলো যিবোৰ মোৰ লগত হ'ল । আনকি বাবাজনৰ কথাও কৈ দিলোঁ। এইবোৰ কৈ কৈ নাজানো কেনেকৈ মুখৰ পৰা ওলাই গ'ল যে যদি কেঁচুৱা জন্ম দিবয়ে লাগে তেতিয়া তেওঁ দৰে বিকৃত মানুহৰ পৰা কিয়, আপোনাৰ দৰে ভাল আৰু পঢ়া-শুনা মানুহৰ পৰা কিয় নহয়।
মোৰ কথা শুনি ডাক্তৰজনে ভয় খাই উঠিল আৰু তাৰ পাছত নিজক স্বম্ভালী ক'লে যে এইবোৰ আপুনি কি কৈছে। জানানে ইয়াৰ অৰ্থ নে নিজৰ মনক পাতল আৰু মোৰ চেতনা নাইকীয়া কৰিবলৈ কৈছা । নাজানো ডাক্তৰৰ চকুত মই মোৰ কাৰণে কিবা বেলেগ ভাব দেখিছিলো আৰু মোৰ চাদৰৰ আগ তেওঁৰ আগত ভিক্ষাৰ কাৰণে পৰি আছিল। ডাক্তৰে মোক সকলো ঠিক হ'ব বুলি কৈ মোক যাবলৈ ক'লে। কিন্তু মোৰ হৃদয়ে এতিয়াটো সিদ্ধান্ত লয় ল'লে। আহিবলৈ উলাই মই কলো ডাক্তৰ এবাৰ ভাবিব, মই যদি ক'ৰবাত ভুল আছো মোক ক্ষমা কৰি দিব। যি জুই বুকুত জ্বলি আছিল সেইটো কৈ দিলোঁ। ডাক্তৰজনে মৌন হৈ থিয় দি মোৰ ফালে চাই আছিল আৰু ক'লে যে এইবোৰ হৃদয়ৰ পৰা হয় মোক ভাবিবলৈ সময় দিয়ক। মই তাৰ পৰা গুছি আহিলো। কেইদিনমানৰ পাছত নবৌয়ে ক'লে যে ডাক্তৰজন বেলেগে ঠাইলৈ বদলি হৈ যাব আৰু মানুহবোৰে কৈছে তেওঁ নিজে বেলেগ ঠাইলৈ স্থানান্তৰ কৰাইছিল। আজি মই গৈছিলো হস্পিতাল, তেতিয়া তোৰ কথা সুধিছিল যে তাই কেনে আছে,ক'ত আছে আৰু এবাৰ মাতিছে তোক। মই ভাবিলো যে মই এজনী দুৰ্ভগীয়া , ইয়াত এই ডাক্তৰজন আহিছিল আৰু যি হ'লেও কোনোবা এজনটো পাইছিলো মোৰ দুখ বোজা। কিন্তু মোৰ কাৰণে এইজনো যাবগৈ। মই দুপৰীয়া পাছত হস্পিতাল গ'লো আৰু সুধিলো যে বেলেগ ঠাইলৈ যাবগৈ নি। তেওঁ মূৰটো লৰাই ক'লে হ'য় বুলি। মোক বহিবলৈ কৈ তেওঁ কবলৈ আৰম্ভ কৰিলে যে তেওঁ মোৰ কথাটো বহুত ভাবিলে আৰু যিমানে ভাবিলে সিমানেই তেওঁ মোৰ লগত মিলি গ'ল।
তেওঁ মোৰ লগত আছে কিন্তু তেওঁ এবাৰহে মোৰ লগ দিব। তাৰ পাছত যি হয় ভগৱানৰ ইচ্ছা। কিছুমান দৰবৰ পেকেট মোক দি ক'লে যে সদায় মই নিবিৰক দি থাকো আৰু নিবিৰক কৈ দিও যাতে সেইবোৰ খালে কিজানি মই গৰ্ভধাৰণ কৰিব পাৰো। মোক ও কিবা এটা পাওদৰৰ নিচিনা খাবলৈ দিলে। মই সুধিলো এইবোৰ কি কাৰণে ।বহুত শান্ত হৈ কৈছিল যে পূৰ্ণিমা তোমাৰ ওপৰত একো দোষ নাহক আৰু মানুহে তোমাক ওলোটাকে একো নকই যাতে। তুমি নাজনা কিন্তু তোমাৰ শাহুমাই জানে যে নিবিৰৰ হে সমস্যা আছে আৰু তোমাৰ গৰ্ভৱতী হোৱাৰ লগে লগেই তোমাক গতা মাৰি ঘৰৰ বাহিৰলৈ উলিয়াই দিব। তেওঁলোকক বিশ্বাস দিব লাগিব যে নিবিৰ ঠিকেই আছে। মাহৰ পিছত দুয়োজন লগ হোৱাৰ পাছত দুয়োৰে মিলন নিষ্ঠা ভাবেৰে হ'ল আৰু মই গোটেই ব্ৰহ্মাণ্ড নিজেই সামৰি লৈ আছিলোঁ । কাৰণ মই জানিছিলো যে দুই নম্বৰবাৰ আৰু এনেকুৱা নহয়। এঘণ্টা মানৰ মিলনৰ পাছত আমি বিদাই লবলে উঠি থিয় হলোঁ। মোক শুভকামনা দি ডাক্তৰে নিজৰ বেগ ল'লে আৰু কেতিয়াও ঘূৰি নহা নিজৰ ৰাস্তাত গুছি গ'ল। মই নিজৰ জীৱনৰ লগত আকৌ ব্যস্ত হৈ গ'লো আৰু এদিন মোৰ বমি বমি লাগিল। ৰান্ধনী ঘৰৰ পৰা শাহুমাই দেখি আচৰিত হৈ চাই ক'লে কিবা আছে নেকি। কিজানি ভগৱানে আপোনাৰ বংশ আগবঢ়াবলৈ কোৰোবাক পঠাইছে। শাহুমাৰ ফূৰ্তি লাগিছিল আৰু যেতিয়া ডাক্তৰে গৰ্ভৱতী হোৱা কথা হয় বুলি ক'লে , তেতিয়া তেওঁ কিমান যে দেৱী দেৱতাক পূজা প্ৰাৰ্থনা কৰিব বুলি প্ৰতিজ্ঞা কৰিলে।
সময় বাগৰিল,কিছু দিন পাছত এটা ল'ৰা জন্ম হ'ল। সকলোফালে সুখৰ পৰিৱেশ আৰু মইও গোটেই জীৱন সেই ল'ৰাটোৰ লগত লাগি থাকিলো যি আজি বহুত ডাঙৰ পদবীত আছে। আজি তাৰ আৰু বোৱাৰীৰ লগত এখন বিয়ালে নহা হলে কিজানি ডাক্তৰজনৰ লগত মুখা মুখি নহলো হয়, যি নিজৰ পত্নী আৰু ল'ৰা লগত আহিছে। দূৰৰ পৰাই নমস্কাৰ দি আৰু তেওঁ ল'ৰাটোক হৃদয়ৰ পৰা আশীৰ্বাদ দি মই বাহিৰলৈ গুছি আহিলো।তাৰ পাছত অনুভৱ কৰিলো যে মোৰ এটা নহয় দুটা ল'ৰা আছে। কাৰণ দুয়োটা ল'ৰাৰ গাত আধা অংশ ডাক্তৰৰ আছিল। ভাল আৰু বেয়া বিচাৰৰ মাজেৰে দোষ ভৰা সেই কথাবোৰ মোৰ মনত চলিয়ে থাকিল হয়,যদিহে মোৰ বোৱাৰীয়ে মোৰ গাৰ ওপৰত কাপোৰ এখন দি মিঠা মাতেৰে নকলে হয়,"মা ঠাণ্ডা পৰিল বাহিৰত ভিতৰলৈ যাও আহক।" নাজানো, মই আৰু ডাক্তৰে উচিৎ কৰিলো নে অনুচিৎ কিন্তু জীৱনটো জীয়াই থকাৰ এইটোৱে কিজানি এটা বিকল্প পথ আছিল।আৰু সমাজৰ কথা চিন্তা কৰি আমাৰ পৰিয়ালটোৱে দিয়া মানসিক নিৰ্যাতনৰ বাবেই এই পথ বাচি লবলৈ মই বাধ্য হৈছিলো। মই সুখী,কাৰন যেতিয়া মহিলাই সন্তান জন্ম দিবয়ে লাগে তেতিয়া সিদ্ধান্ত ও তাইৰে হ'ব লাগে যে তাই কাক বিচাৰে আৰু কাক নিবিচাৰে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment