উজনি-নামনিৰ ভেদাভেদে মিলন হব নিদিলে দুখন মৰম ভৰা হৃদয় : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 18, 2021

উজনি-নামনিৰ ভেদাভেদে মিলন হব নিদিলে দুখন মৰম ভৰা হৃদয় : Storyboard

 

Storyboard

আজি অফিচত বহি আছো | বিশেষ কামৰ হেচা নাই | নিজৰ  কাম খিনি কৰি ইনে অলপ চকী খনতে বহি আছিলো | কেতিয়ানো তোপনি আহিল গমে নাপালো |Storyboard )

- ৰাগ দা, হেই ৰাগ দা

কাৰোবাৰ মাতত চিলমিল তোপনিৰ পৰা উচপ খাই উঠিলো | 

- অ চুজাতা কোৱা,,,,

- কি হ'ল তোপনিত লাল কাল যে,ৰাতি তোপনি নহ'ল নেকি !

মই লাজ পাই গ'লো কি যে কয় | নিজৰ ওপৰতে খং উঠিল তোপনি ডাল অফিচত হে আহিব লাগে নে |

- নাই ৰাতি তোপনি থিকে আহিল | ভাবিলো আজৰি সময় অকমান তোপনিয়ে যাওঁ |

মই তাইৰ ওচৰত ফাকি মাৰিলো |

- বৌৰ খবৰ কেনেকুৱা ?

- ভালে দিয়া !

- আজি মোৰ কম্পিউতাৰৰ বিশেষ কাম নাই সেয়েহে আপোনাৰ ওচৰত আহিলো |

- ভাল কৰিলা দিয়া |

- ৰাগ দা আজি মই আপোনাক মই কথা শুধিম আপুনি কিন্তু মোক কবই লাগিব |

কথা খিনি মোৰ বকুখন কপি গ'ল | কিবা শুধে তাই !

- শুধা,,,,

- আপোনাৰ প্রথম প্রেম কেতিয়া হৈছিল ?

বাপৰে বৰ সাংঘাটিক প্রশ্ন শুধিলে | 

- ৰামো কাই

- কোৱা,,,,

- চাহ দুকাপ দিবাচোন

- হব দিয়া |

চাহ একাপ খাবলৈ বৰ মন গৈছিল সেয়েহে ৰামো কাইক অৰ্ডাৰ দিলো |

- কব নে,,,,

উফ ৰাম ! ছোৱালীজনীয়ে মোৰ প্রথম প্রেম শুনিবলৈ বৰ আগ্রহৰে ৰৈ আছে |

- উম কম , শুনিবা,,,,,

আজিৰ পৰা কেইবছৰ মানৰ কথা | মই ৰাতিপুৱাঁ অফিচলৈ বুলি ওলাই আহিছো | তেতিয়া তুমি আমাৰ অফিচত নাছিলা | আহি মই আমাৰ অফিচৰ সন্মুখৰ দোকান খনত পান এটা খাবলৈ সোমালো | কিন্তু তেনেতে মোৰ কানত মহানগৰীৰ যান যট ভেদ কৰি অহা মানুহৰ চিঞৰ বাখৰ কানত পৰিল |মই পাছফালে ঘূৰি চালো | দেখিলো ৰাজপথত মানুহৰ এটা ডাঙৰ জুম | কি হ'ল মই একো ধৰিবই নোবাৰিলো | কিন্তু মোৰ মনটোৱে যানিব বিছাৰিলে আচলতে ঘটনা কি ! মই মানুহৰ জুমটোলৈ আগবাঢ়িলো | গৈ দেখো এজনী ছোৱালী কলেজ ইউনিফৰ্মত তেজেৰে ৰঙা হৈ আছে | মানে এক্সিডেন্ট |মই মানুহবোৰ লক্ষ্য কৰিলো কোনো এজন মানুহে আগবাঢ়ি অহা নাই তাইৰ ব্যৱস্থা লবলৈ| মাত্র সকলোৱে তাইক হে চাই আছে | তাই যন্ত্রনাত চিঞৰি আছিল | মই গাড়ী এখন থিক কৰিলো আৰু তাইক মেডিকেলত লৈ আহিলো ,,,,,

- সেই ছোৱালী জনী আপোনাৰ ?

- মোৰ ভন্টি ডাক্তৰ |

- নাম,,,,,

মই তাইৰ কলেজ আইডেন্টিটি কাৰ্ড খন চাই গ'ম পালো ৰিছা হাজৰিকা |

ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত যানিব দিলে যে পেচেণ্ট এতিয়া সুস্থ | চিন্তা কৰিৱ লগীয়া বিশেষ কাৰন নাই | মূৰত অকমান আঘাট পাইছিল | মই ৰিছাৰ মোবাইলটোৰে " বা " বুলি থকা নাম্বাৰটোত ফোন কৰিলো আৰু তেওঁলোকক ঘটনাৰ কথা অৱগত কৰালো|তাইৰ ঘৰ আছিলে দেৰগাওঁ ত | আৰু তাই হোষ্টেলত থাকি পঢ়ি আছিল সন্দিকৈ মহাবিদ্যালয়ত | সেইদিনা ৰাতি মই তাইৰ কাষত থাকিলো | ৰাতি তাই চকুমেলি চাইছিল আৰু তাইৰ চকুৰ সন্মুখত মোক আৱিস্কাৰ কৰি তাই আচৰিত হৈছিল !

- আপুনি ?

- মই ৰাগ ৰঞ্জন কলিতা | তুমি চিনি নাপাবা |

মই তাইক আৰম্ভনিৰ পৰা সকলো কলো |তাই কান্দিছিলে ,,,,,

- দাদা আপুনি নাথাকিলে চাগে মই মৰি থাকিলো হয় ন ?

- ধেত ভগৱানে কাৰোবাক নহয় কাৰোবাক তোমাৰ কাষত পথালে হয় | তোমাৰ ভোক লাগিছে নেকি ?

- নাই ল'গা | পানী খাম |

মই তাইক পানী খুৱাই দিছিলো | গোটেই ৰাতিটো মই তোপনি খতি কৰি তাইৰ কাষতে থাকিলো | 

ৰাতিপুৱাঁই ৰিছাৰ বায়েক আৰু খুড়াক আহি মেডিকেলত ওলাইছিল | আৰু মোক ফোন কৰিছিল,,,,

- হেল্ল'

- কত আছে আপুনি ?

- আপোনালোক ?

- আমি মেডিকেলৰ সন্মুখত |

- ৰৱ মই গৈ আছো |

মই মেডিকেলৰ বাহিৰত গৈ দেখিলো এজনী ধুনীয়া ছোৱালী , আপুনি ৰিছাৰ ?

- হয়, হয় , ভন্টি কত আছে ?

মই তেওঁলোকক ৰিছাৰ কাষত লৈ আহিলো | কিছু সময় পাছত ডাক্তৰে ক'লে ৰিছা আজি ঘৰত যাব পাৰিব, তাই সুস্থ | কিছু সময় পাছত আমি ৰিছাক মেডিকেলৰ পৰা লৈ আহিলো |আৰু বায়েক হতে তাইক দেৰগাওঁলৈ লৈ যাব ওলাল |কাৰন তাইক কিছু জিৰনিৰ প্রয়োজন | 

- দাদা,,,,,

ৰিছাই মোৰ হাতখনত খামুছি ধৰিছিল আৰু সেমেকা দুচকুৰে কৈছিল |

- দাদা আমি আহো | আপোনাক অশেষ ধন্যবাদ | মই গুৱাহাটীত আহিলে লগ কৰিম|

মই তাইক একো কব পৰা নাছিলো |

- আহো,ফোন কৰিম, ৰিচিভ কৰিব |

ৰিছাৰ বায়েক পূজা ই মোক কৈছিলে |

সিহত গ'লগৈ আৰু মই ও দুদিনৰ সম্পূৰ্ণ ব্যস্ততাৰ পাছত নিজৰ কোঠালৈ গ'লো | কিন্তু কিয় যানো চকুৰ পৰ্দাত ভাহি থাকিল মৰম ল'গা লাজকুৰীয়া পূজাৰ ছবি খন | মই বাৰু তাইৰ প্রেমতে পৰিলো নেকি ?

মোৰ ফোনটো বাজিলে,,,,

- হেল্ল' 

- কি কৰিছে |

- কোন ?

- কিয় এদিনতে পাহৰিলে নে ? মই পূজা |

মই তাইৰ নাম্বাৰটো চেভ কৰিব পাহৰি গৈছিলো | তাৰপাছত তাইৰ লগত মই নিয়মীয়াকৈ কথা পাতিব ল'লো | কিয় যানো এদিন কথা নাপাতিলে মোৰ মনটো কিবা ভাল নালাগে |

- হেল্ল'

- কি কৰিছা ?

- তোপনি আহিছিল আপোনাৰ ফোনত সাৰ পালো, কওঁক ইমান ৰাতি ফোন কৰিলে যে,,,Storyboard )

- ক'ত নো ইমান ৰাতি ! 

- কি ! ভালকৈ চাওঁক দুটা বাজিছে |

অ হয়টো , মোৰ যে কি হৈছে নহয় | নাই আজি পূজাক মনৰ কথাটো কৈ দিওঁ |

- পূজা

- উম, কওঁক ,,,,

- মই তোমাক,,,,,

- উম কওঁক আকৌ,,,

- মই তোমাক ভালপাই পেলাইছো |

- মই ও

তাই তেনেকে কৈ লাজত ফোনটো কাতি দিছিলে | পূজা আৰু মোৰ মাজত আৰম্ভ হ'ল প্রেম | কথা পাতি পাতি কেতিয়া ৰাতি পোহৰ হয় আমি গ'মে নাপাওঁ | তেনেতে পূজাৰ ঘৰত ওলাল তাইৰ বিয়াৰ কথা |

- মোৰ ঘৰত বিয়াৰ কথা ওলাইছে,,,,

- উম কৈ দিয়া মোৰ কথা !

- ভয় লাগেচোন

- প্রেমত ভয় কিহৰ ?

আচলতে তাইৰ দেউতাক  ভাৰতীয় সেনা বাহিনীৰ এজন জোৱান | গতিকে দেউতাকে তাইৰ মাকক তাইৰ দ'ৰা থিক কৰিব দিছে | দেউতাকে আহি তাইৰ বিয়া পাতিব |

কিন্তু তাইৰ মাকে তাইৰ কাৰনে দেৰগাওঁৰে এজন ল'ৰা থিক কৰিলে | মই হতাশাত ভুগিলো | মই জীৱনত পূজা অবিহনে আগবাঢ়িব নোবাৰিম |

- মাজনী আজি তোক চাবলৈ ল'ৰাজন আহিব |

- মা মই তাৰ লগত বিয়া নহওঁ |

- কিয় ?

- মই ৰাগক ভালপাওঁ ৰাগ ৰ লগতে বিয়াত বহিম |

- শুন মাজনি মই তোক নামনি অসমৰ এজন ল'ৰা ৰ লগত বিয়া নিদিওঁ |

- কিন্তু মা তুমি কিয় পাহৰি গ'লা | যে এদিনা খন ৰাগে আমাৰ ৰিছাক,,,,,

- অ তাৰমানে সি বিনিময় বিছাৰিছে,,,,

মাকে কোনো দিন মানি ল'ব নোখোজে আমাৰ বিয়াৰ কথা |

তাই মোক কান্দি কান্দি ফোন কৰিছিলে,,,,

- ৰাগ

- কিয় কান্দিছা তুমি ?

- মোক দেৰগাওঁৰ ল'ৰা জনৰ লগতে বিয়া দিব | তুমি,,,,,

- কি !

- তুমি মোক পাহৰি যোৱা ৰাগ,,,,

মই ভাগি পৰিছিলো | গাৰুটো সাৱতি হুকহুকাই কান্দিছিলো | নিজৰ যত্ন লবলৈ পাহিৰি গৈছিলো | পূজালৈ ফোন কৰিছিলো |কিন্তু তাইৰ নাম্বাৰটো অফ | বহুত কষ্ট পাইছিলো | সপোনবোৰৰ মৃত্যু হৈছিল | দুমাহ পাছত তাই এদিন ফোন কৰিছিল |

- ৰাগ কি খবৰ তোমাৰ ?

- আছো, সংগ্রাম কৰি !

- নিজৰ যত্ন ল'বা | এজনী ভাল ছোৱালী বিয়া পাতিবা |

কথাখিনি কৈ তাই কান্দিছিল |

- মোৰ বিয়া গ'ল | পাৰিলে অহা জন্মত যদি মানুহ হৈ জন্ম ধৰো তোমাৰ পত্নী হব বিছাৰিম| সিমানতে আমাৰ প্রেমৰ অন্ত পৰিছিল | তাৰ পাছতে মই ৰানীক বিয়া পাতিলো |

মোৰ কথা খিনি শুনি চুজাতাই চকুপানী মছিলে |

- ৰাগ দা মই এটা অনুৰোধ কৰিম ৰাখিবনে ?

- কোৱা,,,,

- আপোনাৰ দৰে মোৰ ও একে,, মই যোৰহাতৰ ল'ৰা এজন ভালপাওঁ | কিন্তু মোক দেউতাই বিয়া নিদিয়ে | আপুনি মোৰ দেউতাক বুজাওঁক না ,,,,

মোৰ দৰে আৰু কাকো দুখ পাব দিব নোৱাৰো | মই সিদ্ধান্ত ল'লো চুজাতাৰ দেউতাকক লগ কৰিম |

মই সেইদিনা সন্ধিয়া চুজাতাৰ দেউতাকক লগ কৰিলো |

- খুড়া,,,

- কোৱা ৰাগ,,,

- চুজাতাৰ বিয়াৰ কথা কি ভাবিছে |

- ভাল ল'ৰা এটা পালে বিয়া দিম 

- কিন্তু চুজাতাই যে কাৰোবাক হৃদয় খন দি থৈছে |

- সেয়া অসম্ভৱ | যোৰহাতৰ ল'ৰাৰ তাত মোৰ ছোৱালী বিয়া নিদিওঁ |

- কিন্তু কিয় ?

- কাৰন উজনি অসমৰ পৰিবেশ ৰ কথা আমি ভালকৈ নাযানো | মই ইমান দুৰত তাইক বিয়া নিদিওঁ |

কথাখিনিৰ মই উওৰ খুড়াক দিলো |

- চাওঁক খুড়া | আমি অসমৰ মানুহবোৰ থেক মনোভাৱৰ কিয় ? উজনি নামনি এই বিভেদ বোৰ কিয় ? কিয় আমি নিজকে দুৰ্বল সজায় আছো | অসমখন কিয় খণ্ড খণ্ড কৰি আছো |যি সময়ত অসমৰ ল'ৰাই আমেৰিকাৰ ছোৱালী বিয়া কৰাইছে সেই সময়ত আমাৰ মনোভাৱ বোৰ কিয় এনেকুৱা !অসম অসমে অসমৰ পৰিবেশ একে | এই মনোভাৱ বোৰ সলনি কৰিবৰ হ'ল খুড়া | 

- ৰাগ তুমি মোৰ ভ্ৰম ভাগিলা , মই মোৰ ছোৱালী যোৰহাতৰ ল'ৰাজনৰ নগতে বিয়া দিম |তোমাক ধন্যবাদ

- খুড়া এতিয়াৰ পৰা উজনি নামনি নহয় আমাৰ অসম বুলি কব| অনুভৱ কৰিব যাতে অসমীয়া জাতি কেতিয়াওঁ দুৰ্বল নহয় |

আজি মোৰ কথাষাৰৰ বাবে চুজাতা আৰু যোৰহাতৰ অংকুৰৰ বিয়া | তাই হব যোৰহাতৰ বোৱাৰী |

মই দেৰগাওঁ ৰ জোৱাই হব নোৱাৰিলেওঁ এই কষ্ট বেলেগক পাব দিৱলব নোৱাৰো | অসম দ্বিখণ্ডিত হব দিব নোৱাৰো | 

কাৰন আমি অসমীয়া |||


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Storyboard

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত Storyboard ) কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages