খিৰিকি খনৰে বাহিৰলৈ চাইছিলো | কুৱলীবোৰৰ মাজত প্রকৃতিয়ে লুকাভাকু খেলিছে | প্রকৃতিৰ অপৰূপৰ সৌন্দৰ্য্যৰ মাজত বিলীন হৈ গৈছো মই |( Storyboard )
ফেচবুকত বন্ধুত্ব হৈছিল লক্ষীমপুৰৰ প্রাৰ্থনা গুস্বামীৰ লগত | মোৰ গল্প পঢ়ি প্রাৰ্থনা মোৰ লগত ঘনিষ্ঠ হৈছিল | কিন্তু প্রাৰ্থনা আছিলে এজনী কনমানি ছোৱালী | বয়স মাত্র চৈধ্য বছৰ | কিন্তু তাইৰ ব্যৱহাৰে মোক আকৃষ্ট কৰিছিল | কাৰন অতিকৈ মৰম লগা তাই | লগতে তাইৰ কণ্ঠ | মোৰ তাইক নিজৰ ভন্টীৰ দৰে লাগিছিল |
আজি সেয়েহে প্রাৰ্থনাৰ ঘৰলৈ ওলাইছো | তাইৰ নিমন্ত্রন ৰক্ষা কৰি |
নাইট চুপাৰ খন গুৱাহাটীৰ পৰা আগবাঢ়িছিল | এটা সময়ত বাছখন জাগিৰোডত ৰ'ল |
বাছখনত ভিতৰলৈ সোমায় আহিল এজনী মৰম ল'গা ছোৱালী |
মোৰ ওচৰৰ চিটটো খালি আছিলে | সেয়েহে ভাৱিলো ছোৱালীজনী মোৰ কাষত বহা হ'লে ! অন্তত যাত্রাটো কৰি ভাল লাগিব |
হয় ছোৱালীজনীয়ে মোৰ কাষৰ চিততে বহিলে | গাড়ীৰ ভিতৰৰ লাইটৰ পোহৰত মোৰ তাইৰ ধুনীয়াকৈ মৰম লগা খোপাটি চকুত পৰিল | বাহ কি মজা | ঘন চুলিৰে আবৃত্ত এটি খোপা |
কিয় নাজানো ! চুলি দীঘল ছোৱালী মোৰ ভাল লাগে ,বহুত ভাল লাগে |
সঁচাই খোপাৰ সৈতে তাইক বৰ মৰম লাগিছে | তাই মোলৈ কেৰাহিকৈ চাইছিল | মই এটা মিঠা হাঁহি এৰিছিলো | কিন্তু নাই তাইৰ সহাৰি নেদেখিলো |
গাড়ী খন চলি গৈ আছিল | মাজে মাজে তাইৰ মুখলৈ চাইছিলো | বৰ মৰম লগা ! লগতে তাইৰ সেই খোপাটো | এবাৰ চুই চাৱ পৰা হ'লে !
গাড়ী খন নিজান হৈ পৰিছিল | সকলোৱে চাগে নিজক লৈ ব্যস্ত হৈছিল |
নিজৰে আমনি লাগিছিল | কাষত থকা জনী ও চাগে মোক পাত্তা নিদিয়ে |
মোবাইলত গান এটায়ে লগাওঁ ,,,,,
বুকু ভৰি আছে তোমালৈ মৰম
বুজানে নুবুজা তুমি
- এক মিনিট !
এয়া কি মোৰ কাষৰ চিতৰ খোপা বন্ধাজনীৰ কণ্ঠ
- হয় কওঁকচোন ,,,,,
- ক'ত যাৱ ?
ভাৱিছিলো কিবা বিশেষ কথা সুধিৱ নেকি !
- মই লক্ষীমপুৰ যাম | আপুনি ?
- মই ধেমাজী |
- উম,আপোনাৰ ঘৰ !
- হয়,ধেমাজিতে | কালি গুৱাহাটী আহিছিলো |চেমিনাৰ এখন আছিলে | আপোনাৰ ঘৰ ?
- মোৰ ঘৰ ৰঙিয়া ! পিছে আপোনাৰ নাম ?
- কৰিশ্মা দত্ত | আপোনাৰ ?
- ৰাগ ৰঞ্জন |
- ওৱাহ ! বৰ ধুনীয়া নাম , ৰাগ ৰঞ্জনৰ পাছত একো নাই নেকি ?
- আছে আছে | কলিতা,,,,,,
অলপ অলপকৈ বহুত কথাই পাতিলো | কিছু সময় পাছত কৰিশ্মালৈ মন কৰিলো তাই টোপনিত |
বাৰে বাৰে তাইৰ মূৰটো তললৈ যায় তাই আকৌ উঠাই আনে | বেছেৰি ! মোৰ কান্ধখনতে তাইৰ মূৰটো থোৱা হেতেন |
ধেত কি যে ভাৱিছো নহয় | কিয় থৱ তাই মোৰ কান্ধত মূৰ |
কেতিয়া মোৰ টোপনি আহিল গমকে নাপালো |
- ৰাগ
কাৰোবাৰ মাতত থতমত খালো |
- অহ,টোপনি আহিছিল |
- নাই একো নাই,আপোনাৰ যাত্রা শেষ,,,,,,
অ হয়টো মোৰ নামিবৰ হ'ল | মনটো সেমেকি উঠিল | তাইক যে এৰিবৰ মন যোৱা নাই |
- বেয়া নাপায় যদি আপোনাৰ ফোন নংটো দিব নেকি ?
- কিয় ?
- থিক আছে নালাগে | চৰি ,,,,,
হু ! যেন চেলিব্রেটি হে ,সাধাৰণ ফোন নং টো বিচাৰোতে প্রশ্ন কিয় ! যেন জীৱনটো হে বিচাৰিছো |মই বেগটো হাতত ল'লো | তাইৰ ফালে এবাৰ ও নোচোৱাকৈ গাড়ীৰ পৰা নামি আহিলো |
- ৰাগ একমিনিট,,,,,,
পাছলৈ চাই দেখিলো তাই ! মোলৈ কাগজৰ টুকুৰা এটা আগবঢ়াই দিলে |
- এইটো মোৰ ফোন নং | আপুনি বেছ অভিমানী |
মোৰ মুখেৰে এটা হাঁহি নিগৰিল |
- অভিমান মোৰ ভাল লাগে | আহো,,,,,
- কৰিশ্মা,,,,,,,,
- কি !
- আপোনাৰ ?
- মোৰ ?
- আপোনাৰ মানে,,,,
- কওঁক আকৌ,,,,,
- খোপাটো ভাল লাগিছে,,,
তাই মিছিকিয়া হাঁহি মাৰি ক'লে
- ধন্যবাদ,,,
তাই বাছত উঠিবলৈ আগবাঢ়িল | পাছফালৰ মই মোৰ মোবাইলৰ কেমেৰাৰে তাইৰ সেই মৰম লগা খোপাৰ ধুনীয়া ফটো এখন আৱদ্ধ কৰিলো | বাহ ! কি অপূৰ্ব,,,,,,,,
এটা সময়ত গাড়ী খন আকৌ চলিল | তাই খিৰিকিৰে হাত জোকাৰি জোকাৰি গ'ল গৈ | মই ও প্রাৰ্থনাৰ ঘৰ অভিমুখে ৰাওঁনা হ'লো |
লাহে লাহে আমি বহুকথাই ফোনত পাতো |সঁচা কথা কব লাগিলে মই তাইৰ প্রেমত পৰিছো | তাইৰ সেই মৰম লগা খোপাটিৰ |
- হেল্ল'
- কি কৰিছা,,,,,
- শুই আছো |তুমি ,,,,
- এটা গল্প লিখি আছো |
- বাহ,কি নাম ?
- খোপা বন্ধা ছোৱালী জনী |
- বাহ ! কাৰ বাবে ?
- তোমাৰ বাবে |
- কি ! কিন্তু মোৰ খোপাৰ কাহিনী তুমি নাজানা ! যি খোপা মোৰ হৃদয়ত বিষাদ সিছি দিছিল |( Storyboard )
- কি !
- মই বিবাহিতা |
মই এয়া কি শুনিছো বাৰু | তাই বিবাহিতা !
- শুনা
মোৰ স্বামীৰ লগত মোৰ প্রেম বিবাহ আছিলে | আমি দুয়ো দুয়োকে বহুত ভালপাইছিলো | সুদীৰ্ঘ পাচবছৰ ভালপোৱাৰ পাছত আমি বিবাহ পাশত বান্ধ খাইছিলো |
মই মোৰ ছুলি খিনি সৰুৰ পৰাই বহু যত্নত ৰাখিছিলো | বৰ মৰম কৰিছিলো চুলি খিনি | ককাললৈ বৈ পৰা চুলি খিনি মানুহে দেখিলে থৰ লাগি চাই আছিল |
প্রথমতে আমাৰ সংসাৰ খন থিকে আছিলে | এদিনাখনৰ কথা,,,,,,,,
আমাৰ ঘৰত সম্পৰ্কীয় দেওঁৰ এজন আহিছিলে | মোৰ স্বামী ,দেওঁৰজন আৰু মই কথা পাতি আছিলো |
- নবৌ তোমাৰ ছুলি খিনি বহুত ভাল লাগে,লগতে তোমাৰ ধুনীয়া খোপাটো |
- ধন্যবাদ ভাইটী
সেয়াই আৰম্ভনি | মোৰ স্বামীয়ে যেন সেই প্রশংসা সহ্য কৰিৱ নোৱাৰিলে | তেওঁ মোক জোৰ দিব ল'লে,,,,,,
- কৰিশ্মা তুমি ছুলি খিনি চুটি কৰা |
- কি ! তুমি এইবোৰ কি কৈছা ?
- মই থিকে কৈছো | বিয়াৰ পাছত আৰু ডেকা ল'ৰা পাগল কৰিব নালাগে |
- তুমি মোক,,,,,
- মই যি কৈছো তাকে কৰা |
তেওঁৰ কথাত মই বহুত কান্দিছিলো | কোনোবাই মোক প্রশংসা কৰিছে | তাতে তেওঁৰ কি হ'ল | ইমান যত্নৰে ৰখা ছুলি খিনি মই কেতিয়াওঁ চুটি কৰিব নোৱাৰো | তেওঁ ক'লে নহব | কাৰন নিজৰ দেহৰ ওপৰত নিজৰ হে অধিকাৰ থাকে |
তৰ্ক-বিতৰ্কৰ মাজেৰে আমাৰ আগবাঢ়িছিল আমাৰ সংসাৰ |
এদিনৰ কথা তেওঁৰ বন্ধু এজনৰ ভন্টীৰ বিয়াত গৈছিলো | লগত তেওঁ আছিল | এটা সময়ত আমি ৰভাতলিত সোমাইছিলো | বিয়াঘৰত আমাক বহিবলৈ দিয়া হৈছিল | তেনেতে তেওঁৰ বন্ধু পত্নী আমাৰ লগত চিনাকী হব আহিছিল | তেওঁ মোক চিনাকী কৰাই দিছিল -
- এইজনী মোৰ পত্নী |
বন্ধুপত্নীয়ে মোৰ ফালে চাই কৈছিল,,,,,
- বাহ বহুত ধুনীয়া দে আপুনি ,তাতে আপোনাৰ খোপাটো বেছ আকৰ্ষনীয় | এতিয়াওঁ আপোনাৰ কাৰনে ডেকা ল'ৰা পাগল হব | সাৱধান,,,,,
সেয়াই আকৌ আৰম্ভনি | এইবাৰ যেন যুদ্ধৰ পৰিসমাপ্তিৰ কোনো ইংগিত নাই | বাৰে বাৰে তেওঁৰ এটাই কথা মই ছুলি চুটি কৰিব লাগে |
এদিনাখন ৰাতি মই শুই আছিলো | তেনেতে মই অনুভৱ কৰিছিলো মোৰ মূৰত কাৰোবাৰ হাতৰ পৰশ | মই হাতখনত থাপ মাৰি ধৰিছিলো | আৰু কোঠাৰ আন্ধাৰৰ মাজত দেখিছিলো মোৰ স্বামীৰ মুখখন |
- তুমি ? কি কৰিছা !
- নাই,একো নাই ,,,,,
- সঁচা কথা কোৱা,,,,
তেওঁক লক্ষ্য কৰিছিলো,তেওঁ যেন মোৰ পৰা কিবা লুকাইছে |
মই বিচনাৰ পৰা নামি কোঠাৰ লাইট জ্বলাই দিয়াৰ লগে লগে দেখিছিলো মোৰ ছুলি কিছুমান ৰুমৰ ভিতৰত পৰি আছে !
- তাৰমানে তুমি ?
তেওঁ মনে মনে আছিলে,,,,,,
- নামাতা কিয় !
- মানে মই তোমাক বেলেগে প্রশংসা কৰাটো নিবিচাৰো | সেইবাবে,,,,,,,
- সেইবাবে তুমি মোৰ ছুলি নিজে কাতি দিলা,তাক ও ৰাতিৰ আন্ধাৰত চোৰৰ দৰে | ছিঃছিঃ তোমাৰ দপে মানুহ এজন মোৰ স্বামী | নিজৰ পত্নীৰ সৌন্দৰ্য্য সহ্য কৰিব নোৱাৰা |
বহুত কান্দিছিলো সেইদিনা | পিছদিনা ৰাতিপুৱা উঠিয়ে ড্রেছিংৰ গ্লাছত ছুলিখিনি চাই মোৰ হৃদয় খনে কান্দি উঠিছিল | কিমান যতনৰ মাজত ৰখা ছুলি খিনি তেওঁ নষ্ট কৰি পেলাইছিল |
আৰু সেই দিনােি মই মাৰ ঘৰত গুছি আহিলো |
তেওঁ বহুদিন মোক নিবলৈ আহিলে মই যোৱা নাই | এতিয়া তেওঁ অনুশোচনাত দগ্ধ | তেওঁ মোক কালি ঘৰলৈ নিব আহিব | মই মোৰ ছুলি খিনি আগৰ দৰে আকৌ উজ্বলাই তুলিলো |
মানুহৰ দেহৰ অংগত বেলেগে অধিকাৰ খতোৱাটো এটা অপৰাধ |
মই ফোনটো কাতি দিছিলো ,দুচকুক বাধা দিব নোৱাৰিলো,
তুমি কিবা বুজিবা কৰিশ্মা,মই তোমাৰ সেই ধুনীয়া খোপাৰ প্রেমতে পৰিছিলো | কিন্তু তুমি আনৰ |
বাহিৰৰ জোনাকৰ মাজত আন্ধাৰৰ খোপা এটা বিচাৰি ফুৰিলো,,,,,,,,,,,,,
তুমি সদায় সুখত থাকা কৰিশ্মা |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard ) কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment