কেৱল ধন-টকা হলেই জানো মানুহ ভাগ্যৱান হয় ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 22, 2021

কেৱল ধন-টকা হলেই জানো মানুহ ভাগ্যৱান হয় ? Storyboard

 

Storyboard

এয়াটো জুৰিয়েই হয়, তাই মোৰ নাম্বাৰটো কেনেকৈ পালে! কিমান বছৰৰ পাছত যেতিয়া জুৰিৰ মাতটো ৰেখাই শুনা পালে, তেতিয়া ৰেখাৰ নিজৰ কাণ দুখনৰ ওপৰতে বিশ্বাস কৰিব পৰা নাছিলStoryboard )। জুৰিয়ে কলে, হেল্ল, ৰেখা কত গুচি গলা। এতিয়া ফোন নাম্বাৰ বিচাৰি পোৱাটো কোনো ডাঙৰ কথা নহয়। মোৰ তোমাৰ লগত কথা পাতিবলৈ মন গৈছিল বাবে, তোমাৰ নম্বাৰটো বৰ কষ্টৰে পালো। কিন্তু তুমি এতিয়া এয়া কোৱা, তুমি ইমানদিনে কত লুকাই আছিলা! তুমি জানানে, তোমলৈ মোৰ ইমান মনত পৰে। বিয়া পাচটো তুমি মোক পাহৰিয়েই গলা। তুমিটো মোৰ লগত একো কন্টেকে নাৰাখিলা। তুমি জানানে, কাইলৈ মই তোমাক লগ কৰিবলৈ গৈ আছো। কাৰণ মই তোমাৰ চহৰতে আছো, আৰু তোমাৰ নাম্বাৰ মই তোমাৰ ঘৰৰ পৰা ললো। এই সকলোবোৰ কথা ফটাফট জুৰিয়ে ৰেখাক কলে। হব বাৰু এতিয়া, কাইলৈ লগ পাই আছো। এয়া কয় জুৰিয়ে ফোনটো ৰাখিলে।


জুৰিয়ে ফোনটো ৰখাৰ পাচত, ৰেখা নিজৰ অতিতৰ কথাত বিলিন হৈ পৰিল। আৰু ৰেখাৰ বাল্য কালৰ কথা মনত পৰিল। সৰুৰে পৰাই জুৰি আৰু ৰেখা ভাল বান্ধৱী আছিল। তাহাঁতি দুইজনীয়ে লগতে পঢ়িছিল, খেলিছিল আৰু লগতে স্কুললৈ গৈছিল। আৰু ডাঙৰ হলত দুয়োজনীয়ে একেখন কলেজতে এডমিছন লৈছিল। 

জুৰি উচ্চ পৰিয়ালৰ ছোৱালী আছিল। আৰু জুৰিৰ ঘৰখনত সুখ সুবিধাৰে ভৰি আছিল। ৰেখাৰ দেউতাকে এটা প্ৰাইভেট চাকৰি কৰিছিল। আৰু সেই চাকৰিৰ টকাৰ দ্বাৰাই ৰেখাৰ ঘৰখন চলিছিল। 

জুৰি নিজৰ ঘৰখনৰ সকলোৰে মৰমৰ আছিল। 

দুজন ককায়েকৰ এজনী ভনীয়েক আছিল। আৰু জুৰিৰ নবৌয়েকেও তাইক বহুত মৰমেৰে ৰাখিছিল। 

জুৰিৰ বিবাহো এটা উচ্চ পৰিয়ালতে হৈছিল। 

যেতিয়া এই কথা ৰেখায়ে গম পালে, তেতিয়া ৰেখাৰ ঘৰটো জুৰিৰ কথা চলিছিল। যে, জুৰিয়ে নিজৰ ভাগ্য খন লিখিয়ে লৈ আহিছিল। যত জুৰিৰ দেউতাকৰ ঘৰখনো ধন বান থকা আৰু এতিয়া শশুৰেকৰ ঘৰখনো তাতোতকেও উচ্চ খাপৰ। 


কিছু দিনৰ পাছত জুৰিৰ বিয়া বৰ ধুম ধামেৰে হৈ গল। আৰু আনফালে ৰেখাৰ দেউতাকেও ৰেখাৰ বাবে লৰা বিচাৰি আছিল। আৰু এদিন ৰেখাৰো সম্বন্ধ ঠিক হল আৰু তাইৰো বিয়া সোনকালেই হয় গল। কিন্তু জুৰি, ৰেখাৰ বিয়াত আহিব নোৱাৰিলে, কাৰণ সেই সময়ত জুৰি নিজৰ স্বামী লগত বাহিৰলৈ ফুৰিবলৈ গৈছিল। যেতিয়া জুৰি ফুৰি ঘূৰি আহিছিল, তেতিয়া তাই ৰেখাক ফোন কৰি বিয়াৰ অভিনন্দন জনালে। আৰু পাচত দুয়ো নিজৰ নিজৰ গৃহস্থিত ব্যস্ত হৈ পৰিল। আৰু বহু বছৰ পাৰ হৈ গল, কিন্তু দুয়োজনীৰ ফোনটো কথা পতা হোৱা নাছিল। 

সেই সময়তে ৰেখাৰ স্বামী কোঠালৈ আহিলে আৰু কলে, তোমাক চাৰিবাৰ মাত দিলো যে, এগিলাচ পানী দিয়া বুলি। কিন্তু তুমি কত ব্যস্ত হৈ আছা! 

মই কতো ব্যস্ত হৈ থকা নাই। মানে মোৰ বাল্যকালৰ বান্ধৱী জুৰিয়ে ফোন কৰিছিল। আৰু তাই কালিলৈ মোক লগ ধৰিবলৈ আমাৰ ঘৰলৈ আহিব। আমি বহুত বছৰৰ পাছত লগ পাম যে, সেইবাবে তাইৰ কথাকে ভাৱি ৰলো। কাইলৈ তুমিও কামৰপৰা চুটি লোৱা, তেতিয়া তুমিও তাইক লগ পাবা। এতিয়া আৰু ৰেখাই ভাৱিবলৈ ধৰিলে, এতিয়া আৰু জুৰিৰ আদৰ সন্মানত যাতে একো ৰৈ নাযায়। সেইবাবে ৰেখায়ে খোৱাৰ বাবে কি কি বনাব, তেতিয়াৰ পৰাই আৰম্ভ কৰি দিলে। আৰু পাচদিনা ধুনীয়া কাপোৰ এযোৰ পিন্ধি আৰু খোৱাৰ বাবে সকলো প্ৰস্তুত কৰি, ৰেখাই আজৰি হওঁতেই জুৰি আহি পাইছিল। 

যেতিয়াই ৰেখাই জুৰিক দেখা পালে, তাই দৌৰ মাৰি জুৰিক সাৱটি ধৰিলে। আৰু কলে ইমান বছৰৰ পাছত লগ পাইছো। বহুত বহুত কথা আছে, বহুত খং আছে, যি তোমাক কবলগীয়া আছে। Storyboard )

তেতিয়া মাজতে ৰেখাৰ স্বামীয়ে কলে, দুয়ো বান্ধৱীয়ে কথা পাতি থাকিবা নে, মোৰ লগতো চিনাকি কৰাবা? তেতিয়া ৰেখাই কলে, জুৰি এয়া মোৰ পতিদেৱ হয়, পিংকু। আৰু তেতিয়া জুৰিয়ে পিংকুক নমষ্কাৰ জনালে। পিংকুৱে কলে, জুৰি, মই আপোনাৰ সেৱাত উপস্থিত আছো। তোমালোক দুয়ো গৰাকী বান্ধৱী আৰামত বহি কথা পাতা, মই চাহ লৈ আহো। পিংকুৰ এনে কথা শুনি জুৰিয়ে হাঁহিলে। 


তেতিয়া পিংকুৱে কলে, এয়া হহাঁৰ কথা নহয়। আজিৰ দিনটোত আপোনালোকৰ সেৱাত, আপোনালোকৰ খোৱা বোৱা সকলো দায়িত্ব মোৰ। আৰু লৰা ছোৱালী দুটাকো মইয়ে চাম। আপোনালোক দুয়ো গৰাকী বান্ধৱী বহি কেৱল কথা পাতক আৰু সচাঁকৈ সেইদিনা ঘৰখনৰ সকলো কাম পিংকুৱে কৰিছিল। পিংকুৱে, ৰেখাক কলে, তোমাৰ বান্ধৱী ইমান দিনৰ পাছত আহিছে, এদিনে হে থাকিব, আৰু তাতো তুমি দিনটো ঘৰখনৰ কামত লাগি থাকিলে, তুমি তাইৰ লগত কথা কেতিয়া পাতিবা।সেইবাবে তুমি আজি জুৰিক সময় দিয়া আৰু আজি ঘৰখন মই চাম। দুয়োজনীয়ে খোৱা বোৱা কৰি আজৰি হৈ কথা পাতি থাকোতে জুৰিয়ে ৰেখাক কলে, ৰেখা তুমি বহুত ভাগ্যশালী হয়। যি তোমাক ইমান ভালপোৱা স্বামী পালা। তেতিয়া ৰেখাই কলে, তুমি মোৰ কথা বাদ দিয়া আৰু তোমাৰ কথা আৰু অনুজৰ কথা কোৱা, অনুজৰ খবৰ কি? 

ৰেখাৰ কথা শুনি, জুৰি কিছু পল মনে মনে থাকিল। জুৰিক মৌন হয় থকা দেখি, ৰেখায়ে কলে, কি হল জুৰি! তুমি মনে মনে কিয় আছা! জুৰিয়ে কলে, কি কম তোমাক মই অনুজৰ বিষয়ে? সকলোকে ভাবে যে, মই ইমান ডাঙৰ ঘৰ পালো,সম্ভ্ৰানত এটা পৰিয়াল পালো,মই যেন বহুত সুখী। কিন্তু মোৰ স্বামীৰ মৰমেই যে মই নাপালো। 


সকলোৱে ভাৱিছে, মোৰ বিয়া ইমান ডাঙৰ ঘৰত হল বুলিয়েই, মোৰ কোনো বস্তুৰে প্ৰয়োজন নহয় বুলি! কিন্তু সচাঁ কবলৈ গলে, ৰেখা, মোৰ স্বামীৰ মৰমে মোৰ ওচৰত নাই। মোৰ স্বামীৰ মোৰ বাবে সময়ে নাই। কেৱল তেওঁৰ কামকে চিনি পায়। দিনে ৰাতিয়ে ধন ঘটিবলৈ বিচাৰে। মোৰ মনতে নাই, আমি দুয়ো কেতিয়া লগে ভাগে একেলগে বহি আহাৰ খাইছিলো। অনুজে সদায়ে কাম শেষ হোৱাৰ পাছত ক্লাৱ আৰু বন্ধুৰ পাৰ্টিলৈ যায়। আৰু পলমকৈ নিশা মদ খাই ঘৰলৈ উভতি আহে। বহু মাহ ধৰি কামৰ বাবে বাহিৰতে থাকে। আৰু মোক কয় বিজনেচৰ কাম। মইটো কেৱল, ঘৰৰ বেৰৰ লগতে কথা পাতো। মোৰ লৰা ছোৱালী দুটাও হোষ্টেলত থাকে। অনুজৰ লগতে মই মোৰ লৰা ছোৱালী দুটাকো লগ নেপাও। সকলো থাকিও মোৰ একো নাই। মই অকলশৰীয়া, ৰেখা, মই অকলশৰীয়া। এই কথা কৈ, জুৰি কান্দোনত ভাঙি পৰিল। তেতিয়া ৰেখাই কলে, জুৰি তুমি সাহস নেহেৰুৱাবা। সকলো ঠিক হৈ যাব। তেতিয়া জুৰিয়ে কলে, মোতকৈটো তুমি বেছি ধনী, ৰেখা। তোমাৰ লৰা ছোৱালী দুটাও তোমাৰ লগত আছে। তোমাৰ ঘৰটো সৰু কিন্তু বহুত সুন্দৰ। আৰু সকলোতকৈ ডাঙৰ কথা যে, তোমাক ইমান মৰম কৰা, তোমাক ইমান সময় দিয়া, তোমাক সন্মান দিয়া, তোমাৰ স্বামী তোমাৰ লগত আছে।

 

এজনী বিবাহিতা মহিলাক আৰু কি লাগিছে। বহুত ভাগ্যশালী হয় যে, তুমি ইমান সুন্দৰ ঘৰ সংসাৰ পালা। আৰু আনফালে মই যত ঘৰ পৰিয়ালৰ বাবে দৌৰি ফুৰো। মোৰ ওচৰত পইচা আছে কিন্তু, পইচাই সকলো নহয়, ৰেখা! এখন ঘৰ, মৰম, ভালপোৱা, সম্বন্ধ আৰু লৰা ছোৱালী দ্বাৰা পূৰ্ণ হয়। ৰেখা, তুমি এনেদৰে সুখী হোৱা আৰু তোমাৰ পৰিয়ালো। আৰু মোৰ ভাগ্যত যি আছে, সেয়াটো হবই। আৰু এয়া কৈ জুৰি শুই পৰিল। আৰু পুৱা জুৰিয়ে ৰেখাৰপৰা বিদায় ললে। জুৰি যোৱাৰ পাছত, ৰেখাই এয়া ভাৱি থাকিল যে, সদায়ে, জুৰিক ভাগ্যশালী ভাৱিছিলো। তাই ইমান ধনী ঘৰত বিয়া হৈছিল। কিন্তু তাইৰ ওচৰত সকলো থাকিও, তাই আজি কিমান অকলশৰীয়া। সকলো ভাগ্যৰ লিখন। জীৱনত সকলোৱে সকলোখিনি সুখ নাপায়।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই এই গল্পটো আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages