অজান প্ৰেমৰ বান্ধোনে দুমোজাত পেলোৱা এগৰাকী অসহায় মহিলা : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 4, 2021

অজান প্ৰেমৰ বান্ধোনে দুমোজাত পেলোৱা এগৰাকী অসহায় মহিলা : Storyboard

Storyboard

কবিতাই নিজৰ নতুন ঘৰখনলৈ আহি শাহুয়েকৰ ভৰি চুই সেৱা কৰিলত শাশহুৱেকে হাঁহি মাৰি কলে কবিতা তুমি তোমাৰ বৰজনাৰো ভৰি চুই সেৱা কৰা।Storyboard )

কবিতাই অমৰ'ৰ ভৰি ফালে হাঁউলি সেৱা কৰিবলৈ লওঁতে ৰৈ থকা অমৰে অলপ পিছুৱাই গৈ কলে, হব হব কবিতা, তুমি ভাগৰি গলা যোৱা এতিয়া অলপ আৰাম কৰি লোৱাগৈ. 


অমৰক দেখি কবিতাৰ মনত পৰিল যে, যেতিয়া অমৰ আৰু অম্লানে কবিতাক প্ৰথম বাৰ চাবলৈ গৈছিল তেতিয়া কবিতাই অমৰকে অম্লান বুলি ভাৱিছিল,কিন্তু পাচতহে কবিতাই গম পাইছিল যে অমৰ অম্লানৰ ককায়েক বুলি। আৰু তাইৰ বিয়া অমৰ'ৰ লগত নহয় অম্লানৰ লগতহে ঠিক হৈছে। 


কবিতাই এতিয়াও থৰ লাগি অমৰকে চাই আছিল ! কিমান পাৰ্থক্য আছিল দুজন ককায়েক ভায়েকৰ মাজত. ককায়েক অমৰ বগা ৰংৰ, ওখ ডাঙৰ , মুখত মিঠা হাঁহি, হাঁহিলে বাওঁফালৰ গালখন ডিম্পল পৰে। আৰু অম্লানৰ ওখ, শৰীৰ, শ্যাম বৰণীয়া দেহৰ ৰং। অমৰক অম্লানতকে সৰু দৰে লাগে।কবিতাই গম পালে যে, অমৰ এতিয়াও অবিবাহিত। তেওঁ বিবাহত মন নিদিয়াত প্ৰথমে অম্লানে বিয়া কৰালে। 


এদিন কবিতাই অম্নাক সুধিলে, "অম্লান দাদা কিয় অকলে আছে..! তেওঁ কিয় বিয়া কৰোৱা নাই!"


তেতিয়া অম্লানে কলে "যেতিয়া আমাৰ দেউতাৰ মৃত্যু হৈছিল তেতিয়া দাদাই কলেজৰ শিক্ষা শেষ কৰিছিল। আৰু মই স্কুলত আছিলো। তেতিয়া দাদাৰ ওপৰত ঘৰৰ সকলো দায়িত্ব আহি পৰিল। যেনে তেনে কৰি তেওঁ চাকৰি এটা গোটালে। তাৰপাছত দাদায়ে এম. বি. এ কৰিলে। আৰু জীৱনৰ খোজত আগবাঢ়ি আগুৱাই গল। তেওঁৱে মোক পঢ়ালে শুনালে। আৰু মোক নিজৰ ভৰিত ঠিয় কৰালে। যেতিয়া তেওঁৰ বিবাহৰ সময় হৈছিল তেতিয়া তেওঁৰ ঘৰৰ দায়িত্বৰ ওপৰত আমাৰ ওপৰত ব্যস্ত হৈ পৰিছিল। আৰু যেতিয়া তেওঁৰ বিবাহ কৰাবলৈ সাঁজু হল, তেতিয়া বিবাহৰ বাবে কোনো চোৱালী পোৱা নগল। আৰু তেতিয়াই তেওঁ বিবাহৰ কথা চিন্তা আৰু নকৰা হল। কবিতা, তুমি কেতিয়াও দাদাক অসন্মান নকৰিবা।" এই সকলো কথা শুনি কবিতাৰ মনত ককায়েকৰ প্ৰতি বেছিকে আদৰ ভাৱ জাগি উঠিল। 


এদিন কবিতাই অমৰক চাহ দিবলৈ যাওঁতে দেখিলে যে তেওঁ ছবি আঁকি আছে,কবিতাই সুধিলে "অ আপুনি ছবিও আঁকে!"

অমৰে হাঁহি মাৰি কলে,  "অ মনুষ্য ওচৰত এনে কিবা থাকিব লাগে যি কৰিলে নিকি তেওঁৰ মনটোৱে শান্তি পায়। তুমি বহি দিয়া, তোমাৰো এখন ছবি আঁকি দিওঁ।" কবিতা বহি দিলে আৰু নিজৰ চুলিত হাত থৈ কলে, "আপুনি সকলোৰে ছবি আঁকি দিব পাৰে নি..! "

অমৰে কবিতাৰ ফালে চাই কলে "লৰচৰ নকৰিবা".. তেওঁৰ কথা শুনি কবিতা থৰ লাগিল, কবিতাক মনে মনে থকা দেখা পায় অমৰে মাত দিলে কবিতা তুমি একো নোকোৱা হলা যে!কবিতাই লাহে কৰি মাত দিলে আপুনিয়েটো মোক মনে মনে বহি থাকিবলৈ কৈছে.! অমৰে হাঁহি মাৰি কলে, মই তোমাক লৰচৰ কৰিবলৈ মনা কৰিছিলো, কথা পাতিবলৈ মনা কৰা নাই নহয়! 


কবিতাই কলে,কেতিয়াবা মোৰ মনেও মোক কয়, মই পুনৰ নাচিবলৈ আৰু লিখিবলৈ আৰম্ভ কৰি দিওঁ। অমৰে আচৰিত ভাৱে কলে, তুমি মানে নাচনী আৰু কবি হয়। এতিয়া কোৱা তুমি কি লিখা? কবিতা.. অমৰে কলে মই তোমাৰ নামটো সুধা নাই!মইও নিজৰ নামটো কোৱা নাই, কৈছো যে মই কবিতা লিখো। কবিতাৰ কথা শুনি অমৰে ডাঙৰকে হাঁহি মাৰি দিলে। 

কবিতাই অমৰৰ মুখৰ ফালে চাই ৰল।অমৰে কলে, তুমি কি লিখিছা মোকো শুনাবা। কবিতাই লাজ কৰি কলে, আপুনি আকৌ হাঁহিব নি? নাহাঁহো, তুমি শুনোৱা, কবিতাই নিজৰ কবিতা শুনাই অমৰৰ প্ৰতিক্ৰিয়া জানিবলৈ তেওঁৰ মুখলৈ চালে।অমৰে নিজৰ ৰং তুলিকাৰ পৰা আঁতৰি কবিতাৰ ফালে চাই কলে, কবিতা বৰ সুন্দৰ হৈছে। কবিতাই হাঁহি মাৰি কলে, আপুনি সচাঁকৈয়ে ভাল পালে নে! অ কবিতা সচাঁকৈয়ে। 

তেতিয়া কবিতাই মন বেয়া কৰি কলে অম্নানে এই কবিতাটো একেবাৰে ভালপোৱা নাছিল। অম্লানে বহুত বেয়া হৈছে কৈছিলে।অমৰে কবিতাৰ মূৰট টুকুৰিয়াই কলে, সি পগলা হয়, তুমি তাৰ কথাত মন বেয়া নকৰিবা. তুমি মোৰ কথা শুনা আৰু লিখিবা। 


সেইদিনা ৰাতিয়ে কবিতাই অম্লানক কলে, তুমি মোৰ কবিতাত হাঁহি মাৰা নহয় কিন্তু দাদায়ে মোৰ কবিতা বৰ ভাল পালে আৰু চোৱা, তেওঁ মোৰ কিমান সুন্দৰ ছবি অঙ্কণ কৰিলে।অম্লানে কবিতাৰ ফালে নুচুৱাকৈ নিজৰ ফাইল লুটিয়াই কলে ধুনীয়া।কবিতাই মৃদু খঙেৰে কলে, তোমাৰোটো কলাৰ কোনো জ্ঞানে নাই অম্লানে হাঁহি মাৰি কলে, তুমি আৰু দাদায়ে খেলা এই সাহিত্যৰ খেল, মোক নোসোৱামাবা এইবোৰৰ মাজলৈ।কবিতাৰ চকুলো ভৰি পৰি, তাই মনে মনে শুই পৰিল। কিছু সময়ৰ পাচত অম্লানে মাতে দিলে, কবিতা টুপনি গলা,মোক ক্ষমা কৰি দিয়া, তুমি আৰু তোমাৰ ছবি সচাঁকৈয়ে সুন্দৰ।


পাচদিনা অম্লানে কবিতাক কলে বহুতদিন আমি ফুৰিবলৈ ওলাই যোৱা নাই, আজি সন্ধ্যা ওলাই থাকিবা চিনেমা চাবলৈ যাম। অম্লানৰ কথা শুনি কবিতা আনন্দিত হল। কবিতা গোটেই দিনটো উৎফুলিত হৈ থাকিল। আবেলি ৫ বজাৰ পৰা কবিতা ওলাই অম্লানৰ বাবে বাট চাই ৰল। অমৰে ভালকৈ কবিতাক লক্ষ্য কৰিলে যে সেউজীয়া ৰংৰ কাপোৰযোৰৰ সৈতে কবিতাক বৰ ধুনীয়া দেখাইছিল। ডিঙিত দীঘলকৈ সোণৰ চেইনডালে হাতত খাৰুৰে, সচাঁকৈয়ে কবিতাক বৰ সুন্দৰ লাগিছিল। 

আজি তোমাক বৰ ধুনীয়া লাগিছে, কিবা কথা আছে নি! কবিতাই হাঁহি মাৰি কলে আজি অম্লানে চিনেমা চাবলৈ নিব. লাহে লাহে ঘড়ীটোৱে ৬,৭,৮ বজালে। কিন্তু অম্লান নাহিল। কবিতাই অম্লানৰ অপেক্ষা কৰি কৰি ভাগৰি পৰিছিল। অমৰ বাৰাণ্ডালৈ আহি দেখা পালে যে কবিতাই মন মাৰি ৰৈ আছিল।কি হল কবিতা..! তুমি এনেদৰে কিয় ৰৈ আছা.! কবিতাই তলৰ ওঁঠ কামুৰি ওলাই আহিব ধৰা কান্দোনক ধৰি ৰাখি কলে, তেওঁ এতিয়াও নাহিল, পলকতে অমৰে সকলো কথা বুজি উঠিল আৰু অমৰৰ অম্লানৰ ওপৰত খং উঠিল। তথাপিটো অমৰে হাঁহি মাৰি কলে কোনো কথা নাই কবিতা,বলা আজি তুমি মই আইচক্রিম খাবলৈ যাও। কবিতাই আচৰিত ভাবে অমৰৰ ফালে চাই দিলে, অমৰে আকুলতাৰে সুধিলে, "যাবা মোৰ লগত!" কবিতাই হাঁহি মাৰি অ যাম বুলিলে। গৈ থাকোতে অমৰে কলে তুমি দুখী নহবা, মোৰ ভাল নালাগে। আৰু অম্লানৰ কথাত বেয়া পাই নাথাকিবা. অম্লানে যি কৰিছে তোমাৰ বাবেইটো কৰি আছে. কবিতাই লাহে কৰি কলে তেওঁ যি কৰিছে মোৰ বাবেই কৰিছে কিন্তু তেওঁৰ ওচৰত মোৰ বাবে সময় আছে নে! নে মোৰ বাবে চিন্তা কৰে? যদি মইয়েই নাথাকো তেওঁ এয়া কাৰ বাবে কৰিছে ? আপুনিও কাম কৰে,কিন্তু মোৰ বাবে ঘৰৰ বাবে সময় ওলিয়াই, কিন্তু অম্লানে কিয় নোৱাৰে! কবিতাৰ এই প্ৰশ্নৰ উত্তৰত অমৰে একো নকলে. অমৰে বুজিছিল কবিতাই সচাঁই কৈছে। অমৰ আৰু কবিতাই আইচক্রিম খায় থাকোতে এজন মগনীয়া আহি তেওঁলোকক কলে "দুদিন ধৰি ভোকত আছো, কিবা এটা দিয়ক। অমৰে পকেটৰপৰা ১০টকা ওলিয়াই দি দিলে। তেতিয়া মগনীয়াই আৰ্শীবাদ দি কলে ভগৱানে তোমাৰ দুয়োৰে সম্বন্ধ কুশলে ৰাখক। কবিতাই অমৰৰ ফালে চাই নিজৰ চকু তল কৰি দিলে।


অমৰ আৰু কবিতাই ঘৰলৈ আহি দেখা পালে যে অম্লান আহি পাইছিল। অম্লানে কবিতাক কলে কত গৈছিলা তুমি! কিমান সময়ৰপৰা তোমালৈ ৰৈ আছো। এতিয়া সোনকালে বলা, তেতিয়া কবিতাই কলে "মই সম্পূর্ণ চিনামাখন চাবলৈ বিচাৰিছিলো চিনেমাখনৰ শেষ ভাগ নহয়, এতিয়া মই বহুত ভাগৰি গলো। এতিয়া মই কতো যাব বিচৰা নাই। অম্লানৰ চকু ৰঙা হৈ পৰিল,কথাষাৰৰ অৰ্থ কি! যাবলৈ মন নাছিল যদি প্ৰথমতে কব লাগিছিল,তেতিয়া মই মোৰ সকলো কাম বাদ দি নাহিলো হয়।কবিতাৰ চকু চকুপানীৰে ভৰি আহিল। কাম… কাম …কাম ,কেৱল কাম! মোৰ বাবেও কেতিয়াবা তোমাৰ ওচৰত সময় আছেনে, মই সন্ধ্যা ৫ বজাৰপৰা তোমালৈ বাট চাই ৰৈ আছো. সেয়া একো নহয়। তুমি মাথো ৫ মিনিট সময় মোৰ বাবে ৰব লগীয়া হল, তাৰ বাবেই তুমি মোৰ ওপৰত ইমান খং কৰিলা।অম্লানে খঙত কলে তোমালৈ মোৰ সময় নাথাকিলে এয়া যি কৰিছো মই তেনেহলে কাৰ বাবে কৰিছো? কবিতাই শান্তি সুৰেৰে কলে "মই কেৱল তোমাৰ পৰা অলপ সময় বিচাৰিছো,তুমি সেয়া দিলেই মোক আৰু একো নালাগে," এয়া কৈয়ে কবিতাই বিচনাত বাগৰ দিলে।


অমৰে কবিতা আৰু অম্লানৰ কথাবোৰ শুনিলে, অমৰে ভাবিলে অম্লান আৰু কবিতাই একে লগে এজনে আনজনক সময় দিয়াটো প্ৰয়োজন তাহাঁতৰ সম্বন্ধটো ভালে ৰাখিবৰ বাবে।পাচদিনা যেতিয়া অমৰ অফিচৰপৰা আহি মাকক কলে মা মই অফিচৰ কামৰ বাবে ১৫দিনৰ বাবে গুৱাহাটীলৈ যাব লাগিব। তুমিও ওলোৱা মোৰ লগত,মই তোমাক নগাঁওৰ মাহী ঘৰত থৈ যাম আৰু মই গুৱাহাটীৰ পৰা ঘূৰি আহোতে তোমাক লগত লৈ আনিম। অমৰৰ কথাত মাক যাবলৈ সাজু হল। 

কবিতাই যেতিয়া এই কথা শুনিলে তেতিয়া তাই অলপ সময়ৰ বাবে দুখী হল।তাই মাকক কলে মা আপোনালোক দুয়োজনেই গলে মই বহুত অকলশৰীয়া হৈ পৰিম,মা আপুনি নাযাব। 

মাকে কবিতাক বুজালে অম্লান আছে নহয় তোমাৰ লগত,এতিয়া কিছু দিন তোমালোকে একেলগে সময় অতিবাহিত কৰা। পাচদিনাই মাক আৰু অমৰ গলগৈ। 

আজি অম্লান অফিচলৈ যাবলৈ ওলাওতে কবিতাই কলে অম্লান আজি অফিচলৈ নাযাবা না, আমি কিমানদিন একেলগে সময় অতিবাহিত কৰা নাই.! নহয় কবিতা আজি অফিচ যোৱাটো বৰ প্ৰয়োজনীয়, কিন্তু আবেলি মই সোনকালে আহিম, আৰু আমি বাহিৰলৈ খাবলৈ ওলাই যাম। কবিতাই অম্লানৰ কথাত মান্তি হল। 


সেই দিনাও আকাশত হেঙুলীয়া বেলিয়ে নিজৰ ৰূপ সলালে আৰু তৰায়ো আকাশত হাঁহিবলৈ ধৰিলে কিন্তু অম্লান নাহিল। সেই সময়ত কবিতাৰ অমৰলৈ মনত পৰিল, তেওঁ থকা হলে কবিতাৰ লগত কথা কে পাতিলে হয়। নিবিচাৰাকৈয়ে কবিতাই তেওঁলোক দুয়োৰে তুলনা কৰিলে, কিমান পাৰ্থক্য আছে দুয়োজন ককায়েক ভায়েকৰ মাজত, এজন নদীৰ দৰে শান্ত আৰু আনজন সাগৰৰ দৰে গৰজি থকা। মোৰ বিবাহ যদি অম্লানৰ লগত নহয় অমৰৰ লগত হোৱা হলে! কবিতাই আচৰিত হল আৰু ভাবিলে,এয়া কেনেধৰণৰ বিচাৰ আহিলে মনত আৰু কিয় আহিলে! সেই সময়তে অম্লান আহি পালেহি, কবিতাই ঘড়ীটোলৈ চালে ৰাতি ১০বাজিল।কবিতা মোক খাবলৈ দিয়া মই বহুত ভাগৰি গলো মই খায় শুব বিচাৰো। 

কবিতাই কলে মইটো একো বনোৱাই নাই? 

অম্লানে ডাঙৰকে কলে, কিয়! 

তুমি কৈ গৈছিলা ন, আজি ৰাতিৰ আহাৰ ঘৰত নবনাবা, আজি আমি বাহিৰত খাম। 

অহ, মই একেবাৰে পাহৰি থাকিলো, মই বৰ্তমান বৰ ভাগৰুৱা, কতো যাব নোৱাৰো, তুমি সোনকালে মোলৈ কিবা এটা বনোৱা। এনে কৈয়ে অম্লান নিজৰ কোঠালিৰ ফালে আগবাঢ়িল। কবিতা ৰৈ থকা ঠাইতে থৰ লাগি ৰল। 

এটা সপ্তাহতে কবিতা এনেদৰে অকলশৰীয়া হৈ পতাৰ বাবে চিন্তিত হৈ উঠিল। অম্লান ঘৰৰপৰা সোনকালে যায় আৰু ৰাতি দেৰিকে ঘৰলৈ আহে। আৰু ঘৰলৈ আহি ভাগৰুৱা দেহাৰে শুই পৰে। 

যেতিয়া এই সকলোবোৰ কবিতাৰ বাবে বিৰক্তিকৰ হৈ পৰে তেতিয়া তাই কোনো চিন্তা নকৰাকৈয়ে অমৰৰ ভাৱনাত বিলীন হৈ পৰে।অমৰে তাইক কৈছিল যেতিয়া বহুত চিন্তা হয় আৰু কোনো কামতে মন বহাব নোৱাৰা তেতিয়া সেয়া কৰা তুমি যি আটাইতকৈ ভালপোৱা। সেই কামে তোমাক মন আৰু শৰীৰৰ সকলো চিন্তাই মুক্ত কৰি দিয়ে। কবিতাই সেয়াকে কৰিছিল,তাই আবেলিটো নাচি নাচি পাৰ কৰিছিল। তাই তেতিয়া লৈকে নৰৈছিল যেতিয়ালৈকে তাই ভাগৰি নপৰিছিল।

এদিন আবেলি বহু জোৰেৰে বৰষুণ দিছিল। কবিতাই বৰষুণক বহুতে ভালপাইছিল। তাই খিৰিকি কাষতে ৰৈ বৰষুণ জাক চাই গুণগুণাই আছিল। তাই হেপাহেৰে অম্লানলৈ বাট চাই আছিল। বৰষুণৰ বতৰত অম্লানৰ লগত চাহৰ পিয়লা লৈ কথা পাতিবৰ মন। আন দিনাৰ দৰে অম্লান পলম কে আহিল আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰি নিজৰ কোঠালিলৈ গুচি গল। কবিতাই সকলো কাম বন শেষ কৰি কোঠালৈ গৈ দেখে অম্লান টুপনিৰ কোলাত। কবিতাই অম্লানৰ মূৰতে হাত ফুৰাই মাত দিলে অম্লান টুপনি গলা নি? সোনাচোন,অম্লানে বাগৰ সলাই কলে,কবিতা মই বৰ ভাগৰুৱা তুমিও টুপনি যোৱা। কবিতাই পুনৰ মাত দিলে অম্লানক।তেতিয়া অম্লানে খংতে কলে, কবিতা মোক শান্তিত শুবলৈ দিয়া।কবিতা অপমান আৰু খংৰ জুইত জ্বলি উঠিল, তাই বিচনাৰ পৰা উঠি গৈ খিৰিকিৰ কাষত ৰল গৈ। বাহিৰত বৰষুণ আৰু তাইৰ চকুৰে অসৰহ বৈ অহা চকুৰ পানীয়ে কবিতাৰ মনটোক শান্তি কৰিব পৰা নাছিল।


এদিন অম্লান ঘৰলৈ সোনকালে অহাত কবিতা আনন্দতে নাচি উঠিল।আজি তুমি ইমান সোনকালে ঘৰলৈ কি দৰে আহিলা?কি তোমাৰ মোলৈ মনত পৰি আছিল নি! অম্লানে পাতলীয়া হাঁহি মাৰি কলে, বেছি আনন্দিত হোৱাৰ প্ৰয়োজন নাই, আৰু সোনকালেই মোৰ কাপোৰ পেকিং কৰি দিয়া, অফিচৰ কামৰ বাবে আবেলিৰ গাড়ীত আজিয়েই দিল্লী লৈ যাব লাগিব। কবিতা আচৰিত হল, আৰু কলে যে, কিন্তু অম্লান অহা কালিলৈ আমাৰ প্ৰথম বিবাহ বাৰ্ষিকী তুমি পাহৰি গলা নি! 

অম্লানে মূৰত হাতখন থৈ কলে, অহ মইটো পাহৰিয়েই গৈছিলো,কোনো কথা নাই মই ঘূৰি অহা পাচত বিবাহ বাৰ্ষিকী উদযাপন কৰিম। 

কবিতাই অম্লানক বুজালে যে অম্লান তুমি নাযাবা মই ঘৰত অকলে কিদৰে থাকিম।

অম্লানে চিঞঁৰ মাৰি কলে যে তুমি সৰু ছোৱালী  যে ঘৰত অকলে থাকিবলৈ নোৱাৰিবা,মই যোৱাটো খোবেই প্ৰয়োজনীয়। 

অম্লান যাবলগীয়া আছিল বাবে সি গুচি গল, কবিতাই নিজৰ আশা আৰু সপোনৰ লগতে ঘৰত অকলে থাকি গল। 

বিবাহ বাৰ্ষিকীৰ দিনা অমৰে ফোন কৰিলে, তেতিয়া কবিতাৰ মাতকাষৰত অমৰে বুজিপাই সুধিলে কি হল কবিতা! তুমি মন মাৰি আছা! অম্লান কত গল! 

অমৰৰ কথা শুনি কবিতাই কলে, তেওঁ অফিচৰ কামৰ বাবে দিল্লীলৈ গৈছে।

অমৰ আচৰিত হল, আজিৰ দিনটো অম্লান তোমাৰ লগত নাই! সীমা থাকে কামৰো এটা,তুমি ঘৰখনত অকলে থাকিবলৈ ভয় লগা নাই নে! 

অমৰে সুধাত কবিতাৰ ধৈৰ্য্যৰ বান্ধোন খুল খায় গল, আৰু কলে বৰ ভয় লাগে, মই ঘৰত কেতিয়াও অকলে থাকি পোৱা নাই আপুনালোক সোনকালে ঘৰলৈ আহক।

কবিতাক ধৈৰ্য্য ধৰিবলৈ কয় অমৰে কয় তুমি চিন্তা নকৰিবা, মই আৰু মা কাইলৈ ঘৰলৈ যাম।

পাচদিনা আবেলি মাকক আৰু অমৰক ঘৰৰ দুৱাৰমুখত দেখা পায় কবিতাৰ মুখত হাঁহি বিৰিঙিল। 

বস্তু বাহিনী থৈ অমৰে সুধিলে কি খবৰ কবিতা! 

অমৰে সুধাত কবিতাই সকলোবোৰ কলে, তেওঁলোক যোৱা পাচত কি কি হল। 

অমৰে দীঘলীয়া উশাহ টানি কলে, মইটো ঘৰৰপৰা এই ভাবি গৈছিলো যে এনেদৰে তোমালোক দুয়ো ইজনে সিজনক বুজি উঠিবা, কিন্তু এতিয়া সকলো কথা ওলোটাই হল। 

কবিতাই আচৰিত হৈ সুধিলে, আপুনি ঘৰৰপৰা কোনো কাম নোহোৱাকৈ গৈছিলে! 

উত্তৰত অমৰে নিজৰ দৃষ্টি তললৈ কৰিলে।

এতিয়া আপুনি মোক এৰি থৈ নাযাব, আপুনি থাকিলে মোৰ এনে অনুভৱ হয় যে, কোনোবাটো আছে যাক মই মনৰ কথা কব পাৰো।Storyboard )

ঠিক আছে, নাযাও.. 

কবিতাই হাঁহি মাৰি কলে,কিন্তু এইবাৰ যোৱাৰ শাস্তি পাব আপুনি? 

সেয়া কি! অমৰে সুধিলে. 

আজি আপুনি মোক আইচক্রিম খোৱাব লাগিব। 

অমৰে হাঁহি হাঁহি কলে, যি আজ্ঞা আপোনাৰ., আইচক্রিম খোৱাম লগতে বাহিৰত ৰাতিৰ আহাৰো কৰিম,এতিয়া সুখী। 

সেইদিনা আবেলি বহু দিনৰ পাচত কবিতাই মন খুলি হাঁহিলে,তেতিয়া কবিতাই নিজকে বহুত পাতলীয়া অনুভৱ কৰিলে। দুই চাৰিদিনৰ পাচত অম্লানো ঘূৰি আহিল, আহিয়েই কবিতাৰ ঠেহ দূৰ কৰিবলৈ অম্লানে এটা ডাঙৰ পাৰ্টি আয়োজন কৰিলে। এতিয়া অম্লানে কবিতাক সময় দিবলৈ ললে।

কবিতাৰ এনে লাগিল এতিয়া সকলো কলা ডাৱৰ আঁতৰি পাতলীয়া ৰদে হাঁহি মাৰিছে।

কিন্তু এদিন আবেলি অম্লান অফিচৰপৰা ঘৰলৈ সোনকালে আহি কবিতাক কলে, কবিতা মোৰ কাপোৰ পেকিং কৰি দিয়া.. অফিচৰ কামৰ বাবে বিদেশলৈ যাব লাগে. 

কবিতাই আনন্দ মনেৰে সুধিলে, কিমান দিনৰ বাবে যাবা! 

অম্লানে মূৰটো তললৈ কৰি কলে, ৬মাহৰ বাবে. 

কবিতাৰ লগতে মাকো আচৰিত হল। 

মাকে কলে, ৬মাহ, বহুত দিন হব অম্লান, কবিতাক এতিয়া তোমাৰ প্ৰয়োজন আছে আৰু তুমি যোৱাৰ কথা কৈছা, এনে কৰা তাইকো লগত লৈ যোৱা।

অম্লানে মৃদু চিঞৰ এটা মাৰি কলে, অহ মা, মই তাত ফুৰিবলৈ যোৱা নাই, কবিতাই তাত কি কৰিব। 

৬ মাহ কেনেদৰে পাৰ হব, গমকে নাপাবা.. 

অমৰে, অম্লানক বুজালে যে,অম্লান তোমাৰ বিয়া হোৱানো সময় কিমান দিন হৈছে..যে তুমি?? 

দাদা, আপুনি এতিয়া মাৰ দৰে আৰম্ভ হৈ নাযাবা. আপুনি যানে জীৱনত এনে সুবিধা বাৰে বাৰে নাহে, মই এই সুবিধা পাইছো যেতিয়া এই সুবিধাকে মই যাবলৈ দিব নোৱাৰো, অম্লানে নিজৰ কথা কৈয়ে নিজৰ কোঠালিৰ ফালে গলগৈ। 

কবিতাই কোঠালৈ গৈ, শান্ত ভাৱে কলে, নাযাবা অম্লান, এই সময়ত তোমাক মোৰ বহু প্ৰয়োজন আছে. 

কিয়! এই সময়ত কি আছে! 

কবিতাই লাজ কৰি কলে, মই মা হবলৈ ওলাইছো অম্লান..! 

অম্লান আচৰিত হল আৰু কলে ইমান সোনকালে! 

কবিতাই অম্লানৰ চকুৰ ফালে চালে, আৰু কিছু সময় মনে মনে থাকি অম্লানে কলে মোক ক্ষমা কৰিবা কবিতা, কিন্তু ইয়াৰ বাবে মই এতিয়া সাঁজু নাছিলো, কিন্তু এতিয়া একো কৰিব পৰা নাযাব।

কবিতাই অম্লানৰ কান্ধতে মূৰ থৈ কলে, সেইবাবেইটো কৈছো, মোক এৰি থৈ নাযাবা..! অম্লানে কবিতাক আঁতৰাই কলে, তুমি অকলে কত আছা কবিতা, ইয়াত তোমাক চাবলৈ মা আছে, দাদা আছে।

কবিতাই তেতিয়া কলে, কিন্তু তুমি নথকাৰ অনুভৱ কোনেও পূৰাব নোৱাৰে অম্লান?

তোমাৰ লগত থাকিবলৈ গোটেই জীৱনটো আছে কবিত,কিন্তু বিদেশ যোৱাৰ এই সুযোগ বাৰে বাৰে নাহে, আৰু আমাৰ কেচুঁৱা হোৱা লৈকে মই ঘূৰি আহিম। চকুৰ পৰা সৰি পৰিব লোৱা চকুলোক কবিতাই চকুতে সামৰি ৰাখিলে।

ইয়াৰে পাচত কবিতাই পুতলাৰ দৰে অম্লানৰ সকলো কাম কৰি গল। পুনৰ অম্লানক আৰু এবাৰো নাযাবলৈ নকলে। 

অম্লানক এয়াৰপৰ্টত থবলৈ অমৰ অকলেই গৈছিল। 

অম্লান যোৱাৰ পাছত দিনটো কবিতাই কাম কৰি থাকে আৰু সুখী হৈ থকা বুলি দেখুৱাই। কিন্তু তাইৰ চকুজুৰিক পঢ়ি লৈ অমৰে কয়, কবিতা তুমি মা হবলৈ ওলাইছা, এনে সময়ত সদায়ে সুখী হৈ থাকিব লাগে। তুমি মন মাৰি থাকিলে কেচুঁৱাৰ স্বাস্হ্যত প্ৰভাৱ পৰিব। 

উত্তৰত কবিতাই হাঁহি মাৰিলে। 

মাকে আৰু অমৰে সকলো ফালৰপৰা চেষ্টা কৰিছিল যে কবিতাক সুখী কৰি ৰাখিবলৈ। 

কবিতাই আশা কৰা সকলো কাম অমৰে তৎক্ষাণাতে পুৰণ কৰিছিল। কিন্তু কবিতাক সুখী কৰি ৰখাৰ চেষ্টাত কেতিয়ানো অমৰে তাইক ভালপাই পেলালে, সেই কথা অমৰে নিজে নুবুজিলে.. 

নিজৰে ভায়েকৰ পত্নীৰ প্ৰতি মনত ভালপোৱাৰ ভাৱ জাগিলত অমৰক নিজকে অপৰাধী যেন লাগিল। 

কিন্তু সকলো কথা বুজিও এই সময়ত অমৰ কবিতাৰ পৰা আঁতৰি যাব নোৱাৰে। 

কিন্তু মনতে অমৰে নিৰ্ণয় কৰিছিল যে অম্লান আহিলেই অমৰ তাহাঁতৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি যাব। 

এদিনাখন আবেলি কবিতাই কাম কৰি থাকোতে পিচল খায় পৰিল। তৎক্ষণাৎ অমৰে তাইক লৈ হস্পিটাল গল। 

কিন্তু হস্পিটাল গৈ পোৱালৈ বহু পলম হৈছিল। তেতিয়া লৈ কবিতাই আহিবলগীয়া কেচুঁৱাটোক হেৰুৱাইছিল। 

অমৰে যেতিয়া এই কথা অম্লানক জনালে আৰু তাক ঘূৰি আহিবলৈ কলে তেতিয়া অম্লানে কলে যি হবলগীয়া আছিলে সেয়া হল, এই সময়ত মোৰ যোৱাটো সম্ভৱ নহয় কিন্তু সোনকালে যাবলৈ চেষ্টা কৰিম। 

এই ঘটনাৰ পাচত কবিতাই একেবাৰে মন মাৰি থাকিবলৈ ললে। সেই সময়ত অমৰে নিজৰ সকলো কাম বন এৰি এজনী সৰু ছোৱালীৰ দৰে কবিতাৰ চোৱা চিতা কৰিলে।

কবিতাৰ স্বাস্থ্য কিছু ভাল হোৱাত, এদিন অমৰে এজন ব্যক্তিক ঘৰলৈ আনিলে। আৰু কবিতাক কলে যে, মই জানো কবিতা,তুমি বহুত ভাল নৃত্য কৰা আৰু মই বিচাৰো যে তুমি নৃত্যৰ ওপৰত আৰু অধিক শিক্ষা লবলৈ আৰম্ভ কৰা।

কবিতাই কৃতজ্ঞতাৰে অমৰৰ ফালে চাই দিলে আৰু হাঁহি মাৰিলে। এতিয়া কবিতাই জীৱনৰ এক নতুন লক্ষ্য পাইছিল। তাই আগ্ৰহেৰে নৃত্য শিক্ষা আৰম্ভ কৰিলে। কবিতাক সুখী দেখা পায় অমৰে সন্তোষ পাইছিল। 

এদিন মাকে অমৰক কলে, মাহীয়ে ফোন কৰিছিল, তাই তীৰ্থ যাত্ৰালৈ যাব ওলাইছে,মইও যাব বিচাৰো, তুমি যোগাৰ কৰি দিয়া। 

অমৰে চিন্তিত হৈ কলে, কিন্তু মা তুমি কবিতাক সুধি লোৱা, তাই মোৰ লগত ইয়াত অকলে থাকিব. ! 

মাকে যেতিয়া এই বিষয়ে কবিতাক সুধিলে তেতিয়া কবিতাই মাকৰ যাবলৈ কলে।

মাক যোৱাৰ পাছত অমৰে কবিতাৰ পৰা বহু দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিল আৰু কবিতাইও নিজৰ নৃত্য শিক্ষাত ব্যস্ত হৈ পৰিছিল। 

এদিনাখন কবিতাই অমৰক কলে, আপোনাক এটা ভাল খবৰ দিবলৈ আছিল।

মোৰো তোমাক এটা ভাল খবৰ দিবলগীয়া আছে কিন্তু প্ৰথমে তুমি কোৱা। 

অমৰে কোৱাত কবিতাই কলে মোৰ শিক্ষা গুৰুৱে এখন নাটকৰ আয়োজন কৰিব লৈছে "শকুন্তলা"আৰু তাত মই শকুন্তলা চৰিত্ৰত অভিনয় কৰিম। 

অমৰে সুখী হৈ কলে, কেতিয়ালৈ আছে! 

অহা শুক্ৰবাৰে। 

অমৰে হাত চাপৰি বজাই কলে, ইয়াকে বুলে বিধাতা। সেইদিনা মা আৰু অম্লানো আহি আছে। বৰ ভাল লাগিব, যেতিয়া অম্লানে তোমাক ষ্টেজত শকুন্তলা ৰূপত দেখা পাব। 

অমৰে কথা কয় আছিল, কিন্তু অম্লানৰ আগমনৰ খবৰে

কবিতাৰ মনত কোনো উৎসাহ জগাব পৰা নাছিল। 

শুক্রবাৰে যেতিয়া অমৰ অফিচৰপৰা আহি পালে তেতিয়া বহুত বৰষুণ দি আছিল। 

অমৰে কবিতাক মাত দিলে, কবিতা এক কাপ চাহ দিবা।

বহুত দেৰি যেতিয়া কবিতা নাহিলে, তেতিয়া অমৰে বাহিৰলৈ আহি দেখা পালে তাই কতোৱে নাছিল। পুনৰ ভিতৰলৈ আহিবলৈ লওঁতে ঘৰৰ চাদৰ ওপৰত অমৰে মাত শুনা পালে যে কবিতাই বৰষুণত তিতি তিতি নৃত্যৰ অনুশীলন কৰি আছিল। 

অমৰে কিছু সময় তাইলৈ চাই ৰল কবিতাৰ গুলপীয়া ৰংৰ কাপোৰযোৰে বৰষুণত তিতি তাই দেহৰ লগত লাগি গৈছিল। চুলিকোচা খোল খায় ককাঁলত পৰি ৰৈছিল। সেই সময়ত কবিতাক বৰ ধুনীয়া লাগিছিল। 

অমৰে তাইৰপৰা দৃষ্টি আঁতৰাই কলে, কবিতা ভিতৰলৈ আহা, নহলে স্বাস্থ্য বেয়া হব. 

অমৰৰ কথাত কবিতাই তেওঁৰ পাচে পাচে আহিল।

কিছু সময়ৰ পাচত যেতিয়া তাই চাহৰ কাপ লৈ অমৰৰ কোঠালিলৈ গল তেতিয়া তাইৰ ভিজা চুলিকোচাৰে পানী টুপ টুপ কৈ পৰিছিল। 

অমৰে কলে, কবিতা বহা না, তোমাৰ ছবি আঁকিম,কবিতা বহি পৰিল। 

ছবি অঁকাৰ সময়ত অমৰে কবিতাৰ ফালে চাই দেখা পালে, তাইৰ চকুৱেদি দুধাৰি চকুলো বৈ আছিল। অমৰে ছবি অঁকাৰ ব্ৰাচ থৈ কবিতাৰ কাষলৈ গল আৰু তাইৰ চকুপানী মোহাৰি কলে, কবিতা কি হল? এতিয়াটো অম্লানো আহিব এতিয়া এই চকুপানীৰ কাৰণ? 

কবিতাই অমৰক সাৱটি ধৰিলে, অমৰ আচৰিত হল, কবিতাই কলে আপুনি মোক আপোনাৰ বাবে কিয় বিয়া নাপাতিলে! আপুনি মোক বিয়া পতা হলে আজি মই এনেদৰে আধৰুৱা হৈ নাথাকিলো হয়, কবিতাইও অমৰক ভাল পাই পেলাইছিল। এই কথা গম পায় অমৰ আচৰিত হৈ ৰৈছিল। অনায়াসে অমৰৰ হাতখন কবিতাৰ তিতা চুলিৰ মাজত সোমাই পৰিল। কবিতাৰ চকু অমৰৰ চকুত পৰাত অমৰে তাইৰ চকুযোৰিত চুম্বন আঁকি দিলে। 

অমৰৰ স্পৰ্শত কবিতাই নিজকে অমৰৰ হাতত এৰি দিলে. 

কবিতাৰ অই মৰমৰ আমন্ত্রণৰ পৰা অমৰ পিচোৱাই আহিব নোৱাৰিলে। 

আৰু কেতিয়ানো দুয়ো দুয়োতে বিলীন হৈ পৰিল গমকে নাপালে। 

পুৱা যেতিয়া অমৰৰ চকু খুলিল, তেতিয়া কবিতাক নিজৰ কাষত নাপায় অমৰ তক্ষনাৎ কোঠাৰ পৰা ওলাই আহিল, তেতিয়া কবিতাই চাহ বনাই থকা দেখা পায় অমৰৰ জীয় আহিল। 

কবিতাই হাঁহি মাৰি কলে, আপুনি উঠিলে, মই চাহ লৈ যাব লৈছিলোৱে..

অমৰে মূৰ তল কৰি কলে, 

কবিতা যোৱা কালি ৰাতি যি হল! 

সেয়া লৈ মোৰ কোনো চিন্তা নাই! কবিতাই অমৰৰ কথাতে কলে, আৰু আপুনিও চিন্তা কৰি মোক মোৰ সেই সুখী সময়ৰ পৰা বঞ্চিত নকৰিব.. 

কবিতাই অমৰৰ কাষলৈ গৈ কলে, সচাঁ অমৰ মই প্ৰথম বাৰলৈ জানিলো ভালপোৱা কি হয়,অম্লানৰ ভালপোৱাত এই মৰমৰ অনুভৱ কৰিব পৰা নাছিলো, কিন্তু আপোনাৰ লগত মই জি উঠিছো অমৰ. সেই কোমল অনুভৱক মোৰপৰা কাঢ়ি নলবা।

 কবি বুলি অমৰে কবিতাক জোৰেৰে সাৱটি ললে আৰু এতিয়া যেন অমৰে কবিতাক নিজৰ পৰা দূৰ কৰিব নিবিচাৰে।

মাকে কবিতাৰ মুখ মণ্ডলত সুখধ হাঁহি দেখি সুধিলে, কি কথা কবিতা, বহুত সুখী যেন পাইছো! 

মাকৰ কথা শুনি কবিতাই অমৰৰ ফালে চালে, অমৰে কথাটো সলাই লৈ কলে অম্লান আজি আবেলি পাবহি, আৰু আজি কবিতাৰ নাটক আছে, ইয়াকে লৈ আজি কবিতা বহুত সুখী। 

অমৰে, অম্লানক এয়াৰপৰ্টতৰ পৰা পোনে পোনো কবিতাৰ নাটক হোৱা ঠাইলৈ লৈ গল। 

মঞ্চত নিজৰ পত্নী কবিতাক শকুন্তলা চৰিত্ৰত দেখা পায় অম্লান মোহিত হৈ পৰিল তাই বহুত আৰ্কষিত হৈ পৰিছিল আৰু কবিতাৰ নৃত্যও বৰ সুন্দৰ হৈছিল। 

নাটক শেষ হোৱাত যেতিয়া অমৰ আৰু অম্লানে কবিতাক লগ কৰিবলৈ গল, তেতিয়া তাত মানুহৰ সমাগম দেখা পায় আচৰিত হৈ পৰিল। 

ঘূৰি অহাৰ সময়ত অম্লানে কবিতাক কলে, মই নাজানিছিলো কবিতা, তুমি যে ইমান ভাল নৃত্য আৰু অভিনয় কৰা বুলি।কবিতাই ধন্যবাদ বুলি কৈ আৰু একো মাত নিদিলে। 

ঘৰলৈ আহিয়েই কবিতাই মাকক কলে, মা মই মোৰ মাৰ ঘৰলৈ যাও। 

কবিতাৰ কথা শুনি সকলো আচৰিত হৈ পৰিল।

মাকে আচৰিত হৈ কলে, আজিয়েটো অম্লান আহি পাইছে আৰু তুমি ঘৰলৈ কিয় যোৱা? 

সেইবাবেটো যাওঁ। 

আৰু এতিয়া মই অম্লানৰ লগত একেখন ঘৰতে থাকিব নোৱাৰো।

কবিতাৰ কথা শুনি অম্লানে খং কৰি কলে, এইবোৰ কি কৈছা কবিতা? মই তোমাৰ গিৰিয়েৰ হয় বেলেগ কোনোবা নহয়।

কবিতাও খংত জ্বলি উঠিল, গিৰিয়েক.. তুমি জানানে, গিৰিয়েকৰ শব্দৰ অৰ্থ কি? তোমাৰ বাবেটো কেৱল কাম, পইচা, জীৱনত আগবাঢ়ি যোৱা.. ভাৱনা, মৰম, ভালপোৱা এইবোৰৰ পৰা তুমি বহু দূৰত।

অম্লানে খংতে কলে, তুমি মোক এনেদৰে এৰি আঁতৰি যাব নোৱাৰা..! 

কিয় ! কিয় নোৱাৰো যাব? আজিলৈকে তুমি মোৰ বাবে এনে কি কৰিছা যে, যাৰ উদাহৰণ দি তুমি মোক যাবলৈ নিদিবা।

যেতিয়া, যিটো সময়ত মোৰ তোমাৰ প্ৰয়োজন হৈছিল তেতিয়া তুমি নাছিলা, আৰু যেতিয়া মই মোৰ আহিবলগীয়া সন্তানটো হেৰুৱাও, তেতিয়াও তুমি মোৰ লগত নাছিলা আৰু তুমি এই খবৰ শুনি সুখী হৈছিলা কাৰণ তুমি এতিয়া সন্তানৰ বাবে প্ৰস্তুত নাছিলা, এইবোৰ কৈয়ে কবিতা কান্দি পৰিল। 

মোক এৰি থৈ গৈছা হয়, কিন্তু যাবা কলৈ..! কেনেদৰে পাৰ কৰিবা তোমাৰ গোতেই জীৱন,কোনো পুৰুষ নোহোৱাকৈ. ? 

কবিতাই কোনো শংকা নোহোৱাকৈ কলে, শৰীৰৰ পিয়াহে মনুষ্যকো আমনি কৰে আৰু জীৱ জন্তুকো। কিন্তু কাৰোবাৰ প্ৰতি ভালপোৱাৰ অনুভৱ কেৱল মনুষ্যইহে বুজি পাব পাৰে। আৰু মই জন্তু আৰু মনুষ্যৰ এই পাৰ্থক বজাই ৰাখিবলৈ বিচাৰো। মনৰ সম্বন্ধটো তুমি মোৰ লগত কেতিয়াও গঢ়িবই নোৱাৰিলা আৰু আজি এই শৰীৰৰ সম্বন্ধকো মই শেষ কৰি যাবলৈ ওলাইছো। 


কবিতাৰ কথাত অম্লান আচৰিত হৈ পৰিল, তুমি কি ভাবিছা কবিতা, তুমি এনেদৰে গুছি যাবা আৰু মই তোমাক যাবলৈ দিম.? 

অম্লানে, কবিতাৰ হাতত ধৰি নিজৰ কোঠাৰ ফালে টানি নি কয়, মনে মনে ভিতৰলৈ বলা, মই তোমাক এনেদৰে মোক অপমানিত কৰিবলৈ নিদো. মোৰো সমাজত নাম এটা আছে. 

কবিতাই চিঞৰি দিলে.. 

অম্লান, কবিতাৰ হাতখন এৰি দিয়া, মাকে ডাঙৰ সুৰেৰে কলে। 

অম্লানে আচৰিত হৈ…, মা তুমিও এইৰ লগ দিছা? 

মাকে কবিতাৰ হাতখন অম্লানৰ হাতৰ মুঠিৰপৰা এৰোৱাই কলে, হয় অম্লান, কাৰণ মই জানো যে কবিতাই যি কৰিছে ঠিক কৰিছে, আজিও তুমি তাইক তোমাৰ ভালপোৱাৰ বাবে নহয়, সমাজত থকা তোমাৰ মিছা প্ৰতিষ্ঠাৰ বাবে তাইক ৰখাইছা,কবিতাই এই খোজ বহুত আগতে দিব লাগিছিল। 

তাইক যাবলৈ দিয়া। 


মাকৰ এই ৰূপ দেখা পায় অম্লান পিচোৱাই গল। 

চকুলোৰে সৈতে কবিতাই মাকক সাৱটি ধৰিলে।আৰু অমৰৰ ফালে চাই কলে, আপুনি মোক যি জিয়াই থকাৰ বাট দেখুৱালে, সেইবাবে মই আপনাৰ ওচৰত চিৰকৃতজ্ঞ। এতিয়া নৃত্য সাধনাকে মোৰ জীৱনৰ লক্ষ্য হিচাপে ললো। আপোনাৰ পৰা মই যি প্ৰাপ্ত কৰিলো, সেয়া মোৰ বাবে অমূল্য আৰু সেয়া সদায় মোৰ মানসপাটত সজীৱ হৈ থাকিব। 


এয়া কৈয়ে কবিতা আগবাঢ়ি গল। নিজৰ বাবে,নিজৰ বুলিবলৈ এডোখৰ ঠাই আৰু এখন মুকলি আকাশ বিচাৰি।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

2 comments:

Advertisement

Pages