অফিচৰ পৰা আহি মুখ-হাত ধুই মাকে বাকি দিয়া চাহৰ কাপত সোহা মাৰিব লওঁতেই বন্ধু দিগন্ত সোমাই আহিল। ( Storyboard )
" কাইলৈ ৰশ্মিৰ বিয়া।" পংকজৰ ঠাইত আন প্ৰেমিক হোৱা হ'লে কান্দোনত ভাঙি পৰিলেহেঁতেন কিন্তু বাহ্যিকত দিগন্তই পংকজৰ তেনে কোনো আচৰণ দেখিবলৈ নাপালে। সি আগৰ দৰেই চাহকাপ হাতত লৈ তাৰ প্ৰিয় আৰামী চকীখনত বহি থাকিল। স্বভাৱসুলভ হাঁহি এটা মাৰিলে। দিগন্ত অলপ আচৰিত হ'ল। চাহকাপ শেষ কৰি সি দিগন্তৰ লগত কথা পাতিব বিচাৰিছিল কিন্তু দিগন্ত নৰ'ল।
পংকজ তাৰ বিচনাখনত বাগৰি স্থবিৰ হৈ গ'ল। প্ৰেমাসিক্ত তাৰ হৃদয়খনে নীৰৱে আৰ্তনাদ কৰিবলৈ ধৰিলে। বিষাদৰ এজাক কাল ধুমুহাই তাক বৰকৈ জোকাৰি গ'ল। সি এক জীৱন্ত মৃতদেহত পৰিণত হ'ল।
বহুবছৰৰ আগৰ কথা সি তেতিয়া হাইস্কুলৰ দশম শ্ৰেণীত। পঢ়া-শুনাত অতি মেধাৱী পংকজ হাইস্কুলখনৰ সবাতোকৈ জনপ্ৰিয় ছাত্ৰ আছিল। প্ৰতিগৰাকী শিক্ষগুৰুৰ বাবে সি আছিল নয়নৰ মণিস্বৰূপ। স্বভাৱত সি অতি নম্ৰ-শান্ত তথা অমায়িক আছিল। তাৰ জনপ্ৰিয়তাৰ অন্য এক কাৰণ আছিল সি বৰ ধুনীয়াকৈ গান গাব পাৰিছিল। আজৰি সময়ত বা শিক্ষক শ্ৰেনীলৈ নহা সময়ত সি গান গাই সদায় আত্মহাৰা হৈ পৰিছিল। পঢ়া-শুনাৰ লগতে সঙ্গীত আছিল তাৰ জীৱনৰ ব্ৰত।
আনদিনাৰ দৰে সেইদিনাও সি এনেই এটা গানৰ কলি গুণগুণাই থাকোতে লগৰ ল'ৰা এটাই তাক ক'লে, "ঐ, তোক এজনী ছোৱালীয়ে ভাল পায়।" কথাষাৰ শুনি পংকজৰ খং উঠিল। "এইবোৰ কথা মোক নকবি, পঢ়া-শুনা কৰাৰ সময়ত এইবোৰ বাজে কথা মই শুনিব নিবিচাৰো।" স্বভাৱতে সি শান্ত কিন্তু সেইদিনা তাৰ প্ৰথমবাৰলৈ বহুত খং উঠিছিল। লগৰ ল'ৰাজনে পুনৰ কৈ উঠিল-"তই কিয় ইমান খং কৰিছ? বিশ্বাস কৰ মই তোক মিছা কথা কৈ কি পাম।" কোনো উত্তৰ নিদি ল'ৰাজনক ভেকাহি মাৰি সি শ্ৰেণীৰ পৰা ওলাই গ'ল। তেতিয়া জিৰণিৰ সময় আছিল।
স্কুল ছুটীৰ পিছত সি ঘৰলৈ আহিল। মাকে সাজি দিয়া ভাতখিনি নামত সামান্য মুখলৈ নি সি চিধাই বিচনাত পৰিলগৈ।
তেতিয়ালৈ তাৰ খংটো সাম কাটিছিল। ল'ৰাজনৰ কথাষাৰ তাৰ মনত পৰিল।এইবাৰ তাৰ খং উঠা নাই। ভিতৰি এক অজান উৎকন্ঠাৰ শিহৰণে তাক শিহৰিত কৰিলে। তাৰ বাৰে-বাৰে জানিবৰ মন গ'ল কথাষাৰ সঁচা নেকি! সঁচাই তাক ছোৱালীজনীয়ে ভাল পায় নেকি! তাৰ এই উৎকন্ঠাত সি নিজেই আচৰিত হ'ল। সদায় নিজৰ পঢ়া-শুনা আৰু সংগীতৰ বাদে আন ক'তো মন নিদিয়া তাৰ আজি হৈছে কি! তেতিয়া যিষাৰ কথা শুনাৰ লগে-লগে তাৰ খঙে মূৰৰ চুলিৰ আগ পাইছিলগৈ এতিয়া সেইষাৰ কথা জানিবলৈ সি ইমান আগ্ৰহী হৈ পৰিছে কিয়! মনতে ভাবিলে "ছোৱালীজনী কোন হ'ব পাৰে বাৰু?
সেইদিনা ৰাতি সি শুব নোৱাৰিলে। মনলৈ সেই কথাষাৰেই আহি থাকিল।
পিছদিনা স্কুললৈ গৈ সি পোনে-পোনেই সেই ল'ৰাজনক সুধিলে-"কালি তই কোৱা কথাষাৰ সঁচা আছিলনে, ছোৱালীজনী কোন বাৰু?" ল'ৰাজন অলপ আচৰিত হ'ল যদিও সি বাহিৰত তেনে ভাৱ নেদেখুৱাই পংকজক ক'লে, "তাইৰ নাম ৰশ্মি, আমাৰ পৰা এক শ্ৰেনী তলৰ মানে তাই নৱম শ্ৰেণীৰ, আমাৰ স্কুলতে পঢ়ে।" "বাৰু মোক এবাৰ দেখুৱাবি।"
দূৰৰ পৰাই সি ছোৱালীজনীক চালে। দেখাত বেয়া নহয়। গাখীৰৰ দৰে বগা। মূৰত হালধীয়া বেইন এডাল মাৰিছিল। পিছে তাৰ অলপো ভাল লগা নাছিল। সি মনতে ভাবিলে "এইবোৰত সোমাই পঢ়া-শুনা ধ্বংস কৰিব নোৱাৰি।"
স্কুল ছুটীৰ পিছত সি ঘৰলৈ আহিল। ভাত-পানী খাই অলপ সময় টিভি চালে। কথাবোৰ আৰু তাৰ মনলৈ অহা নাই। সন্ধিয়া গৃহকাৰ্য্য তথা দৈনিক কৰাৰ দৰে পঢ়া-শুনা কৰি ন মান বজাত ভাত-পানী খাই শুবলৈ বুলি গ'ল। টোপনি অহা নাই। পুনৰ সেই কথাষাৰ তাৰ মনত পৰিল।
"ছোৱালীজনী দেখাত বেছ মৰমলগাই আছিল!" অথনি তাৰ তাইক ভাল লগা নাছিল কিন্তু এতিয়া তাইৰ কথা ভাবি কিবা এটা ভাল লাগিছে তাৰ। যৌৱনে গৰকা পংকজৰ ল'ৰাময় অবুজ হৃদয়খনত প্ৰথমবাৰলৈ অনুভূত হ'ল প্ৰেমৰ ৰিণিকি শিহৰণ।
তাইক তাৰ সঁচাই ভাল লাগিছে। তাইৰ চিন্তাতে আজি পংকজৰ মন বিভোৰ হৈ পৰিছে।
প্ৰেম প্ৰাকৃতিকভাৱেই হয়। ই এক স্বৰ্গীয় অনুভূতি। প্ৰেমে নামানে জাত-কূল, নামানে বয়সৰ সীমা। সকলোৰে জীৱনলৈ প্ৰেম আহে। অন্তত এবাৰ হ'লেও। তেন্তে পংকজৰ জীৱনত ইয়াৰ ব্যতিক্ৰম কিয় হ'ব। পংকজৰ জীৱনলৈও প্ৰেম আহিছে। পংকজ প্ৰেমত পৰিছে। জীৱনৰ প্ৰথম প্ৰেম।
পিছদিনা পুনৰ পংকজ স্কুললৈ গ'ল। সদায় শ্ৰেণীত পাঠদানৰ সময়ত কেৱল পাঠ্যপুথিত মন বহুৱাই শিক্ষকৰ কথাবোৰ তন্ময়ভাৱে শুনি থকা পংকজৰ আজি অলপ ব্যতিক্ৰম হৈছে। সি পাঠ্যপুথিত মন দিছে, শিক্ষকৰ কথাবোৰো শুনিছে কিন্তু মাজে-মাজে তাক আমনি কৰিছে ৰশ্মি নামৰ এটি মৌসুলভ সত্বাই।
পঢ়া-শুনাৰ মাজতেই সি জিৰণিৰ বে'লটো শুনিবলৈ কাণ থিয় কৰি ৰাখিছে। তাৰ ৰশ্মিক এবাৰ চাবলৈ বৰ মন গৈছে।
জিৰণিৰ বে'ল পৰিল। গানৰ কলি এটা গুণগুণাই সি পোনে-পোনেই ঢাপলি মেলিলে নৱম শ্ৰেনী অৰ্থাৎ ৰশ্মি পঢ়া শ্ৰেনীটোলৈ। ৰশ্মিক কিজানি দেখেই।
হয়, ৰশ্মিক সি দেখিলে। দূৰৰ পৰাই সি তাইলৈ চকুৰ পতা নজপোৱাকৈ চাই ৰ'ল। ৰশ্মি দেখাত বৰ মৰমলগা, গাখীৰৰ দৰে বগা, দুচকুত চঞ্চলতা। লগৰ ছোৱালীকেইজনীৰ লগত তাই কথাত মচগুল হৈ পৰিছে। মাজে-মাজে তাইৰ ডালিমগুটিয়া মুকুটা দুপাৰিৰ মাজেৰে সৰকি আহিছে এটি লাজকুৰীয়া কোমল হাঁহি। ফেব্ৰুৱাৰী মাহ। দুপৰীয়া হ'ল যদিও ঠাণ্ডা আছেই। তাই পিন্ধি অহা ৰঙা চুৱেটাৰটোৰ সতে তাইক এটি পুতলাৰ দৰে লাগিছে। মূৰত আজিও তাই সেই হালধীয়া বেইনডাল মাৰি আহিছে।
জিৰণি শেষ হ'ল। বে'ল পৰাৰ শব্দত ধ্যান ভঙা যোগীৰ দৰে সি উচপ খাই উঠিল। তাৰ খং উঠি গ'ল আৰু অলপ সময় জিৰণি দিয়া হ'লে!
ঘৰলৈ আহি সি আজি ৰশ্মিৰ কথাকে ভাবি আছে। মাজে-মাজে মুখত দুই-এটা গানৰ কলি গুণগুণাইছে। পঢ়া-শুনাতো আজি তাৰ সিমান মন বহা নাই। ৰাতিৰ আহাৰ খাই সি বিচনাত বাগৰ দিছে। টোপনি অহা নাই। ৰশ্মিৰ কোমল হাঁহিটোৰ সি প্ৰেমত পৰিছে, সি প্ৰেমত পৰিছে হালধীয়া বেইনডালৰ। হালধীয়া ৰংটো তাৰ প্ৰিয় হৈ পৰিছে। সি উজাগৰী নিশা কটাইছে।
পিছদিনা সি অলপ সোনকালেই স্কুললৈ গ'ল। ৰশ্মিৰ সতে তাৰ মুখা-মুখি হ'ল। তায়ো সেইখিনি সময়তে আহিছিল। ৰশ্মিয়ে এটি লাজকুৰীয়া হাঁহি মাৰিলে। পংকজৰ হৃদয়ত গীটাৰ এখন বাজি উঠিল। সি লাজত তলমূৰকৈ আঁতৰি গ'ল। সেইদিনাৰ পৰা দুদিনমান সি ৰশ্মিক প্ৰায়ে সন্মুখৰ পৰা লগ পাইছে। তাক দেখিলেই তাই হাঁহি এটা মাৰি আঁতৰি যায়। এদিন সি পুনৰ ৰশ্মিৰ মুখা-মুখি হ'ল। সি অলপ ব্যস্ত হৈ আছিল। ৰশ্মিয়ে তালৈ চাই কিবা এটা কৈছিল। সি পিছে ভালদৰে মন নিদিলে। "কি কৈছিল বাৰু তাই?" এই কথাষাৰ ভাবি সি তাৰ দিন পাৰ কৰি দিছিল।/p>
এনেদৰে ৰশ্মিক সি লগ পাবলৈ ধৰিলে। কথা পতা নহয়। পিছে হাঁহিটোৱে বহু কথাই কৈ যায়। তাৰ মাজে-মাজে ভাৱ হয় ৰশ্মিয়েও তাক অনুসৰণ কৰে। "সঁচাই তাই তাক ভাল পাইনে! পাই চাগে। ল'ৰাজনে মিছা কোৱা নাছিল।"
এদিন সি জিৰণিৰ সময়ত ৰশ্মিয়ে তাক ভাল পাইনে বুলি সুধিবলৈ ৰশ্মিৰ লগৰ ছোৱালী এজনীক কৈ পঠিয়ালে। ৰশ্মি আচৰিত হ'ল। "মই তাক ভাল নাপাওঁ, লৰাজনে তাক কোৱা কথাষাৰ মিছা।"
পংকজৰ মূৰত আকাশ ভাঙি পৰিল। ডেউকা ভঙাৰ তিক্ততা সি বৰ বেয়াকৈ পালে। তাৰ আশাৰ সমাধি ঘটিল। বেঞ্চত মূৰটো পেলাই সি হুকহুকাই কান্দিলে। ৰঞ্জনৰ বুজনিত সি অলপ শান্ত হ'ল। এয়া সি জীৱনত প্ৰথমবাৰলৈ পোৱা এক ডাঙৰ আঘাত। ৰস্মিয়ে তাক ভাল নাপাওঁ বুলি কলেও, লৰাজনে কোৱা কথাষাৰ মিছা হ'লেও পংকজে নিজক বুজাব নোৱাৰে কিয়নো এইকেইদিনত সি ৰশ্মিক হৃদয়েৰে ভাল পাই পেলাইছিল। প্ৰেম তাৰ একপক্ষীয় হৈ ৰ'ল।( Storyboard )
ঘৰলৈ আহি নিজৰ বিচনাখনত বাগৰি পংকজ পুনৰ আৱেগিক হৈ পৰিল। চকুৰ পানীৰে তাৰ শিতানৰ গাৰু তিতি গ'ল। যিখন বিচনাত বাগৰি সি ৰশ্মিক ভালপোৱাৰ সপোন দেখিছিল। সেইখন বিচনাতে বাগৰি আজি সি কেৱল কান্দিছে। কাৰণ সি দেখা সপোনবোৰ আজি থানবান হৈ গ'ল। আজি তাক বুজাব কোনে!
প্ৰতিদিনেই সি স্কুললৈ গৈছিল কিন্তু পঢ়া-শুনাত তাৰ মন নাছিল। পংকজ সলনি হৈছিল। সি যেন কেৱল ৰশ্মিক চাবলৈহে স্কুললৈ গৈছিল। ৰশ্মিয়ে তাক সহ্য কৰা নাছিল। তাক দেখিলেই মুখখন বেকা কৰি গুছি গৈছিল। পংকজৰ ছাঁটোও ৰশ্মিৰ বাবে অসহ্যকৰ হৈ পৰিছিল। যেতিয়াই ৰশ্মিক দেখিছিল সি কেৱল তাইৰ ফালে ভেবালাগি চাই ৰৈছিল। ৰশ্মিয়ে ইতিকিং কৰি গুছি গৈছিল। কিমান আঘাত লাগিছিল হৃদয়ত কেৱল পংকজেহে জানে তথাপি সি তাইক কোনোদিন বেয়া পোৱা নাছিল। কাৰণ সি তাইক ভাল পাইছিল।
প্ৰতিটো নিশাই তাৰ বাবে উজাগৰী হৈ পৰিছিল। বহুদিন সি দুপৰ নিশা বিচনাত বহি-বহি কটাইছিল। সি সদায় অকলে অকলে মুখেৰে ফুচফুচাই কৈছিল-"মই তোমাক ভাল পাওঁ ৰশ্মি, প্লিজ মোক এবাৰ বুজিবলৈ চেষ্টা কৰা! প্লিজ এবাৰ! এনেদৰে কৈ কৈ সি সদায় কান্দিছিল।
স্কুললৈ নিতৌ সি অলপ সোনকালে আহিছিল। আহিয়েই ৰশ্মিৰ বাবে গেটত অপেক্ষা কৰিছিল। শ্ৰেনী আৰম্ভ হোৱাৰ পিছত সি বৰ আগ্ৰহেৰে জিৰণিলৈ বাট চাইছিল কেৱল ৰশ্মিক চাবৰ বাবে।
ৰশ্মিৰ প্ৰতি পংকজৰ হৃদয়ত সঁচা ভালপোৱাৰ ইমান প্ৰবল অনুৰাগ থকাৰ পিছতো ৰশ্মিয়ে তাক কোনোদিন গুৰুত্ব দিয়া নাছিল। ৰশ্মিৰ বাবে পংকজ ইমানেই মূল্যহীন আছিল যেন তাৰ মূল্য এটা ডাষ্টবিনতকৈও কম। ইমান অৱহেলিত হোৱাৰ পিছতো পংকজে ৰশ্মিৰ বাদে আন ছোৱালীক ভাল পোৱা নাছিল। সি কেৱল তাইক ভাল পাইছিল। সি ৰশ্মিৰ লগৰ ছোৱালীবোৰৰ আগত ৰশ্মিৰ লগত অলপ কথা পাতিব বিচাৰে বুলি প্ৰায়েই কৈ পঠিয়াইছিল কিন্তু কোনোদিন ৰশ্মিয়ে তাক সঁহাৰি দিয়া নাছিল।
হয় তাইৰ লগত সি অলপ কথা পাতিব বিচাৰিছিল। তাৰ বিশেষ কথা নাছিল। সি মাথো জানিব বিচাৰিছিল তাই তাক কিয় ভাল নাপায়? ক'ব খুজিছিল সি তাইক কিয় ভাল পাইছিল। তাইৰ প্ৰতি থকা তাৰ প্ৰেম যে নিস্বাৰ্থ, নিৰ্ভেজাল।
সময়বোৰ বাগৰি গ'ল। পংকজে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক ভালদৰেই পাচ কৰিলে। ৰশ্মিক সি বহুদিন লগ পোৱা নাছিল কিন্তু সি ৰশ্মিক কেতিয়াও পাহৰিব পৰা নাছিল। তাৰ জীৱনলৈ বহুত প্ৰেমৰ প্ৰস্তাৱো আহিছিল কিন্তু তাৰ প্ৰেম আছিল কেৱল ৰশ্মিৰ বাবে উৎসৰ্গিত।
ৰশ্মিৰ প্ৰেমত পৰি সি বহুত কবিতা লিখিছিল। সি আগতেও কবিতা লিখিছিল যদিও ৰশ্মি তাৰ কবিতাৰ প্ৰেৰণা হয় পৰে।
সেইবাবেই কিজানি কোৱা হয়-প্ৰেম মানেই প্ৰেৰণা।
কেতিয়াবা তাৰ ৰশ্মিক ধন্যবাদ দিবৰ মন যায় কিয়নো তাই তাক প্ৰত্যাখ্যান নকৰা হ'লে সি প্ৰেমক লৈ কবিতা লিখিব নোৱাৰিলেহেঁতেন। তাৰ কলমক ৰশ্মিয়েই বাট দেখুৱাই দিলে। আনে প্ৰেমত অসফল হ'লে তেজেৰে বিষাদ আঁকে কিন্তু সি বিষাদ আঁকিছিল কলমেৰে, তেজেৰে নহয়। তাৰ কবিতাবোৰৰ মাজত ৰশ্মি সদায় থাকিব।
স্নাতক পঢ়িবৰ বাবে সি কলেজলৈ গ'ল আৰু আচৰিতভাৱেই সি ৰশ্মিক লগ পালে। সি পঢ়া কলেজখনত ৰশ্মিয়ে উচ্চতৰ-মাধ্যমিকৰ দ্বিতীয় বৰ্ষত পঢ়ি আছিল। এদিন সি ৰশ্মিক লগ পাই ক'লে, "মই তোমাক ভাল পাওঁ।" ৰশ্মিয়ে ক'লে, "পাগল হৈ যা।" তাৰ দুচকু পুনৰ সেমেকি উঠিল। এদিন পুনৰ সি তাইৰ ওচৰলৈ গৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াত ৰশ্মিয়ে ক'লে, "আমি বন্ধু হৈ থাকিম" আৰু তাইৰ হাতখন আগবঢ়াই তাক এটা হেণ্ডচেক কৰিলে। পংকজ আনন্দত আত্মহাৰা হৈ পৰিল। এবাৰ হ'লেও তাই যে তাক মাতিলে! প্ৰেমৰ অনুভূতি পংকজৰ হৃদয়ত আছিল যদিও বন্ধু হৈ থাকিম বুলি সিও ক'লে কিয়নো বন্ধুত্বৰ পৰাই প্ৰেম হয়।
ৰশ্মিয়ে তাক বন্ধু হৈ থাকিম বুলি ক'লে যদিও বন্ধু হৈ নাথাকিল। তাক দেখিলেই তাই আঁতৰি থাকে। কেতিয়াও তাক নিজে নামাতে সি মাতিলে এনেই হা-না কিবা এটা কয়। এয়াতো বন্ধুত্ব নহয়।
এবাৰ তাৰ জন্মদিন আছিল। সেইদিনা তাৰ আনন্দৰ অন্ত নাছিল। আত্মীয়-স্বজনৰ পৰা লগৰ সমনীয়াৰ শুভেচ্ছা বাণীবোৰে পুৱাৰে পৰাই মনটো ভাল লগাই দিছিল। সি কলেজলৈ গ'ল তাতো শুভেচ্ছাবাণীৰ বৰষুণ।
সি তাৰ মৰমৰ বান্ধৱী ৰশ্মিলৈ দুটা দেইৰী মিল্ক চকলেট ল'লে আৰু ৰশ্মিৰ লগৰ এজনীৰ হাতত দি তাইক দিবলৈ ক'লে। ৰশ্মিয়ে তাৰ চকলেট নল'লে ক'লে " মই তাৰ বস্তু নলওঁ, জোৰ নকৰিবা। তাৰ বৰ বেজাৰ লাগিল। জন্মদিনৰ দিনা ৰশ্মিয়ে এনে আঘাত দিব বুলি সি ভবা নাছিল। সি তাইক ভাল পায় যদিও বন্ধু হিচাপেহে দিছিল। তথাপি তাই.....! পংকজৰ বৰ খং উঠিল। তাই উভতাই দিয়া চকলেট দুটা কলেজৰ কাষৰ নলাত দলিয়াই ঘৰলৈ গুছি আহিল। তাৰ গোটেই জন্মদিনটো নষ্ট হয় গৈছিল। সেই দিনটো সি জীৱনত কেতিয়াও নাপাহৰে।
সেইদিনাৰ পিছৰ পৰা ৰশ্মিক সি দেখা নাই আৰু চাবলৈ তাৰ মনো নাই। তথাপি মাজে-মাজে তাইলৈ তাৰ মনত পৰে। তাইৰ লগত তাৰ এবাৰ কথা পাতিবৰ মন আছিল। তাই তাক কিয় ভাল নাপায় সেই প্ৰশ্নটোৰ উত্তৰ আজিও সি নাপালে সেইবাবে তাৰ বুকুখনে কেতিয়াবা বৰকৈ হাহাকাৰ কৰি ফুৰে আৰু তাৰ মনৰ বহু কথাই তাইক ক'বলৈ থাকি গ'ল। বহুতেই একপক্ষীয় প্ৰেমক প্ৰেমৰ স্বীকৃতি নিদিয়ে কিন্তু একপক্ষীয় প্ৰেমো যে একপ্ৰকাৰৰ প্ৰেম তাক প্ৰমাণ কৰিবলৈ পংকজৰ উদাহৰণেই যথেষ্ট।
জীৱনত সি কেতিয়াও শান্তি নাপাব। তথাপি তাইক কেতিয়াবা লগ পালে কথাবোৰ কোৱাৰ আশা মনতে পুহি ৰাখিছিল। আজি সেই আশাও শেষ হৈ গ'ল। তাই কাইলৈ আনৰ কইনা হ'ব। তাৰ সপোন সপোন হয়ে ৰ'ল।
"সোন ভাত দিছো।" মাকৰ মাতষাৰত সি সম্বিৎ ঘূৰাই পালে। ঘড়ীটো চাই দেখে বহুত ৰাতি হ'ল।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ অংকুৰ জ্যোতি বৰা ডাঙৰীয়াই এই বিশেষ গল্পটি আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment