এটি তিনি মহীয়া কণমানিৰ কথাৰে : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, May 23, 2021

এটি তিনি মহীয়া কণমানিৰ কথাৰে : Storyboard

Storyboard

ককাদেউতায়ে দুজনী বিয়া কৰাইছিল।ডাঙৰজনী আইতাৰ এজনী ছোৱালী।সৰুজনী আইতাৰ এজনী ছোৱালী।সৰুজনী আইতাৰ জীয়েক জনীয়েই হল মোৰ মা।ডাঙৰজনী আইতাৰ জীয়েক অৰ্থাৎ মোৰ জেঠাইদেউক বিয়া দিছিল হাঁচিমাৰীত( Storyboard )।ককাদেউতাই মোৰ মাক বিয়া দিয়া সময়লৈকে জেঠাইদেউৰ তিনিওজনী ছোৱালী জন্ম হৈছিল।এইখিনিতে জেঠাইদেউ আৰু মাৰ মাজত থকা পাৰ্থক্যৰ কথা অলপ উনুকিয়াব লাগিব।জেঠাইদেউৱে ৰুৱা-তুলা,বোৱা-কটা সকলো কামতে পাৰ্গত আছিল।মাৰ মুখখন বৰ চোকা আৰু কাম-বনত একেবাৰে লেধা ।ককাদেউতায়ে মাৰ কথা ভাৱিয়েই জেঠাইদেউৰ খুৰাশহুৰৰ পুতেকলৈকে মাক বিয়া দিলে বুলি মই দেউতাৰ পৰা ওৰটো পাইছিলোঁ।কাৰণ দেউতাই দিয়া এটা গালিত মায়ে বাৰকুৰীতকৈয়ো অধিক গালি শুনাইছিল।দেউতাই মাৰ গালিৰ তম্ভপাকত সহ্য কৰিব নোৱাৰিছিল।গালি সাম কটাবলৈকে প্ৰায়েই দেউতাই কোৱা শুনিছিলো–হে হৰি–হয়নে, অমুকাৰ পুষ্ট মাষ্টৰৰ চাকৰিটো দেখিহে মোৰ শহুৰে আলু গাঁততে আলু পুতিলেহি।কুটা এগজ কৰিব নজনা এজনীক মোৰ ডিঙিত ওলমাই দিয়াত মই কিমান যান্ত্ৰনা পাইছোঁ---।মাৰ মাত তেতিয়া বন্ধ হৈছিল।

জেঠাইদেউৱে মোক ডাঙৰ কৰিছে।জেঠাইদেউৰ ছোৱালীকেইজনীয়ে মোক মাটিত থলে পৰুৱাই পোৱা মূৰত থলে ওকনীয়ে খোৱা দৰে বহুত আদৰত ডাঙৰ কৰিছিল।এতিয়া আহোঁ আচল ঘটনাটোলৈ–

  জেঠাইদেউৱে এইবাৰো লৰা সন্তান বিচাৰোতে আকৌ ছোৱালী জন্ম হয়।ছোৱালীজনীও জন্ম হোৱা তিনিমাহ পাৰ হল।নামটো তৰা।সিদিনা গোটেই দিনটো তাইৰ জ্বৰ।ৰাতি প্ৰায় এঘাৰ মান বাজিছে।ইফালে ঘৰৰ টিনপাটত মুষলধাৰ বৰষুণৰকোব।মই জেঠাইদেউৰ ছোৱালীকেইজনী মাজতে শুই আছিলোঁ।সিহঁত টোপনিত লাল-কাল দি আছিল।মোৰ টোপনি অহা নাই।অলপ পৰ টলকা মাৰি বিছনাৰ পৰা উঠি আহি জেঠাইদেউৰ ওচৰ পালোহি।জেঠাইদেউৰ বিছনাৰ কাষতে জেঠপেহায়ে কাঠৰ আৰামী চকীখনতে বহি আছে।জেঠাইদেউৱে কান্দি কান্দি এবাৰ তৰাৰ মুখলৈ এবাৰ জেঠপেহালৈ চাই কলে–চাওকচোন, ছোৱালীজনীৰ গাতো চেচা পৰি গল!জেঠপেহায়ে তৰাৰ হাতখন চুই চালে।পেটতো আৰু নাকটোত হাত খন দি উমান ললে।জেঠাইদেৱে মস্ত উকি এটা মাৰি কান্দিবলৈ ধৰিলে।কাষতে থকা জীৱন খোৰা আৰু লাহি খোৰাই শুনি–কি হল অ বুলি মাত লগালে।জেঠপেহায়ে–তহঁত কোন কত আছঁহ‍ত,আহহঁত ঔ–শেষ!একেবাৰে শেষ---।


শুই থকা পৰী,লিলি, ৰানু বাইদেউহঁত লৰি আহিল।ইকান সিকানকৈ কথাটো বিয়পি পৰিল।মূহুৰ্ততে চুবুৰীটৌৰ মানুহ আহি ঘৰ ভৰিল।ইটোৱে সিটোৱে তৰাক চুই চালে।কোনোৱে কয় বাজলৈ উলিয়াই দে।কোনোৱে কয়–বৰষুণজাক এৰিছেহে,আকৌ যদি দিয়ে।হেনজানি বাৰাণ্ডা  খনতে থোৱা ব্যৱস্থা কৰা হওঁক।অৱশেষত বাৰাণ্ডাতে থৈলা এখন পাৰি বগা চেলেং চাদৰখনেৰে নুৰিয়াই তৰাক থোৱা হল।( Storyboard )

মাইকী মানুহখিনিৰ মাজৰে পৰাই জেঠাইদেউৱে কোৱা শুনা পালে–লৰা হলেহে হয়নে,তিনিজনীকে ছোৱালী  থাকোতেই---।মোলৈ আঙুলিয়াই কয়-–সৌদুখৰকো দেখা নাই, ভনীয়েকৰ ছোৱালী।তাইকো সৰুৰে পৰাই ডাঙৰ কৰা আমি দেখি আহিছোৱেই।


সৰুকণ আৰু ৰুদ্ৰই জেঠপেহাক কলে–কাইটি বহি থাকি লাভ নাই।ৰাতিটো টোপনি ক্ষতি কৰি ৰাইজক কষ্ট দিয়াহে হব।ইটো সিটোৱে কথাটো হয়ভৰ দিলে–হয় হয় কামটো শেষ কৰাই ভাল।

জীৱন খোৰাই মেন্থেল লাইটটো ললে।লাহি খোৰাই ধূনাৰ মলাটো আৰু কান্ধত কুৰখন ললে।জেঠপেহাই তৰাক কোলাত তুলি ললে।অন্যান্য মানুহখিনিও শ্মশান যাত্ৰাত যোগ দিয়ে।

হাবিখনৰ মাজ মজিয়াত শ্মশানখন আছে।গাওঁখনৰ মূৰৰ পৰাই হাবিখন আৰম্ভ হৈছে।সুৰ সুৰীয়া ৰাস্তাটোৰ দুইকাষে প্ৰকাণ্ড চেগুণ, গমাৰী, ডিমৰু গছবোৰ।ঠায়ে ঠায়ে বৰতা কহুৱা,ইকৰা জাতীয় গছবোৰৰ বৃহৎ জোপোহা।ভয় লগা এটা ৰাতি।বাকৰ বাপেকৰ দৰে থিয় দাং দি থকা সৰুৱা গছবোৰ।টকৌ-খেজুৰ গছৰ পাতবোৰ বতাহত ডাইনীৰ দৰে লম্ফ-জম্ফ কৰিছে।নাতি দূৰৰ পৰা ভাহি আহিছে চিনাকি অচিনাকি কিছুমান জীৱ জন্তুৰ মাত।মাজ ৰাতি বাবেই টেটু ফলা শিয়ালৰ হুৱা।অ'ৰ-ত'ৰ পৰা শুনা গৈছে ভেকুলীৰ টোৰ্-টোৰণী।বাঁহগছবোৰৰ তলেৰে যাবলৈ ধৰোতেই নিশাচৰ প্ৰানীৰ ডেউকাৰ জপংকৈ উৰা মৰা কোবত মোৰ বুকুখন ঢপংকৈ কঁপি উঠিল।ইফালে মোৰ হাতত ধৰি যোৱা ৰানু বাইদেউৱে আঙুলিৰে মুঠিটো কট কটিয়াকৈ টানি ধৰিছে।লাহি খোৰাৰ গল হেকালনিত মই উচপখাই উঠিলোঁ।মেন্থেল লাইটৰ পোহৰ আমাৰ গাত পৰিছে। লাহি খোৰাই দেখি আচৰিত হৈ কলে–অ-অ চাহঁত ঔ, এই দুজনীচোন আমাৰ লগতে আহিলে!তহঁতক কোনে আহিব কৈছিলে–হঁয়েই!আমি চুপ চাপ।–আহিলিহঁত যেতিয়া একাষৰীয়াকৈ ৰৈ থাক।লাহি খোৰাই কুৰখনেৰে বনবোৰ চুৰুকিছে।দেউতি খোৰাই কৈছে–থিকেই আছে, এইখিনিতে ছয় ফুটমান-কৰ-ৰুদ্ৰ খোৰাই কলে–হেৰৌ,অকণমান পোৱালি।বহলে দুফোট, দীঘলে তিনিফোট আৰু দুফোটমান দ কৰিলেই হব।কোনোবা এটাই কলে–চাবি আকৌ শিয়াল-কুকুৰে খান্দি খাই নেপেলালেই হয়!শুনি মোৰ গাতো কঁপি উঠিল।


গাঁতটো ইতিমধ্যে খান্দি হল।পোহৰেও ঢল ফাট দিয়ে।জেঠপেহাক দেউতিখোৰাই কলে–ককাইদেউ, কাপোৰে-কানি সৈতে সোমাই দেহি আহ।বাকী সকলে–নালাগে নালাগে, গাৰ কাপোৰ আঁতৰাই দিয়া হওঁক।জেঠপেহায়ে তাকে কৰিবলৈকে তৰাক মাটিত থলে।নুৰিয়াই থোৱা বগা চেলেং চাদৰখন আঁতৰাই দি ডাঙি গাঁতটোলৈ নিবলৈ ধৰা সময়তে–সকলোৱে অ-অ-অ-হ-বুলি হৈধ্বনী দিবলৈ লয় এথোন।লগে লগে তৰাই তে-হে, তে-হেকৈ কান্দিবলৈ ধৰে।জেঠপেহা উচপখাই উঠিল।দুটামানে বহি থকাৰ পৰা লৰ মাৰিলে।কিছুমানে হাঁহি হাঁহি মাটিতে বাগৰি পৰিল।

জেঠপেহায়ে তৰাক কোলালৈ ডাঙি সকলোৱে শুনাকৈ কলে–অ'আমাৰ গোসানী তালিমাই জনী, তই বহুত দিন জীয়াই থাকিবি দেই!!


বিঃদ্ৰঃ জয়ন্তী বৰা ডাঙৰীয়াণীয়ে এই বিশেষ গল্পটি আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages