আজি ৰিতিকাৰ জন্মদিন আৰু তাই যথেষ্ট আশাবাদী যে ৰাহুলে তাইক আজি বিয়াৰ বাবে প্ৰস্তাৱ দিব।ৰাহুলে ৰিতিকাক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ তাইৰ জন্মদিনৰ দিনা তাইক হীৰাৰ আঙুঠি এটা দিহে বিয়াৰ প্ৰস্তাৱ দিব। ৰিতিকাই ৰাহুলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেতিয়াই দুৱাৰৰ ঘণ্টা বাজিছিল আৰু ৰাহুল সন্মুখত থিয় হৈছিল। ৰাহুলক বৰ আনন্দীত যেন লাগিছিল। ( Storyboard )
ৰাহুলঃ মোক ক্ষমা কৰিবা ৰিতিকা, আহাত অলপ পলম হৈ গল ।
ৰিতিকাঃ কোনো কথা নাই, আচ্ছা মোক কোৱা মোৰ উপহাৰটো ক'ত ?
ৰাহুল: (ৰিতিকাক এটা টেডি বিয়েৰ দি) শুভ জন্মদিন ৰিতিকা, এইয়া তোমাৰ উপহাৰ ! হেই এইটো কি.......ৰিতিকাই ভাবিছিল ৰাহুলে এটা হীৰাৰ আঙুঠি আনিব আৰু তাইক বিয়াৰ প্ৰস্তাৱ দিব কিন্তু তেওঁ এটা সৰু টেডি বিয়েৰ হে লৈ আনিছে। ৰিতিকাৰ মনত বৰ খং উঠিছিল আৰু একো নোকোৱাকৈ আৰু ভাবি চিন্তি নুচুৱাকৈ টেডি বিয়েৰটো তুলি লৈ ঘৰৰ খিৰিকীয়ে দি বাহিৰলৈ দলিয়াই দিলে। ৰিতিকা খঙত ৰঙা-চিঙা হৈ পৰিছিল।( Storyboard )
তেতিয়াই ৰাহুলে তললৈ দৌৰি যায়, ২০০টা চিৰি নামি সেই টেডি বিয়েৰটো আনিবলৈ। যিটো পথৰ মাজত পৰি আছিল।ৰিতিকাই দলিয়াই দিয়া টেডি বিয়েৰটো পথৰ পৰা তুলিবলৈ বেঁকা হোৱাৰ লগে লগে কৰবাৰ পৰা এখন ট্ৰাক আহি ৰাহুলক প্ৰচণ্ড যোৰে খুন্দা মাৰি থৈ যায়।ৰাহুক তেজেৰে লুতুৰি পুতুৰি হৈছিল আৰু ৰাহুলক তৎক্ষণাৎ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।কিন্তু দুৰ্ভাগ্যৰ বিষয় যে তেওঁ আদাবাটতে মৃত্যুক সাবতি লৈছিল। ৰিতিকা চিকিৎসালয়ত উপস্থিত হৈছিল আৰু বহুত কান্দিছিল । ৰাহুলৰ নিথৰ দেহৰ কাষত সেই টেডি বিয়েৰটোও পৰি আছিল। ৰিতিকাই সেইটো নিজৰ বুকুত ৰাখি বহুত কান্দিলে ।
তেতিয়াই ৰিতিকাই টেডি বিয়েৰৰ ওপৰত এটা বুটামৰ দৰে চুইট্ছ দেখিলে, যেতিয়া তাই সেই বুটামটো হেঁচিলে , সেই টেডি বিয়েৰটোৰ পৰা ৰাহুলৰ মাত আহিল.......
" ৰিতিকা, তুমি মোৰ লগত বিয়া হবানে ? তেতিয়াই টেডি বিয়েৰৰ ওপৰভাগ খোলে আৰু তাৰ পৰা এটা হীৰাৰ আঙুঠি ওলাই আহিল !!ইয়াৰ পিছত ৰিতিকাই নিজেই নিজক হয়টো কেতিয়াও ক্ষমা কৰিব পাৰিব নে নোৱাৰিব সেইটো সময়ৰ কথা, কিন্তু ৰাহুল আৰু ৰিতিকাৰ এই হৃদয় স্পৰ্শকৰা দুখৰ প্ৰেমকাহিনীয়ে আমাক এটা শিক্ষা দিয়ে।পৃথিৱীত যিয়েই নহওঁক, আপোনাৰ প্ৰিয়জনৰ ওপৰত কেতিয়াও খং নকৰিব। ক্ষমা কৰাত কেতিয়াও পলম নকৰিব কিয়নো আপোনজনৰ পৰা ক্ষমা খুজিলে আপুনি সৰু বা ডাঙৰ হৈ নাযাই । নিজৰ প্ৰিয়জনক তৎক্ষণাৎ ক্ষমা কৰি দিয়ক, কিয়নো এই জীৱনৰ কোনো বিশ্বাস নাই। খঙৰ দৰে বিষাক্ত বস্তু এটাৰ কাৰণে এনেকুৱা নহয় যে আপুনিও ৰিতিকাৰ দৰে গোটেই জীৱন অনুতাপৰ অগ্নিত জ্বলিব লগা হয়।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment