: হেৰা , মোৰ জাঙিয়াটো কি কৰিলা । আলনাত বিচাৰি পোৱা নাই । ---- কমলে আলনাত জাঙিয়াটো নাপাই চিঞৰি ৰুমীক সুধিলে ।( Storyboard )
: সেইটোচোন ফাটি চিটি অৱস্থাই নাইচোন । সেয়ে মই পেলাই দিলোঁ । আজি নতুন এটা কিনি লবা । ---- পাকঘৰৰ পৰাই ৰুমীয়ে চিঞৰি ক'লে ।
: শেষ কৰিলা । এতিয়া মই কি পিন্ধিম । দুদিন পিন্ধাৰ বাবে এইটো ধুই পেলালোঁ । চেহ .... কি যে কৰোঁ । -- ভিতৰি ভিতৰি তাৰ ৰুমীলৈ খং উঠিল ।
সি ধুই মেলি থোৱা জাঙিয়াটো আনি কাষলটিৰ তলত ভৰাই শুকুৱাব ললে । এনেতে ৰুমীয়ে আকৌ মাতিলে ----
: ভাত কেইটা খাই লোৱাহি । মই উলিয়াই দিছোঁ ।
সি কাষলটিৰ তলত জাঙিয়াটো ভৰাই লৈ ভাতৰ পাতত বহিল । তাৰ কাষলটিৰ তলত জাঙিয়াটো দেখি ৰুমীয়ে কলে -----
: তিতা জাঙিয়াটো কাষলটিৰ তলত ভৰাইলৈ তুমি কি কৰিছা । দিয়া মই ৰদত মেলি থৈ আহোঁ ।
ৰুমীয়ে তাৰ পৰা জাঙিয়াটো নিবলৈ অহাত সি বাধা দি কলে --
: ৰদত বহু সময় লাগিব শুকাবলৈ । ভাত কেইটা খুৱালৈ মোৰ কাষলটিৰ তলতে জাঙিয়াটো শুকাব দিয়া ।
কমলে ভাতকেইটা খাই উঠি জাঙিয়াটো চালে । অলপ অলপ শুকালেও বেছিকৈ তিতি আছে । এইটো জাঙিয়াও টীকাৰ ফালে ফিচিকিলে । ফুটা ফুটা হৈছে ।
কমল আৰু ৰুমীৰ লগতে সিহঁতৰ ক্লাছ এইটত পঢ়া নিৰ্বাণ নামৰ এটি লৰা আছে । এখন টমতম ( ই ৰিক্সা ) চলাই কমলে তাৰ সৰু সংসাৰখন চলাই গৈছে ।অতি নীতি নিয়ম আৰু পৰিপাটিকৈ কমল আৰু ৰুমীয়ে সিহঁতৰ সংসাৰখন চলাই গৈছে । সিহঁত দুয়োৰে খুবেই বুজাবুজিৰ মাজৰে , দুয়োৰে আকুণ্ঠ মৰমে এখন সুখৰ সংসাৰ । সংসাৰত থাকেই বহু পোৱা নোপোৱাৰ সমস্যা । কিছুমান প্ৰয়োজনীয়তা বস্তু কমলে ৰুমীক দিব নোৱাৰিলেও ৰুমীয়ে আপত্তি নকৰে । সিহঁতৰ লৰা নিৰ্বানো তেনেই । অন্য লৰাৰ দৰে নহয় । দেউতাকৰ দুখ কষ্ট অনুভৱ কৰা সি এটা বৰ ভাল লৰা । তাৰ কিবা প্ৰয়োজনীয় কিবা দেউতাকে তৎকালে দিব নোৱাৰিলে বা দুই তিনিদিন পিছত দিলেও সি বৰকৈ আপত্তি নকৰে । বুজা পৰাৰ সিহঁতৰ এখন কিছু অভাৱ থাকিলেও এক কথাত এখন সুখী সংসাৰ ।
ইতিমধ্যে কমল গৈ টমতমখনত ( ই ৰিক্সা ) বহিল গৈ । ৰুমীয়ে পানীৰ বটল এটা আৰু তাৰ মুখ মচিবলৈ সৰু টাৱেলখন লৈ তাৰ কাষ পালেগৈ । তাই কলে - " আজি তুমি ঘৰলৈ আহোঁতে জাঙিয়া এটা কিনি আনিবা । "
: হব দিয়া । এতিয়া মই যাওঁ । -- কমলে ইষ্টাৰ্ড বুটামটো পিটিকি টমতমখন ( ই ৰিক্সা ) লৈ ওলাই গল ।
কমল আহি তিনিআলিটোত ৰল । দুই এজন মানুহ ওলাইছে যদিও খোজ কাঢ়িয়ে গৈছে । বহু সময় মানুহ নাপায় সি নিজৰ টমতম খনৰ পিছৰ ছিটত বহি দেহাটো এৰি দিলে । তাৰ মনৰ দুৱাৰত কিছুমান চিন্তাই কিলমিলাব ধৰিলে । যোৱাটো লকডাউনৰ সময়ত সি সাঁচি থোৱা টকাকেইটা খৰছ কৰিবলৈ বাধ্য হল । প্ৰথম লকডাউনৰ পিছত নিৰ্বাচনৰ ঢৌ । ভাড়া খুব কম । টানি টুনি ঘৰখন চলিছিল । এই নিৰ্বাচনত ডাঙৰ ডাঙৰ নেতাৰ বিভিন্ন বৃহৎ ৰেলি , নিৰ্বাচনী মিটিং আদিত কোনো সামাজিক দূৰত্ব মনা নাছিল । আকাশত বহুত হেলিকপ্টাৰ উৰিছিল । উলঙ্ঘন হৈছিল ক'ভিড সকলো প্ৰতকল । নিৰ্বাচনৰ পিছতে তীব্ৰ গতিত সমগ্ৰ দেশৰ লগতে অসমতো ভয়ংকৰ গতিৰে ক'ৰণাই ছানি ধৰিলে । মৃতকৰ সংখ্যা বাঢ়িব ললে । নতুন চৰকাৰে ক'ৰণাৰ নতুন প্ৰতকল বান্ধি দিলে । পুৱা ১১ বজাত সকলো বন্ধ আৰু ১২ বজাত সম্পূৰ্ণ কাৰফিউ । ঠায়ে ঠায়ে সাধাৰণ মানুহক , কিছু কিছু নীতি নিয়ম নমনা মানুহক বেত্রাঘাট কৰিলে । বহু সৎ আৰক্ষী বিষয়াৰ আহ্বান , ফেচবুকৰ পোষ্টত আৰক্ষীক যধে মধে নিপিটিবলৈ কোৱাত মানুহৰ মাজত কিছু সকাহ ।
: ঐ , টমতম । কোৰ্ট চাৰিআলিলৈ যাবা নেকি ? --- লৰাজনৰ মাতত কমলৰ সম্বিত ঘূৰি আহিল । লৰাজনৰ লগত আৰু দুজন । তাৰ মনটো ভাল লাগিল । বিশ টকাকৈ সি ষাঠি টকা পাব । সি হিচাবটো কৰিয়েই পেলালে ।
সি লৰা কেইজনক নমাই আকৌ দুজন পাই ঘূৰি তিনিআলিটো পালেহি । কিছুসময়ৰ পিছত সি পুনৰ একেই স্থানলৈ এহাল পৰিয়ালৰ ভাড়া পালে । ইতিমধ্যে ১১ বাজীবলৈ ১০ মিনিট বাকী আছে । সি হিচাপ কৰিলে ১৪০ টকা ভাড়া পালে । সি জাঙিয়া এটা কিনিবলৈ কাষতে টমতমখন থৈ কাপোৰ দোকান এখনত সোমালে ।
: দাদা , ৯০ চাইজৰ জাঙিয়া এটা দিয়কচোন ।
: খৰকৈ লোৱা । বন্ধ কৰিবলৈ হল । পুলিচে হুইছেল বজাইছে । ----- দোকানিজনে ক'লে ।
: এইখন কাৰ টমতম ? সোনকালে গৈছনে । ঐ ... টমতম ... । ----- ৰুক্ষ মাতেৰে চিঞৰি উঠিল ৰঙা টুপী পৰিহিত পুলিচজনে ।
কমলে দোকানিজনক জাঙিয়াটোৰ দাম ১০০ টকা দি দৌৰি টমতমখনৰ কাষ পালেগৈ । তাক দেখি পুলিচ গৰাকী জককাই উঠিল ।
: ..... ..... ( অশ্লীল ) । জাননে নাই লকডাউন বুলি । ১১ বাজিল দেখিছ নে নাই ...... ( অশ্লীল ) । আঁঠু কাঢ় ..... তেল বাঢ়িছে .... ( অশ্লীল) । ----- হাতত থকা ৰাইডাঙ দালে গাৰ বলে তাৰ পিঠিত দুকোব লগাই দিলে । পুলিচৰ লগত অহা ১৩নং বেটেলিয়ান জন আগবাঢ়ি আহি ------- ....( অশ্লীল ) ইহঁতৰ তেল বাঢ়িছে । তেল খহাই দিওঁ বুলি ......
কিমান যেন বেত পৰিল কমলে গমকে নাপালে । সি বিষত কেকাই উঠিল । সি যেনেতেনে উঠি আহি দোকানখনৰ কাষ পালেহি । ইতিমধ্যে দোকানিজনে দোকান বন্ধ কৰি তলা মাৰিব লৈছিল ।
: দাদা । বেয়া নাপাব । মোৰ জাঙিয়াটো ঘূৰাই লওঁক । মই এতিয়া টেবলেট কিনিব লাগিব । ..... আহ .... আহ.... । বৰ বেয়াকৈ মাৰিলে পুলিচে । দাদা .... ক্ষমা কৰিব আপোনাৰ বন্ধ সময়ত ঘূৰাবলৈ অহাৰ বাবে । আচলতে কি জানে ....... মোৰ হাতত আৰু পইচা নাই টেবলেট কিনিবলৈ । ------ কমলে সেহাই সেহাই দোকানিজনক কলে ।
দোকানিজনে কমললৈ চাই দেখিলে তাৰ মুখৰ কৰাঁল ফালি তেজ ওলাই আছে । চুলাটোৰ ফাঁকে ফাঁকে তেজ বিৰিঙি আছে । সি কমললৈ ১০০ টকাটো আগবঢ়াই দিলে । কমলে পলিথিনত বান্ধি দিয়া জাঙিয়াটো দোকানীজনলৈ আগবঢ়াই দিলে ।
: হব তুমি লৈ যোৱা । পিছত মোক পইচা দিবা ।
--- দোকানিজনে কলে ।
: আপুনি জানো মোক চিনি পায় .....? সেহাই সেহাই কমলে কলে ।
: নাপাওঁ ।
: যদি মই আপোনাক পিছত পইচা নিদিও ।
: মই যদি তোমাক উপহাৰ হিচাপে দিওঁ ।
: নালাগে দিয়ক ।
: মানুহৰ বাবেই মানুহ । মই তোমাক তেনেই সৰু উপহাৰ দিলোঁ ।
বুকুত পলিথিনৰ পকেটৰ সতে এবাৰ লৈ সি মিচিকিয়া হাঁহি এটা মাৰি দোকানীজনক সাৱটি ললে ।দোকানীজনেও তাক মেৰিয়াই সাৱটি জোৰকৈ লওঁতে সি ...... আহ কৈ চিঞৰি উঠিল ।
দুয়ো দুয়োৰে মুখলৈ চাই হাঁহি উঠিল ।
সেয়া যেন দুখৰ মাজতো সুখৰ হাঁহি । সেই হাঁহিত প্ৰাণ আছে । সেই হাঁহিত মানৱতা ।
" মানুহ মানুহৰ বাবে........"
বিঃদ্ৰঃ উক্ত গল্পটো Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা তথা উত্তৰ লখিমপুৰ নিবাসী প্ৰশান্ত গগৈ ডাঙৰীয়াৰ গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্লেখ কৰা হল।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
উত্তৰ লখিমপুৰ
No comments:
Post a Comment