দুগৰাকী বান্ধৱীক ইয়াৰ সঠিক উত্তৰ দিলে এজন বৃদ্ধ বাবাই : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, May 12, 2021

দুগৰাকী বান্ধৱীক ইয়াৰ সঠিক উত্তৰ দিলে এজন বৃদ্ধ বাবাই : Storyboard

Storyboard

পৰী আৰু প্ৰিয়া দুয়ো ভাল বান্ধৱী আছিল আৰু দুয়ো লগ হৈ প্ৰত্যেক দিনাই কিবা নহয় কিবা নতুন কথা শিকাৰ যত্ন কৰিছিলStoryboard )।এদিন দুয়ো কলেজৰ পৰা আহি থাকোতে সন্মূখত এজন যথেষ্ট বৃদ্ধ বাবা দেখা পালে।তেওঁলোকে ভাবিলে যে আজি এই বয়সস্থ বাবা জনৰ পৰা কিবা এটা জানি লোৱা যাওক।সেয়ে দুয়ো বাবা গৰাকীৰ কাষতে গৈ বহিলে আৰু সোধিলে ,


"বাবা ভাল নে আপোনাৰ।"


তেখেতে কলে, "মোৰ ভাল,পিছে তোমালোকৰ কেনে ?"


দুই বান্ধৱীয়ে একেলগে উত্তৰ দিলে, "আমাৰো ভাল।"


অলপ সময় দুয়ো নিৰবে থাকিল আৰু হঠাৎ পৰীয়ে সোধিলে, "বাবা,সঁচা প্ৰেম হেনো সকলোৰে ভাগ্যত নাথাকে,এই কথাটো কিমান সত্য ?"


পৰীৰ কথা শুনি বাবা গৰাকীয়ে মিচিকিয়া হাঁহি এটা মাৰি সোধিলে, "আজিলৈকে তুমি প্ৰেমত পৰি পাইছা নে ?"


নাই,বৰ্তমানলৈকেটো কাৰো প্ৰেমত পৰি পোৱা নাই!


তেতিয়া বাবা গৰাকীয়ে কলে, "কাষতে এখন ফুলৰ বাগিছা আছে,তোমালোক দুয়ো তালৈ যোৱা আৰু যিপাহ ফুল সকলোতকৈ ধুনীয়া দেখা সেইপাহ চিঙী লৈ আনা।"Storyboard )


ইয়াৰ পিছত দুই বান্ধৱীয়ে ফুলৰ বাগিছা খনলৈ যোৱাৰ সিদ্ধান্ত ললে।কিছু সময়ৰ পিছত বাগিছাত উপস্থিত হৈ দেখে যে তাত বিভিন্ন প্ৰজাতিৰ ফুল আছিল।দুয়ো প্ৰায় এঘণ্টা সময় ধৰি বাগিছা চালাথ কৰিলে কিন্তু আটাইতকৈ ধুনীয়া ফুলপাহ নিৰ্বাচন কৰাত তেওঁলোক বিবুধিত পৰিল।অৱশ্যে কিছু সময়ৰ পিছত দুয়োৰে এপাহ ফুল যথেষ্ট পচন্দ হল,কিন্তু তেওঁলোকে ভাবিলে যে এইপাহ কিছু সময়ৰ বাবে থাকক,আৰু অলপ সময় বেলগ ফুল বিছাৰি চাও কিজানি ইয়াতকৈ ধুনীয়া ফুলও পাব পাৰো।দুয়ো ফুল বিছাৰিবলৈ লাগিল কিন্তু তাতকৈ আৰু ধুনীয়া ফুল নাপালত অৱশেষত ভাবিলে যে সেইপাহকে চিঙী নি বৃদ্ধ গৰাকীক দিওগৈ।তেওঁলোকৰ ভাল লগা ফুলপাহ ছিঙীবলৈ গৈ দেখে যে কোনোবাই সেই ফুল পাহ ইতিমধ্যে ছিঙী নিছিল।তেতিয়া দুয়ো হতাশ হৈ বাবা গৰাকীৰ কাষলৈ যায় আৰু সকলো বিৱৰি কয়।


তেওঁলোকৰ কথা শুনি বাবা গৰাকীয়ে হাঁহি এটা মাৰি কয় যে, "এইটোৱে প্ৰেমৰ সত্যতা,যি সন্মূখত থাকে তাৰ কেতিয়াও আদৰ নাই আৰু যেতিয়া আমি তাক পাবলৈ ঘোৰি আহো তেতিয়া সিও আমাৰ হাতৰ পৰা হেৰাই যায়।সেয়ে সঁচা প্ৰেম বহুলোকৰ ভাগ্যত নাথাকে।"


গতিকে ইয়াৰ দ্বাৰা এতায়ে শিক্ষা পোৱা যায় যে,যি আমাৰ কাষত থাকে তাক সদায়ে আদৰ কৰিব লাগে।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages