সত্য ঘটনাৰ ওপৰত আধাৰিত এগৰাকী মহিলাৰ জীৱন গাঁথা : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 10, 2021

সত্য ঘটনাৰ ওপৰত আধাৰিত এগৰাকী মহিলাৰ জীৱন গাঁথা : Storyboard

Storyboard

ড্ৰাইভাৰ জনক ৰাতিপুৱা ৬ টা বজাতে আহিবলৈ কৈছিলোঁ আৰু এতিয়া ৭.৩০ হৈ গল ,, বাৰে বাৰে ফোনটো লগাই আছোঁ যদিও তেওঁ ফোনটো ধৰা নাছিল ,, বাজি বাজি এটা সময়ত বন্ধ হৈ পৰে ফোনটো ।। বৰ দুশ্চিন্তাত পৰিলোঁ মই ,, কি হব এতিয়া !! ই নাহিব নেকি বাৰু ??  ইফালে মই ইমানদূৰলৈ যাবলগা আছে ।।      গোৱালপাৰাৰ এখন ভিতৰুৱা গাঁও ,,টেপাকোনালৈ যাম  ।।  ইমান দূৰ পথ গাড়ী চলাই অকলে যাবলৈ মনটোৱে কোৱা নাই আচলতে ,, এনেই অশান্ত হৈ থকা মন ,, তাতে আকৌ কাৰোবাৰ কিবা সমস্যা লৈ ফোন কৰিব পাৰে ,, ফোনটো কাণত লৈ গাড়ী ড্ৰাইভিং কৰিবলৈ মই ভয় বৰ কৰোঁ ।। আকৌ এবাৰ ফোনটো লগৰ বুলি ভাবোঁতেই  কুলেন বোলা ড্ৰাইভাৰ জন আহিয়েই পালে ... (  Storyboard )


: বাইদেউ খং নকৰিব ,, আমাৰ ফালে বৰষুণতো অলপ ডাঙৰকৈয়ে আহিছে ,, মোৰ ঘৰত ছাতি এটাও বিচাৰি নাপালোঁ ,,সেইকাৰণেই অলপ ৰৈ দিব লগা হল ।।মই কিবা সোধাৰ আগতেই কুলেনে কৈ পেলালে .. 


: বৰ বুধিয়ক দেই আপুনি !! হব বাৰু ওলাই যাওঁ আমি এতিয়া ,,১২তা মান বজাত গৈ পালেও হব ,, পামগৈ নহয় ??


: পাম পাম বাইদেউ !! এতিয়া গাড়ীত বহিছোঁ যেতিয়া আপুনি চিন্তা নকৰিব ।।১২ বজাৰ আগতেই মই আপোনাক পোৱা ই দিম  ।। হিন্দী চিনেমাৰ ষ্টাইলত কথাষাৰ কৈ পেলালে কুলেন ড্ৰাইভাৰে  ।। 


        চিন্তা নকৰিব কথাটোৱে আজিকালি চিন্তাটো বঢ়াই হে দিয়ে ।। গাড়ীত বহাৰ লগে লগেই মোৰ চিন্তাবোৰ আৰম্ভ হৈ যায় ।। ইমান কাম আছে কৰিবলৈ ,, কেনেকৈ কৰিম  এই চিন্তাটোৱে মোক সকলো সময়তে আমনি কৰি থাকে ।। জীৱৰীৰ বয়সৰ কোনোবা এজনী ছোৱালীয়ে যদি মোৰ পৰা কিবা সমাধান বিচাৰে তাইৰ নিজৰ কোনো সমস্যাৰ ,, মই চিন্তাত পৰি যাওঁ ।। বহুত সময়ত কাৰোবাৰ কথাত পৰি মই বহুত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।।সেইবোৰ কথাই কষ্ট দিয়ে ভাবিলেই ।।   


           চিন্তাৰ মাজৰ পৰা মোক হঠাতে বাস্তৱিকতালৈ ঘূৰাই আনিলে এজনী কুলিৰ এক মধুৰ ধ্বনিয়ে ।। ইতিমধ্যে আমি আজাৰা  পাৰ হৈ আহিলোৱেই ,, ইমান সময় মই মোৰ  চিন্তাৰ লগতেই কথা পাতি আছিলোঁ ,,মগ্ন হৈ  ।। কুলীজনীৰ মিঠা মাত টোত আকৌ সোমাই গলোঁ মই ।। শীত ৰ শেষত যেতিয়া সেউজীয়া বোৰ হালধীয়া হৈ যায় ,, প্ৰকৃতিৰ যেন ভাল নালাগে ।। আৰু সেইবাবেই হয়তো কুলিচৰাই জনীক প্ৰকৃতিয়ে কাতৰে অনুৰোধ কৰে সেই হালধীয়া বোৰ আঁতৰাই আকৌ সেউজীয়া কৰি পেলাবলৈ সমগ্ৰ ধৰণী ।। 


কুলীজনীয়েও প্ৰকৃতিৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰিব নোৱাৰে ।। গুচি আহে ইয়ালৈ ,, কিন্তু অকলেই ইমানদূৰ অহাৰ পিছত হে যেন তাইৰ মনত পৰে ,,তাইযে বহুদুৰৈত এৰি থৈ আহিছে তাইৰ আপোনজনক ।। সেয়ে খুব আকুলতাৰে তাই মাতে আপোনজনক তাইৰ কাষলৈ ।।আৰু তাইৰ সেই বিননি শুনি হয়তো প্ৰকৃতৰো দুখ লাগে ,, আৰু কোনেও তাইৰ বিননি নুশুনক বুলিয়েই পঠিয়াই দিয়ে বৰদৈচিলা জনীক বিজুলী ধেৰেকণিৰে সৈতে ।।  কিযে বুজাবুজি প্ৰকৃতিৰ ,, কুলিচৰাই জনী আৰু হালধীয়া বোৰৰ মাজত ।। কেনেকৈ যে ইজনে সিজনৰ দুখ বোৰ ভগাই লয় ।।চাওঁতে চাওঁতে হালধীয়া বোৰ সৰাপাত হয় ।। বৰষুণ জাকে ধৰাৰ লেতেৰা বোৰ চাফা কৰি উৰ্বৰা কৰি তুলে এই ধৰাক ।। প্ৰকৃতি আকৌ এবাৰ সেউজীয়া হয় ।। কুলিচৰাই জনীৰ আপোন জনে এখন নতুন ঘৰৰ সপোন দেখে তাইক লৈ ।।


সঁচাকৈয়ে কিযে বুজা বুজি প্ৰকৃতিৰ ।।

আমিবোৰ বাৰু প্ৰকৃতিৰ মাজৰেই হৈ থকা নাই নেকি ?? হঠাৎ প্ৰশ্ন উঠিল মনৰ ভিতৰতে !! যদি হয় তেন্তে কুলিচৰাই জনীৰ আপোনজনক ওচৰত পাবলৈ কৰা সেই বিননি আমি মিঠা মাত বুলি কিয় কওঁ ?? কাৰোবাৰ কান্দোনৰ শব্দ আমাৰ কাৰণে মিঠা কেনেকৈ হব পাৰে ,, সেয়া লাগিলে এজনী চৰাইয়ে হওঁক ।।>


উত্তৰটো মনলৈ লগে লগেই আহিল ।। এজনে আনজনক কেৱল দুখৰ বোজা জাপি দিয়ে ,, আপোনজনৰ কান্দোনৰ মূল্যও য'ত কেৱল শূণ্য ,,সেইবোৰ জানোঁ প্ৰকৃতিৰ অংশ হ'ব পাৰে ?? সেইয়া লাগিলে জীৱ শ্ৰেষ্ঠ ই নহওক কিয় ।।।


কনকলতাৰ কথা মনলৈ আহিল ।। জীৱনৰ সঠিক পথৰ সন্ধান দিব নোৱাৰা মাক দেউতাকৰ বা কোনো সম্পৰ্কীয়ৰ কি অধিকাৰ আছে এজনী ছোৱালীৰ মাত্ৰ এটা ভুলৰ ইমান ডাঙৰ শাস্তি দিয়াৰ ।। এজনী ছোৱালীৰ শৰীৰটো কিয় সকলোৱে কচাইখানাত বিক্ৰী কৰিবলৈ ৰাখি থোৱা কেইকেজিমান মাংস বুলি ভাবি লয় ?? কি অধিকাৰ আছে এজনী পত্নীক বেশ্যা বুলি কবলৈ এজন স্বামীৰ ?? কি অধিকাৰ আছে সেই ব্যক্তিজনৰ কনকলতা ক  লক্ষীপুৰত এটা ৰুম লৈ দেহ ব্যৱসায় কৰিবলৈ কটাক্ষ কৰাৰ ?? কি অধিকাৰ আছে সেই ব্যক্তি জনৰ কনকলতাৰ লগতে সমগ্র নাৰীৰ এক সুকীয়া সত্তাক কলংক জাপি দিবলৈ  ??? 


মনৰ ভিতৰতে খঙটো উঠি আহিছিল যদিও কুলেনে অলপ জোৰেৰে কিবা এটা সোধাত আকৌ ঘূৰি আহিলোঁ বাস্তৱলৈ ... 


: কিবা কৈছে নেকি আপুনি ??? সুধিলোঁ মই


: বহুত দেৰীৰ পৰাই আপোনাক মাতি আছোঁ বাইদেউ ,, চাহ একাপ খাব নেকি ?? 

কি যে হব ,, কত যে সোমাই যাওঁ মই মাজে মাজে ।। বুজিলোঁ ,, চাহ একাপ খাব মন গৈছে কুলেনৰ 


: চাহৰ ভাল দোকান দেখিলে ৰাখিবা ... মোৰ কথাষাৰ সম্পূৰ্ণ কৰাৰ আগতেই কুলেনে মিৰ্জা ৰ এখন দোকানৰ সন্মুখত গাড়ী ৰখাই দিলে ।।


একাপ চাহ খাবলৈ আমি দোকানখনৰ ভিতৰলৈ সোমাই গলোঁ ...


চাহ খাই গাড়ীত বহিলোঁ ।। চিন্তা বোৰে আকৌ লগ দিয়াৰ আগতেই কুলেনক কলো .. 


: এতিয়া কৃষ্ণাই পাইহে মোক মাতিব দেই ,, মই অকণ শুই যাওঁ ।। 

 

 মোৰ চিন্তাৰ মাজত যতি পৰিলে বৰ কষ্ট পাওঁ ,, ক'ত কোনখিনিত এৰিছিলোঁ বিচাৰিবলৈ বৰকৈ সময় লয় ।। আজি অৱশ্যে কনকলতাৰ কথাবোৰে মোৰ চিন্তাত প্ৰাধান্য পাইছিল ।। কাইলৈ তাইৰ বাবে এটা বৰ গুৰুত্বপূৰ্ণ দিন ।। আমাৰ সীতাশ্ৰমৰ যি সপোন দেখিছিলোঁ ,, তাৰেই আন এখনৰ কনকলতাৰ নেতৃত্বত শিলান্যাস হব ।। প্ৰত্যেক জিলাতেই এখনকৈ সীতাশ্ৰমৰ বীজ ৰোপন কৰিম বুলি মনত যি হেঁপাহ আছিল তাৰ বাবে বহুত কষ্ট কৰিছে তাই গোৱালপাৰাত হবলগীয়া এই আশ্ৰম খনৰ কাৰণে ।। 


কনকলতা !! জনা বুজা হোৱা দিনৰে পৰাই দেখিছিল কেৱল এক মাতাল পিতৃৰ মাকৰ ওপৰত কৰা অত্যাচাৰ ।। বেছিভাগ সময় একো নকৰাকৈয়ে কটাইছিল তাইৰ পিতৃয়ে ।। কেনেকৈ যে চলিছিল সিহঁতৰ ঘৰ খন !! মাতাল পিতৃৰ মাৰ ধৰত অতিষ্ঠ হৈ মাক কেতিয়াবা ওলাই যাব খোজে কৰবালৈ ,, কিন্তু ক'ত যাব  ?? মাতৃগৃহত লৰা ছোৱালী কেইটাক লৈ বোজা হবলৈ কেনেকৈ যায় ?? গতিকে স্বামীৰ সেই অকথ্য নিৰ্যাতন সহ্য কৰিবলৈ বাধ্য তেওঁ ।। সন্তানকেইটা এৰি আত্মহত্যাও টো কৰিব নোৱাৰে তেওঁ !! 


এই সকলোবোৰ হৈ আছিল কনকলতাৰ চকুৰ আগত ।। মৰম চেনেহ তথা সন্মানৰ অভাৱ আছিল তাইৰ মাক দেউতাকৰ মাজত ,, আচলতে সেইবোৰ কি সেয়াই হয়তো জনা নাছিল তেওঁলোকে ।। দেউতাকে কৰা শাৰীৰিক অত্যাচাৰৰ পিছতো ঘৰখনৰ প্ৰতিটো কামেই কৰি গৈছিল মাকে ,, ৰাতি মাতাল স্বামীৰ নিৰ্মম প্ৰহাৰৰ কথা পুৱালৈ কেনেকৈ পাহৰিব পাৰিছিল মাকে এইয়া আজিও তাইৰ বাবে এক সাঁথৰ ।(  Storyboard )


এইবোৰ দেখিয়েই হয়তো তাই সিদ্ধান্ত লৈছিল মই মোৰ জীৱনটো মা ৰ দৰে হবলৈ নিদিওঁ ,, লাগিলে মই বিয়াই নহওঁ ভালদৰে পঢ়াশুনা কৰিম আৰু  কিবা এটা হৈ মাক আৰু ভাইটি দুটাক ইয়াৰ পৰা লৈ যাম ।। মাক দেউতাক বা আন কাৰোৰে পৰাই কাহানিও অলপমান মৰমৰ পৰশেই যে পৰা নাছিল তাইৰ জীৱনত ।।


আৰু তাতেই এক পাহৰিব নোৱাৰা ভুল কৰি পেলাইছিল তাই !! এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ যে মৰমৰ দৰকাৰ তাই বুজি উঠিছিল ।। মৰম বিচাৰি হাবাথুৰি খোৱা কিশোৰী এজনীয়ে যেন বিচাৰি পাইছিল জীৱনৰ মৌকোহ ।। বয়সন্ধিৰ সময়ত ,, কেৱল মৰম বিচাৰিবলৈ গৈ তাই প্ৰেমত পৰিছিল অন্য ধৰ্মৰ যুৱক এজনৰ লগত ,,  প্ৰেমে জাতি কুল নমনা ৰ বয়স যে তাইৰ  ।। তাতে আকৌ ঘৰ খনত কোনো এজনো সুস্থ মানুহ নাই যে ভাল বেয়াৰ শিক্ষা দিবলৈ ।। প্ৰেম কৰাৰ বয়স তাইৰ হোৱাই নাছিল বুলিও কব পাৰি , পিছে মৰম আকলুৱা মনটোৱে যে মৰম বিচাৰি ফুৰিছিল ,, কৰবাত তো পালে তাই অকণমান মৰম ।।তাই এতিয়া সুখী ।।।


কিন্তু সেই অকণমানি ছোৱালী জনীয়ে জানোঁ ভাবিছিল  মৰম চেনেহ নোপোৱাৰ বেদনাতকৈ যে তাই বিচাৰি পোৱাটো এদিন তাইৰ বাবে অভিশাপ হৈ আহিব ?? ওচৰ চুবুৰীয়া সকলোৱে কথাটো গম পাই মাক দেউতাকৰ ওচৰত গোচৰ দিয়া আৰম্ভ কৰিলে ।। তাই মিছা নামাতিলে ,, মাক দেউতাক আৰু সকলোৰে আগত তাই কথাটো হয় বুলি কৈ ভুল কৰা বুলিও মানি ললে ।। কিন্তু কিহৰ অভাৱত পৰি তাই সেই কাম কৰিলে এইবিষয়ে কাকো একো নকলে ,, কবই বা কি ,,শুনিব কোনে ?? 


ঘৰৰ মানুহে ইতিমধ্যে তাইৰ বিয়াৰ কথা চিন্তা কৰিলে তাই আৰু বেছি বদনামী হোৱাৰ আগতেই ।। কোনোবাই দৰা ৰো সন্ধান দিলে ।। দুই এদিনতে দৰাঘৰে তাইক চাবলৈ অহাৰ কথা ।। তাই সকলো গম পাই আছে ,,কিন্তু মানা কৰিবলৈ সক্ষম নহল তাই ।। আচলতে কিবা এটা কবলৈ তাই তেজ মঙহৰ এজনী মানুহ হৈ থকাই নাছিল ।। জানি নাজানি কৰা এটা ভুলৰ বাবে পৰিয়াল তথা সমাজৰ ওচৰত আজি  তাই এজনী অপৰাধী ।।


মাকে তাইক বুজাইছিল !! ল'ৰাজন ভাল ,, ভাল চাকৰি কৰে ,,তাইক সুখতেই ৰাখিব ।। মাকে নিজৰ জীয়েকৰ জীৱনতো তেওঁৰ দৰেই হোৱাতো কেতিয়াও কামনা কৰা নাছিল ।। সৰু গাঁও খনৰ সকলোৱে ইতিমধ্যে কথাটো গম পাই গৈছে যেতিয়া কোনেও তাইক ভাল চকুৰে নাচাব ।। গতিকে তাইৰ অপৈনত বয়সতে বিয়া দি দিয়া লৰালৰিকৈ ।।


এখন নতুন ঘৰ ,, নতুন নীতি নিয়ম ।। কনকলতাই ভাবিছিল স্বামীক তাইৰ আগৰ কথাবোৰ কৈ দিয়া ভাল হব ।। অৱশ্যে বিয়াৰ আগতেই তাই কথাবোৰ কব বিচাৰিছিল ,, তাইক চাবলৈ আহি পছন্দ কৰা ,, তাইৰ হবলগীয়া স্বামীক ।। কিন্তু লগতে বহি থকা তাইৰ মামাকে তাইক ইঙ্গিতেৰে সেইবোৰ নুলিয়াবলৈ কলে বাবে তেতিয়া তাইৰ কোৱা নহল ।। আজি কিন্তু তাই কবই ,, কিয়নো বিয়া হৈ গলেও এতিয়াও সিহঁতৰ শাৰীৰিক সম্পৰ্ক হোৱা নাই ।।আজি সিহঁতৰ প্ৰথম ৰাতি ।। কথাটো জনাৰ পিছত যদি তেওঁ কনকলতাক আদৰি নলয়  ( ?? ) সেইষাৰ কথা নভবাকৈয়ে তাই সকলোবোৰ কথা সেই ৰাতিয়েই কৈ পেলালে ।। ভাল ছোৱালীৰ মুখাখন নিজেই খুলি পেলালে নিজৰ গিৰিয়েকৰ আগত এটা পুৰণি ভুলৰ বিষয়ে কৈ ।।  

: আগৰ কথাবোৰ বাদ দিয়া ,, এতিয়া তুমি মোৰ ,, কেৱল মোৰ ।। স্বামীৰ এনে এষাৰ কথাই কনকলতা ৰ চকুলৈ বোৱাই আনিলে দুধাৰি চকুলো ।। ইমান ভাল তাইৰ স্বামী ।।মদ খাই সদায় মাকক মাৰধৰ কৰা দেউতাকতকৈ কিমান ভাল এইজন পুৰুষ ।। তাই এতিয়া এখন মৰমীয়াল বুকুৰ গৰাকী হ'ল  ,, তাইৰ জীৱনত কৰা এটাই ভুল ,, যিটো ভুলে তাইক সৰ্বশ্ৰান্ত কৰিব খুজিছিল ,, নোৱাৰিলে ।। ভাবি ভাবি তাই কেতিয়া স্বামীৰ বুকুতেই টোপনি আহিল গমেই নাপালে ..... গমেই নাপালে যে তাইৰ মূৰৰ ওপৰত ফনা মেলি ৰৈ আছে এক বিষাক্ত কালসৰ্প ।। অবিশ্বাসৰ কালসৰ্প ,, অসন্মানৰ কালসৰ্প  ।।।


অন্য এক আকাশ যে তাইৰ কাৰণে ৰৈ আছিল সেয়া তাই বহুত দেৰিকৈ বুজি পাইছিল ।। আৰু সেই আকাশে তাইক দেখুৱাইছিল ধাৰাসাৰ বৃষ্টিৰ পিছৰ ৰদালিৰ ৰামধেনু খন ।। ৰামধেনুত যে সচাকৈ সাতটা ৰং থাকে তাই আঙুলি মূৰত হিচাব কৰি চাইছিল নিজেই ।। হঠাৎ তাই অনুভৱ কৰিলে তাইৰ জীৱনৰ ৰামধেনু খনৰ বাকী কেইটা ৰং তাই বিচাৰি চাব ,, দুটা ৰং হে তাই দেখিছে জীৱনৰ ।। বাকী ৰং কেইটাই কিজানিবা তাইৰ জীৱনতো ৰঙীন কৰি তোলে ,, এটা আশা হঠাৎ জাগি উঠিছিল তাইৰ মনত ।। আনন্দতে মতলীয়া হৈ লৰাটোক লৈ এপাক যেন নাচিয়েই দিব  ।।


আনন্দৰ সেই দিনবোৰতেই তাইৰ আকাশে তাইৰ হাতত তুলি দিছিল মোৰ  " আবু, আদালত আৰু তই " গ্ৰন্থ খন ।। ঘৰৰ সকলো কাম সামৰি তাই বহি লৈছিল কিতাপখন পঢ়িবলৈ ।। তাই জানিছিল ,, তাইৰ আকাশে তাইক সেই বিশেষ কিতাপখন এনেই পঢ়িবলৈ দিয়া নাছিল ।।মাত্ৰ দুটা দিনত তাই পঢ়ি অটাইছিল কিতাপখন ।। 


: বাইদেউ  ! আপোনাৰ কিতাপখন বহুবাৰ পঢ়িলোঁ ,, এতিয়া কেৱল আপোনাক এবাৰ লগ পাব খোজোঁ ... কিতাপ খনত থকা email ত তাই মোলৈ লিখিছিল ।। মোৰ ভাল লাগিছিল বহুত সেই সময়ত ।। মোৰ লিখনিয়ে যে কাৰোবাক প্ৰভাৱিত কৰিব পাৰে সেয়া লিখি থকা সময়ত হয়তো মোৰ মনলৈ অহা নাছিল ।।


যি নহওঁক ,, তাই সিদ্ধান্ত লব পৰাকৈ শক্তিশালী হৈছিল সেইসময়ত ।। তাইৰ অকাশখনেও তাইক সাহস দিছিল দুৰ দুৰলৈ চাই তাইৰ জীৱনৰ ৰামধেনু খন নিজেই ৰঙীন কৰিবলৈ ।।


এদিন একমাত্ৰ সন্তানক কোলাত লৈ তাই ওলাই আহিছিল সেই পুতিগন্ধময় ঠাই খনৰ পৰা ,, যত মৃত্যু হৈছিল তাইৰ স্বাভিমানৰ ।। সেই স্বাভিমান আকৌ জীয়াই তুলিবলৈ তাই একেবাৰেই গুচি আহিল মাতৃগৃহলৈ ।। আৰম্ভ কৰিলে আকৌ এবাৰ জীয়াই থকাৰ সংগ্ৰামখন ।। প্ৰথমতে নিজকে স্বাৱলম্বী কৰি তোলাৰ সংকল্প ললে তাই ।। নিজৰ মনতে বহুত কল্পনা কৰি পেলালে তাই ।।

এইবাৰ তাইৰ পক্ষত থাকিল তাইৰ মাক ।।যিগৰাকী মাকে সদায় দেউতাক ৰ মাৰ খাই ও কেতিয়াও মুৰ ডাঙি কথা এষাৰ কোৱা নাছিল ,, এতিয়া তাইৰ সাহসেৰে যেন সাহসী হৈ উঠিল ।। তাই আৰু বেছি শক্তিশালী হৈ উঠিল মাকক দেখি ।।।


আজিৰ কনকলতা এগৰাকী বেলেগ কনকলতা ।। নিজকে সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে তাই ।। সীতাশ্ৰমত থাকিব তাই এতিয়া ,, তাৰ বাবে আধ্যাত্মিক ধ্যান ধাৰণা আগত ৰাখি নিজক প্ৰস্তুত কৰিছে ।।কাইলৈ তাৰেই শিলান্যাস অনুষ্ঠান এটাৰ আয়োজন কৰিছে কনকলতা ই ।। আৰু মোৰ এই যাত্ৰা তাৰ বাবেই ।। 


ইতিমধ্যে আমি কৃষ্ণাই আহি পালোহি ।। কুলেনৰ মাতত গম পাই মোৰ চিন্তাৰ সামৰণি মাৰিলোঁ ইয়াতেই ।। কনকলতা আৰু তাইৰ আকাশৰ লগতে আৰু বহু মহিলা ৰৈ আছিল আমাৰ বাবে ।।আমাৰ এই যাত্ৰাৰ ইয়াতেই সামৰণি পৰিল  এক নতুন অধ্যায়ৰ আৰম্ভণি হ'বৰ কাৰণে ।।এক নতুন সুৰুজে অপেক্ষা কৰি আছে কনকলতাৰ বাবে তাইৰ আকাশ খনৰ সৈতে ।।


সমাপ্ত


( কনকলতা গীত কামৰূপাৰ কাৰণে এগৰাকী role model ,, আদৰ্শ )


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com



বিঃদ্ৰঃ এই গল্প আমালৈ প্ৰেৰণ কৰিছে বিশিষ্ট সমাজ সেৱিকা গীত কামৰূপা ডাঙৰীয়াণীয়ে ( তেখেতৰ যোগাযোগ নং - 7002965047)
। আপোনালোকেও যদি কোনো গল্প, কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page




No comments:

Post a Comment

Advertisement

Pages