জোনাক এজন দুৰ্দান্ত প্ৰেমিক । কেৱল নিশাৰ নহয় এই জনমৰ । যাৰ প্ৰেমক সময়ৰ সোঁতে, যুগৰ প্ৰভাৱে ম্লান কৰিব পৰা নাই ।মাথো বৈ আছে সেই শৈশৱৰ পৰা এতিয়ালৈ হিয়াৰ অন্তঃকৰণেৰে( Storyboard ) । নিশাৰ ভাব হল প্ৰেম কেৱল দুটি আখৰৰ মিলনেই নহয়, ই এক স্বৰ্গীয় অনুভূতি, যাক যান্ত্ৰিকতাৰ সোঁতেও উতুৱাই নিব নোৱাৰে । হঠাতে এজাক দুষ্ট বতাহ আহি সিহঁতৰ কোঠাৰ খিৰিকি খনত প্ৰচণ্ড খুণ্ডা মাৰিলে আৰু তাৰ কিছু সময় পিছতে সিহঁতৰ মূৰৰ ওপৰত জ্বলি থকা বাল্বটো নুমাই গল । কোঠাটো আন্ধাৰ হৈ পৰিল । অস্ফুট স্বৰেৰে নিশাই কলে -
-ভয় লাগে ।
-কাক?
-এই আন্ধাৰবোৰক ।
জোনাকৰ পোহৰে যে গ্ৰাস কৰে নিশাৰ আন্ধাৰবোৰ সেই কথা তুমি নাজানানে? মই কিন্তু জানো যে নিশা অবিহনে জোনাক আৰু জোনাক অবিহনে নিশা কেতিয়াও সম্ভৱ নহয় । তাৰ প্ৰতিটো শব্দত পূৰ্ণ বিশ্বাস, দৃঢ়তা আৰু অজস্ৰ সাহস লুকাই থকা যেন লাগিল । নিশাই নীৰৱে ৰল । সি খিৰিকিৰ পৰ্দাখন গুচাই বাহিৰলৈ চালে । ক্ৰমান্বয়ে বাহিৰত বতাহ জাকৰ লগত এটোপ, দুটোপকৈ ধৰালৈ বৰষুণ নামি আহিল । সেই বৰষুণৰ টোপালবোৰক উদ্দেশ্যি জোনাকে কলে
-নিশা এই বৰষুণ জাক কিয় আহিছে জানানে, ই আহিছে আমাৰ যুগ্ম জীৱনৰ প্ৰথমটো ৰাতিৰ সম্ভাষণ জনাবলৈ । নিশাই একো নকলে মাথো লাহে লাহে হেৰাই গল জোনাকৰ দুবাহুৰ মাজত...!( Storyboard )
ক্ৰমশ নিশাটো গভীৰ হৈ পৰিল । বৰষুণ জাকেও এটা সময়ত শুই পৰিল । তাৰ কিছু সময় পিছতে দিগন্তৰ সিপাৰৰ পৰা প্ৰভাতী সুৰুযটোৱে ন ৰূপত ওলাই আহিছে । তাৰ কাচিয়ালি ৰদজাক প্ৰকৃতিৰ বুকুত পৰাৰ লগে লগে নতুন ৰূপত জিলিকি উঠিছে । নিশাই গাটো ধুই বাথৰুমৰ পৰা ওলাই আহি আইনাখনৰ সম্মুখত থিয় দিছে । কিমান দিন যে তাই নিজক আইনাত চোৱা নাই । হয়তো চোৱাৰ সাহস হোৱা নাছিল । শিৰত হাতখন বুলাই তাইৰ দুটি ওঠৰ মাজত এটি হাঁহি বিৰিঙি উঠিল । সেন্দুৰৰ টেমাটো হাতত তুলি লৈ শিৰত লব লওতেই জোনাক বিচনাৰ পৰা উঠি আহিল আৰু আইনাৰ সম্মুখত নিশাক দেখি সি ৰৈ গল । আইনাত দুয়োৰে ছবি প্ৰতিবিম্বিত হল । নিশাৰ হাতৰ সেন্দুৰৰ টেমাটোৰ পৰা অনামিকা আঙুলিৰে সেন্দুৰকণ লৈ তাইৰ শিৰত গুজি দি মিচিকিয়া হাঁহি এটা মাৰি সি বাহিৰলৈ ওলাই গল । নিশাই চাই ৰল । সচাকৈয়ে এইজনে তাইৰ সপোন কুঁৱৰ জোনাক । যাক তাই অতদিনে হৃদয়ৰে লালন পালন কৰি আহিছে । তাইৰ অনুভৱ হল এটা ৰাতিয়ে সদায় এটা উজ্জ্বল দিনৰ বতৰা কঢ়িয়াই আনে ।
খিৰিকিৰ ফাকেৰে সুমুৱাই অহা পুৱাৰ সতেজ বতাহজাকে নিশাৰ হিয়াত স্পন্দন তুলিলে । লাহে লাহে তাইৰ দুচকু জাপ খাই আহিল । তাইৰ চৌপাশত জোনাকৰ অস্তিত্ব অনুভৱ হল । বহু সময় এনেকৈয়ে পাৰ হৈ গল আৰু যেতিয়া তাই দুচকু মেলিলে সম্মুখত জোনাকক থিয় হৈ থকা দেখিলে । সিও যেন প্ৰাণ ভৰি উপভোগ কৰিছে তাইৰ এই সৌন্দৰ্য্য । হতাশা হুমুনিয়াহবোৰ, বিচ্ছেদৰ যন্ত্ৰণা বোৰ উৰি গল কেনিবা আৰু প্ৰতিশ্ৰুতি দি গল কেতিয়াও উভতি নহাৰ । জোনাক নিশা দুয়ো দুয়োৰে চকুৱে চকুৱে চাই ৰল । কোনেও কাকো একো কোৱা নাই ।হয়তো মৌনতাই কেতিয়াবা বহু কথা কয় যায়। । মাথো দুয়োৰে দুচকুত ডুলি থকা হাঁহিটিয়ে বাৰে বাৰে কয় গল - "তুমি মোৰ আৰু মই তোমাৰ!"
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment