এই কথা শুনি ৰেখাৰ মাহীমাকে চাপৰি বজাই জোৰেৰে হাঁহিলে আৰু চকু-হাত নচুৱাই ক'লে- মোৰ নিচিনা গাভৰু জনীক নিজৰ বিবাহিত ল'ৰাটোৰ লগত বিয়া পতাৰ সময়ত এইটো কথা তোমাৰ মনলৈ নাহিছিলে নেকি...?
এই যুক্তি শুনি আইতাৰ মুখৰ মাত হেৰাল...
ৰেখাৰ পঢ়া-শুনা বৰ কঠিনতাৰ মাজ হৈছিলহে,তাৰ পাছতেই মাহীমাকে ৰেখাক ঘৰৰ কাম কাজত লগাই দিলে,তাৰ পাছত যিবিলাকহে ঠাট্টা মস্কৰা হয় যে..জন্ম হৈয়ে নিজৰ মাৰক খালি...চোৱাচোন, কিদৰে শুই শুই শৰীৰত চৰ্বী বঢ়াই আছে...ইমান জিলিকি বজাৰলৈ কিয় গৈছ..গাখীৰ কেলে খাইছ... ষাড় গৰুৰ নিচিনা হৈ যাবি...অভদ্ৰ..ইত্যাদি....
যেতিয়া ৰেখাই গম পালে যে তাইৰ বিয়া বিনোদৰ লগত হ'ব ওলাইছে তেতিয়া তাই কোনো আপত্তি নকৰাকৈ এই সম্বন্ধটো স্বীকাৰ কৰি ল'লে।তাই ভাবিলে যে, যি কি নহ'লেও এই মাহী মা জনীৰ পৰা মুক্ত টো হব পাৰিম।ইয়াৰ লগে লগে নিজৰ মাহী মাকৰ অনুভৱক ধ্যানত ৰাখি ৰেখায়ে এটা নিৰ্ণয় ললে আৰু নিজকে প্ৰতিশ্রুতি দিলে যে তাই বিনোদৰ দুবছৰীয়া ল'ৰা অৰূপক নিজৰ ল'ৰাৰ নিচিনাকৈ মৰম চেনেহ দিব,মাহীমাকৰ ওপৰত অতীত কালৰে পৰা যি কুটিল মা হোৱাৰ কলংক লাগি আছে সেইটো তাই ধুই পেলাব,মাহীমাকৰ প্ৰতি মানুহৰ মনোভাৱ সলাই পেলাব।
ইয়াকে ভাবি ৰেখা শহুৰেকৰ ঘৰ পালেগৈ;শাহু-শহুৰ,বৰজনা-জা,তেওঁলোকৰ দুটা ল'ৰা ছোৱালী আৰু বিনোদৰ দুবছৰীয়া ল'ৰা অৰূপ,ইমানেই সদস্য আছিল পৰিয়ালটোত।বিনোদৰ প্ৰথম পত্নী অৰ্থাৎ অৰূপৰ মাকৰ স্বৰ্গবাস হৈ গৈছিলে;ৰেখায়ে শহুৰেকৰ ঘৰ পায়েই অৰূপৰ দায়িত্ব চম্ভালি ল'লে,অৰূপক নতুন মাক ৰেখাৰ পৰা মৰম পোৱা দেখি ওচৰ চুবুৰীয়া সকলে মনে মনে কয় এতিয়া নতুন হৈ আছে নহয়,সেইকাৰণে মৰম দেখুৱাইছে নিজৰ ল'ৰা হ'বলে দিয়া তেতিয়া চাম কিমান মৰম দেখুৱাই সতীনিৰ ল'ৰাৰ ওপৰত..?
অৰূপে নিজৰ নতুন মাকৰ লগত খুব মিলি গৈছে,বিনোদ ও বৰ আনন্দত আছিলে কিয়নো মাহীমাকৰ ভয়ৰ পৰা সিও মুক্ত হৈছিলে
২ বছৰ পাৰ হ'ল
ৰেখায়েও এটা ল'ৰা সন্তান জন্ম দিলে আৰু তাৰ নাম ৰাখিলে ৰূপম,এতিয়া ওচৰ পাজৰৰ,সম্বন্ধীয়,সমাজে এইটো কথাতে চকু দি আছিলে যে এতিয়া ৰেখাৰ মাহীমাকৰ আচল চেহেৰা সন্মুখলে আহি যাব..কেতিয়ালৈকে কোনোবাই ভাল মাক হোৱাৰ নাটক কৰিব..?কিন্তু ৰেখাৰ নিজকে দিয়াৰ প্ৰতিশ্রুতি মনত আছিলে যে তাই বেয়া মাহীমাক নবনে,মানুহক এইটো কোৱাৰ সুযোগ কোনোপধ্যেই নিদিয়ে যে,"যি হ'লেও মাহীমাক হে"
লাহে লাহে দুয়োটা ল'ৰা ডাঙৰ হ'বলৈ ধৰিলে
অৰূপ আৰু ৰূপমৰ মাজত নিজৰ ভাই-ককাইৰ নিচিনা মৰম দেখি অচিনাকি মানুহে গমেই নাপাইছিলে যে দুয়োজন সতীয়া ভাই-ককাই
ঘৰৰ মানুহ বোৰে এতিয়া আশ্বৰ্য কৰিবলৈ ধৰিছিলে,"ৰেখায়েটো মাহীমাকৰ প্ৰতি থকা আমাৰ দৃষ্টিভংগীয়েই সলাই দিলে"এই কথা শুনি ৰেখাৰ সাহস বাঢ়ি যায়।অৰূপক বিনোদৰ ওচৰত নিজৰ আপত্তি দিয়াৰ কোনো সুযোগেই নিদিলে ৰেখাই
ল'ৰা কেইটাই স্কুল যোৱা আৰম্ভ কৰিলে
ৰেখা এতিয়া আৰু সাৱধান হৈ গ'ল,তাই নিজৰ ল'ৰা ৰূপমক বৰ কঠোৰ ভাবে বুজাই দিছিলে যে ৰাতিপুৱা এটা মাততে উঠি যোৱা কৰিবা,কিন্তু তাই অৰূপৰ ওপৰত এনেকুৱা কঠোৰতা কেতিয়াও কৰা নাছিল,তাই বহুত মৰম চেনেহেৰে অৰূপক জগাই,তেতিয়াহে দহবাৰ মান মতাৰ পাছত অৰূপ উঠে।স্কুল যোৱাৰ আগতে ৰেখাই দুয়োটা ল'ৰাকে গাখীৰ আৰু বিস্কুট খাবলৈ দিছিল,কেতিয়াবাটো অৰূপে গাখীৰ-বিস্কুট খায় লয় কিন্তু কেতিয়াবা সি জেদ ধৰি থাকে যে তাক নুডল্স খাইহে স্কুল যাবলৈ লাগে,আৰম্ভণিতেটো ৰেখাই নুডল্স বনাই দি দিছিলে কিন্তু অৰূপে আকৌ সদায় নুডল্স খোৱাৰ জেদ কৰিবলৈ লোৱাত ৰেখা অসুবিধাত পৰি গ'ল,তাই অৰূপক বুজালে যে সদায় সদায় নুডল্স খালে পেট বেয়া হয়,এইটো কথা শুনি অৰূপে কান্দিবলৈ ধৰিলে।ৰেখাই সকলো কথা সহ্য কৰিব পাৰিছিলে কিন্তু তাই অৰূপে কান্দিলে কেতিয়াও শুনিব নোৱাৰিছিল,তাই অৰূপক ফুচুলাই চুপ কৰালে আৰু আকৌ ৰাতিপুৱাৰ আহাৰত নডুল্স খুৱাই স্কুল পঠিয়াবলৈ ললে।
এতিয়া ককায়েকক দেখি দেখি ৰূপমেও জেদ কৰিবলৈ ল'লে যে তাকো নুডল্স খাইহে স্কুল যাবলৈ লাগে,ৰেখাই প্ৰথমতেটো ৰূপমক মৰমেৰে বুজাইছে কিন্তু সি মানি নোলোৱাত ৰেখাই তাক চৰ মাৰি বুজাই দিয়ে যে নুডল্স কেৱল দেওবাৰে হে পাবা,তেতিয়া ৰূপমে কান্দি কান্দি ক'লে - মা....!আপুনি দাদাক টো সদায় নুডল্স খাবলৈ দিয়ে...?কিন্তু মোক কিয় নিদিয়ে...?.., মোক কিয় বিস্কুট-গাখীৰ খুৱায়...?ৰেখাই তাৰ কথাৰ কোনো উত্তৰ নিদিছিল
এতিয়া অৰূপে নিজৰ মাক ৰেখাক বহুত ভাল পাবলৈ লৈছে,ঘৰত কোনোবাই ৰেখাক যদি ডাঙৰকৈ কিবা কয় তেতিয়া অৰূপে তুৰন্তে কয়- মোৰ মাৰ ওপৰত নিচিঞৰিবা...ইয়াকে দেখি ৰেখা বৰ সুখী হৈছিল আৰু অৰূপক লৈ গৌৰৱাম্বিত হৈছিল,আইতাকেও হাঁহি কৈছিল- হয় হয় বৰ ভাল তোৰ মা।
অৰূপে কয়-মোৰ মা পৃথিৱীৰ সকলোতকৈ ভাল মা...,,ৰেখাৰ পৰিয়াল,চিনাকী লোকসকল আৰু সম্বন্ধীয় সকলে ৰেখাৰ অৰূপৰ প্ৰতি মৰম দেখি দাঁতেৰে আঙুলি কামুৰি ৰৈ যায় আৰু কয় ৰেখাই নিজৰ ল'ৰা ৰূপমক টো গালি,মাৰ দিয়ে কিন্তু তাই অৰূপৰ এটোপাল চকুৰ পানীও আজিলৈকে পৰিবলৈ দিয়া নাই...কোৱা লোকসকলে এইটোকে চাই থাকি গ'ল যে কেতিয়া তেওঁলোকে এইটো কোৱাৰ সুযোগ পাব যে,"যি হ'লেও মাহীমাক হে...,"
পঢ়া শুনাৰ ক্ষেত্ৰটো ৰেখাই ৰূপমকটো জোৰ জবৰদস্তি কৰি পঢ়িবলৈ বহুৱাই দিয়ে কিন্তু যদি অৰূপে এবাৰ মৰমেৰে কৈ দিয়ে যে,"মা...!আজি পঢ়াৰ মন নাই..."তেতিয়া ৰেখাই তাৰ ওপৰত একদম জোৰ নিদিয়ে,মৰমেৰে তাক কয় হে -ঠিক আছে অৰূপ,যেতিয়া তোমাৰ মন যায় তেতিয়া পঢ়ি ল'বা...,আৰু অৰূপৰ মন কেতিয়াও নহয় পঢ়াৰ বাবে।
সময় পাৰ হৈ গৈছিল,দুয়োটা ল'ৰা দশম শ্রেণীলৈ পালে।মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছিল,দুখন পেপাৰ হৈ গৈছিলহে তেতিয়াই অৰূপৰ পেট বিষ আৰম্ভ হল।তেতিয়া ৰেখাই বৰ ভয় খালে আৰু তাই এই বিষয়ে স্বামী বিনোদক জনালে।দুয়োজনে অৰূপক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল,ৰেখাই ভগৱানক এইটোকে কৈ থাকিলে যে অৰূপৰ যাতে কোনো বেমাৰ নোলায় নহ'লে মানুহে এইটোকে ক'ব যে মাহীমাক যে সেইকাৰণে অৰূপৰ ধ্যান নাৰাখিলে।নিজৰ মাক হোৱা হ'লে এনেকোৱা বেমাৰ হ'ব নেকি...?ৰেখাৰ নিজকে দুষ্ট মাহী মা বুলি শুনিবলৈ বৰ ভয় লাগিল।
ডাক্তৰে ক'লে যে অৰূপৰ লিভাৰত ঘাঁ লাগিছে,খোৱা-বোৱাৰ বিশেষ সতৰ্কতা ৰাখিব লাগিব,বজাৰৰ খাদ্য ভজা-পুৰা,বটলৰ পি খোৱা বস্তু একদম বন্ধ কৰিব লাগিব।ঘৰলৈ আহি অৰূপক ৰেখাই বুজালে - সোন তুমি এতিয়া ডাঙৰ হৈছা,চোৱা যিবোৰ বস্তুৱে তোমাৰ লোকচান কৰে সেইবোৰ একদম নাখাবা...,
অৰূপে ৰেখাক প্ৰতিশ্রুতি দিলে যে সি ডাক্তৰৰ পৰামৰ্শ মানিব,কেইদিনমান টো অৰূপে নিজৰ প্ৰতিশ্রুতি ৰাখিলে কিন্তু এদিন ৰূপমে ক'লে পৰীক্ষাত স্কুলৰ কেন্টিন বন্ধ আছে সেইকাৰণে দাদাই তাত নাখায়,কিন্তু তেওঁ সদায় ফাষ্টফুদত গৈ এগ্ ৰাইচ আৰু চিকেন তিক্কা খাই লয়...
এই কথা শুনি ৰেখা অশান্তিত পৰিল কাৰণ এটা কথাত ক'বলৈ গ'লে তাইৰ শহুৰৰ ঘৰৰ মানুহবোৰ নিৰামিষ ভোজী আছিল,আৰু দ্বিতীয়তে অৰূপৰ লিভাৰৰ সমস্যাও আছিল অৱশ্যে বিনোদে বাহিৰত বন্ধুৰ লগত আমিষ খাদ্য খাই লয়,কিন্তু ৰেখাই দুয়োটা ল'ৰাকে আমিষ খাদ্যৰ পৰা দূৰত ৰাখিছিল,এই কথাৰ বাবে তাই বৰ প্ৰশংসিত হৈছিল যে ৰেখাই লোকৰ আৰু নিজৰ ল'ৰা দুয়োটাকে একদম একেধৰণেই প্ৰতিপাল কৰিছে।
ৰেখাই সদায় এইটো কথাত মন দিছিল যে ককাই ভাইৰ মাজত খুব মৰম থাকক। এইকাৰণে তাই ৰূপমক কোৱা কথাতো লৈ অৰূপক সেইদিনা একো নক'লে।এদিন অৰূপে পৰীক্ষা দি আহি আহাৰ নাখাও বুলি ক'লে,তেতিয়াই ৰেখাই সুবিধা পাই গ'ল অৰূপক বুজোৱাৰ,তাই অৰূপক ক'লে- সোন এতিয়া মন নাই যদি নালাগে খাব,যেতিয়া মন যায় খাই ল'বা,কিন্তু বজাৰৰ বস্তু একদম নাখাবা নহ'লে তোমাৰ লিভাৰৰ ঘাঁ আৰু বাঢ়ি যাব।অৰূপে বহুত আত্মবিশ্বাসেৰে উত্তৰ দিলে - হয় মা,বজাৰৰ আহাৰ একদম নাখাও...,( Storyboard )
ৰেখাৰ হৃদয়খন ভাঙি যোৱা যেন অনুভৱ হ'ল যে অৰূপে মিছা মাতিছে...,কিন্তু পৰোক্ষভাৱে তাই অৰূপৰ মূৰত হাত ফুৰালে আৰু ক'লে - তুমি মোৰ মৰমৰ সোন নহয় জানো...মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে তুমি মোৰ কথা মানিবা..,মেট্ৰিকৰ ৰিজাল্ট দিলে,অৰূপৰ ৬৫% আৰু ৰূপমৰ নম্বৰ আছিল ৯৫%,ৰূপমে স্কুলত টপ কৰিলে,ৰেখাই ৰূপমৰ ভাল নম্বৰ অহাত ইমান আনন্দিত হোৱা নাছিল যিমান অৰূপৰ কম নম্বৰ অহাত অশান্তিত আছিল,তাইৰ মন মৰি গৈছিল,বৰ উদাস হে থাকিবলৈ লৈছিলে,তেতিয়া ঘৰত সকলোৱে ৰেখাক বুজালে - কোনো কথা নাই...আৱশ্যক নহয় যে দুটা ল'ৰা আছে বুলিয়েই দুয়োটাৰে সমান মগজ হ'ব,তোমাৰ ভুল নাই নহয়...তুমিটো দুয়োটা ল'ৰাৰে সমানেই চোৱাচিতা কৰা আৰু অৱশ্যে গৌৰৱৰ পৰীক্ষাত গা বেয়া হৈ আছিল...,
এই কথা শুনি ৰেখা আনন্দিত হ'ল যে ভালেই হৈছে বাৰু মানুহে এইটো নক'লে যে মাহীমাক যে সেইকাৰণে সতিনীৰ ল'ৰাৰ ওপৰত ধ্যান নিদিলে,কেৱল নিজৰ ল'ৰাটোক হে পঢ়ালে।অৰূপে ৰেখাক প্ৰতিশ্রুতি দিলে যে সি আগন্তক পৰীক্ষাত ভাল নম্বৰ আনিব,ৰেখা আকৌ আনন্দিত হৈ পৰিল
দুয়োজন ল'ৰা এতিয়া ডেকা হৈ আহিছে,অলপ চলপ দুয়োজনে নিজকে স্বাধীন বুলি ভাবিৱলৈ ল'লে যদিও ৰূপমে অলপ হ'লেও মাকৰ গালি আৰু মাৰলৈ ভয় কৰিছিল কাৰণ ৰেখাই এতিয়াও কেতিয়াবা কেতিয়াবা কথা নুশুনিলে ৰূপমক দুটা চাৰিটা চৰ লগাই দিছিলে,কিন্তু অৰূপ নিজৰ মাক ৰেখাৰ মৰমত অলপ বেছিয়েই স্বতন্ত্ৰ হৈ গৈছিল।
দ্বাদশ শ্রেণীৰ পঢ়া শেষ হোৱাত দুয়োজনে পাৰ্চেন্টেজৰ হিচাপত বেলেগ বেলেগ কলেজত চিট পালে,ইঞ্জিনিয়াৰ পঢ়াৰ বাবে ৰূপম বাংগালোৰ গুচি গ'ল কিন্তু অৰূপ নিজৰ চহৰতে থাকি এম.বি.এ কৰিবলৈ ধৰিলে।ৰেখাক ৰূপমে বহুত সন্মান কৰিছিল আৰু মৰমো যথেষ্ট কৰিছিল,কিন্তু ৰেখাই যেতিয়া তাক ভাল বেয়া বিলাক দেখুৱাই দিয়ে তেতিয়া সি সেইবোৰ একদম ধ্যান নিদিয়ে,সি ভাবে জীৱনটো এবাৰহে পোৱা যায়...সেইকাৰণে খুব আনন্দ কৰিব লাগে...বান্ধোনত বান্ধ খাই থকা ভাল নহয়...,
এবাৰ ছুটীত ৰূপম ঘৰলৈ আহিছিল,তাৰ পৰা ৰেখাই যিটো কথা গম পালে সেইটোৱে তাইৰ হুঁচ উৰুৱাই দিলে,ৰূপমে ক'লে - মাঁ ...?দাদায়ে মদ খাবলৈ ধৰিছে...তেওঁৰ কেইজনমান নতুন বন্ধু বনিছে সিহঁত ভাল নহয় দাদাই মোক সিহঁতক লগ কৰাই দিছিল।ৰেখাৰ মূৰ ঘুৰাবলৈ ধৰিলে যে অৰূপ দেখোন বেয়া সঙ্গত পৰিছে, তাই বিনোদক এই কথা ক'লে,বিনোদৰ বৰ খং উঠিল অৰূপৰ ওপৰত,সি তেতিয়াই গৌৰৱক গালি দিব খুজিছিলে কিন্তু ৰেখাই তাক ৰখালে আৰু ক'লে - এইটো কথা আমাক ৰূপমেহে কৈছে যদি আপুনি এতিয়া অৰূপক কিবা কয় তেতিয়া সি ভাৱিব যে ৰূপমে তাৰ কথা লগাইছে,যেতিয়া সি মদ খাবলৈয়ে ধৰিছে সি এই কথা বেছি দিন লুকুৱাব নোৱাৰে,তেতিয়া আপুনি তাক বুজাব এতিয়া কিবা ক'লে মিছাতে ককাই ভাইৰ মাজত বিভেদ হ'ব...,
খঙত জ্বলি পকি বিনোদে ৰেখাৰ কথা মানি ল'লে।কেইদিনমান থাকি ৰূপম বাংগালোৰলৈ গুচি গ'ল।এদিন ৰেখা আৰু বিনোদে মিলি অৰূপৰ অনুপস্হিতিত তাৰ কোঠাৰ তালাচী ল'লে, অৱশেষত সিহঁতে প্ৰমাণ পায় গ'ল, অৰূপে মদৰ বটল কোঠাত লুকুৱাই ৰাখিছিল,মদৰ বটল দেখি বিনোদৰ খং মূৰৰ ওপৰত উঠিলগৈ,সি উত্তেজিত হৈ পৰিল যে এতিয়া কেৰিয়াৰ বনোৱাৰ সময় আৰু এই ল'ৰাটো মদত ডুব গৈছে।ৰেখায়ে ভয়তে মূৰত ধৰি কান্দিবলৈ ধৰিলে, বিনোদে খঙতে দাঁত কৰচি ক'লে- মদ খোৱাৰ নিচা লাগিছে নহয়...এতিয়াই ভাঙিম তাৰ নিচা... ক'ত আছে অৰূপ...?
ৰেখাই কান্দি কান্দি ক'লে - নাজানো,ৰাতিপুৱাই যোৱা...বিনোদে আৰু বেচিকৈ খঙত ৰঙা-চিঙা পৰি ক'লে - ৰাতিপুৱাৰ পৰা নাই,ৰাতিৰ ৮.০০ বাজিছে...চাহাব জাদা নিৰুদ্দেশ হৈ আছে... হুচেই নাই যে ঘৰৰো কিবা এটা দায়িত্ব আছে... কথাষাৰ কৈয়ে বিনোদে অৰূপক মাতিবলৈ জেপৰ পৰা ফোনটো উলিয়ালে,কিন্তু তেওঁ ফোন কৰিবলৈ লোৱাৰ আগতেই তালৈ কোনোবা অচিনাকী নম্বৰৰ পৰা ফোন আহিল,কিন্তু সেই সময়ত বিনোদে কেৱল অৰূপৰ লগত হে কথা পাতিব খুজিছিল,সি সেই ফোনটো কাতি দিলে আৰু আকৌ অৰূপৰ নম্বৰ মিলাবলৈ ধৰিলে...তেনেতে সেই অচিনাকী নম্বৰটোৰ পৰা আকৌ ফোন আহিল...বিনোদে খঙতে ফোনটো উঠালে- হেল্ল'..! কোন হয়...কি কাম আছে...কেলে অশান্তি দি আছা বাৰে বাৰে ফোন কৰি...?অকষ্মাৎ ...বিনোদ চুপ হৈ ৰ'ল...তেওঁৰ মুখ শেতা পৰি গ'ল...তেওঁৰ হাতৰ পৰা ফোনটো মাটিত সৰি পৰিল...
হঠাৎ বিনোদৰ এনেকুৱা অৱস্থা দেখি ৰেখাৰ কলিজা কপি উঠিল...কাৰ ফোন আছিল বিনোদ...? বিনোদ যেন জঠৰ হৈ পৰিল...সি একো উত্তৰ নিদিলে...ৰেখায়ে মাটিত পৰি থকা ফোনটো উঠাই কাণত লগালে
হেল্ল' হেল্ল'...কোনোবাই সিফালৰ পৰা মাতি আছিল
হেল্ল'...কোন...?ৰেখাই কঁপা কঁপা মাতেৰে সুধিলে
অৰূপ আপোনাৰ ল'ৰাৰ নাম নেকি...?সিফালৰ পৰা সুধিলে কোনোবাই
হয় হয় হয়...হয়...মই অৰূপৰ মাক...কি হ'ল...?ৰেখা আশংকাত কঁপিবলৈ ধৰিলে।
অৰূপৰ মাৰ্ডাৰ হৈছে...সিফালৰ পৰা ক'লে কোনোবাই...কি..??
মই তেজপুৰ থানাৰ পৰা ইঞ্চপেক্টৰ বিকাশে কৈছো, আপুনি শীঘ্ৰেই আহক...
সিফালৰ পৰা ফোনটো কাট খাই গ'ল। ৰেখাই ভয়ে ভয়ে ঘৰত সকলোকে কথাবোৰ ক'লে... সকলো দৌৰি দৌৰি পুলিচ থানা পালেগৈ... ইঞ্চপেক্টৰে ক'লে - অৰূপে তাৰ পাঁচজন বন্ধুৰ লগত হোটেলত পাৰ্টি কৰিবলৈ গৈছিলে, সকলোৱে প্ৰথমতে মদ খালে।তাৰ পাছত টাচৰ জোৱা খেলাৰ সময়ত অৰূপে তাৰ বন্ধু ৰকিৰ লগত কিবা কথাত কাজিয়া হৈছিল... ৰকিয়ে তাৰ লাইচেঞ্চ থকা পিষ্টলটো উলিয়াই ল'লে... ইয়াকে দেখি অৰূপেও উত্তেজনাত আহি তাৰ লগত ফেপেৰি পাতিলে,দুয়োজনৰে মাজত বগৰা বগৰি আৰম্ভ হ'ল...আৰু গুলি চলি গ'ল...হোটেলৰ ষ্টাফে তুৰন্তে পুলিচ আৰু এম্বুলেঞ্চ মাতি দিলে
...হাস্পাতাল পোৱাৰ আগতেই অৰূপৰ মৃত্যু হৈছিল
পিছদিনা ৰাতিপুৱা ৰেখাৰ ঘৰৰ বাহিৰ আৰু ভিতৰত বহুত ভিৰ জমা হৈছিল...অৰূপৰ ইতিমধ্যে পোষ্টমৰ্টম হৈ গৈছিলে...মৃতদেহটো যিকোনো সময়তে ঘৰ আহি পাবহি...ডেকা ল'ৰাটোৰ এইদৰে মৃত্যু হোৱাত সকলোৱে বৰ দুঃখ অনুভৱ কৰিছিল...সকলোৱে বিনোদ আৰু তাৰ সম্বন্ধীয় সকলক সমবেদনা জনাইছিল...ৰেখা অচেতন হৈ পৰি আছিল... কিন্তু কাৰোবাৰ ফুচফুচনিৰ শব্দয়ে তাইক সচেতন কৰি দিলে...কিছুমান মহিলাই পুৰুষ সকলক কৈ আছিল - অৱশেষত ৰেখাই দেখোৱাই দিলে মাহীমাকৰ নিজৰ আচল চেহেৰা...
নষ্ট কৰি পেলালে ল'ৰাটোক...
নিজৰ ল'ৰাটোকটো ইঞ্জিনিয়াৰ বনাই আছে,বাহিৰলৈ পঠিয়াই দিলে পঢ়িবলৈ... কিন্তু লোকৰ ল'ৰাটোক ফটোৱা,অভদ্ৰ বন্ধুবোৰৰ লগত লগ লগাই দিলে...যি নহ'লেও আছিলটো মাহী মাকেই...নিজৰ মাক হোৱা হ'লে অৰূপৰ এনে অৱস্থা হ'লহেতেন নে...?
যি হ'লেও মাহীমাকেই আছিল...নিজৰ মাক হোৱা হ'লে অৰূপে এনেকুৱা মৃত্যু পালে হেতেন নে...?ভগৱানে বচালেই হয় এনেকুৱা মাহীমাক বোৰৰ পৰা...যিবোৰ কেতিয়াও ভাল নাছিল...না হ'ব পাৰিব...,
তেওঁলোকৰ কথা শুনি ৰেখাৰ এনেকুৱা লাগিলে যে কোনোৱাই এটা গধুৰ পাহাৰ ডাঙি তাইৰ বুকুত হেঁচা মাৰি ধৰিছে...ৰেখা ভিতৰি ভিতৰি ভাগি পৰিল...আৰু ৰৈ গ'ল... ভাবিৱলৈ ধৰিলে আচলতে ক'ত ভুল হৈ গ'ল অৰূপৰ প্ৰতিপালনত...?বহুত চেষ্টা কৰাৰ পাছতো শেষত শুনিবয়েই লগা হ'ল যে মাহীমাক কেতিয়াও ভাল নাছিল,না হ'ব পাৰিব...!!
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment