জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ৩৩) : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, May 6, 2021

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ৩৩) : Storyboard

              

Storyboard


আজি জোনাক নিশা চহৰলৈ ৰাওনা হল । প্ৰভা, প্ৰদীপ, অঞ্জলিক গাৱত থৈ। আহিয়েই নিশাই ঘৰটো সজোৱাত ব্যস্ত হৈ পৰিল । তাইৰ ইটো সিটো কামত জোনাকেও কিছু সহায় কৰি দিলে  ( Storyboard )। এটা সময়ত ঘৰটো জিলিকি উঠিল । প্ৰয়োজনীয় আচবাবেৰে ভৰপূৰ দুটা কোঠা । তাৰ মাজত জোনাক নিশা । দুচকুত তিৰবিৰাই আছে সিহঁতৰ এজাক সপোন, দূৰতে ৰৈ ৰৈ বাজিছে প্ৰেমৰ ৰংশিঙা, তাৰ তালে তালে খিৰিকিৰ সিপাৰে মতলীয়া হৈ নাচিছে এজাক মলয়াই । 

"তুমি জিলিকি জিলিকি থকা
   সৌ দূৰ আকাশৰ তৰা, 
   তুমি এখনি ধুনীয়া ছবি
  মই গুপনে গুপনে অঁকা.! "

  স্নিগ্ধ আকাশৰ বুকুত ওলমি থকা জোনটিও উজ্জ্বল হৈ খিৰিকিৰ ফাকেৰে আহি সিহঁতৰ কোঠাত ৰহন সানিছে ।  তৰাবোৰেও আলিংগন কৰিছে । মাথো জোনাক নিশাৰ মিলনৰ বাতৰি পায় । 
   ক্ৰমশ আন্ধাৰবোৰ শাম কাটি পৃথিৱীৰ বুকুত পোহৰৰ স্বৰ এটা ভাঁহি আহিল । নিশাই শোৱা পাতি এৰিলে ।আজি তাইৰ কলেজ আছে আৰু জোনাকৰো অফিচ আছে । সেয়ে তাই ঘৰুৱা কাম কাজ কৰাত ব্যস্ত হৈ পৰিল । তাৰ পিছত ৮ বজাৰ লগে লগে দুয়ো ওলাই গল। জোনাকে তাইক কলেজৰ গেটত নমাই থৈ আকৌ নিবলৈ অহাৰ প্ৰতিশ্ৰুতিৰে অফিচলৈ গল। আৰু তাইয়ো কলেজলৈ খোজ ললে । অফিচৰ ভিতৰৰ পৰা বিনয়ৰ চকুত পৰিল নিশা অহা । অজানিতে তাৰ মুখত অস্ফুট হাঁহি এটা ঢৌ খেলি গল । যেন নিমিষতে নাইকিয়া হৈ গল আজি এসপ্তাহৰ বিৰহ বেদনা । তাই অফিচত সোমোৱা মাত্ৰে সি ওলাই আহিল আৰু তাইকো বাহিৰলৈ মাতিলে । কিছু সময় পিছত তাইয়ো ওলাই আহিল । আজি দুয়ো কলেজ কেম্পাছতে খোজ কাঢ়িছে ।
-তুমি ইমান দিনে কলৈ গৈছিলা, কত আছিলা, তুমি জানানে দিনত তোমাক এবাৰ নেদেখিলে মোৰ কি অৱস্থা হয়। তাৰ ভিতৰত আজি এসপ্তাহ....? 
বিনয় ভাগৰি পৰিল । 
-মই গাৱলৈ গৈছিলো ।
-কি তুমি গাৱলৈ গৈছা আৰু মোক এবাৰো জনোৱাৰ কথা নাভাবিলা ।
 তাৰ পিছত সি কৈ গল তাই নহাৰ বাবে যে সি অধ্যক্ষৰ ওচৰলৈ গৈছিল । নিশাৰ বুকুত তীব্ৰ আলোড়নৰ সৃষ্টি হল । তাই যেন বিনয় আৰু জোনাকৰ মাজত কোনোবাখিনিত মিল দেখিলে ।জোনাকেও এদিন তাইৰ ঠিকনা বিচাৰি বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ কোঠালৈ গৈছিল আৰু আজি বিনয়ে তাই কলেজ নহাৰ বাবে কিয় অহা নাই সেয়া জানিবলৈ অধ্যক্ষৰ কোঠা গৈ পালে । তাই একো নকলে । বিনয়ে আকৌ আৰম্ভ কৰিলে ।
-তুমি মোক মাৰিবলৈ যো জা চলালেও মৰিব সাজু হম, বেয়াকৈ কলেও সহ্য কৰি যাম, মাত বোল নকৰিলেও মৌন হৈ ৰম, মাত্ৰ তুমি মোক দিনটোত এবাৰ দেখা দিবা মই জীয়াই থকাৰ শক্তি পাম । ( Storyboard )
 নিশা যথৰ হৈ ৰল । তাইৰ বুকুৰ কোনোবা খিনিত চিৰিংকৈ কোব মাৰিলে । মনৰ অস্থিৰতাই তাইক ভাৰাক্ৰান্ত কৰি তুলিলে । ভালপোৱাৰ পৰিধি হয়তো ইমান বিশাল বুলি তাই কেতিয়াও ভবা নাছিল । কিন্তু জোনাক আৰু বিনয়ে তাইক সেয়া প্ৰমাণ কৰি দিলে । এজনে শৈশৱৰ প্ৰেমক বুকুত সাবটি বীৰৰ দৰে পৰিচয় দিলে আৰু আনজনে তাইৰ শিৰৰ সেন্দুৰকণ দেখাৰ পিছতো অলপো বিচলিত নহয় নিসন্দেহে ভালপোৱাৰ ইতিহাস ৰচিলে । কিন্তু  তাই যে আজি নিৰূপায় । এইখন সমাজত তাই কেতিয়াও দুয়োৰে প্ৰেমক স্বীকৃতি দিব নোৱাৰে । কথাবোৰ ভাবি ভাবি তাই পাৰ নোপোৱা হৈ পৰিল ।

জোনাক আজি অফিচত বেছ উৎফুল্লিত মনে আছে । প্ৰত্যেকজন কৰ্মচাৰীৰ খবৰ লৈছে, কামবোৰৰ কথা সুধিছে । চকু মুখত ডুলি আছে সোনাৰুৰ হাঁহি । তাৰ এই অভাৱনীয় পৰিৱৰ্তনক লৈ অফিচৰ কৰ্মচাৰীৰ সকলৰ মাজত বু বা নচলা নহয় । 
-আৰে জোনাক চাৰ আজি ইমান ফুৰ্তিত আছে যে? 
-কথাটো মইয়ো মন কৰিছো ।
-মই কিন্তু ভাবিছিলো হিল্লোল চাৰৰ মৃত্যুৰ পাছত জোনাক চাৰ সম্পূৰ্ণ ভাগি পৰিব ।
- মইয়ো তাকেই ভাবিছিলো । এইফালে চাৰৰটো সাংসাৰিক জীৱন ও ইমান ভাল নহয় ।
 ৰাহুল আৰু সঞ্জয়ৰ কথাকেইটাৰ আঁত ধৰিয়ে অনুপে কলে । 
হয়, জোনাকৰ এই আচৰণত কেৱল অফিচৰ ষ্টাফেই নহয় ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱ ও কিছু হলেও আচৰিত হৈছে । আৰু সকলোৱে ভাবিছিল যে হিল্লোল অবিহনে সি জানো ঘৰ সংসাৰ, অফিচ এই সকলোবোৰ দায়িত্ব লব পাৰিব । কিন্তু সকলোকে আচৰিত কৰি সি নিয়াৰিকৈ কৰি গৈছে কামবোৰ । ব্যস্ততাৰ মাজতো সি পাহৰা নাই মাকৰ খবৰ লব, পাহৰা নাই প্ৰদীপ, অঞ্জলিৰ খবৰ লব । সপ্তাহটোৰ শেষৰ দিনটোত সি নিশাক লৈ গাৱলৈ উৰা মাৰে আৰু সোমবাৰে আকৌ চহৰ মুখী হয়। তাৰ এই নিয়মানুবৰ্তিতাৰ বাবে নিসংগ অনুভৱ কৰা নাই প্ৰভাই, অনুভৱ কৰা নাই প্ৰদীপ, অঞ্জলিয়েও । এক কথাত এই প্ৰভা, প্ৰদীপ, অঞ্জলিক দিনটোত এবাৰ হলেও ফোন কৰি খবৰ লোৱাটো দুয়োৰে দৈনিক কৰ্মসূচীৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কাম হৈ পৰিছে । দিনবোৰ যাবলৈ ধৰিলে । সি দপকদপে উন্নতিৰ জখলাখনত বগাব ললে । তাৰ এই সফলতা চহৰৰ আন আন ব্যৱসায়ীৰ চকুত নপৰা নহয় তথাপিও সি সেইবোৰলৈ ভ্ৰুক্ষেপ নকৰে । নিশাও ক্লাচবোৰ নিয়াৰিকৈ কৰি গৈছে । পুৱা জোনাকৰ লগতে ওলাই যায় আৰু আবেলি প্ৰায় ভাগ জোনাকে তাইক লৈ আহে । সময়ৰ লগে লগে তাই বিনয়ৰ লগতো স্বাভাৱিক হৈ পৰিছে । সকলোবোৰ ভাগ্যৰ হাতত এৰি দি তাই জীৱনটো চলাই নিচে । সৌ সিদিনা তাই বিনয়ক কৈছিল - 
-এতিয়াও সময় আছে বিনয় তুমি মোৰ পৰা আতৰি যোৱা ।
তাৰ অন্তৰখন থুনুকা আইনাৰ দৰে ভাগি পৰিছিল ।
-, মই থাকিলে তোমাৰ অসুবিধা ক'ত? 
- জোনাকে মোক বহুত ভাল পায় আৰু তোমাৰ এইবোৰ কথা গম পালে সি বহুত কষ্ট পাব ।
-তুমি জোনাকৰ কষ্টৰ কথা ঠিকেই ভাবিলা কিন্তু ময়ো যে তোমাৰ অবিহনে কষ্ট পাব পাৰো সেই কথা এবাৰো নাভাবিলা? 
-কিন্তু তুমি জনা উচিত মই বিবাহিতা । এই ক্ষেত্ৰত মই তোমাৰ প্ৰেমক স্বীকৃতি দিব নোৱাৰো আৰু স্বীকৃতি দিলেও জানো সমাজখনে মানি লব? কাৰণ মই জোনাকক এৰিব নোৱাৰো ।
- তোমাক মই জীৱনত নাপাও বুলি ভালদৰে জানো । তথাপিও কিয় জানো মোৰ অন্তৰখনে তোমাকে ধিয়াই । বগাই যাও বুলিয়েই যিদৰে পৰ্বত এখন বগাব নোৱাৰি ঠিক সেইদৰে কাৰোবাৰ পৰা আতৰি আহো বুলি ভাবিলেই আতৰি আহিব নোৱাৰি নিশিতা ।
 তাৰ শেষৰ কথা কেইটাত আবেগে দুলি আছিল । সি আৰু একো কব নোৱাৰিলে । তাৰ পৰিৱৰ্তে ধুমুহা গতিৰে সি আতৰি গৈছিল তাইৰ ওচৰৰ পৰা । আৰু তেতিয়াৰে পৰা আজি কালি তাই তাক একো নকয় । কলেজৰ শেষতো তাই তাৰ লগতে ওলাই আহে আৰু জোনাক নাহিলে একেলগে বাছ স্তপেজলৈ আগবাঢ়ে ।
ক্ৰমশ

Storyboard
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages