এদিন অষ্টমী নিশা, পাহিয়ে নিজৰ অসুখীয়া মাকৰ বাবে ঔষধ লৈ ঘৰলৈ আহি আছিল। পাহি আহি থকা বাটত এক প্ৰাচীন মন্দিৰ আছিল( Storyboard )। পাহি খোজ কাঢ়ি আহি থকাৰ বাবে তাইৰ অলপ ভাগৰ লাগিল। আৰু সেইবাবে সেই মন্দিৰৰ চিৰিতে কিছু পৰ বহি ৰল। তেতিয়া পাহিয়ে শুনিলে, মন্দিৰৰ ভিতৰৰ পৰা কিছু শব্দ। আৰু তিনিটা ওখ শকত আৱট মানুহে ভিতৰৰ পৰা খৰ খোজেৰে মন্দিৰৰ বাহিৰলৈ আহি আছিল। আৰু তাহাঁতৰ হাতত মন্দিৰৰ দানপত্র আছিল। তাহাঁতৰ মুখ কেইখন কলা কাপোৰে বান্ধি ৰাখিছিল। তাহাঁতক দেখা পায় পাহিয়ে বুজিলে যে সেইকেইটাই মন্দিৰত ডকাইটি কৰি পলাইছে। কিন্তু সেই সময়তে তাহাঁতৰ এটাই পাহিক দেখা পালে। আৰু সি বাকী দুটাক কলে, তোমালোকে সেই ছোৱালীজনীক ধৰা, মই দানপত্র ৰখো।
পাহিয়ে তাহাঁতৰ কথা শুনি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ মন্দিৰৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিলে। আৰু তাহাঁতৰ দুটা ডকাইটে পাহিক ধৰিবলৈ তাইৰ পাচে পাচে গল। দৌৰি দৌৰি পাহি গাওঁৰ ওচৰত থকা এখন ঘন হাবিত সোমাই পৰিল। সেই হাবিৰ মাজতে পাহিয়ে এটা ডাঙৰ অট্টালিকা দেখা পালে। সেই অট্টালিকা ৰাণী দূৰ্গামতীৰ আছিল। যাৰ বিষয়ে পাহিয়ে সৰুৰেপৰা বহু কথা শুনি আহিছিল। সেই সময়ত পাহিৰ ওচৰত আন কোনো বেলেগ উপায় নাছিল , সেই ডকাইট কেইটাৰপৰা নিজকে ৰক্ষা কৰিবলৈ। সেইবাবে পাহিয়ে দূৰ্গামতীৰ অট্টালিকাত সোমাই পৰিল। পাহিয়ে সেই অট্টালিকা ভৰি দিয়াৰ লগে লগে বহু জোৰেৰে বতাহ বলিবলৈ ধৰিলে। অট্টালিকাৰ এটা দিশত এখন ডাঙৰ ছৱি আছিল। সেই ছৱিখনত ৰঙা কাপোৰ পিন্ধা এগৰাকী মহিলাৰ ডিঙিত এডাল ৰচি ওলমি আছিল। আৰু সেই মহিলা গৰাকী সেই ৰচিডালতে ওলমি আছিল।
এনে ভয় লগা দৃশ্য দেখা পায় পাহিয়ে বৰ ভয় খালে। সেই সময়তে বেৰত থকা ছৱিখন মাটিত সৰি পৰিল। পাহিৰ সেই সময়তে বহু জোৰেৰে ঠাণ্ডা লাগিল। তেতিয়া পাহিয়ে সেই ঠাণ্ডাৰপৰা নিজকে ৰক্ষা কৰিবলৈ ইফালে সিফালে কিবা বিচাৰিবলৈ ধৰিলে। বিচাৰি বিচাৰি পাহি অট্টালিকাৰ ওপৰৰ মহলালৈ গল আৰু তাতে তাই এটা কোঠা দেখা পালে, সেই কোঠাটোৰ দুৱাৰ বন্ধ আছিল। পাহি সেই কোঠাটোৰ কাষ পাওঁতেই বহু জোৰেৰে বতাহ বলিল আৰু কোঠাটোৰ দুৱাৰ খুল খায় গল। তেতিয়া পাহিয়ে দেখা পালে সেই কোঠাটোত এখন ৰঙা চাদৰ পৰি আছিল। সেই ৰঙা চাদৰ খনৰ কিনাৰত এখন পুৰণি কিতাপো আছিল। সেই কিতাপখন বতাহত নিজে নিজে খুল খায় গল। আৰু তেতিয়া পাহিয়ে দেখা পালে যে সেই কিতাপখনত ৰাণী দূৰ্গামতীৰ বিষয়ে লিখা আছিল। পাহিয়ে একান্ত মনে কিতাপ পঢ়ি বলৈ ধৰিলে।।
আনফালে সেই দুটা ডকাইটে পাহিক বিচাৰি বিচাৰি অট্টালিকাৰ ভিতৰ পালেহি। ( Storyboard )
সেই দুটা ডকাইটে পাহিক অট্টালিকাৰ ভিতৰত বিচাৰিবলৈ বেলেগ বেলেগ দিশে যোৱাৰ সিদ্ধান্ত ললে।
এটা ডকাইটে অট্টালিকাৰ ওপৰৰ ফালে গল, আৰু আনটোৱে তলতে পাহিক বিচাৰিবলৈ ধৰিলে। খটখটীৰ দ্বাৰা ওপৰলৈ যাওঁতে অট্টালিকাৰ বেৰত লাইটৰ চুইট্ছবোৰ দেখা পালে। ওপৰলৈ যোৱা ডকাইটোৱে চুইট্ছবোৰ অন কৰি গল। যেতিয়া অট্টালিকাৰ ওপৰৰ ভাগৰ সকলোবোৰ লাইট জ্বলি উঠিল, তেতিয়া সেই ডকাইটোৱে মাটিত তেজৰ ভৰিৰ খোজ দেখা পালে। তেতিয়া সি ভাৱিলে, পাহিয়ে দৌৰি আঁহোতে ভৰিত দুখ পালে। আৰু তেতিয়া সি সেই ভৰিৰ খোজৰ পাচে পাচে গল। আৰু এটা দিশত দেখা পালে, ৰঙা চাদৰ মেখেলা পিন্ধা এজনী ছোৱালী বহি আছিল। তাইৰ পিঠি সেই ডকাইটোৰ ফালে আছিল, সেইবাবে সেই ডকাইটোৱে তাইৰ মুখ'খন দেখা পোৱা নাছিল। কিন্তু ডকাইটোৱে ভাৱিলে সেইজনী পাহি হয়। কিন্তু যেতিয়া সেই ডকাইটোৰ ফালে ৰঙা কাপোৰ পিন্ধা ছোৱালী জনীয়ে মূৰ ঘূৰালে তেতিয়া ডকাইটোৰ ভৰিৰ মাটিৰ তলৰ অংশ যেন নাইকিয়া হোৱাৰ দৰে হল। সেই ৰঙা কাপোৰ পিন্ধা ছোৱালী জনীয়ে মুখ খন ধাকি ৰাখিছিল। তাইৰ মুখ' খন তাইৰ কলা চুলিকোচাৰে ধাকি ৰাখিছিল। তাই ডকাইটোক দেখা পায় বহু জোৰেৰে চিঞঁৰিল। তেতিয়া তাত জ্বলি থকা লাইটবোৰ এটা পাচত এটা নিজে নিজে ভাঙিবলৈ ধৰিলে। লাইটবোৰ ভঙাত সেই ঠাইডোখৰ এন্ধাৰে আৱৰি ধৰিলে। আৰু সেই ছোৱালী জনীও সেই ঠাইৰপৰা নাইকিয়া হৈ পৰিল।
আৰু আনফালে আনটো ডকাইটে পাহিক অট্টালিকাৰ তলৰ ভাগত বিচাৰি ফুৰিছিল। অট্টালিকাৰ তলৰ ভাগৰ এটা দিশত এখন ডাঙৰ আইনা আছিল। সেই আইনাখনক দেখা পায় সেই ডকাইটোৰ বৰ ভয়লগা অনুভৱ কৰিলে। তেতিয়া আইনাখনত ডকাইটোৱে কাৰোবাৰ ছায়া দেখা পালে। আৰু যেতিয়াই ডকাইটোৱে ঘূৰি চালে, সেই ঠাইত তেতিয়া কোনো নাছিল। তাৰপাছত সেই ডকাইটোৱে এটা কোঠালিত এজনী ছোৱালীয়ে কান্দি থকা শুনা পালে। সি তেতিয়া দৌৰ মাৰি সেই কোঠাটোৰ ওচৰ পালেগৈ। আৰু কোঠাটোৰ বাহিৰৰ পৰাই দুৱাৰৰ ফাকেৰে তলৰফালৰপা ভিতৰলৈ জুমি চাবলৈ চেষ্টা কৰিলে। জুমি চাওঁতে সি ভিতৰৰ ফালে দেখা পালে যে, ভিতৰত এজনী ছোৱালীয়ে খোজ কাঢ়ি আছিল। আৰু তাইৰ ভৰিৰ পৰা তেজ ওলাই আছিল। তেতিয়া সেই ডকাইটোৱে নিজৰ ডেগাৰ খন ওলিয়ালে। আৰু দুৱাৰখন জোৰেৰে হেঁচা মাৰি খুলি দিলে। তেতিয়া ডকাইতটো ভিতৰলৈ গৈ দেখা পালে যে কোঠাটোৰ ভিতৰত কোনো নাছিল।
সেই সময়তে ডকাইতটোক পিছফালৰ পৰা জোৰেৰে কোনোবাই ঠেলি পথিয়ালে। আৰু তাক কোঠাটোৰ মাজভাগত বগৰাই পেলালে। সেই কোঠাটো আন্ধাৰে আৱৰা আছিল। ডকাইতটো যেনে তেনে কৰি উঠিল আৰু নিজৰ লাইটাৰ জ্বলালে। আৰু নিজৰ ওচৰে পাজৰে কোন আছে বিচাৰিলে। ২মিনিটৰ পাছত সি পাছফালে ঘূৰি দেখা পালে, ৰঙা মেখেলা চাদৰ কাপোৰ পিন্ধা এজনী ছোৱালী তাৰ কাষতে ৰৈ আছিল। সেই ছোৱালী জনীয়ে ফো মাৰি লাইটাৰ নুমুৱাই দিলে। তেতিয়া সেই ডকাইটোৱে ভয় খায় ডাঙৰ ডাঙৰ কে চিঞৰি নিজৰ লগৰটোক মাত দিলে। তাৰ লগৰটোৱে মাত শুনি দৌৰি দৌৰি আহিল। আৰু ভয়তে দুয়ো ডকাইট লগ লাগি অট্টালিকাৰ বাহিৰৰ ফালে দৌৰি আগুৱাই আহিল। তাহাঁতি দুটাই দৌৰি অট্টালিকাৰ বাহিৰলৈ ওলাবলৈ লওঁতেই, সেই সময়তে তাহাঁতৰ পাছফালৰপ এক ভয়ানক হাঁহি গোটেই অট্টালিকাত বাজি উঠিল। তেতিয়া ডকাইত দুটাৰ পাছফালে ঘূৰি চাবলৈ সাহস নহলে। ডকাই দুটাই সেই অট্টালিকাৰ পৰা বহু দূৰ দৌৰি দৌৰি আঁতৰি আহিল। আৰু তাৰ পাছত নিচিন্ত মনে পাহিও সেই অট্টালিকাৰ পৰা নিজৰ ঘৰ পালেহি।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই এই গল্পটো আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment