কাকলিৰ আজিৰ সকলো সুখত যেন চেচা পানী হে পৰিল। সকলো কাম যেন এনেই কৰা হল। নিশ্চয় কিবা কথা আছে, সোনকালে যায়, নিশ্চয় কিবা প্ৰয়োজনীয় কাম আছে, মুখৰ ভিতৰতে ভুৰভুৰাই কাকলি বাৰাণ্ডালৈকে আহিল আৰু তেতিয়ালৈ ভালদৰে পুৱা হৈ গৈছিল
"হেৰৌ লৰা ছোৱালী হোৱা পাছত নো কোনে পালন কৰে নিজৰ বিবাহ বাৰ্ষিকী।" লৰা জন্ম হোৱা পিছত শাহু মায়ে এনেদৰেই কৈছিল কাকলিৰ প্ৰথমটো জন্ম দিনত।সেয়ে, মনতে নিজৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰি কাকলিয়ে নিজৰ দৈনন্দিন কামত লাগিল। পাকঘৰলৈ আহি চাহৰ বাবে পানী গৰম কৰিলে। তাৰপিছত লৰা ছোৱালী দুটাক জগালে, যাতে স্কুলৰ বাবে পলম নহয়। তাৰপাছত শাহু শহুৰক চাহ দিলে। লৰা ছোৱালী দুটাৰ খোৱাৰ যোগাৰ কৰিলে তাৰ মাজত লৰা ছোৱালী দুটাক স্কুলৰ বাবে তৈয়াৰ কৰিলে। আকৌ লৰা ছোৱালী দুটাক আহাৰ খোৱালে। সেই সময়তে লৰা ছোৱালী দুটাৰ স্কুল বাছ আহিল, তাহাঁত দুটাক বাছত উঠাই থৈ ঘূৰি আহি টেবুলত থকা জোথা বাচন বৰ্তন চপালেহি। টেবুল চফা কৰি থাকোতেই সৰু নন্দেক আহিলে আৰু কলে যে, বৌ আজি মইও কলেজলৈ সোনকালে যাম। মোলেও খোৱাৰ যোগাৰ কৰি দিয়া। তেনেতে দেউৰেকেও মাত দিলে, বৌ আহাৰ তৈয়াৰ হল নে!
অ, এয়া লোৱা পুৱাৰ আহাৰ, বুলি কাকলিয়ে দেউৰকৰো খোৱাৰ যোগাৰ ধৰিলে।
দেউৰেকে পুৱাৰ আহাৰ কৰিলে, আৰু অফিচলৈ ওলাই গল।
কাকলিয়ে টেবুলৰ জোথা বাচন বৰ্তন সামৰি, শাহু শহুৰৰ বাবে তেওঁ লোকৰ পচন্দৰ খোৱাৰ যোগাৰ কৰিলেগৈ।
শাহু শহুৰ দুয়োকে পুৱাৰ আহাৰ কৰোৱাৰ পাচত, তেওঁলোকে খোৱা বাচন বৰ্তন সামৰি পাকঘৰলৈ আনি ধূলেহি। তাৰে মাজত কাম কৰা বাই জনী পালেহি। ( Storyboard )
তেতিয়া কাকলিয়ে বাচন ধূৱাৰ কাম বাইৰ হাতত দি নিজৰ বিচনাখন পাৰিবলৈ আহিল আৰু কাম কৰা বাইৰ লগত ঘৰৰ আন কামবো কৰাত লাগিল।
দিনৰ ১১বাজিছিল, তেতিয়ালৈকে কাকলিৰ কাম অন্তই পৰা নাছিল। সেই সময়তে দুৱাৰৰ বেল বাজিল। কাকলিয়ে দুৱাৰ খুলাত দেখা পালে, তাইৰ ডাঙৰ নন্দেক, জোঁৱাৱেক আৰু লৰা ছোৱালী দুটা সন্মুখত।
কাকলিয়ে হাঁহি মুখেৰে আদৰেৰে সকলোকে ভিতৰলৈ মাতিলে, আৰু তেওঁলোকৰ লগত কথা পাতি পাতি, তেওঁলোক অহাত কিমান আনন্দ হৈছে, সেয়াও কাকলিয়ে কলে। ডাঙৰ নন্দেকে ভাল পোৱা বস্তু বনাই, কাকলিয়ে নন্দেকৰ কাষত বহোতেই শাহুৱেকে মাত দিলে, কাকলি দুপৰীয়া বাবে কি যোগাৰ কৰিছা! তেতিয়া কাকলিয়ে ঘড়ীটোলৈ চাই দেখা পালে দিনৰ ১২বাজিছিল। তাইৰ চিন্তা হল আৰু লৰালৰিকৈ ফ্ৰীজৰ ফালে আগবাঢ়িল, শাক পাচলি ওলিয়াই কাটিবলৈ লৈ দুপৰীয়াৰ আহাৰৰ বাবে যোগাৰ কৰিলে। দুপৰীয়াৰ আহাৰ তৈয়াৰ কৰোতে কৰোঁতে তেতিয়া দিনৰ দুই বাজিছিল। লৰা ছোৱালী দুটাও স্কুলৰ পৰা আহি পালেহি। কাকলিয়ে লৰা ছোৱালী দুটাৰ কাপোৰ কানি সলাই মুখ হাত ধুৱাই তাহাঁত দুটাক আহাৰ খোৱালে।
তাৰ মাজতে সৰু নন্দেকো কলেজৰ পৰা আহি পালেহি আৰু দেউৰেকো অফিচৰ পৰা আহিল। কাকলিয়ে সকলোৰে বাবে টেবুলত খোৱাৰ যোগাৰ ধৰিলে আৰু নিজে ৰুটি বনাবলৈ লাগিল। খায় বৈ সকলো আজৰি হলত তাই পুনৰ টেবুলৰ পৰা বাচন সামৰাত লাগিল। সেই সময়ত তিনি বাজিল। কাকলিয়ে তাইৰ বিবাহ বাৰ্ষিকীৰ কথা কেতেয়াবাতে পাহৰিল। কিন্তু এতিয়া কাকলিয়ে ভোক লগাৰ অনুভৱ কৰিলে। কাকলিয়ে হটকেচৰ ঢাকোন আঁতৰাই চাই দেখিলে যে, ৰুটি এখনো নাথাকিল। তাই পাকঘৰলৈ খোজ লওঁতেই নয়নো আহি পালেহি আৰু আহি পায়ে কলে, আজি পুৱাও একো খায় নগলো, সেইবাবে বৰ ভোক লাগিছে, তুমি সোনকালে খাবলৈ দিয়া।
কাকলিয়ে সোনকালে নয়নৰ বাবে আহাৰ তৈয়াৰ কৰিলে আৰু টেবুলত দি, নয়নৰ বাবে পাকঘৰৰপৰা গৰম গৰম ৰুটি বনাই আনি দি থাকিলে। তেতিয়া লৈকে চাৰি বাজি গৈছিল। কাকলিয়ে নয়নক আহাৰ দি থাকোতে নয়নে কলে আহা তুমিও খায় লোৱাহি। কাকলিয়ে আচৰিত ভাৱে নয়নৰ ফালে চাওঁতে তাইৰ মনত পৰিল যে, তাই আজি পুৱাৰ পৰা একোকে খোৱা নাই। সেই কথা মনত পৰিলত কাকলিয়ে নয়নৰ লগত খাবলে বহিল। কাকলিয়ে প্ৰথম গৰাহ মুখলৈ নিওঁতে তাইৰ চকুপানী ওলাই আহিল। নয়নে তাইৰ চকুপানী দেখা পায় সুধিলে, কি হল! কিয় কান্দিছা! কাকলি মনে মনে ৰল আৰু ভাৱিলে তাই নয়নক কি দৰে কয় যে, শহুৰৰ ঘৰত কিমান কাম কৰাৰ পাছত এই আহাৰৰ ভাগ পোৱা যায়। আৰু লোকে ইয়াকে বিনামূলিয়াকৈ সহজতে পোৱা আহাৰ বুলে। নয়নে বাৰে বাৰে সুধাত কাকলিয়ে কলে, একোনাই, এনেই চকুপানী ওলাই আহিল।
নয়নে হাঁহি লৈ কলে, তোমালোক মহিলাবোৰো বৰ বুৰ্বক হয়। কোনো কাৰণ নোহোৱাকৈ কান্দিবলৈ আৰম্ভ কৰি দিয়া। কিন্তু কাকলিৰ মনটো দুখে খুন্দা মাৰি ধৰিছিল কিন্তু তাই আলহী আগত কান্দিবলৈ বিচৰা নাছিল। খোৱা এৰি তাই নিজৰ কোঠালৈ গল গৈ, বিচনাত এপাহ গোলাপ ফুল আৰু এটা লেফাফা দেখা পালে। লেফাফাত সন্ধ্যাৰ দুটা চিনেমা টিকেট আছিল। সেইবোৰ দেখা পায় কাকলিয়ে একো বুজি পোৱা নাছিল। সেই সময়তে নয়নে পাছফালৰপৰা কাকলিক সাৱটি ধৰি কলে, দহ বছৰীয়া বিবাহ বাৰ্ষিকৰ শুভেচ্ছা জনালো। তেতিয়া কাকলিৰ মনটো পাতল হল আৰু তাই সকলো বুজিল। কাকলিৰ ভাগৰ আৰু ভোক নাইকিয়া হৈ গৈছিল। আৰু কাকলিয়ে নয়নক সাৱটি ধৰি কলে, আপোনাকো দহ বছৰীয়া বিবাহ বাৰ্ষিকৰ শুভেচ্ছা জনালো।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment