অশান্ত মনক শান্ত কৰিব মোৰ বহুত কষ্ট হয় | মনৰ ভিতৰত জ্বলি থকা জুই কুৰাক কেনেকে নুমাওঁ বাৰু | কেনেকে পূৰণ কৰো দাদাৰ আশা বোৰ ( Storyboard )| কিন্তু মই যে সেই আশা পূৰণ কৰিব লাগিব | নহ'লে জানো ,,,,, থাকক | সেইবোৰ কথাই চকুপানীৰে বহল বুকুখন ধুই নিয়াৰ বাহিৰে জানো আৰু কিবা আছে |
মৰম তুমি খং নকৰিবা
লাগিলে দূৰে দূৰে আতৰি থাকা
মোৰ মোবাইলৰ ৰিং বাজি উঠিল | অহ,প্লাবিতাৰ ফোন |
- হেল্ল'
-ক'ত আছা তুমি ?
- ক'ত থাকিম | নৈৰ ঘাটত |
তাই অকমান খংত কৈছিল |
- সময় নাই , অসময় নাই তুমি কেৱল নৈৰ ঘাটত | সোনকালে আহা মই তোমাক লগ কৰিব আহি আছো |
তাই ফোনটো কাতিছিল | কি বুজিবা প্লাবিতা তুমি | মনত মাত্র এটা কথাই আমনি কৰে "শেষ উপহাৰ " | মই মোৰ দায়িত্ব কোন দিনা পালন কৰিব পাৰিম | কোন দিনা অদৃশ্য শক্তি এটাক সন্তুষ্ট কৰিব পাৰিম | যি কথাই মোক প্রতিদিন খুলি খুলি খাইছে |
আজি কিন্তু আশ্বাস পূৰণ কৰিমে | যেনেকে নহওঁক আজি মই মোৰ দায়িত্ব পালন কৰিম | মই ঘৰৰ পৰা ওলোৱাৰ লগে লগে মায়ে মাতষাৰ লগালে |
- সৰুধন ! আকৌ যাতে দুখ নাপাওঁ মনত ৰাখিবি |
মাৰ কথাষাৰে বুকুত শিলে বিন্ধা বিন্ধিছিল |
- হব মা |
তাৰ বাহিৰে মোৰ ওচৰত আৰু শান্তনাৰ ভাষা একো নাছিল | বাইক খন ওলাই আহিছিলো | এটা উদ্দেশ্য,এটা আশা পূৰণ কৰিবলৈ মোৰ এইযাত্রা | এই আশাৰ নাম " শেষ উপহাৰ " |
পাহাৰ খনৰ কাষেৰে গৈছিলো | অকমান সময় পাহৰিব বিচাৰিছিলো বাস্তৱৰ কলিজাঁৰ বেদনাবোৰ | পাহাৰৰ কঠিন শিলবোৰৰ ফাকেৰে ওলোৱা সেউজীয়া পৃষ্ঠাবোৰৰ দেহত পৰিছিল এটা ৰাতিপুৱাঁৰ সোনোৱালী ফাকুগুৰি | আৰু মোৰ যাত্রা এখন অচিনাকী মুখ ,চিনাকী মন বিচাৰি |
মোৰ বন্ধু স্পন্দনৰ পৰা লোৱা পৰিচয় অনুসৰি তাইৰ ঘৰৰ পদুলি পাইছিলো | পদুলিৰ পৰা ভিতৰলৈ জুমি চাইছিলো | নাই কাৰো দেখাদেখি নাই | চেহঃ এইটো ঘৰ নহয় নেকি ! কিন্তু স্পন্দনে কৈছিল সেই তিনিআলিটো এৰি কেচা ৰাস্তাটোৰ বকুল জোপাৰ সৈতে ঘৰটো বাগ্মিতাৰ ঘৰ | তেনেতে মোৰ চকুত পৰিছিল বাহিৰত এজোৰ বৰ ধুনীয়া গোলপীয়া ৰংৰ চুৰিদাৰ আৰি থোৱা আছিল |
হয় হয় ,বাগ্মিতাৰ ঘৰ হয় | এইখন ঘৰত ছোৱালী এজনী আছে | হব পাইছো যেতিয়া কথা নাই আজি যিমান সময় ৰব লাগে ৰম | আৰু বাগ্মিতাৰ হাতত শেষ উপহাৰটি দিম | মই বাইক খনত বহি আছিলো | তেনেতে এখন স্ক্রুটিৰ শব্দ শুনি পাছলৈ চাওঁতে দেখিলো | অ বাগ্মিতাৰ নিচিনা ছোৱালী এজনী | পকেটৰ পৰা মোবাইল উলিয়াই ফটো খন মিলাই চালো | হয় হয় বাগ্মিতা হয় | মই বাইক ষ্টাৰ্ট কৰি তাইৰ পিচ ল'লো | তাইৰ পাছে পাছে মই গৈ থাকিলো | কাৰন তাইৰ যাত্রা মই ক'ত নাজানো |
কিছু সময় পাছত তাই ৰনদুভীৰ শংকৰদেৱ উদ্যানত স্ক্রুটি সোমাই দিলে | উম বুজিলো তাৰমানে যাত্রা ইমানতে শেষ | মই ও উদ্যানৰ ভিতৰত সোমাই গ'লো | উদ্যান খনৰ ভিতৰত সৰু বিলাকে খেলি আছিলে | ডাঙৰ বিলাকে মনৰ কথা পাতিবলৈ নিৰিবিলি পৰিবেশ বিচাৰি বহি লৈছিল | বাগ্মিতাই উদ্যানৰ ভিতৰৰ কৃষ্ণচূৰা ডালৰ তলত বহি লৈছিল | খুব মৰম লগা আছিলে তাই | তাইৰ সেই দীঘল চুলিতাৰি | মই তাইৰ ওচৰলৈ গৈছিলো |
তাইৰ ওচৰৰ গছ ডালৰ ছাত মই ও বহি লৈছিলো | তাইৰ ফালে কেৰাহিকৈ চাইছিলো | একেথৰে আকাশৰ ফালে চাই আছিল | মাতিব খুজিওঁ বাৰে বাৰে থমকিছো | কি কম ! কেনেকে আৰম্ভ কৰিম কথাবোৰ | চেহঃ মনত সাহস গোটাব পৰা নাই | এইফালে নকলেওঁ সময়বোৰ গৈ থাকিব |নাই নাই এইবাৰ যেনেকে নহওঁক মাত এষাৰ লগাম | মই তাইৰ আৰু অকমান ওচৰ চাপি গ'লো |
- বাগ্মিতা
মোৰ মাতত তাই আচৰিত হ'ল | হবই এজন অচিনাকী ল'ৰা মই |
- তুমি,,,,
- তুমি মোক চিনি নাপাবা ,মই তোমাৰ ফেচবুকৰ বন্ধু | ( Storyboard )
মোৰ কথাত তাই ও ভাবিছিল ফেচবুকৰ বন্ধু যেতিয়া চিনি নাপাব ও পাৰে |
মই উপহাৰটি হাতত উলিয়াই লৈছিলো | আৰু ভয় ভয় কৈ আৰম্ভ কৰিছিলো |
- আচলতে তোমাক মই বহুদিনৰ পৰা লক্ষ্য কৰিছিলো | তোমাক সদায় বিচাৰি ফুৰিছিলো | কিন্তু আজি তোমাক ওচৰত পালো | এয়া এজন বন্ধু হিচাপে তোমালৈ মোৰ উপহাৰ ,লোৱা
মই উপহাৰৰ তোপোলাটো তাইলৈ আগবঢ়াই দিছিলো |
তাই আচৰিত হৈ মোক কৈছিল |
- শুনা তুমি মোৰ ফেচবুকৰ বন্ধু,কথা হোৱাই নাই ,আজি প্রথম লগ পাইছা | গতিকে মই তোমাৰ এই উপহাৰ গ্রহন কৰিব নোৱাৰো | ক্ষমা কৰিবা |
কথাখিনি কৈ তাই মোৰ ওচৰৰ পৰা আতৰি গৈছিল |কিন্তু মই যে দৃঢ়প্রতিজ্ঞ এই উপহাৰ যেনেকে নহওঁক মই দিব লাগিব | কাৰোবাৰ শেষ আশাকন মই পানী হব দিব নোৱাৰো |
মই তাইৰ পাছে পাছে গৈছিলো | তাইক উপহাৰটি দিবলৈ বহুত চেষ্টা কৰিলো | নাই মই সফল নহ'লো | শেষত তাইৰ হাত খনত থাপ মাৰি ধৰিছিলো |আৰু উপহাৰটি হাতত গুজি দিছিলো |
- হাত খন এৰি দিয়া |
তাই চিঞঁৰি দিছিলে | মই বুজাইছিলো " তুমি প্লীজ এই উপহাৰটি গ্রহন কৰা "
তাই আকৌ চিঞঁৰিছিল | শেষত মই তাইৰ হাতখন এৰি দিছিলো | আৰু লগে লগে মোৰ গালত এটা প্রচণ্ড চৰ পৰিছিল |
তাই মোৰ গালত হাত তুলিছিল | লজ্জা,চৰম অপমানৰ ক্ষোভত মই চিঞঁৰি উঠিছিলো |
- এয়া তোমালৈ বিবেকৰ শেষ উপহাৰ আছিল |
মোৰ চিঞঁৰ শুনি তাই থমকি ৰৈছিল | মোৰ মুখলৈ চাই ফুতোনুফুতোকৈ কৈছিল ,,,,
- বিবেক ?
নিমিষতে মোৰ চকুৰে পানী বাগৰিছিল | ইতিমধ্যে আমাৰ চিঞৰ শুনি উদ্যান খনৰ বাকি মানুহবোৰ আমাৰ কাষত আহিছিল |
- এটা মাত্র শেষ আশা " শেষ উপহাৰ " ৰ কাৰনে আজি মই যিমান খিনি হাবাথুৰি খাইছো কোনেওঁ নুবুজিব | আৰু শেষত এজনী ছোৱালীৰ হাতৰ চৰ খাবওঁ লগা হ'ল | বাঃবাঃ ধন্য ৰাগ ধন্য তোৰ জীৱন |
তাই হাতজোৰ কৰি মোক কৈছিল |
- ক্ষমা কৰিবা | তুমি জানা চাগে যেতিয়া মানুহৰ সপোন বোৰ নিমিষতে ভাগি যায় জীয়াই থাকিবলৈ বৰ কষ্ট হয় | সেই মূহুৰ্ত্ত পৃথিৱীৰ কোনো এজন মানুহক ভাল নলগা হয় | সুস্থিৰ মগজুৰে সিদ্ধান্ত লব পৰাকৈ বিবেক আৰু মন সাজু নাথাকে | কিন্তু তোমাৰ হাতত থকা সেই উপহাৰটি ?
মানুহৰ দুখ মই বুজি পাওঁ | মানুহৰ সপোনৰ অপমৃত্যু কেতিয়া হয় সেয়াওঁ মই জানো | হয় উপায় নাই তেন্তে মই বাগ্মিতাক কথাখিনি কব লাগিব | মই আৰম্ভ কৰিছিলো |
অভিশপ্ত ৩ এপ্লিল বিবেকে ৰাতিপুৱাঁ হাঁহি হাঁহি ঘৰৰ পৰা ওলাই আহিছিল | হয়টো সি বুজা নাছিল সেইদিনা ৰাজপথত তাৰবাবে অপেক্ষা কৰি থাকিব নিষ্ঠুৰ নিয়তি | সেইদিনা শেষ বিবেক নামৰ এটা শব্দৰ,সেইদিনাই নিঃশেষ হব কিছুমান কল্পনাৰ কাৰেং |
- ঐ দাদা সোনকালে আহিবি ,মই এঠাইত যাম বাইক লাগিব |
মই তাক কৈছিলো | সি মোক হাঁহি হাঁহি কৈছিল |
- ঐ ভাইটি যদি উভতি নাহো |
কথাখিনি কৈ সি ওলাই গৈছিল | তাৰ কথাত মোৰ অকমান খং জাগ্রত হৈছিল | সেয়েহে মই তাক কৈছিলো |
- হব হব নালাগে | নাহিবি যা |
সি ওলাই যোৱা আধাঘন্টা পাছত মোৰ তাত এটা ফোন আহিছিল | স্পন্দনৰ ফোন |
- হেল্ল' স্পন্দন |
- ৰাগ ,তই জলদি প্রতিক্ষা মেডিকেললৈ আহ |
সি মোক মেডিকেল কিয় মাতিলে !
- কিন্তু কিয় ?
- আহ বুলিছো নহয়,,,,,,
সি ফোনটো কাতি দিছিল | কাৰো একো হোৱা নাইটো | মই দৌৰাদৌৰিকৈ মেডিকেললৈ ওলাই গ'লো | কিছু সময় পাছত মই মেডিকেল পালো | সন্মুখতে স্পন্দনক দেখি সুধিলো |
- কি হ'ল,কিয় মাতিছিলি ?
সি মুখেৰে একো মতা নাছিল| কেৱল মোৰ হাতত ধৰি মেডিকেলৰ ভিতৰত তানি নিয়াৰ দৰে লৈ গ'ল | মই তাক সুধিছিলো কিন্তু সি একো নক'লে | মোৰ মনটো অজান আশংকাত কপি উঠিছিল |
কিন্তু ভিতৰত সোমাই এয়া মই কি দেখিছো ! দাদা তেজেৰে ৰাঙলী হৈ মেডিকেলৰ চিতত কেকাই কেকাই পৰি আছিল |
মই সাৱিতি ধৰিছিলো তাক | আৰু জোৰকৈ চিঞঁৰি দিছিলো
- দাদা ,,,,,,,,
তাৰ কেচা তেজৰ গোন্ধ মোৰ নাকত লাগিছিল | বৰ কষ্ট পাইছিল সি | কেকাই কেকাই সি মোক কৈছিল |
- ভাইটি, মই হাৰি গ'লো অ জীৱনৰ লগত | একমাত্র হেলমেট নিপিন্ধা বাবে মোৰ আজি এই অৱস্থা | স্পীডত গাড়ী চলোৱা বাবে মোৰ জীৱন ধংস | ভাইটি মোৰ নিচিনা ভুল কেতিয়াওঁ নকৰিবি |মোৰ মৰিবৰ মন নাই অ ভাইটি | ভগবানক লগ পোৱা হ'লে ক'লো হয় ভগবান মোক জীয়াই থাকিবলৈ দিয়া | আৰু ভুল নকৰো |
মই কান্দিছিলো মাত্র,মোৰ মুখেৰে একো শব্দ ওলোৱা নাছিল | সি মোক ইংগিতেৰে তাৰ পেন্টৰ পকেট খন দেখাই দিছিল | মই তাৰ পকেট খনত হাত ভৰাই এটা উপহাৰ পাইছিলো |
- ভাইটি, আজি মোৰ ভালপোৱা প্রেয়সী বাগ্মিতাৰ জন্মদিন আছিল | সেয়েহে মই তাইক লগ কৰিব আহিছিলো | এয়া মোৰ ফালৰ পৰা তাইলৈ এটা সৰু উপহাৰ আছিল | কিন্তু মই দিব নাপালো | মোৰ এই উপহাৰটি তাইৰ শেষ উপহাৰ | এই শেষ উপহাৰটি তই তাইক দি আহিবি ভাইটি | মোৰ আত্মাই শান্তি পাব |
মই মোৰ জোকাৰি তাক বুজাই দিছিলো হব দাদা |
- কিন্তু ভাইটি মনত ৰাখিবি | তই মোৰ কথা কৈ তাইক উপহাৰটো নিদিবি | কাৰন তাই তেতিয়া অন্তৰত দুখ পাব | কাৰন তাইক মই দুখ দিব নোৱাৰো | মই আশা কৰিলো ,,,,,,,,
তাৰ কিছু সময় পাছত আমাক সকলোকে কন্দুৱাই দাদা এই পৃথিৱীৰ পৰা বিদায় মাগিছিল |
এই শেষ উপহাৰটি মই তোমাক দিয়াৰ চেষ্টা কৰিছিলো | কথা খিনি শুনাৰ লগে লগে তাই মোৰ হাতৰ পৰা থাপ মাৰি উপহাৰটি লৈছিল | আৰু শেষ উপহাৰটি বুকুত সাৱতি আকাশ - বতাহ কপাই চিঞঁৰি কান্দিছিল | মই একো সান্তনাৰ ভাষা বিচাৰি নাপালো |
এজন স্বাৰ্থপৰৰ দৰে উপহাৰটি তাইক দি মই চকুলো টুকি আতৰি আহিছিলো | কাৰন দাদালৈ বহুত মনত পৰিছে,শৈশৱৰ ধেমালীবোৰে বৰকৈ আমনি কৰিছে | এজনী নবৌ পোৱা সপোন বোৰ নিমিষতে থানবান হৈছিল | এজন বোবা মানুহৰ দৰে উভতনি যাত্রা কৰিলো |
মনত পৰিল শ্ল' ড্রাইভিং লং লাইফ |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard ) কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment