এগৰাকী বিধৱা আৰু আমাৰ সমাজৰ নীতি-নিয়ম : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, May 14, 2021

এগৰাকী বিধৱা আৰু আমাৰ সমাজৰ নীতি-নিয়ম : Storyboard

Storyboard

খালে খালে ঐ, এই অধাচাৰীজনীয়ে চব নীতি নিয়ম আজি পুৰি খালে। 

শাহুৱেকৰ ৰণচণ্ডী ৰূপ দেখি বিধৱা ডাঙৰ বোৱাৰীয়েক শেৱালিৰ হাতৰ পৰা মুখলৈ নিয়া মাছৰ পিছটো সৰি পৰিল। ভয়ত পেপুৱা লাগি ভাতৰ পাতৰ পৰা উঠি দুখোজ পিচোৱাই গল তাই। ( Storyboard )

কি হল মা, ইমান চিঞঁৰিছে যে, চাকৰিয়াল সৰু বোৱাৰী  ডাইনিং টেবুলৰ ওচৰ পালেহি। 

কি হল সুধিবলৈ আহিছা! 

এই পাপিনীজনীলৈ চোৱাচোন, মনে মনে মাছেৰে ভাত খাবলৈ লৈছিল। ভাগ্য মই দেখিলোহি বুলিহে। হেৰ তোৰ মানুহটোৰ মূৰটো খাই হেপাহ নপলাল, এতিয়া গোটেই ঘৰখনকে ৰৌ ৰৌ নৰকত পেলাব বিচাৰিছ। ছি:ছি:ছি:এই কুলক্ষিণী জনীৰ লগতে আজি গোটেই ঘৰখনেই শুদ্ধি হব লাগিব। 

বৌয়ে মাছ খালে কি হয় মা! 


তেওঁ আজিয়েই নহয় মই যিদিনাই মাছ মাংস বনাও, সেইদিনাই বৌক খাবলৈ দিওঁ। 

কি কলা তুমি, সদায়ে তাইক মাছ মাংস দিয়া, তুমি বলিয়া হলা নেকি! বামুণৰ বিধবাই মাছ মাংস খাব পায় নেপায় তাকো তোমাক শিকাব লাগিব নেকি নীলা! 

মা, বৌক তেল মচলা বিহীন শুদা ভাতকেইটা দি আপোনাৰ বাৰু মাছ মাংসৰে ভাত খাই থাকোতে এবাৰো মাতৃ হৃদয় কঁপি নুঠেনে। নাপায় মা নাপায়, মানুহক ইমান মানসিক কষ্ট দিব। আৰু মা আপুনি যে কৈছে, বৌয়ে দাদাৰ মূৰটো খালেহি বুলি আৰু মই যদি কওঁ আপোনালোকেহে বৌৰ মূৰটো খালে তেতিয়া কি কৰিব। 

চুপ থাকা নীলা, মুখ আছে বুলিয়েই যা তা কথা নকবা। 

হব পাৰা তুমি চাকৰিয়াল বোৱাৰী, সেইবুলি মোৰ মুখে মুখে তৰ্ক নকৰিবা। আৰু আমি যে এই কুলক্ষণী জনীৰ মূৰটো খালো কৈছা, কি কাৰণে তুমি তেনেকৈ কলা! 

বিয়াৰ চাৰিমাহৰ পাছতে তাই মোৰ লৰাৰ মূৰ চোবালে। ( Storyboard )

অ মা, মই সচাঁ কথা কৈছো। বৌৰ ঘৰৰ দৰিদ্ৰতাৰ সুযোগ লৈ আপুনি আৰু দেউতাই টকাৰ বাহাদুৰি দেখুৱাই অসুখীয়া দাদালৈ বৌক বিয়া কৰায় অনা নাছিল জানো! বিয়াৰ চাৰি মাহৰ পাছতেই দাদা ঢুকাল। তাত বৌৰ কি দুখ! বৌক ননাহলেও দাদা জীয়াই নাথাকিল হয়। মা কাৰণ দাদাৰ যিটো  হৈছিল সেইটো ডক্টৰেও ভাল কৰিব নোৱাৰে। সকলোবোৰ জানি শুনিও আপোনালোকে দাদাৰ বিয়া পাতিলে আৰু দাদা ঢুকালত বৌ হলগৈ কুলক্ষিণী। 


হলেও তাই বিধৱা যেতিয়া নীতি নিয়ম মানি চলিবই লাগিব। 

মা, নীতি নিয়মৰ দোহাই দি বৌৰ হেপাহবোৰক কিয় চেপি ৰাখিছে। সম্বন্ধৰে বৌ হলেও শেৱালি বৌ মোতকৈ দুটা বছৰে সৰু। আজি মোৰ পঁচিশ বছৰ আৰু বৌৰ বাইছ। বৌৰ কি জীৱন যৌৱন বুলি একো নাই! বৌৰ কি মন নাযায় মোৰ দৰে এযোৰ ৰঙীন কাপোৰ পিন্ধি অকণমান ওলাই যাবলৈ, হাঁহি হাঁহি জীয়াই থাকিবলৈ। মাছ মাংসৰে এসাঁজ ভালদৰে খাবলৈ। আপোনালোকে কৰা ভুলৰ শাস্তি আজি বৌয়ে চাৰি বছৰে কিয় ভুগি থাকিব লগা হৈছে! মা, এবাৰ মাথো বৌক মাকৰ দৃষ্টিৰে চাওকচোন, তেতিয়া দেখিব  মানুহজনীৰ ভিতৰত কিমান দুখ! কিমান কষ্ট চেপি লৈ আছে। আৰু মা, আপোনাক আজিয়েই কথা এটা কথা কৈ থওঁ, বৌক মই আৰু নয়নে মিলি পুনৰ বিয়া দিয়াৰ সিদ্ধান্ত লৈছো। লৰাজনে আমাৰ অফিচতে চাকৰি কৰে। অমায়িক আৰু ভদ্র লৰা। আমাৰ ঘৰলৈ আহোতে তেওঁৱেই বৌক দেখি আমাক এই প্ৰস্তাব দিছিল। 

তেওঁৰো দুবছৰৰ আগতে সন্তান জন্ম দিবলৈ গৈ মানুহজনী ঢুকাল। গতিকে নীতি নিয়মৰ শিকলিৰে বৌৰ জীৱন যৌৱনক বান্ধি থবলৈ আমি কেতিয়াও নিদো। ডপডপাই ডায়নিং ৰূমৰপৰা ওলাই গল নীলা। 

  পিছদিনা অফিচলৈ ওলাওঁতে শাশুৱেকে নীলাৰ ৰূমলৈ সোমাই আহিল, 

মাজনী অ নীলা, তুমি পাৰিলে আজি  অফিচৰ সেই লৰাজনক আহিবলৈ কবাচোন। শুভ কামবোৰ পিচোৱাই থাকিব নেলাগে।।


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই এই গল্পটো আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages