লাহী-পাহি ২০ বছৰীয়া প্ৰিয়ঙ্কা বি. এ. ফ'ৰ্থ চেমিষ্টাৰৰ এগৰাকী মেধা সম্পন্ন ছাত্ৰী আছিল। শিক্ষৰ দিশটোৰ ওপৰিও দেখাই শুনাইও তাই কলেজখনত নাম্বাৰ ৱান আছিল।কিছু দিনৰ পূৰ্বে তেওঁৰ পিতৃৰ মৃত্যু হৈছিল।( Storyboard )
বৰ্তমানৰ কৰ'না সংক্ৰমনৰ বাবে তাইৰ কলেজ বন্ধ হৈ আছিল।আজি তাই নিজ গৃহৰ পৰা বান্ধৱী এগৰাকীৰ ঘৰলৈ বুলি অলপ দূৰ ওলাই যাওতেই দুই গুণ্ডা ৰূপি যুৱকে এখন বলেৰ' বাহনত আহি তাইক অপহৰণ কৰে।বাহন খনৰ ভিতৰত তাই চিঞৰিব নোৱাৰাকৈ তাইৰ মুখত আৰু চকুত কাপোৰ বান্ধি দিয়া হৈছিল।যেতিয়া তাইক খোলা গল,তেতিয়া তাই নিজকে এটা কোঠালীৰ ভিতৰত হাত-ভৰি বন্ধা ৰূপত পালে আৰু সেই দুই গুণ্ডাই তাইক বলাৎকাৰ কৰি তাইৰ যৌৱন উপভোগ কৰিবলৈ যেন উত্তাৱল হৈ আছিল।
"চোৱা ডাৰ্লিং,ইয়ত তুমি চিঞৰ-বাখৰ কৰিও কোনো লাভ নাই।আমাৰ এই ফাৰ্ম হাউচ নগৰৰ পৰা বহু দূৰৈৰ এক নিজান ঠাইত অৱস্থিত।ইয়াত তোমাৰ মাত শুনি তোমাক আমাৰ পৰা ৰক্ষা কৰিবলৈ আহোতা কোনো নাই।" এটা গুণ্ডাই এক বৃকৎ হাঁহি মাৰি কথাষাৰ কলে।
"চোৱা,আমি তোমাৰ কোনো শত্ৰু নহয়,অলপ সময়ৰ হে কথা।কোনো জোৰ জবৰদস্তি নকৰাকে আমাকো মজা লবলৈ দিয়া আৰু তুমিও মজা লোৱা।আমাক মজা লোৱাতটো তুমি বাধা দিব নোৱাৰা,এতিয়া তুমি স্বইচ্ছাই মজা লোৱা নে নোলোৱা সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব।ইয়াৰ বাবে আমি তোমাক বাধ্য নকৰো।যদিহে তুমি আমাৰ কথাত কোনো আপত্তি নজনাই মান্তি হোৱা,তেন্তে কাম হোৱাৰ পিছত তোমাক পুনৰ সুৰক্ষিত ভাবে সেই ঠাইত থৈ আহিম আহিমগৈ,যৰ পৰা তোমাক উঠাই অনা হৈছে।" দ্বিতীয়টো গুণ্ডাই তাইৰ গালত আৰু বুকুত হাত থৈ কথাষাৰ কলে।
প্ৰিয়ঙ্কাইও নিশ্চিত হল যে এই কেইটা বদমাচৰ পৰা হাতসৰাটো এতিয়া প্ৰায় অসম্ভব।যিহেতু তাইৰ দুয়োখন হাত আৰু ভৰি বান্ধি থোৱা আছিল,সেয়ে তাই ইয়াত বুদ্ধিমত্তাৰে কাম কৰাটো উচিৎ বুলি ভাবিলে।
তাই অলপ চিন্তা কৰি কলে, "চাওক মই আপোনালোকক মনা নকৰো।আপোনালোকৰ দৰে মোৰো মজা লোৱাৰ মন আছে।কিন্তু মোৰ এটা চৰ্ত আছে।"
"ৱাও…গুদ গাৰ্ল, কোৱা …কোৱা তোমাৰ সকলো চৰ্ত আমি মানি লম" প্ৰথমটো গুণ্ডাই কলে।
"মই অকলে আৰু আপোনালোক দুজন।মই বিছাৰো যে,আপোনালোক মোৰ উচৰলৈ এজন এজনকৈ আহিব,যাতে আপোনালোকেও ভালদৰে এনজয় কৰিব পাৰে আৰু ময়ো যাতে পাৰো।"প্ৰিয়ঙ্কাই এনেদৰে কোৱাৰ পিছতে তাইৰ এটা দীঘলীয়া কাহ আহিল।
দ্বিতীটো গুণ্ডাই কলে,"মাত্ৰ এইটো কথা,থিক আছে তোমাৰ চৰ্ত আমি মানি লৈছো।"
প্ৰিয়ঙ্কাই কলে, "এইসিনিতে মই আপোনালোকক আৰু এটা প্ৰয়োজনীয় কথা কব বিছাৰো যাতে পিছত আপোনলোকে নকয় যে মই আপোনালোকৰ পৰা লুকোৱালো বুলি।"
"কোৱা ডাৰ্লীং,কি আছে সোনকালে কোৱা,আমি আৰু বেছি সময় অপেক্ষা সহ্য কৰিব নোৱাৰো।"
প্ৰিয়ঙ্কাই পুনৰ এটা কাহ মাৰি কলে, "মাত্ৰ ২৫ দিন পূৰ্বে মোৰ দেউতা কৰ'নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।ইয়াৰ পিছতে মোৰ মাৰ দেহত কভিত পজেটিভ ধৰা পৰাত তেওঁ হ'ম ক'ৰেণ্টাইনত হৈ আছে। আৰু কালিৰে পৰা মোৰো গাটো জ্বৰ জ্বৰ লাগি আছে আৰু উশাহ নিশাহটো অলপ কষ্ট হৈছে।মোৰ অলপ চলপ কাহ অহাটো হয়টো আপোনালোকে ইতিমধ্যে দেখাও পাইছে।মই এশ শতাংশ নিশ্চিত নহয় যদিও প্ৰায় ৯৯ শতাংশই নিশ্চিত যে,মোৰ দেহটো ক'ভিত প'জিটিভে সংক্ৰমন কৰিছে।আৰু আজি ক'ভিত টেষ্ট কৰিবলৈকে চিকিৎসালয়লৈ গৈ থকাৰ পথতে আপোনালোকে মোক উঠাই আনিছে।সেয়ে যি কৰে অলপ সাৱধানেৰে কৰিব( Storyboard )।
প্ৰথমজন যুৱকে অলপ পিছলৈ আহি কলে, "কি ?? কৰ'না ?"
প্ৰিয়ঙ্কাই দেখিলে যে তাইৰ বুদ্ধিয়ে কিছু কাম কৰিছে,সেয়ে তাই একেবাৰে সহজ ভাবে কলে "হয় ,কৰ'না।"
দ্বিতীয়টো গুণ্ডাই কলে, "হাৰামজাদীয়ে মিছা কৈছে চাল্লা,কৰ'নাৰ নামত আমাক ভয় খোৱাব বিছাৰিছে,আমি কিয় তোমাক বিশ্বাস কৰিম তোমাৰ যে কৰ'না হৈছে বুলি।"
প্ৰিয়ঙ্কাই পুনৰ কাহ এটা মাৰি সহজ ভাবেই কলে, "নকৰিবা মোৰ বিশ্বাস,মোৰ নো কি আহে যায়,এজন এজনকৈ আহি যোৱা মোৰ কাষলৈ।যিহেতু মোৰ দেউতাৰ কৰ'নাত মৃত্যু হৈছে,মা আক্ৰান্ত হৈ আছে আৰু মোৰ গাটো বেয়া বাবে মইও আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।সেয়ে কোৱাটো মোৰ দায়িত্ব বুলি ভাবিলো মই কলো।আপোনালোকৰ যদি বিশ্বাস নাই হোৱা তেন্তে জিলা চিকিৎসালয়ত ফোন কৰি সোধি লব পাৰে যে মোৰ দেউতা যাদব হাজৰিকাৰ মৃত্যুৰ কাৰন।আৰু এটা কথা,আপোনালোকে ভালদৰে জানে যে,কৰ'না ৰুগীক পেৰাচিটামল টেবলেত দিয়া হয় বুলি।আমাৰ মাক দিয়া সেই টেবলেত মইও কালিৰ পৰা সেৱন কৰি আছো।সেই টেবলেত এতিয়াও মোৰ পাৰ্চতে আছে,আপোনালোকে ইচ্ছা কৰিলে মোৰ পাৰ্চটো চাব পাৰে।
গুণ্ডা দুটাই চিকিৎসালয়লৈ ফোন কৰি নিশ্চিত হোৱাৰ পৰিবৰ্তে তাইৰ পাৰ্চটো চোৱা উচিৎ হব বুলি ভাবিলে।এটা গুণ্ডাই জাপ মাৰি গৈ তাইৰ পাৰ্চটো খোলিলে,আৰু তাত পেৰাচিটামল টেবলেত দেখি তাৰ বুকু কপি উঠিল।সি তাৰ নিজৰ বাওঁ হাতটোলৈ মন কৰিলে,যিটোত প্ৰিয়ঙ্কাক অপহৰণ কৰিবৰ সময়ত তাই তাক কামুৰিছিল।সি কন্দামোৱা হৈ দ্বিতীয়টো গুণ্ডাক কলে,"গুৰু,ছোৱালী জনীয়ে একদম সত্য কথাই কৈছে।হাৰামজাদীৰ সচাকৈ কৰ'না হৈছে,আৰু তাই মোক হাতত কামুৰি মোকো সংক্ৰামিত কৰিলে।মই শেষ গুৰু।
"কি কৰ'না…পেচিটামল…হাতটো চাওঁ তোৰ,চিন্তা নকৰিবি ,তেজ ওলোৱা নাই,,ভয় খাব নালাগে।হাতটো ভালদৰে চেনিটাইজেৰে ধুই দে আৰু মোৰ হাতটো অলপ চেনিটাইজাৰ দে।" দ্বিতীয়টোৱে কলে।
প্ৰিয়ঙ্কাই তাইৰ পৰিকল্পনাত সফল হোৱাত মনেতে বহু আনন্দ পাইছিল যদিও তাই সতৰ্কতা বজাই সহজ ভাবে থাকিল।তাই মনতে নিজৰ দেউতাকক ক্ষমাও বিছাৰিছিল,"দেউতা মোক ক্ষমা কৰিবা।এই বদমাছ কেইটাৰ পৰা ৰক্ষা পাবলৈ মই মিছাকে কব লগা হৈছে যে তোমাৰ মৃত্যু কৰ'নাত হৈছে বুলি।" পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি হঠাৎ জ্বৰ হোৱাৰ আশংকাতেই পেৰাচিটামল টেবলেত তাই পাৰ্চত লৈ ফুৰিছিল।
দ্বিতীয়টো গুণ্ডাই বহু চিন্তিত হৈ কোঠালীটোত ইফালৰ পৰা সিফাল কৰি আছিল। ৩-৪ মিনিট পিছত প্ৰথমটো গুণ্ডাই হাত-ভৰি ভালদৰে চেনিটাজেৰে ধুই আহি ইটোকো চেনিটাইজৰ দিয়েহি আৰু কবলৈ ধৰে, দেহা থাকিলেহে বেহা…ক্ষন্তেকৰ আনন্দৰ বাবে জীৱনটো কৰি টোলিব নোৱাৰি কেহা।চালা বাছি গলো,তেজ চেজ ওলাই অহা হলে মোৰটো চেপ্তাৰেই শেষ আছিল।"
দ্বিতীয়টো গুণ্ডাই কলে, "এতিয়া এইক কি কৰা যায় ?"
প্ৰথমটোৱে কলে, "কৰিবলৈ কি আছে গুৰু, উঠাই পেলই দিও হাৰামজাদী জনিক।মুদৰ লগতে গোতেই দিনটো বৰবাদ কৰি পেলালে চাল্লা।"
তাহাতৰ যাতে কোনো সন্দেহ নহওক,সেয়ে প্ৰিয়ঙ্কাই এটা দীঘলীয়া কাহ মাৰি কলে, " চাওক,বেছি ভয় খাব নালাগে। দুৰত্ব বজাই ৰাখি হয়টো আমি মজা লবলৈ চেষ্টা কৰিব পাৰো।যদি আপোনালোকে বিছাৰে তেন্তে মোৰ মৃত্যুৰ পূৰ্বে মইও অলপ ভালদৰে মজা লৈ মৰিলো হয়।"
"চুপ…মনে মনে থাক হাৰামজাদী,বৰ আহিল মজা লবলৈ।আজিনো ৰাতিপোৱাই কাৰনো চেহেৰা চাইছিলো অই…গোতেই দিনটো বৰবাদ কৰি এতিয়া মজা লবলৈ ওলাইছে।" প্ৰথমটো গুণ্ডাই অশ্লীল গালি পাৰি কথাষাৰ কলে।
দ্বিতীয়টো গুণ্ডাই কলে, যদি তুমি জীয়াই থাকিব বিছাৰিছা তেন্তে একেবাৰে মনে মনে থাকা,হাত ভৰি মাৰি নাথাকিবা।এতিয়া পুনৰ তোমাৰ হাত- মুখ বান্ধি তোমাক এটা ডাঙৰ বস্তাত ভৰাম যাতে তোমাৰ পৰা আমাৰ দেহলৈ কৰ'না সংক্ৰমন হব নোৱাৰে।আৰু পুনৰ সেই ঠাইত পেলাই থৈ আহিমগৈ যৰ পৰা তোমাক উঠাই অনা হৈছিল।নহলে গুলি মাৰি ইয়াতে শেষ কৰি পেলাম।আমি নিবিছাৰো যে,কৰ'নাৰ সলনি তোমাৰ মৃত্যু আমাৰ গুলিত হওক বুলি।"
প্ৰিয়ঙ্কাই মনে মনে থকাৰ প্ৰতিজ্ঞা দিলে।দুই গুণ্ডাই ভয়ে ভয়ে তাইৰ পৰা কিছু দূৰে দূৰে থাকি তাইৰ চকু-মুখ বান্ধি এটা ডাঙৰ বস্তাত ভৰাই পুনৰ সেই ঠাইত পেলাই থৈ আহিলগৈ।উচৰ চুবুৰীয়াই তাইক বস্তাটোৰ পৰা মুকলি কৰে আৰু তাই পলম নকৰি আৰক্ষী থানাত বিষয়টো অৱগত কৰে।
কৰ'নাৰ নামত গুণ্ডা কেইটাই ইমানেই ভয় খালে যে প্ৰিয়ঙ্কাৰ পাৰ্চটো তাইক ঘোৰাবলৈকে পাহৰিলে আৰু সেইটো ফাৰ্ম হাউচটোতে পৰি ৰল।আৰু পাৰ্চত থকা প্ৰিয়ঙ্কাৰ মোবাইলৰ দ্বাৰা গুণ্ডা কেইটাৰ লোকেচন ট্ৰেচ কৰিবলৈ আৰক্ষীৰ সহায় হল আৰু কিছু সময়ৰ পিছতেই সিঁহতক আৰক্ষীয়ে বন্দী বনাবলৈ সক্ষম হয়।
নিজৰ বুদ্ধিমত্তাৰে কাম কৰি প্ৰিয়ঙ্কা সুশৰীৰে নিজৰ ঘৰত উপস্থিত হোৱৰ লগতে দোষীকো শাস্তি দিবলৈ সক্ষম হল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment