সিফালৰ পৰা কোনোবাই মুখ বেঁকা কৰি কলে " চল্লিশ নহয় , পঞ্চলিশ বছৰ" ।
তুমি তাইক চিনি পোৱা মানে ,
ইমান ভালকৈ চিনি নাপাওঁ , দুই তিনিবাৰ লগ পাইছোঁ । দেখাততো ইমান ভদ্ৰ , এনেকুৱা এটা কাণ্ড যে কৰিব পাৰিব ভাবিবই নোৱাৰি।
মইতো বহুত বাৰ লগ পাইছোঁ , মুখত মাতেই নাছিল কিন্তু লক্ষন চোৱা , ঠেলাৱালাৰ লগত পলাই গল।
লৰাৰ জুম এটাৰ পৰা এজনে মাত লগালে " আমিবোৰ মৰি গলো নিকি , ঠেলাৱালাৰ লগত পলাই গল যে ?"
"আৰে ঠেলাখনত বাদাম বিকিছিল, মইতো মেঘালীৰ কাৰণে ঠেলাত ফল -মূল লৈ বিকিলোঁ হয়।" সকলোৱে হাঁহি দিলে ।
" অ এইটো সঁচা, ইমান ধুনীয়া আৰু ধনী মানুহজনীৰ কাৰনেটু মই যিকোনো কাম কৰিলোঁ হয়।"
ইফালে মেঘালীৰ শাহুমাকৰ কান্দি কান্দি অৱস্থা বেয়া। "কুলক্ষনি, কাৰো কথা এবাৰো নভবাকৈ কলৈ গুচি গলি? তই এবাৰো মৃত স্বামী জনৰ কথা নাভাবিলি। আমাক সমাজৰ আগত মুখ উলিয়াব নোৱাৰা কৰিলি।"
"হয় ময়েই মেঘালী , এই যে মানুহবোৰে মোক লৈ কথা পাতি আছে, মই পলাই আহিলোঁ নিজৰ সংসাৰখন এৰি , কোনেও মোৰ মনটোক নুবুজিলে , সকলোৱে কেৱল কথা শুনালে। কিন্তু কোনে কি কয় সেইটো মোৰ দৰকাৰ নাই , মোৰ মনে যি কলে মই সেইটো কৰিলোঁ । মোকো মৰম ভালপোৱাৰ প্ৰয়োজন , মোকো শাৰীৰিক সুখ লাগে । শাৰীৰিক সুখটো বাদ দিবও পাৰি কিন্তু মোৰ মনটোৱে যে প্ৰেম ভালপোৱা বিচাৰে সেইটো কি কৰিম?"
ওঠৰ বছৰ বয়সত বিয়া দি দিলে , মোক এবাৰ সোধাতু দূৰৰে কথা মোক কোনেও এবাৰ নজনালেও। মাত্ৰ মায়ে এবাৰ কলে তোক লৰা ঘৰৰ মানুহে চাবলৈ আহিছে ৰেডি হগৈ যা, তোৰ কপাল ফুলিল। বহুত ফুৰ্তিত আছিলোঁ মই , সকলোবোৰ সপোন যেন লাগিছিল। ভাবিছিলোঁ নিজৰ ঘৰতটো একো সপোন পূৰণ কৰিব নোৱাৰিলোঁ কিন্তু এতিয়া সকলোবোৰ সপোন পূৰণ হব।
বিয়া হৈ গল, প্ৰথম ৰাতিতেই গম পালোঁ যে কিয় এজনী দুখীয়া ঘৰৰ ছোৱালীক ইমান এখন ধনী ঘৰত বিয়া পাতি অনা হল। বাকীবোৰ ককাই -ভাইৰ বিয়াটো বহুত ধনী ঘৰৰ ছোৱালীৰ লগত কৰাইছে কিন্তু অভিনৱৰ বিয়া কিয় মোৰ দৰে এজনী দুখীয়া , কম পঢ়া শুনা থকা সাধাৰণ ছোৱালীৰ লগত কৰালে ।
প্ৰথম নিশা মোৰ স্বামীএ মোক এবাৰো নুচুলে , তেওঁৰ মোৰ ওপৰত কোনো গুৰুত্বই নাছিল, তেওঁ ৰোমলৈ আহিলে কিন্তু মোৰ লগত কথাও নাপাতিলে মোৰ ফালে এবাৰ ঘুৰিও নাচালে , গাৰুটো ললে আৰু চ'ফাত শুবলৈ গুচি গল। মই আচৰিত হলো, এনেকুৱাটো চাগে কোনো নতোন বিবাহিতা কইনাৰ লগত হোৱা নাই , মইনো এনেকুৱা কি কৰিলোঁ যে মোৰ মানুহজনে মোৰ ফালে এবাৰ চকু উঠাই চোৱা নাই । গোটেই ৰাতি মই তেওঁৰ বাবে অপেক্ষা কৰিলোঁ , কিন্তু তেওঁ নাহিল । এজনী নৱবিবাহিতা কইনাৰ সকলো সপোন ভাগি গল।
দ্বিতীয় দিনা ৰাতিপুৱা শুই উঠি মনে মনে শাহুমাৰ ৰুমলৈ গলো , তেওঁ মোৰ মুখখন দেখি কিবা এটা ধাৰণা কৰিবলৈ চেষ্টা কৰিলে , আৰু মই কান্দি দিলোঁ । তেওঁ সকলো কথা বুজি পাই মোৰ মূৰত হাত ফুৰাই কলে " সকলো ঠিক হৈ যাব , সময় লাগিব কিন্তু সকলো ঠিক হব।"
তাৰমানে, শাহুমায়ে সকলো জানিছিল যদিও মোক বিয়া কৰোৱাই আনিলে , তেওঁৰ কি অধিকাৰ আছিল কাৰোবাৰ জীৱন ধংস কৰাৰ ?"
বিয়াৰ কিছুদিন পিছত গম পালোঁ মোৰ স্বামী নপোংসক নতুবা সমলিংগী হয়, তেওঁক স্ত্ৰী নহয় পুৰুষহে পছন্দ তেওঁ পুৰুষকহে কাষত বিচাৰে।
যেতিয়া মই এই কথাটো গম পালোঁ মই অবাক হৈ পৰিলোঁ, মই একো ভাবি পোৱা নাছিলো কি কৰোঁ । কিছুদিনৰ বাবে মই সংজ্ঞাহীন হৈ পৰিলোঁ , পিছত যেনে তেনে নিজক চম্ভালিবলৈ চেষ্টা কৰিলোঁ। শাহুমাএ তেওঁৰ লৰাৰ কথা সকলো গম পাইছিল , তেওঁ মোক মোৰ সকলো খং ৰাগ পাহৰি মোৰ স্বামীক নিজৰ কৰি লবলৈ উপদেশ দিলে । তেওঁ মোক বুজালে যদি মই চেষ্টা কৰোঁ হয়তো মই মোৰ স্বামীক ঘূৰাই পাম।
মইও এটা সামান্য জীৱন কটাব বিচাৰিছিলো, ঘৰৰ বাকীবোৰ মানুহ যেনেদৰে একেলগে হাঁহি মাতি থাকে , কাজিয়া কৰে আকৌ মৰম কৰে ,ইজনে আনজনৰ ধ্যান ৰাখে মইও এইবোৰ বিচাৰিছিলোঁ কিন্তু মোৰ লগত এইবোৰ হোৱা নাছিল। মানুহজনে তেওঁৰ অসম্পূৰ্ণতা বোৰ জানিছিল কিন্তু কেতিয়াও এজন স্বামীৰ দায়িত্ব পালন কৰা নাছিল।
মোৰ যেন স্বামী থাকিও নাছিল। মই শাহুমাৰ সকলো কথা মানি ললোঁ , মই মোৰ স্বামীক মৰম ভালপোৱা দিবলৈ বহুত চেষ্টা কৰিলোঁ। এদিন মই মোৰ সকলো লাজ কান কাটি কৰি তেওঁৰ সন্মুখত নগ্ন হৈ পৰিলোঁ কিন্তু তেওঁৰ একো সঁহাৰি নাপালোঁ । সেইদিনা গোটেই ৰাতি মই বিচনাত চটফটাই থাকিলোঁ পানী নহলে মাছে যেনেকৈ চটফটাই তেনেকৈ আৰু মোৰ স্বামীএ মুখ ঘূৰাই শুই থাকিল।
মই মানিছোঁ এইবোৰত অভিনৱৰ কোনো ভুল নাই ,তেওঁক প্ৰকৃতিএ এনেদৰে বনাইছে। তেওঁ বিয়াৰ বাবেও মাকক বাধা দিছিল কিন্তু মাকে ভাবিছিল হয়তো বিয়াৰ পিছত সকলো ঠিক হৈ যাব কিন্তু কেতিয়াবা কোনোবাই ভাবি চালেনে ইয়াত মোৰ কি দোষ ?
বিয়াৰ অলপ দিন পিছতে অভিনৱে বেলেগ ৰুমত শুবলৈ আৰম্ভ কৰিছিল, এদিন ৰাতি তেওঁৰ ৰুমৰ পৰা এজন মানুহ ওলাই যোৱা দেখিছিলোঁ তেতিয়াই বুজি উঠিলোঁ যে তেওঁলোকৰ মাজত কি ঘটিল।
নিজৰ ওপৰত ঘৃণা উপজিছিল কিন্তু একো কৰিব পৰা নাছিলোঁ। মই সদায় মন মাৰি থাকিবলৈ লৈছিলোঁ।
বিয়াৰ পিছত চাৰি বছৰ পাৰ হৈ গল , মই সদায় ৰাতি জীয়াই জীয়াই মৰিছিলোঁ। মাৰ ঘৰলৈও উভতি যাব নোৱাৰোঁ কিয়নো মাৰ ঘৰলৈ যোৱা মানে অভিনবৰ সকলো কথা ওলাই পৰিব। মোৰ শহুৰৰ ঘৰৰ মানুহে কেতিয়াও এইবোৰ কথা সমাজত ওলোৱাটো বিচৰা নাছিল আৰু তেওঁলোক ইমান ধনী আছিল যে টকাৰ জোৰত তেওঁলোকে যিকোনো কাম কৰিব পাৰিছিল। সমাজত তেওঁলোকৰ সন্মান আছিল, ভাল নাম আছিল সকলোৱে তেওঁলোকক দেখিলে সন্মান কৰিছিল তেনেস্থলত মোক নো ঘৰৰ পৰা কত যাবলৈ দিব।
বিয়াৰ ছয় বছৰ পিছত সমাজে মোক সন্তান হীন মাতৃ অৰ্থাৎ বাজি বুলি ঘোষনা কৰিলে । সকলোৱে আহি মোকেই সোধে" কেতিয়াকৈ মাক হবা" কিন্তু অভিনৱক কোনেও নোসোধে তেওঁ কেতিয়া দেউতাক হব?
কিন্তু এইটো সমস্যাৰো সমাধান শাহুমাএ বিচাৰি উলিয়ালে । অভিনৱৰ ডাঙৰ ককায়েকৰ লৰাটো মোক দি দিলে , মই আজিও বুজি নাপালোঁ ডাঙৰ নবৌয়ে নিজৰ সন্তানটো মোক কেনেকৈ দিবলৈ মান্তি হল ।
সন্তানটো নামতহে মোৰ আছিল কিন্তু সি ডাঙৰ মাকৰ লগতেই থাকিছিল। মোৰ মনৰ পৰা মৰম, দয়া , লোভ ,মোহ সকলোবোৰ নাইকিয়া হৈ পৰিছিল। মই এটা মমৰ পুতলাৰ দৰে হৈ পৰিছলো, গোটেই দিন পইচা খৰছ কৰাই মোৰ উদ্দেশ্য হৈ পৰিছিল । এইটো নহয় যে মই সন্তানটোক আপোন কৰিব চেষ্টা কৰা নাছিলোঁ ,কিন্তু মই তাক নিজৰ কৰিব নোৱাৰিলোঁ । হয়তো তেজৰ সম্পৰ্ক মোৰ মৰমতকৈ ডাঙৰ আছিল, মই তাৰ কাৰণে সেইবোৰ কৰিব পৰা নাছিলো যিবোৰ তাৰ নিজৰ মাকে কৰিছিল।
লৰা লাহে লাহে ডাঙৰ হল, সি সুধিব ধৰিলে " মা, তুমি আৰু দেউতা বেলেগকৈ কিয় শুৱা? বৰ্মা আৰু বৰ্তাটো একেলগতেই থাকে । দেউতাইটো তোমাৰ লগত বেছি কথাও নাপাতে ।"
কি উত্তৰ দিম মই তাক , সেই সময়ত তাক সাৱটি ধৰোঁ।
সময়বোৰ পাৰ হৈছিল , মই জীৱনৰ লগত বুজাবুজি কৰি ললোঁ নিজকে ভগৱানৰ নামত অৰ্পণ কৰিব চেষ্টা কৰিলোঁ । বাহিৰৰ পৰাটো মই সম্পূৰ্ণ ৰূপে ভগৱানত সমৰ্পিত হলো কিন্তু মনৰ ভিতৰত সদায় ধুমুহা সৃষ্টি হৈ থাকিল।( Storyboard )
মোৰ শাহুমা সুখী আছিল কাৰণ মই সেই ঘৰখনত থাকি গলো , তেওঁ ভাবিছিল মোৰ দুখবোৰ হয়তো কম হৈ গল কিন্তু তেওঁ ভবাৰ দৰে একো নাছিল। মই ভিতৰি আৰু বেছি চটফটাই দিশহাৰা হৈ পৰিছিলোঁ ।
দুই , তিনিদিনৰ মূৰে মূৰে অভিনৱৰ ৰুমৰ পৰা কোনোবা নহয় কোনোবা এজন মানুহ ওলাই যোৱা দেখা পাইছিলোঁ তাৰে কেতিয়াবা এজন দুখীয়া মজদূৰ, কেতিয়াবা ঠেলাৱালা আৰু কেতিয়াবা ৰিক্সাৱালা ।
তাৰ মাজত কোনো ভদ্ৰ লোকো দেখা পাইছিলোঁ মাজে সময়ে ।
এতিয়া আৰু মোৰ এইবোৰ কথাত গুৰুত্ব দিব মন নাযায় , কি হৈ আছে মোৰ জানিব কোনো প্ৰয়োজন নাই ।
অভিনবৰ বয়স তেতিয়া ৪৬ বছৰ , তেওঁৰ হাৰ্ট এতেক হৈ মৃত্যু হয় ।
কিন্তু মোৰ একো অনুভৱ নহল , মানুহক দেখুৱাই মইও কান্দিলো , শিৰৰ সেন্দুৰ মোহাৰি পেলালো কিন্তু মই তেওঁক হেৰুৱাই দুখী নহয় অথচ সুখীও নাছিলোঁ ।
কিছুদিনৰ পিছত মই মন কৰিলোঁ মোৰ ৰুমৰ সন্মুখৰ মানুহ ঘৰৰ দুৱাৰ মুখত কোনোবাই বাদামৰ দোকান দিছে ঠেলা এখন লৈ। সেই বাদাম বিক্ৰী কৰা মানুহজনৰ চকু সদায় মোৰ ৰূমতেই থাকে , মই যেতিয়াই খিড়িকীখনৰ ওচৰত যাওঁ তেওঁ মোক চাই থাকে । প্ৰথমতে মোৰ অলপ সংকোচ হৈছিল কিন্তু পিছত মইও বাৰে বাৰে গৈ তাতেই ৰৈ থাকোঁ । তেওঁ মোক চাইছিল আৰু মই তেওঁক চাই ৰৈছিলো। তেওঁৰ বয়স খুব সম্ভৱ ৩৫ ৰ পৰা ৪০ৰ ভিতৰত আছিল। দেখাত ধুনিয়াই আছিল , মূৰত গামোচা বান্ধিছিল মুঠতে সকলোফালৰপৰা ঠিকেই আছিল।
এদিন মই বজাৰলৈ গৈছিলোঁ, ঘূৰি আহোঁতে সন্মুখত তেওঁৰ বাদমৰ ঠেলা খন চকুত পৰিল। অনিচ্ছাকৃৎভাবে খোজবোৰে তেওঁৰ ফালে গতি ললে ।
" নবৌ আপুনি, কি লব কওঁক? " মই বাদামৰ ফালে চকু দেখুৱালো । তেওঁ বাদাম পেক কৰি মোৰ হাতত তুলি দিলে । অজানিতে নে জানি বুজি তেওঁৰ আঙুলি কেইটাই মোৰ হাতখন চুই গল। এক শিহৰণ জাগি উঠিল , মই আহিবলৈ ধৰোঁতেই পাছফালৰ পৰা তেওঁ মাত লগালে ," বহুত অন্যায় হল আপোনাৰ লগত নবৌ"।
"কি কব খুজিছা তুমি"?
" মই অভিনৱ দাৰ কথা সকলো গম পাওঁ।"
"তাৰমানে তুমিও,......" মই জানি শুনি কথাষাৰ আধাকোৱা কৰিলোঁ ।
" নহয় বৌ, মই কেনেকৈ হব পাৰিম ,আপুনি ভুল বুজিছে , মই বহুতবাৰ কিছুমান বেয়ালোকক আপোনাৰ ঘৰত যোৱা দেখা পাইছিলোঁ।"
সেই সময়ত মোৰ এনে ভাব হল যে মোৰ ভৰিৰ তলৰ মাটি ফাটি মই তাত বিলীন হৈ যাওঁ । ঘৰলৈ আহি মোৰ ৰুমৰ খিড়িকীখনত পৰ্দা লগাই দিলোঁ আৰু বহুতদিন খিড়িকী বন্ধ কৰি থলোঁ।
কিছুদিনৰ পাছত যেতিয়া খিড়িকী খোলো , মধুক (বাদাম দোকানী) মোৰ ৰুমৰ ফালে চাই থকা দেখিলোঁ । তেওঁ মোক দেখি হাঁহি আছিল আৰু মইও তেওঁক দেখি হাঁহি দিলোঁ । তেওঁ মোক ইংগিত দি সকলো ঠিকেই আছেনে সুধিলে । মোৰ মনত ভাব হল তেওঁ মোৰ ইমান চিন্তা কৰিছে , মোৰ মন উগুল থুগুল লাগিল , আজিলৈকে মোক কোনেও এনেদৰে সোধা নাই ।
মনৰ এটা কোণত কিছু ভাৱনা জাগী উঠিছিল, কেতিয়াৰ পৰা আমি চকুৱে চকুৱে কথা পাতিব আৰম্ভ কৰিলোঁ গমকে নাপালোঁ , তাৰ পাছত আমাৰ মাজত কথা আৰম্ভ হল । মই মেঘালীৰ পৰা কেতিয়া মেঘা হলোহি ধৰিবই নোৱাৰিলোঁ । মই ঘৰত মিছা কথা কৈ মধুক লগ কৰিবলৈ গলো । ঘৰতটো মোক লৈ কাৰো চিন্তা নাছিল। গোটেই দিন মধুৰ কথাই ভাবিব ধৰিলোঁ ।
মায়ে (শাহুমা) নিজৰ অপৰাধবোধ কম কৰিবৰ বাবে বহুত সা-সম্পত্তি , গহনা মোৰ নামত কৰি দিছিল । এতিয়া সেইবোৰ ব্যয় কৰাৰ সময় আহিল।
মই যিকোনো প্ৰকাৰে সদায় মধুক লগ কৰিব যাওঁ , তেওঁৰ সাধাৰণ লং পেন্টৰ ঠাইত জিন্স পেন্ট পিন্ধিব ধৰিলে। বিড়িৰ ঠাইত চিগাৰেট, থলুৱা সুৰাৰ ঠাইত বিদেশী সুৰাই ঠাই পালে । তেওঁৰ স্তৰ ওপৰলৈ গৈ আছিল আৰু মোৰ তল পৰি ৰৈছিল।
সময় পাৰ হৈ গৈ আছিল , ঘৰত আমাৰ দুজনৰ কথা কোনেও গম পোৱা নাছিল। মোৰ শৰীৰৰ ক্ষুধা বাঢ়ি গৈছিল, যিমানে মধুয়ে মোক শাৰীৰিক সুখ দিছিল মই সিমানেই তেওঁৰ ওপৰত টকা খৰচ কৰিছিলোঁ।
মধুৰ কপাল ফুলিছিল, কিয়নো এক হাতে মোৰ শৰীৰটো উপভোগ কৰিব পাইছিল আৰু আনহাতে মোৰ টকা পাইছিল। মধু মোৰ বাবে ইমানেই মহত্ত্বপূৰ্ণ হৈ পৰিছিল যে মই তেওঁৰ বাহিৰে আন কাৰো কথা ভাবিবই পৰা নাছিলোঁ । গোটেই সংসাৰত কেৱল তেওঁকে চকুত পৰিছিল।
শাহুমা বহুত সুখী আছিল , তেওঁ ভাবিছিল বোৱাৰীয়ে মন্দিৰত গৈ চাৰি পাছ ঘণ্টা সময় ভগৱানৰ আৰাধনা কৰে । ঘৰৰ কোনো এজন মানুহৰ মোৰ কাৰণে সময় নাছিল কিন্তু মোৰ সৰু দেউৰৰ পত্নীয়ে মোৰ ওপৰত সন্দেহ কৰিব ললে । তাই মোৰ ওপৰত চকু ৰাখিব ললে । এদিন তাই মোৰ পিছ ললে আৰু তাই গম পালে মই সদায় কত যাওঁ , তাই ঘৰত আহি সকলোকে জনাই দিলে ।
মই ঘৰলৈ অহাৰ পাছতেই সকলো মোৰ স্বাগত কৰিবলৈ ৰৈ আছিল। শহুৰদেউতাই মোক বহুত গালি পাৰিলে আৰু মোৰ সৰু দেওৰ জনে মোৰ ওপৰত হাত উঠালে । মায়েটো মন ভৰাই কথা শুনালে, গোটেই ঘৰৰ মানুহবোৰে মোক চিৰিয়াখানাৰ জন্তু চোৱা দি চাইছিল।
তাৰ পাছত মোৰ ওপৰত চকু ৰাখিবলৈ ললে। মোৰ ফোনটো কাঢ়ি ললে , মই ঘৰৰ পৰা বাহিৰলৈ যাব নোৰিছিলোঁ। মই পাগল হৈ পৰিছিলোঁ। গোটেই দিন ৰুমত সোমাই কান্দি থাকোঁ , মধুএওঁ তাৰ বাদামৰ ঠেলা খন লগোৱা বন্ধ কৰি দিলে ।
এদিন ৰাতি বহুত সাহস কৰি সকলো টকা পইচা, গহনা , মাটিৰ কাগজ লৈ পলাই গলো । যদি ২৫বছৰ আগতেই এইটো কৰিলোঁ হয় তেতিয়াহলে ইমান বেয়া নহল হয় কিন্তু তেতিয়া কাৰো সহাৰি পোৱা নাছিলোঁ । এতিয়া মধুৰ সঁহাৰি পালোঁ যেতিয়া ঘৰৰ পৰা পলাই আহিলোঁ ।
মই হোটেল এখনলৈ গলো আৰু মধুক ফোন কৰি তালৈ মাতিলো। মই ঘৰৰ পৰা পলাই অহা কথাটোত তেওঁ ভাল পোৱা নাছিল । তেওঁ জানিছিল যদি আমি ধৰা পৰো মোৰ ঘৰৰ মানুহে তেওঁৰ কি অৱস্থা কৰিব । যেতিয়া মই তেওঁক মোৰ পইচা দেখুৱালো তেওঁৰ চকু কপালত উঠিল, তেও হয়তো সপোনটো ইমানবোৰ টকা দেখা নাছিল।
সেইদিনা ৰাতি আমি চহৰ এৰি আন এখন ঠাইলৈ গুচি আহিলোঁ আৰু আমাৰ সংসাৰ আৰম্ভ কৰিলোঁ । এই দিনবোৰ মোৰ জীৱনৰ সোণালী দিন আছিল। গোটেই দিন আমি ইজনে আনজনৰ মাজত লিন হৈ পৰিছিলো। এতিয়া মধু এজন ডাঙৰ ব্যৱসায়ী হব খুজিছিল । তেওঁ মোৰ সকলো সম্পত্তি যিকোনো দামত বিক্ৰী কৰি দিলে। তেওঁ সদায় মোৰ ওচৰলৈ নতুন ব্যৱসায়ৰ কথা পাতিবলৈ আহে আৰু মোৰ পৰা চেক চাইন কৰাই লৈ যায় ।
মই গম পাইছিলোঁ মোৰ শহুৰৰ ঘৰৰ মানুহে বাকী সম্পত্তি বোৰৰ পৰা মোৰ নাম কাটি দিছিল। মোৰ মাৰ ঘৰৰ মানুহে কলে মই তেওঁলোকৰ বাবে মৰি গলো। কিন্তু তেতিয়া মই মন বেয়া কৰা নাছিলোঁ কাৰণ মোৰ কাষত তেতিয়া মধু আছিল।
সময় পাৰ হল, লাহে লাহে টকা পইচা শেষ হব ধৰিলে , চিন্তা লাগিল আহিবলগীয়া সময়ত কি কৰিম। মধুয়ে সদায় কয় ," মোৰ ৰাণী তুমি চিন্তা নকৰিবা , তোমাক সঁচাকৈয়ে ৰাণী বনাই ৰাখিম মাত্ৰ এবাৰ মোৰ ব্যবসায় আৰম্ভ হব দিয়া। "
কি ব্যৱসায় কৰিছে নাজানো মই মাত্ৰ পইচা খৰছ কৰা মেচিন হৈ পৰিছিলোঁ। এদিন মই খংত পইচা নিদিওঁ বুলি কোৱাত মধুয়ে মোৰ ওপৰত হাত উঠালে। খংত কব নোৱাৰা হৈছিলোঁ মই কিন্তু একো কব , কৰিব নোৱাৰিলোঁ । তাৰ পৰা গুচি আহিবৰ সাহস গোটাব নোৱাৰিলোঁ। সদায় এই মাৰ পিত বোৰ চলিব ধৰিলে, মই ভৱিষ্যতৰ কথা ভাবি টকা দিবলৈ মানা কৰোঁ আৰু মাৰ খাওঁ।
বয়সও বাঢ়িছিল,কিন্তু মন এতিয়াও ভৰা নাছিল কিন্ত মধুৰ মোৰ প্ৰতি থকা হেঁপাহ কম হবলৈ ধৰিছিল। তেওঁ গাভৰু শৰীৰ এটা বিচাৰিছিল।
যেতিয়া মই শেষৰখন চেকত চাইন কৰিলোঁ তেতিয়া বুজি উঠিলোঁ মোৰ সুখবোৰ শেষ হৈ গল।
এতিয়া মধুয়ে গোটেই দিন শুই থাকে আৰু মই উপায়হীন হৈ দুই তিনিঘৰ মানুহত ভাত বনোৱা কাম কৰোঁ।
৫/৬ বছৰৰ ভিতৰতেই মই ৰাণীৰ পৰা চাকৰনি হৈ গলো । মধুৰ এতিয়া মোৰ ওপৰত কোনো মন নাছিল , তেওঁ বেলেগৰ ওপৰত মন দিব ধৰিলে । তেওঁ এতিয়া মই এৰি যোৱাটো বিচাৰিলে। কিন্তু মই এতিয়া মধুক এৰি কত যাম? মোৰ বাবে সংসাৰৰ সকলো দুৱাৰ বন্ধ আছিল।
এদিন মধুয়ে মোক বহুত বেয়াকৈ মাৰিলে , বহুত গালি দিলে । মোৰ মুখত এচিড ঢালি দিয়াৰ ধমকি দিলে।
মই বহুত ভয় খালোঁ, নিজৰ বেগত কাপোৰ দুযোৰ ভঁৰালোঁ আৰু তাৰ পৰা গুচি আহিলোঁ ।
আজিকালি মই ভগৱানৰ চৰণত ঠাই ললোঁ । মন্দিৰলৈ অহা ভক্ত সকলৰ চেন্ডেলৰ ৰখীয়া কৰোঁ । মন্দিৰৰ পূজাৰী জন বহুত ভাল , মন্দিৰৰ পৰাই খোৱা বস্তুৰ যোগাৰ হৈ যায় । কেতিয়াবা কোনো ভক্তই কাপোৰ কানি দি থৈ যায়। এতিয়া সচাকৈ মই ভগৱানৰ নাম লৈছোঁ আৰু মোৰ মৃত্যুলৈ অপেক্ষা কৰিছোঁ।
ইমানেই মোৰ (মেঘালী)ৰ কাহিনী।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment