খিৰিকিৰ ফাকেৰে সুমুৱাই অহা জোনৰ নিৰিবিলি পোহৰেও অপেক্ষা কৰিছিল জোনাক নিশাৰ মিলনৰ বাবে( Storyboard ) । সেয়ে চাগে আজি জোনটোৱে উজ্জ্বলৰ পৰা আৰু অধিক উজ্জ্বল হৈ জোনাক নিশাক সম্ভাষণ জনালে । তাৰ পিছত জোনাকে কৈ গল তাৰ সেই জীয়া কাহিনী শৈশৱৰ প্ৰেয়সী নিশাৰ কথা । তাইক লগ পোৱা, চকুৰ ভাষাৰে প্ৰেম নিবেদন কৰা, তাইৰ স্মৃতি বুকত বান্ধি দিল্লীলৈ যোৱা, উভতি আহি বিশ্ব বিদ্যালয়ৰ সম্মুখত অপেক্ষা কৰা, তাইৰ ঠিকনা বিচাৰি অধ্যক্ষৰ কোঠালৈ যোৱা সকলো কথা । নিশা আচৰিত হল । কাৰণ তাৰ সেই প্ৰেম, সেই ভালপোৱাৰ গৰাকী তাইয়ে । হয়তো জোনাকে সচাকৈয়ে নাজানে..! সময়ৰ ধুমুহাই ৰূপ, যৌৱন সলনি কৰিব পাৰিলেও হয়তো সলনি কৰিব পৰা নাই জোনাকৰ মনটো । নিশাৰ ভাব হল সচাকৈয়ে মানুহৰ মন বোলা বস্তুটো সূৰ্যৰ পোহৰৰ দৰে প্ৰখৰ আৰু স্পষ্ট । তাই কিছু গভীৰ হৈ পৰিল । লাহে লাহে কৈ গল তোমাৰ বুকুত ডুলি থকা সেই ছয়া ময়া ছবিৰ গৰাকী মইয়ে জোনাক। জোনাক আচৰিত হৈ পৰিল । তুমি এইবোৰ কি কৈছা? আৰু এয়া কেনেকৈ সম্ভৱ? মই যি কৈছো সেয়াই সত্য । হয়তো তুমি বিশ্বাস কৰিব টান পাইছা( Storyboard )
তেন্তে তুমি নিশিতা হলা কেনেকৈ? মোৰ নাম নিশিতা, কিন্তু গাৱত সকলোৱে মোক নিশা বুলিয়েই জানে । আৰু ইয়াতেই মোৰ আটাইতকৈ ডাঙৰ ভুলটো হল । আবেগ বিভোল হৈ জোনাকে কলে । কাৰণ মই তোমাক সেই লৰালিতে লগ পাওঁতে বন্ধু নয়নে তোমাৰ নাম নিশা বুলি কৈছিল আৰু মোৰ মনৰ সপোনটোক তেনেকৈয়ে গঢ় দিলো । তোমাৰ লগত সাক্ষাৎ হম বুলি ভাবি থাকোতেই জীৱনৰ কঠোৰ আহ্বানে ঠেলি নিলে বহু দূৰলৈ..! তাৰ পৰা উভতি আহি শুনিলো তুমি হেনো বিশ্ববিদ্যালয়ৰ নিবাসী । মনতে ভাব হল তুমিও বহুত ডাঙৰ হলা । বিশ্ববিদ্যালয়ৰ চৌহদত তোমাৰ অপেক্ষাত কিমান দিন যে কটালো । নাই তোমাক লগ পোৱাৰ সৌভাগ্যকণ নহল । মা দেউতাই বিয়াৰ তাগিদা দিলে । তোমাৰ ছবি বুকুত বান্ধি কেনেকৈ নো আন ছোৱালীৰ লগত জীৱনটো কটোৱাৰ কথা ভাবো । কাজিয়া হল। পিছত এজন পৰাজিত নায়কৰ দৰে মা দেউতাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ বিয়াৰ বাবে সাজু হলো । হয়তো খং, অভিমান বাদ দি এবাৰ মাত্ৰ এবাৰ যদি তোমাক লগ কৰিলোহেঁতেন হয়তো ইমান ধুমুহাৰ মুখামুখি হব লগা নহলহেঁতেন । সামান্য এটা ভুলৰ বাবে আজি দেউতাও গুচি গল বহু দূৰলৈ...!
বিয়াৰ পিছৰে পৰা জোনাকৰ ব্যৱহাৰ নিশাক হতাশগ্ৰস্ত কৰি তুলিছিল কিন্তু আজি তাই শান্তিৰ নিশ্বাস পেলালে । প্ৰতেকজন মানুহৰ মাজত কল্পনাৰ এজন নায়ক বা নায়িকা লুকাই থাকে । হয়তো নিশাও ব্যতিক্ৰম নহয় । নিশাৰ সেই কল্পনাৰ ৰাজ কুমাৰ জনে আছিল জোনাক । কিন্তু দিল্লীলৈ যোৱাৰ পাছত আন কাৰোবাৰ প্ৰেমত আক্ৰান্ত হৈ জোনাকে তাইক তেনে ব্যৱহাৰ কৰা বুলি ভাবিছিল কিন্তু যেতিয়া জোনাকে অনৰ্গল তাৰ আ শৈশৱৰ জীয়া কাহিনী কৈ গল তাই নিশ্চিত হৈ পৰিল জোনাক একেই আছে । সেই লৰালৰি বাকৰিত লগ পোৱা তাইৰ জোনাক আজিও একেই আছে । তেন্তে ভুল ক'ত হল? নে সময়ৰ সোঁতে যৌৱনৰ সৌন্দৰ্য্যত ৰহন সনাই জোনাকে তাইক চিনিব পৰা নাছিল ।
"মোক এটি সুৰ কৰি তোলা
তোমাৰ নিবিৰ মায়াৰে...! "
ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment