মুষলধাৰ বৰষুণৰ মাজতে অহা বিজুলী ধেৰেকনিয়ে নিশাটো আৰু অধিক জয়াল কৰি তোলিছিল।এনে লাগিছিল যেন ডাঙৰ ধুমুহা হে আহিব।তীব্ৰ বতাহৰ মাজত খৰিকী সমূহ খোলা-বন্ধ হব ধৰিছে( Storyboard )।বৰষুণৰ চিটিকণি কোঠালীত পৰিবলৈ লোৱাত অৰ্পিতা উঠি খিৰিকী সমূহ বন্ধ কৰে।তাৰ পিছত পুনৰ তাই আহি বিছনাত বহি পৰে।বাহিৰৰ বতাহ বৰষুণৰ শব্দ কিছু পৰিমানে কমি আহিছিল যদিও অৰ্পিতাৰ আজি টোপনি কৰবাত যেন হেৰাই গৈছিল।আজি অৰ্পিতা ঘৰত অকলশৰে আছিল।কিয় জানো তাই আজি ভিতৰি ভিতৰি ভয় খাই আছিল যেন আজি কিবা অমংগল হে হবলগীয়া আছে।তাইৰ মনটো আজি যথেষ্ট ব্যাকুল হৈ আছিল,ইফালে তাইৰ বিয়া হোৱা মাত্ৰ এবছৰহে হৈছিল।তাইৰ স্বামী বিনোদক এৰি এনেদৰে অলশৰে এইবাৰ প্ৰথম আছিল।তাই চিন্তিত হৈ বিনোদ ঘৰৰ পৰা যোৱা দুদিনৰ পূৰ্বৰ কথা মনত পেলাবলৈ ধৰিলে।
বিনোদ দুদিনৰ বাবে অফিছৰ কামত বাহিৰলৈ যাব লগীয়া হৈছিল।তাইও লগতে যাব বিছাৰিছিল যদিও বিনোদে তাইক বুজাইছিল যে এনে অৱস্থাত তাই বাহিৰলৈ যোৱাটো ভাল কথা নহয় বুলি।"আনহাতে চিকিৎসকেও তুমাক কিছু দিন আৰাম কৰিবলৈ কৈছে।কেৱল দুদিনৰ বাবেহে যাব লৈছো দেহা, চিৰজীৱনৰ বাবে যাবলৈ লোৱা নাই নহয়।" অৰ্পিতাই তাৰ মুখত হেচা মাৰি ধৰি কলে "আৰু পুনৰ যেন এনে কথা কেতিয়াও নোকোৱা,তুমি জানা নহয় মই তোমাৰ অবিহনে এক চেকেণ্ডো থাকিব নোৱাৰো।" "থিক আছে দেহা,আৰু নকও বাৰু… sorry…এতিয়াটো অলপ হাঁহি দিয়া।
দুয়ো ইজনে সিজনক বহুত ভাল পাইছিল।"চোৱা,মই তুমাৰ ঘৰলৈ ইতিমধ্যে ফোন কৰিছো,সন্ধ্যালৈকে তোমাৰ মা আহি পাবহি,গতিকে তুমি চিন্তা কৰি নাথাকিবা।" তাৰ পিছত বিনোদে যোৱাৰ পূৰ্বে অৰ্পিতাক দুবাহুৰ মাজত লৈ বহুত মৰম কৰিলে।অৰ্পিতাই সেই বিশেষ ক্ষণ কন সদায়ে ধৰি ৰাখিব বিছাৰিছিল।বিনোদ ওলাই যোৱাটো অৰ্পিতাই তেতিয়ালৈকে চাই থাকিল যেতিয়ালৈকে বিনোদক তাই চকুৰে মনিব নোৱাৰা হৈ নগল।অতি দুখ মনেৰে অৰ্পিতা ভিতৰলৈ আহি বিছনাত বহি পৰিল।আৰু কিছু সময়ৰ পিছত তাইৰ মাকলৈ ফোন কৰি মাকৰ পৰা জানিব পাৰলে যে দেউতাকৰ স্বাস্থ্য হঠাৎ বেয়া হৈ পৰাত মাক তাইৰ ওচৰলৈ আহিব নোৱাৰিব।উপায়ন্তৰ হৈ দেউতাকৰ স্বাস্থ্যৰ ভালদৰে যত্ন লবলৈ কৈ তাই ফোনটো কাটি দিলে।তাৰ পিছত তাই অতি দুখ মনেৰে বিছনাত বাগৰি পৰি ভাবিবলৈ ধৰিলে যে,বিনোদ কেতিয়া গৈ পায় তাইলৈ ফোন কৰিব।সি কথা দিছিল যে,পুৱা গধূলি সি নিশ্চয় তাইলৈ ফোন কৰিব।
আজিৰ বতাহ-বৰষুণৰ মাজত অপেক্ষাৰ সময়বোৰ যেন বৰ দীঘলীয়া হৈ পৰিছিল।বিগত দুটা দিনৰ কথা সমূহ মনত পেলাই পেলাই এতিয়া তাই ভবিলে যে তাই নিজেই ফোন এটা কৰি সোধি লব,যে সি কেতিয়া তাৰ পৰা ওলাব ? নিশাও যথেষ্ট হৈ পৰিছিল,অৰ্পিতাই ফোন কৰিছিল যদিও বিনোদৰ ফোন চুইটছ্ অফ দেখোৱাইছিল।এনেকোৱাটো বিনোদে কেতিয়াও নকৰে,অহাৰ পূৰ্বে এবাৰটো ফোন এটা কৰিব লাগিছিল।বিভিন্ন ধৰনৰ চিন্তাই ঘেৰি ধৰিছিল অৰ্পিতাক।বাহিৰত বৰষুণো বাঢ়িবলৈ ধৰিছিল।( Storyboard )
তেনেকোৱাতে যোৰ যোৰকৈ দুৱাৰ ধকিওৱাৰ শব্দ শুনা পোৱা গল।অৰ্পিতাই ভয় খালে,ইমান নিশা কোন হব পাৰে ? বিনোদটো পুৱাহে পাবহি! অৰ্পিতা অৰ্পিতা দুৱাৰ খোলা মই বিনোদ,তাই দুৱাৰ খোলি বিনোদক দেখি আচৰিত হৈ প্ৰশ্ন কৰিলে "তুমিটো পুৱাহে অহা কথা আছিল,হঠাৎ এই সময়ত যে ?" তোমাক লগ পোৱাৰ ব্যাকুলতাত মই পুৱালৈকে ৰব নোৱাৰিলো !! তুমি তাৰ পৰা অহাৰ পূৰ্বে ফোন কিয় নকৰিলা আৰু তুমাৰ ফোনটো কিয় চুইটছ্ অফ হৈ আছে ?
আৰে বাবা এতিয়া ভিতৰলৈ আহিবলৈ দিবা নে এনদৰে বাহিৰতে বৰষুণত তিয়াই ৰখাৰ মন কৰিছা ? মইটো আৰু সোনকালে ঘৰ পাই তোমক Surprise দিব বিছাৰিছিলো,কিন্ত গাড়ী খন বেয়া হোৱাৰ বাবেহে কিছু পলম হল।বৰষুণৰ বাবে মোবাইলত নেটৱৰ্কো কম আছিল। থিক আছে তুমি কাপোৰ সলাই লোৱা,মই তোমাৰ বাবে চাহ বনাও।এৰি দিয়া না। চাহ পিছত খাম প্ৰথমে তুমি মোৰ কাষত বহাচোন।আজি মই তুমাক অন্তৰ জুৰ পৰাকে চাব বিছাৰিছো,তোমাৰ সৈতে কথা পাতিব বিছাৰিছো। অৰ্পিতাই কলে,তোমাৰ ভাগৰ লাগি আহিব পাই,অলপ আৰাম কৰি লোৱা।কিন্তু বনোদে কলে যে,দেহা তুমাক দেখিলেই মোৰ সকলো ভাগৰ দূৰ হৈ যায়।
সি অৰ্পিতাক দুবাহুৰ মাজত লৈ তাইৰ গোলপীয়া উঠত এটা মৰমৰ চুমা দিলে।
অৰ্পিতা লাজত ৰঙা হৈ পৰিছিল,তাইওটো বিনোদৰ সান্নিধ্য বিছাৰি আছিল সেয়ে তই একো বিৰোধ নকৰিলে।বিনোদে লাহে লাহে তাই চুলিত হাত বুলাই কলে,অৰ্পিতা তুমি মোক এটা শপত দিবা নে ? কেনেকোৱা শপত ? অৰ্পিৰ্তাই তাৰ চকুলৈ চাই শুধিলে। যদি কেতিয়াবা মই তোমাৰ পৰা দূৰ হব লগীয়া হয় তেন্তে তেতিয়াও তুমি সদায় এনেদৰে হাঁহি থাকিবা।মোৰ প্ৰেম-ভালপোৱা সদাই ছাঁহটোৰ দৰে তোমাৰ সৈতে থাকিব।তুমি সেই প্ৰতিটো সপোনেই পূৰণ কৰিবা যিসমূহ আমি একেলগে দেখিছিলো।বিনোদে আজি এনেধৰনৰ কথাবোৰ কিয় কৈছিল,অৰ্পিতাই একো বুজিবই পৰা নাছিল।তাই কিছু খং দেখোৱাইছিল কিন্তু বিনোদে তাইক পুনৰ দুবাহুৰ মাজত লৈ মৰম কৰিবলৈ ধৰিলে আৰু তাৰ মৰম ভৰা স্পৰ্শত কেতিয়া তাইৰ টোপনি গল গমকে নাপালে।অৰ্পিতাৰ যেতিয়া চকু মেল খাইছিল তেতিয়া ৰাতিপুৱা হৈছিল।বিনোদক কাষত নাপাই তাই ভাবিলে যে সি আজি সোনকালে সাৰ পালে।
অৰ্পিতাৰ চকুযোৰে উৎসুকতাৰে বিনোদক বিছাৰি ফুৰিছিল তেনতে তাইৰ ফোনটো বাজি উঠে।তাই ফোনটো ৰচিভ কৰিলে আৰু বিপৰিত ফালৰ পৰা শুনা পোৱা গল যে আপুনি বিনোদৰ পত্নীয়ে কৈ আছে নিকি ? তাৰ পিছৰখিনি শুনা মাত্ৰকেই অৰ্পিতাৰ হাতৰ পৰা মোবাইলটো সৰি পৰিল,তাই বাথৰুমলৈ দৌৰ মাৰিল,"বিনোদ তুমি কত আছা ?" সমগ্ৰ ঘৰটোতে তাই বিনোদক বিছাৰি চালাথ কৰিলে কিন্তু তাক কতো বিছাৰি নাপালে। এনেকোৱা কেনেদৰে হব পাৰে, ওৰেনিশাটো বিনোদ তাইৰ দুবাহুৰ মাজতেই আছিল,কিন্তু !! নহয় !! এইটো কেতিয়াও হব নোৱাৰে, বিনোদে তাইক এৰি কেতিয়াও যাব নোৱাৰে !! এইয়া সকলো মিছা !!তেতিয়াই দুৱাৰৰ বেল বাজে আৰু তাইৰ কপা কপা হাতেৰে দুৱাৰ খোলি দেখে যে বাহিৰত আৰক্ষী বিনোদৰ মৃতদেহৰ সৈতে ৰৈ আছে।অৰ্পিতা মুৰ্চা গল আৰু তেনেতে কাষৰ দুই এজন লোক আহি সেই ঠাইত উপস্থিত হলহি।কেইগৰাকীমান মহিলাই তাইৰ মুখত পানী চেতিয়ালত তাই পুনৰ সজ্ঞা ঘূৰাই পায়।আৰু ৰাতিৰ সমগ্ৰ ঘটনা তাইৰ চকুৰ সন্মূখত ভাহি উঠে।যেতিয়া বিনোদ তাইৰ কাষলৈ আহিছিল তেতিয়া নিশাৰ ১২ বাজিছিল।আৰক্ষীৰ মতে হাইৱেত এখন সৰু গাড়ী আৰু এখন ট্ৰাকৰ মাজত নিশা ১২ বজাত মুখামুখি সংঘৰ্ষ হৈ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল।আৰু সেই দুৰ্ঘটনাটেই বিনোদৰ মৃত্যু হয়।
তেন্তে নিশা সেয়া বিনোদৰ আত্মা আছিল নেকি,যিয়ে অৰ্পিতাক জীয়াই থকাৰ শপত লবলৈ বাধ্য কৰি আছিল।অৰ্পিতাই বিনোদৰ সেই বিশেষ স্পৰ্শ এতিয়াও অনুভৱ কৰি আছিল।সেয়া বিনোদৰ অৰ্পিতাৰ প্ৰতি থকা সচা প্ৰেমেই আছিল যি যোৱাৰ পূৰ্বে তাইৰ আঁচল মৰমেৰে ভৰাই থৈ গৈছিল।কিন্তু তাইটো তাৰ অবিহনে জীয়াই থকাৰ কল্পনাও কৰিব পৰা নাছিল।হঠাৎ তাইৰ উশাহ নিশাহ দীঘল হৈ পৰে আৰু বিনোদক চিঞৰিবলৈ ধৰে।লহে লাহে তাইৰ চকুৰ আগত আন্ধাৰ হৈ পৰে আৰু যেন কোনোবাই তাইৰ হাতখন খামোচ মাৰি ধৰে।
এয়াচোন বিনোদেই হয় যি সদাইৰ দৰে আজিও অৰ্পিতাৰ হাতখন খামোচা মাৰি ধৰি আছে।আৰু কিছু সময়ৰ পিছৰে অৰ্পিতাও বিনোদৰ কাষতেই ঠিয় দিলে সদাইৰ বাবে।আজি দুয়োটা আত্মাৰে মিলন যে ঘটিছিল।এনেকোৱাই আছিল অৰ্পিতা আৰু বিনোদৰ প্ৰেম যাক মৃত্যুৱেও বেলেগ কৰিব নোৱাৰিলে।আকাশেও আজি কান্দি কান্দি দুয়োকে বিদায় জনালে।এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Nice Story dada
ReplyDeleteThanks
Delete