এজন অসাধাৰণ ব্যক্তিত্বৰ যুৱকৰ কথাৰে : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 18, 2021

এজন অসাধাৰণ ব্যক্তিত্বৰ যুৱকৰ কথাৰে : Storyboard

Storyboard

মই আজি আবেলি আলোচনী এখন পঢ়ি আছিলোঁ। হঠাৎ মোৰ মোবাইলটো বাজি উঠিল। অচিনাকি নম্বৰ যেন পায়ো ৰিচিভ কৰিলোঁ। "মই  ড. দেৱাঞ্জয় তান্তিয়ে কৈছো, চিনি পাইছ নে? মই কটন বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তাৰূপে কৰ্মৰত, বৰ্তমান গুৱাহাটীৰে বাসিন্দা।" কথাষাৰ কোৱাৰ পাছতেই  বোধহয় বিজুতি ঘটি ফোনটো কাট খাই গ'ল। মই আনন্দত আত্মহাৰা হৈ পৰিলোঁ। দুচকুৱেদি দুধাৰ তৃপ্তিৰ অশ্ৰু মোৰ অজানিতে নিগৰি আহিল।( Storyboard )


মই যেতিয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ তেতিয়া তাক মই প্ৰথম লগ পাইছিলো। সি মোৰ সহপাঠী আছিল। প্ৰথমাৱস্থাত তালৈ খুব ভয় কৰিছিলো, কাৰণ সি আছিল ওখ-পাখ আৰু অতি সবল আৰু তাৰ তুলনাত মই আছিলো চুটি-চাপৰ আৰু তেনেই দূৰ্বল। কোনোবাই সৰুতে কোৱা মোৰ মনত পৰে "বলীয়ে নিৰ্বলীৰ ওপৰত বীৰত্ব দেখুৱায়" বুলি। তেনেক্ষেত্ৰত মোৰ তালৈ ভয় লগাই স্বাভাৱিক আছিল।


মই ভবাৰ দৰে সি নাছিল। সি আছিল অতিকৈ মৰমীয়াল স্বভাৱৰ। সহায়পৰায়ণতা তাৰ অন্য এক মহৎ গুণ আছিল। আমাৰ ঘৰৰ আগেদিয়েই সি কলেজলৈ আহা-যোৱা কৰিছিল আৰু মোকো প্ৰায়েই চাইকেলত তুলি কলেজলৈ অনা-নিয়া কৰি মোৰ শাৰীৰিক কষ্ট লাঘৱ কৰিছিল। মই বুলিয়েই নহয়, সহায়ৰ ক্ষেত্ৰত সকলোৰে প্ৰতি তাৰ সমান চিন্তা।


বুদ্ধিত সি বৃহস্পতি আছিল। শ্ৰেণীত শিক্ষকে যিয়েই প্ৰশ্ন নকৰক কিয় কোনো খোকোজা নলগাকৈ সি উত্তৰ দিবলৈ সমৰ্থ হৈছিল। অত্যন্ত চোকা বুদ্ধিৰ বাবেই বোধকৰো সকলো শিক্ষকৰে সি প্ৰিয়পাত্ৰ আছিল। কেৱল শিক্ষকসকলৰ মাজতেই নহয়, আটাইবোৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো সি বৰ জনপ্ৰিয় আছিল। সি জনপ্ৰিয় হোৱাৰ মূল কাৰণ আছিল সি ফুচুৰি কথা-বাৰ্তা কৈ আটাইকে হহুৱাব পাৰিছিল, যিটো গুণ কমসংখ্যক মানুহৰ মাজতহে বিচাৰি পোৱা যায়। সি নিজেও হাঁহিছিল, আনকো হঁহুৱাইছিল। সি তাহানিতে কৰা মধুৰ ধেমালিবোৰ আজিও বৰকৈ মনত পৰে। এই ধৰক আমি তাক সুধিলো "তোৰ নাম কি আৰু নামটোৰ অৰ্থ কি? হাঁহি-হাঁহি  কি কৈছিল, "মোৰ নাম দেৱাঞ্জয় তান্তি, বজাও মই চাইকেলৰ ঘন্টি।" তাৰ নামটোৰ অৰ্থ ব্যাখ্যা কৰিবলৈ গৈ সি কৈছিল, "দেৱতাসকলে নাচ-গান কৰি থকাৰ সময়ত মোৰ জন্ম হৈছিল, নাচ-গান মানে এঞ্জয়, সেয়ে মই দেৱাঞ্জয়।" সি সন্ধি ভাঙিছিল, "দেৱ + এঞ্জয় = দেৱাঞ্জয়।" এক কথাত আমাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে ফুচুৰি কথা-বাৰ্তা কৈ আমাক আনন্দ দিয়াহে তাৰ মূল উদ্দেশ্য আছিল।


মই মোৰ শিক্ষা জীৱনত লগ পোৱা বন্ধু-বান্ধৱৰ ভিতৰত তাৰ দৰে গুণ থকা বন্ধু-বান্ধৱৰ সংখ্যা তেনেই বিৰল। শ্ৰেণীত কেতিয়াবা কৰা ভুলৰ বাবে ছাৰৰ শাস্তি পালে বা পৰীক্ষাত কম নম্বৰ পালে আমি প্ৰায়েই মন মাৰিছিলো। তাক অৱশ্যে মন মাৰি থকা আমি কোনো দিনেই দেখা নাপালো। আমাৰ শ্ৰেণীত চাগে সিয়েই একমাত্ৰ আছিল, যাৰ কাৰো প্ৰতি ঈৰ্ষা বা আক্ষেপ নাছিল। তাৰ এনেবোৰ গুণতেই তাৰ প্ৰতি মই আকৰ্ষিত হৈছিলোঁ আৰু তাৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল আমাৰ বিমল বন্ধুত্ব।


এদিন তাক সুধিছিলো "তোৰ ঘৰ ক'ত আৰু ঘৰত কোন-কোন আছে?" সি স্তব্ধ হৈ গ'ল আৰু তাৰ ওঁঠৰ উজ্জ্বল হাঁহিটো নিমিষতে জয় পৰি গ'ল। মই আচৰিত হৈ পৰিলো। সদায় নিজে হাঁহি আনকো হহুৱাই থকা ল'ৰাটোৰ হঠাৎ কিয় এনে পৰিৱৰ্তন! মইতো জনা নাছিলোঁ তাৰ হৃদয়ৰ ক'ৰবাত যে বেদনাৰ ৰেখা অঙ্কিত হৈ আছিল। মই যিদৰে তাক ভাল পাইছিলো তেনেদৰে সিয়ো মোক বৰ ভাল পাইছিল আৰু সেইবাবেই কিজানি তাৰ অব্যক্ত অতীত তথা বৰ্তমান সম্বন্ধে মোৰ আগত ক'বলৈ সি কুণ্ঠাবোধ কৰা নাছিল। সি কৈ গৈছিল "মোৰ ঘৰ উড়িষ্যাৰ সম্বলপুৰত। মোৰ দেউতা সাধাৰণ খেতিয়ক। মা- দেউতা উড়িষ্যাতে থাকে। মোৰ এজনী বাইদেউ আছিল!" "আছিল মানে?" মই মাজতে প্ৰশ্ন কৰিলো। "ৰ, মই কৈ গৈছো, আমাৰ ঘৰৰ অৱস্থা-পাতি বেয়া হোৱাৰ বাবে বা আৰু মই তহঁতৰ ইয়াত মানে আমাৰ মামাহঁতৰ ঘৰত থাকি সৰুৰে পৰা পঢ়িছিলো। এবাৰ আমাৰ মাৰ কিবা অসুখ হোৱাত বা খবৰ ল'বলৈ উড়িষ্যালৈ গৈছিল কিন্তু তাত গৈ বা জণ্ডিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল।" এইদৰে কৈ সি কান্দোনত ভাঙি পৰিল আৰু মই তাক বুজনি দিয়াৰ ভাষা বিচাৰি নাপালোঁ। সি পুনৰ কৈছিল "মামাহঁতৰ অৱস্থাও ইমান ভাল নহয়, কোনোমতে পেটে-ভাতে খাই চলি আছো।" এইবুলি কৈ সি পুনৰ হাঁহিছিল। মই অবাক নহৈ নোৱাৰিলো। যেন অলপ আগতে কান্দোনত ভাঙি পৰা তাৰ মুখমণ্ডলৰ ছবিখন মোৰ চকুৰ ভ্ৰম হে আছিল।


হিন্দী শ্বায়েৰী লিখাত তাৰ প্ৰতিভা আছিল অনন্য। অতি কম সময়ৰ ভিতৰতে সি শ্বায়েৰী ৰচনা কৰিব পাৰিছিল। কলেজত সদায় শায়েৰী ৰচনা কৰি আমাক আমোদ দিয়াটো তাৰ এটা নিত্য-নৈমিত্তিক কাৰ্য হৈ পৰিছিল। মই তাক প্ৰায়ে কৈছিলো-"তই তোৰ প্ৰতিভাৰে এদিন উজলি উঠিবি।"( Storyboard )


বিদ্যায়তনিক দিশতো দেৱাঞ্জয় আগবঢ়া আছিল। দৰিদ্ৰতাক প্ৰত্যাহবান জনাই  সি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত হিন্দী বিষয়ত লেটাৰ সহ উত্তীৰ্ণ হৈছিল। সি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত দ্বিতীয় বিভাগ পাইছিল যদিও তাত আচৰিত হ'বলগা একো নাছিল কিয়নো সি দুখনমান পাঠ্যপুথি নোহোৱাকৈয়ে পৰীক্ষাত অৱতীৰ্ন হৈছিল। মোৰ মনত আছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চলি থকাৰ সময়তে কিবা এটা প্ৰশ্নৰ উত্তৰ বিচাৰি মই তাক ফোন কৰিছিলো। সিদিনা আমাৰ পৰীক্ষা পিছবেলা আছিল। ফোন ৰিচিভ কৰি সি কৈছিল, "ৰ, মই হাজিৰা কৰিব আহিছো।" মোৰ বুকুখন মোচৰ খাই গৈছিল। যিসময়ত আমি পৰীক্ষা বুলি কিতাপৰ পৰা মূৰ ওপৰ কৰিবলৈ সময় পোৱা নাই সেইসময়ত দুবেলা- দুমুঠিৰ বাবে সংগ্ৰাম কৰি    জীৱন-যুদ্ধত অৱতীৰ্ন হোৱা ছাত্ৰ আমাৰ বাবে পূজনীয়। বিচাৰিলে এনে বহুতো দেৱাঞ্জয়ৰ সন্ধান পোৱা যাব।


দেৱাঞ্জয় ব্যৱহাৰিক জ্ঞানৰ ভঁৰাল আছিল। সি আমাৰ লগৰে এজন আছিল যদিও তাৰ কিছুমান কথা-বাৰ্তাত মই গুৰু-গম্ভীৰ সুৰ থকা যেন পাইছিলো আৰু তাৰ পৰা বহু কিছু শিকিবলগীয়া আছে বুলি ভাবিছিলো। মই বহুবাৰ কিছুমান বিষয়ত তাৰ পৰামৰ্শ লৈছিলো আৰু কৃতকাৰ্যও হৈছিলো। পৰামৰ্শ দিবলৈ গৈ সি কাহানিও পণ্ডিতালি দেখুওৱা নাছিল, গতানুগতিক কথা-বাৰ্তাৰে বহুক্ষেত্ৰত উপকাৰ কৰিছিল। সকলোৰে প্ৰতি শুভেচ্ছাৰ বাণী তাৰ মুখত সদায়ে লাগি থাকে। মই মোৰ হৃদয়ত তাক এজন বন্ধুতকৈও উচ্চ আসন দিছিলো। মই প্ৰায়ে কিছুমান  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো আৰু যেতিয়াই অংশগ্ৰহণ কৰিবলৈ গৈছিলো তাৰ আশীৰ্বাদ বিচাৰিছিলো। তেতিয়া সি কৈছিল,"মই তোৰ বন্ধুহে মানে তোৰ শুভাকাংক্ষী। তোৰ প্ৰতি মোৰ শুভকামনা সদায় আছে আৰু আশীৰ্বাদ বিচাৰি মোক অকালতে বুঢ়া কৰিব খুজিছ বদমাচ!


উচ্চতৰ-মাধ্যমিক পাছ কৰাৰ পিছত সি অসমীয়া বিষয়ত অনাৰ্চসহকাৰে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ স্নাতকত উজলিছিল। ময়ো আছিলো ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ, মোৰো ফলাফল বেয়া হোৱা নাছিল। স্নাতক পাচ কৰাৰ পিছৰ পৰাই আমাৰ যোগাযোগ নাছিল কাৰণ স্নাতকোত্তৰত মই আছিলো অসম কেন্দ্ৰীয়  বিশ্ববিদ্যালয়ৰ ছাত্ৰ হ'লো পিছে সি তাৰ পৰবৰ্তী অধ্যয়ন ক'ত সমাপন কৰিলে মই গম নাপালো। স্নাতকৰ পিছত আৰু আমাৰ দেখা দেখি হোৱা নাছিল। প্ৰায়ে তালৈ মোৰ মনত পৰিছিল কিন্তু উপায় একো নাছিল। তাৰ পুৰণি ফোন নম্বৰটো যোগাযোগৰ কামত নাহিল। বোধহয় সি নম্বৰটো সলাইছিল। আজি তাৰ ফোনটো অহাত মই আচৰিত নহ'লো কাৰণ জানিছিলো মই অথবা সি ইজনে আনজনক এদিন বিচাৰি পামেই। আজি দুবছৰ ধৰি কৰ্মব্যস্ততাক সাৱতি ময়ো গুৱাহাটীৰে বাসিন্দা। মনতে ভাবিলো এবাৰ তাৰ তালৈ যাম, পিছে ঠিকনাটো জনা নহ'ল। ঠিকনাটো সুধিবৰ বাবে ফোনটো হাতত তুলি লওঁতেই পুনৰ ফোনটো বাজি উঠিল। অচিনাকি নম্বৰ নহয়। এইটো তাৰেই নম্বৰ। ৰিচিভ কৰিলোঁ। "মই তোৰ ঘৰৰ বাহিৰত।" মই বিস্ময়ান্বিত নহৈ নোৱাৰিলো।


সমাপ্ত:


বিঃদ্ৰঃ অংকুৰ জ্যোতি বৰা ডাঙৰীয়াই এই বিশেষ গল্পটি আমালৈ

Storyboard
প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages