জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (অন্তিম খণ্ড) : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 17, 2021

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (অন্তিম খণ্ড) : Storyboard

              

Storyboard

 টক.. টক.. টক.. 
হস্পিতালৰ জোনাক নিশা থকা কেবিনটোত বাহিৰৰ পৰা দুৱাৰত টোকৰৰ শব্দ এটা ভাঁহি আহিল । নিশাই উঠি গৈ দুৱাৰখন খুলি দিলে( Storyboard ) । প্ৰদীপ, প্ৰভা, অঞ্জলিৰ লগতে বিনয় সোমাই আহিল । নিশা আৰু জোনাকক দেখি বিনয় আচৰিত হোৱাৰ দৰে জোনাক নিশাও বিনয়ক দেখি আচৰিত হল । কাৰণ বিনয়ক প্ৰভাই তাৰ সৰু ভায়েক হে হস্পিতালত থকা বুলি কৈছিল । কিন্তু তাৰ সেই ভায়েকজন যে জোনাক হব তাৰ কল্পনাৰো অতীত । তিনিও তিনওৰে মুখলৈ চালে । সিহতৰ মুখবোৰ দেখি প্ৰভাই সুধিলে 
-কি হল? 
-মা, এখেত?? জোনাকে প্ৰশ্নবোধক দৃষ্টিৰে প্ৰভাৰ মুখলৈ চালে । 
প্ৰভা কিছু গম্ভীৰ হৈ পৰিল । তাৰ পিছত কৈ গল হৃদয়ৰ গোপন পৃষ্ঠাত লিখি থোৱা জীৱনৰ সেই অপ্ৰকট কাহিনীটোৰ কথা । জোনাক আৰু বিনয়ে দুয়ো দুয়োৰে মুখলৈ চাই ৰল ।অজানিতে দুধাৰিৰে বৈ আহিছে দুয়োৰে নিভাঁজ লোটক । মুখত বিৰিঙি আছে অস্ফুট হাঁহি । বিনয়ে গৈ জোনাকক সাৱটি ধৰিলে । মাথো চাই ৰল নিশাই ।  কি যে এই মধুৰ ক্ষণ যেন মুকুতাৰে ধন । নিশাৰ ভাব হল তাই ঠিকেই অনুমান কৰিছিল মানে সেই যে অধ্যক্ষৰ কোঠালৈ যোৱা জোনাক আৰু বিনয়ৰ মাজত কৰবাত মিল থকাৰ কথা । খিৰিকিৰ ফাকেৰে তাই বাহিৰলৈ চালে । এজাক চৰাইয়ে আকাশৰ বুকুত আলিংগন কৰি উৰি আছে, গছ বিৰিখেও তাৰ মৃদু বতাহজাকৰ লহৰেৰে প্ৰকৃতিক মতলীয়া কৰি তুলিছে। ডাৱৰবোৰো উৰি গল কেনিবা । এখন মুক্ত আকাশ। তাৰ তলত জিলিকি উঠিছে জোনাক, নিশা, বিনয়, প্ৰদীপ, প্ৰভা আৰু অঞ্জলিৰ সৰু সৰু হাঁহিবোৰ । 
   জোনাকক ঘৰলৈ অনা হল । কিছুদিন পাৰ হৈ গল । লাহে লাহে জোনাকো সুস্থ হৈ উঠিল । সিহতৰ ঘৰলৈ নতুন আলহী হিচাপে আন এখন চাৰিচকীয়া বাহন আহিল । কালিৰে পৰা জোনাক নিশাৰ লগতে বিনয়ো অফিচলৈ যাব । বিনয়ক  হিল্লোলৰ স্মৃতি স্বাক্ষৰ স্বৰূপ অফিচটোৰ দায়িত্ব ভাৰ দিয়া হল । আৰু জোনাক নিশাই নতুন শাখাটো একেলগে চলোৱাৰ সিদ্ধান্ত ললে।,       
  পোহৰে আন্ধাৰ নাশ কৰিব পাৰে কিন্তু আন্ধাৰে কেতিয়াও পোহৰক গ্ৰাস কৰিব নোৱাৰে । ডাৱৰ ফালি চিৰি অহা প্ৰভাতী সুৰুয টোৱে তাৰে বতৰা দিয়ে । নিশা ৰান্ধনী শালত ব্যস্ত । তাই লুচি ভাজি আছে । কিছু সময় পিছত বিনয় আৰু জোনাকক খাবলৈ মাতিলে । দুয়ো আহি ডাইনিঙত বহিল । নিশাই এখন প্লেট আনি বিনয়ক আগবঢ়াই দিলে আৰু জোনাকৰ বাবে সাজু কৰিব ললে । বিনয়ে বেচিনত হাত ধুব যাওঁতে জোনাকে তাৰ প্লেটখন লৈ খাই আছে । বিনয়ে হাত ধুই আহি জোনাকক একো নকয় মাকক মাতিলে । 
-মা... অ  মা..! 
প্ৰভা লৰি ঢাপলি সোমাই আহিল । 
-কি হল বাবা! 
-মা, ই বাৰু মোৰ প্ৰতিটো বস্তুতে কিয় ৰাজত্ব চলাই । 
  নিশাই কেৰাহীকৈ বিনয়ৰ ফালে চালে ।তাইৰ হাঁহি উঠিল যদিও তাক দমাই বিনয়ৰ প্লেটখন আগবঢ়াই দিলে । বাক বিতণ্ডা কৰি এটা সময়ত  বিনয়  অফিচলৈ ওলাই গল । তাৰ কিছু সময় পিছত জোনাক আৰু নিশাও গল । ( Storyboard )
    সময় আবেলি । বিনয়ে অফিচৰ পৰা উভতিছে । কিছু ভাৱনাই তাক অজানিতে আমনি কৰিছে । হঠাতে তাৰ গাড়ীৰ আগত এজনী ছোৱালী পৰিল । সি ব্ৰেক কৰিবই নোৱাৰিলে। ছোৱালীজনী তাৰ গাড়ীৰ খুন্দাত বহু দুৰ চিটিকি গল । সি গাড়ীৰ পৰা নামি তাইৰ ওচৰলৈ দৌৰি আহি উচপ খাই উঠিল ।

 সেই ছোৱালীজনী আন কোনো নহয় তাৰ কলেজত কাম কৰা শিক্ষা বিভাগৰ অধ্যাপিকা পল্লবী। তাই বহুত আঘাত প্ৰাপ্ত হৈছে । বিনয়ে তাইক কেইবাৰো মাতিলে যদিও তাইৰ মাত বোল নাই । ক্ৰমশ মানুহৰ ভিৰ হল। জোনাক আৰু নিশাও আহি সেইখিনি পালে আৰু জোনাকে গাড়ীখন ৰখাই কিয় ইমান মানুহ গোট খাইছে চাবলৈ গৈ আচৰিত হল । নিশাও আচৰিত হল 
-দাদা, পল্লবীৰ এয়া কেনেকৈ হবলৈ পালে । 
বিনয় যেন অসহায় মানুহৰ দৰে হৈ পৰিল । জোনাক আৰু নিশাই পলম নকৰি তাইক হস্পিতাললৈ লৈ গল । লগত বিনয়ও গল। 
  হস্পিতালৰ দুৱাৰ দলি । বেদত শুৱাই তাইক কেবিনলৈ নিয়া হল । জোনাক নিশা আৰু বিনয় বাহিৰতে ৰল । কিছু সময় পিছত ডাক্তৰ ওলাই আহি তাইৰ এটা অস্ত্ৰোপচাৰ কৰিব লাগিব আৰু তাৰ কাৰণে তেজৰ প্ৰয়োজন হব বুলি কলে।জোনাকে তেজৰ খবৰ কৰিব যাব লওতে  বিনয়ে বাধা দিলে । জোনাক নিশা আচৰিত হল । তাৰ পৰিৱৰ্তে বিনয়ে কলে 
-তাইক তেজ মই দিম ।
   বিপদৰ এই গহীন মুহূৰ্তটো কিয় জানো নিশাই মুখ টিপি হাঁহিলে । জোনাকে তাইলৈ কেৰাহীকৈ চোৱাত তাই তলমূৰ কৰিলে । আৰু যেতিয়া বিনয় তেজ দিবলৈ কেবিনলৈ গল । জোনাকে  খঙত ফৰিং চিটিকা দিলে 
- তুমি মানে বিপদ বিঘিনি একোৱেই বুজি নোপোৱা । 
-কি হল নো?  
-ইমান এটা বিপদৰ সময়ত তুমি হাঁহিছা যে.. 
-বিপদৰ মাজতো কেতিয়াবা হাঁহি ভাল লাগে দিয়া ।
-তুমি মানে এতিয়াও গুৰত্ব সহকাৰে কথাটো লোৱাই নাই । 
-ইমান চিন্তা কৰিব লগা একো নাই । তাই ভাল হব । 
-তুমি কেনেকৈ জানিলা? 
-কিছুমান কথা গম পোৱা যায় কিন্তু কব নোৱাৰি ।
দুয়ো কাজিয়া কৰি থাকোতে কিছু সময় পিছত বিনয় ওলাই আহিল । জোনাক নিশা দুয়ো আগবাঢ়ি গল । 
-ডাক্তৰে কি কলে দাদা? জোনাকে সুধিলে 
-বিশেষ চিন্তাৰ কাৰণ নাই বুলি কৈছে । বিনয়ে গম্ভীৰ হৈ উত্তৰ দিলে । 
ক্ৰমশ সময়বোৰ পাৰ হৈ গল ।সম্পূৰ্ণ  দুঘণ্টা পিছত ডাক্তৰ ওলাই আহিল । 
-সকলো ভালে ভালে হৈ গল । তেখেতক লগ কৰিব পাৰে । 
 বিনয়ে কেবিনলৈ সোমাই গল । পিছে পিছে জোনাক যাব লওতে নিশাই তাক পিছফালৰ পৰা টানি ধৰিলে । জোনাক ৰৈ গল । 
-তোমাৰ বাৰু হৈছে কি আজি? 
-নাযাবা ।
-কিয়?? 
-সকলো কথা বুজাই কব নোৱাৰি ।
-উফ গড ।  ছোৱালীজনী কেনে আছে সেয়া খবৰ কৰাটো আমাৰ কৰ্তব্য । 
-আনৰ সুখৰ মুহূৰ্তবোৰ ভংগ কৰিব যাব খুব ভাল পোৱা ন? 
নভবাকৈ নিশাৰ মুখেৰে কথা কেইটা ওলাই আহিল । জোনাকে আৰু হাঁহি ৰখাব নোৱাৰিলে । 
   উকা উকা বিনয়ৰ মন । বুকুত এজাক ধুমুহা । বিষাদৰ নে আনন্দৰ সিওঁ নাজানে । অচেতন হৈ শুই আছে পল্লবী। বিনয়ে তাইৰ ওচৰতে বহি জোৰকৈ হাত খনত খামুচি ধৰি এপলক দৃষ্টিৰে চাই আছে তাইৰ ফালে । কিমান সময় যে এনেকৈ পাৰ হৈ গল । লাহে লাহে তাই দুচকু মেলি সম্মুখত বিনয়ক দেখিলে 
-বিনয় 
তাই তাইৰ হাতখনলৈ চালে । বিনয়ে সমস্ত জোৰে তাইৰ হাতখনত খামুচি ধৰি আছে । 
-পল্লবী মই যদি গোটেই জীৱনলৈ তোমাৰ এই হাতখনত এনেকৈ ধৰি থাকো তোমাৰ কিবা আপত্তি আছে । 
তাই একো কোৱা নাই ।মাথো তাৰ দুচকুলৈ চাই ৰল । তাইৰ দুচকুত ধৰা দিছে এজাক সপোন, এবুকু আশাৰে ভৰপূৰ এখন ৰঙীণ পৃথিৱী, যিখন পৃথিৱীত লাহে লাহে দুয়ো হেৰাই যোৱাৰ উপক্ৰম হল।

সমাপ্ত

Storyboard
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages