জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ৪৩) : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, May 16, 2021

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ৪৩) : Storyboard

              

Storyboard


অঞ্জলিয়ে তৎক্ষণাত টিভিটো অন কৰিলে । হয় জোনাক জীয়াই আছে । হস্পিতালৰ বেদত সি কেৱল চিঞৰি আছে 
- নিশা... মোৰ নিশা ক'ত? মোক তাইৰ ওচৰলৈ লৈ বলক  ( Storyboard )। আপোনালোকক মই হাতযোৰ কৰিছো । মোক মোৰ নিশাৰ ওচৰলৈ লৈ বলক । 
ওচৰত কেইবাজনো মানুহ আছে । হয়তো সিহঁতে জোনাকক হস্পিতালত ভৰ্তি কৰিছিল । লগত আছে ডক্তৰ । জোনাকে মানুহ খিনি আৰু ডক্তৰক অনুৰোধ কৰি কৰি চিঞৰি আছে । সকলোৱে তাক সান্তনা দি আছে যদিও সি যেন আজি কাৰো কথা শুনিবলৈ অপৰাগ । কিন্তু এতিয়াও হস্পিতালৰ নামটো পোহৰলৈ অহা নাই ।নিশাই আৰু থিৰেৰে থাকিব নোৱাৰিলে । তাই পাগলীৰ দৰে ঘৰৰ পৰা ওলাই দৌৰ মাৰিলে । কোন মুহূৰ্তত তাই ওলাই গল প্ৰদীপ, অঞ্জলি, প্ৰভাই গমেই নাপালে । চহৰৰ অগনণ জনসমুদ্ৰৰ ভিৰৰ মাজে মাজে দৌৰি আছে নিশা, যেন এজাক ধুমুহাহে । অগনণ মানুহে আজি তাইক বেৰি বেৰি চাইছে । নাই আজি আৰু তাইক কোনেও ধৰি ৰাখিব নোৱাৰে । শূন্যত, বায়ুত, পানীত য'তেই যিমান দূৰতে নাথাকাক কিয় আজি তাই জোনাকক বিচাৰি উলিয়াবই । পিছত যেনিবা ড্ৰাইভাৰজনে গাড়ীখন নি জোৰ জবৰদস্তি তাইক গাড়ীত তুলি লৈ গল । সকলোতে খবৰটো বিয়পি পৰিল । তাৰ কিছু সময় পিছত হস্পিতালৰ নামটোও পোহৰলৈ আহিল । প্ৰদীপ, অঞ্জলি, প্ৰভাও হস্পিতাললৈ যাবলৈ ওলাল । এনেতে সিহঁতৰ সম্মুখত বিনয় আহি উপস্থিত হল । অসহায়ৰ মাজতো প্ৰদীপে সুধিলে 
-কোন আপুনি? 
-বিনয় দত্ত । 
-প্ৰভাৰ বুকুখন চিৰিংকৈ কোব মাৰিলে ।
-কি???? 
-হয়, মই বিনয় দত্ত । যোৱা পাঁচ দিন আগত মোৰ মা ঢুকাল আৰু মায়ে মোক মৃত্যুৰ আগ মুহূৰ্তত এই চিঠিখন হাতত দি কলে বকুলপুৰ গাঁৱৰ হিল্লোল দত্তৰ ওচৰলৈ যোৱাৰ কথা । মায়ে মোক এই চিঠিখন খুলিব মানা কৰিছিল । কেৱল তেখেতৰ হাতত দিব কৈছিল । সেয়ে মাৰ মনোবাঞ্চা পুৰণৰ বাবে মই পৰসীৰ পৰা আপোনালোকক বকুলপুৰত বিচাৰিলো কিন্তু নাপালো । আজি সেই গাঁৱৰে এজন মানুহে মোক ইয়ালৈ লৈ আহিল । বিনয়ে চিঠি খন প্ৰদীপৰ হাতত তুলি দিলে । প্ৰভাই বিনয়ক সাৱটি হুকহুকাই কান্দিলে । প্ৰদীপে চিঠি খন  খুলি পঢ়িলে । তাত লিখা আছে 
-মোৰ পুত্ৰ বিনয় দত্তক যিয়ে পুনৰ জীৱন দান দিব পাৰে, সিয়ে মোক তলৰ ঠিকনাত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিলো।ইতি হিল্লোল দত্ত, গাওঁ - বকুলপুৰ । 

হয়, প্ৰভা আৰু হিল্লোলৰ প্ৰথম সন্তান আছিল বিনয় । আজিৰ পৰা প্ৰায় ৪০-৫০ বছৰ আগৰ কথা । তেতিয়া বিনয়ৰ বয়স মাত্ৰ ৩ বছৰ । সেই সময়ত বকুলপুৰ গাঁৱৰ মাজেৰে বৈ যোৱা নদীখনত বানৰ তাণ্ডৱ নৃত্য চলিছিল । আৰু তাৰ প্ৰভাৱত সমগ্ৰ বকুলপুৰ অঞ্চল পানীত বুৰ গৈছিল । আৰু সেই সময়তে পানীত ভাহিঁ অহা সাপ এটাৰ দংশনৰ ফলত বিনয়ৰ মৃত্যু হৈছিল । কিমান ডাঙৰ ডাঙৰ সৰ্বজান অনা হল । নাই বিনয়ক ভাল কৰিব নোৱাৰিলে । অৱেশষত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হল হিল্লোলৰ বিশ্বাসৰ ভাণ্ডাৰ । বিনয়ক এখন ভুৰ সাজি নৈত উটুৱাই দিয়া হল । লগত দিছিল সেই চিঠিখন...!  ( Storyboard )

ভূৰখন গৈ গৈ কোনোবা অচিনা গাঁৱৰ নৈ এখনৰ ঘাটত ৰৈ গল। সেই নৈ খনত বহুত মানুহে মাছ মাৰি আছিল । মানুহবোৰে তাক বেৰি ধৰি চাইছিল ।
- আই ঐ দেহি ইমান সুন্দৰ পোণাকন ।যেন পূৰ্ণিমাৰ জোন । 
শিশুটিৰ ৰূপ লাবণ্যত মোহিত হৈ তাৰে মাজৰ এজনে দৌৰি দৌৰি আহি যামিনীক খবৰ দিছিল ।যামিনী সেই গাঁৱৰ এজনী সন্তানহীনা বিধৱা তিৰোতা । আনৰ ঘৰত কাম বন কৰি তাই জীৱিকা নিৰ্বাহ কৰে । যাদু বিদ্যাত পাকৈত । বহু কেইজন সাপে দংশন কৰা মানুহক তাই ভাল কৰিছে । তাই হাতত পেঁপাটো লৈ আহি নৈৰ ঘাট পালে । মানুহবোৰে ভূৰখন তুলি পাৰলৈ আনিলে । ভগৱানৰ নাম লৈ তাই মন্ত্ৰ আৰম্ভ কৰিলে ।কিছু সময় পিছত সেই উফন্দি উঠা বৰনদীৰ পানীৰ মাজে মাজে হিলদল ভাঙি আহিল এডাল পাহাৰী ফেটী সাপ । সাপডাল আহিয়েই পোনে পোনে লৰাটোৰ ভৰিত য'ত সি তাক দংশন কৰিছিল তাত চেলেকি গুচি গল ।লাহে লাহে তাৰ চকু মেল খালে । সি দুচকু মেলিয়েই সম্মুখত যামিনীক দেখি মাত লগালে 
-মা
কণমানি শিশুটিৰ মুখত "মা" শব্দটো শুনি যামিনীৰ হৃদয়খন পুলকিত হৈ পৰিল । তাই তাক বুকুৰ মাজত সাবতি ললে আৰু ঘৰলৈ লৈ আহিল । দিনে দিনে তাৰ মৰমত যামিনী বলিয়া হৈ পৰিল । সেয়ে তাক আৰু উভতাই নিদিলে । তাৰ পৰিৱৰ্তে তাই আনৰ ঘৰত কাম বন কৰি তাক পঢ়ুৱালে । মানুহে কয় সি হেনো যামিনীৰ নিজা সন্তান নহয় কিন্তু যামিনীৰ মৃত্যুৰ পাছত সেয়া স্পষ্ট হৈ পৰিল । 

     এইফালে বহু দূৰ বাট গৈ এখন দূৰৰ চহৰৰ চিকিৎসালয়ত জোনাকৰ সন্ধান পালে । নিশাই ঠিকনা অনুসৰি তালৈ গল । হস্পিতালৰ কেবিনে কেবিনে পাগলীৰ দৰে দৌৰি দৌৰি বিচাৰি ফুৰিছে তাই । কেইবাটাও কেবিন যোৱাৰ পাছত হঠাতে এটা কেবিনত সোমাই তাই থমকি ৰল । নিশব্দে শুই আছে তাইৰ প্ৰাণৰ জোনাক । যেন এটি ভাগৰুৱা শিশু । তাই গৈ তাৰ বুকুত পৰি হুকহুকাই কান্দিলে । লাহে লাহে সি দুচকু মেলিলে । ওচৰত নিশাক পাই সি আতংকিত হৈ তাইক সাৱটি ধৰিলে । দুয়ো দুয়োকে সাৱতি ধৰি কান্দি আছে । হয়তো এয়া পোৱাৰ আনন্দই দুয়োকে বিচলিত কৰি তুলিছে । লাহে লাহে তাই তাৰ বুকুৰ মাজৰ পৰা মূৰ তুলি দুচকুলৈ চালে । নিশাৰ উকা কপাল খন দেখি সি আতংকিত হৈ পৰিল । সি সহ্য কৰিব পৰা নাই তাইৰ উকা কপালখন । 
-নিশা, এয়া তুমি কি কৰিছা? 
তাই আকৌ তাৰ বুকুৰ মাজত সোমাই হুকহুকাই কান্দিলে । সি তাৰ হাতত কেন্দুলাৰ সৈতে লগাই থোৱা বেজিটো একেই টানে উলিয়াই আনিলে । আৰু তাৰ পৰা বৈ অহা তেজেৰে জোনাকে আকৌ নিশাৰ শিৰত সেন্দুৰ আকি দিলে । তাইৰ দুধাৰিৰ চকুলো মচি দি সি কলে
- নিশা অবিহনে জোনাক আৰু জোনাক অবিহনে নিশা কেতিয়াও সম্ভৱ নহয় । 
নিশাৰ চকু মুখত বিয়পি ৰল এটা শিশু সুলভ হাঁহি । জোনাকে আকৌ তাইক বুকুৰ মাজত সাবতি ললে । 

"ধুমুহাও নোৱাৰে, 
তমসাই ও নোৱাৰে 
আমাৰে মৰমক
 ছানি ধৰিবলে..! "

সমাপ্ত

Storyboard
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

1 comment:

Advertisement

Pages