নিশাই কান্দি উঠিল । অঞ্জলিয়ে তাইক জোৰকৈ শুৱাই দিলে । চিলমিল কৈ টোপনি আহিব লওতেই এটা সোপানে তাইক ডুলি গল ( Storyboard )। এখন হস্পিতাল তাত চিকিৎসাধীন হয় আছে জোনাক । তাই চিঞৰি উঠিল ।
-জোনাক???
অঞ্জলি আচৰিত হল । প্ৰদীপো দৌৰি আহিল ।
-কি হল মাজনী?
-জোনাক জীয়াই আছে দেউতা । মোৰ জোনাক জীয়াই আছে ।
তাই চিঞৰ বাখৰ কৰিব ধৰিলে । প্ৰদীপে আৰু চকুপানী ধৰি ৰাখিব নোৱাৰিলে । সি ওলাই গল । অঞ্জলিও চকুলো টুকিলে যদিও কিছু সান্তনা দিলে । তাই মাকৰ বুকুৰ মাজত সোমাই উচুপি থাকিল ।
ক্ৰমশ দিনবোৰ যাবলৈ ধৰিলে । জোনাকৰ দহদিনীয়া কৰ্ম শেষ হল । নিশাই নিজকে স্থিৰ কৰিলে । হয় তাই ভাগি পৰিলে তাইৰ জোনাকে বহুত কষ্ট পাব । নাই নাই তাই কেতিয়াও তাইৰ জোনাকক কষ্ট দিব নোৱাৰে । সময় পুৱা । তাই শুভ্ৰ বগা সাজযোৰৰ সৈতে জোনাকৰ ফটোখনৰ ওচৰত থিয় হৈছে । এই জোনাকজনো যে আৰু । বৰ দুষ্ট । সি তাইৰ ফালে একান্ত মনে চাই হাঁহি আছে ।
"তুমি দুষ্টালি হাঁহিটো নামাৰিবা অ,
সেই হাঁহিটোৱে মোৰ হৃদয় ভাঙে..! "
হয়, নিশাৰ হৃদয়ৰ পাৰ ভাঙি আহিছে অশ্ৰুৰ নাচোন । আৰু তাৰ ঢৌত নিমিষতে তিতি গল তাইৰ দুচকুৰ চৌপাশ । তাই আবেগিক হৈ পৰিল ।
- মোক শক্তি দিয়া জোনাক । তোমাৰ অবিহনে মই আৰু নোৱাৰা হৈছো । সেয়ে মোক শক্তি দিয়া ।
চকু মুখ মোহাৰি তাই বাহিৰলৈ ওলাই আহিল । বাৰাণ্ডাত বহি আছে প্ৰদীপ ।
-কলৈ যাৱ মাজনী?
-অফিচলৈ ।
প্ৰদীপ আচৰিত হল যদিও সহজভাৱে কলে
-ৰবা তোমাৰ লগত মইয়ো যাম।
-নালাগে দেউতা । মই অকলেই যাব পাৰিম দিয়া । তোমাৰ হাতত ধৰি নো কিমান দিন চলিম ।
নিশা গৈ গাড়ীখনত বহিল ।
-যাৰ লগত জীৱনটো ৰঙীণ কৰাৰ কথা আছিল, যাৰ হাতত ধৰি জীৱন নদীখন পাৰ হোৱাৰ কথা আছিল তেওঁকে ধৰি ৰাখিব নোৱাৰিলো । ইয়াৰ পাছত আৰু তোমাৰ হাতত ধৰাৰ আশা নকৰো দেউতা । তোমাৰ হাতত ধৰাৰ পিছত ভয় হয় জানোচা আকৌ যদি চিঙি যায় মোৰ আনখন হাত ।
ড্ৰাইভাৰজনে গাড়ী ষ্টাৰ্ট কৰি গুচি গল । মাথো মৌন হৈ চাই ৰল প্ৰদীপ । উদাস উদাস মন । যেন এয়া আন্ধাৰৰ ক্ষণ । হয়তো এই ক্ষণ বিষাদৰ । বুকুত ধুমুহাৰ তাণ্ডৱ । এখন ধ্বংসস্তুপ হৃদয় । গ্লাচখন খুলি তাই বাহিৰলৈ চালে । মেঘাচ্ছন্ন আকাশ । হয়তো তাৰ আঁৰতে তাইৰ জোনাক আজীৱনৰ বাবে লুকাই থাকিল । হঠাতে তাইৰ মনত পৰিল এদিন জোনাক আৰু তাই অফিচলৈ গৈ আছে । সিদিনা বতৰটো সিমান ভাল নাছিল । । সিহতক মাজ বাটতে ধুমুহাই পালে । তাই বাৰে বাৰে জোনাকক গাড়ী ৰখাব কয় আছে যদিও জোনাকে তাইৰ লগত জেড ধৰি গাড়ী ৰখোৱা নাই । এটা সময়ত এটা বজ্ৰপাতত চৌপাশ জোকাৰি গল । নিশা আতংকিত হৈ পৰিল । জোনাকে তৎক্ষণাত গাড়ী ৰখালে আৰু নিশাক বুকুৰ মাজত সাবতি ললে । আৰু যেতিয়া বতৰ শাম কাটিলে সি তাইৰ মুখলৈ চাই মিচিকিয়া হাঁহি এটাৰে কলে
-আহে যদি আহক দিয়া ধুমুহা, প্লাৱন নাইবা ছুনামি, নিয়ে যদি নিয়ক দিয়া উতুৱাই বুকুৰ উচন ভেটি, স্মৃতি হৈ পৰি ৰ'ব পলাস ভালপোৱাৰ বীজে তাত মেলিব গজালি, তুমি তুমি গোন্ধত সুবাসিত হব হৃদয়ৰ কোঠালি । ( Storyboard )
-বাইদেউ অফিচ আহি পালো ।
ড্ৰাইভাজনৰ মাতত তাই উচপ খাই উঠিল ।
গাড়ীৰ পৰা নামি তাই অফিচৰ ভিতৰলৈ খোজ ললে । কৰ্মচাৰী সকলে নিশাক দেখি আচৰিত হল । কোনেও একো কোৱা নাই ।মাথো সকলোৱে নিশাৰ ফালে চাই ৰৈছে । তাই জোনাকৰ কোঠাত সোমাল । সেই যে জোনাকৰ চকীখন । অপেক্ষাৰত হয় ৰৈ আছে জোনাকৰ বাবে । নিশাক দেখি সিওঁ অসহজ হৈ পৰিল । হয়তো সিওঁ এবাৰো ভবা নাই তাৰ কোলাত বহিবলৈ জোনাক যে আৰু নাহে । নিশাই বেগৰ পৰা নতুন গামোচাখন উলিয়াই চকীখনত পিন্ধাই দি তাৰ স্থানৰ পৰা আতৰাই থব লওতেই চকীখনে চিঞৰি উঠিল ।
-কোন আপুনি? জোনাক চাৰৰ অনুমতি অবিহনে মোক মোৰ স্থানৰ পৰা কিয় আতৰিব আহিছে?
নিশাই কান্দোনত ভাগি পৰিল ।
-হেই নিশা, তই কিয় কান্দিছ । এদিন তইয়ে টো কৈছিলি জোনাক হেনো তোৰ হৃদয়ত আছে । তেন্তে আজি কিয় বিচলিত হৈছ? তই বিচলিত হব নোৱাৰা নিশা । তই জীৱন যুঁজত জয়ী হব লাগিব । জোনাক তোৰ হৃদয়ত আছে আৰু আজীৱন থাকিব । মই তোৰ আত্মাই কৈছো নিশা । তই বিচলিত হব নোৱাৰা ।
নিশা স্থিৰ হল । দৃঢ় মনে আন এখন চকী লৈ তাই তাইৰ কৰ্মৰ টেবুলখনত বহিল আৰু এটা এটাকৈ ফাইলবোৰ চাই সকলোকে কামৰ তাগিদা দি গল । যেন অলপতে কান্দোনত ভাগি পৰা নিশা জনীৰ লগত বৰ্তমানৰ নিশা জনীৰ কোনো মিল নাই ।
বেলিটোৱে পূব আকাশত আজি ন ৰুপত ওলাই আহিছে । মেঘৰ আঁৰে আঁৰে সি তাৰ অস্তিত্ব ৰক্ষাৰ বাবে আপ্ৰাণ চেষ্টা কৰি গৈছে । বিষন্ন মনে প্ৰদীপ বাৰাণ্ডাত বহি আছে । হঠাতে নিশাৰ গাড়ীৰ ড্ৰাইভাৰজনে দৌৰি আহিল হাতত মোবাইলটো লয় ।
-আংকল, আংকল জোনাক চাৰ জীয়াই আছে ।
প্ৰদীপ আচৰিত হল । অঞ্জলি আৰু প্ৰভাও দৌৰি ওলাই আহিল ।
-তুমি এয়া কি কৈছা?
-হয় আন্টি মই সচাকৈয়ে কৈছো । জোনাক চাৰ জীয়াই আছে । এয়া চাওক মই ফেচবুকত পালো । "জোনাক নিশা" কনষ্ট্ৰাকশ্যনৰ মালিক জোনাক দত্ত জীয়াই আছে ।
হয়, জোনাক জীয়াই আছে । সিদিনা জোনাকৰ মৃত্যু হোৱা নাছিল । মৃত্যু হৈছিল জোনাকৰ এজন বন্ধুৰ হে । যিয়ে জোনাকৰ গাড়ীখন লৈ এটা পাৰ্টিত গৈছিল আৰু ৮ বজাৰ লগে লগে ঘূৰি আহিম বুলি কথা দি গৈছিল । কিন্তু ভাগ্যৰ লিখন নহয় খন্দন । পথত যেতিয়া দুৰ্বৃত্তই জোনাকক আক্ৰমণ কৰিবলৈ ৰৈ আছিল জোনাকৰ গাড়ীখন দেখি জোনাক অহা বুলি গাড়ীখন ৰখাইছিল আৰু জোনাকক তাত নাপায় গাড়ীখন জ্বলাই দিছিল আৰু সিহঁতে জোনাকৰ অফিচলৈ গৈছিল । আৰু সেই সময়ত অফিচত আন কৰ্মচাৰী কোনো নাছিল । জোনাক আছিল বন্ধু জনৰ অপেক্ষাত । আৰু সিহঁতে জোনাকক ধৰি বান্ধি লৈ ওলাই গৈছিল । তাৰ পিছত দূৰৰ অচিনাকি ঠাই এডোখৰত ৰাস্তাৰ দাঁতিত তাক মাৰি পেলাই থৈ গৈছিল । সিহঁতে জোনাকৰ মৃত্যু হোৱা বুলি ভাবিছিল যদিও তাৰ মৃত্যু হোৱা নাছিল । সি গোটেই ৰাতি বৰষুণত তিতি আছিল । পিছ দিনা পথেৰে যোৱা এজন মানুহৰ চকুত পৰি হুৱা দুৱা লাগিল । তাৰ পিছত সেই গাৱৰ কেইজনমান গণ্য মান্য ব্যক্তিয়ে তাক চিকিৎসালয়ত ভৰ্তি কৰে । সি তাৰ জ্ঞান হেৰুৱাই পেলাইছিল আৰু মানুহ খিনিও সি জ্ঞান ঘুৰাই পোৱাৰ পাছত তাৰ পৰা সকলো কথা শুনি ঘৰত খবৰ কৰিম বুলি কৈছিল । কিন্তু দুঘণ্টা মান আগত সি জ্ঞান ঘুৰাই পালে আৰু সকলো কথা তাৰ মনলৈ আহিছে । তেতিয়াৰে পৰা সি চিঞৰি আছে নিশা... নিশা বুলি..!
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment