জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ৪০) : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, May 14, 2021

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ৪০) : Storyboard

              

Storyboard


ক্ৰমশ দিনবোৰ যাবলৈ ধৰিলে । ক্ষণবোৰো নিশা আৰু জোনাকৰ বাবে মধুৰৰ পৰা মধুৰতম হৈ গৈ থাকিল । প্ৰভা, প্ৰদীপ, অঞ্জলিৰো সুখৰ বলাকায়ে চৌপাশত আবিৰ সানিব ললে( Storyboard ) । হাহি ধেমালিৰে পাৰ হব ধৰিলে প্ৰতিটো মুহূৰ্ত। জোনাকেও নতুনকৈ প্ৰতিষ্ঠা কৰা কোম্পানীৰ শাখাটো এপৰোভ হৈ আহিল। আগৰ দত্ত কনষ্ট্ৰাকশ্যনৰ পৰিৱৰ্তে কোম্পানীৰ নাম "জোনাক নিশা" কনষ্ট্ৰাকশ্যনৰ কৰা হল । আজি কোম্পানীটোৰ এপৰোভ লেটাৰ খন আহি জোনাকৰ হাতত পৰিল । তাৰ ফুৰ্তিত সীমা নোহোৱা হৈছে । গধূলি ঘৰলৈ আহোঁতে হাতত এটা মিঠাইৰ টোপোলা লৈ আহিল । অইন দিনাৰ দৰে আজিও সি দুৱাৰ দলিৰ পৰা নিশাক চিঞৰি চিঞৰি আহিছে 
-নিশা, নিশা... নিশা । 
জোনাকৰ এই চিঞৰটো নতুন নহয় । প্ৰতিদিনে অফিচৰ পৰা ঘৰ সোমালেই দুৱাৰ দলিৰ পৰা নিশাক চিঞৰি অহাটো তাৰ অভ্যাসত পৰিণত হৈছে । সেয়ে নিশাই তাইৰ কৰণীয় কাম কেইটা শেষ কৰি অহাৰ কথা ভাবিলে । জোনাকে আকৌ চিঞৰি চিঞৰি এইবাৰ তাইৰ ওচৰলৈ যাব লওতে তাই আহি তাৰ ওচৰ পালে 
-কি হল নো? 
-ইমানকৈ মাতি থকাৰ পাছতো তুমি অহা নাই যে..! 
-মই মন্দিৰত চাকি জ্বলাই আছিলো অ ।
- ছেঃ মই চাগে প্ৰতেকদিনাই তোমাক বহুত আমনি কৰো ন? 
-উম মইতো কেতিয়াও আমনি পোৱা নাই । বাৰু কি কব খুজিছা এতিয়া কোৱা? 
-দুচকু মুদি দিয়া । 
-কিয়?? 
-মুদি দিয়া চোন । 
-বাৰু 
নিশাই দুচকু মুদি দিলে । জোনাকে নতুন কোম্পানীটোৰ এপৰোভ হৈ অহা চিঠিখন তাইৰ হাতত তুলি দিলে । 
-এতিয়া দুচকু মেলা । 
নিশাই দুচকু মেলিলে । 
-এয়া কি? 
- খুলি চোৱা আকৌ । 
নিশাই খুলি চালে । চকু মুখত তাইৰ হাঁহি বিৰিঙি উঠিল । কাৰণ তাত লিখা আছে "জোনাক নিশা" কনষ্ট্ৰাকশ্যনৰ নতুন শাখাটোৰ সম্পূৰ্ণ দায়িত্ব নিশিতা বৰুৱাৰ হাতত অৰ্পণ কৰিলো । ইতি "জোনাক দত্ত" । তাই জোনাকৰ মুখলৈ চালে ।
-জোনাক?? 
-কি হল নো? 
-তুমি এনেকুৱা কিয় কৰিলা? 
-কি কৰিলো মই? 
-মই জানো এটা কোম্পানী চলাব পাৰিম । 
-পৃথিৱীত মানুহে নোৱাৰা কিবা কাম আছে জানো । আৰু মই তোমাৰ লগত আছো নহয় । 
তাৰ পিছত জোনাকে মিঠাইৰ টোপোলাটো তাইৰ হাতত তুলি দিলে । তাৰে প্ৰথম মিঠাইটো তাই জোনাকৰ মুখত গুজি দিলে । বিয়পি ৰল তাৰ মুখত এটা মনপৰশা হাঁহি । দূৰৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি অহা গীৰ্জাৰ নিভাঁজ সুৰ এটিয়ে অজানিতে চুই গল দুয়োকে । যেন এই অভিমানী সন্ধ্যাবোৰত সেই সুৰটোৱে কঢ়িয়াই আনিছে অনাবিল সুখৰ বতৰা ।হাঁহি আৰু আনন্দৰ মাজেৰে দিনবোৰ যাবলৈ ধৰিলে । নিশাই নতুন কোম্পানীত জইন কৰিলে । তাই কোম্পানীত জইন কৰা পিছতে আৰু এখন চাৰিচকীয়া বাহন জোনাক নিশাৰ ঘৰলৈ আহিল । সেইখন বাহন কেৱল নিশাৰ বাবে আনিলে আৰু এজন ড্ৰাইভাৰো নিয়োগ কৰা হল । নিশাই কিন্তু জোনাকৰ লগতে অহা যোৱা কৰে । জোনাক কেতিয়াবা নাথাকিলে হে তাই নতুনকৈ লোৱা বাহনখনত অহা যোৱা কৰে । কোম্পানীৰ কামবোৰ নিয়াৰিকৈ চলি গৈছে আৰু জোনাকৰ এই সফলতাত চহৰৰ এচাম ব্যৱসায়ীয়ে জ্বলি পকি উঠিছে । 

 আজি নিশা অফিচৰ পৰা অকলে আহিছে । জোনাক আবেলি ওলাই যোৱাৰ বাবে ড্ৰাইভাৰজনক ফোন কৰি নিশাক আনিব যাব কলে আৰু ড্ৰাইভাৰজন গৈ নিশাক লৈ আহিল । তাই আহি ফ্ৰেচ হৈ লয় বিচনাখনত পৰাৰ লগে লগে কেতিয়া টোপনি আহিল গমেই নাপালে । কিছু সময় পিছত জোনাক আহি পালে আৰু অইন দিনাৰ দৰে নিশাক দুৱাৰ দলিৰ পৰা চিঞৰি চিঞৰি আহিল যদিও সোমাই আহি বেদ ৰুমত তাই শুই থকা দেখি সি আৰু তাইক জগাবলৈ ইচ্ছা নকৰিলে । কাপোৰ কানি সলাই সি টিভি টোৰ ওচৰতে বহিল । ঘন্টাৰ পিছত ঘন্টা সময়বোৰ পাৰ হৈ গল । ৰাতি ৯ বাজিল । নাই নিশা এতিয়াও সাৰ পোৱা নাই । সি ৰান্ধনী শাললৈ গৈ ভাত পানী বনোৱাৰ যো জা চলালে । এটা সময়ত তাৰ ভাত বনোৱাও হৈ গল । সি আহি আকৌ টিভিটোৰ ওচৰতে বহিল । কিছু সময় পিছত নিশা সাৰ পালে । তাই মোবাইলটো চালে ১০ বাজি ৩০ মিনিট পাৰ হৈ গৈছে । থতমত খাই তাই উঠি বহিল । ( Storyboard )
- ইমান ৰাতি হল । মোকনো শুবলৈ কিহে পাইছিল । ভাত পানী এতিয়াও বনোৱাই নাই । জোনাক আহি চাগে একো এটা নোখোৱাকৈ এতিয়ালৈ আছে । 
তাই ওলাই আহিল । জোনাকে টিভি চাই আছে । 
-তুমি কেতিয়া আহিলা? 
-৬ বজাতে । 
-মোক কিয় জগোৱা নাই তেন্তে । তুমি চাগে এতিয়ালৈকে একো এটা নোখোৱাকৈ আছা? 
-হব দিয়া । ভাত পানী হৈছেই । তুমি উঠিলা যেতিয়া একেলগে ভাতকে খাম । 
-ভাত?? 
-উম, মইয়ে বনালো । 
-মোক জগাই দিয়া হলে কি আছিল নো? 
-তোমাৰ চাগে অফিচত কষ্ট হৈছে । আহি শুইছা । সেয়ে জগাবলৈ মন নগল । 
নিশাক আকৌ এবাৰ বিচলিত কৰিলে জোনাকৰ ভাব ধাৰাই । প্ৰতিটো মুহূৰ্তই সি মাথো তাইৰ  কথাই ভাবি গল । তাইৰ সুখৰ বাবেই উচৰ্গা কৰি গল পল অনুপল । এক কথাত জোনাক তাইৰ বাবে এটা ছাবি সদৃশ । যিয়ে তাইক ৰদ, বতাহ, বৰষুণৰ পৰা প্ৰতিটো মুহূৰ্ততে ৰক্ষা কৰি ছাঁ দি গল ।
   দিনবোৰ ক্ৰমশ পাৰ হৈ গল ঠিক এখন বোৱতী সুঁতিৰ দৰেকৈ । ব্যস্ততাৰ মাজতো যেন সুখী হয় আগবাঢ়ি গল জোনাক নিশা । আৰু জোনাকৰ এই সফলতাই যেন সহ্য হোৱা নাই চহৰৰ এচাম ব্যৱসায়ীৰ । সেই চাম মানুহৰ এতিয়া যেন সি মূল টাৰ্গেট হৈ পৰিছে । ফোনত ধন দাবী কৰা, মাজে মাজে মৃত্যুৰ ভাবুকিয়ে তাক জুৰুলা কৰিব ধৰিলে । তথাপিও সি নীৰৱে কাম কৰি গল । ৰাতি প্ৰায় ১ মান বাজিছে । অচিনাকি নম্বৰ এটাত ফোন আহিছে । সি ফোনটো ৰিচিভ কৰিলে । সিমূৰৰ পৰা ৰুক্ষ কণ্ঠত ভাঁহি আহিছে তাৰ মৃত্যুৰ ভাবুকি । সি বিচলিত হৈ পৰিছে । সি এবাৰ নিশালৈ চালে । আলফুলে শুই আছে তাই । সি নিঃশব্দে তাইৰ কপালত এটা চুমা আঁকি দিলে ।কিছু সময় পিছত তাই সাৰ পালে । জোনাকৰ মুখখন দেখি আচৰিত হল । 
-কি হৈছে জোনাক? 
-পৃথিৱীখন খুব জটিল অ নিশা । তাতকৈ জটিল মানুহৰ মনবোৰ । এই জটিল পৃথিৱীত আমাৰ দৰে ক্ষুদ্ৰ মানুহবোৰৰ স্থান যে মাত্ৰ দুদিনীয়া ভবাই নাছিলো । 
জোনাকৰ কথাত নিশা আচৰিত হল । হঠাতে কি হল তাৰ । তাই বাৰে বাৰে সুধিলে যদিও সি একো নকলে । কিছু সময় পিছত সি শুই পৰিল । নিশাৰ আৰু টোপনি নাহিল । জোনাকৰ যে  বিশেষ কিবা এটা হৈছে তাইৰ জানিব বাকী নাথাকিল । তাইৰ দুচকুৰে দুটোপাল তপত চকুলো বৈ আহিল । চটফটাই থাকোতে ৰাতি পুৱাল ।

ক্ৰমশ

Storyboard
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages