আজি নিশা অফিচ নাযায় । তাইৰ ঘৰুৱা কাম আছে কিছু । সেয়ে তাই জোনাকৰ লগতে সম্পূৰ্ণ ব্যস্ত হৈ আছে । সি চাৰ্টটো পিন্ধিব লওতেই তাই তাৰ হাতৰ পৰা চাৰ্টটো লৈ গল( Storyboard ) । তাৰ পৰিৱৰ্তে এটা নতুন চাৰ্ট তাৰ হাতত তুলি দিলে
-এইটো পিন্ধা
-হব দিয়া । এতিয়া আৰু মোক কোনেও চাব লগা নাই ।
-সেইবুলিয়ে মই কি তোমাক যেনেকে তেনেকে যাব দিম নেকি!
মিচিকিয়া হাঁহি এটা মাৰি তাই জোনাকক চাৰ্টটো পিন্ধাই দিলে । জোনাক আজি বেচ উৎফুল্লিত মনে ওলাই গৈছে । অফিচতো কামৰ ফাকে ফাকে সি ফোন কৰি আছে । ঠিক অইন দিনাৰ দৰে । নিশাই দিনটো কাপোৰ অলপ ধোৱাৰ লগতে ঘৰটো ঠিক কৰিলে । সন্ধিয়া চাকি বন্তি জ্বলাই তাইৰ চাহ একাপ খোৱাৰ অভিপ্ৰায় হল যদিও জোনাক অহালৈ বাট চাই আছে । ৰাতি প্ৰায় ৯ মান বাজিল । তাই তালৈ ফোন লগাই আছে যদিও ফোনটো সংযোগ বিচ্ছিন্ন দেখুৱাই আছে । । ক্ৰমশ আন্ধাৰ গভীৰ হৈ আহিল । নিশাই আকৌ ফোন লগালে নাই ফোনটো নালাগে । নিশাৰ বুকুখন কঁপিব ধৰিছে । ঘন্টাৰ পিছত ঘন্টা সময়বোৰ পাৰ হৈ গল । গভীৰ নিশাৰ বুকুত অজানিতে তাই উচুপি উঠিল । জোনাক আৰু নাহিল । পুৱা বেলিটো ওলোৱাৰ লগে লগে প্ৰদীপ, অঞ্জলি, প্ৰভা আহিল । সকলোতে খবৰ কৰা হল । দিনৰ ১০ বজাত চৌপাশ জোকাৰি গল সেই অভিশপ্ত খবৰটোৱে । পথৰ দাঁতিত জ্বলি ছাই হোৱা গাড়ী এখন উদ্ধাৰ হল । জ্বলি জ্বলি শেষৰ অংশ বাকী আছে । অৰ্থাৎ নাম্বাৰ প্লেটখনত চিনাক্ত কৰা হল সেইখন জোনাকৰ গাড়ী বুলি । আচলতে যোৱা ৰাতি এজাক ধুমুহা আহিছিল আৰু ভাঙি ছিঙি চুৰমাৰ কৰি থৈ গৈছিল জোনাক নিশাৰ সপোনৰ পঁজাটি । হয়তো সেই ধুমুহা বৰষুণৰ প্ৰভাৱত গাড়ীখনৰ বাকী অংশ জ্বলি নগল । তাৰ পিছত যেতিয়া মানুহ গৈ তাত চোৱা হল গাড়ী খনৰ ভিতৰত এজন জ্বলি যোৱা মানুহ । যেন চিনিবই নোৱাৰি । কিছু সময় পিছতে মৃতদেহ জোনাকৰ ঘৰলৈ লৈ অনা হল । গুণমুগ্ধৰে ভৰি পৰিল চোতাল । মৃত্যুদেহ চোতালত থোৱাৰ লগে লগে প্ৰভা মাটিত ঢলি পৰিল । আৰু নিশা? বজ্ৰপাত পৰা মানুহৰ দৰে চাই ৰল । আৰু যেতিয়া শ্মশানলৈ নিয়া হল তাইৰ কান্দোনত চৌপাশ জোকাৰি গল । সেই যে জোনাক নিশাৰ মধুৰ ক্ষণবোৰৰ বাতৰি পাই আলিংগন কৰা গছ গছনি, চৰাই চিৰিকটি সকলো স্তব্ধ হৈ ৰল । এয়া কি হল? প্ৰাণৰ জোনাক গলগৈ নিশাৰ বুকুত আন্ধাৰৰ বীজ সিঁচি থয় । মাত্ৰ উপহাৰ স্বৰুপে দি গল তাইক উকা কপাল খন আৰু এযোৰ বগা সাজ ।
"নুবুজিলো নাজানিলো
তোমাক পাইয়ো কিয় হেৰুৱালো,
সপোনতো দেখো যেন তুমি আহিছা,
মৰমৰে ফাকু যেন তুমি সানিছা
সপোন ভাঙি যায়, বুকুখন ঢপেঢপাই
তোমাৰ মিঠা চাৱনিয়ে মোকে কন্দুৱাই..! "( Storyboard )
সম্পূৰ্ণ ২৪ ঘন্টাৰ পিছত প্ৰভাৰ সম্বিত ঘুৰি আহিল । আউলি বাউলি চুলিটাৰিৰ সৈতে ওচৰতে বহি আছে নিশা । প্ৰভা আচৰিত হল ।
-বোৱাৰী?
হয়, প্ৰভাই এতিয়াও কল্পনাই কৰিব পৰা নাই জোনাক নোহোৱা কথাটো । মানি লব পৰা নাই এই মৃত্যু ।যাৰ কাৰণে নিশাৰ উকা কপাল খন আৰু বগা সাজযোৰ দেখি প্ৰভা আচৰিত হৈছে ।
-সেন্দুৰৰ ৰং ৰঙা বুলি জানিছিলো মা কিন্তু ইমান ৰঙা বুলি কেতিয়াও ভবা নাছিলো, য'ত হেৰাই যাব পাৰে ৰামধেনু বুলীয়া সপোনৰ ৰঙচঙীয়া ৰঙবোৰ ।
নিশাই হুকহুকাই কান্দিলে
নিশাৰ কান্দোনত অঞ্জলিও চকুলো টুকিলে । মাথো নীৰৱে তাইৰ মুখৰ ফালে চাই ৰল প্ৰভা । প্ৰদীপে
তাইৰ ওচৰলৈ আহিবলৈ সাহস হোৱা নাই । সি দূৰৰ পৰা তাইলৈ চাই লুকাই লুকাই কান্দিছে । হয়তো প্ৰদীপে জীৱনত দুবাৰ কান্দিলে ।এবাৰ নিশাক জোনাকে সেন্দুৰৰ ফোঁট পিন্ধোৱাৰ সময়ত আৰু আজি জোনাকে নিশাৰ সেই সেন্দুৰৰ ফোঁটটো মচি নিয়াৰ বাবে..!
ফৰকাল আকাশখনো মেঘাচ্ছন্ন হৈ পৰিল । জোনটোও চিৰদিনৰ কাৰণে ঘোৰ তমসাৰ মাজত লুকাই থাকিল । মাথো আন্ধাৰৰ পৰা আন্ধাৰ লৈ জ্বলন্ত সাক্ষী হৈ ৰল নিশা । গজালি মেলিব লওতেই লেৰেলি লাগি শুকাই গল সিহঁতৰ সপোনৰ কলিটি, উৰিব খোজতে দেউকা ভাগিল কল্পনাৰ চৰাইজনীৰ । মাথো পদে পদে সিঁচি থৈ গল অলেখ স্মৃতি । নিমাওমাও হৈ পৰিল ঘৰখন । প্ৰভাই একেবাৰে কথা নকয় মাথো সকলোৰে মুখলৈ এপলক দৃষ্টিৰে চাই ৰয় । এজাক ধুমুহাই উৰুৱাই নিয়া তাইৰ উৰুখা পঁজাটি থান থিত লাগিছিল হে মাত্ৰ আন এজাক ধুমুহাই সেইখিনিও একেবাৰে লৈ গল । সেইবাবেই চাগে প্ৰভা মৌন হৈ ৰল । প্ৰদীপ আৰু অঞ্জলি দুয়ো প্ৰায় নিশ্চুপ । হঠাতে এয়া কি হল কোনেও যেন কল্পনাই কৰিব নোৱাৰিলে । নিশা প্ৰায় বলিয়াৰ দৰে হৈ পৰিছে । তাই প্ৰায় একেথিৰে আকাশখনৰ ফালে চাই ৰয় তাৰ কিছু সময় পিছত জোনাক বুলি চিঞৰি উঠি কান্দোনত ভাঙি পৰে । তাইৰ কান্দোনত প্ৰদীপ আৰু অঞ্জলিও চকুলো টুকিব বাধ্য হয় ।
" অহাৰ দৰেই উভতি গলা ন
বুকুত গুজি মাথো মোৰ দুখৰ বীজ এটোপালা..! "
প্ৰতিটো দিনৰ প্ৰতিটো সন্ধিয়াই তাই জোনাকৰ অপেক্ষাত বাট চাই ৰয় । তাইৰ ভাব হয় মুখত হাঁহিটি বিয়পাই জোনাক দৌৰি আহি দুৱাৰ দলিৰ পৰা তাইক চিঞৰি চিঞৰি মাতিব । নাই, এতিয়া আৰু জোনাক নাহে তাইক চিঞৰি চিঞৰি আমনি দিবলৈ । সি বৰ অভিমানী অ । হয়তো আকৌ কিবা কথাত লেঠা লাগিল । সেয়ে অভিমান কৰি গুচি গল । কিন্তু তাই যে মানি লবই নোৱাৰে তাৰ এই অভিমানক । ৰাতিৰ আকাশখনক কেতিয়াবা তাই সোধে জোনাকৰ কথা তৰাবোৰে জিকমিকাই উঠে । তাইৰ মুখত এটা ক্ষীণ আশাই ঢৌ খেলি যায় । মনতে ভাবে মোৰ জোনাক জীয়াই আছে আৰু এদিন নিশ্চয় উভতি আহিব । কাৰণ জোনাক অবিহনে নিশা কেতিয়াও সম্ভৱ নহয় । সেয়ে বিশ্বাসৰ আকাশত থাপনা পাতি তাই আজীৱন বাট চাই ৰব জোনাকৰ বাবে । তাই ৰূমলৈ সোমাই আহিল । জোনাকৰ ফটোখনৰ ওচৰত থিয় হল । তাৰ মুখত বিয়পি আছে এটা হৃদয় জুৰুৱা হাঁহি । নিশাৰ দুচকুৰে ধাৰাষাৰ চকুলো বৈ আহিল । নাই আজি আৰু জোনাক নাই তাইৰ চকুপানী মচি দিবলৈ । আজি তাইৰ চকুপানীয়ে গলাব পৰা নাই জোনাকৰ হৃদয় । সি মাথো একেথিৰে তাইৰ ফালে চাই আছে মুখত মিচিকিয়া হাঁহিটি বিয়পাই । আজি সি মৌন । সি বন্দী নিয়তিৰ দেশত । তাই কান্দি কান্দি ভাগৰি পৰিল । অঞ্জলি সোমাই আহি তাইক সিহঁতৰ বিচনাখনলৈ লৈ গল ।
-প্ৰতিটো ৰাতিয়ে মোক আহ্বান জনায় একোখন যুদ্ধৰ ।গভীৰ নিশাৰ ৰাগিত যেতিয়া আন মানুহে গভীৰ নিদ্ৰাত লালকাল হৈ শুই পৰে তেতিয়া বিচনাখন হৈ পৰে মোৰ বাবে যুদ্ধক্ষেত্ৰ । প্ৰতিটো ৰাতিয়ে মই এই যুদ্ধত ভাগৰি পৰো আৰু অসহায় হৈ যেতিয়া তোমাক কাষত বিচাৰো। তোমাৰ অপেক্ষাত ৰৈ থকা গাৰুটোৱে মোক সান্তনা দিয়ে...!
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment