সময় আবেলি জোনাক অফিচৰ পৰা বাহিৰলৈ ওলাই গৈছে । সি বাটত নিশালৈ ফোন লগালে । ফোনটো ৰিং হোৱাৰ লগে লগে তাই ৰিচিভ কৰিলে । ( Storyboard )
-উম, কোৱা কি কৰিছা?
-ড্ৰাইভ কৰি আছো ।
-তেন্তে মই ফোন ৰাখিছো ।
-ফোন মই কৰিছো । তুমি কিয় ৰাখিবা ।
-ড্ৰাইভ কৰি থকা সময়ত ফোনত কথা পাতি যোৱাতো উচিত নহয় । তেন্তে গাড়ী ৰখোৱা ।
- গাড়ী ৰখালোৱে যেনিবা । সময়ে জানো মোলৈ ৰৈ থাকিব ।
-ঠিক আছে তেন্তে পিছত কথা পাতিম ।
- যি বুজিছো তোমাৰ মোৰ লগত কথা পাতিবলৈ মন একেবাৰে নাই ।
- বলিয়ালি নকৰিবা জোনাক ।
- কেতিয়াবা মোৰ বলিয়ালি কৰি ভাল লাগে ।
- কিন্তু তোমাৰ এই বলিয়ালিক মোৰ খুব ভয় লাগে ।
নিশাই ফোনটো কাটি দিলে । যেতিয়া গধূলি জোনাক ঘৰলৈ আহিল অভিমানত ফুলি আছে সি । অইন দিনা আহিয়েই দুৱাৰ দলিৰ নিশাক চিঞৰি চিঞৰি আহে । আজি নিঃশব্দে আহি কাপোৰ কানি সলাই টিভি চাই আছে । নিশাই ভিতৰত কিবা কামত ব্যস্ত হৈ আছিল আৰু যেতিয়া ওলাই আহিল জোনাকক দেখি ভিতৰি ভিতৰি তাইৰ হাঁহি উঠিল । বুজিব বাকী নাথাকিল যে এয়া আবেলি ফোন কাটি দিয়াৰ প্ৰতিক্ৰিয়া । তাই তাৰ ওচৰতে বহি সুধিলে
-কেতিয়া আহিলা?
-পলম হল । গভীৰ হৈ সি কলে
-মোক মাতিছিলা চাগে । আচলতে মই অলপ ব্যস্ত হৈ থকা বাবে হে গম নাপালো ।
তাই এনেই কলে । জোনাকে একো নকলে । সি তাইৰ ওচৰৰ পৰা উঠি বেদ ৰূমলৈ গল । নিশাই আৰু হাঁহি ৰখাব নোৱাৰিলে । তাৰ পিছত তাই ৰান্ধনী শাললৈ গল আৰু দুকাপ চাহ কৰি কিছু সময় পিছত জোনাকৰ ওচৰলৈ গল । একাপ চাহ তালৈ আগবঢ়াই দি কলে
-এয়া চাহ লোৱা ।
- খাবলৈ মন নাই ।
-বনাইছো যেতিয়া খোৱা আকৌ ।
-খাই আহিছো ।
-তুমি অফিচৰ পৰা ওলোৱাৰে পৰা এতিয়ালৈকে এঘন্টা মান হল । সেয়ে খাব পাৰি দিয়া। চাহ হে লোৱা ।
পিছত যেনিবা নিশাই কওতে কওতে চাহ কাপ খালে । তাৰ পিছত সি মোবাইলটোত গেম খেলাত ব্যস্ত হৈ পৰিল । অইন দিনা হলে নিশা ওচৰত নহলে সি অচল হৈ পৰে । তাই ভাত ৰন্ধাৰ সময়তো তাইৰ ওচৰতে গৈ ইটো সিটো তাইক সহায় কৰি দিয়ে । আজি কিন্তু তাইক মাত বোল কৰা নাই । ভাত পানী হোৱাৰ পাছতো নিশাই ভাত সাজু কৰি তাক বাৰ বাৰ মাতি আছে । নাই সি উঠি অহা নাই । অৱশেষত নিশা বেদ ৰূমলৈ গৈ তাৰ ওচৰতে বহিল ।
- ভাত দিছো, আহা
- ভোক লগা নাই ।
- কিন্তু মোৰ যে ভোক লাগিছে ।
-তুমি খোৱা গৈ ।
- মোৰ অকলে খাব ভাল নালাগে নহয় আহা ।
কিছু সময় সি মনে মনে ৰল । আজি মোবাইলতে গেম খেলাত ব্যস্ত । নিশা ৰৈ আছে ওচৰতে । তাই আকৌ কলে
- ভাত বাঢ়ি থৈ আহিছো অ । আহা আগত ভাত কেইটা খাই লোৱাহি ।
এইবাৰ মোবাইলটো থৈ তাইৰ ওচৰেৰে পাৰ হৈ গল ৰান্ধনী শাললৈ বুলি । জোনো কি ভাবিলে? বাহিৰত খং দেখুৱাইছে যদিও হয়তো তাৰ নিশা জনী ভোকত থকা কথাটো অন্তৰেৰে সহ্য কৰিব পৰা নাই । নিশাই কিন্তু তাৰ এই ৰূপটো বেচ উপভোগ কৰিছে । ভাত খোৱাৰ সময়তো আজি সি মৌন । অইন দিনা দিনটোৰ সমস্ত কথা কত কি হল, অফিচৰ কথা তাইক কৈ যায় । আজি কিন্তু সেইবোৰ নাই । তাই খোৱাৰ মাজতে কেইবাবাৰো তাৰ ফালে চালে সি যি তলমূৰ কৰিছে তেনেকৈ খাই এটা সময়ত উঠি গল । নিশাৰ মুখত ডুলি ৰল মাথো এটা হৃদয় জুৰুৱা হাঁহি ।
অইন দিনাৰ দৰে জোনাক বিচনাৰ পৰা উঠি বাথৰুমত সোমাল । আৰু কিছু সময় পিছত গা পা ধুই ওলাই আহিল । আজি নিশা এতিয়ালৈকে বিচনাৰ পৰা উঠা নাই । ( Storyboard )
- অইন দিনা নিশা সোনকাল উঠি কাম কাজ কৰিব লৈ আজি এতিয়াও উঠা নাই যে । কি হল বাৰু তাইৰ ।
জোনাক চিন্তাত পৰিল । কিছুসময় পাছত সি তাইৰ ওচৰলৈ গৈ বিচনাখনতে বহিল আৰু কও নকওঁ কৈ কলে
-নিশা, মই অফিচলৈ যাওঁ ।
তাই শুনি আছে যদিও মাত দিয়া নাই । কিছু সময় পাৰ হৈ গল । সি আকৌ মাতিলে
-নিশা কি হৈছে নো তোমাৰ?
- গাটো খুব বেয়া অ আজি । ৰবা মই উঠি তোমাৰ খোৱাৰ কিবা এটা কৰি দিওঁ ।
সেহাই সেহাই নিশাই কলে । জোনাক আতংকিত হৈ উঠিল ।
-কি?? তোমাৰ গা বেয়া হৈছে আৰু মোক কোৱা নাই যে ।
- তুমি চোন মোক কালিৰে পৰা ভালদৰে মাত বোল কৰাই নাই । কেনেকৈ নো কওঁ ।
-ছেঃ, মইয়ো যে আৰু....
অপৰাধীৰ সুৰতে সি কলে । তাৰ পিছত সি তাইক দুবাহুত ধৰি বিচনাতে গাৰুটোত আউজাই বহুৱাই দি কলে
-তুমি বহা, মই দুকাপ চাহ কৰি আনো ।
- হব দিয়া চাহ মইয়ে কৰিম ।
নিশাই উঠি আহিব খোজতে সি বাধা দি কলে
- নালাগে, তুমি উঠি নাহিবা । মই কৰিম গৈ ।
জোনাক চাহ কৰিব গল । নিশাই অকলে অকলে হাঁহিলে । কাৰণ তাইৰ বেমাৰ হোৱা নাই । জোনাকক কি দৰে স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰি সেই বিষয়ে ভাবি থাকোতেই ৰাতি তাইৰ মূৰত এইটো বুদ্ধি খেলালে আৰু এয়াই উত্তম উপায় হব বুলি ভাবি তাই খেল খন খেলিলে । কিছু সময় পিছত জোনাক আকৌ সোমাই আহিল ।
- নিশা আহা মুখ হাত ধুই লোৱাহি । মোৰ চাহ হৈ গল ।
-মই মুখ হাত ধুই আহিলো ।
হয়, জোনাকে চাহ কৰিব যাওঁতে নিশাই মুখ হাত ধুই জোনাকে চাহ কৰি থকাও চাই আহিছে, জোনাকে নজনাকৈ..! কিছু সময় পিছত জোনাকে চাহ দুকাপ লৈ আনি একাপ নিশাক দিলে আৰু আনটো কাপ সি হাতত লৈ অফিচৰ তাৰ তলৰ কৰ্মচাৰী এজনক ফোন লগালে
- হেল্লো....! শৰ্মা মই আজি অফিচ যাব নোৱাৰিম । আপুনি আহি একাউণ্টচৰ কাম খিনি চাব ।
- নিশাৰ ৰাতিৰে পৰা গা বেয়া বহুত । সেয়ে মই আজি যাব নোৱাৰিম ।
তাৰ কথাত নিশা আচৰিত হল ।
-তুমি আকৌ কিয় অফিচ নোযোৱা হলা?
-তোমাক এনেকৈ এৰি থৈ কেনেকৈ নো যাওঁ ।
-মোৰ তেনে একো হোৱা নাই আৰু যি হৈছিল তোমাৰ চাহ কাপ খাই ঠিক হৈ গলো । তুমি অফিচ যোৱা । ৰবা মই ব্ৰেকফাষ্ট কৰো গৈ ।
-কিন্তু তোমাক এনেকৈ অকলে এৰি..???
-হব, মোৰ বিশেষ কিবা হলে তোমাক ফোন কৰিম ।
নিশাই কওতে কওতে জোনাক অফিচলৈ যাবলৈ মান্তি হল । তাই ব্ৰেকফাষ্ট সাজু কৰি জোনাকক দি তাৰ লগতে তাইয়ো বহিল ।ব্ৰেকফাষ্ট কৰি থকা সময়তো সি কেৱল তাইৰ চিন্তাতে মছগুল হৈ থাকিল । মই যোৱাৰ পাছত যদি তোমাৰ বেছিকৈ গা বেয়া কৰে । নিশাৰ বেয়াও লাগিল । এটা মিচা কথা কয় তাৰ মনটোত হে অশান্তি বঢ়োৱাৰ দৰে হল । তাই তাক সম্পূৰ্ণ আশ্বাস দিলে তেনে কিবা হলেই তাক ফোন কৰিম বুলি । পিছত যেনিবা সি নিশাৰ কথা মতে মনত চিন্তাৰ পাহাৰখন গঢ়ি লৈ অফিচলৈ ওলাই গল ।
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment