দিগন্তৰ সিপাৰে সূৰুযটোৱে আজি প্ৰখৰ গতিত ওলাই আহিছে । পূৰ্ণ আস্থা, পূৰ্ণ বিশ্বাসেৰে সি পৃথিৱীৰ বুকুত পোহৰ সিঁচিছে । আজি ডাৱৰবোৰেও তাৰ লগত ফেৰ মাৰিব পৰা নাই ( Storyboard ) । জোনাক অফিচলৈ যাবলৈ ওলাইছে । আৰু নিশাই তাৰ ওচৰতে ৰৈ ইটো সিটো আগবঢ়াই দি আছে । এ ধৰক চাৰ্টৰ বুটাম মাৰি দিয়া, ঘড়ীটো পিন্ধাই দিয়া, পাৰফিউম টো আনি গাত সানি দিয়া ইত্যাদি । তাই বৰ আগ্ৰহেৰে তাৰ প্ৰতিটো কাম কৰি আছে । আৰু সি তাইৰ ফালে একেথিৰে চাই আছে । যেন শৈশৱৰ বাকৰিত লগ পোৱা চঞ্চলা চপলা তাৰ সেই চিত পখিলাজনী আজি নিচেই কাষত। তাইলৈ চাই তাৰ মনতো খুব বেয়া লাগিছে। ঘড়ীটো পিন্ধাই দি তাই হঠাতে তাৰ ফালে চালে -
-কি হল?
-মনতো ভাল লগা নাই
-কিয়??
-আজিৰে পৰা তুমি কলেজ নোযোৱা যে, সেই কথা ভাবি । তোমাক নো কিহে পাইছিল চাকৰিটো ৰিজাইন দিব ।
- একো নাই দিয়া । সদায়ে মানুহে একেটাতে খামুচি ধৰি থাকিলে বৰ্তমানটো আগবঢ়াই নিম কেনেকৈ ।
-বুজিছো । কিন্তু মই তোমাক পইচাৰ কাৰণে চাকৰি কৰিব কোৱা নাই । মই ওলাই যোৱাৰ পিছত তুমি যে খুব অকলশৰীয়া হৈ পৰিবা । সেই ভাবিহে বেয়া লাগিছে ।
-তুমি মোৰ হৃদয়ত আছা । মোৰ তেজৰ সিৰাই সিৰাই তুমি ধাবিত হৈ আছা । ইয়াৰ পাছতো মই কত অকলশৰীয়া হলো ।
কথাকেইটা কৈ মিচিকিয়া হাঁহি এটা মাৰি নিশা জোনাকৰ ওচৰৰ পৰা আতৰি যাব লওতে জোনাকে তাইৰ হাতত থাপ মাৰি ধৰিলে । নিশা ৰৈ গল । লাহে লাহে সি তাইৰ ওচৰ চাপি আহিল । তাইৰ প্ৰতিটো উশাহত জোনাকৰ স্পন্দন অনুভূত হল । শৰীৰত জাগি উঠিল এক অবুজ শিহৰণ । মৌন হৈ ৰল ক্ষণ-প্ৰতিক্ষণ । মাথো স্মৃতি হৈ ৰব সময়ৰ জোলোঙাখন ।
"নীৰৱে জ্বলি থকা তৰাবোৰে,
বাৰে বাৰে ক'ব খোজে,
তুমি মোৰ মাথোঁ মোৰ...!"
অফিচৰ কৰ্মচাৰী সকলৰ মাজত খেলি মেলি লাগিছে । সিহঁতৰ ফাইল এটা বিচাৰি পোৱা নাই । ৰাহুল, সঞ্জয় আৰু অনুপৰ ভয়ত অণ্ঠ কণ্ঠ শুকাই গৈছে জোনাক অহাৰ পিছৰ পৰিস্থিতিৰ কথা ভাবি । সিহঁতে পাগলৰ দৰে হৈ পৰিছে । নাই ফাইলটো বিচাৰি পোৱা নাই । কিছু সময় পিছত জোনাক আহি অফিচ সোমাল । সিহঁত নিশ্চুপ পৰিছে । কাৰণ জোনাকে ফাইলটো বিচৰাৰ পিছত কি কব সেই কথা ভাবি । সিহতৰ মুখবোৰ দেখি জোনাকে সুধিলে
-কি হৈছে? ( Storyboard )
আটাইয়ে তলমূৰ কৰিলে ।
-কি হল । আটাইয়ে মনে মনে ৰলা যে । কি হৈছে কোৱা?
-চাৰ, বৰুৱা কনষ্ট্ৰাকশ্যনত আজি চাবমিট কৰিব লগা ফাইলটো বিচাৰি পোৱা নাই ।
ভয়ে ভয়ে অনুপে কলে ।
-ভালদৰে বিচাৰি চোৱাচোন । ফাইলটো ইয়াত নাথাকিলে কলৈ নো যাব ।
- নাই পোৱা চাৰ, সকলো বিচাৰি চলাথ কৰিলো ।
জোনাকে কিছুসময় কিবা ভাবিলে । তাৰ পিছত কলে
-এয়া গাড়ীৰ ছাবি লোৱা । মোৰ ঘৰত ফাইলটোৰ অৰিজিনেল কপিটো আছে । তুমি গৈ লৈ আহা ।
অনুপৰ হাতত ছাবিপাত দি জোনাক তাৰ কোঠালৈ গল । আটাইৰে ওলাই যাব খোজা জীৱটো আকৌ ঘূৰাই পোৱাৰ উপক্ৰম হল ।
-হিল্লোল চাৰ হোৱা হ'লে আজি অফিচ গৰম কৰি দিলে হেতেন ।/div>
-তই ঠিকেই কৈছ । জোনাক চাৰক মানিছো কিন্তু ।
- তেখেতৰ নামেই জোনাক । আন্ধাৰ গুচাই সকলোৰে মনত পোহৰ সিঁচি দিয়াই তেখেতৰ কাম ।
সঞ্জয়ৰ কথাত তিনিও হাঁহিলে । তাৰ পিছত অনুপে ফাইলটো আনিবলৈ গল ।
গধূলি জোনাক অফিচৰ পৰা আহি টিভিটোৰ সম্মুখত বহিছে । দুকাপ চাহ লৈ কিছু সময় পিছত নিশা আহি তাৰ ওচৰতে বহিল । একাপ চাহ তাক দি আনটো কাপ তাই ললে । দুয়োৰে মাজত বিভিন্ন কথা বতৰা চলিল । কাইলে শনিবাৰ আৰু প্ৰতেক শনিবাৰে অফিচৰ শেষত দুয়ো গাৱলৈ উৰা মাৰে আৰু সোমবাৰে পুৱা চহৰ মুখী হোৱাটো সিহঁতৰ নিয়মীয়া কৰ্তব্য । আৰু দুয়োৰে এই কৰ্তব্যৰ কাৰণে নিসংগ অনুভৱ কৰা নাই প্ৰভাই, নিসংগ হোৱা নাই প্ৰদীপ আৰু অঞ্জলি । কিন্তু কাইলৈ জোনাকে গাৱলৈ নোযোৱাৰ কথা ভাবিছে । সেয়ে নিশাক কলে
-নিশা কাইলৈ আমি গাৱলৈ নাযাওঁ দিয়া ।
-কিয় তোমাৰ কিবা জৰুৰী আছে নেকি?
-তেনে বিশেষ একো নাই । কিন্তু মই এটা বেলেগ কথাহে ভাবিছো ।
-কি কথা?
-পৰসী ৰবিবাৰ। সেয়ে আমি অলপ ওলাই যাম আৰু দুপৰীয়াৰ সাজ বাহিৰতে লাঞ্চ কৰাৰ কথা ভাবিছো ।
নিশাই কিছু সময় নীৰৱে ৰল । তাৰ পিছত কলে
-মই আন এটা বেলেগ কথা ভাবিছো ।
-কি ভাবিছা?
-আমি কাইলৈ ইয়াতেই থাকি দিও আৰু ৰবিবাৰে পুৱা মাছ, মাংস অলপ লৈ গাৱলৈ গৈ মা দেউতাহতৰ লগতে যদি লগ হৈ এসাঁজ খোৱাৰ যো জা চলাও কেনে হয়? আমি দুয়োজনে ধাবা বা ৰেষ্টুৰেন্টত এসাঁজ ভালদৰে খাই আহিলো কিন্তু তেওলোকে তাত থাকিব । তেওঁলোকৰো মন যায় দিয়াচোন আমাৰ লগত লগ হৈ এসাঁজ খোৱাৰ ।
নিশাৰ কথাত জোনাকে তবধ মানিলে । সি এইবোৰ কথা এবাৰো ভবাই নাছিল । তাইৰ কথা কেইটাই তাক বিচলিত কৰি তুলিলে । মনতে ভাব হল সচাকৈয়ে মোৰ চিন্তা ধাৰা যত শেষ হয় নিশাৰ চিন্তা ধাৰা তাৰ পৰা আৰম্ভ হয় । সি তাইৰ প্ৰস্তাবক হৃদয়ৰে গ্ৰহণ কৰি ললে । তাৰ পিছত শনিবাৰৰ দিনতো সিহঁতে চহৰতে থাকি ৰবিবাৰে পুৱা গাৱলৈ ৰাওনা হল । আৰু নিশাই কোৱা অনুসৰি সকলোৱে লগ হৈ এসাঁজ খাই সোমবাৰে পুৱা চহৰলৈ উভতিল । নিশাক ৰুমত থৈ জোনাক অফিচলৈ গল । তাৰ মনতো আজি সতেজ হৈ আছে । চকীখনত আউজি সি নিশাৰ কথাকে ভাবি আছে ।
-চাৰ চাহ
অফিচৰ কাম কৰা লৰাজনৰ মাতত তাৰ সম্বিত ঘুৰি আহিল ।
-বাৰু থোৱা ।
চাহ কাপ হাতত লৈ সি নিশালৈ ফোন লগালে । ফোনটো ৰিং হৈ আছে । কিছু সময় পিছত সিমূৰৰ পৰা নিশাৰ কন্ঠ ভাহিঁ আহিল
-হেল্লো......!!!
-কি কৰি আছা নো? ফোনটো উঠোৱা নাই যে ।
- তোমাৰ আৰু মোৰ কাপোৰ কেইটা মান ধুই আছিলো । তুমি কি কৰিছা?
- তোমাৰ কথা ভাবি আছো ।
- কামৰ সময়তো মোৰ কথা । চাবা আকৌ মই গৈ লগ দিলে পথ হেৰুৱাব তোমাৰ কামৰ লক্ষ্যৰ গতি ।
-তুমি কাষত থাকিলে পথভ্ৰষ্ট পথিকেও সঠিক পথত আহিব বাধ্য হয়, দিক ভ্ৰান্ত কৰ্মই মোক বাট দেখুৱাই ।
বিভিন্ন কথা বতৰাৰ মাজেৰে এটা সময়ত দুয়ো দুয়োৰে পৰা আতৰি আহিল । ক্ৰমশ দিনবোৰ যাবলৈ ধৰিলে । জোনাকো সফলতাৰ জখলাখনত বগাই গৈ থাকিল । এইবাৰ সি চহৰত আন এটা নতুন শাখাৰ কাম কৰাৰ কথা ভাবিছে, যিটো শাখাৰ সমস্ত দায়িত্ব সি নিশাৰ হাতত অৰ্পণ কৰি দিব । কিন্তু এই সম্পৰ্কে নিশাক এতিয়ালৈকে সি একো কোৱা নাই ।
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment