জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ৩৭) : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 10, 2021

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ৩৭) : Storyboard

              

Storyboard


 তাৰ অনুসূচনা হল যে সি নিশাক ইমান বেয়াকৈ কোৱাতকৈ যদি তাৰ মৰমৰ সাগৰত ডুবাই ৰখাৰ চেষ্টা কৰিলে হয়, য'ত এজন বিনয় নহয় হাজাৰজন বিনয় আহিলেও তাইক তাৰ পৰা তুলিব নোৱাৰিলে হয় । কিন্তু সি মূৰ্খৰ দৰে এয়া কি কৰিলে । সি আৰু ৰৈ নাথাকিল । কোঠাৰ ভিতৰলৈ গৈ বাল্বটো জ্বলাই দিলে ( Storyboard )। গোটেই কোঠাটো পোহৰ হৈ উঠিল। সি খোজ ললে সিহঁতৰ বেদ ৰূমলৈ, য'ত নিশা শুই আছে । তাই আজি ভাগৰুৱা । টোপনিত লালকাল । সি তাইৰ ওচৰতে বহিল । তাইৰ দুধাৰিৰে বৈ আছে   দু টোপাল চকুপানী । বাল্বটোৰ উজ্জ্বল পোহৰত জিকমিকাই আছে ।সি সেই চকুলো মচিব লওতেই নিশা সাৰ পালে । দুচকু মেলি সম্মুখত জোনাকক দেখিলে । তাই তাৰ হাতখনত  ধৰি বাধা দিলে । জোনাকে তাইৰ দুচকুলৈ চাই কলে 
-ছৰি 
নাই নিশাই আজি একো কোৱা নাই । তাই মৌন । সি আকৌ কৈ গল 
-তুমি বহুত কষ্টত আছা ন? বিশ্বাস কৰা মইয়ো বহুত কষ্টত আছো  অ ।
-বুজি পোৱাৰ আগতেই ভুল হৈ যায় আৰু শুধৰণি হোৱাৰ আগত সময়ো শেষ হৈ যায় । 
-কিন্তু তুমি মোৰ লগত থাকিলে সকলো কৰিব পাৰিম । তুমি বিচাৰিলে মই সেই সময়কো উভতাই আনিম । 
তাই একো কোৱা নাই । নীৰৱে পাৰ হৈ গল বহু সময় । তাৰ পিছত সি আকৌ আৰম্ভ কৰিলে 
-এতিয়াৰে পৰা আমি আগৰ দৰেই থাকিম দিয়া । তুমি আৰু মই । হাঁহি, সুখ, আনন্দ, আশা, সপোন হব আমাৰ সংগী । যত  জীৱনে গীত ৰচিব, সপোনে সুৰ কৰিব, আশাই বাদ্য যন্ত্ৰ বজাব আৰু গাই যাম আমি । 
ইমান সময়ে নিশাই একো কোৱা নাছিল যদিও এইবাৰ অলপ খঙতে কলে 
-যেতিয়ালৈকে মই মোৰ সিদ্ধান্তত উপনীত হব নোৱাৰো তেতিয়ালৈকে তোমাক কোনো উত্তৰ নিদিও । পাৰিলে কাইলৈৰ ভিতৰত মই মোৰ সিদ্ধান্তত উপনীত হম । 
জোনাকৰ মূৰত আকাশখন খহি পৰা যেন লাগিল । 
- সিদ্ধান্ত???? 
নিশাই কি সিদ্ধান্ত লব? তাই তাক এৰি থৈ আকৌ কৰবালৈ গুচি যাব নেকি? নে এইবাৰ একেবাৰে দিভোৰ্চৰ কথা ভাবিছে । উফ সি আৰু ভাবিব নোৱাৰা হৈছে । অণ্ঠ কণ্ঠ তাৰ শুকাই যোৱাৰ উপক্ৰম হৈছে । অসহায় মানুহৰ দৰে সি আকৌ কৈছে 
-মই তোমাক সন্দেহ কৰা বুলি তুমি খং কৰি আছা ন? কিন্তু বিশ্বাস কৰা এয়া মোৰ সন্দেহ নহয় । মাত্ৰ তোমাক হেৰুৱাৰ ভয়। তোমাৰ অবিহনে মই বলীয়া হৈ যাম অ । নিশা অবিহনে জানো জোনাকৰ কিবা অস্তিত্ব আছে । দিনৰ সৌন্দৰ্য্য যিমানেই ৰংচঙীয়া নহওঁক কিয় তাত যেন জোনাক সদায় মৃত । 
জোনাকৰ আবেগে দুলি থকা মুখখন কোঠাটোৰ বাল্বৰ পোহৰত স্পষ্ট হৈ উঠিছে । নিশাৰো বেয়া নলগা নহয় তাৰ এই ৰূপটো। কিন্তু তাইৰ অভিমানে গৰকা হৃদয়খনে এতিয়ালৈ এবাৰো তাইক বাধ্য কৰা নাই তাক সঁহাৰি দিবলৈ । হয়তো আৰু কিছু সময় পিছত জোনাকৰ আবেগৰ ঢৌত নিশাৰ অভিমানবোৰ বৰষা হৈ নামিব । তাৰ পিছত ফৰকাল হব আকাশ, জিলিকি ৰব ৰদৰ কিৰণ । 

      অৰ্ধ আকাশখনৰ বুকুত বেলিটোৱে নিজৰ স্থিতি অটল ৰাখিবলৈ চেষ্টা কৰি আছে । কিন্তু ডাৱৰবোৰৰ কুঠাৰঘাতত যেন বাৰে বাৰে হাৰ মানি আছে । এবাৰ ওলাই আকৌ লুকাই । যেন এখন ছয়া ময়া ছবি । জোনাকে অফিচলৈ যাবলৈ ওলাই আহি গাড়ীত বহি নিশালৈ ৰৈ আছে । কাৰণ সি ওলাই আহোতে নিশাও কলেজলৈ যাবলৈ ওলাই আছিল । কিছু সময় পিছত নিশা ওলাই আহি জোনাকৰ ওচৰেৰে পাৰ হৈ গল । ( Storyboard )

জোনাকে মাত লগালে 
-নিশা, মই ৰৈ আছো, আহা ।
- তুমি যোৱা । মোৰ বাহিৰত দুটামান কাম আছে সেইকেইটা কৰি মই বাছেৰে যাম গৈ । 
-তোমাৰ কি কাম আছে মোৰ লগত গলেও কৰিব পাৰিবা, আহা..! 
- তোমাৰ অফিচ গৈ পোৱাত পলম হব । যিটো মই নিবিচাৰোঁ । 
নিশা গুচি গল । জোনাকৰ মনটো সেমেকি উঠিল । সি আৰু অফিচ নগল । কাপোৰ কানি সলাই বিচনাখনত পৰিল । তাৰ মনৰ অস্থিৰতা বাঢ়ি গৈছে । কাৰণ নিশাই হেনো আজি কিবা সিদ্ধান্ত লব । 
-হে ভগৱান এয়া কি হব গৈ আছে । নিশাই বাৰু কি সিদ্ধান্ত লব? তাই যদি কোনোবা অধিবক্তাৰ ওচৰলৈ দিভোৰ্চৰ কাৰণে গৈছে । নাই নাই তাই তেনেকুৱা কৰিব নোৱাৰে । মোৰ নিশা ইমান কঠোৰ হব নোৱাৰে । কেতিয়াও নোৱাৰে..! 
       জোনাকৰ বুকুখন দুৰু দুৰু কপিছে ।হয়তো কিছু সময় পিছত তাৰ ক্ষীণ পোহৰ খিনিও চিৰদিনৰ বাবে ডাৱৰৰ আঁৰত নিঃচিহ্ন হৈ যাব । নিশাৰ সিদ্ধান্তই হয়তো তাৰ জীৱনলৈ নমাই আনিব অমানিশা । অসহ্য যন্ত্ৰণাত ফাটি ওলাই যোৱা যেন লাগিল তাৰ কলিজাটো । এটা সময়ত নিশা আহিল । হয়তো আৰু কেই মিনিটমান  পিছত তাৰ জীয়াই জীয়াই মৃত্যু হব । আহ, তাৰ বুকুৰ বিষটো ক্ৰমশ বাঢ়ি আহিছে । নিশাই আহি কাপোৰ কানি সলাই ইটো সিটো কামত ব্যস্ত হৈ পৰিল । নাই তাই এতিয়ালৈ তাক একো কোৱা নাই । অস্থিৰতাই দুৰ্বল কৰি তুলিছে তাক । কিছুসময় পাছত ৰান্ধনী শালৰ পৰা নিশাই মাত লগালে 
- জোনাক ভাত দিছো আহা..! 
জোনাক আচৰিত হল । তাৰ শৰীৰটো কপিছে । নিশব্দে সি খোজ ললে ৰান্ধনী শাললৈ । নিশাই তাক ভাত দি তাই নিজেও খাবলৈ ললে । সি বাৰে বাৰে তাইলৈ চাই আছে । সোধো বুলিও থমকি ৰল নিশাই বাৰু কি সিদ্ধান্ত ললে?  আৰু যেতিয়া ভাত পানী খাই সি বিচনালৈ আহিল নিশাও আহি তাৰ ওচৰতে বহিল । এইবাৰ সি ভয়ে ভয়ে সুধিলে 
- তুমি যে কিবা সিদ্ধান্ত লোৱাৰ কথা কৈছিলা? 
- উম, মোৰ সিদ্ধান্ত লোৱা হৈ গল । 
-কি?? জোনাক আতংকিত হৈ উঠিল ।
-উম । চাকৰিটো ৰিজাইন দিলো । 
জোনাক আচৰিত হল । 
-কিন্তু কিয়? 
-আমাৰ সম্পৰ্কটো জীয়াই ৰাখিবলৈ । 
তাইৰ চকু মুখত বিয়পি আছে এটা অবুজ হাঁহি । মুখমণ্ডলত এটা মৰমৰ আবিৰ, যিয়ে তাইৰ হাঁহিটো উজ্জ্বলৰ পৰা অধিক উজ্জ্বল কৰি তুলিছে । সি তাইক বুকুৰ মাজত সাবতি ললে 

" হয়তো পুৰ্ব জন্মতে 
  আছিলা তুমি মোৰেই 
  জনমে জনমে তুমি মোৰ..! "

বহু সময় এনেকৈ পাৰ হৈ গল । কোনেও কাকো একো কোৱা নাই । হয়তো পাৰ ভাঙি অহা মৰমৰ সোঁতে উতুৱাই নিছে দুয়োৰে ভাষাবোৰ । বাকৰুদ্ধ হৈছে সময় । কেৱল বুকুৰ পৰা বুকুলৈ বৈ গৈছে এখনি সুগভীৰ মৰমৰ নৈ । হয়তো সেই শৈশৱৰ পৰা বৈ থকা নৈখনে আজি সুদীৰ্ঘ দিনৰ পাছত নিজৰ স্থিতি পূৰ্ণতা পোৱাৰ আনন্দত মতলীয়া হৈ পৰিছে । তাৰ দুয়ো পাৰে থকা গছ বিৰিখ, চৰাই চিৰিকটি সকলোৱে মৌন হৈ পৰিছে। সকলোৱে কেৱল ৰ লাগি চাইছে এই মধুৰ ক্ষণ । হয়তো সিহঁতৰো আজি জোনাক নিশাক আমনি কৰিব মন যোৱা নাই । সেয়ে কিছু সময় আগত চিঞৰ বাখৰ কৰি থকা চৰাই বোৰেও মৌন হৈ ৰৈছে, হালি জালি নাচি থকা গছবোৰেও স্তব্ধ হৈ ৰৈছে যেন এক চিত্ৰ হে...!

ক্ৰমশ

Storyboard
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages